পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নৱম অধ্যায়

শ্ৰীশ্ৰীমাধৱদেৱৰ পূৰ্ব্বপুৰুষ

আত অনন্তৰে   শুনা সবে নৰে
  মাধৱ দেৱৰ কথা।
বাণ্ডুকাৰ হন্তে   যিমত বৃত্তান্ত
  শুনিয়ো তাক সৰ্ব্বথা।

—গোবিন্দগিৰিৰ অসমলৈ আগমন

দীঘল পুৰীয়া   গিৰি ভূঞাঁ এক
  বাণ্ডুকা দেশত থিত। (১)
নিজ নাম তান   গোবিন্দ জানিবা
  সৰ্ব্বগুণে গুণান্বিত॥২॥
শাস্ত্ৰ পণ্ডিত  বৈৰক দণ্ডিত
  নাহিকে যাক উপাম।
কাণ লম্বা দেখি   আসামে দিলন্ত
 (২) * বৰ-কণা তান নাম॥৩॥


 (১) মাধৱ দেৱৰ পূৰ্ব্বপুৰুষ :-- একমতে—কৃষ্ণভূঞাঁ—বিষ্ণু—গোপাল—কৃপাল—জনাৰ্দ্দন—গোবিন্দগিৰি।

 অইনমতে—ব্ৰহ্মগিৰি—ধৰ্ম্মগিৰি—অনন্ত—ভৱ—বহু—গোবিন্দগিৰি।

 গোবিন্দগিৰিৰ অইন নাম—মহোদৰ, দীঘলপুৰীয়া, বৰকণা, লামকণা। (শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ—বেজবৰুৱা ৬০ পিঠি)।

 বাণ্ডুকা—কোচবেহাৰৰ পছিম সীমনাত ৰংপুৰ জিলাৰ অন্তৰ্গত ধাৰলা নৈৰ পাৰত। (২) পাঠান্তৰ- নামকণা।