পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮
[ ৮ অ
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত


আসামেও গৈ লোহিতৰ কাষ ৰৈয়া।
হানিবাক খোজয় হাতত জাঠি লৈয়া॥ ৬॥
সাতুৰি শঙ্কৰদেৱ কতো দুৰ যান্ত।
উঠি জাজি পুথিখান তাতে দেখিলন্ত॥
হাতে লৈয়া বোলন্ত ব্ৰাহ্মণ দেখা মই।
মাৰিবি কিসক মোক অকাৰণে তই॥ ৭॥
উলটি আসাম গৈল দ্বিজ হেন জানি। (৩)
আসিল শঙ্কৰদেৱ লৈয়া পুথিখানি॥
তীৰত উঠিয়া পাছে মেলি চাহিলন্ত।
গীতা শাস্ত্ৰ খান ইটো তেবে জানিলন্ত॥ ৮॥
পুথি নিয়া ৰাম-ৰাম গুৰু আগে দিলা।
যেখন শঙ্কৰদেৱে কাণত ধৰিলা॥
তেখনে কানত জোৰা তাহান লাগিল।
চিৰা কাণ বুলি কোনো সাক্ষ্য নাথাকিল॥ ৯॥
আপুনি কহিলা যেবে তেবেসে জানিল।
শুনি সমস্ত মনে বিস্ময় মিলিল॥
এহিমতে অনন্ত চৰিত্ৰ শঙ্কৰৰ।
সাৱশেষে কহিবে পাৰয় কোন নৰ॥ ১০॥
যেন জৰাসন্ধ ভয়ে পলাইলন্ত হৰি।
সেহি লীলা দেখাইলা শঙ্কৰ ৰূপ ধৰি॥
জানি শুনা সভাসদ কৰিয়া উৎসৱ।
পাপ দূৰ হৌক বোনা শঙ্কৰ মাধৱ॥ ১১॥


[১]

  1.  (৩) “শুনিয়া কিৰাট পাছে নামাৰিল বাণ”—ৰামানন্দ ৭ম অধ্যায়।