পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৩৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭২ অ]
৩৭১
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধবদেৱ চৰিত


 কৰিলন্ত শ্ৰীৰামে বিদায়।
কামৰূপ লাগি যাই   আসিবে ভক্তক চাই
  বুলিলন্ত মাধৱে দুনাই॥১০॥
কত দিন অনন্তৰে   আসিবা কহিয়ো কথা
  তেহেঁ বোলা যত দিনে পাৰি॥
মাধৱে বোলন্ত নুই   ভকত সবক চাই
  এক মাসে আসিবাহা ফুৰি॥১১॥
এক মাস ভৈলে যাই   নাসিলে নেদিবো ঠাই
  এহি বুলি মাধৱ ৰহিল।
ভাল বাপ এহি বুলি   শ্ৰীৰাম গৈলন্ত চলি
  ভকতক চাহিয়া ফুৰিল॥১২॥
চাৰি মাস বহি গৈল   মনত নভৈল তান
  অনন্তৰে গৈলা বেহাৰক।
মাধৱে ভকত সঙ্গে   কৃষ্ণ-কথা কন্ত ৰঙ্গে
  পিঠি দিলা দেখি শ্ৰীৰামক॥১৩॥
তিনি দিন মানে তাঙ্ক   ন মাতিলা বৰতঙ্কে
  চাৰি মাস কহিত ফুৰিলি।
এক মাসে আহোঁ বুলি   বিদায় কৰিয়া গৈলি
  এতদিন বিলম্ব কৰিলি॥১৪॥
তেহেঁ লাস লাস কৰি   কহিলন্ত বাপ এক
  মাসে ফুৰিলোহাঁ ভক্ত চাই।
গৈল তিনি মাস কাল—   —জাৰত জানিবা বাপ
  গোপাল আতৈৰ সঙ্গ পাই॥১৫॥