পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৪১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৮৮
[৭৪ অ
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত


  মোৰে সে কাম কৰিল॥২৩॥
এহি বুলি পুথি   মেলি চাহিলন্ত
  কৈত কোন কথা আছে।
যৈত যিবা কথা   থৈবে লাগে থৈছে
  বিচাৰি দেখিল পাছে॥২৪॥
ন লাগে লৰিবে   ভালে আছে সবে
  এহি বুলি হাসিলন্ত।
চাৰি ভাগ কৰি   লিখিবাক চাৰি
  জনক মাতি নিলন্ত॥২৫॥
যাইবে ৰামচৰণ   লিখা পুথিখান
  শীঘ্ৰে কৰি চাৰি জন
শুনি চাৰি জনে   আঠ দিন মানে
 লিখিলন্ত পুথিখন॥২৬॥
দেৱ বাৰে চলি   ৰামচৰণ যাইবে
  মাধৱদেৱৰ মনে।
সেহি দিন যাই   প্ৰভাতে বিদায়
  কৰিলা ৰামচৰণে॥২৭
বোলন্ত মাধৱে   মনৰ উৎসৱে
  আছোঁ কয়দিন মানে।
কথায় বাৰ্ত্তাই   থাকোহোঁ সদায়
  আৰো মাস দুই মানে॥২৮॥
থাকিয়ো বোপাই   মাধৱক চাই
  বোলন্ত ৰামচৰণে।