পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৪১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৩ অ]
৩৮৩
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত


যেই সেই জনে গুৰু বোলাইবাক পাৰে।
অল্প জনক যেন জানা পীড়ে বৰ ভাৰে॥৫৪॥
এহি কহি মাধৱ হৰিষ মনে বৈলা।
শুনা আতপৰে আৰো যেন কথা ভৈলা॥
বুজিবাহা সাধুজন কথাৰ আসয়।
আপুনি মনত আকো কৰিবা নিৰ্ণয়॥৫৫॥
গুৰু ভাৰ বোৱা যেন মাধৱে নপাইল।
তিন দিন অবিৰতে মনে গুণি চাইল॥
আৰো বুলিলন্ত মোৰ বাক্য যদি কৰা।
দণ্ড দুই মানে তেবে মুক্ত হৈবে পাৰা॥৫৬॥
এতেকে জানিয়া তান বচন ন কৰি॥
হৰি ভক্তি আমি সবে পাইবো কেন কৰি॥
শঙ্কৰ মাধৱ দুইত পৰে গুৰু পদ।
আনত ন ঘটে এহি জানা সভাসদ॥৫৭॥


চতুঃসপ্ততিতম অধ্যায়

—কীৰ্ত্তন পুথি সঙ্কলন—


গৈলন্ত মাধৱ-   -দেৱ বেহাৰক
  ফাল্গুন মাসত চলি।
বেহাৰক ৰাম-   -চৰণ গৈলন্ত