পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪
[১ অ
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত


শুনা সাধুজন যেন কথা ভৈলা পাছে।
গাঙ্গমৌ পাইবে দ্বিজ তিনি দিন আছে॥
সেহিবেলা বৰদোৱা এরিয়া শঙ্কৰ।
গৈলা গাঙ্গমৌ পাছে কেতে খাঁ [১]
নগৰ॥ ২৬॥
সম্বন্ধত পেহা হোন্ত শঙ্কৰদেৱৰ।
তাহাঙ্ক দেখিবে গৈলা কেতেখাঁৰ ঘৰ॥
তিনদিন তহিতে শঙ্কৰদেৱ আছে।
শুনা আবে যেন কথা ভৈল তাত পাছে॥ ২৭॥
পুছি পুছি দ্বিজবৰ গাঙ্গমৌক পাইলা।
শঙ্কৰদেৱক গই দৰশন ভৈলা॥
পাইলা মহা প্ৰীতি আনন্দৰ নাহি পাৰ।
কৰিলা শঙ্কৰদেৱে দ্বিজক সতকাৰ॥ ২৮॥
কহিলন্ত দ্বিজ জগন্নাথৰ কথাক।
যিমতে পাঠাইলা ভাগৱত পঢ়িবাক।
শুনি দেৱ শঙ্কৰ ভৈলন্ত হৰিষিতে।
আৰম্ভিলা ভাগৱত শাস্ত্ৰক শুনিতে॥ ২৯॥


  1. (৩) কেঁতেখা:-এওঁ শঙ্কৰদেৱৰ পেহাক বুঢ়া খাঁৰ পুত্ৰ। বুঢ়া খাঁৰ আচল নাম আছিল ৰাম খাঁ। ৰাম খাঁৰ আগৰ ঘৰ কামৰূপ জিলাৰ কৰ্ণপুৰ
    গাৱঁত আছিল। পিছত টেম্বুৱনীলৈ গৈ বুঢ়া বয়সত, কুসুম্বৰ ভূঞাঁৰ ভনীয়েকক বিয়া কৰায়, আৰু তেতিয়াৰ পৰা বুঢ়া খাঁ নামে তেওঁ জনাজাত হয়। পাচত গাঙ্গমৌত থিতাপি লয়।

    (কায়স্থ ইতিবৃত্ত— হৰিনাৰায়ণ দত্তবৰুৱা)


     কেতেখাঁৰ বাপ নামত বুঢ়া খাঁ —শঙ্কৰক দেখিল। (ভূষণ-দ্বিজ ৭১ পিঠি) দৈত্যাৰিঠাকুৰে কেতেখাঁক শঙ্কৱদেৱৰ পেহা বুলিছে।