পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৩৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০২
[৬৩অ
শ্ৰীশ্ৰীশঙ্কৰদেৱ মাধৱদেৱ চৰিত


মুখ বান্ধি আগুৰিয়া থৈলো ভাল কৰি।
আসিলো প্ৰভাতে এক হাতে আক ধৰি॥
মাধৱে বোলন্ত দুই ভাগ আছে আৰ।
এক ভাগ দুধ খাই আছে জানা সাৰ॥২৭॥
ব্ৰাহ্মণে বোলন্ত আক খাইবে কোন জনে।
আপুনি থৈছিলো আৰু আনিলো আপোনে॥
নাই বান্দী গোৰখ ছৱালি মোৰ ঘৰে
নাই আন মনুষ্যেক ব্ৰাহ্মণীত পৰে॥২৮॥
মাধৱে বোলন্ত যদি প্ৰত্যয় নোযোৱা।
খোৱা হুই নুই তেবে বান্ধ মেলি চোৱা॥
হেন শুনি বান্ধ মেলি বিপ্ৰে চাহিলন্ত।
হুইতো এক ভাগ খাই আছে দেখিলন্ত॥২৯॥
আঙ্কোচি আঙ্কোচি খাইল জানিবা নিশ্চয়।
পাঞ্চ আঙ্গুলিৰ সাঞ্চ বহিয়া আছয়॥
দেখিয়া সমস্ত লোক ভৈলন্ত বিস্ময়।
ব্ৰাহ্মণৰ মনে মহা মিলিল সংশয়॥৩॥
থুকুৰ বুকুৰ বিপ্ৰে কৰন্ত মনত।
দেখিয়া মাধৱ দেৱে বুলিলা পাছত॥
আপুনিয়ো জানা তুমি খাইলে যিটো জনে।
পৰিল স্বপ্নৰ কথা ব্ৰাহ্মণৰ মনে॥৩১॥
মাধৱদেৱৰ আগে কহন্ত ব্ৰাহ্মণ।
আন কিছু নাই আতা দেখিলো স্বপন॥
স্বপনত এগুটি ছৱালি ব্ৰাহ্মণৰ।