সবে বােলে আতা গাছত উঠিবে।
আমাৰ নাহি শকতি।।
সুন্দৰী দিয়াৰ গােপাল সিজন (১)
বসি আছা তেহোঁ তৈতি ॥৫৷৷
তেঁহে বুলিলন্ত মই পাৰোঁ আতা
শঙ্কৰে বােলন্ত ভাল।
ভাল পাৰিয়ােক আম ভুঞ্জায়ােক
ভকত সবে গোপাল ॥৬৷৷
তেঁহে অল্পকৰি হাসি বুলিলন্ত
কুঠাৰ লাগৈ খানেক।
তলক চাহিয়া নমাতি ৰহিলা
শঙ্কৰে শুনি এতেক ॥৭॥
পাছে কতােক্ষণে বুলিলন্ত হাসি
এতেক মােহৰ আগে।
মােক এতমান কি কহিবো, আন-
জন আৰ কৈত লাগে ॥৮॥
(১) সুন্দৰী দিয়াৰ গােপাল =ভৱানী পুৰীয়া গােপাল আতা। গােপাল আতাৰ পিতৃৰ নাম কামদেৱ আৰু মাতৃৰ নাম বজ্ৰাঙ্গী। গড়গাওঁ নাজিৰাৰ থােকাৰা গ্ৰামত, ১৪৬৩ শকত জন্ম হয়। মাতামহৰ নাম শঙ্কৰ আৰু মােমায়েকৰ নাম মনপুৰ। কোঁচ আহােমৰ যুদ্ধৰ পিচত, এও গৈ ভৱাণীপুৰত বাস কৰ। এবাৰ এওঁ ভবাণীপুৰৰ পৰা মাতামহক চাবলৈ বৰপেটালৈ গৈছিল। আৰু ককাকৰ সৈতে শঙ্কৰদেৱক চাবলৈ গৈছিল। (দ্বিজ ৰমানন্দ) তাত এজোপা ডাঙ্গৰ আম গছৰ পৰা আম পাৰি ভকতৰ সৈতে শঙ্কৰ দেৱক খুৱাই তৃপ্তি দিছিল। ভবানীপুৰীয়া গােপাল চৰিত, (১৪ পূঃ) ত আম পাৰাৰ কথা লিখা আছে।