সমললৈ যাওক

পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৩৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৪ অ]
৩০৯
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত


 আপুনি ঈশ্বৰে কৈলা।
এহি বুলি দেৱ মাধৱে পাছত
 পুনু বুলিবাক লৈলা॥৫॥
কি বোল অল্পতে, থাকি দেখা ভৈল
 ঈশ্বৰৰ অসন্তোষ।
আন আছো বঢ়া টুটা কৰি দিবা
 প্ৰসাদক বৰ দোষ॥৬॥
আজি হন্তে আন।  জনে বিলাইবেক
 নালাগে বিলাইবে আৰ॥
এহি কহি দেৱ– –মাধৱ ৰহিলা
 শুনা কথা আতপৰ॥৭॥

  —ভোজনৰ ব্যঞ্জন ক্ষুধা—
একদিন বেলি ভটিয়াই গৈলি
 ভোজন তভো ন কৰি।
আছন্ত বসিয়া ভকতে দেখিয়া
 বোলা বাক্য মৃদু কৰি ॥৮॥
বেলি গৈলে বাপ। এখনো ভোজন
 নতু কৰি উঠিয়োক।
কৰিয়োক গৈয়া  ভোজন মাধৱে
 বোলন্ত ব্যঞ্জন হৌক॥৯॥
শুনি ভক্তচয় ভৈলন্ত বিস্ময়
 কি বোল আতা বোলন্ত।