পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৪৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮০ অ]
৪১৯
শ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত

  পালয় নিশ্চয়ে জানি।
হৰি ভকতিক   বাঞ্ছা কৰা যিটো
  শঙ্কৰদেৱৰ বাণী॥১৩॥
ন ছাৰিবা কেহ   শুনা আৰো কহোঁ
  বাক্য দেৱ শঙ্কৰৰ।
নাড়িলে জানিবা   মহা দোষ পাইবা
  ইটো কথা সাৰতৰ॥১৪॥
বঢ়া টুটা এৰি   সমুচিত কৰি
  চৰ্চ্চিবাহা সাধুজন।
পৰম আনন্দে   মনে গোৱা শুনা
  ন পাইবে তেবে দূষণ॥১৫॥
  −গুৰুজনাৰ তিৰোধান শক−
চৈধ্যশ নব্বই   শকত নিশ্চয়
  শঙ্কৰ বৈকুণ্ঠ-গৈলা।
তাতে পাছে আৰো   আঠাইশ বছৰ
  মাধৱদেৱ আছিলা॥২৬॥
পঞ্চদশ শত   আঠাৰ শকত
  বৈকুণ্ঠে গৈলা মাধৱ।

[১]


  1. মাধৱদেৱৰ জন্ম শক ১৪১১, প্ৰয়াণৰ শক ১৫১৮-বয়স ১০৭ বছৰ। যেতিয়া মাধৱদেৱ কোচবিহাৰলৈ যায়, তেতিয়া লক্ষ্মীনাৰায়ণ ৰজাই তেৰাৰ বয়স কিমান বুলি শুধাত “সত্তৰি বছৰ মোৰ পঞ্চম অধিক” বুলি উত্তৰ দিছিল (দ্বিজ ৰামানন্দ গুৰু চৰিত্ৰ) এই হিচাব মতে মধৱদেৱ ৩২ বছৰ কোচবিহাৰত আছিল। অৰ্থাৎ ১৪৮৭ শকত মাধৱদেৱ বিহাৰলৈ গৈছিল।