পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৩৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪৮
[৬৯ অ
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত


প্ৰভাত সময়ে সবে ভক্তক কহন্ত॥১॥
আজি বাম অঙ্গ সব আমাৰ ফন্দয়।
কিছুমান উতপাত হৈবাক লাগয়॥
সেহি দিনা সুৰানন্দ আসিয়া পাইলেক।
সি সব সকলে কথা কহিবো প্ৰত্যেক॥২॥

—ব্ৰাহ্মণৰ গোচৰ—

অনেক ব্ৰাহ্মণ সবে কৰি আলোচন।
ৰঘুদেৱ ৰাজাত লগাইল বিপ্ৰগণ॥
শূদ্ৰ এক গোট আছে মাধৱ নামত।
অনাচাৰ কৰি নষ্ট কৰিলে জগত॥৩॥
শুনি ৰঘুদেৱ ৰাজা ক্ৰোধত জ্বলিল।
নিবে মাধৱক সুৰানন্দক পাঞ্চিল॥
বাচড়ি খানত সুৰানন্দ চড়ি আসি।
চপাইলেক নাৱ সিটো ঘাটত হৰিষি॥৪॥
এক দুই কৰি লোক ভালে গুটি ভৈল।
ৰূপাবৰ লস্কৰ তৈকে লাগি গৈল॥
তাঙ্ক দেখি সিটো আৱ আৱ ভায়া বুলি।
কহিলেক কথা তাঙ্ক আসনত তুলি॥
হাজোক পাণ্ডুক লাগি কৰিলো বিদায়।
এহিমানে মহাজন সব খেদি যায়॥
ৰহিবাক নুহোঁ ভায়া শীঘ্ৰ কৰি যাই।
মহন্তক দেখি ঝাণ্টে চলিবাক চাই॥৬॥