পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬
[ ৫ অ
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত


জল দূৰ কৰি   পৰ দুই চাৰি
  জলে নিভিজয় কাই॥৫॥
বস্ত্ৰো নিভিজয়   শুকানে থাকয়
  উঠন্ত পুনু জলৰ।
বাহু প্ৰদেশত   ঘৰসে বান্ধন্ত
  নবীন ডোৰে পাটৰ॥৬॥
বায়ুক ক্ষেপিয়া   বাহু উপন্দায়া
  বায়ুৰ লগান্ত মান।
নব পাট ডোৰ   চিণ্ডি জটৰাই
  পৰে কতো দূৰ মান॥৭॥
আনো নানা মত   কৰন্ত সতত
  বায়ু সমে ক্ৰীড়া অতি।
যোগ শাস্ত্ৰ মত   ধৰি যোগ যত
  আচৰন্ত দিনে ৰাতি॥৮॥
ধ্যান ধাৰণা   সমাধি আসন
  প্ৰাণায়াম আদি যত।
বিষয় বিৰতি   হৈয়া শুদ্ধমতি
  আচৰে শাস্ত্ৰ সতত॥৯॥
শৰীৰৰ ছয়   চক্ৰক চিন্তন্ত[১]
  মনক কৰি নিয়ম।
পাছে ভাগৱত   শাস্ত্ৰক পাইলন্ত
  সবাতো কৰি উত্তম॥১০॥


  1. শৰীৰৰ ছটা চক্র ষট্চ‌ক্র নামে অভিহিত। মূলাধাৰ, স্বাধিষ্ঠান,
    মণিপুর, অনাহত, বিশুদ্ধ আৰু আজ্ঞা।