পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৪২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯২
৭৫ অ ]
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত


দেখা এই তিনিখান শাস্ত্ৰৰ মাজত॥
একগুটি শ্লোকে মেৰু দিবাক যোগায়।
তেবে আমি মেৰু দিবো বুলিলো নিশ্চয়॥১০॥
বঙ্গদেশী মাধৱ সি একো ন জানয়।
ন মাতিয়া ঠন ধৰি বসিয়া আছয়॥
ব্ৰাহ্মণ সকলে ন সহিয়া মাধৱক।
অনেক শাস্ত্ৰৰ তুলি দেখায় শ্লোকক॥১১॥
লাগয় মালাত মেৰু জানিবা নিশ্চয়।
মাধৱে বোলন্ত শুনা দ্বিজ সমস্তয়॥
তোৰা যি কহিলা ইটো মন্ত্ৰসে নিশ্চয়।
মন্ত্ৰত অৱশ্যে মেৰু দিবাক লাগিয়॥১২॥
ব্ৰাহ্মণ সকলে যিটো শ্লোকক পঢ়ন্ত।
ইগোটা কালিকা মন্ত্ৰ মাধৱে কহন্ত॥
ই গোপাল মন্ত্ৰ জানিবা নিশ্চয়।
শুনি পুনৰপি বোলা দ্বিজ সমস্তয়॥১৩॥
মন্ত্ৰত লাগয় মেৰু মাধৱে বুলিলা।
নামতো হোৱয় মন্ত্ৰ কিসক নেদিলা॥
একে শাস্ত্ৰে দৈৱকীৰ পুত্ৰ ভৈলা যাক।
মন্ত্ৰো এক তান নাম মাত্ৰ দেখা আক॥১৪॥
এহি শ্লোক গুটি দ্বিজ গণে পঢ়িলন্ত।
নামে মন্ত্ৰ হোৱে হেন তাঙ্ক দেখিলন্ত॥
মাধৱে বোলন্ত হুই নামে মন্ত্ৰ এক।
নামে মেৰু লাগে একো শাস্ত্ৰে দেখায়োক॥১৫॥