পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৩৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৮ অ ]
৩৪৩
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত

শুনি ৰামদাসে  বুলিলা উৎসৱে
 তোমৰা যতো ঈশ্বৰ।
বাজে অভ্যন্তৰে  অন্তৰ্য্যামী ৰূপে
 জানি আছা নিৰন্তৰ॥
কোন বস্তু ইটো  আক দেখিবাহা
 শ্ৰীবাস আতৈ শুনিয়া
থাক থাক আতা  আশ্চৰ্য্য নাহিক
 ৰহিলা এহি বুলিয়া॥১২॥

—চেনিৰ শূন্য ভাণ্ড—

ইকি মনুষ্যৰ  কৰ্ম্ম জানা বাপু
 আশ্চৰ্য্য মানিবা মনে।
অৰো মাধৱৰ সৰ্ব্বজ্ঞ গুণক
 শুনিয়োক সৰ্ব্বজনে॥১৩॥
একদিন চিনি  পাগি দিল আনি
 মাধৱদেৱৰ ঠাই।
চেনিয়া বলাই  পাতিলা ভৰাই
 বুলিলা মাধৱে চাই॥১৪॥
ভিতৰত আৰ  জানিবাহা সাৰ
 এক গোটা ঔৰ মান।
শূন্য হৈয়া আছে  ভক্ত বোলে পাছে
 কমনে পাইলা প্ৰমাণ॥১৫॥
মাধৱে বোলন্ত  চিনি গুছাই চোঁৱা
 তেবে পাইবা হুই নুই।