সমললৈ যাওক

পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৪৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১২
[৭৮ অ
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত


তাসম্বাৰ গুণ   কি কহিবো পুনু
  সৰ্ব্বগুণে গুণান্বিত।
ৰূপ নিৰূপম   পণ্ডিত উত্তম
  পৰম দয়ালু চিত্ত॥২॥
ৰামানন্দ সুত   সৰ্ব্বগুণ যুত
  পুৰুষোত্তম নামত। (১)
দয়াৱন্ত চিত্ত   শাস্ত্ৰত পণ্ডিত
  প্ৰসিদ্ধ সব লোকত॥৩॥
ধৰ্ম্মত নিপুণ   কি কহিবো গুণ।
  তাহান পুত্ৰ ন ভৈলা।
হৰিত ভকতি   কৰি মহামতি
  বৈকুণ্ঠক চলি গৈলা॥৪॥
কমললোচন   ঠাকুৰৰ তান
  পুত্ৰাদি একো ন ভৈলা।
হৰিচৰণৰ   ভৈলা পুত্ৰবৰ


[]

  1. (১) ৰামানন্দে কামেশ্বৰচৌধুৰীৰ কন্যা সিন্ধুমতিক (সুমতী) বিয়া কৰায়। তেওঁৰ এক পুত্ৰ পুৰুষোত্তম। পুৰুষোত্তমৰ এক কন্যা কেশৱপ্ৰিয়া। তেওঁৰ স্ত্ৰীৰ নাম লক্ষ্মীপ্ৰিয়া। পুৰুষোত্তম ১৫৪১ শকৰ পুহমাহ কৃষ্ণাচতুদ্দৰ্শীত স্বৰ্গী হয়। কেশৱপ্ৰিয়াক নিৰঞ্জনচৌধুৰীলৈ দিয়া হয়। কেশৱপ্ৰিয়াৰ কোনো পুত্ৰকন্যা হোৱা নাই; সপত্নীৰ পুত্ৰ ( অইন মতে নিজৰ পুত্ৰ) চক্ৰপাণি (চামগুৰিসত্ৰ), সাঙ্গপাণি (দীঘলিসত্ৰ), পদ্মপাণি বা গদাপাণি (চৰাইখোলা সত্ৰ)।