পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৪৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২০
[৮০ অ
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত


শক গণিলাত   জানিবা সংখ্যাত
  নিৰ্ণয় সবে বৈষ্ণৱ॥১৭॥
কহয় দৈত্যাৰি   দান্তে তৃণ ধৰি
  ন ধৰিবা দোষ মোৰ।
মাধৱ শঙ্কৰ   বুলি নিৰন্তৰ
 তৰিয়ো সংসাৰ ঘোৰ॥১৮॥


লক্ষ্মীনাৰায়ণ ১৫০৯ শকত কোচবিহাৰৰ ৰজা হয় গতিকে ১৫০৯ শকত মাধৱদেৱ কোচবিহাৰলৈ গলে, আৰু সেই সময় ৭৫ বছৰ বয়স হলে জন্ম তারিখ হয় ১৪৩৪ শক।