পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৩১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮৪
[৫৯অ
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত।

—সােণ হেৰােৱাৰ প্রায়শ্চিত্ত—
তাতে এক কথা কহিলন্ত পুৰাতন।
চতালত বসি আছে বিপ্র একজন॥
হাতৰ আঙ্গঠি খহাই পিৰাত থৈলন্ত।
গাৱে তৈল ঘহি স্নান কৰিবে গৈলন্ত॥২৬৷৷
স্নান কৰি গায়ত্ৰীক পঢ়িবাক চান্ত।
সােণৰ আঙ্গঠি হাতে নাহি দেখিলন্ত॥
পুনু আসি পিৰাত নেদেখি পুছিলন্ত।
ব্রাহ্মণত ব্রাহ্মণী নপাওঁ বুলিলন্ত॥২৭৷৷
শুনিয়া ব্রাহ্মণী মৌন কৰি ৰহিলন্ত।
আলা অন্ন খাইবাক ব্রাহ্মণী মাতিলন্ত॥
ব্রাহ্মণ বােলয় হইবে লাগে প্রায়শ্চিত্ত।
সােণৰ আঙঠি হৰাই আছয় নিশ্চিত॥২৮৷৷
ব্রাহ্মণী বােলন্ত তাকে বিচাৰিৱাে পাছে।
খায়াে আসি ভাত ভালে খানি হুই আছে॥
ব্রাহ্মণে বােলয় তই কি বােল বুলিলি।
সুবর্ণক পাই পৰিহাসক কৰিলি ॥২৯৷৷
আজি অহােৰাত্র উপবাসে যে ৰহিবি।
কালি এক চান্দ্রায়ণ প্রায়শ্চিত্ত হইবি॥
পৰিহাসে যদি আৰ সুবর্ণ হৰয়।
তথাপিতো প্রায়শ্চিত্ত হুইবাক লাগয়॥৩০৷৷
এহি কহি মাধৱে যে ৰামচৰণক।
সাধু সাধু বুলি কৈলা প্রশংসা অনেক॥