পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৩৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬৬
[৭১
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত


এক চিত্ত মনে   সাৱধানে শুনে
  আনত চিত্ত নেদয়॥৪॥

—মাধৱদেৱৰ ৰূপ—


প্ৰসন্ন বদন   মধুৰ বচন
  মুকুতা পান্তি দশন।
নাসা তিলফুল   ভ্ৰুব ধনু তুল
  আয়ত পদ্ম নয়ন॥৫॥
হৃদয় বহল   দীৰ্ঘ কম্বু গল
  বাহু যুগ সুবলিত।
শিৰ ছত্ৰ প্ৰায়   গৌৰবৰ্ণ কায়
  পৰম কৰুণা চিত॥৬॥
গমন গম্ভীৰ   গজ গতি ধীৰ
  পাৱ দুই সুকোমল।
শুক্ল বস্ত্ৰ গায়   জ্বলয় সদায়
  সুন্দৰ উৰু যুগল॥৭॥
গহীন গম্ভীৰ   গুণৰ মন্দিৰ
  কহিবো মহিমা কত।
তান সঙ্গ পায়া   শুদ্ধ ভৈল কায়া
  আসি আছে লোক যত॥৮॥
কোমল বচন   শীতল লক্ষণ
  মহা দয়াৱন্ত সন্ত।
বসিয়া হৰিষি   কৰি অল্প হাসি
  কৃষ্ণৰ কথা কহন্ত॥৯॥