সমললৈ যাওক

পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[২ অ
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত


বৰদোৱা নামে গ্ৰামে পৰম আনন্দে॥
কৰা সেৱা দুৰ্ল্লভ-নাৰায়ণ নৃপতিৰ।
দাতা ভোত্তা জ্ঞাতা ধীৰ গহীন গম্ভীৰ॥ ২॥
পৰম পণ্ডিত যত শাস্ত্ৰত নিপুণ।
দৰশিত সুন্দৰ কহিবো কত গুণ॥
ৰাজসভা আসিলা পণ্ডিত একজন।
পশ্চিমৰ পৰা বাদ কৰিবাক মন॥ ৩॥
লাগি গৈল কথা মাত দেবীদাস সমে।
দেবীদাসে জন্মস্থান পুছিলা প্ৰথমে॥
পোতনীয়া গ্ৰাম বুলি পণ্ডিতে কহিলা
তযু জন্মস্থান কৈয়ো পণ্ডিতে পুছিলা॥ ৪॥
গো-গৰীয়া গ্ৰাম দেবীদাসে কহিলন্ত।
শুনিয়া পণ্ডিতে উপহাস কৰিলন্ত॥
একে গৰু তাতে আৰু গৰীয়া অধম।
এহিবুলি হাসে তেহোঁ আনন্দ পৰম॥৫॥
দেবী দাসে বোলে যৈত পৰয় পোতনি।
তাকে শুদ্ধ কৰে গৰীয়াৰ লাদ আনি॥
এহিবুলি দেবীদাসে হৰিষে হাসন্ত।
উত্তৰ নাপায়া লাজ পণ্ডিত ভৈলন্ত॥৬॥
কূটবুদ্ধি কথা দেবীদাসে কহিলন্ত।
আছো শাস্ত্ৰবাদে এতেকতে জিনিলন্ত॥
হেনয় পণ্ডিত দেবীদাস আছিলন্ত।
ৰাজধৰ নামে তান তনয় ভৈলন্ত॥৭॥
দানী মানী গুণৱন্ত শান্ত শোভনয়।
ভৈল তিনিজন জানা তাহান তনয়॥