পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৪১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮৬
[ ৭৪ অ
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত


একঠাই বোলে  কৰিলা কীৰ্ত্তন
  -ঘোষা সিটো পুথিখন॥১২॥
হেন শুনি তেহেঁ   বুলিলন্ত এক-
  -থান কৰা গই আছে।
হেন শুনি দেৱ   -মাধৱে আনন্দে
  পুছিলন্ত তান্ত পাছে॥১৩॥
লগত সি পুথি   আসিছে কি নাহি
  আসয় ৰামচৰণ।
শুনি তেহেঁ কহি-   -লন্ত ঘৰ হন্তে
  আনি আছো পুথিখন॥১৪॥
কিন্তু ভাঙ্গা-মূৰ   এৰি আইলো শুনি
  মাধৱে বোলা তখন।
চাৰি দিনে পুথি   আনি দিবা বুলি
  পাঞ্চি দিল চাৰিজন॥১৫॥
এতিক্ষণে যায়ো   ভাণ্ডাৰৰ লৈয়ো
  গুৱা পান চাউল চিৰা।
দিলেহোঁ বিদায়   অন্নক ন খাই
  প্ৰভাততে উঠি লড়া॥১৬॥
এহি বুলি দেৱ   মাধৱ ৰহিলা
  চাৰিয়ো ভকত গই
সমস্ত ভকত   বোলান কৰিয়া
 ভাণ্ডাৰৰ সাজ লই॥১৭৷
ফিঙ্গ জালি দিল   নিদ্ৰাৰ জাগিল