পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯ অ]
৩১
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত

—আসামৰ আক্ৰমণ—

সেহি সময়ত   টেম্বুৱানি গ্ৰাম
  আসামে মাৰিবে গৈলা।
পলাইল সমস্ত   ধনখানি যত
  সমস্তে লগত লৈলা॥৮॥ (৪)
পলান্ত দোলায়  আঠ দুলীয়াই
  দোলা বহে দুইহন্তৰ॥
কত দূৰ গৈয়া   আছন্ত ৰহিয়া
  পশিয়া বন ভিতৰ॥৯॥
মহা শান্ত মনে   পাছে দুয়োজনে
  নিদ্ৰা অচেতন ভৈলা।
আঠ দুলীয়াই   ধনখানি লইয়া
  আঠোজন পলাই গৈলা॥১০।৷
পাছে কত বেলি   নিন্দ্ৰাৰ জাগিল
  দেখন্ত দুলীয়া নাই।
ধনখানি যত   নাহিক সমস্ত
  ভৈলন্ত মৰা পৰাই॥১১॥
কিবা কৰিবন্ত   উপায় নপান্ত
  যাইবাক নপান্ত দিশ।
ক্ষুধা তৃষ্ণা ক্ৰিয়া   পড়িলে শৰীৰ
  কৰি আছা বিমৰিষ॥১২।৷


 (৪) আসামৰ আক্ৰমণ—বুৰঞ্জীমতে—কছাৰীৰ আক্ৰমণ।