পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৪১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পঞ্চসপ্ততিতম অধ্যায়

বীৰু কাৰ্জ্জীৰ ক্ৰোধ—

শুনা সাৱধানে সাধু সব নিৰন্তৰ।
যেন কথা ভৈল তৈত আত অনন্তৰ॥
এক দিনা বীৰুকাৰ্জ্জী পিতৃৰ শ্ৰাদ্ধত।
ভাত খাইবে বুলিলন্ত জ্ঞাতি সমস্তত॥১॥

-পিতৃশ্ৰাদ্ধত অপমান-


মাৱ খোৱা লস্কৰ তাৰ বেটা দুই।
দুই ভাই তাৰাৰ শবণ আছে লই॥
ন খাইলেক ভাত দুয়ো বীৰুৰ ঘৰত।
দেখিয়া জাগিল ক্ৰোধ বীৰুৰ গাৱত॥২॥
মাধৱ আসিল মানে বাপৰ ঘৰত
পুত্ৰে ন খাই ন খাই বাপেকে পুতেকত॥
এহ্নখানি মাধৱেসে কৰে জানা সাৰ।
আক আবে মোৰ লাগে কৰিবে বিচাৰ॥৩॥
এহি বুলি বীৰুকাৰ্জ্জী অনেক ব্ৰাহ্মণ।
আনিয়া তেসম্বে সমে কৰে আলোচন॥
বোলয় ৰাজ্যৰ দূৰ কৰোঁ মাধৱক।
কৰিলেক নষ্ট ইটো সমস্তে ৰাজ্যক॥৪॥