পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৩১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬০ অ]
২৮৯
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত।


—অবিৰক্ত উদাসীন শূকৰ প্ৰায়—
এৰে গৃহবাস নতু হোৱৱে তৃপিতি।
পাছত ধৰয় সিটো শূকৰৰ বৃত্তি॥
হেন শুনি পুছিলন্ত নাৰায়ণ ঠাকুৰে।
কোন শূকৰৰ বৃত্তি কহিয়ো সত্বৰে॥২০॥
যেন আপোনাৰ বিষ্ঠা শূকৰে এৰয়।
পৰৰ বিষ্ঠাক পাছে ভোজন কৰয়॥
সেহি বেলা এক কথা লগাই আপোনাতে;
দৃষ্টান্ত দেখায়া কন্ত ভকত সবাতে॥২১॥

 —ভূলিঙ্গ পক্ষীৰ দৃষ্টান্ত—(১)
এক পক্ষী ভূলিঙ্গ মাসেসে ৰাৱ ডাকে।
আন পক্ষী সমস্তকে দেখ সিটো হাকে॥
মই যেন ৰাৱ কৰোঁ আনে ন কৰিবা।
এহ্ন সাহ কৰা যদি পৰাণে মৰিবা॥২২॥
সিংহে অৰণ্যত সব পশু মাৰি খাই।
আগ ৰোদে থাকে পৰি দান্ত নিকটাই॥
দান্তৰ মাজত মাংস সব সোমাই থাকে।
সোতা সোতে ঠোঠে সিটো কাঢ়ি খাই তাকে॥২৩॥

 —গৃহাশ্ৰম এৰিবলৈ বাধা—
তোৰা সবে যদি হৰি ভকতি কৰিবা।
তেবে গৃহবাস পুনু কেহোঁ না ছাৰিবা॥


[১]

  1. (১) মহাভাৰত, উদ্যোগপৰ্ব্ব, ৰাজসূয়।