পৃষ্ঠা:চৰিত- দৈত্যাৰি ঠাকুৰ.pdf/৪৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০৮
[৭৬ অ
শ্ৰীশ্ৰীশঙ্কৰদেৱ-মাধৱদেৱ চৰিত


এহি চাৰিজন ৰামচৰণ বলাই॥
অনন্তৰে আই ধাই বাৰ্ত্তা শুনিলন্ত।
আতি মন দুঃখত বিস্তৰ কান্দিলন্ত॥১৪॥

—অন্ত্যেষ্টি ক্ৰিয়া—


কতোক্ষণে লক্ষী নাৰায়ণে বাৰ্ত্তা পাইলা।
মনদুঃখে মৰদলা কাৰ্জ্জীক পঠাইলা॥
সংস্কাৰ কৰিবে অগৰু কাঠ দিল।
কি আছে মাধৱৰ বিচাৰ বুলিল॥১৫॥
কাৰ্জ্জী গৈয়া পাতিলা সুগন্ধি চিতাখান। .
সেহি বেলা দেৱে আনিলেক বৰিষণ।
সাউদৰ দুয়ো কাৰ্জ্জী কঁথিয়া আনিল।
চিতাৰ উপৰে বৰ ছই ঘৰ দিল॥১৬॥
বোলে ৰাজা পুছ মাধৱৰ আছে কোন।
কহিল ভাগিন আছে ৰামচৰণ॥
ৰাজা বোলে মাধৱৰ পিণ্ড জলাঞ্জলি।
দিবা তেঁহে আন যত কাৰ্য্যক সঙ্কলি॥১৭॥
চিতাত তুলিয়া সংস্কাৰ কৰিলন্ত।
পিণ্ড জলাঞ্জলি ৰামচৰণে দিলন্ত॥
পাছে মৰদলা কাৰ্য্যী বিচাৰ করিয়া।
ৰাজাৰ আগত সবে কহিলেক গৈয়া॥১৮॥
পুথি মানে যত সবে সত্ৰত দিলন্ত।
টকা কড়ি কাৰ্য্যত লগাইবে বুলিলন্ত॥