পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৩৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৫ অ]
৩২১
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত


শঙ্কৰদেৱৰ শৰণত কৰি তোৰা।
বিলক্ষণ শৰণ আনিলা কৈৰ পৰা॥৩৯॥
এহিমানে পৰিচ্ছেদ তোমাৰ আমাৰ।
চাৱ কি বুলিবেক ৰহিল আন আৰ॥
এহি বুলি হৰিচৰণক প্ৰশংসিয়া।
গুৱা পান কাপোৰ চন্দন মালা দিয়া॥৪০॥
ধান গুড় অপোনাৰ ঘৰৰ দিলন্ত।
পৰম আনন্দ মনে গৃহে পঠাইলন্ত॥
শুনা যেন কথা আৰো আত অনন্তৰ।
কৈল মহোৎসৱ তিথি শঙ্কৰদেৱৰ॥৪১॥

—শঙ্কৰদেৱৰ শ্ৰাদ্ধত দামোদৰৰ অনুপস্থিতি-


সব লোক গৈল হৰি কীৰ্ত্তন চাহিত।
গৈলন্ত মাধৱদেৱ আনন্দিত চিত্ত॥
দামোদৰ গুৰুক নেদেখি সভা মাজে।
পুছিলা মাধৱে হৰিচৰণত পাছে॥৪২॥
ন মাতিলা কিয় দামোদৰক সভাক।
শুনি কহিলন্ত হৰিচৰণে কথাক॥
প্ৰভাতে ভকত পঠাইছিলো মাতিবাক।[২]
তেহেঁ বুলিলন্ত মই নপাৰো যাইবাক॥৪৩


[১]

  1. (২) (ক) দামোদৰদেৱৰ শ্ৰাদ্ধত অনুপস্থিতিৰ কথা ৰামচৰণ ঠাকুৰৰ শঙ্কৰ চৰিতত ( ম খঃ ৩৮৮৫-৩৯২২) পোৱা যায় যে হৰিচৰণৰ সলনি ৰামানন্দ দামোদৰ দেৱক মাতিবলৈ গৈছিল।
     (খ) নীলকণ্ঠ দাস ৰচিত ‘দেৱদামোদৰচৰিত্ৰত’ (৪৫৮—৪৬৪); লিখা কথা সম্পূৰ্ণ বেলেগ।