পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৩২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯২
৬১অ
শ্ৰীশ্ৰীশঙ্কৰদেৱ মাধৱদেৱ চৰিত

তােমাঠেৰ বিনে গুৰু   আনক বােলওঁ যেবে
   তেবে মই জানা বেশ্যা যেন ॥৬॥
ই ভর্ত্তাক এৰিবেক    আউৰ পুৰু ভজিবেক
   মই পুনু নুহিকো সিমত।
কায়বাক্য মনে সাৰ    তোমাঠেৰ পৰে আৰ
   গুৰু পদে ন ঘটে আনত ॥৭॥
এতেকে তােমাক গুৰু    মানি আছো সাৰত্তৰ
   কায় বাক্য মনে এক মতি।
দোষ দেখা শিখাইবা    মাৰিব পাৰিবা গালি
   এৰিবাক নােপােৱা সম্প্রতি ॥৮॥
তাৰ বাণী শুনি বৰ    মাধৱদেৰৰ খঙ্গ
   কণ্ঠ তেজে হেন উফৰন্ত।
ৰাজাৰ শৰণ তই    মােক গুৰু বােল যদি
   এহি বুলি শৰণ দিলন্ত ॥৯॥
সিও শুনি বােলে ৰাজা    শৰণ আনক গুৰু
   বােলাে মই কৰিলো নিশ্চয়।
শুনিয়া মাধৱদেৱে    অল্প কৰি হাসিলন্ত
   ভৈল মন কিঞ্চিত সদয় ॥১॥
তাৰ মন ডাঠ জানি    পুনু বুলিলন্ত বাণী
   যেই লাগে বােলা নেদোঁ হাক।
কিন্তু তই অনাচাৰ    ন কৰিবি জানা আৰ
   এহি বুলি প্ৰবােধিলা তাক ৷৷১১৷৷