পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৩৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অষ্টষষ্টি অধ্যায়

—সৰ্ব্বজ্ঞ মাধৱদেৱ—

আত অনন্তৰ কথা মনোহৰ
 শুনিয়োক সাধুজন।
সুন্দৰী দিয়াত আছিলন্ত ৰাম-
 -দাস ভক্ত একজন॥১॥
তাহানে বাৰীত  আছিলা আঠিয়া-
 -কল, ভাল বাছি নিয়া।
প্ৰতি একাদশী মাধৱদেৱক
 একো আখা দেন্ত নিয়া॥২॥

—পকাকল—

একবাৰ একা-  -দশী আগ দিনা
 সবে বাৰী বিচাৰিলা।
আছয় পূৰঠ কল পকা নাই
 বাৰীত সবে দেখিলা॥৩॥
আউৰ দিন শুদা  হাতে গৈলা তেহেঁ
 মাধৱদেৱৰ ঠাই।
কল নিবে দেৱে  মাধৱে নে দেখি
 পুছিলন্ত তাঙ্ক চাই॥৪॥
কিবা বোল ওবা পানবাৰীৰ-পো