এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৬ অ ]
৩২৯
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত
তাকো ন জানিলা মিছাতে বুঢ়াইলা
তুমি মহা মূঢ় জন॥৩০॥
বঙ্গদেশী ভৈলে তুমিয়ো পুছিলা
বুলিবেক এন্তে এহ্ণ।
আনো পুছিলাতে কৈল হন্তে তাকে
তুমি কৈলা হান্ত তেহ্ণ॥৩১॥
আনে পুছে যেবে প্ৰাণ যাই তেবে
বুলিলো দি আছা তুমি।
যাত ঘটে তাঙ্ক বুলিবো নিতান্ত
কহিলো নিশ্চয় আমি॥৩২॥
তেঁহে নে দিলতে আমি পাইবো কৈত
বুলিলো কৰি নিশ্চয়।
শিৱবৰক ৰাম- চৰণে বুলিলা
নানা পৰিহাস চয়॥৩৩॥
শুনিয়া মাধৱে বোলা গিৰিসাপুত
শিৱবৰ গিৰিক চাই।
ৰামচৰণক উত্তৰ দিয়োক
শুনি মাত বোল নাই॥৩৪॥
কতোক্ষণে পাছে ন মাতিয়া আছে
বুলিলা মনত গুণি॥
কি দিবো উত্তৰ ঘাটিলোহোঁ বাপ
মাধৱে এতেক শুনি॥৩৫॥
বোলন্ত ঘাটিলা তেবে দণ্ড দিয়া