পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
[৭ অ
শ্ৰীশ্ৰীশঙ্কৰদেৱ মাধৱদেৱ চৰিত


ৰঙ্গমনে শঙ্কৰে আছন্ত তাঙ্ক চাই॥
ষাণ্ড মৰ্দ্দি শঙ্কৰ গৃহক চলি গৈলা।
সমস্ত লোকৰ আগে এহি কথা কৈলা॥ ১৫॥
শুনি সবলোকে খলখলি হাসিলন্ত।
তাকে কহি অন্যো অন্যে কৌতুক কৰন্ত॥
শঙ্কৰদেৱক ডেকাগিৰিও বোলয়।
সেহি ষাণ্ড যাক আসি লাগাল পাৱয়॥ ১৬॥
ডেকাগিৰি আসে বুলি আটাস পাৰয়।
এতেক পলাই ষাণ্ড হুয়া মহাভয়॥
এহি ভৈল ঔষধ জানিবা দিশে পাশে।
ষাণ্ড লাগ পাইলে বোলে ডেকাগিৰি আসে॥ ১৭॥
যেন গোকুলত কৃষ্ণ অৰিষ্ট বধিলা।
শঙ্কৰ স্বৰূপে সেহি লীলা দৰশাইলা॥
আনন্দে শঙ্কৰদেৱ আছন্ত গৃহত।
শুনা যেন কথা ভৈল তাহাৰ পাছত॥ ১৮॥

—ভাগবত শাস্ত্ৰ প্ৰাপ্তি—


ভাগৱত শাস্ত্ৰ লৈয়া এক বিপ্ৰ জনে।
জগন্নাথ ক্ষেত্ৰ গৈলা পঢ়িবাক মনে॥
কোনদেশী বিপ্ৰ কেহো নপাৰে চিনিতে।[১]
জগন্নাথ আগে বিপ্ৰ যান্ত প্ৰতিনিতে॥ ১৯॥
পাৰ্থনা কৰন্ত বিপ্ৰে কৃষ্ণৰ চৰণে।


  1. তিৰহুতৰ জগদীশ মিশ্ৰ।