পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৪৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৫ অ]
৪০৩
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত

শুনিয়া মাধৱদেৱে বুলিল তহিতে॥
যায়োক অচ্যুত-গুৰু আনন্দে মনত।
দশজন ভক্ত ৰামচৰণ লগত॥৬৮॥
মই কিবা কামে আৰ যাইৰো তৈক চলি।
যি কহিবাৰ মানে কহিলোহো কালি॥
আজি আৰ তৈত একো কথা বাৰ্ত্তা নাই।
গুৱা, ফুল, চন্দন, কাপোৰ দিব আই॥৬৯॥
তাকে গৈয়া লৈয়া আসা তুমি সব আবে।
হেন শুনি ভাত খাইবে গৈলা তাৰ সবে॥
ভাত পানী খাই পুনু গুৱা পান লই।
গাৱত কাপড় লৈয়া গৈলা বাজ হুই॥৭০॥
বোলান কৰিবে গৈলা মাধৱদেৱক।
মাধৱে বোলন্ত ৰামচৰণ ৰহোক॥
তোৰা সব যাও শুনি সমস্তে ভকত।
সঙ্কোচিত ভৈল নাহি হৰিষ মনত॥৭১॥
মাধৱদেৱক যদুমণি বুলিলন্ত।
ৰামচৰণ ৰৈলে গুৰু দুঃখক পাইবন্ত॥
ইহাকো পঠায়ো দুয়ো একে লগে যাউক
বোলন্ত মাধৱদেৱে খঙ্গি দুঃখ পাউক॥৭২

—ৰাজসম্মানত অনাসক্তি—


আসিল আমার লগে অচ্যুত যেখন [১]
ৰামচৰণক লগে আনিছে তেখন॥


 (১) অচ্যুতগুৰু— এওঁৰ ঘৰ উজনি অসমত আছিল।