পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৪০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৩ অ]
৩৭৯
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত


কহন্ত কৃষ্ণৰ কথা ভকত সবত॥
কৃষ্ণ কথা কহন্তে মনৰ আনন্দত।
জীৱন মুক্তৰ কথা সেহি সময়ত॥৩৩॥
উঠিল হৰিষে কন্ত জীৱন্মুক্ত কথা।
একভক্তে বচন বুলিল পাছে তথা॥
এখন জীৱন্মুক্ত এমন পাইবাক।
নাহি শুনি ন সহিল মাধৱে তাহাক॥৩৪॥
উঃ! কি বুলিলা নাহি জীৱন-মুকুত।
কোন দুঃখ জীৱম্মুক্ত আছয় বহুত॥
জীৱন্মুক্ত ন ভৈলে পৃথিবী অধোগতি।
ন গৈলে কহন্তে যেবে জানিবা সম্প্ৰতি॥৩৫॥
জীৱন্মুক্ত পৃথিবীত আছে যি কাৰণে।
অধোগতি ন যান্ত পৃথিবী সি কাৰণে॥
সিটো জনে যিবা অৱস্থাকো পায়া থাকে।
সিজনে দেখয় মাত্ৰ সেহি অৱস্থাকে॥৩৬॥
জীৱন মুক্তেসে চিনে জীৱন মুক্তক।
আন জনে কেন মতে তাঙ্ক চিনিবেক॥
তোমৰা বোলা জীৱন মুকুত আবে নাই।
লগতে দেখাওঁ মই আছো আন ঠাই॥৩৭॥
পুনু পুনু বোলন্ত দেখাওঁ আতে আতে।
শুনিয়া শ্ৰীৰামে বোলা লাসে লাসে মাতে।
ন লাগে ন লাগে যি আছয় আছোক।
কিসক তাহাঙ্ক দুঃখ দিবন্ত থাকোক॥৩৮॥