পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৪২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৫ অ]
৪০১
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত


—ৰাজধৰ্ম্ম-বৈষ্ণৱধৰ্ম্ম—


হেন শুনি ৰাজা বোলে আমি অধিকাৰী।
লোক আমৰা কি কৰিতে ন পাৰি॥
ৰাজা বোলে সবে লোক মোহৰ ৰাজ্যৰ।
আজি হন্তে প্ৰবৰ্ত্তোক মত মাধৱৰ॥৫৯॥ (১)
আগৰ মতক মানে সবে দূৰ কৰ।
জানিলোহোঁ মহা শুদ্ধ মত মাধৱৰ॥
এহি বুলি গুৱা পান দিয়া মাধৱক।
প্ৰবোধি বিদায় দিয়া পঠাইলা ঘৰক॥৬০॥
সমস্ত ভক্তৰ মনে মিলিল উৎসৱ।
ৰাজাৰ আগৰ পৰা কৰি হৰিৰাৱ॥
ন পাইলেক মাধৱদেৱৰ বাসা যাৱে।
হৰিধ্বনি লোকে আৰ নেৰিলেক তাৱে॥৬১॥
ৰহিলা মাধৱদেৱ হৰিষে মনত।
গৈলা ঘৰাঘৰি চলি সমস্ত ভকত॥
পাছে ৰাজা আইধাইক বুলিল চাহিয়া।
ফুল, চন্দন, বস্ত্ৰ, গুৱা পান দিয়া॥৬২॥


[১]

  1. মহাৰাজ লক্ষ্মীনাৰায়ণৰ দিনত (১৫৮৭-১৬২৭) ৰজাই মাধৱ- দেৱৰ প্ৰচাৰিত ধৰ্ম্মমত ৰাজধৰ্ম্ম বুলি নিজৰ ৰাজ্যত ঘোষণা কৰে আৰু অইন ধৰ্ম্মাৱলম্বী মানুহক অনেক প্ৰকাৰে নিৰ্য্যাতন কৰে। সেই কাৰণে ৰজাঘৰীয়া পূজাৰ সময়ত পশুবলি আদি বন্ধ আছিল। (কোচবিহাৰৰ ইতিহাস-১৫০ পি )
     লক্ষ্মীনাৰায়ণ ৰজাই মাধৱদেৱৰ সম্পৰ্কীয়া পৌত্ৰী দময়ন্তীক বিয়া কৰাইছিল। (ঐ—১৫২ পিঠি)।