পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২ য়]
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত


সূৰ্য্যবৰ জয়ন্ত মাধৱ দলৈ নাম।
তিনিয়ো পণ্ডিত গুণৱন্ত অনুপাম॥৮॥
—অদ্বৈতবাদীৰ প্ৰতি ব্যৱহাৰ—
মাধৱ দলৈৰ নাতি নামে ৰতিকান্ত।
জানিবাহা তেন্তে ব্ৰহ্মজ্ঞানী আছিলন্ত॥
ব্ৰহ্মজ্ঞান এৰুৱাইব অনেক প্ৰকাৰে।
না পাৰিয়া ভিন্ন তাঙ্ক মানিলা শঙ্কৰে॥৯॥
বোলন্ত আঙ্গুলি তোৰ ছাতিৰ নালত।
পশিল, নোলাই আৰু ন কাটে যাৱত॥
হৰি-হৰি-দুৰ্ল্লভ ভাৰতবৰিষত।
জন্ম লভি হৰি ভক্তি তেজে বুদ্ধিহত॥১০॥
ব্ৰহ্মজ্ঞান নাল মহা গৰ্ত্তত পৰিল।
এহি বুলি খেদ দেৱ শঙ্কৰে কৰিল॥ (১)
জয়ন্তৰ পুত্ৰ শতানন্দ নাম ভৈল।
তাহান পুত্ৰৰ ৰামৰায় (২) নাম থৈল॥১১॥


[১]

  1.  (১) অদ্বৈতবাদীৰ মতে ব্ৰহ্মসত্য , জীৱ আৰু জগৎ মিথ্যা আৰু মায়াৰ দ্বাৰা আবৃত। জ্ঞানৰ পোহৰত মায়া আতৰ হলে জীৱে নিজক ব্ৰহ্মৰ স্বৰূপ বুলি বুজিব পাৰে, আৰু তেতিয়া নিজকেই ব্ৰহ্মবুলি চিনি সোহহংভাৱাপন্ন হয়। অদ্বৈতবাদী জ্ঞানমাৰ্গী, ইয়াত ভক্তিৰ ঠাই নাই। বৈষ্ণব ভাবে জীৱ ব্ৰহ্মৰ দ্বাৰা সৃষ্ট বা ব্ৰহ্মৰ অংশ বা ব্ৰহ্মময় হলেও জীৱ ব্ৰহ্মতকৈ বেলেগ ভাৱেৰে নিজৰ বৈশিষ্ট লৈ অৱস্থিত, আৰু সনাতন ব্ৰহ্মক ৰূপবিশিষ্ট কল্পনা কৰি নিজক তেওঁৰ দাস ভাৱি তেওঁক ভক্তি ভাৱেৰে সেৱা কৰা উচিত। বৈষ্ণৱ ধৰ্ম্ম ভক্তিমাৰ্গী আৰু অদ্বৈতবাদ ভক্তি বিৰোধী।
     (২) ৰামৰায়:—

    জয়ন্তৰ পুত্ৰ সতানন্দ শোভানয়।
    ভৈলন্ত জগতানন্দ তাহান তনয়॥
    অসমৰ ৰাজা ৰামৰায় নাম দিলা।
    আমাৰ লগত ইটোৰাজ্যক আসিলা॥ ‘শঙ্কৰচৰিত’॥

    ভূষণ-দ্বিজ॥