পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/২০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১ অ]
১৮১
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধবদেৱ চৰিত।

কৃষ্ণ কথা কেনে নুশুনয় কানে
 মুখে নলৱয় নাম।
মনে হৰি পদ নিচিন্তে সতত
 নকৰে শিৰে প্ৰণাম॥১২॥
চক্ষুৱে ভক্তক নচাইলে কিসক
 আলিঙ্গন ভকতক।
নকৰিলা গাৱে  তাৰ ফল পাৱে
 পাৰ মানে যাৰ আক॥১৩॥
শুনি জমাদাৰে  আটে যত পাৰে
 আঠাৰ জোৰে কণ্ঠাক।
তভো নাহি দুঃখ হৰষিত মুখ
 হৰি বুলি দেন্ত ডাক॥১৪॥
ৰাম নাম গান্ত কৌতুক কৰস্ত
 কতোহোঁ গীত গাৱন্ত।
প্ৰেম উপজয় গাৱ শিহৰয়
 কান্দন্ত কতো হাসন্ত॥১৫॥
কতো বাগৰম্ভ উঠিয়া হাসন্ত
 ফুৰন্ত কতো বাগৰে।
আষ্ট দশ জোৰে  কণ্ঠা জুণ্ঠ কৰি
 শোলকি আপুনি পৰে॥১৬॥

—ভোটলৈ বিক্ৰী—

দেখি সমস্তয় লোকৰ বিস্ময়
 পাছে গৰমৌলি নিয়া