এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২ অ ]
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত
তোমাৰ প্ৰসাদে সুখে আছিলাহোঁ কতো দিন
আবে মই আন থানে যাওঁ।
থাকিবো তোমাৰ গ্ৰামে পুখুৰীৰ পাৰ থানে
তোমাৰ আজ্ঞাক যদি পাওঁ॥৩॥
বড় বোলে ভৈলা ভাল যায়োক পুখুৰীপাৰ
তহিতে ৰহিয়ো বাসা কৰি।
যত দুঃখ পোঁৱা তুমি তাক কি বুলিবোঁ আমি,
ই কাম নলাগে আজি ধৰি॥৪॥
শুনি লাম-কণা গিৰি লেটেকু পুকুৰী তীৰি
এক গৃহস্থৰ ঠাই মাগি।
বড়াত বোলান কৈলা তিনি হস্তে চলি গৈলা
পৰম আনন্দে তৈকে লাগি॥৫া
বাসাখানি কৰি তয় ৰহিলন্ত মহাশয়
আতিৰেক নাই ধন অৰ্থ।
ভৈলন্ত মাধৱদেৱ কিছুমান বড় আসি
খৰি পাত যোগাইবে সমৰ্থ।৬৷
-ৰুগ্ন পিতা-
সেহি সময়তে তান্ত জিঞ্জিবাত ৰোগ ভৈল
বেদনাতে মূৰ্চ্ছা যান্ত আতি।
অগ্নিত সেকিলে গাৱ হোন্ত কিছু সুস্থ ভাৱ
অগনি লাগয় দিন ৰাতি॥৭॥
অনন্ত মাধৱদেৱে খৰি লুড়ি দুয়োবেলা
ৰাতি দিনে অগ্নি নুগুছয়।