পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৩৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পঞ্চষষ্টি অধ্যায়

বৰপেটাত যাত্ৰা উৎসৱ


আত অনন্তৰে সাধু সব শুনা তথা।
মাধৱদেৱৰ যেন মত ভৈলা কথা॥
ৰঘুদেৱ ৰজা চৰিয়া পাঞ্চিলেক।
হৰি ভকতক সবে ধৰিয়া নিবেক॥১॥

—ৰাজভয়ত অজ্ঞাতবাস—


কৃষ্ণদাস নামে সুন্দৰীৰ ঠাকুৰিয়া।
মাধৱদেৱক বোলে এহি বাৰ্ত্তা পায়া—॥
কিছু আৰ মাজ হুয়া বাপ থাকিবন্ত
এক কথা শুনি আছি বোল বুজিবন্ত॥২॥
শুনি দেৱ মাধৱ উত্তৰ পথাৰত
থাকন্ত ভকত সব তহিতে সতত॥
বাছৰা খানত বসি কৃষ্ণ কথা কন্ত।
আসাম ৰাজীয়া এক ভকত অত্যন্ত॥৩॥

—ব্ৰাহ্মণ ভকতক অত্যাচাৰ—


বৃদ্ধ তেঁহে ভিক্ষা মাগিবাক লাগি যান্ত।
গোপাল মুকুন্দ দুই ভাই দেখিলন্ত॥ (১)


[১]

  1. (১) গোপাল মুকুন্দ এই দুয়োজন ভাই ককাইৰ সবিশেষ বৃত্তান্ত পোৱা না যায়।