পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[৬]

তথ্য সংগ্ৰহ কৰি চৰিত পুথি ৰচনা কৰিছে। বুঢ়ীৰ-পো গোবিন্দ আতৈ মাধৱদেৱ পুৰুষ স্বৰ্গীয় হোৱাৰ পিচত বেহাৰৰ মধুপুৰ সত্ৰৰ অধিকাৰ হৈছিল।

 ৰামচৰণ ঠাকুৰে ৰচনা কৰা এখন চৰিত পুথি পোৱা যায়। শ্ৰীযুত হলিৰাম মহন্তই ‘শঙ্কৰ চৰিত’ নাম দি এই পুথিখন প্ৰকাশ কৰিছে। কিন্তু ৰামচৰণ ঠাকুৰে উল্লেখ কৰা ঘটনাৰ লগত দৈত্যাৰি ঠাকুৰৰ পুথিৰ অনেক ঘটনাৰ মুঠেই মিল নাই। পিতাই লিখা পুথিখন পুত্ৰই নো পোৱা, আৰু সেই পুথি সম্পৰ্কে একো উল্লেখ ন কৰা বৰ আচৰিত কথা।

 চতুৰ্ভুজ ঠাকুৰ বিষ্ণুপুৰ সত্ৰত থাকোতে জনিয়াৰ নাৰায়ণ ঠাকুৰৰ ভায়েক ৰামানন্দৰ আদেশত তেওঁলোকৰ পুৰোহিত ভূষণ দ্বিজই আন এখন চৰিত পুথি ৰচনা কৰে। এই পুথিৰ ঘটনাৰ লগতো দৈত্যাৰি ঠাকুৰৰ পুথিৰ অনেক অমিল। মহাপুৰুষ জনাৰ লগত নাৰায়ণ ঠাকুৰৰ ঘনিষ্ঠ সম্পৰ্ক আছিল; আৰু তেখেতৰ ভায়েক আৰু পুৰোহিতে তেখেতৰ পৰা অনেক কাহিনী জানা সম্ভৱপৰ আছিল, কিন্তু দৈত্যাৰি ঠাকুৰে তেখেত সকলৰ পৰা কোনো তথ্য সংগ্ৰহ কৰিছিল বুলি অনুমান ন হয়।

 দৈত্যাৰি ঠাকুৰে শঙ্কৰদেৱ মহাপুৰুষৰ জীৱনী সম্পৰ্কে অতি চমুকৈ আৰু মাধৱদেৱ পুৰুষৰ জীৱনী সম্পৰ্কে বহলকৈ আলোচনা কৰিছে। কিন্তু মাধৱদেৱ পুৰুষৰ বৈমাত্ৰেয় ককায়েকৰ নাম তেখেতে সংগ্ৰহ কৰিব পৰা নাই।

 দ্বিজ ৰামানন্দই শঙ্কৰদেৱ-মাধৱদেৱৰ এখন চৰিত পুথি ৰচনা কৰে। দ্বিজ ৰামানন্দ ভৱানীপুৰীয়া গোপাল আতাৰ শিষ্য ব্ৰাহ্মণকুলীয়া শ্ৰীৰাম আতাৰ পুত্ৰ আৰু আহতগুৰি সত্ৰৰ অধিকাৰ আছিল৷ এই চৰিত পুথিখন দৈত্যাৰিঠাকুৰে চৰিত পুথি ৰচনা কৰাৰ অলপ পিচতে আনুমাণিক ১৫৫০৷ ৬০ শক মানত ৰচনা কৰা হৈছিল বুলি অনুমান হয়। এই চৰিত

পুথিত ৰচয়িতাৰ সুক্ষ্ম তথ্যানুসন্ধিৎসাৰ অনেক প্ৰমাণ পোৱা যায়।