পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৪২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৫ অ]
৩৯৩
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত


—মন্ত্ৰৰ বীজ নাম—


তোৰা বোলা নামে মন্ত্ৰ শাস্ত্ৰে মানিচয়।
সমস্ত মন্ত্ৰৰ বীজ নামেতো হোৱয়॥
নাই আন মন্ত্ৰ নামত অপৰ।
শ্ৰীৰাম নাম ৰীজ সমস্ত মন্ত্ৰৰ॥১৬॥
এহি শ্লোক দেখায়া মাধৱদেৱে পাছে।
দেখাইলন্ত মেৰুত যতেক দোষ আছে॥
পদ্ম পুৰাণত জানা পাৰ্ব্বতীক প্ৰতি (১)
আপুনি ঈশ্বৰ মহাদেৱ নিগদতি॥১৭॥
মেৰু যুক্ত মালা জানা আপুনি গুৰুক।
দেখাইবাক দোষ পুনু আছোক আনক॥
বুলিলেক বীৰুকাৰ্য্যী কথাৰ আনয়।
এখন মালাৰ কথা ৰহিবে লাগয়॥১৮॥

—জড় মহেশ—


পাছে পাইবো আক কহিয়োক এতিক্ষণ।
মহেশক বোলা তুমি জড় কি চৈতন্য॥
গুণৰ ভিতৰ শম্ভু মাধৱে কহন্ত।
এতেকে জানিবা জড় চৈতন্য নোহন্ত॥১৯॥
প্ৰকৃতিৰ গুণে সৃষ্টি আদিৰ কাৰণ।
তিনি গুণে তিনি ৰূপ জানিবা লক্ষণ॥


[১]

  1. পদ্মপুৰাণৰ স্বৰ্গ উত্তৰ খণ্ডত।