পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৩৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৬ অ]
৩১৯
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত


বুলিলন্ত পাছত সুন্দৰা নটুৱাক।
দিব্য কৰি ৰামৰ প্ৰতিমা সাজিয়োক॥২৯॥
সাজিবো কিমতে বোলা সুন্দৰা নটুৱা।
মাধৱে বোলন্ত মোক চাই আৱতাৱা॥
মোৰ ৰূপ যেন দেখা তেহ্নয় কৰিয়ো।
সীতাৰো প্ৰতিমা তাৰ লগতে সাজিয়ো॥৩০॥
এহি বুলি পাঞ্চিলা সুন্দৰা নটুৱাক।
কতো সকলক দিল৷ ৰথ সাজিবাক॥
কাহাকো নানান চো’ সাজিবাক দিলা।
ৰাম যাত্ৰাৰ গীত(২) আপুনি কৰিলা॥৩১॥
ৰাম যাত্ৰা কথা শুনি লোক সমস্তয়।
আসিল সমস্তে তান্তিকুঞ্ছি ন ধৰয়॥
সাতদিন মানে যাত্ৰা কৰোৱা ন যাই।
লোকৰ নিমিত্তে পাছে লোকে দুঃখ পাই॥৩২॥
বোলে আমি ঘৰে যাওঁ ৰথখান দেখি।
সীতা সমে প্ৰতিমাক ৰামৰ নিৰেখি॥
ৰামৰ সীতাৰ মূৰ্ত্তি ৰথত তুলিলা।
দণ্ড ছত্ৰ চামৰ চিৰল তূলি দিলা॥৩৩॥
হৰিধ্বনি কৰি ৰথ বাজ কৰিলন্ত।
হনুমন্ত বিভীষণ ৰথতে আছন্ত॥


[১]

  1. (২) মূলনাটত শ্ৰীৰাম চন্দ্ৰই সীতাক লৈ অযোধ্যালৈ অহাৰ পিচত কোনো গীত নাই। মাধৱদেৱে জয়-জয়ৰাম-ৰাঘব...(বৰগীত-২) গীতটো ৰচনা কৰি গাইছিল।