পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[৩ য়
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত


তান ভকতি তুষ্ট ভৈলন্ত শঙ্কৰ।
স্বপ্নত দিলেক শম্ভু তাঙ্ক পুত্ৰ-বৰ॥৫॥
বৰ পায়া কুসুমৰ আনন্দ মনত।
কহিলন্ত ভাৰ্য্যাত স্বপ্নৰ কথা যত॥
মনত হৰিষ কৰি দুয়োজন ৰৈল।
এককালে তাহান ভাৰ্য্যাৰ গৰ্ভ ভৈল॥৬॥
অধিক সম্পত্তি সেহি দিন হন্তে হয়।
জানিয়া আনন্দ কুসুমৰ অতিশয়॥
গৰ্ভৰ প্ৰমাণ জানি মনত উল্লাস।
অনন্তৰে গৰ্ভ ভৈল পূৰ্ণ দশমাস॥৭॥
শুভক্ষণ শুভলগ্ন নক্ষত্ৰ মিলিল। (১)
সেহিবেলা কুসুমৰ পুত্ৰ উপজিল॥
দোভাগ ৰজনী অন্ধকাৰ তমোময়।
সূতিকাৰ গৃহগোট ভৈল জ্যোতিৰ্ম্ময়॥৮॥
মধুৰ গৰ্জ্জনে মেঘ সবে গৰজয়।
ঘোৰা সৰ চিঞঁৰি উঠিল অতিশয়॥
উপজিল পুত্ৰ কথা কুসুমে শুনিলা।
পৰম আনন্দে স্নান (২) সবস্ত্ৰে কৰিলা॥৯॥


[১]

  1.  (১) দৈত্যাৰি ঠাকুৰে তিথিবাৰ নক্ষত্ৰ মা আদিৰ একো উল্লেখ কৰা নাই। ৰামচৰণ ঠাকুৰ আদিৰ ৰচিত পুত শঙ্কৰৰ জন্ম উপলক্ষে যি মত আছে, তাৰ তাৰিখ সহ পাতনিত বৰ্ণনা কৰা হৈছে॥
     (২) স্নান :–সন্তান জন্মৰ পাচত, কাপোৰ কানি তিয়াই গা ধুব লাগে এইটো স্মৃতি শাস্ত্ৰৰ নিয়ম॥