পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/১৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩২
[ ৩১ অ
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱচৰিত

গুণন্ত শঙ্কৰদেৱে শুনি হেন ঠান।
ক্ৰোধে বোলো একাদশ পুথিখান আন।৷
ইটো পদ দূৰ কৰোঁ মাধৱে শুনিয়া।
শঙ্কৰদেৱক বোলা মনত শুনিয়া॥২৩৷।
কিয় পদ দূৰ কৰিবন্ত কহিয়োক।
যাৰ যেন মতি সিটো তেমনে বুজক।৷
নুবুজয় পদে পদ দূৰ কৰিবন্ত।
মাধৱৰ বাণী শুনি পদ ৰাখিলন্ত॥২৪॥ [১]

দ্বাত্ৰিংশ অধ্যায়

দ্বিতীয়বাৰ তীৰ্থযাত্ৰাৰ সঙ্কল্প

আনে বু’জে লাগে আন বুজিবে বোলন্ত।
শুনা আৰো একদিন যেন কৰিলন্ত।৷
ৰামৰাম গুৰু আদি যত ভক্ত জাক।
আলোচিল সবে বৃন্দাবন যাইবাক॥১॥

—আইগোসানীৰ আপত্তি—

এহি কথা শঙ্কৰৰ পত্নী শুনিলন্ত।
মাধৱদেৱক তেবে মাতি বুলিলন্ত।৷
বোলে বাপু মাধৱ- গোসাঞি বৃন্দাবন।
যাইবে খোজে যেবে মোৰ মিলিব মৰণ॥২॥


  1. এই বিষয়ে ২৮শ অধ্যায়ত কোৱা হৈছে।