পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৪২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[৭৫অ
৩৯৫]
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত


ন মানিবো মানে যিবা লাগে মানিবাক॥
ব্ৰাহ্মণ সকলে বোলে মানা কেন কৰি।
বুলিল মহেশে মোক্ষ দিবাক ন পাৰি॥২৬॥

—বিষ্ণু মোক্ষদাতা—


মাধৱে বোলন্ত হুই নুই নিকি ইটো।
এহি কথা তোৰা সবে দেখিয়ো শাস্ত্ৰতো॥
শ্ৰীভাগৱতে চোৱা দশম স্কন্ধত।
মুচুকুন্দ ৰাজাক বোলন্ত দেৱ যত॥২৭॥
কৰিলা নৃপতি কাম আমাৰ দুষ্কৰ।
যেন লাগে মনৰ বাঞ্ছিত লোৱা বৰ॥
ৰাজা বোলে মোক্ষ দিয়ো, বোলে দেৱগণ।
বিষ্ণু বিনে মোক্ষ দিবে ন পাৰয় আন॥২৮॥
বিষ্ণু মুকুতি দিবে পাৰা জানা সাৰ॥
তান্ত বিনে আনৰ নাহিকে অধিকাৰ॥
শুনি বীৰুকাৰ্য্যী মুণ্ড ঝঙ্কাৰি ঝঙ্কাৰি।
বুলিবে লাগিলা মাধৱক ক্ৰোধ কৰি॥২৯॥
সবে ৰাজ্য নষ্ট তোৰা সকলে কৰিলা।
যত ধৰ্ম্ম কৰ্ম্ম মানে সবাকে খণ্ডিলা॥
একে দ্বিজগণে মাধৱক ন সহয়।
আৰো বল পায়া বীৰুকাৰ্য্যীত নিশ্চয়॥৩০॥
বুলিবে লাগিল দ্বেষ ভাৱে মাধৱক।
উঠ আৰ ঈশ্বৰ ন মানে মহেশক॥
আৰ কাক মানিবেক ইহাৰা সকলে।
ব্ৰাহ্মণক নমানে ভালেতো আৰা বোলে॥৩১॥