পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১ অ]
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত


নাহি সুখ নেৰাৱয় সংসাৰ নিকাৰ॥
তল গৈল লোক কলি পাপ-সাগৰত।
কৃপাময় কৃষ্ণে জানি গুণিলা মনত॥ ১০॥
সিটো লোক সমস্তক কৰিবে উদ্ধাৰ।
শঙ্কৰ মাধৱ ৰূপে ভৈলা অৱতাৰ॥
প্ৰথমতে শঙ্কৰ দেৱৰ কহো কথা।
মাধৱ দেৱৰ পাছে কহিবো ব্যৱস্থা॥ ১১॥


দ্বিতীয় অধ্যায়
শ্ৰীশ্ৰীশঙ্কৰদেৱৰ পূৰ্বপুৰুষ-সকল

লণ্ডাদেৱ নামে একজন অছিলন্ত। (১)
চণ্ডীবৰ নামে তান তনয় ভৈলন্ত॥
চণ্ডীবৰে ৰাজসেৱা বিস্তৰ কৰিলা।
দুৰ্ল্লভ-নাৰায়ণে দেবীদাস নাম দিলা॥১॥
দেবীদাসে বসাইলন্ত টম্বুৱানী বন্ধে।


[১]

  1. (১) দৈত্যাৰি ঠাকুৰে লণ্ডাদেৱৰ আঁতিগুৰিৰ বিষয়ে একে। উল্লেখ কৰা ' নাই। লণ্ডাদেৱৰ পৰা অধস্তন চতুৰ্থ পুৰুষ কুসুম্বৰ। আৰু তেওঁৰ পুত্ৰ শঙ্কৰদেৱ। আন চৰিত্ৰ পুথি মতে, প্ৰেম পূৰ্ণানন্দ গিৰি নামে এজনকহে শঙ্কৰদেৱৰ আদিপুৰুষ বুলি ধৰা হৈছে। প্ৰেম পূৰ্ণানন্দ গিৰিৰ পৰা অধস্তন সপ্তম পুৰুষ হেমগিৰি অপুত্ৰক আছিল। তেওঁৰ কন্যা কৃষ্ণকান্তি স্বপ্ন সদাশিৱৰ ঔৰসত গৰ্ভৱতী হয়। এই সন্তানেই লণ্ডাবৰ, শেষত লণ্ডাদেৱ নামে খ্যাত হয়। শঙ্কৰ দেৱৰ বংশাৱলী সম্পৰ্কে পাতনিত বহলাই আলো- চনা কৰা হৈছে॥