পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৪০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭৪
[ ৭৩ অ
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত


—শঙ্কৰ মাধৱৰ প্ৰতিনিধি—


মাধৱে বোলন্ত কিয় নেদেখাহা তুমি।
আগত থৈবাৰ মানুষক দেখাও আমি॥
আছা হৰিচৰণ শঙ্কৰদেৱ-দেৱ-সুত।
তেঁহেঁ নুহিকন্ত আগে থৈবাৰ যুগুত॥৭॥
শঙ্কৰদেৱৰ তান কিবা বিলক্ষণ।
মই নুহিকয় আছে ৰামচৰণ॥
তাসম্বক আগে লৈয়া কীৰ্ত্তনক গোৱা।
ন কৰি বিলম্ব বাপু শীঘ্ৰে চলি যোৱা॥৮॥

—মনপুৰৰ প্ৰতি চেনেহ—


শুনিয়া মথুৰাদাস চলিবাক চান্ত।
পুনু দেৱ মাধৱে তাহাঙ্ক বুলিলন্ত॥
কহিবাহা তুমি মনপুৰত আসোক।
আমিয়ো দেখোহোঁ সিটো আমাক দেখোক॥৯॥
যত সেৱা মনপুৰে কৰিলে আমাক।
সিটো কি জানয় আমি পাসৰিবো তাক॥
কি বস্তু গাৱৰ কাপোৰখান লৈল।
মনপুৰ এতেকে অপ্ৰিয় মোৰ ভৈল॥১০॥
প্ৰাকৃত অৱস্থা আছে সি কি কৰিলেক।
নাই মন দুঃখ মোৰ লৈলেক লৈলেক॥
সকলে ক্ষমিলো তুমি বুলিবা আসোক।
বিস্তৰ কৰিছে সেৱা মনপুৰে মোক॥১১॥