এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭ অ ]
১৬৩
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত
চাউল বস্তু নাহি পাৱে৷ | ||
মাধৱক চাহিলন্ত, | শঙ্কৰদেৱে বুলিলন্ত॥২॥ | |
মাধৱ চলিয়ো তুমি, | উপবাসে ৰৈলো আমি। | |
আজি যেন তেন মতে, | ভোজন কৰোৱা পথে॥ ৩॥ |
-খোৱা বস্তু সংগ্ৰহত চতুৰালি-
মাধৱে বোলন্ত যাইবো, | এখনে সকলো পাইবো | |
তযু পদ প্ৰসাদত, | কি দুৰ্ল্লভ সংসাৰত॥৪॥ | |
জন চাৰি লগে লৈল, | ৰঙ্গ মনে চলি গৈল॥ | |
মনত আলোচি যান্ত, | যেনে তেনে বুলিলন্ত॥ ৫॥ | |
আজি এক বুদ্ধি কৰো, | ঠাকুৰিয়াক গৈয়া ধৰো। | |
এহি বুলি যান্ত ধাই, | একজন পথে পাই॥৬॥ | |
ইখন কাহাৰ গ্ৰাম, | ঠাকুৰিয়াৰ কিবা নাম। | |
এহি বুলি পুছিলন্ত, | সিও সবে কহিলন্ত॥ ৭॥ | |
লগে যেতি জন যান্ত, | পথত শিখায়া নেন্ত। | |
দাপিবো দুপিবো আমি, | কিছু নুবুলিবা তুমি॥৮॥ | |
এহি বুলি চলি যাই, | একজন লাগ পাই॥ | |
বোলা আৰে শোনা দে, | ঠাকুৰিয়াক দেখাই দে॥৯॥ | |
সিয়ো তাসম্বাক নিল, | ঠাকুৰিয়াক দেখাই দিল। | |
ঠাকুৰিয়াক দেখি আগে, | মাতিবে লাগিল ৰাগে॥১০॥ | |
বান্ধ বান্ধ কৰা চাই, | শুনি মাত বোল নাই॥ | |
কৰে কাউবাউ আতি, | কহিলন্ত কথা মাতি॥১১॥ | |
দেৱানৰ শ্বশুৰ দুই, (১) | আছন্ত পথত ৰই॥ |
(১) চিলাৰায়ে দেৱানে ৰামৰায়ৰ কন্যাক বিয়া কৰাইছিল।