পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৩৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দ্বিসপ্ততিতম অধ্যায়

—নাম মালিকাৰ পদ ৰচনা—


বীৰুকাৰ্য্যী এক দিন   পাইলা পুথি একখানি
  তাৰ নাম নামমালিকা। [১]
এক ব্ৰাহ্মণক আৰ   এক কায়স্থক বোলে
  আৰ পদ কৰি দুয়ো লেখা॥১॥
মাধৱ দেৱক বোলে   তুমিয়ো কৰিয়ো পদ
  হেন শুনি তিনিয়ো গৈলন্ত।
পৰম যতনে মনে   পাছে তাৰা তিনি জনে
  পদ কৰিবাক লাগিলন্ত॥২॥
কৰিলা মাধৱদেৱে   একপক্ষে পদ সাঙ্গ
  তিন মাসে কায়স্থ কৰিলা।
ব্ৰাহ্মণে কৰিলা পদ   ছয় মাসে সাঙ্গ ভৈল
 বীৰুপাক্ষ কাৰ্য্যীয়ে দেখিলা॥৩॥
চাহিলা তিনিওখান   পূৰ্ব্বাপৰ কৰি মন
  সিটো দুইখানক এৰিলা।
নিৰ্দ্দোষ সুস্থ শুদ্ধ   সুৰস দেখিয়া দেৱ-
 -মাধৱৰ খনক ৰাখিলা॥৪॥


[১]

  1. (১) নাম মালিকা-উড়িষ্যাৰ ৰজা পুৰুষােত্তম গজপতিয়ে সংস্কৃত ভাষাত লিখিছিল।