সমললৈ যাওক

পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৪০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭৬
[ ৭৩ অ
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত


কাপোৰ মাধৱদেৱে মেলি দেখিলন্ত।
মই দিবে ন পাৰো খঙ্গিয়া বুলিলন্ত॥
কোন ভক্ত বৰ কোন ভক্ত ছোট তাক।
মই নিচিলে আই চিনি আছে আক॥১৭॥
আপুনি বস্ত্ৰক আই বান্টি বান্টি দেউক।
নুহি ফিৰাই আপোনাৰ গৃহক নেউক॥
ভকতক ছোট বৰ তেহেঁসে চিনিল।
ছোট বৰ ভকতৰ আমি নেদেখিল॥১৮॥
যাত থাকে টকা কড়ি বিস্তৰ নিশ্চয়।
চতুৰালি কৰি কথা কহিবে জানয়॥
সেহি বৰ ভকত মানিল তান মনে।
নাই টকা কৰি যিটো মাতিবে ন জানে॥১৯॥
সি জানিবা ছোট ভক্ত হয় তান মান।
ৰাম ৰাম ইটো কি বচন বৰ টান॥
এহি কথা পাছে আইধাই শুনিলন্ত।
সমস্তকে একে সমে কাপড় দিলন্ত॥২০॥
দেখিয়া হৰিষ ভৈল মাধৱদেৱৰ।
শুনা সাধু সব কথা আত অনন্তৰ॥
ভক্ত সবে কথা শুনে গোঁসাইৰ ঘৰত
দিনেক মাধৱদেৱে হৰিষে মনত॥২১॥

—ভকতক গাৰ কাপোৰ দান—


গাৱৰ কাপোৰ খসাই হাতত লৈলন্ত।
যদুমণি ভাণ্ডাৰীক মাতি বুলিলন্ত॥