পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৩৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৬ অ]
৩২৫
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত

—শ্ৰীধৰ স্বামীক অমান্য—

দামোদৰ গুৰু  বুলিলন্ত টীকা
 কৰন্তা শ্ৰীধৰ স্বামী।
শ্ৰীভাগৱতৰ  বিনে পুৰাণৰ
 কথাক ন মানো আমি॥৯॥
অনন্তৰে দেৱ-  -মাধৱে বোলন্ত
 ৰত্নাকৰ গ্ৰন্থখান।
পুৰাণৰ শ্লোক  তুলি কৰিলন্ত
 শঙ্কৰদেৱে নিৰ্ম্মাণ॥১০॥

—ৰত্নাকৰ গ্ৰন্থ অমান্য—

তুমি বোলা ইটো  পুৰাণৰ কথা
 আবে আক কি কৰিবা।
কহিয়ো সত্বৰ  গ্ৰন্থ ৰত্নাকৰ
 মানিবা কি ন মানিবা॥১১।৷
শুনি দামোদৰ  গুৰু বুলিলন্ত
 চতুৰ্ভুজ ৰূপে যেবে।
আসি ভগৱন্ত  আপুনি কহন্ত
 ন মানিবো আমি তেবে॥১২৷

—চিৰ বিচ্ছেদ—

শুনিয়া মাধৱে  সজ সজ বুলি
 আৰো কিছু নু বুলিলা।
চিৰা খুৱাই, ভুণি-  -পাট জোৰা দিয়া