খোজৰ শব্দ

ৱিকিউৎসৰ পৰা
[ বেটুপাত ]

বিপুল খাটনিয়াৰ স্মাৰক গ্ৰন্থ

[ প্ৰথম পৃষ্ঠা ]


খোজৰ শব্দ

বিপুল খাটনিয়াৰ স্মাৰক গ্ৰন্থ

 

প্ৰকাশক

বিপুল খাটনিয়াৰ সোঁৱৰণী মঞ্চ

নতুন সাহিত্য পৰিষদ, দক্ষিণ গুৱাহাটী শাখা

[ প্ৰকাশন ]

KHOJAR XABDA
In fond memory of Bipul Khataniar Published by Bipul
Khataniar Sowarani Mancha and Natun Sahitya Parishad, South
Guwahati Branch on 4th July, 2022.

 

প্ৰকাশ কাল
৪ জুলাই, ২০২২

 

সম্পাদনা সমিতি
সঞ্জীৱ পল ডেকা, ৰশ্মিৰেখা বৰা, বিৰিঞ্চি কুমাৰ দাস,
বীথিকা হাজৰিকা, ইমন কল্যাণ, ৰীণা ৰয় খাটনিয়াৰ

 

প্ৰকাশক
বিপুল খাটনিয়াৰ সোঁৱৰণী মঞ্চ
নতুন সাহিত্য পৰিষদ, দক্ষিণ গুৱাহাটী শাখা

 

বেটুপাত
সচ্চিদানন্দ শ‍ইকীয়া

 

মুদ্ৰণ
লিপি, হেদায়েৎপুৰ,গুৱাহাটী
ফোন – ৯৮-৬৪১-৩৩২৮২

[ ছবি ]


জন্ম: ১৯ মাৰ্চ, ১৯৫৩

মৃত্যু: ৪ জুলাই, ২০২১

[ আগকথা ]

আগকথা

The trained sensibilities of a novelist or a poet may provide a richer source of social insight... There is an intensity of perception in the first rate novelist when he describes a locale, a sequence of action, or a clash of characters which can hardly be matched by those observers on whom sociologists are wont to rely. The literary creator has the ability to identify with wide range of experiences, and he has the trained capacity to articulate through his fantasy the essentials of his contemporaries. (2-3, Sociology through Literature. An Introductory Reader, 1963 )

 যোৱা প্ৰায় পাঁচোটা দশক ধৰি অসমীয়া ভাষাত গল্প-চৰ্চা কৰি নীৰৱে আঁতৰি গ’ল বিপুল খাটনিয়াৰ (১৯ মাৰ্চ, ১৯৫৩-৪ জুলাই, ২০২১)। ভাষাৰ ওজা হেমচন্দ্ৰ আৰু সাহিত্যৰথী বেজবৰুৱাৰ ঠাইৰে লেখক হিচাপে জন্মসূত্ৰেই লাভ কৰা ‘সেই অমিয়া মাত’ৰ ন ন সম্ভাৱনা আৱিষ্কাৰ কৰি গ'ল খাটনিয়াৰে। কিন্তু ভাষাৰ পৰীক্ষা-নিৰীক্ষা তেওঁৰ বাবে সদায়ে আছিল গৌণ, বিষয়বস্তুহে মুখ্য। তদুপৰি শিৱসাগৰীয়া হৈয়ো অৰুনোদই-হেমচন্দ্ৰ-বেজবৰুৱাৰ ভাষিক জাতীয়তাবাদৰ তেওঁ আছিল কঠোৰ সমালোচক; জাতীয়তাবাদৰ ঠেক গণ্ডীৰ পৰিধি ভাঙি তেওঁ ওৰেটো জীৱন সন্ধান কৰি গ’ল ‘ভিন্ন জীৱন ভিন্ন কথকতা’ৰ। উজনি অসমৰ দৰিকা-দিচাং-নামচাও-বুঢ়ীদিহিং, মধ্য অসমৰ লাংনিট-শিলভেটা-কপিলী, নামনি অসমৰ গৌৰাং-গদাধৰ-জিঞ্জিৰামৰ পাৰৰ কাহিনী যিদৰে তেওঁৰ গল্পত একাকাৰ হৈ আছে, সত্ৰ-নামঘৰৰ পুৰাতন অসমীয়া সমাজখনৰ লগে লগে আছে চৰ-চাপৰি আৰু চাহবাগানৰ পীড়িত মানুহৰ জীৱন-সংগ্ৰাম, আছে আশীৰ দশকৰ বিভীষিকা-গণহত্যাৰ চিত্ৰণ, নব্বৈৰ উগ্ৰপন্থী সমস্যা, জনগোষ্ঠীয় আত্মপৰিচিতি সন্ধানৰ বহুতৰপীয়া ৰাজনীতিৰ ৰূপায়ণ। ভাবে ভাষাই, বিষয়বস্তুৰ সন্ধানে-নিৰ্বাচনে এনে বৈচিত্ৰ্যপূৰ্ণ আৰু সৰ্বাত্মক (inclusive) কণ্ঠ অসমীয়া গল্প-সাহিত্যত সতকাই পাবলৈ টান। কেৰালাৰ প্ৰগতিশীল সাহিত্য আন্দোলনৰ এগৰাকী পথিকৃত, মালয়ালী ভাষাৰ প্ৰখ্যাত লেখক কাৰোৰ নীলকণ্ঠ পিল্লাইৰ চুটিগল্পৰ আধাৰত অলপতে প্ৰকাশিত Sociology through Literature, [ আগকথা ] A Study of Kaaroor's Stories (এছ দেৱদাস পিল্লাই, ৰুটলেজ, লণ্ডন আৰু নিউইয়ৰ্ক, ২০২০) গ্ৰন্থখনৰ দৰেই অসমৰো প্ৰগতিশীল সাহিত্য আন্দোলনৰ এগৰাকী নিষ্ঠাৱান কৰ্মী বিপুল খাটনিয়াৰৰ বহু আয়তনবিশিষ্ট গল্পসমূহৰ আধাৰত হ’ব পাৰে বিগত তিনি-চাৰিটা দশকৰ অসমৰ সামাজিক-ৰাজনৈতিক ইতিহাসৰ সমাজতাত্ত্বিক অধ্যয়ন।

 কিন্তু কেবল জন্মগত প্ৰতিভা আৰু অসম চৰকাৰৰ ভূতত্ত্ব আৰু খনি বিভাগৰ এগৰাকী কুশলী ভূতত্ত্ববিদ হিচাপে লাভ কৰা বিভিন্ন দুৰ্গম ঠাই দৰ্শনৰ অভিজ্ঞতায়েই বিপুল খাটনিয়াৰক প্ৰান্তীয় মানুহৰ মৰ্মবেদনা উপলব্ধিৰে গল্প ৰচনা কৰাত সহায় কৰা নাই। পীড়িতজনক সংবেদনাৰে উপস্থাপন কৰি বিভিন্ন কথকতাৰ মাধ্যমেৰে এক বিকল্প পৃথিৱীৰ সন্ধান দিয়াত সততে ক্ৰিয়াশীল হৈ আছে খাটনিয়াৰৰ ৰাজনৈতিক স্থিতি আৰু মতাদৰ্শ। সত্তৰৰ দশকৰ শেহৰ পিনৰ ‘নতুন সাহিত্য পৰিষদ’ৰ এগৰাকী অন্যতম প্ৰতিষ্ঠাপক-সংগঠক হিচাপে এক ধাৰাৰ সাহিত্য সৃষ্টি কৰাত যিদৰে তেওঁ বৰঙণি আগবঢ়ালে, ইয়াৰ জৰিয়তে অসমৰ চুক-কোণৰ অনেক প্ৰান্তীয় অঞ্চলৰ কাহিনী, চৰিত্ৰ, কথকতাৰ সৈতে পৰিচিতি লাভ কৰাৰো সুযোগ লাভ কৰিলে। খাটনিয়াৰৰ গল্প উত্তৰণৰ গল্প, সত্তৰ-আশীৰ দশকৰ গল্পসমূহ শৈল্পিক দিশত কিছু নৰম আছিল যদিও পৰৱৰ্তী কালত গাঁথনি, ভাষা, বিষয়বস্তু আদি সকলো দিশতে অনায়াসে উত্তৰণ ঘটাইছিল গল্পকাৰে। দুই-একে কট্টৰ মতাদৰ্শগত অৱস্থানৰ পৰা খাটনিয়াৰৰ পৰৱৰ্তী কালৰ গল্প কেতবোৰত ‘মূলসুঁতিলৈ উভতি যোৱাৰ প্ৰৱণতা’ লক্ষ্য কৰিলেও গল্পকাৰৰ এই পৰিৱৰ্তিত আৰু প্ৰসাৰিত দৃষ্টিভংগীয়ে অসমীয়া গল্প- সাহিত্যক বিশিষ্টতা প্ৰদান কৰিলে।

 আক্ষৰিক অৰ্থতে প্ৰচাৰবিমুখ বিপুল খাটনিয়াৰে নিজৰ গল্পৰ প্ৰচাৰ-আলোচনা লৈ কোনোদিনে ভ্ৰূক্ষেপ নকৰিছিল। কেতবোৰ গুৰুত্বপূৰ্ণ কিতাপ-পত্ৰৰ কাম তেওঁ দেহে-কেহে খাটি কৰিছিল, অথচ তেনে গ্ৰন্থ কেইবাখনতো নিজৰ নাম পৰ্যন্ত দিয়া নাছিল। খাটনিয়াৰ আছিল আত্মবিশ্বাসী, নিজৰ কৰ্মত সুখী, এক ইতিবাচক ব্যক্তিত্ব— এক কথাত ভাল মানুহ (well being)।

 এইগৰাকী প্ৰতিভাধৰ সাহিত্যিক, উদ্যমী সংগঠক, নিজা ৰাজনৈতিক স্থিতিত অটল, যুক্তিমনস্ক, আপোনভোলা বিপুল খাটনিয়াৰলৈ প্ৰথম মৃত্যুবাৰ্ষিকীত শ্ৰদ্ধা নিবেদিলোঁ।

সম্পাদনা সমিতিৰ হৈ
সঞ্জীৱ পল ডেকা

[ সূচীপত্ৰ ]

সূচীপত্ৰ

বিপুল খাটনিয়াৰৰ চুটিগল্প ● বিভাস চৌধুৰী / ১১
দৃষ্টিভংগী আৰু বিপুল খাটনিয়াৰৰ গল্প ● এম. কামালুদ্দিন আহমেদ / ২৪
বিপুল খাটনিয়াৰৰ গল্পত ‘প্ৰান্তীয়তা’ৰ প্ৰসংগ : এটি টোকা ● লক্ষ্মীপ্ৰিয়া গগৈ/ ২৯
ভিন্ন জীৱন ভিন্ন কথকতা ● প্ৰাঞ্জল শৰ্মা বশিষ্ঠ/ ৩৪
বিপুল খাটনিয়াৰৰ গল্প ● লিপিমণি দত্ত / ৪০
বিপুল খাটনিয়াৰৰ গল্প : এটি টোকা ● দেৱভূষণ বৰা / ৫০
বিপুল খাটনিয়াৰৰ গল্প : পাঠ প্ৰতিক্ৰিয়া ● প্ৰাঞ্জল তালুকদাৰ/ ৫৫
বিপুল খাটনিয়াৰৰ গল্পৰ সৌন্দৰ্য ● চামচুল বাৰিক / ৬০
বিপুল খাটনিয়াৰৰ গল্পৰ কালিকা : সাহিত্য আৰু সমাজতত্ত্বৰ নান্দনিক উপস্থাপনা
● ৰত্না ভৰালী তালুকদাৰ/৬৭
সংঘাতময় বাস্তৱৰ কল্প-কথন : বিপুল খাটনিয়াৰৰ গল্প
● অজিতাভ হাজৰিকা/৭৭
বিপুল খাটনিয়াৰ : গল্পশিল্পৰ নিপুণ, মানৱ-দৰদী কথকজন
● বিতোপন বৰবৰা/ ৮৫
বিপুল খাটনিয়াৰৰ গল্প : এটি সংক্ষিপ্ত টোকা ● চুলতান আলী আহমেদ / ৮৯
বিপুল খাটনিয়াৰৰ গল্প সংকলন ‘ভিন্ন জীৱন ভিন্ন কথকতা’ ● গুনীন চৌধুৰী/ ৯৫
কালস্ৰোতত কথাশিল্পী বিপুল খাটনিয়াৰ ● কুমুদ বৰুৱা / ১০৩
ঘঁৰিয়ালডাঙাৰ কথা : এটি টোকা ● কোষেশ্বৰ খনিকৰ / ১০৮
Bipul Khataniar : A voice of the marginalised ● Sazzad Hussain / ১১০

[ সূচীপত্ৰ ]

বিপুল খাটনিয়াৰৰ লেখনি : মূল্যায়ন আৰু প্ৰাসঙ্গিকতা
● ডাঃ কুমুদ কুমাৰ দত্ত / ১১৩
অসমীয়া প্ৰগতিশীল সাহিত্যৰ পথিকৃত ● অনন্ত কলিতা/ ১২০
এক সাৰ্থক, সফল জীৱন ● জয়গোবিন্দ শ‍ইকীয়া/ ১২৯
গণবোধ সৃষ্টিৰ তাড়নাত ‘পৰে পৰে ডাক’ দি থকা মানুহজন
● মইনা গোস্বামী/১৩১
বিপুল খাটনিয়াৰৰ স্মৃতিত একলম ● মছউদুল হক/ ১৩৬
খোজৰ শব্দ আৰু নুশুনো ● দিলীপ কুমাৰ ভট্টাচাৰ্য/ ১৩৯
সাহিত্যই যাৰ জীৱন আছিল ● নন্দিতা দেৱী/ ১৪১
বিপুল খাটনিয়াৰ : ঝংকাৰিত গদ্যৰ এটি অবিৰত শোভাযাত্ৰাৰ নাম
● অশ্বিনী কলিতা/ ১৪৪
অলপ কথা আছিল ● কিশোৰ কুমাৰ কলিতা/ ১৪৫
‘হাৱা ভাল চলা নাই’ ● ৰশ্মিৰেখা বৰা/ ১৪৮
বিপুল খাটনিয়াৰ : সমাজ-সাহিত্যৰ যোদ্ধা সৈনিকজন ● সমীন্দ্ৰ হুজুৰি/ ১৫০
অসমত প্ৰগতিশীল সাহিত্য আন্দোলনৰ ধাৰা আৰু যশস্বী গল্পকাৰ বিপুল খাটনিয়াৰ
● অহিজুদ্দিন শ্বেখ/ ১৫৫
বিপুল খাটনিয়াৰৰ কথাৰে ● মুকুট ভট্টাচাৰ্য/ ১৭২
বিপুল খাটনিয়াৰলৈ শ্ৰদ্ধাৰ্ঘ্য ● পৰমানন্দ মজুমদাৰ/ ১৭৫
বিপুল খাটনিয়াৰ : এক বিষাদ-বিধুৰ সোঁৱৰণ ● ৰবীন্দ্ৰ কুমাৰ দাস/ ১৭৭
মৰমৰ ভ্ৰাতৃপ্ৰতীম বিপুল খাটনিয়াৰৰ স্মৰণত ● কবিৰাজ শৰ্মা / ১৮০
বিপুল খাটনিয়াৰ : নামেই যাৰ পৰিচয় ● শ্ৰীনাৰায়ণ ৰবিদাস/ ১৮২
প্ৰগতিশীল সাহিত্যিক, সাহিত্য সংগঠক বিপুল খাটনিয়াৰ স্মৰণ
● পৰীক্ষিত বৈশ্য / ১৮৭
শ্ৰদ্ধাৰ খাটনিয়াৰ দাদাৰ স্মৰণত ● গোপাল নেৱাৰ / ১৯৩
মৰমৰ বিপুলদা ● ক্ষীৰোদ চন্দ্ৰ গগৈ / ১৯৫
ভতিজা জোঁৱাই বিপুল খাটনিয়াৰ ● নিলীমা দত্ত চৌধুৰী / ১৯৭
বিপুল ভিনদেউৰ সান্নিধ্যত ● প্ৰবীন কুমাৰ ৰয় / ১৯৯

[ সূচীপত্ৰ ]

বিপুল খাটনিয়াৰক যিমান দূৰ জানো ● ডাঃ অনিল কুমাৰ চৌধুৰী / ২০৩
বিপুলদাৰ সোঁৱৰণত ● সুচিত্ৰা ৰাভা / ২০৬
সতীৰ্থ বিপুল খাটনিয়াৰৰ সোঁৱৰণত ● সুভাষ শৰ্মা/ ২০৮
মই লগ পোৱা বিপুল খাটনিয়াৰজন ● চিত্তৰঞ্জন ডেকা / ২১১
যি ঋণ কেতিয়াও শুজা নাযাব ● বীথিকা হাজৰিকা/ ২১৫
সমদলৰ সুহৃদজনলৈ সশ্ৰদ্ধাৰে ● বিৰিঞ্চি কুমাৰ দাস / ২২৩
মোৰ সহকৰ্মী বন্ধু বিপুল খাটনিয়াৰ ● সুৰেশ বৰুৱা/ ২৩১
মোৰ দৃষ্টিত খাটনিয়াৰ দা ● হেমন্ত বৰগোঁহাই / ২৩৪
খাটনিয়াৰ দাদাক মই যেনেকৈ জানিছিলোঁ ● কবিতা শৰ্মা / ২৩৬
সোঁৱৰণ ● অনুসূয়া বৰুৱা / ২৩৯
খাটনিয়াৰ দাৰ লগত কিছু মিঠা অনুভৱ ● বৰ্ণালী বৰা / ২৪২
বৰেণ্য বিপুলদা ● অৰুণ কুমাৰ সিংহ/ ২৪৪
দাদা আজি আমাৰ মাজত নাই ● বীণা পেগু / ২৪৭
বিপুল খাটনিয়াৰ ● কুমকুম দাস মালাকাৰ / ২৪৯
স্মৃতিৰ কৰণিত গল্পকাৰ বিপুল খাটনিয়াৰ ● ডাঃ অনিল ভৰালী / ২৫৩
শুকানসুঁতিৰ উচুপনি ● অঞ্জলী দলে / ২৫৬
সোঁৱৰণীৰ সেই দিনবোৰ ● ৰীণা ৰয় খাটনিয়াৰ / ২৬১
মোৰ দৃষ্টিত বিপুল খাটনিয়াৰ মানুহজন ● উৎপলা ৰায়চৌধুৰী / ২৭০
সু-গল্পকাৰ, প্ৰগতিশীল সাহিত্য আন্দোলনৰ সৈনিক : বিপুল খাটনিয়াৰ
● দিলীপ ৰায়চৌধুৰী / ২৭৩
Puta and me ● Imon Kalyan / ২৭৬
A short memoir ● Joydeep Singha / ২৮০
সৰু পেহাৰ বিষয়ে মোৰ অনুভৱ ● কুন্তলা ৰায়চৌধুৰী / ২৮২

পৰিশিষ্ট
বিপুল খাটনিয়াৰৰ সৈতে হোৱা কথোপকথনৰ কিয়দাংশ
● প্ৰকল্প ৰঞ্জন ভাগৱতী / ২৮৩
জীৱনপঞ্জী / ২৯৪
কাৰ্টুন / নিতুপৰ্ণ ৰাজবংশী /২৯৬

[ ১১ ]

বিপুল খাটনিয়াৰৰ চুটিগল্প

বিভাস চৌধুৰী

সংস্কৃতিৰ বহুমাত্ৰিক আয়তনৰ বুজ লোৱা কেইবাটাও স্বীকৃত পদ্ধতিৰ ভিতৰত সমাজৰ প্ৰচলিত কথাৰ (narrative) বিশ্লেষণাত্মক অধ্যয়ন অন্যতম। আমি ‘কথা’ শব্দটোৰ দ্বাৰা যি লিখনি বা গল্পৰ বিষয় ইয়াত সাঙুৰি লৈছোঁ তাৰ চৰিত্ৰ একে ধৰণৰ নহয়। অৰ্থাৎ মৌখিক বা প্ৰচলিত সামাজিক পৰিৱেশৰ দ্বাৰা প্ৰভাৱান্বিত অথবা তাৰ বাহিৰত অৱস্থিত ধাৰণা বা অভিজ্ঞতাৰ সমষ্টিৰ কথাৰ ৰূপত ধৰা পৰিব পাৰে। বহু সময়ত আমি যিবোৰ বৈশিষ্ট্যৰ আধাৰত কোনো সৰলীকৰণত ধ্যান দিওঁ সেইবোৰৰ আঁৰত অকথিত বা অব্যক্ত কিছুমান সাংস্কৃতিক গাঁথনিয়ে ক্ৰিয়া কৰি থাকে। এখন সমাজত প্ৰচলিত কথাৰ ক্ষেত্ৰতো আমি এই জটিল প্ৰক্ৰিয়াৰ প্ৰতি সচেতন হোৱা প্ৰয়োজন। সাহিত্যই সমাজ-সংস্কৃতিৰ দাপোণ বুলি সচৰাচৰ স্বীকৃত ধাৰণাটোও সমস্যাযুক্ত আৰু পৰ্যবেক্ষকৰ দৃষ্টিভঙ্গীৰ ওপৰত নিৰ্ভৰশীল। ইয়াত নিৰ্বাচন আৰু বিচাৰ প্ৰক্ৰিয়া উভয়ে গুৰুত্বপূৰ্ণ ভূমিকা লোৱা পৰিলক্ষিত হয়। বিপুল খাটনিয়াৰৰ গল্পৰ লগত জড়িত কিছুমান দিশৰ আলোচনাও কথা, সমাজ আৰু পৰিৱেশ আৰু সচেতনতাৰ পৰিপ্ৰেক্ষিতত ইয়াত আগবঢ়াব খোজা হৈছে। কোনো সাহিত্যই একোখন সমাজত চলি থকা সংস্কাৰ বা সামাজিক ধ্যান-ধাৰণাৰ যি ছবি আমাৰ আগত দাঙি ধৰে তাৰ স্বৰূপো আপেক্ষিক। গল্পৰ ক্ষেত্ৰত এই প্ৰক্ৰিয়া আৰু অধিক দৃশ্যমান হয়, কাৰণ তাৰ প্লটৰ সীমাবদ্ধতাই বৈষয়িক চৰিত্ৰৰ ক্ষেত্ৰতো যথেষ্ট হেঁচা প্ৰয়োগ কৰে। বহু গল্পৰ কেন্দ্ৰীয় ঘটনাই সেয়ে কথনভঙ্গীৰ দক্ষ আয়োজনৰ ওপৰত নিৰ্ভৰ কৰে। এই সন্দৰ্ভত আমি খাটনিয়াৰৰ ‘বাঁকৰ সাধু’ বিচাৰ কৰি চাব পাৰোঁ। আইতাকৰ নিচুকনি প্ৰক্ৰিয়াৰ ফ্ৰেমত আবদ্ধ হলেও ‘সাধুকথা'ৰ চাৰিত্ৰিক অৱয়ব ভেদ কৰি আত্মবিশ্লেষণৰ পাঠ হিচাপে ধৰা দিয়া ঘটনাৰাজিৰ আকৰ্ষণ কেৱল তাৰ বৈষয়িক ক্ষেত্ৰতে সোমাই থকা নাই। নৈতিক বিচাৰ ক্ষেত্ৰত পৰিণত হোৱা মেলামুখী ৰাজহুৱা [ ১২ ] বাঁকৰ ৰূপকাত্মক দিশটোৰ গল্পটোৱে আয়তনক নতুন মাত্ৰা প্ৰদান কৰিছে। সাধুকথাৰ আচৰণ দৰ্শোৱা এই গল্পৰ প্ৰথম অৱস্থাত বাঁকৰ লগত জড়িত বিশ্বাসৰ অৱলোকনে ইয়াৰ মুখ্য চৰিত্ৰ কমলা গাঁওবুঢ়াৰ স্থিতিক এক বিশেষ সাংস্কৃতিক মৰ্যাদা দিছে। এই মৰ্যাদা গুণগত নহয়, অথচ ইয়াৰ সামাজিক তাৎপৰ্য আয়োজনৰ দ্বাৰা নিৰ্ধাৰিত হৈছে। কমলা গাঁওবুঢ়াই জীৱিত অৱস্থাতে নিজৰ শ্ৰাদ্ধ পতাৰ আঁৰত তেওঁৰ ৰাজহুৱা স্বীকাৰোক্তিৰ বাবে আহ্বান কৰা শ্ৰোতাগণৰ অপ্ৰত্যাশিত আশ্চৰ্যৰ দৰে গাঁওবুঢ়াৰ চিহ্নাত্মক বাঁক-বলিয়ে পঢ়ুৱৈক স্তম্ভিত কৰে।

আৰু তাৰ মাজতে কমলা গাঁওবুঢ়াই সভাৰ বৰখুটীলৈ বুলি খান্দি আধা
পোতাকৈ থোৱা গাঁত এটাতে মূৰটো গুঁজি হালি পৰিল। ৰাইজৰ এনে
লাগিল— ৰভাতলিৰ মাজতে বাঁকেহে যেন তেওঁক ডিঙিলৈকে ওভতাই
পুতি পেলাইছে (খাটনিয়াৰ, ২০০৯ : ৪১)

 গল্পটোৰ সাংস্কৃতিক আয়তনৰ ওপৰত প্ৰভাৱ পেলোৱা এই ঘটনাই কিন্তু সেই সমাজৰ চৰিত্ৰৰ এক বিশেষ বৈশিষ্ট্যৰ ইংগিত বহন কৰিছে। বাঁকৰ কাহিনীৰ লগত অপৰিচিত সমাজ এখনত গাঁওবুঢ়াৰ এই বিপৰ্যয়ৰ পৰ্যালোচনাৰ মাত্ৰাও অন্য ধৰণৰ হ’ব। সমাজ এখনত সংঘটিত ঘটনা বা তাৰ অভিজ্ঞতাৰ বিচাৰো সেই সমাজত ক্ৰিয়াশীল সাংস্কৃতিক চৰ্তৰ উৰ্দ্ধত প্ৰতিষ্ঠিত নহয়। কমলা গাঁওবুঢ়াই আয়োজন কৰা শ্ৰাদ্ধত একত্ৰিত ৰাইজৰ বাবে বাঁকৰ স্থিতি মাথোঁ তাত্ত্বিক চিন্তা-ক্ষেত্ৰতে আৱদ্ধ নহয়, তাৰ এক চিনাকি স্বৰূপ আছে। এই স্বৰূপ ধৰা পৰিছে সেই সমাজৰ প্ৰচলিত বাগ্‌ধাৰাৰ (discourse) প্ৰকৃতিত আৰু অকথিত আৰু অব্যক্ত হৈয়ো ঘটনাক্ৰমৰ সাংস্কৃতিক তাৎপৰ্য গল্পকাৰৰ কথকতাৰ মাজেদি নিৰ্ধাৰিত হৈছে। আলোচনাৰ আৰম্ভণিতে কথাৰ সমস্যাযুক্ত চাৰিত্ৰিক দিশৰ কথা উল্লেখ কৰিছিলোঁ। এই গল্পৰ প্লট আয়োজন আৰু কাহিনী-সদৃশ (tale-like) অবয়বৰ লগতে নিয়ন্ত্ৰিত কথনশৈলীৰ দ্বাৰা যি পৰিৱেশ সৃষ্টি কৰা হৈছে তাৰ জাগতিক প্ৰকৃতিয়ে কিন্তু সেই সমাজত ক্ৰিয়া কৰা অভিজ্ঞতা আৰু নিয়মাৱলীৰ সমন্বয়ত এক বিশেষ পৰিভাষা লাভ কৰিছে। আইতাকৰ নিচুকনি কৌশলৰ আৱৰ্তত আবদ্ধ নাথাকি বাঁক কমলা গাঁওবুঢ়াৰ ক্ষেত্ৰত জীৱন্ত (অথবা মৃত) প্ৰমাণৰ ৰূপত দৃশ্যমান হৈছে৷ সেয়ে আমি আইতাৰ সাধুকথাৰ অন্তৰালত নিহিত বাঁকৰ স্থিতিক সেই সমাজৰ ৰাইজে স্বীকৃতি দিয়া বাঁক সম্বন্ধীয় বাগধাৰাৰ পৰা আঁতৰত ৰাখিব নোৱাৰোঁ। একেখন সমাজৰ ভিন্ন ক্ষেত্ৰত প্ৰচলিত চিন্তাৰ দুটা পৰিচিত চৰ্তই যেন কমলা গাঁওবুঢ়াৰ সুনিয়োজিত আৰু পৰিকল্পিত আয়োজনত একত্ৰিত হোৱাৰ সুযোগ লাভ কৰিছে। গল্পটোৰ আন এটা দিশ হৈছে তাত বিৰাজ কৰা উৎসৱমুখৰ পৰিৱেশ। এই পৰিৱেশ অৱশ্যে অত্যন্ত কৌশলগতভাৱে [ ১৩ ] নিয়ন্ত্ৰণ কৰা হৈছে। কিয়নো ৰাজহুৱা উৎসৱতহে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ চৰ্তহীন অংশগ্ৰহণ সম্ভৱপৰ। মন কৰিব এই উৎসৱ জীৱন নহয়, প্ৰকাৰান্তৰে হ'লেও মৃত্যুৰ লগত জড়িত। জীৱন, মৃত্যু আৰু নৈতিকতাৰ মাজত বিৰাজ কৰা সূক্ষ্ম আৰু অৰ্থবহ আঁহৰ পাক কিন্তু মাথোঁ এগৰাকী ব্যক্তিৰ আচৰণত সোমাই থকা নাই। সাধুকথাৰ দৰে ই সমাজৰ এক স্নেপশ্বটৰ ৰূপত ইয়াত প্ৰকাশ পাইছে। বহুক্ষেত্ৰত ‘বাঁকৰ সাধু’ত উপস্থাপিত ঘটনাক্ৰমৰ এক নাটক সদৃশ বৈশিষ্ট্যই তাৰ কথকতাৰ সৈতে সমানে ফেৰ মৰা পৰিলক্ষিত হয়। বিশেষকৈ ৰাইজ আৰু পৰিয়ালৰ সকলো সদস্যৰ সন্মিলনত নাটকীয় আয়োজনৰ উমান পোৱা যায়। এই দিশসমূহৰ তাৎপৰ্য কিন্তু বিষয়-ভিত্তিক পৰ্যালোচনাত ধৰা নপৰিবও পাৰে। সাধু, কাহিনী আৰু নাটকৰ কিছুমান চৰ্তৰ্ক একত্ৰিত কৰি ‘বাঁকৰ সাধু’ত খাটনিয়াৰে ব্যক্তিগত আচৰণ আৰু সামাজিক প্ৰৱণতাৰ এখন সুন্দৰ ছবি দাঙি ধৰিছে। কমলা গাঁওবুঢ়াৰ স্বীকাৰোক্তি নিশ্চিতভাৱে মাথোঁ তেওঁৰ আত্মবিশ্লেষণ নহৈ সামাজিক দায়বদ্ধতাৰ পেৰডিৰ ৰূপতো ইয়াত দেখা দিছে। প্ৰাচুৰ্যৰ আগত সেও মনা সমাজৰ উৎসৱপ্ৰিয় জনগণৰ মাজতো কিন্তু প্ৰতিপক্ষতাৰ স্বভাৱ গা কৰি উঠিছে। কেইবাটাও পৰ্যায়ত আয়োজিত নীতি আৰু জাগতিক আহ্বানৰ মাজত চলা কুচকাৱাজৰ পূৰ্ণতা কমলা গাঁওবুঢ়াৰ ৰূপকাত্মক বাঁক-বলিত সুন্দৰভাৱে প্ৰকাশ পাইছে। একোটা গল্পকে যদি জীৱনৰ ক্ষুদ্ৰ অভিজ্ঞতা উপস্থাপনৰ ক্ষেত্ৰত বিচাৰ কৰা যায় তাতো কিন্তু কথকতাৰ ভিন্নসুৰী দিশসমূহ এই প্ৰক্ৰিয়াৰ এটা উল্লেখনীয় মাধ্যম। অভিজ্ঞতা আৰু স্মৃতিৰ ৰেখাংকনক স্থিতি প্ৰদান কৰা সময়ৰ ফ্ৰেম অৱশ্যে বিভিন্ন ধৰণে আয়োজিত হ’ব পাৰে। একোটা সাময়িক গণ্ডীৰ মাজৰ আকৌ কথনভঙ্গীৰ দ্বাৰা পৰিচালিত প্লটৰ অন্যান্য উপাদানৰ প্ৰভাৱ অভিজ্ঞতাৰ উন্মোচনত দেখা দিব পাৰে। গল্পৰ এই সময় নিৰ্ভৰশীলতা প্ৰসঙ্গ সাপেক্ষে পৰিৱৰ্তিত ৰূপত প্ৰকাশিত হোৱা অস্বাভাৱিক নহয়। এই ক্ষেত্ৰত আমি কেতিয়াবা চাৰিত্ৰিক আৰু কেতিয়াবা সামাজিক স্থিতি একোটাৰ সৈতে পৰিচিত হওঁ। কিন্তু পূৰ্বতে উল্লেখ কৰাৰ দৰে এই সমাজৰ ছবিৰ পূৰ্ণতা কথাৰ মাজতে আবদ্ধ নাথাকে। অব্যক্ত আৰু অপ্ৰকাশিত অথচ ৰূপক সম্ভাৱনীয়তাত সংস্থাপিত এই অভিজ্ঞতাৰ ৰূপায়ণত আমি ক্ষুদ্ৰ জগত এখনৰ লগত চিনাকি হোৱাৰ সুবিধা পাওঁ। এই ক্ষুদ্ৰ জগতৰ কিছুমান স্বয়ংক্ৰিয় আচৰণ-বিধি আছে। বিপুল খাটনিয়াৰৰ ‘হেৰোৱা সুবাস’ এই সন্দৰ্ভত পৰীক্ষা কৰি চাব পাৰি। দুটা পৃথক সাময়িক পৃষ্ঠভূমিত অৱস্থিত এই গল্পৰ প্ৰধান চৰিত্ৰ কাট্টাল আৰু তেওঁৰ দৃষ্টিত ধৰা পৰা সমাজৰ গতিশীলতা অন্য এক জাগতিক অভিজ্ঞতাৰো সূচক। এই প্ৰক্ৰিয়াৰ আলোচনা কৰাৰ আগেয়ে আমি কাট্টালৰ সংলাপমুখী (dialogic) বৈশিষ্ট্যৰ কথা বিচাৰ কৰা উচিত হ’ব। গল্পৰ [ ১৪ ] প্ৰথম অৱস্থাৰ পৰাই কাট্টালৰ বহুমুখী চৰিত্ৰৰ সৈতে আমাৰ পৰিচয় ঘটে। অপ্ৰয়োজনীয় আৰু অপ্ৰাসংগিক যেন বোধ হোৱা সা-সঁজুলিৰ লগত ৰাতি পাৰ কৰা কাট্টালৰ দক্ষতা আৰু তেওঁৰ কৰ্মক্ষেত্ৰৰ দায়বদ্ধতাৰ মাজত এটা মন কৰিবলগীয়া পাৰ্থক্য আছে। কৰ্মক্ষেত্ৰত প্ৰদৰ্শিত পাৰদৰ্শিতাৰ সামাজিক স্বীকৃতিত আচৰিত হ’বলগা একো নাই। কিন্তু সেই দক্ষতাই যেতিয়া কাট্টালক আৱিষ্কাৰকৰ মৰ্যাদালৈ উন্নীত কৰে, তেতিয়া কিন্তু এই ব্যক্তিগত পাৰদৰ্শিতাই তেওঁৰ সামাজিক অৱস্থানতো প্ৰভাৱ পেলায়। এই প্ৰভাৱৰ মাত্ৰাই কিন্তু তেওঁৰ ব্যক্তিসত্তাক কিমান দূৰ চুই গৈছে তাৰ বিষয়ে আমি সঠিককৈ কোনো সিদ্ধান্তলৈ অহা সহজ নহ’ব। কিয়নো গল্পৰ শেষ অৱস্থাত সময়, অভিজ্ঞতা আৰু স্মৃতিৰ একত্ৰিতকৰণত যি লাছিৰ মেটাফৰত পৰিলক্ষিত হৈছে তাৰ এক নেপথ্য আছে যাৰ দ্বাৰা সামাজিক পৰিৱৰ্তন আৰু ব্যক্তিগত উন্নয়নক একেটা ফ্ৰেমতে আৱদ্ধ কৰা হৈছে। এগৰাকী আৱিষ্কাৰকৰ জীৱনলৈ অহা অৰ্থনৈতিক বা ব্যক্তিগত পৰিৱৰ্তন কিন্তু প্ৰসঙ্গমুক্ত নহয়। আৰু ইয়াক কেৱল সেই সমাজত পৰিলক্ষিত আন্তঃগাঁথনিক উন্নয়নৰ ভিত্তিত বিচাৰ কৰিব পৰা নাযায়। কাট্টালৰ স্মৃতি আৰু তেওঁৰ সামাজিক দায়বদ্ধতাক ইয়াত যি ৰূপত সজোৱা হৈছে তাৰ পৰিচালনা প্ৰক্ৰিয়া যথেষ্ট জটিল। গল্পকাৰৰ নিপুণ কথনশৈলীয়ে লুকুৱাই ৰখা এই সূক্ষ্ম সম্বন্ধ— ব্যক্তি আৰু সমাজৰ মাজত থকা সম্বন্ধ— নাগৰিক জীৱনৰ দুটা সুকীয়া অৱস্থাৰ সূচক। গল্পৰ প্ৰথম পৰ্যায়ত আমি যি কাট্টালক লগ পাওঁ তেৱোঁ নগৰৰেই বাসিন্দা, যদিও সেই নগৰৰ গতি মন্থৰ আৰু বহুক্ষেত্ৰত গাঁৱৰ দৰেই সৰলতাৰ দ্বাৰা আবৃত। দ্বিতীয় পৰ্যায়ত আৱিষ্কাৰক কাট্টালৰ নগৰীয়া অভিজ্ঞতাৰ স্বৰূপ সম্পূৰ্ণ বেলেগ নহ’লেও যথেষ্ট আঁতৰত অৱস্থিত, ভৌগোলিক আৰু মানসিক উভয়তেই ই প্ৰযোজ্য। বিশ্ব পৰিব্ৰাজক কাট্টাল এতিয়া তেওঁৰ আৱিষ্কৃত যন্ত্ৰৰ দাস। সময়ৰ দ্ৰুত বেগত খোজ মিলোৱা এই আৱিষ্কাৰকৰ ওচৰত এতিয়া আছে মাথোঁ স্মৃতি, আৰু লাছিৰ ৰূপকত প্ৰাণ লাভ কৰা এই ৰোমন্থনত অতীতৰ সংকোচন সম্ভৱপৰ হৈছে। সমাজ, জীৱন আৰু ব্যক্তিৰ এই যাত্ৰা যি সূত্ৰত মিলিত হৈছে তাৰ চৰিত্ৰ নাগৰিক অভিজ্ঞতাৰ পৰিৱৰ্তনত ধৰা পৰিছে। আনহাতেদি যি সমাজত এই পৰিৱৰ্তনৰ প্ৰভাৱ দেখা গৈছে তাৰ সাংস্কৃতিক ভিন্নতাই ব্যক্তি-সত্তাৰ ওপৰতো হেঁচা প্ৰয়োগ কৰিছে। আজি কাট্টাল আমেৰিকা নিবাসী আৰু আন্তৰ্জাতিক ক্ষেত্ৰত স্বীকৃত লোক, অথচ যেন তেওঁৰ সেই অতীতৰ লাছিৰ সোৱাদ স্মৃতিৰ মাজতে স্থগিত, কিয়নো কোনো অৰ্থনৈতিক উন্নয়নে আত্মীয়তাৰ আনন্দক ক্ৰয় কৰিব নোৱাৰে। হেৰোৱা সুবাসৰ বিষয়-ক্ষেত্ৰ নাগৰিক জীৱনৰ পৰিচিত-অপৰিচিত ৰূপৰ সন্মিলিত ছবি যদিও তাৰ জোখৰ আধাৰ কিন্তু ব্যক্তিগত অভিজ্ঞতাৰ মাজেদিহে পৰিস্ফুট। আৰু এই [ ১৫ ] অভিজ্ঞতাৰ কথা সমাজৰ লগত চলা সংলাপৰ দৰে পৰ্যায় অনুযায়ী উপস্থাপিত হৈছে নতুন ৰূপত যাৰ পোহৰত আমি জীৱন আৰু ব্যক্তিত্বক উল্লিখিত সাময়িক ফ্ৰেমৰ মাজত পৰীক্ষা কৰি চোৱাৰ সুবিধা পাওঁ।

 সংলাপৰ অন্য এক উদাহৰণ দেখা পোৱা যায় খাটনিয়াৰৰ গল্প ‘বহুৱা’ত, য’ত ব্যক্তি-সত্তা আৰু নৈতিক আচৰণৰ লগতে সমাজৰ নীত আৰু আদৰ্শৰ লগত জড়িত কথাৰো ৰূপায়ণ বিদ্যমান। ‘বহুৱা’ খাটনিয়াৰৰ উৎকৃষ্ট গল্পসমূহৰ ভিতৰত এটা। জীৱনত পৰিবেশনীয়তাৰ (Performativity) তাৎপৰ্য আৰু মানৱীয় প্ৰমূল্যৰ লগত সংপৃক্ত জটিলতাৰ বিচাৰ ক্ষেত্ৰ ৰূপে ‘বহুৱা’ত আমি একে সময়তে হাবিয়াস আৰু সংশয়ৰ মাজত চলা সংঘাতৰ উমান পাওঁ। এই সংঘাতৰ পৰিভাষাও কিন্তু একে ধৰণৰ নহয়। কণটিলৌৰ সামাজিক মৰ্যাদাৰ যি আকাংক্ষা তাৰ সমপৰ্যায়ত আমি সোণতৰাৰ যৌন আক্ৰোশৰ তুলনা কৰিব নোৱাৰোঁ। অথচ দুয়োটা অভিজ্ঞতাকে একোটা সমতলতে প্ৰতিষ্ঠা কৰি খাটনিয়াৰে জীৱনৰ কঠোৰ সমস্যাৰ সমুখত কোনো এটাৰ অৱস্থানক অকলশৰীয়াকৈ বিচাৰ কৰাৰ অসুবিধাৰ কথাকে দোহাৰিছে। ওপৰত যি সংলাপৰ কথা উনুকিয়াইছোঁ তাৰ উদাহৰণ আমি কণটিলৌ আৰু সোণতৰাৰ পৃথক জীৱনভঙ্গী আৰু প্ৰত্যাশাৰ বিৱৰণত দেখিবলৈ পাওঁ। দুয়োগৰাকী ব্যক্তিয়ে যেন দুখন সম্পূৰ্ণ বেলেগ জগতৰ বাসিন্দা। তেওঁলোকৰ মাজত চলা বাগধাৰাৰ পৰিচালনাও উভয়ৰ স্বীকৃতিত নিৰ্দ্ধাৰিত হোৱা নাই। কিন্তু এইটোও স্বীকাৰ্য যে একেখন সমাজতে, একেটা পৰিয়ালৰ সদস্যৰ ৰূপত নিজকে চিনাকি দিয়া কণটিলৌ আৰু সোণতৰাৰ মাজত এক এৰাব নোৱৰা ব্যৱধান আছে। এই ব্যৱধানৰ ওৰ নপৰে যদিও আমি সামাজিক দায়বদ্ধতাৰ হেঁচাত কণটিলৌৰ আচৰণৰ অন্য এক স্বৰূপ দেখিবলৈ পাওঁ। কথাটো সিমানতে আবদ্ধ থকাহেঁতেন গল্পটোৰ বহুমাত্ৰিক চৰিত্ৰৰ অন্যান্য দিশসমূহ উন্মোচিত নহ’ল হয়। সামাজিক আচৰণৰ আচৰণ-বিধিৰ দ্বাৰা পৰিচালিত কণটিলৌ যেতিয়া ‘পৰাচিত’ হোৱাৰ অৰ্থে পৰশু দেৱমিশ্ৰৰ তত্ত্বাৱধানত থাকিবলৈ লয়, তেতিয়াও কিন্তু যৌন আক্ৰোশৰ বলি হৈ ‘পৰাচিত’ কণীটিলৌৱে দেউ পত্নীৰ সামাজিক অৱস্থানকে স্বীকাৰ কৰিবলগীয়া হয়। এই সন্দৰ্ভত আমি দুটা উদাহৰণ পৰীক্ষা কৰি চাব পাৰোঁ। প্ৰথমটো কণটিলৌ আৰু সোণতৰাৰ মাজত চলা সংসাৰৰ একাংশ—

মূৰত ভূ-ভাৰস্তখন লৈ কণটিলৌৱে পিৰালিত ভৰি থৈছিলহে – সোণতৰাই
শূৰ্পনখাৰ ৰূপ লৈ খেদা মাৰি আহিল, তুমিনো কি হে। বগাই ভকতৰ পুতেক
থেকেৰুক বোলে তুমি মোৰ পাটৰ কাপোৰযোৰ নিবলৈ কৈ পঠাইছিলা?

কণটিলৌৰ অন্তৰ-আত্মা এতিয়া বলধটোৱে আগুৰি আছে।

[ ১৬ ]

তোমাৰ ফটা মুখে কৈ আহিলেই হ’লনে? মোৰ এযোৰেই পোছাকী কাপোৰ।
তাকো আমুকীৰ ঘৰৰপৰা দিয়া যৌতুকীয়া। তাকে সামৰি-সুতৰি অ’ৰ তালি
ত’ত মাৰি চলিছোঁ। এওঁ আক’ তাৰ ওপৰতে দাতাকৰ্ণ ওলাইছে। নিজৰ
মাইকীক নঙঠা কৰি হাটলৈ নি বেচিব। বিয়া হোৱা পাঁচ বছৰ হ’ল আশী
সূতাৰ চাদৰ এখনকে দি পাইছানে? মই ফাপৰীয়ে আইৰ ঘৰত আৰ্জি অহা
বিদ্যাকণেৰে কাটি-বাটি লৈছোঁ গুণেৰে আঁৰৰ মাজত আছোঁ। হে মোৰ প্ৰভু।
এওঁ আমুকীক একেবাৰে চাঙত তুলি ধোঁৱা দি ৰাখিছে।

বলধটোহে আগে। বাকীবোৰ...। কণটিলৌৱে শান্তভাৱে ক’লে, হ’ব দে।
কাপোৰ এযোৰনো কি ডাঙৰ কথা, এইবাৰ খেতি উঠক। এযোৰ লৱ দহযোৰ
লৱ তোৰ কথা। দে পানী এলোটা দে। টেটুটো শুকাই আহিছে। বলধটোও
চাগে ৰাতিটো পাৰ নহ'ব।

এওঁৰ বলধহালৰ চিন্তাহে বেছি হ’ল। সোণতৰাই ৰণচণ্ডী মূৰ্তি ধৰিলে, মই
মানুহজনীৰ ইমান বছৰে পেটভাৰী নহ'ল তাৰ খিয়াল হ’লে নাই। কিবা
বেজ-জ্ঞানীকে কৰাওঁ সেয়ো নাই। নিজে সেই, আৰু গোটেই গাঁৱৰ মানুহে
কয় মই বাঁজী। হে প্ৰভু! কি চাবলৈ এই পিথৱীত জীয়াই ৰাখিছা। (খাটনিয়াৰ
২০০৯: ১৬)

 সমান্তৰালভাৱে তিনিটা বেলেগ চিন্তা-ক্ষেত্ৰৰ ইয়াত সংযোজন হৈছে। সোণতৰাৰ সামাজিক পৰিচয় (বাঁজী) আৰু তাৰ লগত সংপৃক্ত তেওঁৰ যৌনলিপ্সা, আবতৰীয়া ভাওনাৰ প্ৰতি থকা কণটিলৌৰ ৰাজহুৱা দায়বদ্ধতা (যাৰ বাবে পোছাক প্ৰয়োজন) আৰু বলধটোৰ লগত তাৰ সম্বন্ধ একেটা পৰিস্থিতিত সন্মিলিত হৈছে। প্ৰত্যেকটোৰে একোটা সুকীয়া স্বকীয় ইতিহাস আছে। ৰাইজে পতা ভাওনাত কণটিলৌৱে লোৱা বহুৱাৰ ভাও এই সংস্কৰণৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়। ই বহুকেইটা পৰ্যায় অতিক্ৰম কৰি আহিছে আৰু গাঁওবাসীৰ প্ৰত্যাশা কণটিলৌৰ দায়বদ্ধতাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিছে। সেয়ে ভাওনাত পোছাকযোৰ ব্যৱহাৰ কৰা কাৰ্যক্ৰমণিকা অগতানুগতিক নহয়। সমান্তৰালভাৱে সোণতৰাৰ যৌন অভিপ্ৰায় আৰু সামাজিক তিৰস্কাৰ সন্মিলিত হৈ পৰিস্থিতিটোক অন্য এক ৰূপ প্ৰদান কৰিছে। পুঞ্জীভূত আক্ৰোশ আৰু হতাশাই ইয়াত উদ্‌গীৰণ হৈ কণটিলৌৰ মানসিক আশংকাৰ ওপৰত অপ্ৰত্যাশিত আঘাত দিছে। কণটিলৌৰ বাবে সোণতৰাৰ চিন্তাৰ ৰেখাডাল অপৰিচিত নহয়। একেটা পৰিয়ালৰ সদস্য আৰু সমভাগী হোৱা হেতুকে দুয়োৱে পৰস্পৰৰ মানসিক স্থিতিৰ লগত নিশ্চিতভাৱে পৰিচিত। সমস্যাটো কিন্তু ইয়াত অন্য ধৰণে ৰূপায়িত হৈছে। বলধৰ স্বাস্থ্যই কণটিলৌৰ মনোজগত ছানি ধৰা অৱস্থাত চিৰ পৰিচিত পাৰিবাৰিক হাবিয়াসৰ এই ধৰণৰ অভিব্যক্তিয়ে তেওঁক সঁহাৰিৰ বাবে [ ১৭ ] বাধ্য কৰিছে। এই সঁহাৰি অৱশ্যে প্ৰথমাৱস্থাত প্ৰকট হৈ উঠা নাছিল। সোণতৰাৰ অৱস্থাটোও ইয়াত মন কৰিবলগীয়া। এই মানসিক অশান্তিৰ ইতিহাস যিমানেই ক্ষুদ্ৰ নহওক কিয় সমাজৰ মাত-কথা শুনি থাকিব লগা হোৱাটো সোণতৰাৰ বাবে কোনো বিপৰ্যয়তকৈ কম নহয়। গুৰুত্বপূৰ্ণভাৱে এই তিনিওটা ক্ষেত্ৰৰ সুকীয়া সমস্যাৰাজিৰ একোটা সমতলত অৱস্থা, কিন্তু সমস্যাসমূহৰ সমাধানত ইংগিত নহয়। বৰঞ্চ সমস্যাকেইটাৰ গভীৰ ঐতিহাসিক চক্ৰকেইটাই নিজাববীয়াকৈ ক্ৰিয়া কৰিছে, ফলত কণটিলৌৰ বলধ-প্ৰীতি আৰু সোণতৰাৰ সামাজিক অৱজ্ঞা আৰু তিৰস্কাৰ এই ক্ষেত্ৰত পৰস্পৰ বিৰোধী হৈ উন্মোচিত হৈছে। উল্লিখিত সংলাপত আমি স্বামী-স্ত্ৰীৰ মাজত চলা কথোপকথনৰ জৰিয়তে দুটা পৃথক চিন্তাক্ষেত্ৰৰ উমান পাওঁ ৷ এইটো নহয় যে পাৰিবাৰিক সমন্বয়ৰ অভাৱৰ ই প্ৰতিফলন, কিন্তু একেটা সাময়িক অৱস্থানত দুটা ক্ষুদ্ৰ অথচ অতি গুৰুত্বপূৰ্ণ ব্যক্তিগত ইতিহাসৰ ইয়াত প্ৰকাশ ঘটিছে। এই ক্ৰমত যিদৰে কথাবোৰৰ একত্ৰিতকৰণ হৈছে তাৰ আন এটা দিশ উহ্য হৈ আছে। কোনোলোকৰে ব্যক্তিগত অভিজ্ঞতা বা স্থিতি কিন্তু সম্পূৰ্ণ নিজাববীয়া নহয়। অৰ্থাৎ সোণতৰাক তেওঁৰ সমাজে যিদৰে ব্যক্তি হিচাপে স্বীকৃতি দিছে তাৰ এক সাংস্কৃতিক নেপথ্য আছে। এই নেপথ্য সোণৰাৰ ব্যক্তিগত অৱস্থিতিৰ উৰ্দ্ধত আৰু ইয়াৰ দ্বাৰা হয়তো একেখন সমাজৰে অন্যান্য ব্যক্তিও প্ৰভাৱিত হৈছে। সোণতৰাই যেতিয়া ‘বাঁজী’ শব্দৰ দ্বাৰা সামাজিক দৃষ্টিভঙ্গীৰ এটা দিশ আমাৰ আগত দাঙি ধৰিছে তাত কেৱল পুৰুষপ্ৰধান ধ্যান-ধাৰণা প্ৰকাশ পোৱা নাই, ই সেই সমাজত গাঢ় হৈ সত্যৰ ৰূপত প্ৰতিষ্ঠিত ব্যক্তি-বিচাৰ পদ্ধতিৰ উদাহৰণ ৰূপেও ইয়াত ধৰা পৰিছে। সোণতৰাই কেৱল নিজৰ অসহায় অৱস্থাৰ কথা ইয়াত দৰ্শোৱা নাই, কিয়নো তেওঁৰ নাৰীত্বৰ দোহাই দি শাৰীৰিকভাৱে তেওঁৰ সুকীয়া পৰিচয় ইয়াত প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিছে। এই প্ৰকাশ কোনো নাৰীবাদী ভাবধাৰাৰ প্ৰতিফলন নহয়, অথচ ব্যক্তি হিচাপে নিজৰ অৱস্থান সুদৃঢ় কৰাৰ এক প্ৰচেষ্টাহে। ইয়াৰ আঁৰত সোণতৰাৰ দৈহিক বা যৌন হাবিয়াসৰ কথাটোও সোমাই আছে। আনহাতে পুৰুষপ্ৰধান সমাজত নাৰীৰ প্ৰতি থকা ক্ষুদ্ৰ মানসিকতাও একেটা প্ৰক্ৰিয়াত ধৰা পৰিছে। খাটনিয়াৰে এই ক্ষেত্ৰত ঠানুৰ চৰিত্ৰৰ দ্বাৰা পুৰুষৰ যৌনলিপ্সাৰ কথাটো ব্যক্ত কৰিছে। কাৰণ একেটা হাবিয়াসৰ বলি হিচাপে কণটিলৌক আমি গল্পৰ শেষ পৰ্যায়ত দেখিবলৈ পাওঁ৷ ইয়াৰ দ্বাৰা দুটা কথা সুনিশ্চিত কৰা হৈছে। গল্পটোৰ নৈতিক কেন্দ্ৰ (moral centre) কণটিলৌৰ চৰিত্ৰত আবদ্ধ আৰু পাৰিবাৰিক, সামাজিক আৰু কৰ্মক্ষেত্ৰত তাৰ আচৰণ অন্যান্য চৰিত্ৰৰ বিচাৰ ক্ৰিয়াত সহায়ক হৈছে। অন্যান্য চৰিত্ৰৰ ক্ষেত্ৰত আমি ব্যক্তি-সত্তাৰ লগত জড়িত পৰিৱেশনিতাৰ বিভিন্ন উদাহৰণ দেখিবলৈ পাওঁ। কিন্তু কণটিলৌৰ [ ১৮ ] আচৰণে ইয়াত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিছে। আবৰীয়া ভাওনাত কণটিলৌৰে ল’ব লগা বহুৱাৰ ভাও নাটকৰ প্ৰসংগত অন্ততঃ চাৰিত্ৰিকভাৱে গুৰুত্বপূৰ্ণ নহ’ব পাৰে, অথচ দৰ্শকৰ আশা-প্ৰত্যাশাক সঞ্চালন কৰাত তাৰ স্থিতি অনিবাৰ্য। ভাওনাৰ পৰিৱেশনক লৈ চলা ৰাজনীতিয়ে সেই সমাজৰ অৰ্থনৈতিক আৰু সাংস্কৃতিক চৰিত্ৰৰ ইংগিত বহন কৰিছে। বহুৱাৰ চৰিত্ৰৰ ক্ষেত্ৰত আনহাতে কণটিলৌৱে পালন কৰিব লগা দায়িত্ব ব্যক্তিগত সিদ্ধান্তৰ সীমাতে আবদ্ধ নাথাকি ৰাজহুৱা প্ৰয়োজনীয়তাৰ দ্বাৰা পৰিচালিত হোৱা দেখা যায়। ফলত কণটিলৌৰ আচৰণ — চৰিত্ৰ হিচাপে আৰু সেই ভাও লোৱা ব্যক্তি হিচাপে দৰ্শকৰ প্ৰত্যাশাৰ কথাটো কিন্তু আমি তাত বিৰাজ কৰা লোকৰ সমষ্টিৰ সন্মিলিত ভাবধাৰাৰ সমষ্টি বুলি ঠিক ক’ব নোৱাৰোঁ। এই সন্দৰ্ভত আমি প্ৰায় আটাইবোৰ চৰিত্ৰৰ ব্যক্তিগত সংকীৰ্ণতা আৰু ৰাজনৈতিক অভিপ্ৰায়ৰ দিশসমূহ দেখিবলৈ পাওঁ। মানুহৰ সম্বন্ধৰ ৰাজনীতি কিন্তু অতি সূক্ষ্মতাৰে ইয়াত দৰ্শোৱা হৈছে। এই প্ৰক্ৰিয়াও সহায়ক হৈছে খাটনিয়াৰে প্ৰয়োগ কৰা অত্যন্ত উচ্চমানৰ পেৰডি, যাৰ বহুস্তৰীয় পৰিৱেশনে সমাজ, ব্যক্তি, ভাবধাৰা আৰু সমাজৰ সামগ্ৰিক স্থিতিৰ কথা আমাৰ আগত দাঙি ধৰিছে। পেৰডিৰ কথা আলোচনা কৰাৰ পূৰ্বে কণটিলৌ আৰু সোণতৰাৰ সম্বন্ধৰ লগত সংপৃক্ত দুটা পৃথক চিন্তা-ক্ষেত্ৰৰ কথাখিনি আকৌ এবাৰ চাব বিচাৰিছোঁ। যি সমাজৰ দোহাই দি সোণতৰাই স্বামীৰ সমালোচনাত ব্ৰতী হৈছে সেই সমাজত পৰিয়ালটোৰ মৰ্যাদা কিমান? ৰাজহুৱা অনুষ্ঠানতো ব্যক্তিকেন্দ্ৰিক ৰাজনীতিৰ নিদৰ্শন বহুকেইটা পৰ্যায়ত লক্ষণীয়। কণটিলৌৰ অৱস্থান ব্যক্তিগতভাৱে নিৰ্ণায়ক নহয় যদিও সামাজিক পটভূমিত অত্যন্ত প্ৰয়োজনীয়। সেই একেখন সমাজতে ভাওনাৰ চৰিত্ৰৰ ৰূপায়ণক লৈ চলা ৰাজনীতি মাথোঁ ব্যক্তিগত হাবিয়াসৰ সূচক নহয়। ইয়াৰ দ্বাৰা আমি অৰ্থনৈতিক ক্ষেত্ৰখনৰ এটা সুন্দৰ দৃষ্টান্ত দেখিবলৈ পাওঁ। কোনে কি ভাও ল’ব তাৰ ৰাজনীতিৰ লগত এই কাৰ্যক্ৰমণিকাই মানসিক সংকীৰ্ণতাৰো পৰিচয় বহন কৰিছে। কিন্তু মন কৰিব, যদিও অন্যান্য চৰিত্ৰৰ ক্ষেত্ৰত আলোচনা হৈছে আৰু বিকল্প পৰিস্থিতিৰ কথাও বিচাৰাধীন হৈছে, বহুৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ পৰ্যালোচনাৰ অৱকাশ দেখা পোৱা নগ’ল। এই পৰিপ্ৰেক্ষিতত কণটিলৌৰ ব্যক্তিত্ব, সামাজিক প্ৰত্যাশা আৰু সোণতৰাৰ হতাশা একেটা সমতলতে প্ৰতিষ্ঠিত হোৱাত আটাকেইটা বিষয় একেলগে উদ্ভাসিত হৈছে।

 এই আলোচনাৰ আৰম্ভণিতে মই কথা-সাহিত্যত সময়ৰ গুৰুত্বৰ কথা উল্লেখ কৰিছিলোঁ ৷ ‘বহুৱা’ত আমি সময়ৰ এটা মন কৰিবলগীয়া দিশৰ কথা দেখিবলৈ পাওঁ। প্ৰত্যেকটো অভিব্যক্তিৰ আঁৰত একোটা ক্ষুদ্ৰ ইতিহাস আছে। সোণতৰাৰ মানসিক অনিশ্চয়তা, কণটিলৌৰ সমাজ-সচেতনতা বা অন্যান্য চৰিত্ৰসমূহৰ আচৰণৰ একোটা [ ১৯ ] নিৰ্দিষ্ট গতিপথ আছে। খাটনিয়াৰে অতি দক্ষতাৰে এই পথসমূহৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ ইংগিত দিছে। আবত্ৰীয়া ভাওনাৰ কথাটোকে চাব পাৰি। ভাওনাৰ যি ঐতিহ্য ইয়াত গঢ় লৈ উঠিছে তাত গদাৰ তাৎপৰ্য সেই সমাজৰ অৰ্থনৈতিক দুৰাৱস্থাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। ইয়াতেই পেৰডিৰ প্ৰয়োগ লক্ষণীয় হৈ পৰে। দুই-এগৰাকী প্ৰতিপত্তিশীল ব্যক্তিৰ নিৰ্ভৰত ভাওনাৰ স্থিতি যিদৰে নিৰ্ভৰশীল, একেদৰে সেই প্ৰতিপত্তি যে নৈতিক আচৰণৰ বাহক নহৈ স্খলনৰহে সূচক তাকো একে প্ৰক্ৰিয়াৰ দ্বাৰা ইয়াত উপস্থাপন কৰা হৈছে। অবৈধ ধন একত্ৰিতকৰণক যেন সমাজে স্বীকৃতি প্ৰদান কৰি তাক চাৰিত্ৰিক বিচাৰৰ গণ্ডীৰ বাহিৰত ৰাখিছে। কিন্তু কথাটো ইমান সহজ নহয়। সমাজত ব্যক্তি সাপেক্ষে নীতিৰ মাপকাঠিও পৰিৱৰ্তন হৈ থাকে। গল্পটোৰ দ্বিতীয় পৰ্যায়ত কণটিলৌৰ পুৰুষত্ব যেতিয়া তাৰবাবে নৈতিক সংশয়ৰ ৰূপত দেখা দিয়ে তাত কিন্তু মিশ্ৰ পৰিয়ালৰ সামাজিক স্থিতিয়ে ঘটনাটোৰ ৰাজহুৱা প্ৰকাশৰ ক্ষেত্ৰত প্ৰভাৱ পেলায়। যদি নৈতিক স্খলন গল্পটোৰ এটা উল্লেখনীয় বৈশিষ্ট্য তাৰ লগত সংপৃক্ত বিৰোধাভাসৰ বিষয়টোৰো ইয়াত একেস্তৰতে ৰূপায়ণ পৰিলক্ষিত হৈছে। ৰাজহুৱা অনুষ্ঠান এটা আয়োজন কৰোঁতে তাৰ লগত জড়িত সকলো কথাৰ যুক্তি সেই অনুষ্ঠানৰ সাফল্যৰ ছবিৰ দ্বাৰা পৰিচালিত হয়। ‘ৰাইজ’ৰ দৃষ্টিত ভাওনাৰ সফল মঞ্চায়ন সকলোতকৈ উৰ্দ্ধত হোৱা কাৰণে সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ সামগ্ৰিক অৰিহণাৰ প্ৰতি গুৰুত্ব দিয়া হয়। যদি এই অনুষ্ঠানৰ সফলতাৰ কাৰণে দুৰ্নীতিপৰায়ণ চৰকাৰী বিষয়াৰ ধনৰ টোপোলাৰ সহায়ৰ প্ৰয়োজন হয় তাকো বিচাৰ কৰাৰ নীতি ভাওনাৰ সফলতাৰ দ্বাৰাহে হিচাপে কৰা হ’ব। অৰ্থাৎ ব্যক্তিগত স্থিতি আৰু সামাজিক অনুষ্ঠানৰ ক্ষেত্ৰত দেখা পোৱা বিৰোধে যিদৰে সেই সমাজৰ সদস্যৰ নৈতিক স্থিতিৰ একমাত্ৰ পৰিচায়ক হ’ব নোৱাৰে, একেদৰে সোণতৰাৰ দৰে নাৰীৰ ব্যক্তিগত আকাংক্ষা বা শংকাই সকলো সদস্যৰ বিচাৰ-বুদ্ধিক বুজাব নোৱাৰে। ইতিমধ্যে কথা-সাহিত্যত নিৰ্বাচন প্ৰক্ৰিয়াৰ তাৎপৰ্যৰ কথা উল্লেখ কৰা হৈছে। খাটনিয়াৰৰ গল্পত চাৰিত্ৰিক বা সামাজিক অৱস্থা ৰূপায়ণত যিবোৰ উদাহৰণৰ সহায় হৈছে তাৰ সাংকেতিক গুৰুত্ব প্ৰবল। গদাৰ অভিনয়ৰ প্ৰসংগটো ইয়াত পৰীক্ষা কৰি চাব পাৰি।

ৰামবিজয় নাট মানে শ্ৰীৰামচন্দ্ৰৰ ভাওটো ৰূপাই ভকতৰ ডাঙৰটো নাতিয়েকক
দিবই লাগিব। নহ’লে গোটেই কৰ্মফেৰাত কেনা লাগিব।... মূল কথাষাৰি
হ’ল— ভাৱৰীয়াৰ পোছাক। ৰূপাই ভকতেন-দহ বছৰ মানৰ পৰাই ভাৱৰীয়াৰ
পোছাকৰ কাৰবাৰত ধৰিছে।

....ৰামবিজয় নাট মেলিলে শ্ৰীৰামচন্দ্ৰ আৰু আন নাটত শ্ৰীকৃষ্ণৰ ভাওটো

[ ২০ ]

তেওঁৰ তোলনীয়া পো-নাতি গদাকহে দিব লাগিব।

অৱশ্যে গায়ে-গাৰিয়ে গদা লায়েকৰ, কিন্তু খুঁতটো হ’ল চকুত, বাঁও চকুটোৱে
‘বেটেৰী মাৰি’ থাকে। চাই যদি বশিষ্ঠ মুনিলৈ, ৰাইজৰ ভাব হয়— ৰামচন্দ্ৰৰূপী
গদাই সীতাক ভৰিত ধৰি কাকুতি কৰিবলৈহে আগুৱাই গৈছে। তাতে গদা
ল’ৰাটোও সামান্য থোঁতাবজা। (খাটনিয়াৰ ২০০৯ : ১০)

 কৌতুকৰ ৰস বহন কৰা এই বিৱৰণত কিন্তু আন এটা গুৰুত্বপূৰ্ণ বিষয়ো সোমাই আছে। ভাওনাত নতুন কি আছে? গদাৰ শ্ৰীৰামৰ ভাওৰ লগত ৰাইজ পৰিচিত, কাহিনীৰ ক্ষেত্ৰতো অপ্ৰত্যাশিত একো নাই। তেন্তে ভাওনাক লৈ ইমান উৎসাহ কিয়? আমি যদি পৃথিৱীৰ প্ৰাচীন মৌখিক সাংস্কৃতিক পাঠসমূহ লক্ষ্য কৰোঁ তাতো কিন্তু একোটা বৈশিষ্ট্যই লক্ষ্য কৰিব পাৰিম। নতুনত্বতকৈ প্ৰচলিত আৰু চিনাকি অভিজ্ঞতাৰ পুনৰাবৃত্তিতহে গোটেই প্ৰক্ৰিয়াটোৰ তাৎপৰ্য আছে। যদি এই প্ৰক্ৰিয়াত ব্যতিক্ৰমী কিবা আছে তাতো কিন্তু সেই সমাজ-স্বীকৃত কিছুমান ধাৰাৰ উমান পোৱা যায়। উক্ত নাট্যানুষ্ঠানত গদাৰ ‘বেটেৰী’ৰ পৰা পৰিত্ৰাণ পোৱাৰ অৰ্থে যি ৰাজহুৱা প্ৰচেষ্টা চলিছিল তাকো আমি পৰিচিত ভংগীৰ ভিতৰতে চলি থকা এই ধৰণৰ আখৰাই সম্ভাৱনীয়তাৰ যি প্ৰতিশ্ৰুতি বহন কৰিছে তাৰ চৰিত্ৰ বুজিবলৈ আমি সেই সমাজৰ প্ৰচলিত চৰ্তসমূহক স্বীকৃতি দিবই লাগিব। এই আলোচনাৰ প্ৰথমাৱস্থাত যি সমাজ- দৰ্শনৰ লগত জড়িত জটিলতাৰ কথা উল্লেখ কৰা হৈছিল তাৰো উদাহৰণ হিচাপে ‘বহুৱা’ত ক্ৰিয়াশীল বিভিন্ন দিশসমূহ বিচাৰ কৰি চাব পাৰি। লোক-সংস্কৃতিৰ অবয়বত অৱস্থান লোৱা বহুৱাৰ কথাত কিন্তু আমি সুদক্ষ শিল্পী এগৰাকীৰ নিপুণ কলমৰ পৰশ দেখিবলৈ পাওঁ। একেখন সমাজত চলি থকা বহুতৰপীয়া মানৱীয় জীৱনভঙ্গী আৰু আদৰ্শৰ সম্বন্ধসমূহক খাটনিয়াৰে খুব কৌশলগতভাৱে মাথোঁ কেইটামান সুনিয়োজিত দৃষ্টান্তৰ সহায়ত পৰিৱেশন কৰিছে। সাধাৰণতে গল্প-সাহিত্যত এই ধৰণৰ বহুমাত্ৰিক বিশ্লেষণৰ অৱকাশ নাথাকে। গল্পত দৈৰ্ঘ আৰু বিষয়ৰ সীমাবদ্ধতাই যি বাধা আৰোপ কৰে তাৰ ফলত বহুকেইটা দিশৰ ওপৰত সমান্তৰালভাৱে ৰেখাপাত কৰাটো সমস্যাযুক্ত হৈ পৰে। ‘বহুৱা’ত সমাজ-ব্যৱস্থাৰ বাহ্যিকতা আৰু ব্যক্তিগত মনোজগতৰ সংশয়ৰ যি স্নেপশ্বট আগবঢ়োৱা হৈছে তাৰপৰা আমি এক অভিনৱ পঠন অভিজ্ঞতাৰ লগত পৰিচিত হোৱাৰ সুবিধা পাওঁ।

 যদি মানৱীয় সম্বন্ধৰ দস্তাবেজৰ ৰূপত ‘বহুৱা’ক বিচাৰ কৰা যায় তাতো আমি বহুকেইটা দিশৰ লগত চিনাকি হোৱাৰ সুযোগ পাওঁ। আগতে কোৱাৰ দৰে কণটিলৌৰ নৈতিক স্থিতিৰ আধাৰ গল্পটোৰ অন্যান্য চৰিত্ৰৰ আচৰণ বিশ্লেষণৰ বাবে অত্যন্তই প্ৰয়োজন। সাধাৰণতে গল্প-সাহিত্যত এই ধৰণৰ কেন্দ্ৰীয় চৰ্ত একোটাই [ ২১ ] বৈষয়িক পৰিচালনাত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰা দেখা যায়। বহুৱাৰ উল্লেখনীয় দিশটো সেই নৈতিক স্থিতিৰ সম্প্ৰসাৰণত দেখিবলৈ পোৱা যায়। কেৱল তাতে আবদ্ধ নাথাকি সেই নৈতিক আচৰণ-বিধিৰ লগত সংপৃক্ত ৰাজনৈতিক আৱৰণে জীৱনবোধৰ সমস্যা ইয়াত সূক্ষ্মতাৰে দাঙি ধৰিছে। ৰাজনীতি আৰু নৈতিকতাৰ মাজত থকা এৰাব নোৱৰা সম্বন্ধ জীৱনৰ বিভিন্ন পৰ্যায়ত, বিভিন্ন ভঙ্গী আৰু কাৰ্যক্ৰমণিকাত দেখিবলৈ পোৱা যায়। ফৰাচী দাৰ্শনিক জাঁক ডেৰিদাই কোৱাৰ দৰে কোনো মানৱীয় সম্বন্ধই ৰাজনীতিৰ প্ৰভাৱৰ পৰা মুক্ত নহয়। দেখাত সাধাৰণ বা সৰল যেন লগা কথাবোৰতো এক ৰাজনৈতিক প্ৰলেপ থাকে। বহু সময়ত এই দিশটো উহ্য হৈ থকাৰ কাৰণে ইয়াৰ প্ৰকাশ নঘটে আৰু তাৰ স্বীকৃতিও সামাজিকভাৱে সম্ভৱ হৈ নুঠে। অথচ একান্ত ব্যক্তিগত যেন লগা আৰু স্বয়ংক্ৰিয় অন্তৰ্জগতৰ ব্যৱস্থাৰ দ্বাৰা পৰিচালিত চিন্তাও কিন্তু সম্পূৰ্ণৰূপে এই প্ৰক্ৰিয়াৰ প্ৰভাৱৰ পৰা আঁতৰি থাকিব নোৱাৰে। ইয়াত অৱশ্যে এইটো পৰিষ্কাৰ কৰি দিয়া উচিত হ’ব যে এই ৰাজনীতি ঠিক সমাজত পৰিচিত ৰাজনৈতিক জীৱনৰ সৈতে একে নহয়। মানুহৰ অন্তৰ্গতৰ বিচাৰক্ষেত্ৰ আৰু তাত চলি থকা সংঘাতৰ আঁৰত যি নাটক চলি থাকে তাৰ চৰিত্ৰ ৰাজনৈতিক। বহু সময়ত এই দিশটো উহ্য হৈ থকাৰ কাৰণে ইয়াৰ প্ৰকাশ নঘটে আৰু তাৰ স্বীকৃতিও সামাজিকভাৱে সম্ভৱ হৈ নুঠে। বহু সময়ত এই ব্যক্তিসত্তাৰ নাট্যানুষ্ঠানৰ স্বভাৱ আৰু স্থিতিৰ বিষয়ে আন মানুহৰ জ্ঞান নাথাকিব পাৰে, নথকাটোৱেই স্বাভাৱিক। কেতিয়াবা ইয়াৰ বাহ্যিক প্ৰকাশৰ আধাৰত চাৰিত্ৰিক বিশ্লেষণত আমি ব্ৰতী হওঁ যদিও সেই পৰ্যালোচনা আংশিক হৈয়ে ৰৈ যায়। ব্যক্তিগত এই মনোজগত একোখনত চলি থকা নাটকৰ যি ইতিহাস তাৰ লগত বহিজগতৰ পৰিচয় হোৱাটো অত্যন্তই কঠিন আৰু প্ৰায় অসম্ভৱ। সোণতৰাৰ ৰণচণ্ডী ৰূপৰ নেপথ্যত যি নাট-ক্ৰিয়া চলি আছে তাৰ ইংগিতহে আমি পাব পাৰোঁ, সম্পূৰ্ণ মঞ্চায়নৰ অভিজ্ঞতা আমাৰ পক্ষে অসম্ভৱ। এই জটিল প্ৰক্ৰিয়াৰ সমান্তৰাল ৰূপায়ণত খাটনিয়াৰে যি দক্ষতাৰ পৰিচয় দিছে সি নিশ্চিতভাৱে সমকালীন অসমীয়া গল্প- সাহিত্যত সহজে দেখিবলৈ পোৱা নাযায়।

 পৰিমণ্ডল-ভিত্তিক ৰচনা (Ecological writing) প্ৰকৃতি-সচেতনতা দৰ্শোৱা গল্পৰ ভিতৰত বিপুল খাটনিয়াৰৰ ‘চেগুণ বনৰ কথা’ (খাটনিয়াৰ ২০০২) উল্লেখযোগ্য। অৱশ্যে ইয়াত এইটো পুনৰ দোহৰাৰ প্ৰয়োজন নাই যে এটা গল্পক কোনো এক বিশেষ বিষয়ৰ আধাৰত সংজ্ঞাবদ্ধ কৰিলে তাত অন্যান্য ইছ্যুৰ অনুপস্থিতি নুবুজায়। খাটনিয়াৰৰ গল্পত যে কেৱল প্ৰকৃতি সচেতনতাই বিদ্যমান হৈছে তেনে নহয়; ইয়াত সমান্তৰালভাৱে দেখিবলৈ পোৱা যায় দুৰ্নীতি বা অৰ্থনৈতিক কপটতাৰ [ ২২ ] কথা, নৈতিকতাৰ স্খলন, মানৱীয়তাবোধৰ অৱক্ষয়, হিংসা-প্ৰতিহিংসাৰ ছবি আৰু ৰাজনীতিৰ বহুমাত্ৰিক স্বৰূপ। অকল সেয়ে নহয়। ইয়াত সমানে আছে আস্থা আৰু বিশ্বাসৰ কথা, প্ৰকৃতিকেন্দ্ৰিক জীৱনপন্থাৰ কথা, লোক-সংস্কৃতিৰ দৃশ্যায়ন আৰু সৰলতাৰ কথা। এনে ভিন্নসুৰী অথচ প্ৰাসংগিক বিষয়ৰ সমন্বয় সচৰাচৰ অসমীয়া গল্পত দেখিবলৈ পোৱা নাযায়। গল্পৰ কেন্দ্ৰীয় চৰিত্ৰ লুন্‌চেৰ কথা পঢ়িলে ৱৰ্ডছৱৰ্থৰ জোক-সংগ্ৰাহক (leech-gatherer)-ৰ কথা মনলৈ আহে। ৱৰ্ডছৱৰ্থৰ কবিতাৰ নায়কৰ দৰেই লুন্‌চেৰ জীৱনপন্থা এতিয়া মৃতপ্ৰায়, কিয়নো তাৰ দৰে অজগৰ বিচাৰি ফুৰা ল’ৰা ৰংপ্লিংপ্লাম বা কাৰ্বি মালভূমিত সহজে লগ পোৱা নাযায়। লুন্‌চেৰ দৃষ্টিকোণক এক স্থিৰ অৱস্থিতি হিচাপে লৈ খাটনিয়াৰে দক্ষতাৰে প্লটৰ অন্যান্য বিষয়সমূহ একত্ৰিত কৰিছে, কাঠৰ চোৰাং ব্যৱসায় বা অস্ত্ৰৰ যোগান লুন্‌চেৰ প্ৰকৃতি জগতৰেই অংগ হৈ পৰিছে আৰু পৰিৱৰ্তিত সময়ৰ লগে লগে মানুহ আৰু পৰিৱেশৰ মাজৰ সম্বন্ধও যে জটিল হৈ আহিছে তাৰেই ইংগিত দিছে।

 বিপুল খাটনিয়াৰৰ গল্পত ৰাজনৈতিক অভিজ্ঞতাৰ ৰূপায়ণ যিকেইটা পৰ্যায়ত দেখিবলৈ পোৱা যায় তাৰ স্বভাৱ আৰুচৰিত্ৰ অন্যান্য সাংস্কৃতিক স্থিতি আৰু অৱস্থাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। এই আলোচনাত আটাইবোৰ দিশৰ ওপৰত ৰেখাপাত কৰা সম্ভৱ নহয়। অৱশ্যে আমি কেইটামান দৃষ্টান্তৰ আধাৰত ৰাজনৈতিক জটিলতাৰ বিষয়ে বিচাৰ কৰি চাব পাৰোঁ। ইতিমধ্যে কোৱাৰ দৰে ইয়াত যি অভিজ্ঞতাক ‘ৰাজনৈতিক’ বুলি আখ্যা দিয়া হৈছে তাৰ ক্ষেত্ৰই বহিৰ্জগত আৰু ব্যক্তিগত উভয়কে সামৰি লয়। মানুহৰ আচৰণ, অভিপ্ৰায় বা নিৰ্ণয় প্ৰক্ৰিয়াত ক্ৰিয়াৰত দিশসমূহৰ এটা ৰাজনৈতিক অৱয়ব আছে। ইয়াৰ প্ৰকাশ সচৰাচৰ মানুহৰ সম্বন্ধত দেখিবলৈ পোৱা যায়। ভাল/বেয়াৰ সংকীৰ্ণ ফ্ৰেমতে আৱদ্ধ নাথাকি পৰিস্থিতি আৰু পৰিৱেশৰ দ্বাৰা প্ৰভাৱান্বিত সিদ্ধান্ত বা অভিব্যক্তিয়ে আমাক সমস্যা একোটাৰ জটিল চৰিত্ৰৰ উমান দিয়ে। উদাহৰণস্বৰূপে ‘ভাদৈ পেহী’ নামৰ গল্পটোকে ল’ব পাৰি। বাপুকণে যেতিয়া নিজৰ পেহীয়েকৰ অকৃত্ৰিম অনুৰোধৰ সন্মুখত অসহায় বোধ কৰি একোকে ক’ব নোৱাৰা হৈ পৰে তাৰবাবে আমি সম্পূৰ্ণভাৱে কোনো এজনকে জগৰীয়া কৰিব নোৱাৰোঁ। ‘বহুৱা’ৰ আলোচনাত ইতিমধ্যে কোৱাৰ দৰে বাপুকণ আৰু ভাদৈ পেহীৰ উভয়ৰে একোখন জগত আছে আৰু যদিও তেওঁলোকৰ ব্যক্তিগত ইতিহাসৰ এটা পৰিচিত অতীত আছে, গল্পটোৰ বৰ্তমানত দুয়োৰে জীৱনৰ গতিপথ যি পৰিৱেশত মিলিত হয় তাত কিন্তু নীতি আৰু প্ৰয়োজনৰ সংঘাতহে দেখা দিয়ে। বাপুকণৰ বাবে এই সংঘাতৰ এটা চৰ্ত পেহীয়েকৰ প্ৰতি দায়বদ্ধতা আৰু আনটো হৈছে তেওঁৰ নৈতিক স্থিতিৰ প্ৰতি উদ্ভৱ হোৱা ভাবুকি। বুজাব নোৱৰা কাৰণত উভয়ে উভয়ৰ [ ২৩ ] আশা পূৰণত ব্যৰ্থ হোৱাৰ আঁৰত কেৱল অভিপ্ৰায় বা অনিচ্ছা সোমাই থকা নাই— অমীমাংসিত এই অংকৰ ৰাজনীতিয়ে উভয়কে সামৰি জীৱনৰ জটিলতাৰ লগত চিনাকি কৰাইছে। কোনো সিদ্ধান্তৰ নেপথ্যত মাথো উদ্দেশ্য বা ইচ্ছা নাথাকি তাৰ লগতে অন্যান্য এৰাব নোৱাৰা কথা কিছুমানো জড়িত হৈ থাকিব পাৰে। ভাদৈ পেহীৰ আবেদনৰ সৰলতাই যিদৰে চাকৰি ‘ক্ৰয়’ৰ প্ৰক্ৰিয়াক জীৱন যুক্তিৰ সহজ অভিজ্ঞতাৰ ভিতৰত সংস্থাপন কৰিছে সেই বিষয়টোৰ ক্ষেত্ৰত বাপুকণৰ দৃষ্টি একে নহয়। অৰ্থাৎ দেখাত সহজ যেন লগা জীৱনৰ ক্ষুদ্ৰ আৰু সাধাৰণ কথাবোৰৰ আঁৰতো জটিলতাৰ মেৰপাক সোমাই থাকে। বহু সময়ত ঘটনা একোটাৰ বহিপ্ৰকাশৰ আধাৰতে তাৰ স্বভাৱৰ ধাৰণা কৰা হয় যদিও সেই বিচাৰ সম্পূৰ্ণ হ'ব নোৱাৰে। খাটনিয়াৰৰ প্ৰায়বোৰ গল্পতে আমি এই জটিল সমস্যাযুক্ত প্ৰক্ৰিয়াৰ ৰেখাংকন দেখিবলৈ পাওঁ। কেৱল ঘটনাক্ৰমৰ বিৱৰণী নহৈ বিষয়ৰ বহুমাত্ৰিক কথকতাৰ স্নেপশ্বট আগবঢ়োৱা খাটনিয়াৰৰ গল্পসমূহক সহজে সাৰাংশৰ ৰূপত বুজিব পৰা নাযায়। মোৰ দৃষ্টিত এইটো তেওঁৰ গল্প-সাহিত্যৰ আকৰ্ষণৰ এটা প্ৰধান কাৰণ। পুনৰ পঠনত নতুন নতুন অপ্ৰত্যাশিত অভিজ্ঞতাৰ লগত পৰিচিত হোৱাৰ সুবিধা দিয়া এই গল্পসমূহৰ গাঢ়তাত অবদান যোগোৱা ভাষিক নিয়ন্ত্ৰণৰ লগত খাটনিয়াৰৰ পঢ়ুৱৈ নিশ্চয় জ্ঞাত। গল্পৰ বিষয় আৰু চৰিত্ৰ অনুযায়ী ভাষাৰ প্ৰয়োগত সূক্ষ্ম অথচ নিৰ্ণায়ক পৰিৱৰ্তন অনাটো কেৱল কৌশলগত বৈশিষ্ট্য নহয়। গল্পৰ তাত্ত্বিক প্ৰয়োজনৰ দ্বাৰা পৰিচালিত এই প্ৰক্ৰিয়াত ভাষা, গাঁথনি আৰু চৰিত্ৰ ৰূপায়ণৰ দিশসমূহ সুন্দৰ ফ্ৰেমত সংযোজিত হৈ পঠন অভিজ্ঞতাৰ অনবদ্য স্বৰূপ হিচাপে আমাৰ মানসপটত সাঁচ বহুৱাই যায়।❐


গ্ৰন্থপঞ্জী
১। বিপুল খাটনিয়াৰ, ‘চিনাকি মুখ অচিনাকি ছবি’, গুৱাহাটী, অৰুনোদই প্ৰকাশন, ২০১০
২। বিপুল খাটনিয়াৰ, ‘ভিন্ন জীৱন ভিন্ন কথকতা’, গুৱাহাটী, ২০০৯


পূৰ্বপ্ৰকাশ
ভূমি, তৃতীয় বছৰ, প্ৰথম সংখ্যা, এপ্ৰিল (২০১০)
অসমীয়া চুটিগল্প : ঐতিহ্য আৰু বিৱৰ্তন (২০১২)

(লেখক গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক আৰু কলাগুৰু, বিশিষ্ট সমালোচক) [ ২৪ ]

দৃষ্টিভংগী আৰু বিপুল খাটনিয়াৰৰ গল্প

এম. কামালুদ্দিন আহমেদ

বিপুল খাটনিয়াৰৰ গল্পত অতি সামান্যসংখ্যক ঘটনা সংযোগ কৰি গল্পৰ অভিঘাত পঢ়ুৱৈক প্ৰদান কৰিবলৈ বিচৰা হয়। ঘটনা সীমাহীনভাৱে যোগ কৰি নাযায় বুলিয়েই নিটোল ৰূপটোৱে সংবেদনশীল পঢ়ুৱৈক আকৰ্ষণ কৰে। জীৱন আৰু মানুহ সম্পৰ্কে দৃষ্টিভংগী খাটনিয়াৰৰ গল্পত প্ৰতিভাত হৈছে ব্যঞ্জনাদীপ্ততাৰে আৰু কেতিয়াবা অৰ্দ্ধস্পষ্ট ৰূপত। তেওঁৰ কেইবাটাও উৎকৃষ্ট গল্পত সত্ৰীয়া জীৱনৰ নিখুঁত আৱহৰ জৰিয়তে ফুটাই তুলিবলৈ যাওঁতে গল্পকাৰে ভাষাটো ঈৰ্ষণীয়ভাৱে আত্মস্থ কৰি লৈ পঢ়ুৱৈক প্ৰবলভাৱে জোকাৰি যাবলৈ সক্ষম হৈছে। তেওঁৰ গল্পত উজনিৰ উপভাষাৰ লগতে মানকাচৰ অঞ্চলৰ গোৱালপৰীয়া উপভাষা (সীমান্ত পথৰ গল্প), বড়ো ভাষা (বেংগ্ৰা), পাটকাই পাহাৰৰ নামনিৰ উপভাষা(মেঘ) আদিৰ সমাৱেশে অসমৰ সামগ্ৰিক জাতিসত্তাক তুলি ধৰা যেন আমাৰ ধাৰণা হয় — এই জাতিসত্তা বৃহৎ মানৱসত্তাৰ অংশীদাৰ হিচাপে জিলিকি আছে তেওঁৰ অসামান্য গল্পবোৰত। আৰম্ভণিৰেপৰা তেওঁৰ গল্পত দৈনন্দিন জীৱনৰ কঠোৰ জীৱন চৰ্যাৰ অংশীদাৰ সাধাৰণ মানুহৰ ছবি ৰূপায়িত হৈছিল মৰ্মস্পৰ্শীৰূপত। ‘চেগুন বনৰ কথা’ত লুনচে নামৰ ওঠৰ বছৰীয়া অজগৰ সাপ বিচাৰি ফুৰা ডেকা এটাৰ কঠোৰ জীৱন সংগ্ৰাম হৃদয়স্পৰ্শীভাৱে প্ৰকাশ পাইছে। খাটনিয়াৰে নতুন নতুন প্ৰেক্ষাপটৰ অন্বেষণ কৰিছে শেহতীয়া গল্পবোৰত। বিপুল খাটনিয়াৰৰ গল্পত বিষণ্ণ অতীতপ্ৰীতি নতুন তাৎপৰ্যৰে উদ্ভাসিত হৈছে (হেৰোৱা সুবাস)। “চিনাকি মুখ অচিনাকি ছবি’ত নৈতিকতাৰ প্ৰশ্নটো হৃদয়স্পৰ্শী।

 গাঁৱৰ ভাওনাত বহুৱালি কৰি সমজুৱা মন আনন্দেৰে বোলাই যোৱা কণটিলৌৰ জীৱনৰ বেথা-বেদনা পৰিহাসময় কাৰুণ্যৰে অপৰূপ কথকতাৰে গল্পকাৰে প্ৰকাশ [ ২৫ ] কৰিছে। নাটৰ বহুৱা কণটিলৌৱে গোটেই গাঁওখনকে হহুৱায় অথচ তেওঁ বাস্তৱ জীৱনত চকুৰ পানীৰে বাট নেদেখা হৈছেগৈ। সমাজতান্ত্ৰিক বাস্তৱতাৰ শ্ৰেণীদ্বন্দ্বও ‘বহুৱা’ গল্পৰ উপজীব্য স্বাভাৱিকতেই হৈছেগৈ। কণটিলৌ তেওঁৰ পত্নীৰ দ্বাৰা পৰিত্যক্ত হৈছে, গো-বধৰ পাতকী হৈ অবৰ্ণনীয় কষ্টৰ সন্মুখীন হ'ব লগাত পৰিছে আৰু অৱশেষত দেউৰ পত্নীৰ সৈতে অবৈধ যৌন সংসৰ্গত লিপ্ত হৈছে। বহুৱালি বা বহল অৰ্থত অভিনয়ৰো এটি বিশেষ ভূমিকা আছে গল্পটোৰ বয়নতঃ কণটিলৌক পুৰুষত্বহীন সজোৱা পত্নীহে কাঠ-বাঁজী— এই কথা প্ৰতিপন্ন হৈছে কণটিলৌ আৰু দেউ-পত্নীৰ যৌন-সংসৰ্গৰ অভিজ্ঞতাৰ ৰূপায়ণৰ ভিত্তিত। প্ৰান্তীয় সমাজৰপৰা অহা কণটিলৌ আৰু পৰশু দেৱ মিশ্ৰ দেউ অইন এটা শ্ৰেণীৰ প্ৰতিনিধি। গল্পকাৰসৃষ্ট নাটকীয়তাত শ্ৰেণী-দ্বন্দ্বৰ প্ৰত্যাহ্বানৰ ইংগিত আছে দেউৰ পত্নীয়ে জনোৱা যৌনতাৰ সঁহাৰিতঃ “তিৰোতা হৈকিবা এইবোৰ নুবুজোঁনে?” অলপ দুখ মনেৰেই দেউঅনিয়ে ক’লে, চাবা দুই তিনিমাহ নুঘূৰোঁতেই তুলসীপতীয়া বামুণে তোমাক পৰাচিত কৰি বিদায় দিব।”

 কণটিলৌৰ পৰাচিতৰ সমাপ্তি পৰ্বত তিৰোতাৰ চুলিৰ উল্লেখ আৰু দেউৰ পত্নীৰ চুলি একাকাৰ হৈ পঢ়ুৱৈৰ মনত ব্যাপক অভিঘাতৰ সৃষ্টি কৰিছে –

“পিছদিনা হোলাত জোবোৰা মাৰি তপা মূৰটোৰে ওপৰলৈ উঠি আহি
কণটিলৌৱে দেখিলে, বগা কাগজৰ টোপোলা এটি খুলি দেউৱে দু আঙ্গুল
মান দীঘল এমুঠি চুলি উলিয়াইছে আৰু বিৰিং বাৰাংকৈ কিবা মন্ত্ৰ মাতি চুলিখিনি
হোলাত উটুৱাই দিছে।”

 সত্ৰাধিকাৰ কিছুসংখ্যকৰ জীৱনলৈ নামি অহা দাৰিদ্ৰৰ অমানিশা আৰু তাৰ মাজতো তেওঁলোকে বহন কৰি অনা মানৱতাৰ সেন্দূৰীয়াখিনি অমলিনভাৱে ৰক্ষিত হোৱাৰ ৰূপায়ণ দেখা যায় ‘কাৱৈমাৰী সত্ৰৰ অতিথি’ত। সত্ৰাধিকাৰৰ শিষ্য গোবিনক দেখি সুভদ্ৰাৰ মাকে তালৈ সুভদ্ৰাক বিয়া দিবলৈ সত্ৰাধিকাৰৰ আগত অনুনয় বিনয় কৰিছিল। সেই কথা বাস্তৱায়িত হৈছে। অথচ গল্পকাৰৰ বৰ্ণনাৰ নৈপুণ্য এনেধৰণৰ যে সেই কথা কাৰ্যত যেন পৰিণত নহ’বই, তেনে এটি ধাৰণাই পঢ়ুৱৈৰ মনত বাহ বান্ধিবলৈ লয়ঃ আকস্মিকভাৱে এদিন সত্ৰাধিকাৰ, তেওঁৰ পত্নী আৰু শিচ আহি ওলায় আৰু সুভদ্ৰাক লৈ যায়। গল্পটিতে অত্যাচাৰী দণ্ডী কাকতি, মৌজাদাৰৰ দুই পুত্ৰ ভোলা আৰু তিলেশ্বৰক প্ৰত্যাহ্বান জনাইছে সুভদ্ৰাৰ ‘বুঢ়ীমাকে’।

 প্ৰথম পুৰুষত কথিত ‘ভাদৈ পেহী’ গল্পটিত লেখকৰ দৃষ্টিভংগী পঢ়ুৱৈৰ ওপৰত [ ২৬ ] আৰোপিত নকৰাকৈ দুঃস্থ নাৰীৰ দাৰিদ্ৰ্য ৰূপায়িত কৰা হৈছে। ভাদৈৰ প্ৰতি পঢ়ুৱৈৰ মনোযোগ ধাৱিত হৈছে। সেই চৰিত্ৰটিৰ দ্বাৰা সংঘটিত ঘটনাৰ জৰিয়তে গল্পকাৰৰ অৱস্থান নিৰ্ধাৰণ কৰিব পাৰে— “নৈতিকতাৰ প্ৰতি আকুলতা অনুভূত হয়ঃ মই যেন আকাশৰ পৰাহে পৰিলোঁ। ৰাজধানীৰ ক’ত পায় মেট্ৰিকৰ চাৰ্টিফিকেট।”

 চৰিত্ৰৰ মানসিকতাক পঢ়ুৱৈৰে পোনপটীয়া সংযোগ স্থাপনেৰে ‘কথন বৰ্হিভূত' (non-narrative) ৰূপৰ আধুনিকতাৰ প্ৰতি স্বাভাৱিকতে বিপুল খাটনিয়াৰৰ অনুৰাগ নাই। মূলতঃ বাহ্যিক বাস্তৱতাৰ ৰূপায়ণেই বিপুল খাটনিয়াৰৰ মূল উপজীব্য। কিছুমান গল্পত ইয়াৰ অনুসংগ হিচাপে যৌনতা, বৈধ-অবৈধ খাটনিয়াৰৰ গল্পলৈ আহে। এই যৌনতা লোকভাষাৰ জৰিয়তে মূৰ্ত হয় আৰু তেনেদৰেই যৌন আনুপুংখিক বৰ্ণনাক নিপুণ গল্পকাৰে নেওচা দিছে।

 মিটশ্বেল এ লিচকাৰ কথাৰ পোহৰত ক'ব পাৰি যে বিপুল খাটনিয়াৰে গল্প এটা তেওঁৰ মনত যি ধৰণে গঢ় দি লয় পঢ়ুৱৈৰ অনুভূতি আৰু দৃষ্টিভংগীত তাৰ প্ৰভাৱ পৰে। কি দৃষ্টিকোণ বা কোনবোৰ দৃষ্টিকোণৰ মিশ্ৰণ আৰু কল্পলোকৰ দৃষ্টিৰ তাৰতম্যৰে সম্পূৰ্ণ কাৰ্যকৰীভাৱে গল্পকাৰে পঢ়ুৱৈৰ মাজলৈ নিব সেয়া খাটনিয়াৰৰ নখ-দৰ্পণত যেন লাগে।

 ‘বেংগ্ৰা’ৰ ৰাজনৈতিক বাস্তৱতাৰ আতংকময় পৰিৱেশ অপূৰ্ব দক্ষতাৰে গল্পকাৰে ফুটাই তুলিছে। প্ৰথম পুৰুষৰ গল্পৰ লেখকৰ অভিপ্ৰেত মনোভংগী পঢ়ুৱৈৰ ওপৰত জাপি দিয়াৰ যি প্ৰৱণতা সাধাৰণতে দেখা যায় গল্পটোত সেয়া সচেতনভাৱে পৰিহাৰ কৰি চলা হৈছে। কিন্তু কথক সন্ত্ৰাসবাদৰ পথত ভৰি দিয়া আৰু তেওঁৰ জিঘাংসু ৰূপৰ ন্যায্যতা প্ৰতিপন্ন কৰাৰ প্ৰয়াস গল্পটোত নাই, বৰঞ্চ আমাৰ গা-মন সিৰসিৰাই যোৱাকৈ একপ্ৰকাৰৰ অনুশোচনাত দগ্ধ মনৰ জুই-পোহৰে আমাক হতচকিত কৰি তোলে —

“মাণিক শৰ্মাৰ গাল দুখন ফটা মেলখোৱা। সেইফালেৰে কিম্ভুত কিমাকাৰ
ৰূপত দুয়োপাৰি দাঁত জিলিকি পৰিছে। এখন হাত, হয়, বাঁওহাতখন
কিলাকুটিৰ পৰা তলৰছোৱা নাই। বুকু আৰু পেটৰ বহু ঠাই ৰেপি ৰেপি
কটা। জুহালৰ জুইকুৰাৰ কঁপা কঁপা পোহৰত এনে লাগিল সেৰেঙা
চিলাইবোৰৰ মাজেৰে যেন পেটৰ নাৰী-ভূঁৰু আটাইবোৰ ওলাই আহোঁ
আহোঁ কৰিছে।”

 গল্পটিৰ সমাপ্তিয়ে তাৰ প্ৰায়শ্চিত্ত বিচাৰি লৈছেএনে বীভৎসতাৰ মাজত— [ ২৭ ]

“সেয়া, যশোধৰাই মোৰ মুখলৈ মূৰ দাঙি চাইছে। ডিঙিতে তাইৰ মূৰটো
অদ্ভুত ধৰণে ভাঁজ লৈছে। তাইৰ মুখখনে ঘনে ঘনে একোটা বিকৃত ৰূপ
ধাৰণ কৰিছে। আৰু জন্মতে বিকলাংগ, লোপাথুপীয়া মাংসপিণ্ডটোৱে
খেৰৰ ডুলিটোৰপৰা ওলাই এটা নোমাল বিষাক্ত মকৰাৰ দৰে বুকু চোঁচৰাই
মোৰ ফালেই আগুৱাই আহিছে। ঠিক যেন আপোন তেজৰ গোন্ধ পাইছে
আদিম বীভৎস প্ৰাণীটোৱে।”

 মৰাণ আৰু আদিবাসীৰ গোষ্ঠী সংঘৰ্ষৰ পটভূমিত গঢ় লৈ উঠা ‘হাৰ্কি’ৰ ৰাজনৈতিক বাস্তৱতাত মিহলি হৈ থকা সোণাৰু আৰু এজাৰৰ ৰঙে গল্পটোকে বোলাই গৈছে:

“ৰে’লৰপৰা নামিয়েই তেওঁ দেখিলে, আজাৰ আৰু সোণাৰুবোৰ যেন
আটাইৰে অজ্ঞাতে গাভৰু হৈ পৰিছে। যেনিয়ে খোজ দিয়ে তেনিয়ে।
আনকি পোৰা কয়লা ছটিয়াই বোকা ঢকা পথবোৰো প্ৰধানকৈ পাতল
হালধীয়া আৰু ঠায়ে ঠায়ে বেঙুনীয়া হৈ পৰিছে।”

 ফুলৰ এই অনুষংগ ব্যঞ্জনাদীপ্ততাৰ বাবেই যেন অপেক্ষাৰত। কোনো নিৰ্দিষ্ট গোষ্ঠী এটাই অইন এটা নিৰ্দিষ্ট গোষ্ঠীৰ বিৰুদ্ধে হত্যাযজ্ঞত লিপ্ত নহয়। ইয়াত আদিমতাৰহে গোন্ধ আছে –

“কি জানো হ’ল; ক’লা ক’লা মানুহবোৰ মেলত বহিল।....এই ভাষা
চাওতাল, মুণ্ডা, ওৰাং অথবা চাদ্ৰি ভাষাও নহয়। এই ভাষাত ছোটনাগপুৰ,
ছত্তিছগড়ৰ আউচ নাই; ই এক গোপন ভাষা, এই ভাষা মন্ত্ৰৰ দৰেই এক
আদিম গুণগুণনি।”

 বিদেশী বহিষ্কাৰ আন্দোলনৰ ছাত্ৰনেতা দেৱকান্তৰ নেতৃত্বত হত্যাৰ বলি হোৱা অকন ভৰালীৰ স্মৃতি দিৱসতে দেৱকান্তই অনৰ্গলভাৱে কৈ গৈছিল —

“... তেওঁ নিজেও অকন ভৰালীৰ কথা আৰু কামৰ বিৰুদ্ধাচাৰণ কৰিছিল,
কিন্তু তেওঁৰ প্ৰতি হিয়াত আজিও সাঁচি ৰাখিছে অপৰিসীম শ্ৰদ্ধা। তেওঁৰ
অনুগামীসকলে শ্ৰদ্ধা প্ৰদৰ্শন কৰি অকন ভৰালীৰ স্মৃতি ৰক্ষাৰ্থে
পুথিভঁৰালসহ এটা কলা-কৃষ্টি ভৱন সজাৰ যি কাম হাতত লৈছে তাত
অংশগ্ৰহণ কৰিবলৈ পাই দেৱকান্তই পৰম কৃতাৰ্থ মানিছে। অকন ভৰালীৰ
জয় হওক। জয় হওক তেখেতৰ অনুগামীসকলৰ।”

[ ২৮ ]

 এই দেৱকান্তই হত্যা কৰিছিল অকন ভৰালীক। গল্পটোৰ সমাপ্তি ঘটিছে এনেদৰে, য’ত সোমাই আছে লেখকৰ অভিপ্ৰেত অৰ্থ :

“চেঙেলীয়া গাভৰুবোৰে যে কথা কয়, নিলাজ কথাও পাতে, ‘তপ ইপি
ধাপা নীপি চা’—পাৰি নেকি ভদ্ৰেশ্বৰৰ মুখৰ অবাইচ কথাবোৰ লিখি
উলিয়াব? নাই, নোৱাৰি, কোনো মতেই নোৱাৰি।”

 এই নাটকীয় কাণ্ডৰ প্ৰতি লেখকৰ মনোভাব নিৰক্ষৰ এজন গঞাৰ যোগেদি ফুটি উঠিছে, যি আছিল দেৱকান্তৰ এই হত্যালীলাৰ ‘নীৰৱ’ সাক্ষী।

 ‘সীমান্ত পথৰ গল্প’ত দেশৰ সীমাই পুৰণি চুবুৰীটো প্ৰায় সমানে দুভাগ কৰি পেলাইছে— দুই সহোদৰ ভৱমোহন আৰু কালীমোহন দুই পৃথক দেশৰ বাসিন্দা হৈ পৰিছে। গল্পকাৰে মৃত্যু পথযাত্ৰী মিৰজুমলাক মানকাচৰৰ ঘাটলৈ আলফুলে নমোৱাৰ কথা আছে। মৃত্যুৱেই নহয়, জিঞ্জিৰাম নদীত যুথিকা, চেলিমবানু, খালেদাৰ জীৱনৰ উদ্দামতা আৰু ৰং ৰহইছৰ মাজেৰে মানুহখিনিৰ দেশ বিভাজনৰ কাৰুণ্য ঘনীভূত আৰু ব্যঞ্জনাদীপ্ত হৈ প্ৰকাশি উঠিছে।

 বিপুল খাটনিয়াৰৰ সৰ্বজ্ঞ কথকৰ গল্পত সকলোবোৰ চৰিত্ৰই সমানেই পঢ়ুৱৈৰ আগত নিজকে উদঙাই দেখুৱায় বুলিয়েই ইয়াৰ কৰ্তৃত্বশীল স্বৰ হৈ পৰে নিৰপেক্ষ দৃষ্টিকোণ হৈ পৰে নৈব্যক্তিক আৰু আবেগৰপৰা মুক্ত।❐

(লেখক গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক, বিশিষ্ট কবি আৰু সমালোচক) [ ২৯ ]

বিপুল খাটনিয়াৰৰ গল্পত
‘প্ৰান্তীয়তা’ৰ প্ৰসংগ : এটি টোকা

লক্ষ্মীপ্ৰিয়া গগৈ

প্ৰান্তীয়কৰণ (Marginalization) অথবা কেন্দ্ৰীয় অধ্যয়নৰপৰা যিকোনো বিষয় নিলগাই ৰাখি এক পৰিত্যক্ত তথা অমনোযোগী অৱস্থানলৈ আঁতৰাই ৰখাৰ যি সামাজিক-ৰাজনৈতিক প্ৰক্ৰিয়া তথা প্ৰসংগ, ইয়ে সময়ে সময়ে বিভিন্ন অভিধাৰ জন্ম দিয়ে। উত্তৰ-ঔপনিৱেশিক সাহিত্য সমালোচনাৰ ধাৰাত বিশেষ গুৰুত্ব লাভ কৰা প্ৰান্তীয়তাৰ প্ৰসংগ বুলি ক’লেই সততে মনলৈ অহা তাত্ত্বিকসকলৰ ভিতৰত অন্যতম হ’ল ৰণজিৎ গুহ, দীপেশ চক্ৰৱৰ্তী, গায়ত্ৰী চক্ৰৱৰ্তী স্পিভাক আদি। এইসকল তাত্ত্বিকে মূলতঃ মাৰ্ক্সীয় আদৰ্শৰ ধাৰণাৰ আলমত উত্তৰ-ঔপনিৱেশিক ভাৰতীয় সমাজ ব্যৱস্থাৰ অধ্যয়নৰ প্ৰাচ্যবাদৰ ধাৰণাৰে পাশ্চাত্য-প্ৰাচ্যৰ আহুকলীয়া সম্পৰ্কৰ আলোচনা, আধুনিক ৰাষ্ট্ৰ (Nation State)ৰ ধাৰণাৰ বিকাশৰ সৈতে সংগতি ৰাখি পৰিৱৰ্তিত ৰাজনৈতিক ব্যৱস্থাৰ আলোচনা আদি বিষয়ৰ বিবেচনাত প্ৰান্তীয়কৰণৰ প্ৰসংগ সবিস্তাৰে আলোচনা কৰিছে। ইতিমধ্যেই স্বীকৃত তথা বহুলভাৱে আলোচিত এই সামাজিক-ৰাজনৈতিক পৰিঘটনাৰ আলমত সাহিত্যৰ অধ্যয়নৰ গুৰুত্বও বাঢ়ি আহিছে। বিশেষকৈ স্বৰাজোত্তৰ কালৰ সামাজিক-ৰাজনৈতিক পৰিৱেশত আধুনিক ৰাষ্ট্ৰই সততে গ্ৰহণ কৰি অহা উন্নয়নমুখী বিভিন্ন প্ৰকল্পৰ ফলাফলৰ পৰিপ্ৰেক্ষিতত সংঘটিত অৰ্থনৈতিক পৰিৱৰ্তন, পুঁজিবাদৰ আগ্ৰাসন, ভোগবাদী মানসিকতাৰ ব্যাপক প্ৰসাৰ, জাতিগত-জনগোষ্ঠীগত পৰিচয়ৰ প্ৰতি নব্য ইতিহাসবাদী মনোনিৱেশ তথা এনে প্ৰসংগৰ পুনঃউত্থান আদি বিভিন্ন কাৰকৰ প্ৰভাৱত প্ৰান্তীয়কৰণ এক এৰাব নোৱাৰা পৰিঘটনা হিচাপে চিহ্নিত হৈছে।

 গৱেষণাত্মক অধ্যয়ন তথা তথ্যভিত্তিক অনুসন্ধানৰ বাহিৰেও প্ৰান্তীয়কৰণৰ [ ৩০ ] উপস্থাপন তথা বিশ্লেষণ এক গুৰুত্বপূৰ্ণ বিষয় হিচাপে বিংশ শতাব্দীৰ সাহিত্যত ন ন ৰূপত আলোচিত হৈছে। বিশ্ব সাহিত্যৰ ক্ষেত্ৰখনত এনেবোৰ প্ৰসংগৰ উত্থাপনত ন ন আংগিক, ভাষা, প্ৰতীকাত্মক সংশ্লেষণ তথা ইতিহাস নিৰ্মাণ প্ৰক্ৰিয়াৰ পুনৰ অধ্যয়নৰ বিশেষ সংযোজন মন কৰিবলগীয়া। সংখ্যালঘু (ভাষিক, ধাৰ্মিক, নৃগোষ্ঠীয় আদি) সম্প্ৰদায়ৰ জটিল সামাজিক অৱস্থানৰ অধ্যয়নে ‘প্ৰান্তীয়কৰণ’ৰ সামাজিক- ৰাজনৈতিক বিশ্লেষণৰ এক বিশিষ্ট অংগ হিচাপে বিশ্ব সাহিত্যত ঠাই দখল কৰিছে। গতিকে প্ৰান্তীয়তাৰ এনে প্ৰসংগ আঞ্চলিক ভাষাৰ সাহিত্যত কিদৰে উত্থাপিত হৈছে সেয়া চালি জাৰি চাই ঠাইভিত্তিক (Local) বিশিষ্টতাৰ ধাৰণা গঠনত সহায়ক হোৱাৰ উপৰিও ‘প্ৰান্তীয়তা’ৰ প্ৰসংগই সামৰি লোৱা জটিল সামাজিক সংৰচনাসমূহে সমসাময়িক ৰাজনৈতিক পৰিপাৰ্শ্ব কিদৰে অধিক জটিলতাৰ দিশে আগবঢ়াই নিয়ে তাৰ এক সামগ্ৰিক পৰ্যবেক্ষণ লাভ কৰিব পাৰি।

 উত্তৰ ঔপনিৱেশিক সমালোচনাই বাট মোকলাই দিয়া প্ৰান্তীয়তাৰ অৱস্থানত আলোচ্য বিষয়ী (Subjectivity)সমূহৰ ভিতৰত নাৰীৰ লৈংগিক প্ৰান্তীয়কৰণ, বৰ্ণবাদী প্ৰান্তীয়কৰণৰ বলি হোৱা গোষ্ঠীসমূহৰ প্ৰসংগ, ভাৰতীয় প্ৰেক্ষাপটত জাতিগত প্ৰান্তীয়কৰণৰ বৈষম্যৰে চিহ্নিত নিম্নবৰ্গীয় অৱস্থান তথা ভাষিক, ৰাজনৈতিক, নৃগোষ্ঠীয় আদি বিভিন্ন চেতনাৰ আধাৰত চৰ্চিত প্ৰান্তীয়কৰণৰ বলি হোৱা বিষয়ৰ প্ৰসংগ সাহিত্য সমালোচনাৰ আওতালৈ আহিছে। এনে এক প্ৰসংগৰে বিপুল খাটনিয়াৰৰ গল্পৰ আলোচনা কৰোঁতে গল্পকাৰৰ এই বিষয়ৰ প্ৰতি মনোযোগ আৰু প্ৰান্তীয় অৱস্থানৰ লোকৰ জটিল বাস্তৱ আৰু সংকটৰ মানৱীয় উপস্থাপনৰ প্ৰতি সচেতনতা প্ৰকট হৈ উঠে।

 বিপুল খাটনিয়াৰৰ গল্পত প্ৰান্তীয়ভাৱে প্ৰসংগৰ এই আলোচনাত কিছু নিৰ্বাচিত গল্পৰ আধাৰত ৰাজনৈতিক-সামাজিক পাৰিপাৰ্শ্বই নিৰ্ধাৰণ কৰা বিংশ শতাব্দীৰ অসমীয়া সমাজৰ বহুবিভক্ত প্ৰান্তীয় অৱস্থিতিয়ে উন্মোচন কৰা জটিল সামাজিক সংৰচনাসমূহ এনে অৱস্থানৰ বিষয়ীৰ দৃষ্টিভংগীৰে গল্পকাৰে কিদৰে উপস্থাপন কৰিছে তাৰ এক চমু আলোচনা আগবঢ়োৱাৰ প্ৰয়াস কৰা হৈছে। নব্বৈৰ দশকৰপৰা একৈশ শতিকাৰ দ্বিতীয় দশকৰ ভিতৰত এই সময়ছোৱাত ৰচিত এই গল্পসমূহত অৱধাৰিতভাৱেই গল্পকাৰে সমসাময়িক ৰাজনৈতিক আৱহাৱাই আনি দিয়া সংকটৰ প্ৰতি সংবেদনশীলতাৰে তথা নিৰ্মোহভাৱে সমালোচনাত্মক দৃষ্টিভঙ্গী গ্ৰহণ কৰিছে আৰু এনে প্ৰেক্ষাপটত প্ৰান্তীয় অৱস্থিতিৰ যি নিম্নবৰ্গীয় অৱদমিত ইতিহাস তাক পুনৰ উদঙাই দেখুওৱাৰ প্ৰয়াস কৰিছে। [ ৩১ ]

 ‘দখাৰ’ (২০০১) গল্প সংকলনত প্ৰকাশিত অধিকাংশ গল্পত এই প্ৰান্তীয় ইতিহাসৰ প্ৰতি সচেতন মনোনিৱেশ সুস্পষ্ট। আশীৰ দশকৰ আত্মপৰিচয়ৰ জটিল বাগধাৰাই আনি দিয়া বৈষম্যমূলক দৃষ্টিকোণ আৰু ইয়াৰ পাকলগা প্ৰবাহত পমুৱা মুছলমান সম্প্ৰদায়ৰ মলিনা (ধুমুহাৰ পাছত), আজিজুৰ ৰহমান (কৈলতাকুছিৰ চ’ক), বিদেশী বিতাড়নৰ জটিলতাত সোমাই পৰা সাবিত্ৰী কৰ্মকাৰ (নুৰেমবুৰ্গ), দুৰ্নীতিৰ কৰাল গ্ৰাসত পৰা আমোলাতন্ত্ৰৰ পাকত অসহায় নিষ্ঠাবান চৰকাৰী চাকৰিয়াল হৃদয়া ফুকন (অন্ধকাৰৰ পৰা), পাবত গজা সাংস্কৃতিক কৰ্মীৰ হাতত নিষ্পেষিত প্ৰতিভাশালী অনাতাঁৰ ঘোষক অনাদি চক্ৰৱৰ্তী (এতিয়া গভীৰ ৰাতি), নগৰীকৰণে সংকুচিত কৰি অনা আত্মকেন্দ্ৰিক সমাজত উপেক্ষিত টিমুং খুড়া (বিকৰ্ষণ), ৰাষ্ট্ৰ/বিপ্লৱীৰ সংঘাতত নিৰ্যাতিত জেতুকী পেহী (এতিয়া ঘিলাধাৰী) আৰু খাচিয়া পাহৰৰ থলুৱা/ বহিৰাগতৰ ৰাজনৈতিক সংঘাতৰ বিপন্ন সময়ত অৱশিষ্ট মানৱীয় অনুভূতিৰ আত্মপ্ৰকাশেৰে দখাৰক সহায় কৰা শ্বিইনা (দখাৰ) আদি আটাইবোৰ চৰিত্ৰৰ প্ৰান্তীয় অৱস্থানৰ বিভিন্নতা আৰু সংপৃক্ততা উল্লেখযোগ্য। অস্তিত্বৰ পৰিচয়কেন্দ্ৰিক সংঘাত আৰু আৰু বহুৰূপীয়া বৈষম্যৰ কথকতাত প্ৰান্তীয়কৰণৰ বলি হোৱা এইসমূহ বিষয়ীৰ সংকট মূলতঃ একধৰণৰ। ভাষিক সংখ্যাগৰিষ্ঠতাৰ চেতনাৰে নিৰ্ধাৰিত অস্তিত্ব ৰক্ষাৰ আন্দোলনত কেৱল পমুৱা মুছলমান হোৱাৰ বাবেই নিৰ্যাতিত মহিলাই ককায়েকৰ বন্ধু মনোজ পূজাৰীৰ সহমৰ্মিতাৰে জীৱন ৰক্ষা কৰিব পাৰিলেও একে সময়তে তাইৰ দৰে আন বহুতো মলিনাৰ ক্ষেত্ৰত যে সেয়া হৈ উঠা নাছিল সেই জটিলতাৰ উপলব্ধি মনোজ আৰু গল্পৰ অনামীৰ কথকৰ কথোপকথনেৰে উদঙাই দেখুৱাইছে। একে ধাৰণাৰ বিশদ ৰাজনৈতিক মতামত সমৃদ্ধ নহ'লেও খিলঞ্জীয়া নিৰ্ধাৰণৰ ন্যায়িক ব্যৱস্থাৰ একেমুখী সংজ্ঞাই সংখ্যালঘু সম্প্ৰদায়ৰ উপৰিও অন্য প্ৰান্তীয়তাৰ অৱস্থানলৈ ঠেলি দিয়া সাবিত্ৰী কৰ্মকাৰৰ অসহায় পৰিচয়হীনতা অথবা খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপণেৰে জড়িত ভূমিৰ অধিকাৰৰ নতুন সমীকৰণৰ প্ৰভাৱত নিজ ঠাইতে প্ৰান্তীয়কৰণৰ চিকাৰ হোৱা টিমুং খুড়াৰ অসহায়তা সম্পৰ্কে বিপুল খাটনিয়াৰৰ সংবেদনশীলতা মন কৰিবলগীয়া। যিহেতু এনে প্ৰসংগৰ বহুতৰপীয়া নেৰেটিভত বৈপৰীত্য তথা কেন্দ্ৰীয়ৱস্থান নিৰ্ণয়ৰ মূল উপাদানসমূহ বাহুল্যৰ পাকত আবদ্ধ, সেয়েহে খাটনিয়াৰে মূলতঃ সমৰ্থন কৰিছে প্ৰান্তীয় বিষয়ীৰ দৃষ্টিভংগী আৰু একে সময়তে এই দৃষ্টিভংগীও যে ৰাজনৈতিক সূত্ৰায়নৰ বাহিৰত নিৰ্ণিত নহয়, তাৰ প্ৰতিও সচেতন স্থিতি গ্ৰহণ কৰিছে। এনে কাৰণতে ৰিহা-মেখলা পিন্ধি বিপিন বাবুৰ অসমীয়া পত্নী হোৱাৰ চিনাকি আদালতত হাজিৰ হোৱাৰ পৰলৈকে সাবিত্ৰী কৰ্মকাৰে ঠাট্টা[ ৩২ ] মস্কৰা সহ্য কৰি হ’লেও আঁকোৱালি লোৱাৰ যি প্ৰয়াস কৰিছে তাৰ নিষ্ফলতা পাঠকে অনুধাৱন কৰিব পাৰে। একেদৰে মনোজ পূজাৰীৰ বৃদ্ধা মাকে ‘বামুণ’ৰ আখলত মুছলমান মলিনাক কেৱল প্ৰৱেশ কৰিবলৈ দিয়াই নহয়, তাইৰ হাতেৰে যুগুতাই দিয়া খোৱাও নিজহাতে ৰান্ধিছে অথচ সমগ্ৰ বিপ্লৱ পন্থীৰ নিৰ্যাতনৰ চানেকি মনোজ আৰু মলিনাৰ মুখৰ কটা দাগে কঢ়িয়াই ফুৰাৰ দৰে তেওঁৰো ৰাজনৈতিক উন্মত্ততাৰ চিকাৰ হোৱা আটাইকে ‘ভাং খোৱা হাতী’ (পৃ. ১২৬) আখ্যা দি মনৰ দাগ মোচনৰ চেষ্টাত ব্ৰতী হৈছে। সমকালীন সামাজিক-ৰাজনৈতিক ঘটনা প্ৰবাহৰ লিপিবদ্ধ ইতিহাসত এনে প্ৰান্তীয় অৱস্থিতিৰ নেৰেটিভৰ প্ৰয়োজনীয়তা বিপুল খাটনিয়াৰৰ গল্পই সঠিক ৰূপত সাব্যস্ত কৰি গৈছে। ৰাষ্ট্ৰ আৰু ৰাষ্ট্ৰবিৰোধী গণতান্ত্ৰিক তথা সশস্ত্ৰ এই দুয়ো ধাৰাৰ সংগ্ৰামৰ মেৰপেচত পিষ্ট তথা নিৰ্যাতিত এনে অৱস্থানৰ ট্ৰ’মা তথা অনিশ্চিত যাত্ৰা গল্পকাৰে নিজস্ব ভাষাৰ বৈচিত্ৰ্যৰে সমৃদ্ধ ৰূপত তুলি ধৰিছে। আশী-নব্বৈ দশকৰ এনে প্ৰান্তীয়কৰণৰ উপৰিও অসমীয়া সমাজৰ উত্তৰ- ঔপনিৱেশিক উত্তৰণে কঢ়িয়াই অনা অন্যান্য প্ৰান্তীয়কৰণৰ প্ৰসংগৰ প্ৰতিও বিপুল খাটনিয়াৰ সমানেই সচেতন।

 ‘ঘঁৰিয়ালডাঙাৰ কথা’ (২০১৬) গল্প সংকলনৰ প্ৰায় আটাইবোৰ গল্পতে সামাজিক-ৰাজনৈতিক প্ৰান্তীয়কৰণৰ নিৰ্বিচাৰ প্ৰক্ৰিয়াই জাতি, ধৰ্ম, বিশ্বাস আদি কাৰকৰ পৰিপ্ৰেক্ষিতত সময়ে সময়ে সলনি হৈ থকা প্ৰান্তীয়তাৰ ‘অৱস্থান’ নিৰ্ণয়ৰ ৰাজনীতিৰ এক মনোগ্ৰাহী বিশ্লেষণ দেখা পোৱা যায়। ৰংঘৰৰ বাকৰিত মহৰমৰ তামাচাত ভাটি দেশৰ ‘মান’ৰ হাতত প্ৰাণ হেৰুওৱা তাজিয়া নেখেলা ‘সোণটি গৰীয়া’ৰ কাহিনীৰে ইছলাম ধৰ্মলৈ অহা নতুন ধৰ্মীয় উপাদানৰ আলমত হোৱা বিভাজন তথা আন ফৈদৰ সৈতে হোৱা সংঘাতৰ যোগেদি ধৰ্মীয় বিশ্বাসৰ নতুন সোঁতত কিদৰে পুৰণি ঐতিহ্যৰ ঠাইত গোড়ামি আৰু উন্মত্ততাৰ প্ৰদৰ্শন সূচনা হয়, তাৰে এক সাৱলীল বৰ্ণনা দেখা যায়। প্ৰান্তীয় অৱস্থানৰ পৰা শিৱসাগৰৰ গৰীয়া মুছলমানৰ এনে অতীত বীক্ষণ একে সময়তে আন আন ধৰ্মৰো মেৰুকৰণৰ ৰাজনীতিয়ে সলাই পেলোৱা সমীকৰণৰ প্ৰতিভূ। কেৱল সোণটি গৰীয়া বা হাইদৰ আলীয়েই নহয়, ভগনীয়া জীৱন কটোৱা পমুৱা মুছলমান চুলতানহঁতৰ প্ৰাত্যহিক জীৱনৰ যন্ত্ৰণা তথা সন্দেহজনক বাংলাদেশী খেদা সাময়িক অভিযানৰ ফলত ন্যূনতম স্বাস্থ্য সেৱাৰ সুবিধাৰ বাবে হাহাকাৰ কৰিবলগীয়া হোৱা গৰ্ভৱতী মাতৃৰ কঠিন প্ৰসৱকালৰ কাহিনীৰে ‘ৰাগ কেদাৰ’ৰ দৰে গল্পই এইচাম প্ৰান্তীয় মানুহৰ ঠিকনাবিহীন অস্তিত্বৰ আঁৰৰ ৰাজনৈতিক পটভূমিও উদঙাই দেখুৱাইছে। খাটনিয়াৰৰ গল্পৰ প্ৰান্তীয় বিষয়ীৰ [ ৩৩ ] পৰিসীমা কেৱল ভৌগোলিক অসমৰ ৰাজনৈতিক জীৱন সংগ্ৰামৰ কাঠিন্যই পিষ্ট কৰা মাপুয়িৰ দৰে গাভৰুৰ অসফল প্ৰেমৰ কাহিনীৰ বৰ্ণনাৰে ৰচিত ‘মিজোজাই’ৰ দৰে গল্পই ঠাই নিৰ্বিশেষে অস্তিত্ব ৰক্ষাৰ সংগ্ৰামে ধুৱাই নিয়া নিপীড়িত নিম্নবৰ্গীয় লোকৰ প্ৰান্তীয়কৰণৰ একেধৰ্মী নেৰেটিভ বুজি উঠাত বিশেষ ভূমিকা পালন কৰিছে। এনেসমূহ গল্পতে মুখ্যতঃ ৰাষ্ট্ৰ তথা ৰাষ্ট্ৰবিৰোধী উন্মেষণৰ অহৰহ সংঘাত তথা ইয়াৰ পৰৱৰ্তী উত্থানৰ ধাৰাই কঢ়িয়াই অনা ন ন বিচাৰ ব্যৱস্থাৰ প্ৰক্ৰিয়াত প্ৰায় অলাগতিয়াল হৈ পৰা শূন্যবোধ আৰু মানৱীয় সম্পৰ্কৰ ক্ষীণ উপস্থিতি প্ৰান্তীয় বিষয়ৰ মাজেৰে পুনৰোজ্জীৱিত কৰি তোলাৰ প্ৰয়াস দেখা যায়। এক নিজস্ব ভাষা চয়ন আৰু শৈলীৰ প্ৰয়োগেৰে বিপুল খাটনিয়াৰে প্ৰান্তীয় মনস্তত্ব কেৱল পাঠকৰ আগত উন্মোচন কৰাই নহয়, এনে অৱস্থান নিৰ্মাণৰ সুদীৰ্ঘ সামাজিক ইতিহাসৰ জটিল পাকলগা স্বৰূপ যে সহজে এৰাব নোৱাৰাকৈ প্ৰত্যেক সামাজিক সত্তাৰে সৈতে কপকপীয়াকৈ বান্ধ খাই আছে, সেয়াও উপলব্ধি কৰোৱায়। সামাজিক চেতনাৰ এনে গভীৰ পৰ্যবেক্ষণ আৰু একে সময়তে ইয়াৰ বৈপৰীত্যৰ প্ৰতি সচেতন হৈ প্ৰান্তীয়তাৰ প্ৰসংগৰ বহুমাত্ৰিক ৰূপ বিশ্লেষণ কৰা এনে গল্পসমূহ শ্লোগানধৰ্মী হ’বলৈ নিদিয়াকৈ নিয়ন্ত্ৰণত ৰখাটো গল্পকাৰ হিচাপে বিপুল খাটনিয়াৰৰ অন্যতম সফলতা।❐

(লেখক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক) [ ৩৪ ]

ভিন্ন জীৱন ভিন্ন কথকতা

প্ৰাঞ্জল শৰ্মা বশিষ্ঠ

ভিন্ন জীৱন ভিন্ন কথকতা বুলি বিপুল খাটনিয়াৰৰ কিতাপ এখন আছে। তাৰ কোনোটো গল্পৰে নাম ‘ভিন্ন জীৱন ভিন্ন কথকতা’ নহয়। তেওঁৰ গল্পবোৰে একেলগে মনত পেলোৱা সাঁচেৰেই কিতাপখনৰ নাম। তেওঁ নিজৰ গল্পৰ বিষয়ে অলপ কৈছে, যেনে কিতাপবোৰৰ এপিঠীয়া-ড্ৰেৰপিঠীয়া পাতনিবোৰত। তথাপি সেইবোৰ দীঘল, ‘ভিন্ন জীৱন ভিন্ন কথকতা’ শব্দ চাৰিটাৰ তুলনাত। ক’বলৈ গ’লে এইকেইটা শব্দ গল্পবোৰৰ ৰেহ-ৰূপ সন্দৰ্ভত আটাইতকৈ চুটি অথচ আটাইতকৈ কথকী বিৱৰণ। খাটনিয়াৰে উত্তৰ-পূৰ্বাঞ্চলৰ চমকা-চমক জনজীৱনৰ কথা-মালিকা গাঁথি গৈছে৷ জীৱন বিচিত্ৰ, কথা অলেখ, দৃষ্টিকোণ ন ন আৰু সেই অনুসাৰে কথন ভিন্ন। ভাবাদৰ্শগত স্থিতিৰ কিন্তু ইফাল-সিফাল নাই। সময় পাৰ হৈছে, জনগাঁথনিৰ হৈছে হেৰ-ফেৰ, সমাজ সলনি হৈছে, ইতিহাস বদলিছে, বহু কথা হৈ ৰৈছে অকথিত — কিন্তু মানুহৰ সমাজজাত বেদনাবোৰ কোনোকালে শেষ হোৱা নাই, মনো-সামাজিক বাতাবৰণ জটিল হৈছে দিনে দিনে। খাটনিয়াৰে সেইবোৰ দেখুৱাইছে সেইবোৰ শেষ হোৱাৰ, সৰল হোৱাৰ কামনাৰে। সমাজ-বিপ্লৱৰ বতাহে ফুওৱা সেইকামনাৰ শিখাই তেওঁৰ বিচিত্ৰ ছবিবোৰক এক পবিত্ৰ ভালপোৱাৰে পোহৰাইৰাখিছে। তাকে দেখি তেওঁৰ চহকী প্ৰকাশভংগীৰে এই লেখাৰ নাম দিয়া গৈছে— লেখাটো কেৱল এখন কিতাপৰে আলোচনা নোহোৱা সত্বেও।

 কথাৰে খুন্দ খাই আছে খাটনিয়াৰৰ গল্পবোৰ। সেইবোৰৰ ঘনত্ব কেতিয়াবা দেবেন্দ্ৰনাথ আচাৰ্যৰ অন্য যুগ অন্য পুৰুষৰ ঘনত্বৰে তুল্য। আচাৰ্যৰ এই চুটি উপন্যাসখন অসমীয়া জাতিটোৰ অতীতৰ ধান-ধনৰ খোটালি-টোম; শেষত লগোৱা দুটামান দফাৰ চাৰি-আঙুল জোখৰ ঢাকোনখন মাথোন উত্তৰ-ঔপনিৱেশিক লেখকে আয়ত্ত কৰা প্ৰতি-ঔপনিৱেশিক জাতীয়তাবাদৰ। অৱশ্যে সেই জাতীয়তাবাদেহে লেখকক ধান-ধনখিনি ভাগে ভাগে আতোলতোলকৈ সাঁচিবলৈ-সজাবলৈ দিছে। [ ৩৫ ] খাটনিয়াৰৰ ‘শিহু’ গল্পও কথাৰে ঘন। তাত কালিকা পুৰাণৰ পাছৰ এহেজাৰ বছৰৰ বৈষ্ণৱ ধৰ্মকেন্দ্ৰিক সাংস্কৃতিক আৰু “প্ৰজাৰ মূৰত টঙনিয়াই ঘিউ সংগ্ৰহ কৰা” (ঘৰিয়ালডাঙাৰ কথা, পৃ. ২২) কাৰ্যাৱলীৰ অসাংস্কৃতিক ইতিহাসে ধূপৰ ধোঁৱাৰ দৰে কুণ্ডলী পকাইছে কেশৱৰাই-সেৱী নীলাম্বৰ ভট্টাচাৰ্যৰ চেতনাত। ‘নেজতে পাকঘূৰণি’ও খাইছে গল্পটোৱে। একেবাৰে শেষত আৰম্ভণিৰ বালকৃষ্ণৰ ভ্ৰম-মূৰ্তিয়ে পৌত্ৰ-কামনাৰ প্ৰসংগ তৰি প্ৰগতিশীল মতাৱলম্বী, প্ৰজাপন্থী কথকক পুৰুষ-প্ৰধান সমাজৰ লগতে ব্ৰাহ্মণ্য ধৰ্মাচাৰক এখুন্দা দিয়াৰ সুবিধা দিছে—

“পাছে চাকৰি হ’ল, ‘ছাগালীয়া কুঠি’ৰ কৃপাত সামান্য আয়াসতে বৰপোনাৰ
ঘৰ-দুৱাৰ, সা-সম্পত্তি হ’ল; কিন্তু বংশ ৰক্ষা নপৰিলে আৰু মনৰ শান্তি
ক’ত? বোৱাৰী ঘৰ সুমুৱা সাত কি আঠ বছৰেইতো পাৰ হ’ল।... চকু
মুদাৰ পিচতো তেওঁৰ সন্মুখত ভাহি উঠিছে, শ্যাম কলেৱৰ, কণ্ঠত কৌস্তুভ-
মণি, অজানু লম্বিত হাত; এটি অদ্ভুত বালকৰ ছবি।” (পৃ. ২২)
 “ফেৰীখনৰ কোনোবা এচুকত যোৱাৰ সময়ত দেখা পোৱা, শ্যাম
বৰণীয়া সেই অদ্ভুত শিশুটিক পুনৰ দেখা পায়নেকি খুঁটিয়াই খুঁটিয়াই চাবলৈ
ধৰিলে নীলাম্বৰ ভট্টাচাৰ্যই; নাই, এই ওভোতনি যাত্ৰাত শিশুসহ কোনো
মহিলায়েই তেওঁৰ চকুত নপৰিল।” (পৃ. ২২)

 গল্পটোৰ ভাষাৰ ঠাঁচ যদিও আধুনিক, তাত পৰিছে বৈষ্ণৱ পৰিমণ্ডলৰ অনুকূলে দিয়া সংস্কৃত আৰু মধ্যযুগীয় অসমীয়াৰ সাঁচ। সেই ভাষা, লগতে কথকৰ সন্দিগ্ধতা আৰু ভট্টাচাৰ্য চৰিত্ৰৰ সপোন-আৱেশ মামণি ৰয়চম গোস্বামীৰ কিছুমান বৰ্ণনাৰে ৰজিতা খোৱা ধৰণৰ—

“সুদূৰ অতীতত বৰনদী পাৰ হৈ ধনশিৰি ভৰলুৰো উত্তৰৰ বিশ্বনাথলৈকে
ৰাজ্য বঢ়োৱা ৰজা প্ৰতাপ সিংহই ভৰা ব্ৰহ্মপুত্ৰৰ বুকুত ভুঁৰ বান্ধি উটুৱাই
দিছে গৰ্ভৱতী পত্নী চন্দ্ৰপ্ৰভাক। সেই ভুঁৰ আহি লাগিছেহি নীলাচনৰ
নামনিত। সেই চন্দ্ৰপ্ৰভাৰ গৰ্ভজ সন্তানেইতো আৰিমত্ত; আঁৰি মাছৰ দৰে
মুখ— সেয়ে আৰিমত্ত।
 ইতিহাস নে কিম্বদন্তি?
 ফেৰীত আহি বহিলেই নীলাম্বৰ ভট্টাচাৰ্য সদায়ে আনমনা হৈ পৰে।
(পৃ. ১৩)”

 ‘শিহু’ৰ বিপৰীতে, ‘সোণটি গৰীয়া’ আৰু ‘ঘঁৰিয়ালডাঙাৰ কথা’ গল্পৰ কেইবাটাও চৰিত্ৰ মুছলমান। সোণটি গৰীয়া, হায়দৰ আলী, খাদেম হাজৰিকা, চৈফুদ্দিন বৰা আদি দিখৌপৰীয়া; বিপৰীতে জামালউদ্দিন ছিদ্দিকিৰ ঘৰ ধুবুৰীৰ ঘঁৰিয়ালডাঙাত। সেয়ে দুয়োটা গল্পৰে, বিশেষকৈ প্ৰথমটোৰ সাম্প্ৰদায়িক সম্প্ৰীতিৰ পৰিমণ্ডলৰ [ ৩৬ ] চিত্ৰণত— সংলাপ আৰু বৃত্তান্ত উভয়তে— ‘যাৱনিক’ শব্দই ঠাই পোৱাৰ উপৰি ঠাই সাপেক্ষ ঔপভাষিক পাৰ্থক্যও ৰক্ষিত হৈছে। প্ৰথমটো গল্পত কৌটিকলীয়া সম্প্ৰীতিৰ উত্তমোত্তম চানেকি জিলিকি আছে কুৰুক্ষেত্ৰ আৰু কাৰবালাৰ সাদৃশ্য উন্মোচনত (পৃ. ১৩; অন্তৰ্দৃষ্টিৰ বাবে মনোলোভা হ’লেও দৈৰ্ঘ্যৰ বাবে সেয়া উদ্ধৃতিৰ অতীত) আৰু “হেন্দু-গৰীয়া”ৰ ভেদহীন সমাৱেশত—

“খবৰ আগতেই প্ৰচাৰ হৈ গৈছে। আনকি কালুগাঁও হৈ নামতি চাৰিআলি
আৰু সোমদাৰ, ম’ৰাবজাৰৰ পৰাও হেন্দু-গৰীয়া আটায়ে ৰং চাবলৈ ভাগি-
ভৰি আহিছে; মহৰম নহয় যেন তাহানি দিনৰ ভোগালী-ৰঙালীৰ ৰং-
তামাচাহে। (পৃ. ৪৯)”

 ‘ঘঁৰিয়ালডাঙাৰ কথা’ গল্পটোত সেই সাতামপুৰুষীয়া আন্তঃ-গোষ্ঠীগত সম্প্ৰীতি আৰু অন্তঃ-গোষ্ঠীগত প্ৰশান্তি বিঘ্নিত হৈছে। “দাংগা বিধ্বস্ত বড়োসকলে বড়ো আৰু মুছলমানসকলে মুছলমান আশ্ৰয় শিবিৰলৈ ঢাপলি মেলিছে” (পৃ. ১৮৮); আনকি কিছুসংখ্যক লোকে “দেশী মান্‌ষী” (পৃ. ১৯১)ৰ ৰাজনৈতিক আৱেগেৰে নতুনকৈ পৰা চৰত বহা ভাটীয়াক শতৰু শালিছে, “মুছলমান হৈ মুছলমানৰ বাৰী- বস্তিত জুই” (পৃ. ১৮৮) দিছে। লক্ষণীয়ভাৱে, এনেবোৰ গল্পৰ ভাষা-সংশ্লেষণত ‘শিহু’ত থকা শ্লেষৰ ভাবটো নাই। খাটনিয়াৰে পক্ষ লৈছে, প্ৰগতিশীল চেতনাৰ আধাৰত সাধাৰণ অথবা যিকোনো উৎপীড়িত সংখ্যালঘু গোষ্ঠীৰ পক্ষ— “মৰিছেতো সব নিৰ্দোষী গৰীব মানুহ!” (পৃ. ১৮৮)। তেওঁ বিৰোধিতা কৰিছে আধিপত্যৰ— ‘শিহু’ গল্পত ব্ৰাহ্মণ্য আধিপত্যৰ, ‘সখি’ (‘সখী’?) গল্পত সামন্ত আধিপত্যৰ।

 ‘সখি’ শেষ হৈছে বাচিক ইতিবাচকতাৰে—“হেমকান্তিৰ নামো আই গোঁসানীৰ নামে যায়। সখী নহয়নো কি!”(পৃ. ৩৬)। কিন্তু তাত নেতিৰ ব্যঞ্জনা আছে। নামটো একে বাবেহে আই গোঁসানীয়ে হেমকান্তিক সখী বুলিছে। এনেয়ে হেমকান্তিয়ে তেওঁৰ আগত আঁঠু ল’ব লাগে, চৰিয়াত পানী লৈ ভৰি ধুৱাই দিব লাগে। হেমকান্তিয়ে পেটৰ দায়ত কমলা দোকানীক শৰীৰৰ সিধা দিছে। কমলা ধনপতিৰ চাৱনিত যৌন- শোষণৰ, কথাত আৰ্থিক শোষণৰ স্পষ্টতা— “চকুত শগুনৰ চাৱনি, পাৰিলে যেন কুৰুকি কুৰুকি বুকুৰ আগ মঙহকে বাঁকুহি খায়”; “গুটিখিনি গুটি ভাগে আৰু বাকীখিনি ডাঙৰিৰ হিচাপত দিলেই হ’ব। কাতি নেউলী ধানৰ আৰু কি এনে দামটো!” (পৃ. ৩০)। ‘ঘঁৰিয়ালডাঙাৰ কথা’ গল্পৰো শেষত দেখা যায় শ্লেষাত্মক ইতিবাচকতা। সাম্প্ৰদায়িক সংঘৰ্ষৰ পাছত জামালউদ্দিন ছিদ্দিকিৰ পুৰণি অথচ প্ৰাণহীন, শ্লেষময় অতিৰঞ্জনৰ ধেমালি— “বিঘেত বিশ-বাইশ মোন হৱাৰ কথা। কি বা হয়!” (পৃ. ১৯২) [ ৩৭ ]

 ‘শিহু’ আৰু ‘ঘঁৰিয়ালডাঙাৰ কথা’কে ধৰি খাটনিয়াৰৰ প্ৰায়বোৰ গল্পতে একোখণ্ড ঠাই “ব্ৰক্ষ্মাণ্ডৰ ক্ষুদ্ৰ তাঙৰণ” হৈ উঠিছে। কোৱা হৈছে যে তেওঁ ভূতত্ত্ব বিজ্ঞানৰ ছাত্ৰ আছিল আৰু অসম চৰকাৰৰ ভূতত্ব আৰু খনি বিভাগৰ কৰ্মচাৰী হিচাপে তেওঁ অসমৰ বিভিন্ন ঠাই নিকটভাৱে প্ৰত্যক্ষ কৰাৰ সুবিধা পাইছিল। হাৱা ভাল চলা নাই নামৰ কিতাপৰ ‘গল্পকাৰৰ একাষাৰ’ত তেওঁ তেনে অভিজ্ঞতাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত কৈছে—

“অধ্যয়নে লেখক এজনক সমৃদ্ধহে কৰে; কিন্তু সৃষ্টিৰ বাবে লাগে প্ৰচুৰ
অভিজ্ঞতা। গল্প সাহিত্যৰ ক্ষেত্ৰত এই কথা যেন নিষ্ঠুৰভাৱে সত্য; কিয়নো
বিবিধতা অৰ্থাৎ বিষয়বস্তু আৰু প্ৰকাশভংগী নিৰ্বাচনৰ বৈচিত্ৰ্যইহে সৃষ্টিৰ
ধাৰাবাহিকতা ৰক্ষা কৰা লেখক এজনৰ একমাত্ৰ সঁচাৰ-কাঠী।” (হাৱা
ভাল চলা নাই; পৃ. ৭)”

 ভূতাত্ত্বিক আৰু নৃতাত্ত্বিক পৰ্যৱেক্ষণে দিয়া “প্ৰচুৰ অভিজ্ঞতা’ইহে যে খাটনিয়াৰক বিবিধ ঠাইৰ বিচিত্ৰ বিষয়বস্তু বাছি লোৱাৰ বাবে সমৰ্থ কৰি তুলিছিল, তাত সন্দেহ নাই। পিছে “প্ৰচুৰ অভিজ্ঞতা”ও সৃষ্টিধৰ্মী লেখক এগৰাকীৰ বাবে পৰ্যাপ্ত নহয়। জন্মগত প্ৰতিভা, সংবেদনশীলতা, সহমৰ্মিতা ইত্যাদি লেখক এগৰাকীৰ বাবে অতি আৱশ্যকীয় গুণ। যুগে যুগে অসংখ্য শ্ৰমিকে শ্ৰম আৰু শোষণৰ অভিজ্ঞতা লাভ কৰিছে; কিন্তু তেওঁলোকৰ একাংশইহে কেৱল অভিজ্ঞতাক সাহিত্য-কলালৈ ৰূপান্তৰিত কৰিব পাৰিছে। আকৌ, বহু লেখকে শ্ৰম আৰু শোষণৰ নিজা অভিজ্ঞতা নথকা সত্ত্বেও সহমৰ্মিতাৰ গুণে সেয়া আন্দাজ কৰি আয়ত্ত কৰিব পাৰিছে। তেনেদৰে, নাৰীবাদী সমালোচনাৰ এটা ভাগ হৈছে gynocriticism বা নাৰী-সমালোচনা, যিয়ে পুৰুষতান্ত্ৰিকতাৰ বিৰুদ্ধে প্ৰতিবাদ নকৰে কিন্তু নাৰী-অভিজ্ঞতাসমূহ উজলাই তুলি ধৰে। নাৰীৰ কথা নাৰীয়েহে ভালদৰে ক’ব পাৰে – এয়ে নাৰী-সমালোচনাৰ প্ৰাথমিক ধাৰণা। এই ধাৰণা অনুযায়ী নাৰী সম্পৰ্কে নাৰীবাদ-পন্থী পুৰুষৰ লেখাৰাজিৰ বিশেষ গুৰুত্ব নাই। তথাপি, নাৰীত্বৰ প্ৰত্যক্ষ অভিজ্ঞতা অবিহনেও, কেৱল অনুমানৰ ভিত্তিত হ’লেও নাৰীবাদ-পন্থী কিছুসংখ্যক পুৰুষ লেখকে নাৰী সম্পৰ্কীয় কিছুমান দিশ বুকুত লগাকৈয়ে তুলি ধৰিব পাৰিছে। ভবেন্দ্ৰ নাথ শইকীয়াই বিয়াৰ বয়স পাৰ হৈ যোৱা নাৰীৰ নিঃসংগতা আৰু যৌন-আকাংক্ষা আৰু স্বামীৰ এলাগী হোৱা নাৰীৰ মৰ্মবেদনা যেনে সূক্ষ্মদৰ্শিতাৰে তুলি ধৰিছে, বহু নাৰীয়ে সেইবোৰ কথা তেনেদৰে তুলি ধৰিব পৰা নাই। সেয়েহে বুজা যায় যে আনৰ অভিজ্ঞতা প্ৰতিভা- সংবেদনশীলতা-সহমৰ্মিতাৰে আয়ত্ত কৰি আপোন অভিজ্ঞতালৈ ৰূপান্তৰিত কৰিব পৰাটো মহৎ লেখকৰ সৃষ্টিৰ এটা নিৰ্ণায়ক দিশ। [ ৩৮ ]

 বিপুল খাটনিয়াৰ এনে জন্মগত সক্ষমতাৰে সমৃদ্ধ আছিল, নহ'লে অসমৰ বিভিন্ন ঠাইৰ নানান অৱদমিত জনগোষ্ঠীৰ ৰাজনীতি-জনিত আৰু ৰাজনীতি-জড়িত সমস্যাসমূহ তেওঁৰ বাবে কেৱল তথ্য হৈ থাকিলহেঁতেন। সেইবোৰ হৃদয়েৰে উপলব্ধি কৰি, প্ৰগতিশীল দৰ্শনৰ আতচী কাচেৰে পৰীক্ষা কৰি, অৱদমিতৰ সপক্ষে আৰু আধিপত্যশালীৰ বিৰুদ্ধে নিৰৱচ্ছিন্নভাৱে মাত মাতি যাব পৰাটো ৰাজনৈতিক লেখক হিচাপে তেওঁৰ বিশেষ কৃতি। ৰাজনৈতিক লেখক হিচাপেই তেওঁ বিভিন্ন গল্পত দেশ বিভাজন, গোষ্ঠীগত পৃথকীকৰণ, ধৰ্মীয় মেৰুকৰণ, সাম্প্ৰদায়িক সংঘৰ্ষ, মূল্যবোধৰ অৱক্ষয়, অসম চুক্তি ৰূপায়ণৰ ব্যৰ্থতা, দুৰ্নীতি-ভ্ৰষ্টাচাৰ, বহুজাতিক কোম্পানীৰ আগ্ৰাসন আদি বিভিন্ন বিষয় বিশ্লেষণ কৰি চাইছে আৰু সম্ভৱ স্থলত প্ৰচুৰ ব্যংগৰ সংযোগ ঘটাইছে।

 খাটনিয়াৰৰ দৃষ্টি পিছে কেৱল অসমতে আবদ্ধ নহয়৷ কেইবাটাও গল্পত তেওঁ উত্তৰ-পূৰ্বাঞ্চলৰ অন্য ৰাজ্যসমূহৰ পিনে দৃষ্টি দিছে, যেনে ‘মিজোজাই’ত মিজোৰামৰ পিনে, ‘দখাৰ’ত মেঘালয়ৰ পিনে। কেতবোৰ গল্পত বাংলাদেশৰ জন্মৰ প্ৰসংগ পুনৰাবৃত্ত হৈছে জনগাঁথনিৰ পৰিৱৰ্তনৰ প্ৰেক্ষাপটত। ‘সীমান্ত পথৰ গল্প’ত আন্তঃ- ৰাষ্ট্ৰীয় প্ৰসংগই ঠাই পাইছে। দেশৰ সীমা যে অমিতাভ ঘোষে The Shadow Lines উপন্যাসত কোৱাৰ দৰে কিছুমান ছায়াৰেখাহে, সেইবোৰে যে হৃদয়বোৰ ফাল ফাল কৰি পেলালে, আৰু সেইবোৰৰ ইপাৰ-সিপাৰ যে একেই মানৱীয় অনুভূতিৰে পাৰ ওপচা হৈ আছে, তাকে তাত দেখুওৱা হৈছে—

“পথৰ গাতে লগা ঘৰ ভৱমোহনৰ। লগা মানে আৰু কি? ৰাস্তা যেতিয়া
পোনালে, ভৱমোহনৰ গা-ধোৱা ঘৰ আৰু আৰু ৰান্ধনিশাল পৰিল সিপাৰে,
এইপাৰে ৰ'ল চ’ৰাঘৰ আৰু শোৱনিকোঠা। চেতালখন হ’ল মাজে মাজে
দুফাল?
 ভৱমোহনৰ হৃদয়খনো যেন পথটোৱে কুঠাৰৰ ঘাপৰ দৰে ঘপিয়াই
দুচেও কৰিলে, এফাল সিফালে, এফাল ইফালে।” (ভিন্ন জীৱন ভিন্ন
কথকতা, পৃ. ১৬৩)

 ভূতত্ত্ব-নৃতত্ত্ব-ৰাজনীতিৰ বাহিৰেও ইতিহাস খাটনিয়াৰৰ বিশেষ অস্ত্ৰ। সেই অস্ত্ৰ কেতিয়াবা ৰাজনৈতিক অৱস্থা নিয়াৰিকৈ চালি-জাৰি চোৱাৰ উদ্দেশ্যত আৰু কেতিয়াবা শাণিত প্ৰতিপাদ্য হিচাপে ব্যৱহৃত। কিছুমান গল্পত, যেনে ‘গঁৰাল’ত ইতিহাস তিমানকৈ নাই। ‘গঁৰাল’ এটা ব্যংগ গল্প— য’ত বিদেশত কোম্পানীত কাম কৰা ল’ৰা এটাই কেইবা বছৰৰ মূৰত অসমৰ গাঁৱৰ ঘৰলৈ উভতি আহি পেট পেলাই শুইছে। শিৰোনামৰ যোগেদি প্ৰকাশ কৰা ব্যংগ কোম্পানীৰ ব্যস্তময় জান্তৱ জীৱনৰ প্ৰতি। [ ৩৯ ]

 ওপৰত বিপুল খাটনিয়াৰে কিছুমান গল্পত অমুকটো কৰিছে, তমুকটো দেখুৱাইছে—এনেদৰে কথাবোৰ সৰল কৰি কোৱা হৈছে। পিছে খাটনিয়াৰৰ গল্পবোৰ অনায়াসে পঢ়িলে সেইবোৰৰ কাহিনী বা প্ৰতিপাদ্য বিষয় বৰ সহজে বুজিব পৰা নাযায়৷ একোটা কথা তেওঁ কিছুমান অনুষংগৰ সহায়ত কয়। মনোসংযোগ অবিহনে সেয়ে কথাবোৰ মনত ধৰি ৰাখিব নোৱাৰি। ‘সখি’ গল্পতে তেনে এটা দৃশ্য আছে। ৰঘু সৰু ল’ৰা, পঢ়ি থাকোঁতে তাৰ টোপনি ধৰিছে—কথাটো পোনপটীয়াকৈ কোৱাৰ সলনি বৰ্ণনা কৰা হৈছে এনেদৰে—

“নিশা পূৰ্ণৰ বৰ নেওতাখন ৰঘুৱে বাৰে বাৰে আওৰাই, বাৰে বাৰে আহি
ৰৈ যায় বিশং ঊনৈশঙত। বিশং বিশং— চাৰিশ, পাচে বিশং ঊনৈশং?
 ইফালে বৰশীৰ পুঙাটো ডুবিছে, পুনৰ পথালি ওপঙা দিছে, জপক্
জপক্।
 ...উঠি আহি চাই হেমকান্তি নিশ্চিত হ’ল, কুঁহিলাৰ পুঙাটো
পানীকলাৰ মাজেৰে হুৰহুৰকৈ সোমাই গৈছে আৰু ভোকাতুৰ তোৰা মাছ
এজনীয়ে যেন টোপটো বোকাৰ তললৈ আঁজুৰি নিছে।” (ঘঁৰিয়ালডাঙাৰ
কথা, পৃ. ১৬৩)

 ঠিক এনে সময়তে খাটনিয়াৰৰ কথন বা বৃত্তান্তই জটিলতাৰ সৃষ্টি কৰে। তেওঁ কোৱা বেছিভাগ কাহিনী শীৰ্ণ; কেতিয়াবা কাহিনী বুলিবলৈ বিশেষ একো নাথাকেই। ‘সখি’ৰ আধাখিনি শেষ হয় গাঁৱৰ ৰাস্তাৰে ৰঘু ঘৰলৈ আহি থকাৰ বৰ্ণনাৰে। সেই বৰ্ণনাত ৰঘুতকৈ ৰঘুৰ চৌপাশৰ পৰিৱেশ, গাঁওখনৰ আৰ্থ-সামাজিক দিশ ইত্যাদিৰ প্ৰতি কথকৰ মনোযোগ বেছি— ঠিক হেনৰি জেইম্‌ছৰ উপন্যাসৰ বৰ্ণনাই পাৰিপাৰ্শ্বিকতাত বেছি গুৰুত্ব দিয়াৰ দৰে। নেৰেটোলজি বা কথন-বিজ্ঞানৰ তত্ত্ববিদ ৰোলাঁ বাৰ্থে এনে বৰ্ণনাক indexical বৰ্ণনা বুলিছে। ইয়াৰ বিপৰীতধৰ্মী বৰ্ণনা এবিধলৈকো তেওঁ আঙুলিয়াইছে— catalytic বোলা এইবিধ বৰ্ণনাত কথকে পাৰিপাৰ্শ্বিকতালৈ বিশেষ দৃষ্টি নিদি ঘটনা-বৰ্ণনাতে ব্যস্ত হয়। হেমিংৱেৰ উপন্যাসত এই ধৰণৰ বৰ্ণনা পোৱা যায়। খাটনিয়াৰৰ indexical বৰ্ণনাত সাংস্কৃতিক আৰু ৰাজনৈতিক ইতিহাসে ইমানকৈ গুৰুত্ব পায় যে বহু সময়ত কাহিনীৰ সলনি সেই ইতিহাসহে তেওঁৰ প্ৰতিপাদ্য বিষয় যেন লাগে। কেতিয়াবা আকৌ তেওঁ ঘটনাতকৈ বৰ্ণনা দীঘল কৰে— ৰঘুই হয়তো এক ছেকেণ্ডত ‘জপক্’ এটা মাৰিছে, কিন্তু তাৰ বৰ্ণনা দিওঁতে কথকে বেছি সময় লৈছে। ছেইমুৰ চেটমেন নামৰ কথন-বিজ্ঞানৰ তত্ত্ববিদ এগৰাকীয়ে এই ধৰণৰ বৰ্ণনাক stretch বুলিছে। এনেদৰে খাটনিয়াৰৰ কথন বা বৃত্তান্ত ভিন্নধৰ্মী— “বিষয়বস্তু”ৰ “বিবিধতা”ৰ গুণেই সেই বিভিন্নতা।❐

(লেখক গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক, কবি, গল্পকাৰ আৰু সাহিত্য সমালোচক) [ ৪০ ]

বিপুল খাটনিয়াৰৰ গল্প

লিপিমণি দত্ত

হাজাৰ বিজাৰ চৰিত্ৰ। প্ৰতিটো চৰিত্ৰই নিজৰ কথা কয়। সমাজৰ স্থিতাৱস্থাৰ কথা কয়। সমাজৰ পৰিৱৰ্তনৰ কথা কয়। কোনোবাটো চৰিত্ৰ পাটকাইৰ নামনিৰ, মুখত ৰ নুফুটা। সেই সজেই আহি গল্পত হৈ পৰিছে অনুপম। কোনোটো ৰহঢলাৰ, কোনোটো শলগুৰিৰ, কোনোটো দিখৌপাৰৰ। এই চৰিত্ৰসমূহে যিদৰে এটা স্থানৰ আঁতিগুৰি লৈ আহে, লগতে লৈ আহে সাংস্কৃতিক উপাদান, মুখৰ থলুৱা মাত। কোনোটো চৰিত্ৰ হৈ পৰে জাতত বিদেশী -- নিঃসংকোচে অশ্লীল গালি গালাজ কৰিব পাৰে –– ‘ইউ ফাকিং বাষ্টাৰ্ড’। তাৰ মাজতে বহুবছৰৰ পিছত অসমলৈ আহি মিঃ কাট্টালে যেতিয়া একো নভবাকৈয়ে পাঞ্জাৱৰ ডেকা আৰু অসমীয়া ডেকাৰ মানসিকতাৰ তুলনা কৰি দিয়ে, যেতিয়া খান্দি উলিওৱা খাৰুৱা তেলে পথাৰ নষ্ট কৰি থলগিৰিৰ ওপৰত শোষণ চলোৱাৰ কথা সকীয়াই দিয়ে, যেতিয়া শিৱানন্দই নীহকুলীয়া পাৰ্বতীৰ হাতেৰে এসাজ খাবলৈ মিনতি কৰি দিয়ে, তেনে মুহূৰ্তত সাৰৌপকৈ চেতনাৰ কোব এটা গল্প শুনি থকা বা পঢ়ি থকাজনৰ গাতো লাগেহি। মনাইবাৰী মেলত বিদেশী খেদাৰ আলচ চলাৰপৰা বিদেশলৈ গৈ ৰক্তিমৰ দৰে ডেকাবোৰে ৰাষ্ট্ৰবিৰোধী চিন্তাত চামিল হোৱাৰ বহু বিপৰীত বিচিত্ৰ ছবি এই চৰিত্ৰসমূহেই তুলি ধৰেহি।

 বিপুলায়তন পৃথিৱীৰ এনে বিপুল চৰিত্ৰৰ ভিন্নসুৰী কাহিনী প্ৰগতিশীলতাৰ জোলোঙাত বান্ধি লৈ ফুৰিছিল কাহিনীকাৰ বিপুল খাটনিয়াৰে। সমাজ-স্পন্দনৰ প্ৰতি সদা-উৎকৰ্ণ, চকু কাণ বিবেক সৰ্বদা সজাগ গল্পকাৰ বিপুল খাটনিয়াৰ। আদৰ্শবাদিতাৰ বিতচকুৰে পৰিস্থিতিৰ গভীৰতা টলকি চুম্বকীয় বাকশৈলীৰে গল্প পাগত তোলাত সিদ্ধহস্ত এই গল্পকাৰ। সত্তৰৰ দশকৰ পৰা গল্প লিখি অহা এইগৰাকী গল্পকাৰে নিৰ্দিষ্ট বিৰতিৰ অন্তৰে অন্তৰে গল্প লিখি ইখনৰ পিছত সিখন [ ৪১ ] বাছকবনীয়া গল্প সংকলন আগবঢ়াই আহিছিল। ‘খোজৰ শব্দ’ (১৯৮০); ‘চিনাকি মুখৰ ছবি’ (১৯৯৫); ‘দখাৰ’ (১৯৯৯); ‘তাই কাপোৰ নিপিন্ধে’(২০০২), ‘চিনাকি মুখ অচিনাকি ছবি’ (২০১০); ‘ভিন্ন জীৱন ভিন্ন কথকতা’ (২০১০); ‘ঘঁৰিয়ালডাঙাৰ কথা’ (২০১৬), আৰু ‘হাৱা ভাল চলা নাই’ (২০১৯) এই আটাইকেইখন সংকলন তেওঁৰ গল্প পৰিক্ৰমা।

 বিপুল খাটনিয়াৰৰ গল্পসমূহত সমাজৰ নিম্নবৰ্গীয় লোকৰ জীৱনৰ বাস্তৱতা, উচ্চ শ্ৰেণীৰ অহমিকা, শোষণ-নিপীড়ন, প্ৰতিবাদ, বামপন্থী চিন্তা-চেতনাৰ লগতে সাম্প্ৰতিক যুৱ মানসিকতা, সন্ত্ৰাসবাদীৰ সমস্যা, ৰাজনীতিৰ চলনাময় দিশ আদিৰো উন্মোচন ঘটিছে। বিপুল খাটনিয়াৰৰ গল্পৰ বিষয়বস্তু নিতান্তই সামাজিক। ব্যক্তিগত বোধ-অনুভূতিকো বিচাৰ কৰা হৈছে সামাজিক প্ৰেক্ষাৰে। গতিকে সমাজ-চেতনা গল্পসমূহৰ প্ৰধান সুৰ। সমাজৰ সূক্ষ্ম নিৰীক্ষণ আৰু অনুধাৱনৰ চেষ্টা গল্পৰ বৰ্ণনাৰ আঁহে আঁহে প্ৰতিফলিত হৈছে। অভিজ্ঞতা আৰু চিন্তাৰ পৰিপক্কতাৰ বাবে গল্পৰ বিষয়বস্তুও গভীৰ আৰু অৰ্থবহ হৈ ধৰা দিছে।

 বিপুল খাটনিয়াৰে তেওঁৰ গল্পসমূহত অসমীয়া সমাজৰ বিভিন্ন প্ৰান্তৰ মানুহৰ জীৱনধাৰাৰ লগতে ভাৰতৰো বিভিন্ন প্ৰান্তৰ মানুহৰ জীৱনধাৰাৰ চিত্ৰায়ণ ঘটাইছে। কাহিনী বৰ্ণনাৰ সমান্তৰালভাৱে তেওঁ পটভূমি হিচাপে সমাজ-সংস্কৃতি- ভাষাকে ধৰি চৰিত্ৰসমূহৰে সংলগ্ন সমগ্ৰ অঞ্চলটোকেই পাঠকৰ সন্মুখলৈ লৈ আহে। পঢ়ি গ'লে ভাব হয়, প্ৰতিটো গল্প তেওঁৰ ক্ষেত্ৰভিত্তিক অধ্যয়নৰ ফচল। গৱেষণা কৰ্মৰ পাদটীকাৰ দৰেই বহু গল্পত পাঠকৰ বাবে দুবোধ্য হোৱাৰ সম্ভাৱনা থকা শব্দ বা প্ৰসংগবোৰৰ অৰ্থ সংলগ্ন থাকে। ঐতিহাসিক অসম আন্দোলন তথা ইয়াৰ আশ-পাশৰ সময় তথা ঘটনা প্ৰৱাহৰ পটভূমিত ৰচনা কৰা ‘দখাৰ’ সংকলনখনৰ পাতনিত সন্নিৱিষ্ট নিৰুপমা বৰগোহাঞিৰ মন্তব্য এইখিনিতে উল্লেখ কৰিব পাৰি।

“তেওঁৰ গল্পবোৰত সমাজ সচেতনতা তীব্ৰভাৱে অনুভৱ হয়। সাধাৰণ
মানুহৰ প্ৰতি তেওঁৰ যি সহানুভূতি আৰু মৰম অন্তঃসলিলা ফল্গুৰ দৰে
অন্তৰত বৈ থাকে তাৰ বাস্তৱ চিত্ৰায়ণ প্ৰতিটো গল্পতে মূৰ্ত হৈ উঠে।
বিপুলৰ গল্পৰ আন এক প্ৰধান বৈশিষ্ট্য হ’ল যে তেওঁ কেৱল অসমৰ
মানুহক লৈয়ে গল্প লিখা নাই, ভাৰতৰ বিভিন্ন ঠাই আৰু সমগ্ৰ উত্তৰ
পূৰ্বাঞ্চলৰ মানুহেই তেওঁৰ গল্পত ঠাই পাইছে। সেইবোৰ ঠাইৰ পৰিৱেশ,
প্ৰকৃতি, জীৱন-প্ৰণালী সকলো তেওঁৰ গল্পবোৰত এনে জীৱন্ত ৰূপত
চিত্ৰিত হৈছে যে সেই ঠাইবোৰলৈ নগৈও তাৰ মানুহ আৰু জীৱনক যেন

[ ৪২ ]

একেবাৰে মুখামুখিকৈ লগ পাওঁ, সেইবোৰ কেৱল তেওঁৰ গল্পৰ কাল্পনিক
চৰিত্ৰ হৈ নাথাকি আমাৰ চকুৰ আগত একেবাৰে বাস্তৱৰূপত প্ৰতিভাত
হৈ উঠে।” (স্নেহ আশীৰ্বাদ/‘দখাৰ’)

 খাটনিয়াৰৰ গল্পৰ পটভূমি বিস্তৃত। মিজোৰামৰ শিলৰ কোৱেৰীৰপৰা প্ৰান্তীয় তথা চৰ অঞ্চলৰ জনজীৱনৰ আধাৰতো তেওঁৰ গল্পৰ কাহিনী বিবৃত হৈছে। সামাজিক বিষয়বস্তুক আধাৰ কৰি গল্প লিখা লোকৰ সংখ্যা বহু থাকিলেও খাটনিয়াৰৰ গল্পৰ সামাজিক পটভূমি আৰু কাহিনীৰ মটিফ কিছু সুকীয়া ধৰণৰ। কোনেও আলোকপাত নকৰা প্ৰসংগ কিছুমানক গল্পকাৰে পাদপ্ৰদীপলৈ আনিবলৈ সক্ষম হৈছে। অসম আন্দোলন, মাধ্যম আন্দোলনৰ সময়ত মৌন হৈ পৰা ইতিহাসৰ অধ্যায় যিদৰে ‘বোবা নদী সৰা ফুল’ত উন্মোচন ঘটিছে, একেদৰে বাংলাদেশীৰ নামত থলুৱাৰ ওপৰত চলা শোষণ-অত্যাচাৰৰ ছবিখন মৰ্মস্পৰ্শী হৈ উঠিছে ‘হাৰাণ কুণ্ডুৰ ঘৰ’ গল্পত। শ্ৰমজীৱী জনতাৰ সংগ্ৰামপিষ্ট জীৱনৰ ভিন্ন দিশ প্ৰকাশ পাইছে ‘বাণীকান্ত’, ‘মিজোজাই’ আদি গল্পত। ‘বহুৱা’ গল্পটোত গ্ৰাম্য নিৰক্ষৰতাৰ সুযোগ লৈ উচ্চবৰ্ণৰ লোকে দৰিদ্ৰ শ্ৰেণীৰ ওপৰত চলোৱা শোষণ, নিপীড়ন, যৌন মনস্তত্ত্ব, অপৰাধ চেতনা আদি দিশবোৰৰ প্ৰতিফলন ঘটিছে। সামাজিক আচাৰ- আচৰণ আদিবোৰো গল্পকাৰে ব্যঙ্গাত্মকভাৱে উপস্থাপন কৰিছে। উচ্চবৰ্ণৰ লোকৰ ভণ্ডামি, শোষণৰ ছবি গল্পটোত এনেদৰে প্ৰতিফলিত হৈছে—

“বগাই ভকতে সুধিলে, দেউ। এইখিনি পদ-শিলালৈ যাবনে?
ওৱা। কয় কি ভকত? পৰাচিত্ৰ ধন কেৱল দ্বিজ-ব্ৰাহ্মণৰ প্ৰাপ্য। নৰকীৰ
একাল যদি পুৰোহিতৰো একাল। গো-বধী পাতকীক পৰাচিত কৰা
বামুণে নিজেও পৰাচিত হ’ব লাগে। লেঠা, অনেক লেঠা। দেউৱে
আঙুলিৰে চোতালৰ ধূলিত কটা-কুটা কৰি কৰি ক'লে, এতিয়া আনবোৰ
নিদান শুনক।

 পৰাচিত কৰা বামুণক দিব লাগিব সুকীয়াকৈ দহ ধেনুৰ মূল্য,
অৰ্থাৎ পাঁচশ টকা। ব্ৰাহ্মণ ভোজন বা তাৰ সলনি মূল্য। তাৰ পিছত
থাকিল জ্ঞাতি ভোজন; জ্ঞাতি ভোজন মানে—গঞা-গিয়াতী যেনেকৈ
তুষ্ট হয়। ”... (“ভিন্ন জীৱন ভিন্ন কথকতা’, পৃ. ২০)

 ‘ঘঁৰিয়ালডাঙাৰ কথা’ত জনগোষ্ঠীয় বিক্ষোভে কোবাই যোৱা প্ৰান্তীয় অঞ্চলৰ অৱস্থা অতি প্ৰাণস্পৰ্শীকৈ বৰ্ণনা কৰিবলৈ সক্ষম হৈছে। বৰ্ণনাৰ বুদ্ধিদীপ্ততা, প্ৰতীকৰ প্ৰয়োগৰ ফলত গল্পটোৰ বিষয়বস্তুৱে অনন্য মাত্ৰা লাভ কৰিছে। ‘চাইনীজ বড়ো’ নামৰ সংকৰ ধানৰ বীজ জনগোষ্ঠীয় সমাহৰণৰ প্ৰতীক [ ৪৩ ] হিচাপে প্ৰয়োগ কৰি প্ৰখৰ বুদ্ধিদীপ্ততাৰে কথাবস্তু আগবঢ়াই নিয়া হৈছে। ‘দখাৰ’ সংকলনখনৰ ‘এৰাবাৰী’ গল্পত চুইজাৰলেণ্ডৰ ৱৰ্ল্ড বেংকৰ এডভাইজাৰ জাচেলকে ধৰি আন এজন উদ্যোগপতিক উত্তৰ কাছাৰ পাৰ্বত্য এলেকা দেখুৱাবলৈ নিয়া অসমৰ প্ৰতিনিধি প্ৰকাশ বৰুৱাৰ অভিজ্ঞতা গল্পটোত বৰ্ণিত হৈছে। অসমৰ চুকে-কোণে বিভিন্ন কাৰণত চান্দা সংগ্ৰহৰ প্ৰথা (!), অসমৰ বিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰত থকা সমস্যা, উগ্ৰপন্থী কাৰ্যকলাপৰ বাবে ৰাজ্যখনত উদ্যোগ স্থাপনৰ বাবে বিদেশী বিনিয়োগকাৰী আগবাঢ়ি নহা আদি দিশবোৰৰ প্ৰতিফলন ঘটিছে। ইয়াৰ সমান্তৰালকৈ বেংককত পতিতা বৃত্তিক পৰ্যটন হিচাপে লোৱাৰ পৰম্পৰা, পাশ্চাত্য মানসিকতা আৰু ভাৰতীয় মানসিকতাৰ তফাৎ আদিৰ যুক্তিসিদ্ধ, তথ্যনিৰ্ভৰ তথা কলাসুলভ ব্যাখ্যা গল্পটোত আগবঢ়োৱা হৈছে। তেওঁৰ অন্য এক উল্লেখযোগ্য গল্প ‘দখাৰ’ মেঘালয়ৰ পটভূমিত ৰচনা কৰা হৈছে। আ ‘‘কৈতাকুছিৰ চ’ক’ গল্পত ৰাজনীতিৰ চলনাৰ চিত্ৰ, ‘অৰণ্য আদিম'ত আৰণ্যক জীৱনৰ ৰোমাঞ্চকৰ অভিজ্ঞতাৰ কলাসুলভ বিৱৰণ আগবঢ়োৱা হৈছে। 'হাৱা ভাল চলা নাই’ গল্পটো আলফাই তিনিচুকীয়াৰ হিন্দীভাষীৰ ওপৰত কৰা আক্ৰমণৰ পৃষ্ঠভূমিত ৰচনা কৰা, কিন্তু কাহিনীৰ বিষয় বা উদ্দেশ্য আলফাৰ আক্ৰমণ নহয়। এই আক্ৰমণৰ পৃষ্ঠভূমিৰ সুযোগ লৈ এচাম ধুৰন্ধৰ ব্যৱসায়ীয়ে কিদৰে খাটিখোৱা বনুৱাৰ জীৱনক আওকাণ কৰি বেপাৰৰ জাল প্ৰসাৰিত কৰে, তাৰ চমকপ্ৰদ বৰ্ণনাৰে ৰসাল হৈ উঠিছে কাহিনীভাগ।

 অভিজ্ঞতা আৰু চিন্তাৰ পৰিপক্কতাৰ বাবে বিপুল খাটনিয়াৰৰ গল্পৰ বিষয়বস্তুও গভীৰ আৰু অৰ্থবহ। ‘গঁড়’ গল্পৰ প্ৰেক্ষাপটত আছে নিৰ্বাচনী ভেঁকোভাওনাখন। অনেক সপোন আৰু প্ৰতিশ্ৰুতিৰ জালত মোহাবিষ্ট কৰি আপং, পুৰাং, গাহৰিৰে সৰলমনা মিছিংসমাজক প্ৰলোভিত কৰাৰ বৃত্তান্ত গল্পটোৰ কেন্দ্ৰীয় বিষয়। নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ প্ৰহসন-প্ৰতাৰণা, সুবিধাভোগীৰ কৰ্মকাণ্ডৰ কিছু বৰ্ণনা এনেধৰণৰ—

প্ৰথম বছৰতে ৰাস্তা মেৰামতিৰ কাম আৰম্ভ হ'ল, শামুকৰ নিচিনাকৈ
আগবাঢ়ে, আকৌ থামে, থামিলেই কাষৰ গাঁৱৰ ডেকা একোটাই এটা
এডোখৰ ঠিকা-ঠুকলি পায়। ঝাউ কাটে, খাগৰি কাটে, নহ'লে নৰা বা
খেৰকে আনি পতিয়ে পতিয়ে পাৰি দিয়ে, আন নহ'লেও খৰালি ইখন
গাঁৱৰ পৰা সিখন গাঁৱলৈ পাতল গাড়ী-মটৰ এখনেই চলিল।
দুচকীয়াবোৰৰ কথাই নাই, ঠায়ে ঠায়ে পিচচকা বহি যায়, কিন্তু পিচত বহি
থকাটো নামি দিলেই ভোঁ ভোঁওত—এইবোৰকে দেখি-শুনি চকুৰে

[ ৪৪ ]

অলপ দূৰলৈকে দেখা গন্ধেশ্বৰ বৰ-বৰ্তাই এদিন গাঁওবুঢ়া মনেশ্বৰ
তাঃতক ক’লে, ‘বাওনা (ভাওনা) চাম বুলি কৈছিলি, চা এতিয়া, চাই
তাক।” (“ঘঁৰিয়ালডাঙাৰ কথা’,পৃ ১৪৭)

 বৰ্ণনাৰ সাৱলীলতা বিপুল খাটনিয়াৰৰ গল্পৰ অন্যতম সাৰ্থক দিশ। গল্পসমূহত পৰিস্থিতি, অঞ্চল, জনগোষ্ঠী অনুযায়ী ভাষায়ো ভিন্ন ৰূপ ধাৰণ কৰে। গ্ৰাম্য পৰিৱেশৰ গল্পত গ্ৰাম্যসমাজৰ পৰা হেৰাই যাব ধৰা ভাষিক ৰূপটো খাটনিয়াৰৰ কেইবাটাও গল্পই ধৰি ৰাখিছে। লোক জীৱনৰ মুখত খাপ খোৱা ভাষাই বিলুপ্তমুখী নিভাঁজ অসমীয়া শব্দবোৰ ধৰি ৰাখিবলৈ সক্ষম হৈছে। ‘এতিয়া’-ৰ ঠাইত ‘এথোন’, ব’ল যাওঁৰ ঠাইত ‘বৈ যাওঁ” আদি ভাষাৰ ৰূপগত বৈশিষ্ট্যই গল্পৰ পৰিৱেশ জীৱন্ত কৰি তোলাত অৰিহণা যোগাইছে। বুৰঞ্জীৰ ভাষাৰ দৰে বহুকেইটা গল্পত ‘পাচে’ শব্দৰে বাক্যৰে আৰম্ভণি ঘটিছে। গ্ৰাম্য বৰ্বৰ (slang) ভাষাও চৰিত্ৰ উপযোগীকৈ ঠায়ে ঠায়ে প্ৰয়োগ কৰা হৈছে। কোনোটো গল্পত যদি নামনি অসমৰ ভাষাৰ ৰূপগত ভিন্নতা চৰিত্ৰসমূহৰ সংলাপে প্ৰকট কৰোৱাইছে, আন কোনোটো গল্পত উজনিৰ দিখৌপৰীয়া জনগোষ্ঠীৰ কথোপকথনকো খাটনিয়াৰৰ গল্পই ধৰি ৰাখিছে। কাৰ্বি-বড়ো-আদিবাসী সকলো জনগোষ্ঠীৰ ভাষিক উপাদান, কথোপকথনৰ নমুনা যথোপচিতভাৱে প্ৰয়োগ হৈছে বিপুল খাটনিয়াৰৰ গল্পত।

 কোনোটো গল্পত হিন্দীভাষী সমাজখনৰ যদি পৰিৱেশ দেখুৱা হৈছে, তেন্তে চৰিত্ৰসমূহৰ ভাষাত হিন্দীভাষীসকলে ব্যবহাৰ কৰা শব্দ, যদি মুছলমান সংখ্যালঘু সমাজৰ চৰিত্ৰৰ কথা কয়, তেন্তে তাত ইছলামিক শব্দৰ সাৱলীল প্ৰয়োগ দেখা গৈছে৷ ইয়াৰ ফলত চৰিত্ৰ আৰু সমাজখনৰ সৈতে পাঠক একাত্ম হোৱাৰ অৱকাশ থাকে। অসমৰ থলুৱা জনজীৱনৰ ভাষা অধ্যয়নৰ ক্ষেত্ৰত খাটনিয়াৰৰ বহুকেইটা গল্প সাহিত্যিক সমল হৈ পৰাৰ থল আছে।

 ঐতিহ্য-প্ৰীতি, পৰম্পৰাৰ দ্বন্দ্ব তেওঁৰ কেইবাটাও গল্পৰ সাধাৰণ বিশেষত্ব হৈ ধৰা দিছে। ‘শিহু’ গল্পটোৰ আৰম্ভণিতে দেখা গৈছে—‘লুইতৰ বুকুত গোটেই শিহু কিন্তু গল্পটোৰ সমাপ্তিত ‘ক্ৰমাৎ অন্ত পাবৰ উপক্ৰম ঘটা ‘অসমীয়া ডলফিন’ এটাই টুপাই বুৰ মাৰিছে’। এই শিহুটো ধৰ্মীয় মূল্যবোধ আৰু বিশ্বাসৰ প্ৰতীক। ঐতিহ্যপূৰ্ণ মঠ-মন্দিৰৰ প্ৰতি থকা সামাজিক মূল্যবোধৰ ভেটি নিঃশেষ হৈছে, তাৰ ঠাইত ‘বণিয়া’ মানসিকতাৰে ধৰ্মীয় উপাসনাস্থলী নিৰ্মাণ কৰি বিশ্বাসৰ দৰদামত প্ৰবৃত্ত হৈছে আন একাংশ লোক। তেনে এক পটভূমিত গঢ় লৈছে গল্পটোৰ কাহিনীভাগ। ঐতিহ্য চেতনাৰ উপৰি লোকসংস্কৃতি তথা সমাজ-জীৱনৰ ৰেহৰূপ তুলি ধৰাতো [ ৪৫ ] গল্পকাৰ সিদ্ধহস্ত। সত্ৰলৈ সিধা লৈ যাওঁতে মাছ আৰু তেলৰ চিচা একেটা মানুহে নিনিয়ে, নিলে চুৱা লাগে। এনেধৰণৰ সৰু সৰু ছবিবোৰে গ্ৰাম্যসমাজৰ বিশ্বাস, বিশেষত্ববোৰ ফুটাই তুলিছে। থলুৱা সমাজ অধ্যয়ন-গৱেষণাৰ ক্ষেত্ৰত বিপুল খাটনিয়াৰৰ বহুকেইটা গল্পৰ পৰিৱেশ উৎকৃষ্ট সমল হৈ পৰাৰ নিশ্চিত অৱকাশ আছে। এইক্ষেত্ৰত বিশেষভাৱে উল্লেখ কৰিব পাৰি তেওঁৰ ‘বাঁকৰ সাধু’, ‘বীৰা’ আদি গল্পবোৰ। ‘বাঁকৰ সাধু’ গল্পটোৰ আৰম্ভণিতে গ্ৰাম্যজীৱনত থকা বাঁক সম্পৰ্কীয় ধাৰণাৰ যি বিৱৰণ দিছে সিয়ে বুকু চমচমাই নিয়ে

‘মূৰ নাথাকে। ডিঙিৰপৰা তলৰখিনি কিন্তু মানুহৰ দৰেই একেই, গাটো
তেল পৰি পিছলা। হাত দীঘল, লেৰেলাই যোৱা আৰু এই এই দীঘল
বাকুহা নখ।...মনত ৰাখিবিহঁক, মাটিত বাঁকৰ কেতিয়াও ছাঁ নপৰে।
দোকোল-টকা বানে যেতিয়া ঘৰৰ ভেটি চোৱেহি বহল ডাঙৰ পিতনিৰ
পৰা ওলাই আহি সিহঁতে চিলনীয়ে টিপচিক ধৰাদি টিপতে ৰৌ-
বাহুবোৰক নখেৰে বখলিয়ায়।” ( ভিন্ন জীৱন ভিন্ন কথকতা, পৃষ্ঠা ৩৪)

 একেদৰে ‘বীৰা’ গল্পৰ বৰ্ণনাও একেই যাদুকৰী মন্ত্ৰমুগ্ধতাৰে সমৃদ্ধ। ইছলাম সমাজত বীৰা সম্বন্ধীয় জনবিশ্বাসক স্থান দি গল্পৰ কাহিনীভাগ আগবঢ়াই নিয়া হৈছে। অশৰীৰি বীৰা বশ কৰি সিহঁতৰ হতুৱাই কাম কৰোৱা দৰৱেশ চাফী চাহাবৰ অলৌকিক মাহাত্ম্য পৰিস্থিতিৰ মাজেৰে জীৱন্ত কৰি তোলা হৈছে। অন্ধবিশ্বাসক আগস্থান কৰি নাটকীয় শ্বাসৰূদ্ধ বৰ্ণনাৰে গল্প আমোদজনক কৰি তোলাটো গল্পকাৰৰ মূল উদ্দেশ্য নহয়, বৰং জনবিশ্বাসক আধাৰ কৰি সময়ৰ গৰ্ভত জাহ যোৱা এক ইতিহাস উন্মোচন কৰাটোহে গল্পৰ ঘাই কথা।

 ‘বাঘভেটা’ গল্প বাঘচোং-হাতীচোং অঞ্চলৰ বছৰেকীয়া উৎসৱস্বৰূপ বাঘ চিকাৰৰ কাহিনী। বাঘ ভেটিবলৈ স্থানীয় ৰাইজে লোৱা কৌশল-নীতি নিয়মৰ অনুপুংখ বৰ্ণনাই সেয়া যে গল্পকাৰৰ ক্ষেত্ৰ অধ্যয়নৰ ফচল সেয়া স্পষ্টকৈ প্ৰমাণিত কৰে। বৰ্ণনাৰ মাজে মাজে প্ৰাসংগিক অনুষংগৰ সংযোজন খাটনিয়াৰৰ গল্প ৰীতিৰ মন কৰিবলগীয়া দিশ। বৰ্ণনাত সুৰুঙা পালেই তেওঁ ঐতিহ্যৰ উল্লিখন, থলুৱা সাংস্কৃতিক উপাদানৰ প্ৰয়োগ কৰাৰ চেষ্টা কৰে। ‘শিহু’ গল্পত কুৰুৱা ৰাজ্যৰ বিশদ বৰ্ণনা, ‘সোণটিগৰীয়া’ গল্পত কাৰবালাৰ আখ্যান, ‘ৰাগকেদাৰ’তো অসম বুৰঞ্জীৰ চেগা-চোৰোকা প্ৰসংগ আদিবোৰ ইয়াৰ দৃষ্টান্ত। স্থানভিত্তিক ঐতিহাসিক ঘটনা, বা তাৰ ইতিবৃত্ত জড়িত অনুষংগৰ উদাহৰণো প্ৰচুৰ। সাময়িক অন্যান্য অনুষংগবোৰেও

পৰিৱৰ্তনশীল সমাজৰ ছবি তুলি ধৰে। এটা উদাহৰণ— [ ৪৬ ]

“ওৰফে’ শব্দটোৱেই এটা দাগী শব্দ।
অন্ততঃ ‘প্ৰেম নাৰায়ণৰ দিনত’ ওৰফে মানেই আছিল ডকাইত, দাগী চোৰ
অথবা সমাজ বিৰোধী মানুহ। আজিকালি অৱশ্যে বিপ্লৱী, সমাজ সংস্কাৰক
অথবা ‘পৰাধীনতাৰ শিকলি’ ছিঙি পেলাব খোজাসকলেও ‘ওৰফে’ ব্যৱহাৰ
কৰে। ‘শব্দ’ এটানো কি, সময়ৰ লগে লগে শব্দৰ অৰ্থৰো পৰিৱৰ্তন হয়।”

(ঘঁৰিয়ালডাঙাৰ কথা, পৃষ্ঠা ১৭৬)

 স্খলিত যুৱ মানসৰ চিত্ৰায়ণ খাটনিয়াৰৰ গল্পত দেখিবলৈ পোৱা যায়। ‘এতিয়া গভীৰ ৰাতি’ (দখাৰ) গল্পত বিষ্ণুৰাভা দিৱস আয়োজন কৰা এচাম যুৱকৰ ভণ্ডামি, বিষ্ণুৰাভাৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধাৰ বিপৰীতে টকা ঘটাৰ মানসিকতা আদিৰ চিত্ৰণেৰে বৰ্তমানৰ এচাম মানুহে কোনো বিশিষ্ট ব্যক্তিৰ নামত দিৱস আয়োজন কৰি শ্ৰদ্ধাহীন কৰ্মকাণ্ড কৰাৰ বৰ্ণনা আগবঢ়াইছে। নিশাৰ সাংস্কৃতিক সন্ধিয়াৰ আমন্ত্ৰিত অতিথি অহাৰ লগে লগে বিষ্ণুৰাভাৰ প্ৰতিকৃতি অপ্ৰাসংগিক হৈ পৰাৰ বৰ্ণনা গল্পটোত এনেদৰে আগবঢ়োৱা হৈছে—

“চাৰি-পাঁচজন ভলণ্টিয়াৰ একেলগে মঞ্চলৈ উঠি আহিল। টেবুল-চকী
আঁতৰাই সম্পূৰ্ণ মঞ্চ এতিয়া খালী কৰি পেলাব লাগিব।
সেই, সেইখন আঁতৰা।
এটা ল’ৰাই মঞ্চৰ একাষে দৰ্শকৰ চকুত পৰাকৈ সজাই থোৱা বিষ্ণুৰাভাৰ
প্ৰতিকৃতিখন দাঙি আনিলে। ক’ত থোৱা যায় এইখন? জামালা—ছিঃ।
দাদা এইখিনিতে থওঁ দিয়ক এইখন।
ল’ৰাজনে বিষ্ণুৰাভাৰ প্ৰতিকৃতিখন আনি ঘোষকৰ টেবুলৰ তললৈ
সুমুৱাই থ’লে। অনাদিয়ে খেপিয়াই চালে, নাই, পৰি যোৱা নাই। ঠিকেই
আছে বটলটো।” (দখাৰ, পৃষ্ঠা ৬০-৬১)

 ‘বিকৰ্ষণ’ গল্পত টিমুং নামৰ এজন নিঃসঙ্গ বৃদ্ধৰ অভিজ্ঞতাৰ মাজেৰে তথাকথিত এচাম চহৰীয়া ‘বাবু’ মানুহৰ ভণ্ডামি তথা নীচ মানসিকতাৰ স্বৰূপ উদঙাই দেখুওৱা হৈছে। বিভিন্ন বিচাৰৰ মীমাংসা তথা উৎসৱ-অনুষ্ঠান আয়োজন কৰা ৰাজহুৱা নামঘৰ এটা আইনী মেৰপেচৰ বাবে ভাঙিব লগা হোৱাৰ পাছত নামঘৰ স্থাপন কৰা খালী ঠাইটুকুৰাত প্ৰাতঃকৃত্য সম্পন্ন কৰাৰ বাবে গাঁত খান্দিবলৈ এজন ‘বাবু’ মানুহে টিমুং বুঢ়াক দিয়া প্ৰস্তাৱে বুঢ়াক এনেদৰে ব্যথিত কৰিছে যে তেওঁ সেই ঠাই এৰি যাবলৈ ইচ্ছুক হৈ উঠিছে।

 বিপুল খাটনিয়াৰৰ গল্পত নাৰী জীৱনৰ সমস্যা-জটিলতাৰো প্ৰকাশ ঘটিছে। [ ৪৭ ] ‘গণশত্ৰু’, ‘নয়নতৰাৰ কথাৰে’, ‘মেনকা’, ‘গধূলি বেলিৰ ৰং’, ‘বৈধব্য’, ‘পৰশুৰাম’ আদি গল্পসমূহ একে থূলতে অন্তৰ্ভুক্ত কৰিব পাৰি। ‘গণশত্ৰু’ত সাংস্কৃতিক মনৰ অধিকাৰী এগৰাকী নাৰীৰ স্বামীৰ সৈতে মনোগত দ্বন্দ্বৰ বাবে সংসাৰলৈ আহি পৰা জটিলতা, ‘নয়নতৰাৰ কথাৰে'ত বিবাহৰ বয়স ওকলা এগৰাকী নাৰীৰ জীৱনৰ ঘাত-প্ৰতিঘাত, সংগ্ৰামৰ বৰ্ণনা, ‘বৈধব্য’ত বিধবা ‘সত্য’ৰ জীৱনৰ কৰুণতা; মনোদ্বন্দ্বৰ অন্তৰস্পৰ্শী বৰ্ণনা, ‘গধূলি বেলিৰ ৰং’ত এক অসহায় বৃদ্ধ আৰু আশ্ৰয়হীনা এগৰাকী মহিলা পৰস্পৰৰ কাষ চাপি অহাৰ পৰিক্ৰমা চিত্ৰিত হৈছে। আনহাতে ‘মেনকা’ আৰু ‘এখন টেবুলৰ কাহিনী'ত জীৱনযাত্ৰাৰ কঠোৰ সংগ্ৰামত শৰীৰকো জীৱিকাৰ উপায় হিচাপে ল'ব লগা হোৱাৰ মৰ্মদ্ভদ অভিজ্ঞতাৰ চিত্ৰায়ণ ঘটিছে। অতি নাটকীয় হ'লেও আকৰ্ষণীয় বৰ্ণনাৰ এক চুটি কাহিনী হ’ল ‘বৃষভ সংহতি'। চহৰখনত বিচৰণ কৰা এটা প্ৰকাণ্ড ষাড়লৈ সকলোৰে সমীহ, ভয়-ভক্তি। এই গো-দেৱতাক নিয়মিতভাৱে পূজা দিয়ে বিভিন্নজনে। গৰুটোৱে খাই অটাব নোৱাৰা ওপৰঞ্চিখিনি খাই পেট পুহি থকা এগৰাকী বৃদ্ধাৰ বাবে অমানিশা নামি আহিছে ৰে'লৰ খুন্দাত গৰুটোৰ মৃত্যু হোৱাৰ দিনা। গৰুটোৰ মৃত্যুত দুখ নহয়, নিজৰ খাদ্যৰ ভিকাচন ভগাৰ শ্লেষাত্মক পৰিণতি অতি মৰ্মান্তিক।

 বিপুল খাটনিয়াৰৰ গল্পত যিদৰে সামাজিক অনুষঙ্গবোৰৰ যুক্তিনিষ্ঠ বিশ্লেষণ দেখিবলৈ পোৱা যায়, আনফালে উপমা-চিত্ৰকল্পৰ যোগেদি কিছুমান পৰিস্থিতি- পটভূমিৰ কলাত্মক চিত্ৰায়ণো দেখিবলৈ পোৱা যায়। তেওঁৰ ‘এতিয়া ঘিলাধাৰী’ গল্পৰ পৰা তিনিটা উপমা এইখিনিতে উদ্ধৃত কৰিব পাৰি—

“(ক) গাভিনী ছাগলীৰ ওহাৰ ওলমি মাটিত চোঁচৰি পৰাৰ দৰে ডাৱৰৰ
ভৰত আকাশখনো আহি যেন পৃথিৱীত লাগিছেহি। (দখাৰ পৃ. ৩৬)
(খ) জীয়াঢলৰ শুকান টেটেৰা পৰা দেহাটোও এইকেইদিনতে
ফিট্‌ফিটীয়া হ'ল; যেন ন পোৱাতীৰ বুকু—এই ফুটো, এই ফাটো।
(দখাৰ, পৃ. ৩৬)
(গ) চকা-মকা পোহৰত, গঞাৰ খঙাল মুখবোৰ পানীৰ তলত শ’লমাছৰ
চকুৰ দৰে টলটলকৈ জিলিকি উঠিল।” (দখাৰ, পৃ. ৪৫)

 গল্পকাৰ বিপুল খাটনিয়াৰে গল্পৰ মাজেৰে প্ৰগতিবাদী চিন্তা-চেতনাৰ প্ৰকাশ কৰিছে। সামাজিকভাৱে দায়বদ্ধ গল্পকাৰ হিচাপে সমাজৰ ত্ৰুটি-বিচ্যুতি, অন্যায়-অসূয়াক বলিষ্ঠ ৰূপত তুলি ধৰিবলৈ সক্ষম হৈছে। তেওঁৰ সৰহভাগ গল্পই উন্মোচন কৰিছে সমাজ-জীৱনৰ গভীৰ সত্যক। সমাজৰ নিখুঁত প্ৰতিফলন ঘটোৱাতে যদি [ ৪৮ ] গল্পৰ সাৰ্থকতা নিহিত থাকে, সময়ৰ ক্ষুদ্ৰ পৰিসৰৰ ভিতৰত জীৱনৰ ব্যাপকতা উপলব্ধি কৰাব পৰাতে যদি গল্পৰ উদ্দেশ্য পূৰ্ণ হয় আৰু ওজস্বী গদ্যই যদি গল্পৰ শৰীৰ হয়, তেন্তে তেওঁৰ গল্প উৎকৃষ্ট বুলি দাবী কৰাৰ শত-প্ৰতিশত যুক্তি আছে। আনহাতে নাটকীয় চমকেৰে পাঠকক গল্পৰ মাজলৈ টানি নিব পৰাতেই যদি গল্পৰ সাৰ্থকতা ৰয়, যদি ৰসাস্বাদনেই গল্পৰ মূল উদ্দেশ্য হয় আৰু মেদবিহীন সৰল ভাষা গল্পৰ শৰীৰ হয় তেন্তে কিন্তু বিপুল খাটনিয়াৰৰ গল্প নিখুঁত-নিটোল বুলি একে আষাৰে কোৱা টান। বিশেষকৈ তেওঁৰ সৃষ্টিৰ শেহৰ ফালৰ গল্পসমূহত কোনো কোনোটোৰ মাজত কাহিনীৰ বীজটো ইমান গভীৰত পোত খাই ৰৈছে, সি মুকুলিত হ’বলৈ প্ৰয়োজনাধিক সময় লৈছে। ফলত গল্পকাৰে ক’ব বিচৰা কথাটোৰ মোৰ বিচাৰি পাঠক বিমোৰত পৰে। তদুপৰি পাঠকৰ মনোযোগ শেষপৰ্যন্ত ধৰি ৰখাটো হেঙাৰ হয়। এই দুয়োটা সমস্যাই গল্পৰ ৰসমাধুৰ্যৰ হানি ঘটায়। গল্পকাৰৰ গদ্যৰ ওজঃগুণ বিস্ময়কৰ। পৰিস্থিতি অনুসাৰে ভাষায়ো নিজ নিজ ৰূপ ধাৰণ কৰি বিষয়বস্তুক তুলি ধৰাত সহায় কৰে। কিন্তু তেনে ভাষাই পাঠকক ধৰি ৰখাত কিমান সমৰ্থ হয় সেই দিশত গল্পকাৰ সচেতন হোৱা যেন বোধ নহয়। গল্পকাৰে গল্পৰ মাজেৰে সচৰাচৰ ঘটনাৰ বৰ্ণনা দিয়াতকৈ সমাজ-জীৱনৰ তাৎপৰ্য বহন কৰা বিশেষ কেতবোৰ পৰিস্থিতিৰ ব্যাখ্যা কৰে। পৰিস্থিতিৰ সূক্ষ্ম বৰ্ণনা, অতীত মন্থন অথবা পূৰ্ববৰ্তী ঘটনাক্ৰমলৈ বাৰে বাৰে ঘূৰি যোৱা আদি শৈলীৰ প্ৰয়োগৰ ফলত গল্পৰ কথাবস্তুৰ গতি মন্থৰ হৈ পৰে। মননশীল পাঠকৰ বাবে তেওঁৰ গল্পৰ গভীৰতা অনুধাৱন আৰু ৰস আস্বাদনত হয়তো সমস্যা নহ’ব পাৰে, কিন্তু সাধাৰণ পাঠকৰ বাবে এনেধৰণৰ দিশবোৰে কথাবস্তুৰ গভীৰতালৈ যোৱাত বাধা প্ৰদান কৰাৰ সম্ভাৱনা বহন কৰে। অৱশ্যে তেওঁৰ একেবাৰে শেহৰটো সংকলন ‘হাৱা ভাল চলা নাই’ৰ গল্পসমূহ এনে অভিযোগৰ পৰা মুক্ত হোৱা দেখা গৈছে৷ ‘হাৱা ভাল চলা নাই’ৰ গল্পসমূহত সম্ভৱতঃ পাঠকৰ মনোযোগ ধৰি ৰখাৰ ক্ষেত্ৰত গল্পকাৰ অধিক সচেতন আছিল। গল্পৰ ৰসগ্ৰাহিতাৰ ওপৰত গুৰুত্ব দিয়াৰ বাবেই সম্ভৱতঃ এই সংকলনৰ প্ৰায়বোৰ গল্পতে কাহিনী বা বৰ্ণনাত নাটকীয় চমৎকাৰিতা অধিক। পঢ়ুৱৈৰ বিচাৰৰ প্ৰতি তেওঁ যে সচেতন আছিল তাৰ ধাৰণা সংকলনটোৰ পাতনিৰ পৰাও পাব পৰা যায়—

“মোৰ ক্ষেত্ৰত, গল্প এটা যে প্ৰথমে ‘গল্প’ হ’বই লাগিব, এই দিশটোৰ
প্ৰতি সচেতন হওঁতেই বহু সময় উকলি যায়। পাছলৈ বিশ্বৰ ‘সেৰা’ গল্প
কিছুমানৰ উদ্দেশ্যপূৰ্ণ অধ্যয়নে আকৌ ৰচনাৰীতিৰ নিৰ্দেশ দিয়াৰ লগতে

[ ৪৯ ]

‘ভাল’ আৰু ‘শক্তিশালী’ গল্পৰ মাজৰ ব্যৱধানৰ প্ৰতিও স্বাভাৱিকতে
সচেতন কৰি তোলে। ... বিবিধতা অৰ্থাৎ বিষয়বস্তু আৰু প্ৰকাশভংগী
নিৰ্বাচনৰ বৈচিত্ৰ্যইহে সৃষ্টিৰ ধাৰাবাহিকতা ৰক্ষা কৰা লেখক এজনৰ
একমাত্ৰ সঁচাৰ-কাঠী। এনেবোৰ বিষয় এই সংকলনটোত ধৰি ৰাখিব পৰা
হৈছে নে নাই পঢ়ুৱৈসকলেই বিচাৰ কৰিব।” (গল্পকাৰৰ একাষাৰ, ‘হাৱা
ভাল চলা নাই’।)

 বিপুল খাটনিয়াৰৰ গল্প কিমান ভাল আৰু কিমান শক্তিশালী তাৰ বিচাৰৰ ভাৰ নিশ্চিতভাৱে পঢ়ুৱৈৰ ওপৰত আছে, কিন্তু এটা কথা ঠিক, কাহিনী কথক হিচাপে বিপুল খাটনিয়াৰৰ কণ্ঠ সদায়েই গুৰুগম্ভীৰ। কোনো ধৰণৰ মনৰোচক কাহিনীত সময় অপব্যয় কৰোৱাৰ প্ৰয়াস একেবাৰেই নাই। পাঠকক ৰসদান কৰাটোৱেই মূল উদ্দেশ্য হিচাপে নলৈ গল্পক সামাজিক সম্পদলৈ ৰূপান্তৰ ঘটোৱাৰ প্ৰয়াস তেওঁৰ গল্পসমূহত বিদ্যমান। বিপুল খাটনিয়াৰৰ গল্প অসমীয়া চুটিগল্পৰ সমগ্ৰতাত এক গুৰুত্বপূৰ্ণ অংশ হৈ পৰিছে, তেওঁৰ গল্প বাদ দি অসমীয়া চুটিগল্পৰ অধ্যয়ন হ’ব অসম্পূৰ্ণ। ❐

(লেখক অসম জাতীয় বিদ্যালয়, নুনমাটিৰ শিক্ষয়িত্ৰী) [ ৫০ ]

বিপুল খাটনিয়াৰৰ গল্প: এটি টোকা

দেৱভূষণ বৰা

"Custom has frequently been contrasted with law, and a distinction made between societies which possess law in the sense of rules promulgated by a single recognised authority and sanctioned by definite punishments, and societies in which behaviour is regulated by traditional norms which are simply 'accepted' rather than sanctioned or enforced"

("Sociology", T. B. Bottomore )

 কাহিনীকাৰ বিপুল খাটনিয়াৰৰ ভালেমান গল্পৰ কেন্দ্ৰত আছে দৰিকা-দিচাং- দিখৌপৰীয়া গঞা জীৱন আৰু সমাজ; এই সমাজৰ ব্যৱস্থাগত নিয়ম, বাচ-বিচাৰ, বান্ধোন, অনুশাসন আৰু মাজে-সময়ে নিয়ম-বান্ধোন-অনুশাসন ভাঙিব খোজা একোটাহঁত সৰু-বৰ ঢৌ। খাটনিয়াৰৰ কেতবোৰ পাঠে ঔপনিৱেশিক পৰৱৰ্তী অসমীয়া সমাজ জীৱনৰ বিভিন্ন দিশ উন্মোচন কৰে — যিখন সমাজ একে সময়তে গুৰু দুজনাৰ নৱবৈষ্ণৱবাদ আৰু ৰক্ষণশীল ব্ৰাহ্মণ্যবাদৰ টনা-আঁজোৰাত জৰ্জৰিত। কেতিয়াবা পুৰণা আৰু নতুন মূল্যবোধৰ দ্বন্দ্ব, আকৌ কেতিয়াবা দেখোঁ শুভ-অশুভ বৈপৰীত্যত মুজুঙা মৰা আমাৰ তেনেই চিনাকি চৰিত্ৰ।

 ‘বহুৱা’ গল্পটোলৈকে চোৱা যাওক। গল্পটো আৰম্ভ হৈছে শলগুৰিত শংকৰদেৱৰ ‘ৰাম-বিজয়’ নাট নামঘৰত পতাৰ আয়োজনৰে। পাঠৰ প্ৰাৰম্ভতে এক তাৎপৰ্যপূৰ্ণ সাংস্কৃতিক (সেয়ে সামাজিকো) পৰিৱৰ্তনৰ আভাস গল্পকাৰে দিছে : ‘যোৰহাটৰ ফালে আজিকালি প্ৰায় ভাগেই মাতৃভাষাৰ নাট মেলে। ‘ভক্ত প্ৰহ্লাদ’ৰ নকল এটা কেমাই ভকতে জোঁৱায়েকৰ হাতেৰে কৰাই অনাই থৈছে; সেয়ে তেওঁ নৰজিব বুলি জানিও কৈ পেলালে— বোলে ৰাইজ! এইবাৰ ‘ভক্ত প্ৰহ্লাদ’খনকে মেলিলে কেনে হয়? [ ৫১ ]  “মাতৃ ভাষানে?

 কেমাই ভকতে মূৰ দুপিয়ালে।

 ৰাইজখনে একেলগে কৈ উঠিল— নেচেল! নেচেল!”

 উজনি অসমৰ কিছুমান ঠাইত মাতৃভাষাৰ ভাওনাই অংকীয়া ভাওনাক বহু দূৰলৈ ঠেলি দিয়াৰ দৰেই হৈছে। শলগুৰিৰ ৰাইজ কিন্তু সংঘবদ্ধ— কোনো কাৰণতে গুৰুজনাৰ ঐতিহ্য তেওঁলোকে পৰিহাৰ নকৰে। পৰৱৰ্তী সময়ত আমি দেখোঁ যে হাল বাওঁতে অকস্মাৎ নাঙলে খুৰা ফলা বলধটোৰ মৃত্যুত গল্পটোৰ নায়ক কণটিলৌক দেউ পৰশু দেৱ মিশ্ৰই ‘পাপ’ প্ৰায়চিত্ত কৰিবৰ বাবে দিয়া অমানুষিক বামুণীয়া বিধান শলগুৰিৰ ৰাইজে নিৰ্বিবাদে গ্ৰহণ কৰিছে। যাৰ ফলত ডিঙিত পঘা পিন্ধি গৰুৰ দৰে হেম্বেলিয়াই দিনৰ পিছত দিন পাৰ কৰিব লগা হৈছে কণটিলৌৱে। এয়া এক প্ৰকাৰে সামাজিক শোষণ-অবদমনৰে চিত্ৰ। শলগুৰিৰ ৰাইজৰ সামাজিক মূল্যবোধৰ আদৰ্শভিত্তিক উৎস যে সু-সংহত নহয়, সেয়া গল্পকাৰে দেখুৱাত ত্ৰুটী কৰা নাই। আনহাতে জাত-পাত, নীতি-নিয়ম যে দৈহিক-মানসিক প্ৰয়োজনৰ উৰ্দ্ধত নহয় তাকো গল্পকাৰে দেখুৱাইছে পৰশু দেৱ মিশ্ৰৰ গাভৰু ঘৈণীয়েকে দেৱ মিশ্ৰৰ গোহালিত আশ্ৰিত কণটিলৌক নিজৰ বাসনা চৰিতাৰ্থ কৰিবলৈ সৈমান কৰোৱাৰ জৰিয়তে। আৰু দেখোঁ সন্তানৰ আশাত কণটিলৌৰ ঘৈনীয়েক ৰামায়ে ভাওনাৰ নিশাই সমন্ধীয় ঠানুৰ লগত পলাই গৈছে। সামাজিক অসমতা বৰ্তাই ৰখাব খোজা বৃত্তাান্ত-চৰিত্ৰবোৰৰ প্ৰতি অৱশ্যে গল্পকাৰৰ শ্লেষ কাহিনীটোত পৰিস্কাৰ।

 সন্দেহ নাই যে জাগতিক সত্যৰ ভিন্ন স্বৰূপ কলা অথবা সাহিত্য পাঠে উন্মোচন কৰাৰ প্ৰয়াস কৰে। চৌপাশৰ অলেখ জীয়া কাহিনীৰ ভিতৰত মুষ্টিমেয় কেইটামানেহে কথকৰ জৰিয়তে নতুন জীৱন লাভ কৰে নেৰেটিভৰ ৰূপত। কাহিনীৰ অন্তৰালতো থাকে তেজ-মঙহৰ মানুহ, মানুহৰ জীৱন আৰু মনন। কথক হিচাপে সেয়েহে কাৰ কাহিনী, কোনবোৰ মানুহৰ কাহিনী লেখকে ক’ব সেয়া তেওঁৰ নিজা এক্তিয়াৰৰ বিষয়। কিন্তু পাঠকে তাৰ মাজতে বোধহয় আৱিস্কাৰ কৰিব পাৰে লেখকৰ চেতনা, সামাজিক অৱস্থান আৰু শ্ৰেণীগত ধাৰণা।‘কাৱৈমাৰী সত্ৰৰ অতিথি’ নামৰ গল্পটোত অন্ধবিশ্বাস আৰু ভণ্ডামিৰ পোতনিত নিমগ্ন সমাজ এখন অংকন কৰি গল্পকাৰে নিজৰ সমাজ-চেতনাৰ উমান দিছে। গল্পটোত বিধৱা বুঢ়ী এগৰাকীৰ জীয়েক সুভদ্ৰাৰ মানসিক বিকাৰ হৈছে আৰু আধুনিক চিকিৎসাৰ পৰিৱৰ্তে তাইক ভূতে পোৱা বুলি [ ৫২ ] বেজৰ দ্বাৰা তীব্ৰ অত্যাচাৰ কৰা হৈছে। প্ৰকৃততে মানসিক বিকাৰগ্ৰস্ততানো কি হ’ব পাৰে তাৰ ধাৰণাই নথকা এখন সমাজত ৰোগীক অন্ধবিশ্বাসৰ বলি কৰাটোৱেই স্বাভাৱিক আৰু ঐতিহাসিকভাৱেও পৰীক্ষিত। সমাজত পাগলামি (madeness) ক এক নিদ্দিষ্ট pattern-ত পেলাই লক্ষ্য কৰা যায়, যেনেকৈ মিচ্ছেল ফুক’ৱে কৈছে “......madeness is the false punishment of a false solution, but by its own virtue it brings to light the real problem; which can be truly resolved. It conceals beneath error the secret enterprise of truth." ("Stultifera Navis", "Madness and Civilization", Routledge, 2001, p. 29 দ্ৰষ্টব্য)। সুভদ্ৰাক মাজুলীৰ ভকতৰ সৈতে পঠাই দিয়া বুলি জানি ভোলা আৰু তিলেশ্বৰে ৰাতি বুঢ়ীক সুভদ্ৰাৰ ঠিকনা বিচাৰিছেহি সিহঁতৰ বিকৃত কামনা চৰিতাৰ্থ কৰিবৰ বাবে। ই আন এটা কথাৰো ইংগিত দিয়ে যে সুভদ্ৰাৰ মানসিক অসুস্থতাৰ উৎস বোধহয় এনে লম্পটৰ দ্বাৰা সুভদ্ৰাক কেতিয়াবা হাবি-পথাৰত কৰা নিৰ্যাতন! (সৰুকণ বেজে তাইক সোধা ‘দুপৰীয়া নদীৰ ঘাটলৈ গৈছিলি নেকি?’ ‘মইনাবাৰীলৈ গৈছিলি নেকি?’ ইত্যাদি দ্ৰষ্টব্য) যি কি নহওক বুঢ়ীয়ে ভোলা আৰু তিলেশ্বৰে প্ৰতিনিধিত্ব কৰা শোষণৰ স্বৰূপক শেষ-মেষ প্ৰতিৰোধ কৰিছে শক্তিশালীভাৱে :

“বুঢ়ীক আধা কেঁচেলুৱা পাইছ, অভং ভতৰাৰ জাত। .......তহঁত দুয়োটাৰ
বাপেৰে ধান দাই থাকোঁতে অকলে পাই মোক অসতী কৰিছিল। তেহেলৈ
সেই সনাহী দুটাৰ কম অত্যাচাৰ সহিছোঁ। বিধৱাৰ শাও, তিল-তিলকৈ
গেলি মৰিব দুয়োটা। ...তহঁত হালেও এতিয়া তিতাৰ সোৱাদ শোকোতাত
ল’বলৈ বাপেৰহঁতৰ ৰেস্তাকে ল’ব পাৰ। পাছে বাপেৰহঁতে চুৱা কৰা শৰীৰ
মানে মই তহঁতৰ মাৰহঁতৰ লেখীয়া। মই আৰু চিঞৰিম।...এতিয়া অমুকীৰ
ঘৰৰপৰা ওলা মাৰে৷”

 সমাজৰ প্ৰচলিত টেবু সম্পৰ্কে গল্পকাৰ সজাগ। ‘গেনা’ত একে বাপেকৰ সন্তান পুণ্যধৰ আৰু কদমৰ শাৰিৰীক সম্বন্ধৰ ফলত কদম সন্তান সম্ভৱা হয়। ৰাইজে এনে ‘অনৈতিক’ কামৰ বিচাৰ কৰি সিহঁত দুটাক গাঁৱৰ পৰা নিৰ্বাসন দিয়ে। কদমৰ সন্তান প্ৰসৱৰ সময়ত আমি অৱশ্যে ধাইজনীৰ পৰা জানো যে সমাজত দপদপাই থকা অনেকৰে নিজৰ ইতিহাস কলংকৰে ভৰপূৰ। গল্পটোৰ সামৰণিত কদমে নিজৰ সদ্যজাত সন্তানটোক পুতি থোৱা আৰু ককায়েক পুণ্যধৰক নিজৰ সমস্ত সঁপি দি দুয়ো দূৰলৈ গুচি যোৱাটো অৱশ্যে স্ববিৰোধী তথা অতি-নাটকীয় আৰু ই গল্পটোক এটা শক্তিশালী পাঠ হোৱাৰ পৰা বঞ্চিত কৰিলে। একেদৰে ‘বাঁকৰ সাধু’ত কমলা গাঁওবুঢ়াই জীয়াই থকা অৱস্থাতে মহা আড়ম্বৰে নিজৰ শ্ৰাদ্ধ পাতি ভোজ ভাতৰ [ ৫৩ ] শেষত ৰাইজৰ আগত অতীতৰ কু-কৰ্ম ব্যক্ত কৰা কথাটোত নতুনত্ব থাকিলেও অবাস্তৱ যেন অনুভৱ হয়। কিন্তু দুয়োটা পাঠতে ন্যায়-বিচাৰৰ মাধ্যম হিচাপে নামঘৰ আৰু ৰাইজৰ যি গুৰুত্ব গল্পকাৰে দেখুৱাইছে অসমীয়া সমাজ জীৱনৰ এক অভিনৱ ঐতিহ্য প্ৰতিফলিত হয়।

 বোধহয় গল্পকাৰৰ সংবেদনশীল ঐতিহ্য চেতনাৰ বাবেই তেওঁ ‘সাঁচিপাতৰ পুথি’ আৰু ‘গোলাম'ৰ দৰে গল্প লিখিব পাৰিছিল। আহোম শাসনৰ গৌৰৱময় দিনবোৰৰ অৱক্ষয়ৰ প্ৰতিফলক দুয়োটা গল্প।‘গোলাম’ত আহোম শাসনৰ সামন্তবাদী ৰূপৰ অন্ত পৰিছে ‘দাস’ হিচাপে আহোম ৰজাই কিনি লোৱা মানুহবোৰৰ ব্ৰিটিছৰ আইনে আনি দিয়া মুকুতিত। আহোম ৰাজতন্ত্ৰৰ শোষণবাদী ছবি এখনো পাঠটোত উদ্ভাসিত। ‘সাঁচিপাতৰ পুথি’ত মোলান মৌজাদাৰ স্বৰ্গদেউ গৌৰধ্বজ সিংহই ৰোৱা বামুনী বড়জোপা তেওঁৰ হকা-বধা নুশুনি পুতেকে গজেন্দ্ৰই কটাৰ দুখত ম্ৰিয়মান হৈছে আৰু অৱশেষত বড়জোপা গাতে পৰি তেওঁৰ মৃত্যু হৈছে। ঐতিহ্য আৰু আধুনিকতাৰ দ্বন্দ্বই কৰা এনে ট্ৰেজেদীৰ সাক্ষী হৈ ৰৈছে নিমাখিত সোণেশ্বৰী। ‘কাৱৈমাৰী সত্ৰৰ অতিথি’ত গল্পকাৰে দেখুওৱা সত্ৰৰ সত্ৰাধিকাৰৰ লাওলোৱা অৱস্থায়ো ব্যাপক এক সামাজিক পৰিৱৰ্তনৰ আভাস দিয়ে।

 কিছুমান সাহিত্য পাঠে ভাষা এটাৰ কালিকা শক্তিক নতুনকৈ উন্মোচন কৰে। গল্পকাৰ বিপুল খাটনিয়াৰৰ গল্প পঢ়িলে উপলদ্ধি হয় কিমান যে চহকী অসমীয়া ভাষাটো আৰু ইয়াৰ কালিকা! ফৰ্ম আৰু নেৰেটিভৰ সম্পৰীক্ষা নকৰাকৈ আমাৰ প্ৰচলিত ভাষা আৰু সমাজ জীৱনৰ ঐতিহ্যতে কিদৰে অলেখ স্মৰণীয় বৃত্তান্ত থুপ খাই আছে তাক খাটনিয়াৰে দেখুৱাইছে দক্ষতাৰে। আহোম শাসনৰ প্ৰায় শেষ সময়ছোৱাত বিলীয়মান আহোম ৰাজতন্ত্ৰৰ অৱক্ষয়ৰ দ্যোতনা কঢ়িয়াই অনা ‘গোলাম’ৰ পাঠলৈ ভূমুকি মাৰিলে পতিয়ন যাব পাৰি খাটনিয়াৰৰ ভাষাৰ শৌৰ্য অসমীয়া সাহিত্যৰেই কেনে গৱেষণাযোগ্য সমল : বন-কুকুৰা ভগাদি ৰূপহী ঝাৰণিত সোমালগৈ; যেন গা-ফুৰিবৰহে হ’ল; গৰাতে পৰি ৰ’ল ঘোলোকনি খোৱা পানীৰ কলহ। ঝাৰণিৰ সিকাষত তল মুকলি চোমনিৰ পিনে চাই কান্দুৰাই দেখিলে, খেঁকাৰ খোৱা ৰজাকো দেও নোবোলা বুদাই—লেকলৌ পৰুৱা। সি মৰকামোৰ নেৰা— বুঢ়া দেউতাৰ ভাগৰ সৰু আইদেউৰ যৌতুকীয়া বহতীয়া।

‘হেই, হেৰৌ। সেই জোপা যখিনী- থুই”। ওচৰ চাপি অহা বুদাইক কান্দুৰাই
হেঁচুকি আঁতৰালে। তাৰ পিচে ধাউতি আনত। ‘হঞে কান্দুৰা, তয়ো আৰু

[ ৫৪ ]

দে। হাজৰিকা দৌতাৰ বাৰীৰ সোন্দাকল দুথোকাই মোক খা মোক খা
কৰি থাকোঁতেনেও তই হ’পাই এই পাতলৈহে জুপিছ?’
বুদাইৰ মাত কথাবোৰ অকুহা।... সি কৈ পালে— ‘এটা যেনিবা তাই
গজমূৰীয়া শিপা চোবাই কঠীয়ানিতে খহালে। শুনি পাংহাইজাত যাইতীয়ে
হেনো পৈয়েকৰ ঘৰতো এটা নে এহাল এৰি থৈ আহিছে।”

 খাটনিয়াৰৰ গল্পৰ এটা দুৰ্বল দিশ হৈছে কাহিনীৰ গাঁথনিৰ প্ৰতি তেওঁৰ অমনযোগিতা। তেওঁৰ গল্পৰ নেৰেটিভে মাজে-সময়ে স্বাভাৱিক পৰিসীমা পাৰ কৰে অনাৱশ্যকীয় বৰ্ণনাৰে। ভাষাৰ বিস্ময়কৰ প্ৰয়োগ সত্ত্বেও ‘গোলাম’ তেনে এটা উদাহৰণ। গল্পৰ নামকৰণৰ প্ৰতিও খাটনিয়াৰৰ মনোভাব বোধহয় শিথিল। ‘কাৱৈমাৰী সত্ৰৰ অতিথি’ত গল্পৰ নায়িকা বুঢ়ীহে, সত্ৰাধিকাৰ মাজতে কাহিনীৰপৰা নোহোৱাই হয়। অৱশ্যে এইবোৰ সিমান লেখৰ বিসংগতি নহয়। সমাজৰ প্ৰান্তীয় আৰু নিপীড়িত মানুহৰ যি জীয়া ছবি তেওঁৰ গল্পৰ মাজেৰে প্ৰতিভাত হয়, সিয়েই তেওঁৰ সৃষ্টিক পাঠকৰ মাজত ধৰি ৰাখিব। চিৰদিন।❐

(লেখক মাজুলী মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক, সাহিত্য সমালোচক) [ ৫৫ ]

বিপুল খাটনিয়াৰৰ গল্প : পাঠ প্ৰতিক্ৰিয়া

প্ৰাঞ্জল তালুকদাৰ

বিপুল খাটনিয়াৰ অসমীয়া কাহিনী সাহিত্যৰ এক শক্তিশালী কথক। তেখেতৰ গল্পৰ স্মৰণযোগ্য আলোচনা তেনেই তাকৰ। অথচ অবিস্মৰণীয় কথাশৈলীৰে তেখেতে সৃষ্টি কৰিছে পঢ়ুৱৈৰ হৃদয়ত দাগ কাটি যোৱা গল্পমালা। আশীৰ দশকৰপৰাই আমাৰ আমাৰ সাহিত্যিক সমৃদ্ধ কৰা খাটনিয়াৰে ‘খোজৰ শব্দ’, ‘চিনাকি মুখৰ ছবি’, ‘দখাৰ’, ‘তাই কাপোৰ নিপিন্ধে’, ‘ভিন্ন জীৱন ভিন্ন কথকতা’, ‘চিনাকি মুখ অচিনাকি ছবি’, ‘ঘঁৰিয়ালডাঙাৰ কথা’, ‘হাৱা ভালা চলা নাই’ আদি গল্পপুথি ৰচনা কৰিছে। খাটনিয়াৰৰ গল্পত পঢ়ুৱৈয়ে বিচাৰি পায় গল্পপাঠৰ এক অনন্য আনন্দ। তেখেতৰ গল্পই সামাজিক জীৱনৰ নানা সংৰূপ আমাৰ সন্মুখত উন্মোচিত কৰি তোলে। ব্যক্তি জীৱনৰ অনুষংগতকৈ তেখেতৰ গল্পত সামূহিক কণ্ঠস্বৰে বাৰে বাৰে ভূমুকি মাৰে। ভাষাৰ এক বিৰল বয়নেৰে খাটনিয়াৰে গল্পত উন্মোচন কৰে প্ৰান্তীয় আৰু নিম্নবৰ্গীয় জীৱনৰ নানা ছবি। অভিজ্ঞতাৰ বিশালতা আৰু ক্ষেত্ৰ অধ্যয়নৰ নৈপুণ্যই খাটনিয়াৰৰ সৰহভাগ গল্পক এক অন্য আয়তন প্ৰদান কৰিছে। সামূহিকতাৰ কথা কওঁতে এইজন গল্পকাৰে বাৰে বাৰে মানৱতাৰ নিবিড় অনুসন্ধান কৰিছে। ৰাজনৈতিক বাস্তৱতাৰ নানা দিশ খাটনিয়াৰৰ গল্পত আদিপৰ্বৰপৰাই এক অন্যতম বৈশিষ্ট্য হৈ পৰিছে। তেখেতে অসম আন্দোলনৰ অমানৱীয় হত্যা-হিংসাৰ সজোৰ প্ৰতিবাদ কৰিছে। তেখেতৰ গল্পত বাৰে বাৰে উঠি অহা দেখা যায় নেলী, গহপুৰ, ফুলুং চাপৰি ইত্যাদি। অসম আন্দোলনৰ পটভূমিত তেখেতে কেইবাটাও স্মৰণীয় গল্প ৰচনা কৰিছে। ‘ধুমুহাৰ পাছত’ তেনে এটা গল্প; য’ত আন্দোলনৰ হিংসাৰ বিপৰীতে চিৰায়ত মানৱতাৰ সন্ধান কৰা হৈছে। বিপৰ্যস্ত সমাজ জীৱনৰ কথক হোৱা বাবে শ্লেষ আৰু বক্ৰোক্তিৰে খাটনিয়াৰে সেই সমাজৰ নানা ভণ্ডামি উদঙাই দেখুৱাইছে। ‘কৈলতাকুছিৰ চ’ক’ [ ৫৬ ] গল্পৰ সামৰণিত যি কাৰুণ্যৰ আৱহ সৃষ্টি কৰা হৈছে; সি আমাৰ সমাজৰ নিদাৰুণ বাস্তৱতাক সূচিত কৰিছে। ‘শিল্পীৰ চুবুৰীত দেৱালী’ত বুদ্ধিদীপ্ত কথনেৰে কৰুণ হাস্যৰ অৱতাৰণা কৰা হৈছে। যুৱ সমাজৰ ৰুগ্ন আৰু নগ্ন মানসিকতাই ‘শিল্পীৰ চুবুৰীত দেৱালী’ উদ্‌যাপনৰ আহিলা হৈ পৰিছে। সমাজৰ সৰু বৰ প্ৰতিটো কথাতে সূক্ষ্ম দৃষ্টি দিয়া বাবে খাটনিয়াৰৰ গল্পবোৰৰ সুখপাঠ্যতা বাঢ়িছে। যি সময়ত পৰীক্ষা- নিৰীক্ষাৰ আধিক্য-অত্যুৎসাহ আৰু আংগিকৰ কটাকটি খেলৰ ভেল্কিবাজীৰে গল্পৰ কচৰৎ চলে; সেই সময়তে খাটনিয়াৰৰ গল্পই সমাজ জীৱনৰ নানা ৰূপ বাৰেবৰণীয়া ৰূপত উদ্ভাসিত কৰি তোলে। গভীৰ অন্তৰ্দৃষ্টি আৰু তীক্ষ্ণ সমাজানুসন্ধান অবিহনে এনে গল্প কোনেও সৃষ্টি কৰিব নোৱাৰে। খাটনিয়াৰৰ গল্পৰ narrativeত কথন বিশ্বৰ নানা সম্ভাৱনা লুকাই থাকে। বিপুল খাটনিয়াৰৰ গল্পত শোষণ অবদমনৰ আৱহে এক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আহিছে। খাটি খোৱা মানুহে পদে পদে পাই অহা লাঞ্ছনা আৰু বঞ্চনাৰ চিত্ৰায়নেৰে তেখেতে কেইবাটাও মনোগ্ৰাহী গল্প ৰচনা কৰিছে। সুগভীৰ জীৱনানুসন্ধান, ঐতিহ্য তথা ইতিহাস চেতনা আৰু সাধাৰণ মানুহৰ জীৱন যাত্ৰাৰ সতে থকা পৰিচিতিৰ বাবেহে তেখেতে গল্পত এক বিৰাট সামাজিক ক্ষেত্ৰক উপস্থাপন কৰিব পাৰিছে। তেখেতৰ গল্পত সমাজ জীৱনৰ নানা দ্বিধা-দ্বন্দ্ব দ্ব্যৰ্থহীন ৰূপত প্ৰকাশিত হৈছে। আদিপৰ্বৰ গল্পসমূহত তেখেতে কাহিনীত গুৰুত্ব দিয়া দেখা যায় যদিও কাহিনী কথনৰ সুৰটো একক আৰু অনন্য। ‘সীমিত অভাৰ’ গল্পটোত সাম্প্ৰদায়িক বিষবাষ্পৰ চিত্ৰণ দেখুওৱা হৈছে যদিও গল্পটোৰ শেষত এক উজ্জ্বল আশাবাদে ভূমুকি মাৰিছে। ‘হায় মলুৱা’ গল্পটো এহাল বান্দৰৰ কাহিনীৰে ৰচিত। এহাল বান্দৰৰ বন্দীদশা আৰু তাৰে এটাৰ আকাংক্ষিত ‘মুক্তি’ৰ কাৰুণ্যই গল্পটো ব্যতিক্ৰমী কৰি তুলিছে। পূৰ্বে উনুকিওৱা হৈছে যে খাটনিয়াৰৰ গল্পত প্ৰান্তীয় আৰু খাটিখোৱাজনৰ জীৱনচৰ্যাই বিশেষ গুৰুত্ব পাইছে। ‘বিকৰ্ষণ’ তেনে এক গল্প। ‘টিমুং’ নামৰ এক সহজ সৰল জনগোষ্ঠীয় মানুহ আৰু সমাজৰ ‘বাবু’ শ্ৰেণীৰ মানুহৰ দ্বন্দ্ব গল্পটোৰ মূল বিষয়। টিমুং সৰল আৰু প্ৰাণখোলা স্বভাৱৰ। গুৱাহাটীৰ দাঁতিকাষৰীয়া ঠাইলৈ ‘বাবু’ শ্ৰেণীৰ স্বাভাৱিক গমনে টিমুঙৰ অস্তিত্বকে বিপন্ন কৰি পেলাইছে আৰু তেওঁ ভেটি মাটি বিক্ৰী কৰি দিয়াৰ সিদ্ধান্ত লৈছে। প্ৰান্তীয় চেতনাৰ পৰাও গল্পটোৰ গুৰুত্ব আছে। গল্পটোত টিমুঙৰ জীৱনযাত্ৰাৰ ব্যাপক বিৱৰণ আছে। নৈ, জান-জুৰি পাহাৰৰ সমীপত বাস কৰা টিমুঙে ‘বাহিৰ ফুৰিবলৈ’ ঠাই এটুকুৰা নোপোৱা হৈছে। টিমুঙৰ চৰিত্ৰ অংকণত লেখকৰ কৌশলী হাতৰ সিদ্ধহস্ততাৰ পৰিচয় পোৱা যায়। টিমুঙ মাথোঁ এটা চৰিত্ৰ নহয়; ই আচলতে জনগোষ্ঠীয় জীৱনধাৰাৰে এক [ ৫৭ ] প্ৰতীক। গুৱাহাটীৰ আৰ্থ সামাজিক আৰু ভৌগোলিক দিশলৈ চকু দিলেও দেখা যায় যে ‘বাবু’ শ্ৰেণীৰ আগ্ৰাসনৰ ফলত জনগোষ্ঠীয় মানুহখিনিয়ে জীৱনধাৰাৰ স্বাভাৱিক সুচলতা হেৰুৱাই পেলাইছে। খাটনিয়াৰৰ গল্পত শ্লেষ, বক্ৰোক্তি আৰু ব্যংগই বিশেষ প্ৰাধান্য পাইছে। দুৰ্নীতি, ভণ্ডামিৰ প্ৰতি তেখেতৰ কলম ধাৰাল আৰু কঠোৰ। ‘এতিয়া গভীৰ ৰাতি’ গল্পটোত বিষ্ণুৰাভা দিৱসৰ চেলু লৈ চান্দাজীৱী এচামক তীব্ৰ তাচ্ছিল্য কৰা হৈছে। গল্পটোত বুদ্ধিদীপ্ত হাস্যৰস আৰু ব্যংগৰ বোলনে বিশেষ তাৎপৰ্য লাভ কৰিছে। শিল্পীৰ ভেশধাৰী এচাম মানুহৰ লালসা, বিষ্ণু ৰাভা দিৱস উদ্যাপন কৰাৰ মানসিকতা গল্পটোত প্ৰতিফলিত হৈছে। গল্পটোৰ শিৰোনাম ইংগিতধৰ্মী আৰু তাৎপৰ্যপূৰ্ণ। শিৰোনামত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ বিখ্যাত কবিতা ‘বিষ্ণুৰাভা, এতিয়া কিমান ৰাতি’ৰ ৰেশ দেখা যায়। ‘এতিয়া গভীৰ ৰাতি’য়ে গল্পটোৰ তাৎপৰ্যক অনুপম মাধুৰ্য দান কৰিছে। অন্তিম সততাও বাদ দি বিষ্ণু ৰাভা দিৱসৰ উদ্‌যাপন সমিতিৰ বিষয়ববীয়াই চান্দাৰ ভাগ বটোৱাৰা কৰিছে। ‘এতিয়া কিমান ৰাতি’ বুলি নকৈ গল্পৰ কথকে ‘এতিয়া গভীৰ ৰাতি’ৰ অৱতাৰণা কৰিছে। সৌজন্য, সততা আৰু প্ৰজ্ঞাৰ পোহৰ শেষ; গভীৰ ৰাতিয়ে অন্তহীন নৈৰাশ্য আৰু বেদনাৰো দ্যোতক হৈ পৰিছে। ‘গণশত্ৰু’ গল্পটোত নিৰ্মালিয়ে ৰক্তিমৰ সৈতে বৈবাহিক সম্পৰ্ক ছিন্ন কৰিছে; কাৰণ ৰক্তিম জৈৱাস্ত্ৰৰ গৱেষণাত মগ্ন। ৰক্তিমৰ গৱেষণাই মানৱ সভ্যতালৈ ভাবুকি অনাৰ সম্ভাৱনাৰ কথা ভাবি নিৰ্মালিয়ে আমেৰিকাৰ প্ৰাচুৰ্যময় জীৱন ত্যাগ কৰি পিতৃগৃহলৈ উভতি আহি পুনৰ নৃত্যচৰ্চাত নিমগ্ন হৈছে।‘মেনকা’ গল্পটোত অনৈতিক যৌনতাৰ আৱহেৰে দেহোপজীৱিনীৰ জীৱন সংগ্ৰামৰ ছবি ফুটি উঠিছে। সমাজৰ উচ্চবিত্ত এচাম পুৰুষৰ শৰীৰী ভোক আৰু প্ৰান্তীয় নাৰী কিছুমানৰ জীৱনৰ বেদনা গল্পটোত মৰ্মস্পৰ্শী ৰূপত বিবৃত হৈছে। সমাজ জীৱনৰ সূক্ষ্ম আৰু তীক্ষ্ণ অনুসন্ধানে তেখেতৰ গল্পসমূহক এক অন্য আয়তন প্ৰদান কৰিছে। ভোগবাদী সমাজ; বিশ্বায়নৰ কোবাল বতাহত উটি যোৱা সময়ৰ চিত্ৰণেৰে তেখেতে কেইবাটাও মৰ্মস্পৰ্শী গল্প ৰচনা কৰিছে। গল্পসমূহৰ মাজত লুকাই থকা চৰিত্ৰৰ মনোজগত গল্পকাৰে নৈপুণ্যৰে উন্মোচন কৰিব পাৰিছে। চৰিত্ৰৰ মনোজগতৰ খুটিনাটি বৰ্ণনা আৰু ইংগিতময়তাৰে খাটনিয়াৰে মনস্তাত্ত্বিক অভিজ্ঞতাৰ সৃষ্টি কৰিছে। ‘সম্পৰ্ক’ তেনে এটা গল্প; নাটকীয় পৰিসমাপ্তিয়ে এই গল্পটোত তীব্ৰ পৰিহাসময় অৱস্থাৰ সূচক হৈ পৰিছে। বিপুল খাটনিয়াৰৰ গল্পক আমাৰ সমাজ জীৱনৰ ধাৰাভাষ্য বুলি ক’ব পাৰি। পূৰ্ব প্ৰসংগত কোৱা হৈছে প্ৰপীড়িত আৰু নিপীড়িত শ্ৰেণীৰ জীৱনৰ বয়নেৰে তেখেতে বহুতো গল্প ৰচনা কৰিছে। ‘টায়াৰ কটা চেণ্ডেল’ত এখন মধ্যবিত্তীয় [ ৫৮ ] সুবিধাবাদক ব্যংগ কৰা হৈছে। এখন ৰিক্সাৰ যাত্ৰাৰ কাহিনীৰে শ্ৰেণীবিভাজিত সমাজৰ নিৰ্মম স্বৰূপ গল্পকাৰে সুন্দৰ ৰূপত ফুটাই তুলিবলৈ সক্ষম হৈছে। বিমল চৌধুৰী আৰু তেওঁৰ পত্নীয়ে ৰিক্সাচালকজনক তীব্ৰ ককৰ্থনা কৰিছিল। গল্পটোৰ শেষত ৰিক্সাচালকজনৰ কথাই যেন চৌধুৰীৰ দুগালত চৰ শোধাইছে। ‘টায়াৰ কটা চেণ্ডেল’ গল্পটোত শ্ৰেণী চেতনাৰে মধ্যবিত্তীয় সুবিধাবাদক আক্ৰমণ কৰা হৈছে।

 বিপুল খাটনিয়াৰে প্ৰায়বোৰ গল্প পৰম্পৰাগত কথনভংগীত লিখিছে। অৱশ্যে পৰৱৰ্তী সময়ত তেখেতৰ গল্পৰ ভাষা আৰু আংগিকৰ পৰীক্ষিত প্ৰয়াসো দেখা যায়। তেখেতৰ গল্পই সামৰি লৈছে আমাৰ সমাজ জীৱনৰ প্ৰান্তীয় আৰু নিম্নবৰ্গীয় জীৱনচৰ্যা। এই প্ৰান্তীয়তা উন্মোচনৰ বাবে তেখেতৰ গল্পৰ এক ঐতিহাসিক গুৰুত্ব আছে। শোষণ, অবদমন আৰু অত্যাচাৰে কোঙা কৰা জনজীৱনৰ পক্ষ লৈ তেখেতে দেখুৱাইছে নিম্নবৰ্গীয় জীৱনৰ নানা দ্যোতনা। কিছুমান অবিস্মৰণীয় কাহিনী আৰু চৰিত্ৰ সৃষ্টিৰ মাজেৰে তীব্ৰ Ironyৰে আৰু সমাজ জীৱনৰ ভণ্ডামি আৰু শঠতাৰ উন্মোচনৰ বাবে বিপুল খাটনিয়াৰে প্ৰায় একক কৃতিত্ব দাবী কৰিব পাৰে। তেখেতৰ গল্পৰ কেন্দ্ৰীয় বিষয় বঞ্চনা আৰু শোষণৰ কথন। বাৰে বাৰে এইজনা গল্পকাৰৰ গল্পত নিম্নবৰ্গীয় জীৱনৰ কাৰুণ্য দেখা যায়। অথচ সেই কাৰুণ্য আৰোপিত কাৰুণ্য নহয়; অন্তৰৰ গভীৰত সহমৰ্মিতা নাথাকিলে সেই কাৰুণ্য ইমান জীপাল হৈ নুঠিলেহেঁতেন৷ এগৰাকী বলিষ্ঠ আৰু শক্তিশালী গল্পকথক হোৱা সত্বেও খাটনিয়াৰৰ গল্পৰ সমালোচনা তাকৰ। আমাৰ সাহিত্যত পৰীক্ষাকেন্দ্ৰিক নিৰ্মিতিক লৈ হৈ চৈ কৰা সমালোচকবোৰো খাটনিয়াৰৰ গল্পক লৈ নীৰৱ। খাটনিয়াৰৰ গল্পৰ এক বিৰল আয়তন দেখা যায়। বিষয়বস্তু আৰু কথনৰীতি দুয়োটা দিশতে তেখেতে বিচক্ষণ নিৰ্মিতিৰ পৰিচয় দিছে। অসমীয়া গল্পত সহজে চকুত নপৰা প্ৰান্তীয়তা আৰু subal- tern জীৱনৰ ছবি তেখেতে স্বচ্ছন্দে আঁকিব পাৰিছে। সমাজ জীৱনৰ অৰ্থময় কথন হ’লেও খাটনিয়াৰৰ গল্পৰ বহুমাত্ৰিক ব্যঞ্জনা আছে। তেখেতে কেতিয়াও বিষয়বস্তু আৰু কথনৰীতিত নিজক অনুকৰণ কৰি থকা নাই। চৌপাশৰ সমাজখন অংকন কৰোঁতে তীব্ৰ শ্লেষ আৰু বক্ৰোক্তিৰ আশ্ৰয় লৈছে। ঐতিহ্য আৰু ইতিহাস চেতনা তেখেতৰ গল্পত সমকালৰ ৰূপক হৈ আহিছে। তেখেতৰ গল্পৰ Textত বহুকৌণিক মাত্ৰা সোমাই থাকে। এক বিৰল গল্পভাষা আয়ত্তাধীন বাবে তেখেতে গল্পত ভিন্ন পৰিক্ষেত্ৰত বিচৰণ কৰিব পাৰে। তেখেতৰ গল্পত প্ৰগতিশীলতাৰ এক নতুন দ্যোতনা বিচাৰি পোৱা যায়। প্ৰথাগত শৈলীৰ বিপৰীতে ভাষা আৰু কথনৰীতিৰ বিৰল বয়নেৰে তেখেতে সৃষ্টি কৰিলে ‘হাৰান কুণ্ডু’ অথবা ‘সোণটি গৰীয়া’ৰ দৰে চৰিত্ৰ; যি চৰিত্ৰই [ ৫৯ ] পঢ়ুৱৈৰ চেতনাক চাবুক মাৰি থৈ যায়।

 বিপুল খাটনিয়াৰৰ গল্প বৈচিত্ৰ্যময় চেতনাৰ ধাৰক আৰু বাহক। শ্ৰেণীবিভাজিত সমাজ এখনৰ কথা ক’বলৈ যাওঁতে তেখেতৰ গল্পই এক অন্য আয়তন লাভ কৰে। নিম্নবৰ্গীয় সমাজ এখনৰ দৈনন্দিনতাক তেখেতে উন্মোচন কৰে ব্যতিক্ৰমী প্ৰত্যয়েৰে। এক নিৰ্ভীক নিৰাবেগ শৈলীৰে তেখেতে কৈ যায় শোষণৰ আঁৰৰ নানা সত্য। এই সত্যৰ উন্মোচনে পঢ়ুৱৈক দি যায় চিন্তা আৰু যুক্তিৰ এক নতুন মাত্ৰা। কেৱল পৰিচিত সত্য বা আমাৰ চৌপাশেই নহয়; অন্য ৰাজ্যৰ পটভূমিতো (মিজোজাই) তেখেতে দেখুৱাইছে খাটিখোৱাজনৰ ব্যথা। প্ৰতিবাদ আৰু প্ৰতিৰোধৰ উপস্থাপনৰ বাবে খাটনিয়াৰৰ গল্পত সচেতন পাঠকে মহাশ্বেতা দেৱীক বিচাৰি পাব পাৰে। খাটনিয়াৰৰ গল্পভাষা নিৰ্মেদ আৰু আটিল। অসমীয়া ভাষাৰ এক নব্য কালিকা আৰু সম্ভাৱনীয়তাক তেখেতে উজলাই তুলিছে। সেয়েহে তেখেতৰ গল্পত এক অনন্য সুখপাঠ্যতা চকুত পৰে। ভাব আৰু ভাষাৰ নিটোল সমন্বয়; প্ৰতিবাদ প্ৰতিৰোধৰ উপস্থাপন আৰু এক শুভবোধৰ তাড়নাই তেখেতক সমাজ জীৱনৰ ভাষ্যকাৰ কৰি তুলিছে।❐

(লেখক পাণ্ডু মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক) [ ৬০ ]


বিপুল খাটনিয়াৰৰ গল্পৰ সৌন্দৰ্য

চামচুল বাৰিক

পাৰ হৈ যোৱা তিনিটা দশকত অসমীয়া চুটি গল্পক গণমুখী কৰা সকলৰ ভিতৰত তেওঁৰ নাম, তালিকাখনৰ ওপৰৰ পৰা দহজনৰ ভিতৰত অন্তৰ্ভুক্ত হৈ থাকিব এই লৈ কোনো দ্বিধা থাকিব নোৱাৰে।‘খোজ’ৰ পৰা ‘ঘঁৰিয়ালডাঙাৰ কথা’ লৈকে প্ৰতিখন সংকলনতে তেনেকুৱা গল্পই পৰিপূৰ্ণ হৈ আছে। আনকি বিশেষ সংখ্যাৰ আলোচনীবোৰত প্ৰকাশিত গল্পখিনিত কিবা নহয় কিবা প্ৰকাৰে সমাজ সচেতনতাবোধৰ সূক্ষ্ম আৰু নান্দনিক প্ৰকাশ পাঠকৰ দৃষ্টিগোচৰ হৈছে। তেওঁ আন কোনো নহয়, ঘৰুৱা কথকতাৰে পাঠকৰ সৈতে মুখামুখি হ’ব পৰা স্বকীয় বৈশিষ্ট্যৰে সমুজ্বল বিপুল খাটনিয়াৰ।

 তেওঁৰ হাতত যি বিষয়বস্তুৱে গল্প ৰূপ ধাৰণ কৰিছে, সেইয়া তেওঁ সন্ধান কৰিছে সমুখত আৰু চাৰিওফালৰ সমাজখনৰপৰা। তাকো ৰুদ্ধ কোঠাত বহি নহয়, গাঁও-ভূঁই, চহৰ-মহানগৰ, সংখ্যালঘু জনগোষ্ঠী, সংখ্যাগুৰু জনগোষ্ঠী, অনাদৃত জনসমষ্টিৰ মাজত থাকি ৰূপায়ন কৰিছে। যাৰ ফলত, তেওঁৰ গল্পবোৰৰ চৰিত্ৰই হওক, ঘটনাই হওক, কাহিনীয়েই হওক খোলা প্ৰকৃতিৰ দৰে উজ্বল হৈ উঠিছে। খাটনিয়াৰৰ পৰ্যবেক্ষণ ক্ষমতা ইমানেই তীব্ৰ যে সমাজ জীৱনৰ অন্ধকাৰ দিশসমূহ দিনৰ পোহৰৰ দৰে ভাস্কৰ হৈ উঠে। গতিকে খাটনিয়াৰৰ গল্প মানেই খনন, য’ত আমি দেখা পাওঁ বাস্তৱিকতা।

 বিপুল খাটনিয়াৰৰ গল্পৰ স্বৰূপ, তাৎপৰ্য আৰু জনপ্ৰিয়তাৰ সন্দৰ্ভত আমি তেওঁৰ বহুকেইটা গল্পক সমুখলৈ আনি ল'ব পাৰোঁ। কোনটো গল্পৰপৰা গল্পকাৰৰ চিন্তা-চেতনাৰ আৰম্ভণী কৰা যায়, সেইয়াও নিৰ্দিষ্টকৈ কৈ দিব নোৱাৰি। যিহেতু প্ৰতিটো গল্পতে আছে একোটা মহৎ ভাবনা।

 তেওঁৰ গল্পখিনিত মূলতঃ আছে শ্ৰেণী চেতনাৰ প্ৰখৰ তৰঙ্গ। গতিকে [ ৬১ ] চৰিত্ৰবোৰ গল্পকাৰে সেই উদ্দেশ্য আগত ৰাখিয়েই সজাই তুলিছে। কাহিনীও অনুৰূপ ধৰণে আগুৱাইছে। গল্পৰ ভাষা সেয়ে সৰল হৈয়ো দ্বন্দ্বমূলক। যিবোৰ ঘটনা আৰু কাহিনীয়ে আমাৰ সমাজ জীৱনক ব্যথিত কৰি তুলিছে সেইবোৰেই আছে উল্লিখিত গল্পবোৰৰ মাজত।

 যদিও আমাৰ বহুধাবিভক্ত জাতীয় জীৱন, কিন্তু তৃণমূলৰ সমস্যাৰ মাজত কোনো ‘হিমালয়ৰ প্ৰাচীৰ’ নাই। একেই কথকতা, একেই যন্ত্ৰণা আৰু একেই সম্ভাৱনা। ‘চেগুন বনৰ কথা’ বা ‘মিজোজাই’ বা ‘দখাৰ’ বা ‘সোণটিগৰীয়া’ যিয়েই নহওক কিয়। পাঠকে ‘চেগুন বনৰ কথা’ত লুনচে নামৰ জীৱিকাৰ তাড়নাত অজগৰ এটা ধৰিবলৈও কুণ্ঠাবোধ নকৰা ওঠৰ বছৰীয়া ল’ৰাটো আৰু হন্তাহ নামৰ কন্যাক নগা ল’ৰাটোৰ জীৱনশৈলীৰে মাজত এক অদৃশ্য সাদৃশ্য দেখা পাব। ঠিক লগে লগে পাঠকৰ সমুখত দুয়োটাৰ মাজত জীপ লৈ উঠা সহানুভূতিৰ অপূৰ্ব চিত্ৰও পৰিলক্ষিত হ’ব। গল্পটোত কাহিনী ক্ৰমে ‘হুনচেৰ পেণ্টটো ফিচিকিছিল। অজগৰ ডাল কঢ়িয়াই আনোতেও কেইবা ঠাইতো শুকান ডাল আৰু আঁকোৰা কাঁইটে টানি ধৰিছিল৷ এতিয়া, ঠিক এই মুহূৰ্তত সি পেণ্টটো পিন্ধা আৰু নিপিন্ধাৰ মাজত বৰ বেছি পাৰ্থক্য নোহোৱা হৈ পৰিল’। সেইদৰে হস্তাহৰ সঁহাৰিৰ সুৰ মন কৰিবলগীয়া : ‘আমি লাগা কাপোৰখান আপুনি লাগা লগাব আছে’। আমাৰ সমাজজীৱনৰ এইয়াই এক নিৰ্ঘাত বাস্তৱতা নহয়নে? ‘হাৰমনিয়াম’তো একেজাতীয় ধ্বনি প্ৰৱাহিত হৈ আছে। এটা স্থানীয় ৰেলযাত্ৰাৰ কাহিনীৰ আলমেৰে আৰম্ভ হৈছে বিষয়বস্তুৰ প্ৰসাৰ আৰু পৰিণতি। জন্মান্ধ ৰমজানো যেন একেই নিঃকিন চৰিত্ৰ। গল্পটোৰ অন্ত পৰিছে ৰমজানৰ হামনিয়ামত বাজি উঠা গীজাঘৰৰ এটি প্ৰাৰ্থনা গীতেৰে য'ত লেখকে পল ৰবচনক দেখা পাইছে। এফালে সাম্প্ৰদায়িক সম্প্ৰীতিৰ ধ্বনি আৰু সমান্তৰালভাৱে শ্ৰেণী বিপ্লৱৰ প্ৰতিধ্বনি। ‘মিজোজাই’ত শিল ভঙা মানুহৰ জীৱনৰ স্পন্দন বিচাৰি গল্পকাৰ গুছি গৈছে ‘চাই বুটাটং’ নামৰ এখন ক্ষুদ্ৰ গাঁৱৰ পৰিৱেশলৈ। যিখন গাঁৱৰ লোকে শিলভঙা বৃত্তি এৰিলে ঘৰত লাল বাটি জ্বলিব। শিলভঙাৰ সংগ্ৰামৰ লগতে ধৰ্মঘটো সিহঁতৰ জীৱনৰ অবিচ্ছেদ্য অংশ হৈ পৰিছে। লালেন মুৱা আৰু মাপু-চি নামৰ শ্ৰমিক নৰ-নাৰীহালৰ মাজৰ এক প্ৰেমৰ চিত্ৰয়ো গল্পটোৰ মূল কাহিনীটোৰ সৌন্দৰ্য বৃদ্ধি কৰিছে৷ অন্যতম এক থলুৱা অসমীয়া জনগোষ্ঠী গৰীয়া সমাজৰ শিপাৰ সন্ধান কৰিছে গল্পকাৰে ‘সোণটি গৰীয়া’ৰ মাজত। ‘তবলীগ’/ইস্তেমা’ৰ মাজতো থলুৱা মুছলমানে মৌলিক চৰিত্ৰ অটুত ৰাখিছে। গল্পটোৰ সামৰণি বাক্যটো সেয়ে : ‘গৰীয়া মুছলমানে তাজিয়া নেখেলে’। এটা সময়োপযোগী গল্প। উত্তৰ-পূৰ্বাঞ্চলৰ [ ৬২ ] জনগোষ্ঠীসমূহক গল্পৰ মাজত খাটনিয়াৰে যিমান গভীৰৰপৰা তুলি ধৰিছে, অসমীয়া অতি সাম্প্ৰতিক গল্প সাহিত্যত সেই কাম যেন আধৰুৱা। যদিও ৰাজনৈতিকভাৱে সাত ভনীৰ মাজত সীমাৰেখা আছে, কিন্তু ভৌগোলিক, সাংস্কৃতিকভাৱে এতিয়াও একেটি ছন্দৰে বন্ধা। উত্তৰ-পূৰ্বাঞ্চলৰ যিকোনো এখন ৰাজ্যৰ হৃদয়ত ঘাঁ লগা মাত্ৰে একেই যন্ত্ৰণা একেই বিক্ষোভ। অসমো ব্যতিক্ৰম নহয়। যিদৰে ‘মিজোজাই’ত গল্পকাৰে শ্ৰমকাৰী মিজো জনতাৰ মনৰ বুজ লৈছে, ‘দখাৰতো’ একেই চিত্ৰায়ণ। ‘দখাৰ’ মানে খাচী ভাষাত ‘বিদেশী'। অসমৰ দৰে তাতো বিদেশী প্ৰব্ৰজন এক সমস্যা। কিন্তু দখাৰ খেদা আন্দোলনৰ কিদৰে অৰ্ধ সন্ত্ৰাস আৰু অৰ্ধ সাম্প্ৰদায়িক ঘূৰ্ণী বতাহ এজাক বলিছিল মেঘালয়ৰ ভূখণ্ডত আৰু নিৰাপত্তাহীনতাৰ শংকাই মেঘালয়ক অস্থিৰ কৰি তুলিছিল তাৰ এক বাস্তৱ মূল্যায়ন আছে এই গল্পত। ‘সীমান্ত পথৰ গল্প’ একে পৰ্যায়ৰে গল্প। য'ত গল্পকাৰে মানৱতাৰ প্ৰশ্নকো সঠিকভাৱেই তুলি ধৰিছে। দুদিন আগলৈকে একেখিনি মানুহ। দেশ বিভাজনৰ ঠিক পিছতেই দুখিনি মানুহ, দুখন ৰাষ্ট্ৰ, দুটা সীমান্তৰক্ষী বাহিনী। ভৰমোহন এইফালে ৰ’ল। কালী মোহন সিপাৰত পৰিল। এই পাৰৰ অগ্নিকাণ্ড দেখি কালীমোহনে ভাবিছিল তাৰ কোনো ক্ষয়-ক্ষতি নহয়। কি, জুই মানেই বতাহ। কালী মোহনৰ ঘৰবাৰী, লখিমী ভঁৰাল সকলো লাহে লাহে ছাই হ'লগৈ। এইখিনিতে গল্পকাৰে বিচাৰি পাইছে মানৱীয় সত্য, ‘জ্বলিছে যেতিয়া আৰু বিশেষ বাকী নাথাকিল, জুই নিজে নিজে নুমাল। জুই নুমোৱাৰ পিছতো কিন্তু ভালেমান পৰলৈকে সিপাৰৰ মানুহবোৰে হাতে হাতে পানীৰ টিং, বালিৰ বস্তা লৈ সাজু হৈ থাকিল। অগ্নি দেৱতাৰ কি ইপাৰ সিপাৰ।’ য’ত উগ্ৰ ৰাষ্ট্ৰীয়তাবাদে ঠাই লৈছে আন্তৰাষ্ট্ৰীয়তাবাদ বা সাৰ্বজনীন বাস্তৱতাৰ। গল্পটোত ইতিহাসৰ অধ্যায়ৰ ৰেঙণিৰ আধাৰত সীমান্তৰ মানুহৰ সতে কথাপতা হৈছে। সিয়ো গল্পটোৰ আয়তন বৃদ্ধি কৰিছে।

 খাটনিয়াৰৰ গল্পবোৰ পাঠকৰ কাষ চপাৰ তিনিটা অন্যতম কাৰক হৈছে ভাষাৰ লালিত্য, পৰিৱেশ নিৰ্মাণৰ প্ৰাধান্য আৰু সংলাপৰ সৌন্দৰ্য। তেওঁৰ গল্পত ভাষাৰ এক সুকীয়া স্বাদ আছে। কাহিনী আৰু চৰিত্ৰৰ সৈতে হুবহু মিল হোৱাকৈ ভাষাৰ ঠাঁচ আছে। ভাষাশৈলীৰ ধৰণ সহজ অথচ মননশীল। ‘গোলাম’ গল্পৰ ঠাঁচটোলৈ আমি চকু দিব পাৰোঁ। যেনে : ‘ৰূপহীয়ে হিয়া ঢাকুৰিলে, ‘ডেকা দৌতা। কাউৰীৰ ঠোটে কেঁচা তেজ নেচাং নেচাংহে কৰে। অমুকীৰ গৰ্ভে আহি জিৰোৱা তিনিমহীয়াৰ শপত।’ সেইদৰে, ওপৰোক্ত বাক্য গাঁথনিত আমি ভাষাৰ থলুৱা ষ্পন্দন শুনা পাওঁ। ফকৰাৰ ঠাঁচেও তেওঁৰ গল্পক সুখপাঠ্য কৰি তুলিছে (‘কথাতে কয়, কপাল ফুলিলে হেনো [ ৬৩ ] খৰিভাৰীয়েও ৰাজ কন্যা পায় : ‘গোলাম’)। এই গল্পটোত এনে প্ৰবচন ঠায়ে ঠায়ে আছে। আৰু এটা উদাহৰণ : ‘বাপেকি চিলনী নিলে ভকতনী/ধোন্দেদি সৰকি গ’ল/স্বৰ্গদেউ ঈশ্বৰে হাৰি আনি আনিলে/সোণ দি পৰাচিত হ’ল’। আহোম ৰাজত্বৰ পাইক সমাজৰ জীৱন-সংগ্ৰামৰ ছাঁ-পোহৰৰ খেলা আছে ‘গোলাম’ গল্পত। ইতিহাসৰ ৰঙেৰে জীপাল এটা আটকধুনীয়া গল্প। ‘কেঁচা ঢোলৰ ভাৰ’ত গ্ৰামীণ ভাষাৰ যি উৰ্বৰ ঠাঁচ আছে সিয়ো পাঠকক আদিম আকৰ্ষণৰ দৰে টানি নিয়ে :‘ঢোলটি বাবৰে তিনিটি আঙুলি/মাজৰটি আঙুলি লৰে/কালিৰে পৰা ভাতে নাইকিয়া/ কাছুটি সুলকি পৰে’। সেইদৰে, ‘পাছে ঠানুৰাম দত্তও কমনে? ঘাত-মালিতা, বুলনি, খৰছনা, চুচুনিৰ ওপৰি ৰগৰ, টোকৰ, লহৰত তেওঁৰ মান পাবলৈ নাই’। লোক-শিল্পীৰ জীৱন গাথাৰ অপূৰ্ব চিত্ৰায়ণ এনেদৰেই গল্পকাৰে আনিবলৈ সফল হৈছে। ঢোল সংস্কৃতিৰ সমল উদ্ধাৰতো গল্পকাৰৰ ভাষাৰ জোৰ মন কৰিবলগীয়া। প্ৰায়বোৰ গল্পৰে ভাষাৰ ভৰ নিয়ন্ত্ৰণত তেওঁৰ হাতৰ চমক আছে। কেতিয়াবা হয়তো উপন্যাসৰ ভাষায়ো চুই গৈছে।

 বিপুল খাটনিয়াৰত গল্পৰ আন এক প্ৰাণপৰশা দিশ হৈছে গল্পৰ কাহিনীক পটভূমি আৰু পৰিৱেশৰ সঠিক সাজোনেৰে উপস্থাপন কৰা। গল্পবোৰ পঢ়ি গৈ থাকিলে পাঠকে আপোনা আপুনি কাহিনীৰ মাজত সোমাই পৰিব পাৰে। তেওঁৰ গল্পত কাহিনী বা চৰিত্ৰৰ ক্ৰমবিকাশ সৰল নহয়। অথচ, পৰিবেশ চিত্ৰায়ণৰ মাজৰ পৰাই পাঠকে কাহিনীৰ সাৰ উদ্ধাৰ কৰিব পাৰে। ‘কাৱৈমাৰী সত্ৰৰ অতিথি’ গল্পটো আমি আৰ্হি হিচাপে চাব পাৰোঁ। সত্ৰৰ গোঁসাই প্ৰভুৰ স্বৰূপ বুজিবলৈ গল্পকাৰে সংযোগ কৰিলে এইদৰে :‘এনে গোঁসাই প্ৰভুসকলে একো-একোটা অঞ্চলৰ একো- একোটা ধৰ্ম প্ৰাণ, নীতি নিয়মৰ মাজত থকা শৰণ-ভজন লোৱা পৰিয়াল বাচি লয়। তাতে দিনটো ৰ’দে-ৰ'দে ছাতি লৈ সংগ্ৰহ কৰা ধান-চাউলবোৰ গোটায়। নিশাৰ ভাগলৈ মাটিৰ মলা বা গৃহস্থই যোগান ধৰা তলৰ ফালে পথাৰৰ বোকা মাটি লিপি শুকুৱাই থোৱা পিতলৰ ঢৌত চাউলকঠা সিজায়। কোনো কোনো গৃহস্থ বা শিচ ভকতে (বেলেগ সংহতিৰ হ’লেও) তেল-মাছ-পাচলিসহ সিধাত যাচে। তেল বেলেগ, মৎস্যও বেলেগ। ৰান্ধোতে সেই তেলতে মৎস্য নিক্ষেপ কৰা হ'লেও একেজন ভকতেই এই দুয়োবিধ দুখন হাতত বেলেগ-বেলেগ হ’লেও আনিব নোৱাৰে। মৎস্য বেলেগ, তৈল্য বেলেগ, নহ’লে চুৱা। ডাঙৰ মাছৰ টুকুৰা পালেতো কথাই নাই, কেঁচাই-কেঁচাই উতলা দালিও দিলে ঢালি’। সত্ৰৰ গোঁহাইৰ আদৱ-কায়দাৰ আন এক সঠিক উদাহৰণ (‘সত্ৰৰ’ গোঁসাই প্ৰভুসকলে কান্ধত গোবৰপাচিবা ভাৰ লোৱাৰ [ ৬৪ ] নিয়ম নাই; সেয়ে তেওঁলোকে প্ৰখৰ ৰ’দৰ পৰা তালুখন বচাই মূৰত ছাটি এটা লৈ আগে আগে যায়...’)। আনহাতে, বানে জুৰুলা কৰিছে গোসাঁই প্ৰভুৰ জীৱন শৈলীও (‘ধুতিৰ আঁচল বা কান্ধৰ গামোচাৰে মুখখন মোহাৰি কয়, কি ক’বা আই! বানে সৰ্বনাশ কৰিলে, মাজুলি এতিয়া মৰিশালী; সেয়ে ভকতসৱৰ কাষ চাপিছোঁ ধান- চাউল একঠা বিচাৰি’)। সেইদৰে, যাৰ ঘৰৰ পদূলিত গোসাঁই প্ৰভুৰ পদধূলা পৰিছে সেই গৰাকী বুটী নামৰ মহিলা গৰাকীৰ মুখৰ ভাষা : ‘প্ৰভু! মোৰ ছোৱালীজনীক আপুনি এই কেইদিন নিশ্চয় লক্ষ্য কৰিছে। বৰ লক্ষণীয়া ছোৱালী তাই; সোতৰ গৰকী এই আহিনে ওঠৰত ভৰি দিছে। আমি মাক-জীয়েক দুয়োজনীয়ে মিলি পাঁচ পুৰা মাটিত ৰোৱা-তোলা কৰোঁ; তাৰে দুপুৰা আধি মাটি। ... তাইক আপুনি নিজৰ সন্তান বুলি তুলি লওক প্ৰভু!’ অৰ্থাৎ, এনে জ্বলন্ত পৰিৱেশ চিত্ৰণৰ যোগেদি গল্পকাৰে গোসাঁই প্ৰভু আৰু নিঃস্ব ৰাইজৰ দুৰ্দশাৰ সাদৃশ্য নিপুণ ৰূপত তুলি ধৰিছে। খাটনিয়াৰৰ গল্পৰ পৰিৱেশ চিত্ৰণৰ আন এক লক্ষণীয় দিশ হৈছে প্ৰাকৃতিক ঘটনা-প্ৰৱাহৰ অপৰূপ বৰ্ণনাৰ সৈতে কাহিনীক সজীৱ কৰি তোলা। প্ৰতিটো গল্পতে কম-বেছি পৰিমাণে সেইয়া পাঠকৰ চকুত নপৰাকৈ নেথাকে। ‘বাৰদৈ-চিয়া’ গল্পত যথাৰ্থ উদাহৰণ : ‘আবৌৰ দুখতে দুখী হৈ যেন আকাশখনেও কলহৰ কাণে পানী ঢালিছে। মাজে মাজে অকণমান শাম কটা যেন কৰে, আকৌ আহে জিপ্ জিপ্‌কৈ’। সেইদৰে একেটা গল্পতে : ‘জাৰৌপ জাৰৌপকৈ বেৰত কোব খাই আচাৰকণিবোৰ ভিতৰৰ ফালে লোৰ বৈ আহিছে, উৰুখা চালিৰে সুমোৱা বৰষুণে চৌকাটোও উপচাই পেলাইছে’৷ ‘গেন্ধা ফুলৰ পাহি’ৰ আৰম্ভণীটো : ‘পুৱতি নিশা এজাক কিন্ কিনিয়া বৰষুণ নামিল আৰু বৰষুণজাকৰ মাজতে কলঘৰত হুইচেলটোও ৰৈ ৰৈ বাজিব ধৰিলে। আন দিনাখন হোৱা হ’লে ‘দচ নম্বৰ লাইন’ৰ চুকৰামৰ বেটী মিনিয়ে ছুই কোচ খোৱা কুমজেলেকুৱাটোৰ দৰে এতিয়াও তক্তা পোছখনতে ঘোঁটাই থাকিলেহেঁতেন। কিন্তু আজি নিচুকণি গীতজোৰা বৰষুণ জাকেও মিনিক ধৰি ৰাখিব নোৱাৰিলে।’ এক কথাত ক'বলৈ গ’লে খাটনিয়াৰৰ গল্পৰ পৰিৱেশৰ বৰ্ণনা চিনেমাৰ ৰূপালী পৰ্দাৰ দৰে। গতিকেই, পাঠকে গল্পটো পঢ়িবলৈ আৰম্ভ কৰি দিলেই সামৰণি নকৰি নোৱাৰে।

 এই গল্পকাৰজনৰ গল্পৰ অন্যতম শক্তিশালী দিশ এটা হ’ল সংলাপৰ প্ৰয়োগ। গল্পবোৰত ব্যৱহৃত সংলাপবোৰৰ বৈচিত্ৰ্যময় ৰূপ পোৱা যায়। কোনোটো সংলাপ চুটি। কোনোটো কিছু দীঘলীয়া। কোনোটো ইংগিতধৰ্মী। কোনোটো কাব্যিক। [ ৬৫ ] কোনোটো নাটকীয়। কোনোটো পৰোক্ষ। মূলতঃ সু-সংহত আৰু স্বাদযুক্ত। ‘জুয়ে পোৰা বন’ত লোক কথাৰ বোলেৰে নিৰ্মাণ কৰা এটি আটক ধুনীয়া সংলাপ :‘হেৰৌ! দিনৰ পোহৰত বাদুলী, ফেঁচাইজানো চিকাৰ বিচাৰি ওলায়?’ এনে প্ৰকৃতিৰ সংলাপে গল্পকাৰৰ বহুকেইটা গল্পৰ মেজাজ সবল কৰি তুলিছে।‘কেৱল তেজৰ বাবে’ শীৰ্ষক গল্পত দেখা পাওঁ আমি : ‘আগতে তালৈ আশা কৰা দুজনীমানে আক’ ঠাৰে-চিঁয়াৰে কয়, ‘সকলো গছতে কিবা গুটি লাগেনে?’ সেইদৰে, ‘বহুৱা’ গল্পৰ মাধুৰ্য বৃদ্ধিৰ আঁৰত দুটিমান সংলাপ এনে ধৰণৰ :

 ‘ফাপৰী কঠীয়াৰ সঁচ’

 ‘কিহত পাপ কিহত পূণ্য? এইবোৰ গোটেই খঁৰা ডাবি’।

 ‘সেই খাই ঠোঁট এছৰাটো’?

 ‘সজ! সজ! এনেয়েনো কৈছেনে বোলে, মানুহ নহ'লে গাবয় গীত পৰপুৰুষত থাকে চিত!’......’। ‘বাঁকৰ সাধু’ গল্পটো উধৰপৰা মুধলৈকে তেনেকুৱা সংলাপেৰেই সমৃদ্ধ। যেনে : ‘ৰাম নৌ জন্মোতেই ৰেমায়ণ এইবাৰহে শুনিছিলোঁ, পিছে এইবাৰ শেনৰ এজাত’। আৰু এটা প্ৰসংগত গল্পটোত উল্লেখ আছে এইদৰে : ‘বৰ মেধি কমল গাঁওবুঢ়াৰ সম বয়সৰ। তেওঁ ইচ ইচাই উঠিল, ‘হে কি কোৱাহে সখা? জীৱন মৰণ গমন বাণী/ইচাৰি কথা ডাকেও নাজানে ......।’ আচলতে গল্পটোৰ ভাব বস্তুক ঘনীভূত কৰিবলৈকে প্ৰবচনমূলক সংলাপৰ প্ৰয়োজনীয়তা আছে। গল্পকাৰ সততে উৰ্বৰা ভাষাশৈলীৰে পৰিচিত। ‘চম্পা ৰিক্সাৱালা’ৰ প্ৰথম সংলাপটো : ‘যিয়ে যিটো বেয়া পাই তাৰ নচিবত কিন্তু সেইটোৱেই লিখা থাকে’। ইংগিতসূচক এটি চকুত লগা সংলাপ ‘অযান্ত্ৰিক’ত: ‘জোৱান মৰদ। ঐ বাতটা নাই বুজিলি?’ এৰা ৰহস্যময়তা, তেওঁৰ সংলাপৰ আন এটি মনোৰম গুণ।

 বিপুল খাটনিয়াৰ মূলতঃ শ্ৰেণী সচেতন গল্পকাৰ। যাৰবাবে তেওঁ ব্যৱহাৰ কৰা সংলাপবোৰত শ্ৰেণী দৃষ্টিভংগী একোটা নিহিত হৈ থাকে। ফলত, প্ৰগতিশীল ভাবধাৰাই তেওঁৰ গল্পক আবৃত্ত কৰি ৰাখিছে। ‘ঘাঁচু বাবুৰ মহল’ৰ সংলাপবোৰক আমি মঙহাল উদাহৰণ হিচাবে পাব পাৰোঁ। কাঠৰ মহলৰ মালিক ঘাঁচুবাবুৰ মুখৰ সংলাপ : ‘এতিয়া চিজন টাইম, নগাঁৱত এক ট্ৰিপ মাল দিয়া মানেই আঠশ টকা। মেলেৰীয়া বেমাৰী এটাৰ বাবেই গাড়ী এখন বন্দী কৰিব পাৰিনে? তাৰ উপৰি আছে অহা-যোৱা তেলৰ খৰচ’। চামচেৰে বহাৰ পৰা সেহাই সেহাই ক’লে, ‘ঐ সনা, ৰচী টনা দুটাক তললৈ নমা। দুটাই নোৱাৰিবি, চিপিয়াত চাৰিটাই ধৰ। এডাল কাটা [ ৬৬ ] গোপালক দে। সাৱধান কিন্তু। অলপ ইফাল-সিফাল হ’লেই...। ঘাঁচু বাবুৰ নতুনকৈ অনা ট্ৰাকখনত বনুৱা কেইজনে এডাল ভেলু কাঠ উঠাবলৈ প্ৰয়াস কৰিছে।

বনুৱাকেইজনৰ মুখত গল্পকাৰে বাস্তৱৰ সংলাপ সংযোগ কৰিছে :

 ‘চিপিয়াৱালা’
 — হেইচৌ!
 ‘ফাঁকি দেতা’
 —হেইচৌ!!
 ‘ফাকি কাম’
 —হেইচৌ!!
 ‘নমক হাৰাম’
 —হেইচৌ॥

 সনাতনৰ মুখৰ ভাষা : ‘জোৰ লাগাকে/হেইচৌ!/‘মন খোলকে/হেইচৌ!!

 লগৰীয়া বনুৱা সনাতনৰ মৰাশটো তাৰ ঘৰত চমজাই দিবলৈ বনুৱাকেইজনৰ কথোপকথনখিনি বিশেষভাৱে উল্লেখনীয়।

 ‘হেণ্ডিমেন মাহাটোৱে সুধিলে, ঘাঁচু কুট্টাই জানো গাড়ী দিব’।

 ‘চামচেৰ মিঞাই দৃঢ়ভাৱে ক'লে, ঘাঁচু বেটাই নকৰিলে বুলি আমিও বহি থাকিমনে?’ এই ‘ঘাঁচু বাবুৰ মহল’ গল্পটোৰ ক্ৰমবিকাশত ক্ষুৰধাৰ সংলাপবোৰৰ এক প্ৰভাৱশালী ভূমিকা আছে। গল্পটো খাটনিয়াৰৰ দহটা সমাজ সচেতন গল্পৰ ভিতৰৰ এটা।

 আৰু এটা কথা। বিগত তিনিটা দশকৰ অসমীয়া গল্প সাহিত্যত আমাৰ মধ্যশ্ৰেণীৰ অন্তৰ্ভুক্ত গল্পকাৰসকলৰ বেছিভাগেই মধ্যবিত্তীয় খামখেয়ালি আৰু সীমাবদ্ধতাৰ পৰা মুক্ত বুলি ক'ব নোৱাৰি, যদিও তেওঁলোকৰ হাততেই বহু ভাল গল্পই ধৰা দিছে। অন্যহাতে, বিপুল খাটনিয়াৰৰ গল্প লেখাৰ আঁৰৰ উদ্দেশ্য অৱসৰ বিনোদন নহয়, সমাজৰ তাগিদাতহে তেওঁৰ গল্পৰ নেপথ্য গঢ় লৈ উঠিছে। অতি সাম্প্ৰতিক অসমীয়া শক্তিশালী প্ৰগতিশীল গল্পৰ ভিতৰত খাটনিয়াৰৰ একাধিক গল্পৰ শিৰোনাম উল্লেখ কৰিব পাৰি। এই সম্যক আলোচনাত এজন সাধাৰণ পাঠকৰ দৃষ্টিৰে তেওঁৰ গল্পৰ উদ্দেশ্য-বিধেয় দাঙি ধৰা হ’ল। সুধীজনে বিপুল খাটনিয়াৰৰ গল্পৰ মাজত আৰু অধিক গৱেষণাৰ সমল বিচাৰিলে তেওঁৰ গল্পখিনিৰ পূৰ্ণ মূল্যায়নৰ লগতে, সাম্প্ৰতিক অসমীয়া গল্প সাহিত্যৰ আৰু নতুন দিশ হয়তো উন্মোচিত হ’ব।❐

(লেখক এগৰাকী প্ৰগতিশীল সাহিত্যিক, সাহিত্য সংগঠক) [ ৬৭ ]

বিপুল খাটনিয়াৰৰ গল্পৰ কালিকা : সাহিত্য
আৰু সমাজতত্ত্বৰ নান্দনিক উপস্থাপনা

ৰত্না ভৰালী তালুকদাৰ

আমাৰ সময়ৰ এগৰাকী ধীমান, জাপানৰ বিশ্ববিখ্যাত গল্পকাৰ আৰু ঔপন্যাসিক হাৰুকি মুৰাকামিৰ এটা সাক্ষাৎকাৰ প্ৰকাশ পাইছিল দ্য গাৰ্ডিয়ান কাকতত ‘You have to go through the darkness before you get Light-শীৰ্ষক সাক্ষাৎকাৰটিত। সাক্ষাৎ গ্ৰহণ কৰিছিল অলিভাৰ ব্ৰুকমেনে। উক্ত সাক্ষাৎকাৰটিত সাক্ষাৎ গ্ৰহণ কৰোঁতাই মুৰাকামিক এক “Natural storyteller” বুলি উল্লেখ কৰাৰ লগে লগে তেখেতে তাক নাকচ কৰিছে এই বুলি ‘No, I am not a storyteller, I’m a story watcher.” তেওঁ হেনো গল্প এটা চাইহে থাকে—পৰ্যবেক্ষণ কৰে। নিজৰ সাহিত্যিক পৰিচয়টোক লৈ মুৰাকামিৰ যে বৰকৈ ‘মাথা ব্যথা’ নাই, সেই কথাও উক্ত সাক্ষাৎকাৰটিত প্ৰকাশ পাইছে। (শেষত ইয়াৰ লিংক দিয়া হৈছে)। তেখেতে নিজকে ‘গল্পৰ পৰ্যবেক্ষক’ বুলিহে কৈছে। তেওঁ যে গল্প এটা চাই থাকে, বা পৰ্যবেক্ষণ কৰে বুলি নিজেই কৈছে, তাৰপৰাই ধৰিব পাৰি যে মুৰাকামিয়ে গল্পবোৰ মনতে সাজি থাকে— ইমানকৈ সাজে যে তেওঁ গল্পটো দেখা পাই যায়গৈ। মনতেই পৰ্যবেক্ষণ কৰে। তেওঁৰ সাহিত্যৰ জগতখন আচৰিত, বাস্তৱৰ কাহিনী এটাত কল্পনা আৰু সপোনবোৰ একাকাৰ হৈ যায়। মুৰাকামিৰ গল্পত কল্পনা, সপোন আৰু সোঁৱৰণিৰ আশ্বৰ্যকৰ উপস্থাপনা আছে। আৰু উক্ত সাক্ষাৎকাৰটিত তেখেতে কৈছে যে দিনতেই তেওঁ ইমানবোৰ সপোন দেখে যে শোৱাৰ সময়ত সপোন দেখিবলৈ বিশেষ একোৱেই নাথাকেগৈ। আৰু কোৱা হৈছে যে শুই থকাৰ সময়ত তেখেতে হয়তো এমাহত এটা সপোনহে দেখে— ‘Well, may be once a month I dream.’ কিয়নো বাৰু তেওঁ শুই থকাৰ সময়ত সপোন নেদেখে? শুনকচোন উত্তৰটো—“But usually I [ ৬৮ ] don’t. I think it’s because I get to dream when I'm awake, so I do not have to dream, when I am sleeping” মুৰাকামিৰ এই উক্তিয়ে আমাক কয় গল্পকাৰ আৰু ঔপন্যাসিকগৰাকীৰ নিজস্ব মেজাজৰ কথা, যি মেজাজ তেওঁৰ সাহিত্যত সজোৰে উপস্থিত। কেতিয়াবা সি অবাস্তৱ, আৰু হয়তো আজগুবি যেন লাগিবও পাৰে। তেওঁৰ গল্পত বান্দৰে মানুহৰ দৰেই কথা কয়, সেই বান্দৰে গল্পৰ চৰিত্ৰৰ নাম সেই চৰিত্ৰটিৰ সৰুকালতেই চুৰ কৰি লৈ যায়, ফলত চৰিত্ৰই বাৰে বাৰে নাম পাহৰি যোৱাৰ একধৰণৰ বেমাৰত ভোগে। কিন্তু এয়া পুৰাকথা নহয়, তেখেতে কৈছে এটা সাম্প্ৰতিক সময়ৰ গল্প। কেতিয়াবা সাহিত্যত আকাশৰপৰা সৰি পৰে মাছ, মাছৰ বৰষুণ হয়। মুৰাকামিয়ে দিনত দেখা সপোনবোৰেই তেওঁৰ কল্পনা, যাৰ সতে থাকে সোঁৱৰণি— তেওঁ লয় লেখকৰ স্বাধীনতা। ইয়াক উপভোগ কৰে নিভৃতে। সেয়েহে তথাকথিত এক storyteller হোৱাতকৈ তেওঁ এজন story watcher হ’বলৈ ভালপায়।

 সাহিত্যৰ বিৱৰণীৰ বাবে স্ৰষ্টাই গ্ৰহণ কৰা এই মেজাজ আৰু স্ৰষ্টাই লোৱা স্বাধীনতাই মুৰাকামিক আগুৱাই লৈ গৈছে। যি যাত্ৰা আনতকৈ ভিন্ন। আৰু কথনৰ দীঘলীয়া, কষ্টকৰ যাত্ৰাৰ মাজেৰে স্ৰষ্টাই যেতিয়া তাক প্ৰতিষ্ঠা কৰে, তাৰ বাবে তেওঁৰ এক প্ৰস্তুতি থাকে —এই গোটেই প্ৰক্ৰিয়াত স্ৰষ্টা হৈ উঠে সাহসী। তেওঁ অন্ধকাৰৰ মাজেৰেই যায়, পোহৰৰ ৰহস্যবোৰ উন্মোচিত কৰি তেওঁ চমকিত হয় আৰু পাঠকক তাৰ সোৱাদ দিয়ে।

 অসমীয়া সাহিত্যৰ এগৰাকী অন্যতম শ্ৰেষ্ঠ গল্পকাৰ বিপুল খাটনিয়াৰ মুৰাকামিৰ সমকালীন। অৱেশ্য বয়সৰ জোখেৰে মুৰাকামি পাঁচবছৰৰ ডাঙৰ—কিন্তু মুৰাকামিৰ দৰেই তেওঁৰ আছে ভিন্ন মেজাজ, তেওঁ লৈছে স্বাধীনতা আৰু অনেক শ্ৰেষ্ঠ গল্প তেখেতে আমাক দিছে— যিবোৰ গল্পই সমাজৰ আৰু সাহিত্যৰ বহুতো সত্য আমাৰ সন্মুখত উন্মোচিত কৰিছে, স্থানীয় প্ৰেক্ষাৰ সতে সমকালীন বিশ্বৰ সংযোগ স্থাপন কৰিছে। মুৰাকামিৰ দৰেই তেৱোঁ নিভৃতৰ গল্পকাৰ। পাৰ্থক্য মাথোন এয়ে যে, মুৰাকামি বৰকৈ চৰ্চিত, তেওঁ জীৱনকালতেই অভাৱনীয় প্ৰসিদ্ধি লাভ কৰিছে। কিন্তু বিপুল খাটনিয়াৰক জীৱনকালত আমি তেওঁৰ প্ৰাপ্য সন্মান দিয়াত অৱহেলা কৰিলোঁ। অসমীয়া সাহিত্যৰ এইগৰাকী লেখত ল'বলগীয়া গল্পকাৰ সিদিনা হঠাতেই আমাৰ মাজৰপৰা হেৰাই গ'ল। যদিওবা বিপুল খাটনিয়াৰৰ গল্পৰ এক নিৰ্দিষ্ট মেজাজৰ কথা ইয়াত কোৱা হৈছে, তথাপি মাথোন গল্প লিখাৰ স্বাধীনতা লৈ এক ভিন্ন মেজাজৰ কথা ক’বলৈকে বিপুল খাটনিয়াৰে কিন্তু গল্পৰ বাট লোৱা নাই। সাহিত্য চৰ্চাৰ বাবে গল্পকেই প্ৰকাশৰ উপযুক্ত মাধ্যম বুলি ভবা বিপুল খাটনিয়াৰে সমসাময়িক বহুতো [ ৬৯ ] গল্পকাৰৰ দৰে গল্পৰ জগতলৈ এচমকা জীৱন অথবা খণ্ডিত জীৱনৰ এটুকুৰা বুটলি আনিব বিচৰা নাই। বৰং গল্পৰ সম্পৰীক্ষাত এক বিস্তৃত জীৱন অথবা এছোৱা সময়ৰ সামগ্ৰিকতাহে উন্মোচন কৰিব বিচাৰিছিল। সেয়েহে তেখেতৰ গল্পৰ প্ৰেক্ষা বিশাল, প্লট বিস্তৃত। যিখন সমাজৰ কথা তেওঁ গল্পত ক’বলৈ বিচাৰিব, সেই সমাজত তাৰ পৃষ্ঠভূমিৰ পোতন অতি দ’ হ’ব লাগিব। সাৰ্থক গল্প এটি নিৰ্মাণ কৰিবলৈ তেওঁ সময় লয়, আৰু কষ্ট কৰে। এয়াই হৈছে তেখেতৰ গল্পৰ উদ্দেশ্য আৰু প্ৰাথমিকতাও। গভীৰৰপৰা তুলি আনে তেওঁ। অগভীৰৰপৰা জীৱনক তুলি তাত নিৰ্মাণৰ কাৰু কাৰ্যৰ চিকমিকণি নোতোলে। দ্বন্দ্ব আৰু সংঘাতবোৰেৰে গল্প আগবাঢ়ি যায়। বোধহয় এইবাবেই বিপুল খাটনিয়াৰৰ গল্পত জীৱনে নিজেই শিল্পৰ ৰূপ লৈ বাৰে বাৰে নতুন ৰূপত উদ্ভাসিত হয় আৰু আমাক চমকিত কৰে। উদাহৰণস্বৰূপে ক’ব পাৰি যে, জনগোষ্ঠীয় অৱদমন বিপুল খাটনিয়াৰৰ গল্পৰ এক উপজীব্য। তেখেতৰ বহুত গল্পত জনগোষ্ঠীয় অৱদমনৰ লগতে আন সম্প্ৰদায়ৰ পিচ পৰি থকা মানুহবোৰৰ অৱদমনৰ উল্লেখ আছে। কিন্তু সি কেৱল তাতেই সীমিত হৈ থকা নাই। আমি যেতিয়া সাহিত্যত জনগোষ্ঠীয় অৱদমনৰ বিষয় এটি লৈ ৰোমাঞ্চিত হৈ থাকোঁ, তেতিয়া ‘বেংগ্ৰা’ৰ দৰে গল্পত তেওঁ জনগোষ্ঠীয় অৱদমনৰ এটা প্ৰতি-বিৱৰণী (counter narrative) অতি সাহসেৰে কি দৰে প্ৰতিষ্ঠা কৰিছে, তালৈ লক্ষ্য কৰিবলৈ যেন পাহৰি যাওঁ। এই বিৱৰণী সমসাময়িক সাহিত্যত একেবাৰেই সুকীয়া। ইয়াৰ বাবে গল্পকাৰ কেৱল সাহসী হ’লেই নহ’ব, সততাও লাগিব। গল্পৰ বিৱৰণী এনেকুৱা হৃদয়বিদাৰক যে গাৰ নোম শিয়ৰি উঠে। তেওঁ ওপৰৰপৰা চোৱা নাই, গভীৰলৈ গৈছে — বহুত গভীৰলৈ। হাত ধৰিছে মমতাৰ। মানুহৰ সতে আৰু জীৱনৰ সৰলতাৰ সতে অতি নিবিড় হ’ব পৰাজনেহে এনে গল্প লিখিব পাৰিব, অৱশ্যেই ইয়াৰ বাবে লাগিব আদৰ্শবোধ। আচৰিত কথা এয়ে যে, এনে সাহসী আৰু সফল গল্প লিখি উলিওৱাৰ পিছতো গল্পকাৰে জগতসভাত নিজকে এজন গল্পকাৰ বুলি বিশেষ পৰিচয় নিদিলেই, বৰং জীৱনৰ কিছুমান আচৰিত আৰু আচহুৱা সত্যক নিষ্ঠা আৰু সততাৰে প্ৰতিষ্ঠা কৰিবলৈ চলোৱা প্ৰচেষ্টাত নিনাও হৈয়েই থাকি গ’ল। মুৰাকামিৰ দৰেই তেওঁ স্বাধীনভাৱে গল্প লিখিলে—কিন্তু এজন তথাকথিত ‘Storyteller' হবলৈ নহয়, বৰং তেওঁ যেন এজন ‘Story watcher’ হ’বলৈকে ভাল পালে।

 বিপুল খাটনিয়াৰৰ গল্পৰ পঠন মানেই বিষয়বস্তুৰ বিচিত্ৰতা। জুয়ে পোৰা তিৰাশী, চৰ অঞ্চলৰ বেদনা, চাহ বগিচাৰ বনুৱাৰ জীৱন, নামঘৰৰ ভাওনা, মধ্যযুগৰ সামন্তীয় ইতিহাসৰ খণ্ডিত অৱেশষৰ টুকুৰা, উগ্ৰপন্থী সমস্যা, জনগোষ্ঠীয় পৰিচিতি সত্তাৰ আন্দোলন, সত্ৰৰ পটভূমি— কত বিষয় যে তেখেতে গল্পলৈ অনা নাই! উজনিৰপৰা [ ৭০ ] নামনিলৈ, পাহাৰৰপৰা ভৈয়ামলৈ গোটেই অসমখন তেওঁৰ গল্পত আছে। মুৰাকামিৰ দৰে তেওঁ অৱশ্যে কল্পনা আৰু সপোনৰ প্ৰেক্ষা (Horizon) একাকাৰ কৰি তোলা বিৱৰণী আমাক দিয়া নাই — সিমানখিনি বৰ্ণাঢ্যতা (exposure) হয়তো তেওঁৰ জীৱনলৈও অহা নাছিল, কিন্তু সীমিত সুযোগৰ ভিতৰত নিমিতিৰ স্বাধীনতা তেওঁ গ্ৰহণ কৰিছে। বিষয়বস্তুৰ ভিন্নতাৰ লগে লগে গল্পৰ বিৱৰণী বা কথকতাও হৈ পৰে সুকীয়া। এই এজন অসমীয়া গল্পকাৰ অসমীয়া সাহিত্যই পাইছে, যি বিষয়বস্তুৰ মেজাজ অনুসৰি কথনভংগীও সলনি কৰি দিয়ে। সেয়েহে বিপুল খাটনিয়াৰৰ গল্পবোৰ একেধাৰে পঢ়ি গ’লেও আমনি নালাগে, কিয়নো পাঠকে জানে যে, প্ৰতিটো গল্পই আৱিস্কাৰৰ নতুন এটা আনন্দ দিব। বিষয়বস্তুৰ বিচিত্ৰতাৰ দৰেই বিপুল খাটনিয়াৰৰ সংবেদনাৰ গাঢ়তা, প্ৰজ্ঞাসম্পন্ন অন্তৰ্দৃষ্টি আৰু সবাৰো উপৰি সাহিত্যত সমাজৰ দ্বান্দ্বিক ৰূপান্তৰৰ চিত্ৰায়ণ অসমীয়া সাহিত্যৰ এক বিৰল সম্পদ বুলি গণ্য কৰিব পাৰি।

 বিংশ শতিকাৰ সত্তৰৰ দশকৰ অসমৰ বাঁও-গণতান্ত্ৰিক আন্দোলনৰ বৌদ্ধিক চিন্তা-চৰ্চাৰ ধাৰাটোৱে নতুনকৈ প্ৰাণ লাভ কৰিছিল। সাহিত্য আলোচনী ‘নতুন পৃথিৱী’য়ে এই বৌদ্ধিক পৰিবেশ গঢ়ি তুলিছিল। এই আলোচনীখনক কেন্দ্ৰ কৰিয়েই বিভিন্নজনে গল্প-কবিতা লিখিছিল। বিপুল খাটনিয়াৰ এই ধাৰাটোৰপৰা উঠি অহা আটাইতকৈ উজ্জ্বল সৃষ্টিশীল জ্যোতিষ্ক। সত্তৰ-আশীৰ দশকত কবিতাৰ ক্ষেত্ৰখনতো মোহন কৃষ্ণ মিশ্ৰই এক নেতৃত্বকাৰী ভূমিকা গ্ৰহণ কৰিছিল। কিন্তু সেই যাত্ৰাই পৰিপক্কতা লাভ কৰাৰ আগতেই শাৰীৰিক অসুস্থতা আৰু কালে তেওঁক হৰি নিলে। এইক্ষেত্ৰত বিপুল খাটনিয়াৰে প্ৰায় অকলেই অসমীয়া গল্পৰ শৈল্পিক আৰু দ্বান্দ্বিক ৰূপান্তৰৰ সংশ্লেষণৰ যাত্ৰাটি বহুদূৰ আগুৱাই নিয়া বুলি ক’ব পাৰি। কিন্তু যিহে তেওঁৰ গল্পৰ পঠন আকৰ্ষণীয় কৰি তোলে সেয়া হৈছে গল্পত সমাজৰ দ্বান্দ্বিক ৰূপান্তৰৰ সফল প্ৰয়োগৰ লগতে লগতে অসমীয়া সাহিত্যৰ ঐতিহ্যৰ চিত্ৰায়ন আৰু ভাষাৰ কালিকা— যি জীৱন্ত। অসমৰ বিভিন্ন ঠাইৰ স্থানীয় কথনভংগীক তেওঁৰ দৰে সফলভাৱে গল্পত স্থান দিয়া গল্পকাৰ আন এজন পাবলৈ নাই। বিপুল খাটনিয়াৰে আদৰ্শগতভাৱে মাৰ্ক্সবাদত বিশ্বাস কৰিছিল। কিন্তু এজন প্ৰকৃত মাৰ্ক্সবাদীৰ দৰেই মানুহৰ মাজলৈ যাবলৈ তেখেতক এটা নিৰ্দিষ্ট দৰ্শনৰ প্ৰয়োজন হোৱা নাছিল। তেওঁৰ মানুহৰ মাজলৈ যোৱাৰ এক সহজ বাট আছিল, যি বাট পাহাৰৰপৰা নামি অহা নিজৰাৰ গতিৰ দৰেই স্বাভাৱিক। মানুহৰ প্ৰতি থকা দৰদেহে সমাজত সাধাৰণতে উপেক্ষিত হৈ থকা, আনৰ চকুত নপৰা মানুহবোৰৰ জীৱনৰ আশ্বৰ্যকৰ কাহিনী আৰু ঐশ্বৰ্য-বিভূতিবোৰ বুটলি আনিবলৈ তেখেতক প্ৰেৰিত কৰে— ই প্ৰাথমিক [ ৭১ ] পৰ্যায়ত প্ৰথমে অন্তৰৰ স্বাভাৱিক গতি আৰু পৰৱৰ্তী সময়ত শ্ৰেণীচেতনা, প্ৰজ্ঞা আৰু সাধনাৰ মথন। সেইবাবেই বিপুল খাটনিয়াৰে যেতিয়া ‘বাঁকৰ সাধুৰ দৰে লোকজ চেতনাৰ গল্প এটা আমাক কৈছে, তাত স্বীকাৰুক্তিৰ আধাৰত অন্য এক সমাজবাস্তৱতা একেবাৰে সুকীয়াধৰণেৰে উন্মোচিত কৰিছে। মাৰ্ক্সবাদৰ দ্বান্দ্বিক বিশ্লেষণ আৰু শ্ৰেণী চেতনা তেওঁৰ গল্পৰ অনুঘটকহে আৰু সি গল্পভাষাৰ কাৰুকাৰ্যবোৰত সোণত সুৱগা চৰোৱা বুলিহে ক’ব পাৰি। এইকামটো তেওঁ সাহিত্যত ইমান সূক্ষ্মভাৱে কৰিছে যে দ্বান্দ্বিক বস্তুবাদ তত্ত্বগতভাৱে অধ্যয়ন নকৰাসকলৰ বাবে সেই কথা সহজতে ধৰিব পৰা সম্ভৱেই নহয়। এনে লাগে যেন একেবাৰে ঘটনাৱলীৰ বোঁৱতী ধাৰাৰেহে গল্প নামি আহিছে। মাৰ্ক্সবাদৰ ধাৰণা প্ৰগতিশীল। কিন্তু গল্পকাৰ এই বিষয়ে সচেতন যে জীৱন এটা নিৰ্দিষ্ট দৰ্শন নহয়। সেইদৰে সাহিত্যও মাথোন এটা ৰাজনৈতিক বা সামাজিক দৰ্শন নহয় — সি জীৱনৰ প্ৰতিফলন। মানুহৰ জীৱনৰ অন্তহীন অন্বেষণ আৰু অফুৰন্ত সম্ভাৱনাবোৰৰ কথাকেই সাহিত্যই ক’ব লাগিব, যিহেতু সাহিত্য জাতিৰ দাপোন। গল্পকাৰে এয়া জানে আৰু সেইবাবেই বিপুল খাটনিয়াৰ এজন সফল গল্পকাৰ। তেওঁ জানে, গল্প কোৱাৰ বেলিকা এজন learned মানুহ কিদৰে unlearned হৈ পৰিব লাগিব। কোনো সন্দেহ নাই যে, সেয়েহে বিপুল খাটনিয়াৰৰ গল্প কেৱল মাৰ্ক্সবাদী দৰ্শনক বিশ্বাস কৰা এমুঠি মানুহৰ গল্পকাৰ হৈ নাথাকিল আৰু সেইবোৰ গল্প ভালপোৱা সকলোবোৰ মানুহৰ গল্প হৈ পৰিল, সকলো শ্ৰেণীৰ পাঠকৰ হৃদয়ত সি ঘৰ সাজি ল'লে। তেওঁ যেতিয়া এটা কাহিনী ক’ব— পাঠকে জানে, তেওঁ এটা জীয়া কাহিনী ক’ব। যিটো অঞ্চলৰ পৰা গল্পটো ক’ব, কাহিনীটোৱে সেইটো অঞ্চলৰ ভাষাৰ কথিত ৰূপটোৰ প্ৰতিনিধিত্ব কৰিবই, লগতে ফকৰা-যোজনা, আচাৰ-ব্যৱহাৰ গোটেইবোৰক আৱৰি ধৰিব। বিৱৰণীও পুংখানুপুংখ। উপৰুৱা বা আন্তৰিকতাহীন সম্পৰীক্ষা হ’লে এই কাৰ কাৰ্যবোৰ আচহুৱা যেন লাগিলেহেঁতেন, কিন্তু তেওঁ সেইবোৰ তুলি আনে গভীৰ মমতাৰে, গতিকে সেইবোৰ গল্পত সঠিকভাৱেই খাপ খাই পৰে। চৰ অঞ্চলৰ গল্প ক’বলৈ চৰৰ ভাষা, বেশ-ভূষা সকলো আয়ত্ব কৰি ল’ব। বড়ো জনগোষ্ঠীৰ গল্পকথা কবলৈ যদি বড়োসকলৰ জনজাতীয় সৰলতাৰ আশ্ৰয় লৈছে, কাৰ্বি জনগোষ্ঠীৰ গল্পকথা কবলৈ কাৰ্বি জনগোষ্ঠীয় সৰলতাৰ আশ্ৰয় লৈছে। তেওঁ জানে জনগোষ্ঠীয় সমাজ ভেদে জীৱনৰ প্ৰমূল্য সুকীয়া হ’ব পাৰে, আৰু তাৰ প্ৰতি তেওঁ শ্ৰদ্ধাশীল। এইবাবেহে বিপুল খাটনিয়াৰৰ গল্পবোৰ ইমান জীৱন্ত।

 সাম্প্ৰতিক সময়ৰ সাহিত্যৰ সমালোচনাত গল্পকলাৰ ‘নিৰ্মেদ’ ধাৰণাটোক ইমানকৈ তুলি ধৰা হৈছে যে, সমালোচকৰ ভয়তে গল্পকাৰে কেতিয়াবা অনাৱশ্যকীয় [ ৭২ ] চৰ্বি বুলি গল্পৰ শৰীৰৰ তেজ আৰু মঙহবোৰেই বাৰে বাৰে ৰেপি থকাৰ বাবে গল্পই তাৰ কালিকা হেৰুৱাই পেলায়। কথনশৈলীও হৈ পৰে ভালকৈ লৰচৰ কৰিব নোৱাৰা ব্ৰয়লাৰ মুৰ্গীৰ দৰে নিস্তেজ, গল্পৰ বৰণো হৈ পৰে একৰঙী। এটা কথা ভাবি ভাল লাগে যে, সমালোচকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ গৈ বিপুল খাটনিয়াৰে গল্পৰ শৈলী অথবা নিৰ্মিতিৰ নামত গল্পকলাক নিৰ্জীৱ আৰু নিষ্প্ৰাণ কৰি নুতুলিলে, তেওঁ গল্পবোৰ কাহিনীৰ নিৰ্জীৱ নিৰ্মাণ হৈ থকা নাই। সাহিত্যত নিৰ্মিতি সদায়েই আদৰণীয়, কিন্তু সি যদি নিৰ্জীৱ আৰু নিষ্প্ৰাণ হয়, তেনেহলে সি সমকালীন সময়ৰ মানুহক অলপীয়া সময়ৰ বাবেহে হয়তো আশ্বৰ্যচকিত কৰি তুলিব পাৰিব। দীৰ্ঘকালত মানুহে বিচাৰিব সাহিত্যত সমাজৰ দাপোন, সেই সময়ৰ সমাজত বাস কৰা মানুহৰ হাঁহি-কান্দোন- চকুপানীবোৰ, যাৰ অন্তৰ্দাহী বিৱৰণী সাহিত্যত থাকিব লাগিব। বিপুল খাটনিয়াৰে সাহিত্যত এই কামটোৱেই কৰি থৈ গৈছে। সমকালীন সময়ৰ বাগাড়ম্বৰ আৰু জনপ্ৰিয়তাত জীয়াই থাকিবলৈ নিবিচাৰি নিৰলে জীৱনৰ অন্তৰ্দাহী সত্যক সাহিত্যত প্ৰতিষ্ঠা কৰিবলৈ বিচাৰি তেওঁ নিজৰ আসন নিগাজী কৰি ল'লে— আৰু এয়াইতো এজন প্ৰকৃত সাহিত্যকৰ্মীৰ কাম। তেওঁৰ গল্পত ৰাজনীতি স্পষ্ট – তেওঁ পক্ষ লয়, ৰাইজৰ পক্ষ। কিন্তু সাহিত্যত জীৱনৰ দৰ্শন আৰোপ কৰাৰ কোনো চেষ্টা নকৰে – চৰিত্ৰবোৰে সময় আৰু পটভূমিৰ সীমাবদ্ধতাতেই বিচৰণ কৰিব। এই অৰ্থত বিপুল খাটনিয়াৰে বহুত সফল গল্প আমাক দি যাবলৈ সক্ষম হৈছে, যিকেইটা হয়তোবা দীঘলীয়া, কিন্তু আক্ষৰিক অৰ্থতেই নিটোল (compact), কোনো ওলোম-জোলোম নাই। আৰু থাকে অসংখ্য সংকেত— ভবিষ্যত কালৰ। হয়, সকলো সৃষ্টিশীল লোকৰ দৰেই তেখেতৰ প্ৰতিটো গল্পই আশ্বৰ্যকৰ নিৰ্মাণ হৈ উঠা নাই। এয়া আশা কৰিবও নোৱাৰি। এয়া সঁচা যে, বিপুল খাটনিয়াৰৰো বহুকেইটা গল্পৰ আচৰিত আৰম্ভণি সত্বেও শেষলৈকে সেই ভাৰসাম্য দেখা পোৱা নাযায়। কিন্তু তেওঁৰ ভাল গল্পৰ সংখ্যা প্ৰচুৰ, আৰু সেইবোৰৰ চৰ্চা হোৱাটো আজিৰ পৰিৱেশত অতিকৈ প্ৰয়োজন। বিপুল খাটনিয়াৰ অসমৰ সফল গল্পকাৰসকলৰ অন্যতম, কিয়নো তেখেতৰ গল্প তেজে-মঙহে জীয়াই থকা মানুহৰ গল্প – ইয়াত সমকালীন সমাজ আছে, সমাজৰ দ্বান্দ্বিক ৰূপান্তৰৰ মাজেৰে ঘটা ঘটনাৱলীৰ পাকচক্ৰত সাধাৰণ মানুহবোৰ জীয়াই থকাৰ সংগ্ৰাম, বেদনা আৰু আনন্দবোৰ আছে এক সুকীয়া সোৱাদৰ মাজেৰে। বহুসময়ত এই মানুহবোৰে মূলসুঁতিত বাস কৰে, অথচ তেওঁলোক মূলসুঁতিৰ হৈয়ো প্ৰান্তীয়। আৰু আছে পৰিহাস। গল্পৰ এই সুকীয়া সোৱাদ বা ব্যঞ্জনাটি তৈয়াৰ কৰাত তেখেত সিদ্ধহস্ত আছিল সমাজবাস্তৱতাৰ ক'লা(dark) ৰং বা বিকৃতিবোৰৰ উপস্থাপনাৰে। যিবোৰ কল্পনাৰপৰা তুলি অনা বিকৃতিৰ বিলাস বা dark fantasy মুঠেও নহয়, বৰং সেইবোৰ সমাজৰ আৱৰ্তত বাস কৰা মানুহে বহন কৰি অনা [ ৭৩ ] কেতবোৰ এন্ধাৰ কোঠালীৰ বাস্তৱতা বা ডাৰ্ক ৰিয়েলিটিহে— সেইবোৰ আমাৰ দৰে স্বাভাৱিক মানুহৰ মনঃস্ততত্ত্বতেই বাস কৰে। সেইবোৰৰ অন্তদ্বন্দ্বই হৈ উঠে গল্পৰ চালক, যদিওবা ইয়াতো শ্ৰেণী চেতনাই অনুঘটকৰ কাম কৰে। ডাৰ্ক ৰিয়েলিটিবোৰ বিপুল খাটনিয়াৰৰ গল্পত বহুলাংশে বহন কৰি আনিছে পিতৃতন্ত্ৰই অথবা সামন্ততান্ত্ৰিক অৱশেষবোৰে। ‘গেনা’ গল্পৰ এই ডাৰ্ক ৰিয়েলিটিৰ পৰিহাসে আমাক স্তব্ধ কৰি দিয়ে, ইয়াত আছে বৈমাত্ৰেয় ভগ্নীক ধৰ্ষণৰ দৰে বিকৃতি, আছে নাৰীজীৱনৰ কাৰুণ্য। আজিও সংবাদ মাধ্যমত কেতিয়াবা এনে ঘটনা শুনা যায়। কিন্তু গল্পকাৰে বিৱৰণী দিয়া সেইখন সমাজত নাৰীৰ অগ্ৰাধিকাৰ (priority) বা পছন্দ(choice)-ৰ দৰে প্ৰগতিশীল তত্ত্ব কথা ভাবিব পৰা নাযায়, সেয়েহে গল্পকাৰে তাক জোৰ কৰি গল্পত আৰোপ নকৰিলে, বৰং তেওঁ ক’বলৈ ভালপালে পৰিহাসবোৰৰ কথা, যাৰ বাবেই গল্পটো অসম্ভৱ কাৰুণ্যৰে ভৰি উঠিল। ‘গেনা’ গল্পৰ শিৰোনাম হিচাপেও অৰ্থবহ। ‘গেনা’ শব্দটো উত্তৰ-পূব ভাৰতৰ বিশেষকৈ জনজাতীয় সমাজবোৰত প্ৰচলিত— যাৰ অৰ্থ নিষিদ্ধ বা চুৱা লগা।‘গেনা’ৰ সময়ত আনৰ প্ৰৱেশ তাত নিষিদ্ধ। বহুসময়ত এনে লাগে যেন গল্পৰ কথন গল্পত কোৱা সমাজখনৰ অবিকল বাস্তৱতা (photographic reality) বা দাপোণ। পঠনৰ অভিজ্ঞতাৰপৰা এনেকুৱা লাগিব যেন তাত সেই ঘটনাবোৰ সঁচাকৈয়ে ঘটিছে, অথবা ঘটিছিল— আৰু গল্পকাৰে সাধুটো মাথোন কৈ গৈছে। আচলতে কিন্তু সেইবোৰ আশ্বৰ্যকৰ নিৰ্মাণহে, যাৰ বাবে তেওঁ কেতিয়াবা হাত ধৰি আগুৱাই গৈছে গোষ্ঠীৰ সামূহিক সোঁৱৰণিৰ (collective memory)—যেনে, ‘গোলাম’ আৰু কেতিয়াবা হাত ধৰিছে ক্ষেত্ৰ অধ্যয়নৰ এক যথাৰ্থ পদ্ধতিৰ – যেনে ‘চেগুণ বনৰ কথা।’ কিন্তু এইবোৰ আহিলাহে, তেওঁ সততে প্ৰৰোচিত হয় মানুহৰ প্ৰতি ভালপোৱাৰে, কিন্তু সাহিত্যৰ প্ৰতি নিষ্ঠা আৰু আদৰ্শৰ পাঠে তাত এক শক্তি দিয়ে। এই শক্তিটোৱেই বিপুল খাটনিয়াৰৰ গল্পৰ ‘মেজাজ’। পদ্ধতিক (methodology) তেওঁ সৃষ্টিশীল সাহিত্যৰ বাবেহে ব্যৱহাৰ কৰিছে। ‘চেগুন বনৰ কথা’ৰ দৰে গল্পত ইমান নিখুঁতকৈ কৰিছে যে, তাত যান্ত্ৰিকতাৰ কোনো অৱকাশ নাই, গল্প পাহাৰী নিজৰাৰ দৰেই সাৱলীল। আৰু সামূহিক সোঁৱৰণিৰ সুবিধা হৈছে তাত কল্পনাই অবাধে অগা-দেৱা কৰিব পাৰে। সামন্ততান্ত্ৰিক অৱশেষবোৰত কল্পনা আৰু বাস্তৱৰ মিশ্ৰণেৰে সফল কাহিনী এটা তৈয়াৰ কৰাত তেওঁ সিদ্ধহস্ত। অৱশ্যে ‘সাঁচিপাতৰ পুথি’ৰ দৰে গল্পত সি পাগত উঠা নাই যদিও ‘গোলাম'ত তেখেত সফল হৈছে। ক’বলৈ গ'লে মুৰাকামিয়ে যদি এজন সাৰ্থক story watcher হোৱাৰ তাগিদাত কল্পনা বা সপোনবোৰ সাৰে থকাৰ অৱস্থাতেই দেখি পেলাইছে, তেনেহ’লে বিপুল খাটনিয়াৰে তেওঁৰ কল্পনাক গল্পই বাস কৰা সমাজখনৰ প্ৰেক্ষাত এনেদৰে নিৰ্মাণ কৰি পেলাইছে যে তাক আমাৰ সেই [ ৭৪ ] সমাজখনৰ এক অবিকল বাস্তৱতা বা দাপোণৰ দৰে লাগে। গল্পৰ পটভূমি অনুসৰি গ্ৰহণ কৰা ভিন্নস্বাদৰ কথনশৈলীয়ে এই ক্ষেত্ৰত যাদুৰ দৰে কাম কৰে। বিপুল খাটনিয়াৰ সাৰ্থক গল্পসমূহৰ পঠনৰ অভিজ্ঞতা এনেকুৱা যে কেতিয়াবা কথনৰ কালিকাই যদি আমাক জপটিয়াই ধৰে, আৰু কেতিয়াবা আকৌ জলকা লগাই দিয়ে। ‘বহুৱা’ৰ দৰে গল্প পঢ়ি উঠি আমাৰ অৱস্থা পকিবলৈ বুলি জলকা লগা পলুৰ দৰে নহয় জানো! এই গল্পৰ যেন কোনো ব্যাখ্যা নাই, বোধ আৰু উপলব্ধিবোৰৰ গাঢ়তাইহে তাৰ পূৰ্ণতা দিব পাৰে! সাহিত্যত এনে অতুলনীয় পৰিহাস তেওঁ নিৰ্মাণ কৰিব জানে, যি পৰিহাস তেখেতৰ পূৰ্বসুৰী যোগশ দাসৰ আন এক সাৰ্থক গল্প ‘কলপতুৱাৰ মৃত্যু’ তকৈ বিস্তৃত। অথচ পটভূমিৰ সময় হয়তো একেই। ‘বহুৱা’ৰ বিস্তৃতি এইখিনিতেই যে ইয়াত দুগৰাকী নাৰীৰ মনস্তত্ত্বই বিশেষ তাৎপৰ্য বহন কৰিছে। এগৰাকীয়ে সন্তান জন্ম দিব নোৱাৰা অপৰাধত কণটিলৌক এৰি থৈ গুচি যায়। কিন্তু গল্পৰ শেষৰফালে দেউঅনিৰ (দেউৰ পত্নী) বিশেষ সিদ্ধান্ত, আৰু তাক শক্তি দিবলৈ এজাক মৌচেপা বৰষুণৰ যি ‘মেটাফৰ’ তেওঁ নিৰ্মাণ কৰিছে, সি অসমীয়া সাহিত্যত নাৰীবাদৰ চৰ্চাৰ দিশৰপৰা অতি ৰোমাঞ্চকৰ। গল্পকাৰে যিদৰে গল্প নিৰ্মাণ কৰোঁতে স্বাধীনতা লৈছে, সেইদৰে ‘দেউঅনি’য়েও সিদ্ধান্ত নিৰ্ণয়ৰ স্বাধীনতা লৈছে, যাৰ ফলত তেওঁ মাতৃত্বৰ সোৱাদ লাভ কৰিছে, দেউৱে সমাজৰ আগত নিঃসন্তান হৈ থকাৰ অপবাদৰপৰা মুক্তি পাইছে, লগে লগে কণটিলৌৱেও দাসত্বৰপৰা মুক্তি পাইছে। গল্প পঢ়ি বহুপৰ গল্পৰপৰা ওলাই আহিব নোৱাৰি। ইয়াত ‘বহুৱা’ কোন? ‘কণটিলৌ’ৱে ভাওনাত ‘বহুৱা’ৰ ভাও দিয়ে। নিষ্ঠুৰ নিয়তি আৰু দেউৰ দৰে মানুহৰ চাতুৰীয়ে তাক জীৱনৰ ‘বহুৱা’ ৰূপেই সজাব খুজিছিল— কিন্তু গল্পৰ শেষলৈকে দেউৰ পত্নীয়ে হাতত গল্পৰ চালিকা তুলি লৈছে। ফলত কণটিলৌ ‘বহুৱা’ নে কণটিলৌক নিয়তিৰ বিধান দিয়া ‘দেউজন ‘বহুৱা’— এই কথা যেন নিৰহ-নিপানী হৈ পৰিল। অন্ততঃ আমি ক’বলৈ বাধ্য যে জীৱনৰ এক নিজস্ব ছন্দ থাকে, যি সমাজে বান্ধি দিয়া তথাকথিত নিয়ম- প্ৰণালীৰ বাহিৰৰ – ব্যাখ্যাতীত আৰু বোধাতীত। কি সঁচা, কি মিছা – সকলো যেন প্ৰহেলিকা! গল্পকাৰে গল্পত এই নাৰী চৰিত্ৰটিক এটুকুৰা ডাঙৰ ঠাই (space) দিয়া নাই, কিন্তু যিখিনি দিছে তাত প্ৰৱেশ কৰিয়েই নিজৰ নিয়ন্ত্ৰণ সাব্যস্ত কৰি মূল কাহিনীকেই যেন সলাই পেলাইছে! সাৰ্থক গল্পকাৰ এজনে মননশীল পঢ়ুৱৈৰ অনুসন্ধিৎসাৰ জগতখন বিস্তাৰ কৰি দিয়ে—এয়াই তেওঁৰ সাৰ্থকতা। আৰু দায়িত্বও। বিপুল খাটনিয়াৰেও সেই দায়িত্ব অকাতৰে পালন কৰিছে। আন বহুতো গল্পৰ দৰেই ‘বহুৱা’ গল্পটোও সেই সমাজৰ 'অবিকল বাস্তৱতা’ যেনেই লাগিলেহেঁতেন, কিন্তু এগৰাকী সাধাৰণ নাৰীক এটা শক্তিশালী সিদ্ধান্ত লোৱাৰ স্বাধীনতা দি তেওঁ গল্পটো এটা কলাসুলভ কিন্তু সাধাৰণ, দুখভৰা কাহিনী হোৱাৰপৰা উত্তৰণৰ দিশে লৈ গ'ল। [ ৭৫ ] ‘কাৱৈমাৰী সত্ৰৰ অতিথি’ গল্পতো বৈষ্ণৱ সংস্কৃতিৰ পীঠস্থান মাজুলীৰ সত্ৰসমূহৰ পৰি অহা অৱস্থা, বান-খহনীয়া আৰু এইবোৰৰ পাকচক্ৰত বিধস্ত হৈ পৰা জনজীৱনৰ বিৱৰণীৰ মাজেৰে তেখেতে গল্পত প্ৰায় subdued হৈ থকা এগৰাকী তেনেই গাঁৱলীয়া, ধৰ্ষিতা বিধৱাক প্ৰায় অগোচৰেই সিদ্ধান্ত নিৰ্ণয়কাৰী অৱস্থানলৈ তুলি নিছে। এয়া মাথোন সমমৰ্মিতা নহয়, বৰং এনে গল্পৰ চৰিত্ৰ আৰু সমাজৰ চিত্ৰণ, কাহিনীৰ অগ্ৰগতিৰ সাৱলীলতাই গল্পকাৰৰ শ্ৰেণী চেতনা আৰু সমাজৰ দ্বান্দিক ৰূপান্তৰৰ গভীৰ সংশ্লেষণৰ অপূৰ্ব দক্ষতাৰ কথাকেই কয়।

 বোধহয় এইবাবেই বিপুল খাটনিয়াৰৰ প্ৰেমৰ চিত্ৰকল্পবোৰো ব্যতিক্ৰমী আৰু অনন্য। ‘গোলাম’ গল্পত তেওঁ কান্দুৰাৰ প্ৰেমৰ যি চিত্ৰ অংকন কৰিছে সি পাঠকৰ মনলৈ চকুলো বোৱাই আনে। সি প্ৰেমত পৰিছে পৈয়েকে বুঢ়াদেউতাৰ হাউলীত তিনি টকাত বেচি দিয়া পাঁচমহীয়া গৰ্ভৱতী ৰূপহীৰ। কাহিনীৰ পটভূমি সামন্তীয়, মানুহ কিনা-বেচা হোৱা দাস প্ৰথাও ইয়াত আছে। এতিয়া বিৱৰণী চোৱা যাওক

 “পাচে পাঁচ মাহ পূৰ নৌ হওঁতেই তাইৰ গৰ্ভ খহিল। টেপৰ চুকৰ লেফেৰী বুঢ়ী ঘনাই আহোঁতেই কান্দুৰাৰ মনে চেবাইছিল, ভাললৈ ভাদত ক’লী গাই নজগে। মূৰকত গৈ বুঢ়া দেউতায়ো এই নিমাখিতজনীক দৰৱ কটিয়াবলৈ পালে!

 কঠীয়া তুলি আছিল৷ তাৰপৰাই চিঞৰ ভাহি আহিল। ঢেঁকুৰি গৈ কান্দুৰাই দেখে— ঘটনা তেনেই সাং, তেহে দাংকোলা কৰি তাইক ঢেঁকীশাল পোৱালেহি। কান্দুৰাৰ এনে ভাব হ’ল, পাটীৰ তিৰোতাজনীহে যেন চেৰাশালিত পৰিছে। এতিয়াতে যেনিবা তাৰ দায়-দায়িত্বহে বাঢ়িল!’

 জীৱনৰ অসম্ভৱ পৰিহাস আৰু কাৰুণ্যৰ মাজেৰে এটা দীঘলীয়া যাত্ৰাৰ শেষত কান্দুৰাই তাৰ প্ৰেম লাভ কৰিছে, গল্প আগবাঢ়িছে অনন্যসুন্দৰ কথকতাৰে। পৰিহাস যেন তেওঁৰ গল্পৰ প্ৰধান অলংকাৰ।‘চেগুন বনৰ কথা’এটা ৰাজনৈতিক গল্প, ইয়াৰো প্ৰধান অলংকাৰ পৰিহাসেই।‘বেংগ্ৰা’ৰ দৰেই ইয়াতো উগ্ৰপন্থী সমস্যা আৰু গোষ্ঠী- সংঘাতে তচ-নচ কৰা সাধাৰণ মানুহৰ নিৰ জীৱনৰ কথা আছে আৰু আছে জনগোষ্ঠীয় অৱদমন। গল্পৰ প্ৰটাগনিষ্ট লুংচেক এযোৰ কাপোৰ লাগে। সি তৰালাংচ’ত কাৰ্বিসকলৰ যুৱ মহোৎসৱ চাবলৈ যাব। কিন্তু তাৰ গাত এযোৰ কাপোৰ নাই। সি এডাল অজগৰ সাপৰ সন্ধান কৰিছে, সাপডাল সি ধৰিব আৰু বিক্ৰী কৰি পোৱাৰ টকাৰে এযোৰ কাপোৰ কিনিব। এডাল ষাঠি কিলোগ্ৰাম ওজনৰ সাপ সি ধৰিছে – এই সমগ্ৰ প্ৰক্ৰিয়াত উন্মোচিত হৈছে জনগোষ্ঠীয় কথকতাৰ অনন্য চেতনা, জনগোষ্ঠীৰ প্ৰমূল্য ধৰি ৰখা ফকৰা-যোজনাবোৰ, নিষিদ্ধ উগ্ৰপন্থীৰ সংগঠনৰ কাম-কাজ, সেনা অভিযান। অৱশেষত জনগোষ্ঠীয় সৰলতাৰেই সাপডাল সি এৰি দিলে খেনলাইৰ [ ৭৬ ] চেঁচা পানীত। কিন্তু তাৰ কাপোৰযোৰ! কন্যাক নগা উগ্ৰপন্থীয়ে দেখিছে লেংটিডাল মৰাৰ লাজতহে যেন শতচ্ছিন্ন লংপেণ্টটো তাৰ কঁকালত ওলমি আছে! ৰাষ্ট্ৰ যেতিয়া জনগোষ্ঠীয় ডেকা এটিৰ ভাত-কাপোৰ, সুস্থ জীৱনৰ আশা-আকাংখ্যাক স্পৰ্শ কৰাত ব্যৰ্থ, তেতিয়া এটি কন্যাক নগা উগ্ৰপন্থীয়ে খালি হাতেৰেই এডাল অজগৰ ধৰা খামিডাঠ ল’ৰাটিলৈ আগবঢ়াই দিছে এযোৰ অৰণ্যৰ পোচাক, উগ্ৰপন্থীৰ পোচাক- ইয়াত আদৰ্শ গৌণ! এয়াই সেই পৰিহাস, যাক অনন্যসুন্দৰ কথকতাৰে তেওঁ নিৰ্মাণ কৰিছে। আচৰিত কথা যে, উত্তৰ-পূব ভাৰতৰ উগ্ৰপন্থী সমস্যাৰ আধাৰত সৃষ্ট সাহিত্যকৰ্মৰ বিচাৰৰ বেলিকা অসমীয়া সাহিত্যৰ বিপুল খাটনিয়াৰৰ‘চেগুন বনৰ কথা’ বা ‘বেংগ্ৰা’ৰ দৰে সাৰ্থক গল্পবোৰ আমি যেন ইচ্ছা কৰিয়েই পাহৰি থাকোঁ।

 বিপুল খাটনিয়াৰৰ গল্পত উত্তৰণ আছে। তেখেতৰ সত্তৰৰ দশকৰ গল্প এটাৰপৰা আশীৰ দশকৰ গল্প, আশীৰ দশকৰপৰা নব্বৈৰ দশক আৰু একবিংশ শতিকাৰ গল্পবোৰ চালে এই উত্তৰণৰ ধাৰাটোৰ উমান পাব পাৰি। কিন্তু সৃষ্টিশীল মানুহ এজনৰ থাকিবলগীয়া সততাৰ বেলিকা তেওঁ দশকৰ পিছত দশক জুৰি অপৰিৱৰ্তিত হৈ ৰৈ গ’ল— সদায়েই আপোচহীন হৈ থাকিল, ৰাইজৰ পক্ষ ল'লে আৰু নিজে সৃষ্টি কৰা শব্দবোৰক পূৰ্ণ স্বাধীনতা উপভোগ কৰিবলৈ দি নিজে story-watcher হৈ থাকিল। হাতৰ কলম উজ্জ্বল হৈ থকাৰ অৱস্থাতেই তেওঁ বিদায় লৈছে, জীৱনকালতে নিজকে বিস্মৃতিৰ গৰ্ভত হেৰাই যাবলৈ দিয়া নাই। জীৱনকালত তেখেতৰ গল্পই সমালোচক উপযুক্ত দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম ন’হল। এয়াও সময়ৰ পৰিহাস। অৱশ্যে এটা কথা সঁচা যে, কঠোৰ আত্মনিয়ন্ত্ৰণৰ মাজেৰে সমাজৰ দ্বান্দ্বিক ৰূপান্তৰৰ সঠিক বিশ্লেষণ কৰিবলৈ নিশিকিলে বিপুল খাটনিয়াৰৰ গল্প সমালোচনা কৰাও সহজ কথা নহয়। এই কাম সকলোৰে বাবে সম্ভৱ হৈ নুঠিবও পাৰে। সাহিত্যৰ তত্ত্ব আৰু সমাজৰ তত্ত্বৰ সঠিক সংশ্লেষণৰ নান্দনিক উপস্থাপনাৰ মাজেৰে সাহিত্যকলাত জীৱন সত্যক প্ৰতিষ্ঠা কৰাৰ যি অকলশৰীয়া আৰু নিৰলস প্ৰচেষ্টা বিপুল খাটনিয়াৰে চলাই গ'ল, তাৰ মূল্যায়ন তেওঁৰ জীৱনকালত নহ'লেও সময়ে এদিন সঠিকভাৱেই কৰিব বুলি আশা কৰিব পাৰি।❐


লিংক—https://www.theguardian.com/books/2018/oct/11/haruki- murakami-interview-killing-commendatore

পূৰ্বপ্ৰকাশ
নতুন পৃথিৱী, অক্টোবৰ, ২০২১

(লেখক বিশিষ্ট গল্পকাৰ, সাংবাদিক) [ ৭৭ ]

সংঘাতময় বাস্তৱৰ কল্প-কথন

বিপুল খাটনিয়াৰৰ গল্প

অজিতাভ হাজৰিকা

ঊনবিংশ শতিকাৰ শেষাৰ্ধত কিছু চালুকীয়া ৰূপত গঢ় লৈ উঠা ভাষা-চেতনাই কুৰি শতিকাৰ প্ৰথমাৰ্ধত এক বিশিষ্ট আয়তন পৰিগ্ৰহ কৰিছে। দৰ্শনৰ কেঁকুৰিয়েদি এই চেতনাৰ ঠেঙুলি সমাজতত্ত্ব, নৃতত্ত্ব, সাহিত্য আৰু সংস্কৃতি তত্ত্বৰ ক্ষেত্ৰলৈও পৰিব্যাপিত। ভাষা অথবা বাক-বিন্যাস সম্পৰ্কে পৰম্পৰাগত ধাৰণাৰ আধাৰত বান্ধ খাই থকা প্ৰপঞ্চৰ পৰিসৰ ক্ৰমশঃ বিস্তৃত হ’বলৈ লয় পৰিশিলীত চিন্তাৰ ন-ন অভিঘাতত। পাঠ একোটা যে কেৱল পদ সমষ্টিৰ ক্ৰীড়াত্মক প্ৰতিৰূপ মাথোন সেই ধাৰণা প্ৰোথিত হোৱাৰ কেইবা দশক পূৰ্বেই উন্মেষ ঘটিছিল সাহিত্য কৰ্ম একোটাক সিবোৰৰ কলাত্মক ৰসায়নত প্ৰতিভাত শব্দ-বয়ন অথবা বাক্-সংযুতি আদিৰ আধাৰত জুকিয়াই চাবলৈ আগ্ৰহী আই এ ৰিচাৰ্ডছ প্ৰভৃতি ইংৰাজ সমালোচকৰ (স্মৰ্তব্য ‘The four kinds of Meaning', “The Two uses of Languages’ইত্যাদি ৰচনা)। ৰিচাৰ্ডছৰ সমসাময়িক (তেখেতৰ জন্মৰ মাথোঁ দুটা বছৰৰ পাছত জন্ম লাভ কৰা আৰু মৃত্যুৰ মুঠেই চাৰিটা বছৰৰ পূৰ্বে মৃত্যু বৰণ কৰা) ৰুচ দেশৰ ৰূপতত্ত্ববাদী সমালোচক মিখাইল বাখতিনৰ চিন্তাৰ কাঁচলিত পোখা ধৰিছিল কথা-সাহিত্যত সমাৱিষ্ট শব্দাৱলী সম্পৰ্কে কেতবোৰ তাৎপৰ্যপূৰ্ণ অৱধাৰণাই। উপন্যাস-বিশ্লেষণৰ বেলিকা বাখতিনে একধৰণৰ ‘বহুস্বৰতা’ অনুধাৱন কৰিছিল শাব্দিক নিৰ্মিতিৰ অন্তৰালত, যি সমাজ একোখনত ক্ৰিয়াশীল আদৰ্শৰ্গত দ্বন্দ্ব-বিৰোধসমূহক বাংময় কৰি তোলে বুলি আছিল তেখেতৰ ধাৰণা। কাজেই শব্দ (নাইবা ভাষা)ৰ ধ্বনিতাত্ত্বিক বিশিষ্টতাক সমাজপ্ৰেক্ষাৰ পৰা নিলগাই চোৱা টান। শ্ৰেণীবিভক্ত সমাজ এখনত ব্যক্তিজীৱনৰ মতাদৰ্শৰ্গত উপাদানসমূহে সংঘাতময় যি জটিল গাঁথনিৰ সূচনা কৰে সি ভাষাৰ মাধ্যমতে মূলতঃ মূৰ্ত ৰূপ একোটাত ফুটি ওলায়। ভিক্ট’ৰীয় মননে মৈয়াই[ ৭৮ ] চহাই কাহিনীকথনৰ সি সুদৃঢ় ভেঁটি বন্ধাই থৈ গ'ল সেই ভেঁটিটোৰ আওলাতে ইয়াৰ আধুনিকতম সংৰূপ চুটিগল্পয়ো কেঁাঁহ মেলিছে। শৈলীগত বিশিষ্টতাৰ আওতাত চুটিগল্পক উপন্যাসৰ সংকুচিত ৰূপ (অথবা উপন্যাসক চুটিগল্পৰ সম্প্ৰসাৰণ) হিচাপে মানি লোৱাটো সমীচীন নোহোৱা সত্বেও কল্পনাশ্ৰয়ী কথাবস্তুৰ প্ৰসংগত প্ৰতীয়মান তাত্ত্বিক অৱস্থানৰ ফলপ্ৰসূতা দুয়োটি ধাৰাতে অনুৰূপ বিধৰ। ভাষিক সম্পৰীক্ষাৰ এক সক্ৰিয় সংৰূপ হিচাপে কাহিনী সাহিত্যই মানৱীয় পৰিমণ্ডলৰ দ্বান্দ্বিক প্ৰতিৰূপ একাটাহঁতক পৰ্যবেক্ষণৰ অৱকাশ যে আনি দিব পাৰে সেয়া হাংগেৰীৰ সমালোচক গীয়ৰ্গ লুকাচ্চ প্ৰভৃতিয়েও ইতিমধ্যে উনুকিয়াই থৈ গৈছে। সমকালীন অসমীয়া গল্পকাৰ বিপুল খাটনিয়াৰৰ ৰচনাত এই প্ৰসংগ প্ৰতিপাদিত হৈছে সাৱলীল কথকতাৰ মাজেৰে।

 ছেগা-চোৰোকাকৈ খাটনিয়াৰৰ প্ৰায় প্ৰতিটো গল্পতে পঢ়ুৱৈয়ে দেখিব বাখতিন- কথিত বহুস্বৰতাৰ উপপাদ্য (heteroglossia) সাব্যস্ত হোৱা। অন্ততঃ ‘কাৱৈমাৰী সত্ৰৰ অতিথি’, ‘সাঁচিপাতৰ পুথি’, ‘বাঁকৰ সাধু’ আদি গল্পৰ পৰাই এই কথা ক’ব পাৰি অনায়াসে। অসমীয়া চহাজীৱনৰ প্ৰাণচঞ্চল ব্যঞ্জনা কথকৰ কল্পলোকত সৰ্বায়ত সঞ্চৰণশীল। জীৱন আৰু জগতৰ যি সহজাত জৈৱনিক ঐক্য, গোষ্ঠী-জীৱনৰ স্পন্দন, ক্ৰমশঃ অৱলুপ্তিৰ মেৰপেছত সোমাই পৰা সজীৱ নিসৰ্গ চেতনা, সিবোৰৰ ছন্দ প্ৰস্ফুটিত হৈ উঠিছে গঞাজীৱনৰ পটভূমিত। আনহে নালাগে, তন্ত্ৰ-মন্ত্ৰ-তাবিজ- মাদলিৰে একোটা ৰহস্যময় পুৰাতন আৱহেও ভূমুকি মাৰিছে কোনোটাহঁত কাহিনীৰ কেন্দ্ৰত;‘মেঘ’ নাইবা ‘কাৱৈমাৰী সত্ৰৰ অতিথি’ত যেনেকৈ। মনাইবৰীৰ ভূতে পোৱা বুলি সন্দেহত জীয়কে সুভদ্ৰাক চোৱাবলৈ বিধৱা বুটীয়ে ভৰলুচাপৰিৰ চোটাই বেজক মতাই আনিছেগৈ। আসুৰিক এই বেজালীৰ গতি-প্ৰকৃতি। এমুঠিমান শুকান জলকীয়া জুইত ঢালি দি চোটাই বেজে ভূত খেদিছে, চমতাৰে ছোৱালীজনীক কোবাব লাগিছে। অৱশেষত ভূতে পলাই লৰ ধৰোঁতে চিন হিচাপে ভাঙি থৈ গৈছে পদূলি মুখৰ আমজোপাৰ প্ৰকাণ্ড এটা ডাল। কথ্যত সমাৱিক্ত এনে বাস্তৱ আৰু অলৌকিকতাৰ সমাবিদ্ধ ছবিখনক অৱশ্যে লোকজীৱনৰ জৈৱিক প্ৰতিবিম্বনৰূপে ফুটাই তোলা নাই কথকে। জ্ঞানোদয় অনুসৃত যুক্তিবাদৰ পৰশেৰে পৰিশ্ৰুত হৈ আহিছে ইয়াত আৰোপিত লেখকৰ কণ্ঠ—

“তেনেই পুৱাতে উঠি গৈ বুঢ়ীয়ে ভাগিপৰা আমৰ ডালটো ভালদৰে চাবলৈ
ধৰিলে। ঠিকেই, ডালটো ভাগিছে ঠিকেই; কিন্তু বতাহত ভগাৰ দৰে
মোচোৰা খাই ভগা নাই; কোনোবাই যেন দাৰে কেইটামান ঘাপ আগতেই
মাৰি থৈছিল। ভাগি পৰা লগে লগে চাকিটো লৈ ওলাই অহা হ’লে

[ ৭৯ ]

ডালটোত বান্ধি তললৈ ওলোমাই থোৱা ৰচি এডালো কিজানি তাই দেখা
পালেহেঁতেন।” (“কাৱৈমাৰী সত্ৰৰ অতিথি’, পৃ-৩২)

 গল্পৰ কাঠামোত প্ৰক্ষেপিত এনে একোখন লীলাময় জগতৰ সৈতে আজিৰ পঢ়ুৱৈয়ে অনুভৱ কৰিব এক দুস্তৰ ব্যৱধান। অথচ ৰহস্যই উদ্বেলিত কৰা জীৱনৰ প্ৰবাহত অন্তলীন সংঘৰ্ষ আৰু সংঘাতৰ সংকেতসমূহকো কাহিনীৰ সিয়নীত ফুটাই তোলাৰ প্ৰয়াস কৰিছে কথকসত্তাই, যিকোনো প্ৰজন্মৰ পাঠকেই য’ত একাত্ম নহৈ নোৱাৰে। আলোচ্য গল্পটোৰ উপৰি ‘বাঁকৰ সাধু’, ‘ভাদৈ পেহী’, ‘মেঘ’ প্ৰভৃতিৰ বয়নত সমাৰোপিত হৈছে জনজাতীয়, সামন্তীয় আৰু পুঁজিবাদী সংস্কৃতিৰ কেতবোৰ থৈয়া-নথৈয়া দ্বন্দ্ব। লোকশ্ৰুতিৰ পাৰলৌকিক অধ্যায় একোটাৰে পাতনি মেলা ‘বাঁকৰ সাধু’ত কমলা কুঁৱৰীৰ বৃত্তান্তই একধৰণৰ সম্প্ৰসাৰিত ৰূপক (expanded meta- phor) হিচাপে পোহৰাই তুলিছে কমলা গাঁওবুঢ়াৰ অসহায়তা আৰু নিৰালম্ব প্ৰতীতি। ‘পুলিয়ে-পোখাই এটা বৃহৎ পৰিয়ালৰ মূল মানুহ কমলা গাঁওবুঢ়া। তেওঁৰ ডাঙৰটো পুতেক গজেন আমেৰিকাত থাকে।ইয়াত মনৰ মত চাকৰি নাপাইহে তালৈ গৈছিল। এতিয়া তাৰ তেল কোম্পানী এটাৰ হাত দীঘল বিষয়া। মাজতে তিনিটা পদূলি সুঙা ভতিজাককো তালৈ নি কামত ভৰাই দিছেগৈ। নিজেও তাত মেমনি এজনী বিয়া কৰাইছে। সুখৰ সংসাৰ’ (পৃ. ৩৭)। অপমৃত্যুৰ প্ৰহেলিকাময় সুৰ একোটাত গল্পটোৰ পৰিসমাপ্তি। কথ্যৰ প্ৰৱাহত ঘণীভূত দুই প্ৰজন্মৰ নিস্তৰংগ আত্মীয়তাত যেন সনাতন প্ৰমূল্যবোৰ উৱলি যোৱাৰ উপক্ৰম। বৈষয়িক সমৃদ্ধি সুনিশ্চিত কৰাৰ আধুনিক দৃষ্টিভংগীয়ে প্ৰাক-ব্যক্তিবাদী যুগটোৰ লেখীয়াকৈ বাস্তৱ সমস্যাৰ কোনো কাল্পনিক সমাধানক আজি আৰু প্ৰশ্ৰয় দিয়াৰ কথা নাহে। কথাষাৰ টং কৰিব পাৰিয়েই ভাদৈ পেহী ৰাতিটোৰ ভিতৰতে লৱৰি আহি ওলাইছেহি ৰাজধানীত থকা ভতিজাক বাপুকণৰ ওচৰত; উদ্দেশ্য— পুতেকৰ বাবে মেট্ৰিক পাছ চাৰ্টিফিকেট এখন নি দিব পাৰিলেই হ’ল।‘মাটি-বাৰীবোৰ ভগা-ভগি হ’ল। খেতি কৰিলেও নোজোৰে। আও খেতি-বাতি থাকিলেও আজি-কালিৰ দিনত হও-হুৱা চাকই এটা লাগে’ (‘ভাদৈ পেহী’ পৃ. ১৬০) জানিয়েই তেওঁৰ খাটনি— ‘ঘৰৰ ভেটিটো বন্ধকত থৈ টকা দুহেজাৰ লৈ আহিছো। টকাৰ বাবে চিন্তা নকৰিবি’ (পৃ. ১৬১)। কাহিনীটোত দুখন জগতে সহাৱস্থান কৰি আছে একেসময়তেঃ উজনি অসমৰ কথ্যভাষাই তলব কৰা নিৰ্ভাঁজ গ্ৰামীণ সৰলতা ইয়াত মহানাগৰিক জীৱনছন্দৰ প্ৰতিমুখী। সক্ষমতাৰ সূত্ৰ আৰু পুঁজিনিৰ্ভৰ সম্পৰ্কৰ সংস্ৰৱে মানৱীয় অনুভূতিৰ জগতখনক যেন অপসাৰিত কৰিছে বহু দূৰলৈ। একধৰণৰ নিৰ্বাক অসহায়তাৰ প্ৰতিভূস্বৰূপ ভাদৈ পেহী অথবা কমলা গাঁওবুঢ়াৰ দৰে চৰিত্ৰসমূহ। সাংগঠনিক বিশিষ্টতাৰ ফালৰ পৰাও খাটনিয়াৰৰ [ ৮০ ] গল্পই বিশেষ মনোযোগ আদায় কৰিব এইখিনিতে। ক্ষিপ্ৰ analepsis আৰু prolep- sis-ৰ কায়দাৰে ভাদৈ পেহীৰ কাহিনীটোৱে গতি লাভ কৰিছে। একালত ককায়েক আৰু বৌৱেকৰ মান ৰাখিবলৈকে সতিনী খাতিবলৈও ৰাজি হোৱা ভাদৈ পেহীৰ পৰৱৰ্তী জীৱনৰ সংগ্ৰাম আৰু ক্ষত-বিক্ষত সপোনৰ ছবিবোৰ সংঘাতময় প্ৰাত্যাহিকতাৰ অবিচল অভেদ।

 অনুক্ৰমিক বৰ্ণনাৰ পৰম্পৰাক কৌশলেৰে বাগি দিয়াৰ প্ৰয়াস কৰা হৈছে খাটনিয়াৰৰ আন এটা গল্প ‘সাঁচিপাতৰ পুথি’ৰ পৃষ্ঠভূমিত। প্ৰাজন্মিক অন্তৰায়ে অৱধাৰিতভাৱে বোৱাই অনা সংঘাতৰ মৰ্মভেদী দ্যোতনা কাহিনীটোৰ কেন্দ্ৰত। চৰিত্ৰৰ মানসিক পৰিস্থিতিৰ বিক্ষিপ্ত বিৱৰণে বাস্তৱতাৰ জটিল জগতখনকে পোহৰাই তুলিছে আকৌ এবাৰ। নিশ্চয়তাৰ ইংগিত ইয়াত পাবলৈ নাই; পিতা-পুত্ৰৰ সাংসাৰিক সাজোনটোত অনিৰ্ণেয়তাৰ প্ৰতিধ্বনি আদ্যোপান্ত।‘মোলান মৌজাদাৰৰ ঘৰ মানে কাচাকাচি ৰাজ হাউলি। পিছে ৰজাহে আছে; প্ৰজা নাই’ (পৃ. ৪৩)। এক ক্ষীয়মান ঐতিহ্যৰ শেষ প্ৰতিনিধি মোলান মৌজাদাৰ (কথ্যত সমাৱিষ্ট ‘কাল হিকটি’, ‘গল-হেকাৰি’ আদি শব্দপুঞ্জই সূচনা কৰে অৱক্ষয়ৰ আৱাহনী)। এই ঐতিহ্য ৰাজ-প্ৰশাসনৰ আশিসধন্য সামন্তীয় ঐতিহ্য; ‘পদূলি মুখৰ ডালে-পাতে আধা বিঘামান মাটি আগুৰি থকা’ (পৃ. ৪৩) বামুণী বড়জোপা যেন তাৰ স্বৰ্ণিল সৌধ। কেইবাটাও প্ৰজন্মজুৰি ৰক্ষিত এই প্ৰতীকী সম্ভ্ৰমৰ পতন মিলিছে মোলান মৌজাদাৰৰ দ্বিতীয় পুতেক গজেনৰ চৰিত্ৰটোত প্ৰকট হৈ উঠা অৰ্থনৈতিক আৰু সামাজিক নিৰাপত্তাৰ মধ্যবিত্তীয় প্ৰয়োজনৰ পৰিপ্ৰেক্ষিততঃ ‘গজেন্দ্ৰই বড়জোপা কাটিবই। এইখিনি তাৰ ভাগৰ মাটি। গছ কাটি তাতে এটা ধান বনা আৰু তেল পেৰা মিল বহুৱাব’ (পৃ. ৪৫)। গল্পটোৰ কথনত সম্পৃক্ত বাক-বৈবিধ্যই বোৱাই আনিছে বাখতিন-কথিত একধৰণৰ ‘dialogic conflict with the actual heteroglossia of life’ (দ্ৰষ্টব্য ‘Discourse in the Novel’, The Dialogic Imagination. 1981p. 398)। ৰূঢ় বাস্তৱৰ আতিশয্য আৰু ভীতিৰ পৰা সাময়িক পৰিত্ৰাণৰ নিমিত্তে মোলান মৌজাদাৰে সাঁচিপাতৰ গৌৰৱময় আখ্যানৰ মাজলৈ গতি কৰিছে সঘনাই। ক্ৰমশঃ নিষ্প্ৰভ হৈ অহা অস্তিত্বৰ গৰ্ব তেওঁ পুনৰ এবাৰ সদম্ভে সোঁৱৰাই দিছে পুতেকক, ‘জাননে কোনে ৰোৱা এই গছ? স্বয়ং গৌৰধ্বজ সিংহই হাবিৰ পৰা আনি নিজ হাতে ৰোৱা এই গছ। আমাৰ পূৰ্বপুৰুষক তেওঁ অন্তৰ ঢালি ক’লে, বোলে হৰিভকত! এইজোপা যিমানকৈ বাঢ়িব, তোমাৰ বংশৰ খিয়াতি সিমানকৈ ৰৈ-বৈ যাব’(পৃ. ৪৪), অথচ সিয়ো নিস্ফল হৈছে পৰিশেষত।‘ষোল্লহতীয়া কৰত’খন (পৃ.৪৫) ইয়াত জমিদাৰী শোষণৰ বিৰুদ্ধে যেন শেষ জোঁকাৰ স্বৰূপ, আৰু লগতে ‘ৰঙা কাপোৰেৰে বন্ধা পুথিখন’-ৰ (পৃ.৪৬) মাজত জীপ লৈ থকা [ ৮১ ] সামন্তীয় আধিপত্যৰ প্ৰতিও। বেদনা-ক্ৰোধ-সপোনৰ যুগপৎ ৰূপাংকনতে গল্পটোৱে লাভ কৰিছে অসাধাৰণ গতিময়তা। মৃত্যুৰ শীতলতাত সেমেকি উঠা পৰিসমাপ্তিৰ পৰ্বটোত পঢ়ুৱৈয়ে দেখিব এক দ্বৰ্থবোধক epiphany। লাখুটিত ভৰ দি খুপি-খুপি কাহিলিপুৱাতে পদূলিলৈ ওলাই অহা মোলান মৌজাদাৰৰ মৃত্যু মিলিছে বড়জোপাৰ গুৰিত : এফালে এক নিবিড় অন্তৰংগতাত একিভূত পাৰমাৰ্থিক তাৎপৰ্য, আনফালেদি কৰ্তৃত্বৰ মলমা ভেঁটিৰ মূলোচ্ছেদ এই প্ৰাণান্তকৰ পৰিণতিত; গজেন্দ্ৰৰ ‘সফলতা’ আৰু সোণেশ্বৰীৰ খেদ— ‘বুঢ়া হাকিম গ’ল, তাইক অথাই সাগৰত ডুবাই...।’ (পৃ. ৫০)।

 লেখকৰ ৰাজনৈতিক চেতনাৰো গম ধৰিব পাৰি এনে গল্পৰ সিয়নীতে। অৱদমনত পিষ্ট নিছলা আৰু নিঠৰুৱা চৰিত্ৰসমূহৰ প্ৰতি আৰোপিত লেখকৰ সংবেদনশীল অভিব্যক্তি প্ৰায়কেইটা গল্পতে চকুত লগা। বহুমাত্ৰিক সমাজ একোখনত স্বাভাৱিকতে শিপাই থকা প্ৰতিহিংসাৰ জীয়া ছবিবোৰো আলোকিত হৈ উঠিছে কথকৰ কল্পনা-ভাবনাত। ‘হাৰ্কি’ গল্পটোত আমি দেখিম এনে বহুত্বৰ ভৰত ওলমি ৰোৱা দ্বিধা-দোমোজাৰ বিভীষিকাময় প্ৰতিচ্ছবি। প্ৰাপ্য আদায়ৰ সংগ্ৰাম আৰু শ্ৰমজীৱী মানুহৰ স্বাভিমানী চৰিত্ৰ উদ্‌ঘাটিত হৈছে কাহিনীটোৰ বিন্যাস নিৰ্মাণ প্ৰক্ৰিয়াত। ‘বাগানৰ আদিবাসী’, ‘অসমীয়া মৰাণ’, ‘বাষষ্ঠি চনত চৰকাৰে কলকাতালৈ উঠাই নিবলৈ পাহৰি যোৱা চীনা পৰিয়াল’, ‘খুচুৰা ব্যৱসায় কৰা বঙালী মানুহ’, ‘নেপালী গোৱাল’ আদি নৃগোষ্ঠীয় বিচিত্ৰতাৰ ইংগিতময় সমাৱেশ কথাবস্তুৰ অন্তৰত। উপৰিপৃষ্ঠত নেতা-পালিনেতা, বণিকগোষ্ঠীৰ মুনাফা আদায়ক লৈ চলা জল্পনা-কল্পনাৰ তলসূতীয়া সংঘাতময় জীৱনৰ বিভৎস ছবিখন কথকে বৈ আনিছে গ্ৰীক পুৰাকথাৰ কেতবোৰ অনুষংগক আশ্ৰয় কৰি ‘বতাহত এবিধ বিষাক্ত গন্ধ বিয়পিছে; সিহঁতে বোলে কাঁড়ৰ আগবোৰ ‘হাইড্ৰা’ৰ বিষত ডুবাই লৈছে; এতিয়া আৰু ‘অশ্ব মানৱ ছেণ্টৰ’ আনকি প্ৰতিহিংসাপৰায়ণ ‘জুনো’ৰো নিস্তাৰ নাই’(পৃ. ১৪৯); ‘আন্ধাৰ ফালি পাখি লগা কাঁড়বোৰ চোঁ-চোৱাব ধৰিলে, ‘ডায়োমিডিছ’ৰ ঘোঁৰাজাক শৰবিদ্ধ হৈছে।...... আৰু তাৰপাছতে আন্ধাৰবোৰ খেলি-মেলি হৈ গ’ল। ভাহি আহিল কেৱল কান্দোনৰ ৰোল আৰু দূৰৰ বস্তিৰ কুকুৰৰ ৰৌৰৱণি’ (পৃ. ১৫৩) ইত্যাদি। মন কৰিবলগীয়া, ধ্ৰুপদী আখ্যান একোটাৰ সৈতে লোক-মনৰ অন্বয়ত গাম্ভীৰ্যৰ সুৰটোৰ সৈতে বক্ৰোক্তিৰ লয়ো শুন-নুশুন অনুনাদিত কথাংশৰ পাৰ্শ্বভূমিত। লেখকৰ আয়ত্তাধীন সংযত আৰু নিৰাবেগ ভাষাও ইয়াত চকু ৰোৱা। স্থানান্তৰত কথকে কল্পনাৰ অভিপ্ৰেত ব্যঞ্জনাক গল্পৰ কাঁথিত ফুটাই তুলিছে এক প্ৰগাঢ় প্ৰকৃতি-চেতনাৰ আলম লৈ। ভয়াবহতাৰ ভাৱনা ৰঞ্জিত এটি উদাহৰণ এনে— [ ৮২ ]

“সেয়া, বিজুলীৰ একা-বেঁকা ৰেখা এডাল আকাশৰ মাজৰ পৰা সন্মুখৰ
নৰানিৰে ভৰা বহল পথাৰখনৰ বুকুলৈ নামি আহিল নেকি? হয়, তাৰ
পাছত কেৰ কেৰ ক্ৰোৎ। কাষতে ক'ৰবাত বজ্ৰপাত হ’ল। এনেকৈ বজ্ৰপাত
হ’লেতো এৰাবাৰীৰ সবাতোকৈ ওখ চেৱা গছবোৰৰ দুই এজোপা মাজে
মাজে দুফাল হৈ পৰে। এফাল যদি থিয় হৈ থাকেও, আনফাল পুৰি আধা
ছাই হৈ যায়।” (‘বীৰা’, পৃ. ১২-১৩)

 আখ্যান-ধৰ্মী কাহিনী এটাৰ ঠাচত বৰ্ণিত ‘মেঘ’ গল্পটোত বিধৃত হৈছে মানৱীয় পৰিমণ্ডলৰ প্ৰতিকূলতাক প্ৰতিহত কৰি জীৱন-জগতত খলকনি তুলি থকা জীয়াই থকাৰ জৈৱিক তাড়না। পাটকাই পাহাৰৰ নামনিৰ এক বিস্তৃত অঞ্চলত প্ৰচলিত মাত-কথাৰ উপভাষিক প্ৰাচুৰ্যই কাহিনীটোত সমাৱেশ ঘটাইছে এক বহু আয়তনবিশিষ্ট কথনগুচ্ছৰ। উপ-কাহিনী এটাৰ অচিলাৰে কৃষক দম্পতি সোণেশ্বৰ-ঘনকান্তিৰ কথকতাই গতি লাভ কৰিছে। অনাবৃষ্টি দুৰ্ভিক্ষত জুৰুলা গঞাৰ দুৰ্বিসহ জীৱনৰ পটভূমিটোৰ আঁৰে আঁৰে সামাজিকতাত অন্তৰ্হিত ৰাজনৈতিক অৱস্থানসমূহক একধৰণৰ নিৰাসক্ত বস্তুনিষ্ঠতাৰে উন্মুক্ত কৰি দেখুওৱাৰ প্ৰয়াস কৰিছে আৰোপিত লেখকে : ‘অজলা নগা গঞা মানুহখিনি’ অথবা ‘খিচটান বাগানীয়া’ এনে অৱস্থানৰ দুই প্ৰতিভূ শ্ৰেণী। কল্পনাৰ সূক্ষ্মতাৰে গল্পটোৰ শেষ ডোখৰত উন্মোচিত হৈছে এক তাৎপৰ্যপূৰ্ণ দ্বন্দ্বাৰ্থ। খেতি-খোলাতে জীৱনৰ যাৱতীয় সম্বলৰ সন্ধান সোণেশ্বৰ আৰু ঘনকান্তিৰ৷ তাতে খৰাঙৰ এনে চোক যে মানুহহালৰ পানীত তেনেই হাঁহ নচৰা অৱস্থা। এনেতে এনিশা সোণেশ্বৰৰ ‘ৰিম্ ৰিম্‌কৈ জ্বৰ উঠিল। দুবাৰ নে এবাৰ বাহিৰলৈ গৈ বতিয়ালেও’ (পৃ. ১৩২)। পদেশ্বৰ বেজে পিছদিনাখন আহি দেখে ‘সোণেশ্বৰৰ ভৰিৰ গেৰোৱা দুটা ছিৰাল ফটা দিয়া; ঠিক যেন ছিটা-ছিট হোৱা ধাননি পথাৰখনহে’ (পৃ. ১৩৩)। পৰীক্ষা-নিৰীক্ষাৰ অন্তত বেজে আচম্বিতে উমান পায় বাঁওভৰিৰ বহল ফাট এটাত জীয়ন ধৰা ধানৰ বীজ একোটাৰ। ‘ধানটোৱে গোৰোৱাৰ ফাটটোৰ ভিতৰতে শিয়া মেলিছে। দেখাত মাচুৰি ধান যেন লাগে। দুখিলা কোমল সেউজীয়া পাতো আধা আঙুল মান হৈছে’ (পৃ. ১৩৪)। কাহিনীৰ এনে অনাকাংক্ষিত আৱৰ্তনে গল্পৰ ৰসায়নক পুৰাকথাৰ বিস্ময়াবহ থূলটোৰে ওচৰ চপাই নিব। লোকজীৱনৰ অভিধেয় কুহকী বাস্তৱতাৰ কল্পিত প্ৰবহন। তেজীমলাৰ পুতি থোৱা দেহটোৰ পৰা লাওগছ এজোপা লহপহকৈ গজালি মেলি সাউদনীৰ ঘৰৰ ঢেঁকীশালৰ চালত বগাবলৈ লোৱাৰ কাহিনী এনে প্ৰকৃতি আৰু মানৱৰ symbiotic সংসৰ্গৰ অধুনা উপলব্ধ আদিৰূপ (archetype)। অৱশ্যে কাহিনীৰ পুৰাকাথনিক প্ৰৱণতাই একধৰণৰ ঐতিহাসিক বিনিমাৰ্ণৰ দিশেও আঙুলি টোঁৱায় একেসময়তে। প্ৰতীকী [ ৮৩ ] অৰ্থত প্ৰকৃতিৰ সমাক্ষ ৰূপে নাৰীৰ প্ৰস্থিতিত আৱহমান কালৰ পৰা উপযোজিত হৈ অহা উৰ্বৰতা, সংবাহিতা আদি প্ৰপঞ্চৰ সাংস্কৃতিক তাৎপৰ্য স্থানচ্যুত হৈছে গল্পটোৰ বয়নত। প্ৰভাৱশীল এনে একোটাহঁত ধাৰণা যে শোষণ-শাসনৰো কাঠি-কামি সেয়া নাৰীবাদী অধ্যয়নে ইতিমধ্যে সাব্যস্ত কৰি গৈছে। হালোৱা সোণেশ্বৰৰ শৰীৰী নিৰ্যাসত সৃষ্টিক্ষম হৈ উঠা মানৱ-ভিন্ন জৈৱিকতাই জীৱনৰ অপ্ৰতিৰোধ্যতা প্ৰতীয়মান কৰিব এক নব্য অনুবন্ধৰ সূত্ৰ ধৰি। পাৰিপাৰ্শ্ব তত্ত্বৰ অতিসাম্প্ৰতিক দৃষ্টিকোণৰ উপৰি উত্তৰ-মানৱীয় দৰ্শনৰ আধাৰতো গল্পটো ফঁহিয়াই চোৱাৰ থল আছে যে কোৱা বাহুল্য মাথোঁ।

 ওপৰত লেখকৰ প্ৰমূল্যৰাজিত ন্যস্ত হৈ থকা সহজ-সৰল গ্ৰামীন সংস্কৃতিৰ প্ৰাণোচ্ছল ধাৰাটোৰ কথা কৈছোঁ যদিও কাহিনীৰ পটভূমি অনুসৰি মহানগৰৰ অলি- গলিৰো সমাৱেশ গুটিদিয়েক গল্পৰ বয়নত। ‘কালাৰ্ড জেৰক্স’ তেনে এটা গল্প। শেষৰ সংশ্লেষণত কথকৰ অনন্যতা প্ৰতিপন্ন কৰিব ‘বৃষভ সংহতি’ শীৰ্ষক শেষপৰ্বৰ নাতিদীৰ্ঘ গল্পটোৱে। কথন-কৌশলৰ বেলিকা দেখিছোঁ প্ৰায় প্ৰতিটো গল্পতে একধৰণৰ প্ৰত্যক্ষ উক্তি (mimetic mode)ৰ পয়োভৰ। চুটিগল্পৰ তাত্ত্বিকহেলমাত বন্হাইম প্ৰভৃতিয়ে সংলাপধৰ্মী অবয়বত পঢ়ুৱৈৰ সৈতে গাল্পিক আৱহৰ নৈকট্য স্থাপন হয় বুলি মন্তব্য কৰি গৈছে তেখেতৰ The Narrative Modes: Techniques of the Short Story (1986,p.52) শীৰ্ষক অধ্যয়নত। সাম্প্ৰতিক লেখকৰ ৰচনাত বাস্তৱ আৰু কাহিনী অথবা বিষয়বস্তু আৰু বহিৰংগৰ সাযুজ্য সাধনো সুচল হৈ উঠিছে কথনশৈলীৰ এনে ৰূপগত বিশিষ্টতাৰ মাধ্যমেদি। উপভাষিক বিচিত্ৰতাৰ কথা কৈছোঁৱেই; ফকৰা- যোজনাৰ বৈবিধ্য খাটনিয়াৰৰ গল্পৰাজিত আন এক সাংগঠনিক সম্পদ : ‘ঢিলা মাটিতহে বিড়ালীয়ে হাগে/টান পালে আপুনি ভাগে’, ‘মাছে নিচিনে নৈ/তিত্ৰীয়ে নিচিনে পৈ/কুকুৰে নিচিনে ৰাম তুলসী/ঠেং দাঙি মুতে গৈ’(বাঁকৰ সাধু’); ‘গড়গঞা মিতিৰৰ ভাও/মুখে বোলে থাক থাক/ ভৰিৰে হেঁচুকে নাও’ (বীৰা’) ইত্যাদি। শব্দ-বাক্য-বিন্যাসৰ মাজেদিয়েই গল্পকাৰে ব্যক্তিমনৰ দ্বন্দ্ব, অন্তৰ্জীৱনৰ সংঘাত- সংশয়ক ক্ষিপ্ৰতাৰে নিজ সৃষ্টিৰ চালিকাশক্তিত পৰিণত কৰাইছে। অভিজ্ঞতাৰ বহুমাত্ৰিকতাক যদি কোনোটোহঁতৰ ঘটনালানিত হাজোৰ মৰিয়া সম্প্ৰদায়ৰ লুপ্তপ্ৰায় বাকভংগিমাৰে উদঙাই দেখুওৱাৰ প্ৰয়াস কৰা হৈছে (‘চিতাৰ বুকুৰ জুই’ দ্ৰষ্টব্য), কোনোটোৰ কেন্দ্ৰীভূত মধ্যযুগৰ ভকতীয়া ঠেউকি—

“খৰকালি বাৰীৰ পুখুৰীত পানী নৰয়, চুৱা কাঁহী-বাতি ধুবলৈও নৈৰ পানী
লাগে। দেউতা ঈশ্বৰৰ পিছে বাৰীৰ মূৰে দিখৌৰ ঘাটে একে। তাকে যেনিবা
শেহৰখিনি গেজেপনি মৰা কাঠনি-বাঁহনি। সেয়ে বান্দী কেইজনীয়ে কলহ

[ ৮৪ ]

লোটা লৈ ওলালে আইদেউতাই টাঙ্গোন ধৰা এটাকো পাচে। অনটো
কি? মলুৱাগালে এজনী হওক, দহজনী হওক মাইকী ল’ৰা দেখিলেই
বাট আগচি ধৰে। চোঁচা একোটাও যে লয়; ভৰা পানীৰ কলহ থেকেচি
থৈ দিয়ে ঢেঁকুৰ গোটেই মখাই।” (“গোলাম’, পৃ. ৬৭)

 বহুকণ্ঠৰ এনে নিৰ্মোহ প্ৰয়োগৰ নেপথ্যত আমি দেখিম বাখতিন কথিত “a historical and concrete plantitude of actual social-historical languages that in a given era have entered into interaction” (পূৰ্বোক্ত গ্ৰন্থ, পৃঃ ৪১২)। মূলতঃ সেইবাবেই খাটনিয়াৰৰ ৰচনাত চৰিত্ৰ, ঘটনাৰ বাস্তৱ খুটি-নাতি সমূহক জীৱন জগতৰ নিগূঢ় তাৎপৰ্যৰ পৰা নিলগাই চোৱাটো সমীচীন নহয়। জীৱন-আশ্ৰিত এই ধাৰাটোত তেখেতে অনুভূতিঘন অভিজ্ঞতাৰ সৰস বৰ্ণনাৰেই সূচনা কৰিছে কিয়দভাগ কাহিনীতে, অথচ তাত ‘মধুৰেণ সমাপয়েৎ’-ৰ সন্ধান নিৰৰ্থক। “স্বাভিমান”ৰ দৰে এপতীয়া অনুগল্পও তেখেতে লিখি উলিয়াইছে (প্ৰকাশ, এপ্ৰিল ২০১৮ দ্ৰষ্টব্য) গঠন বিন্যাসৰ সম্পৰীক্ষাত নিয়োজিত হৈ। চহাজীৱনৰ সৰল-নিভাঁজ ছন্দ ইবোৰত শংকা আৰু সংশয়ৰ মূৰ্চ্ছনাৰে মূৰ্ত প্ৰতিনিয়ত। ঐহিক অনুভূতি-অস্তিত্বৰ এনে তীৰ্যক ৰূপায়নে কথকক কেতবোৰ মুহূৰ্তত অগ্ৰজ কথাশিল্পী মহিম বৰাৰ কিছু কাষ চপাই নিব যেন আমাৰ ধাৰণা। লেখক জীৱনৰ সৰ্বশেষ সংকলনটো (হাৱা ভাল চলা নাই) খাটনিয়াৰে পূৰ্বসুৰী জেহিৰুল হুছেইনৰ স্মৃতিত উচৰ্গা কৰিছে ‘অসমীয়া গল্প সাহিত্যৰ এচাম পৃথক ৰুচিসম্পন্ন পঢ়ুৱৈ সৃষ্টি কৰোঁতা’ ৰূপে তেখেতক অভিহিত কৰি। অসমীয়া সাহিত্যৰ বলয়ত বিপুল খাটনিয়াৰৰ প্ৰাসংগিকতাও যে সেই একেটা কাৰণতে সময়ৰ কষটিত ৰৈ যাৰ চিৰতিকাললৈ, সেয়া সংশয়াতীত।❐


টোকা :
১। ‘কাৱৈমাৰী সত্ৰৰ অতিথি’, ‘বাঁকৰ সাধু’, ‘সাঁচিপাতৰ পুথি’, ‘মেঘ’, ‘হাৰ্কি’, ‘গোলাম’ আৰু ‘ভাদৈ পেহী’ গল্পৰ উদ্ধৃতি-উৎস ভিন্ন জীৱন ভিন্ন কথকতা (প্ৰতিস্ৰোত, ২০০৯)।
২। ‘বীৰা’, ‘কালাৰ্ড জেৰক্স’, ‘চিতাৰ বুকুৰ জুই’ আৰু ‘বৃষভ সংহতি’ শীৰ্ষক গল্পকেইটাৰ উৎস হাৱা ভাল চলা নাই (আঁক-বাক, ২০২০)।
(লেখক তেজপুৰ বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ গৱেষক ছাত্ৰ) [ ৮৫ ]

বিপুল খাটনিয়াৰ

গল্পশিল্পৰ নিপুণ, মানৱ দৰদী কথকজন

বিতোপন বৰবৰা

 ‘টুংগেই নিহ?’

 কোন তুমি? তাই চেপা মাতেৰে সুধিলে।

 ‘মই নু-ই।’

 ‘নু-ই? কি হৈছেনো?

 নু-য়িয়ে ফুচফুচাই ক’লে, ‘সিহঁতে তাক ধৰি আনিছে, গিৰ্জাৰ ভিতৰত বিচাৰ কৰিছে।

(গল্পৰ শিৰোনাম : ‘মিজোজাই’, পৃষ্ঠা নং ৩৮,
সংকলনৰ নাম ‘তাই কাপোৰ নিপিন্ধে’ )

X  X  X

 “খিখিবেন্দীং।”

 খাপ পাতি থকা পাইকাৰী দুটামানে ভেনা মাখিৰ দৰে চোঁ মাৰি আহিলেই।

 ‘যাং যাং জানগাৰ যা! ফাইখাৰিনী হৰামা।’

 আবৌৱে ‘বজাৰখন’ দুয়ো হাতেৰে আৱৰি ধৰিলে, তেওঁ কোনোদিনে কোনো বস্তু পাইকাৰীক নিদিয়ে, বেছি দাম দিলেও নিদিয়ে। ঠাইতে লৈ ঠাইতে বেচে, কি ঠগৰামি!’ [ ৮৬ ]  ‘আমাৰ পইচা পইচা নহয় নেকি অ’আনৈ? নগদ দহ টকা দিম, দে গোটেইখিনি, ‘হৰগাসিখৌবৗ।’

 ‘লাঙা বুংদী নঙা।’ আবৌৱে ভেকাহি মাৰিলে।

(গল্পৰ শিৰোনাম : ‘বাৰদৈ-চিখ্ৰা’, পৃষ্ঠা নং ৬৪,
সংকলনৰ নাম ‘তাই কাপোৰ নিপিন্ধে’)

X  X  X

 টাপলি মৰা কাপোৰ পিন্ধা জধলা ল’ৰাটোৰ ‘কোৱাই’ৰ সেলেঙী বোৱা মুখখনত যেন এক যুদ্ধ জয়ৰ ভাবহে ফুটি উঠিল। সি ক’লে, ‘গুৱাহাটী। গুৱাহাটী যায়েগা ম’। খোল খোল'। হম খাৰা, দৰ’ মত ম'।... প্লি খে... লেইট ছেদিন প্লেম। ... চং চুখ ম’!

(গল্পৰ শিৰোনাম : ‘দখাৰ’, পৃষ্ঠা নং ২২, সংকলনৰ নাম ‘দখাৰ')

X  X  X

 ‘খেত মজুৰ?’

 ‘কোন, ওমৰা দুজন?’ চূণ ধঁপাতেৰে ডাঠ হৈ পৰা বিচিত্ৰ ৰঙী পাণৰ পিকখিনি ছিটিককৈ দূৰলৈ আছাৰি জামালুদ্দিনে ক’লে, ‘ন’ গ’ দাস বাবু; নাহয় নাহয়, ওমৰা দুজন মোৰ সোদেৰ ভাই, বাইগুনবাৰীৰ মোৰ পিসাৰ (পেহাৰ) বেটা, ভাই।'

 ‘কেম্পৰপৰা আইসবেৰ সপ্তাহখানেক হৈছে।' শৈলেন ৰায়ে যোগ দিলে।

(গল্পৰ শিৰোনাম : ‘ঘঁৰিয়ালডাঙাৰ কথা’,
একে নামৰ সংকলনৰ পৃষ্ঠা নং ১৯০ )

X  X  X

 বিপুল খাটনিয়াৰৰ এনেধৰণৰ পৃথক ভাব-ভংগীৰ নৃগোষ্ঠীয় বৈচিত্ৰ্য আৰু বৈশিষ্ট্যধন্য গল্পবোৰ পঢ়ি গ’লে এনে ভাব মনত জন্মে জানোচা পূৰ্বাঞ্চলৰ এনে এখন ঠাই নাছিল য’লৈ তেওঁ যোৱা নাছিল। ততোধিক, এনে এটা জনগোষ্ঠী নাছিল যিসকলৰ ভাষা, কথনভংগী, জীৱনচৰ্যা আয়ত্ত কৰাৰ কষ্ট স্বীকাৰ কৰাই নহয় বৰঞ্চ তেওঁলোকৰ জীয়া সমস্যা, জীৱন-সংগ্ৰামৰ বুজ লৈ নিজৰ গল্পত তেওঁ চিত্ৰায়িত কৰিছিল অনবদ্য বিচক্ষণতা, সমৃদ্ধ ভাব-ভংগী আৰু অভাৱনীয় বিশ্বাসযোগ্যতাৰে। বিষয়বস্তুৰ এনে সীমাহীন বৈচিত্ৰ্য, ভাব-ভংগীৰ সৰ্বদা পৃথক অভিনৱত্বৰ লগতে [ ৮৭ ] ভৌগোলিক দূৰত্বৰ হেঙাৰ অতিক্ৰমি বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজলৈ গৈ তেওঁলোকৰ মৰ্মবেদনা বিৰল মানৱীয় চেতনাৰে গল্পসমূহত সজীৱ কৰি তোলা বিপুল খাটনিয়াৰৰ দৰে কথাশিল্পী দ্বিতীয়জন আমাৰ মাজত নাই বুলিলেও হয়তো অত্যুক্তি কৰা নহ'ব৷ ‘ঘঁৰিয়ালডাঙাৰ কথা’ শিৰোনামৰ সংকলনখনৰ পাতনিত লেখকে তাত অন্তৰ্ভুক্ত গল্পসমূহৰ স্থান-কাল আৰু নেপথ্যৰ বিষয়ে চমুকৈ উল্লেখ কৰি লিখা দুআষাৰ কথায়ো তেওঁৰ গল্পৰ বৈচিত্ৰ্য আৰু লেখক হিচাপে তেখেতক ক্ষিপ্ত-উত্যক্ত কৰি থকা বিষয়বোৰৰ সম্ভেদ দিয়ে য’ত তেওঁ কৈছে যে, “...সংকলনখনৰ প্ৰায়বোৰ গল্পকে চুই গৈছে ৰচনাকালে; নৃগোষ্ঠীয় প্ৰক্ষালন, সাম্প্ৰদায়িক বিদ্বেষ, বহিষ্কৰণৰ লেজুত ধৰি তেনেই সাধাৰণজনৰ ওপৰত চলা অতিচাৰ আৰু গড় হত্যাকে ধৰি সমাজ জীৱনৰ ৰন্ধ্ৰে ৰন্ধ্ৰে সোমাই পৰা সহজলভ্য ধনৰ সংস্কৃতি, ব্যভিচাৰ আৰু মূল্যবোধৰ অৱক্ষয়ে।’

 বিপুল খাটনিয়াৰৰ গল্প পঢ়ি সদায়ে অভিভূত হোৱা যায়, ইমান সুন্দৰ প্ৰকৰণ কৌশল, কাহিনীৰ ইমান অনায়াস বিস্তাৰ আৰু কুশলী বিন্যাস, সমাজৰ বহু প্ৰান্তীয় শ্ৰেণীৰ পীড়িত লোক বা চহা জীৱনৰ কাহিনী আৰু চৰিত্ৰক সুন্দৰকৈ সজীৱ কৰি তুলিব পৰা ইমান মানৱ-দৰদী লেখক, ইমান শক্তিশালী কথাশিল্পী! কোৱা বাহুল্য যে মানুহৰ প্ৰতি, বিশেষকৈ দুখ-দুৰ্দশাপীড়িত, শোষিত-বঞ্চিত-নিষ্পেষিত শ্ৰেণীৰ সংগ্ৰামী মানুহৰ প্ৰতি বিপুল খাটনিয়াৰৰ যি সহানুভূতি, সমমৰ্মিতা আৰু বিহ্বলতা তেওঁৰ গল্পবোৰত ফুটি উঠে, তাত তেওঁৰ সমাজ-চেতনা আৰু সমাজবাদী আদৰ্শনিষ্ঠা প্ৰতিফলিত হোৱাৰ লগতে অন্যায়-বঞ্চনাৰ বিৰুদ্ধে প্ৰতিবাদৰ সুৰো নিশ্চয়কৈ ধ্বনিত হয়। কিন্তু সেইবুলি সেইবোৰ নিমিত্ত বক্তব্যপ্ৰধান বিৱৰণি হোৱাৰ পৰিৱৰ্তে চমকপ্ৰদ ভাষাৰ কুশলী কথকতাৰে তাক মহিমাময় গল্পশিল্পলৈ উত্তীৰ্ণ কৰিব পৰাৰ নিপুণতাই বিপুল খাটনিয়াৰক এজন সাৰ্থক কথাশিল্পী হিচাপেও এক বিশেষ মৰ্যাদাপূৰ্ণ স্থানলৈ লৈ যায়।

 উত্তৰ-ৰামধেনু যুগৰ এজন বিশিষ্ট গল্পকাৰ বিপুল খাটনিয়াৰ আছিল এজন অত্যন্ত শান্ত, মৃদুভাষী ভদ্ৰলোক কিন্তু হাতত এটা সাৰগ্ৰাহী, পাৰংগৎ কলম লৈ এযুগ ধৰি অপূৰ্ব কথকতা, কাহিনী-বিন্যাসৰ ভংগী আৰু বিষয় বৈচিত্ৰ্যৰে ভালেমান ৰসোত্তীৰ্ণ গল্প লিখি তেওঁ অসমীয়া সাহিত্যত কাললৈ নাম উজলাই শেহতীয়াকৈ আমাৰ মাজৰপৰা বিদায় মাগিছে। কিন্তু এই কথা অনুতাপেৰে অনুভৱ কৰোঁ যে বিপুল খাটনিয়াৰৰ গল্প-শিল্পক লৈ আমাৰ সাহিত্য জগতত যিদৰে আলোচনা-বিলোচনা হ’ব লাগিছিল দুখজনকভাৱে সেয়া দেখা নগ’ল। Undoubtedly he was one of the most underrated fiction writers of Assamese literature। [ ৮৮ ]

 এই বিষয়ে অৱশ্যে কোনোদিনেই তেখেতক সোধা হোৱা নাছিল। খুব সম্ভৱ এই লৈ হয়তো তেখেতৰ আক্ষেপো নাছিল। কিয়নো নিজৰ শিল্পকৰ্মত, গল্পকাৰ হিচাপে তেখেতৰ একান্ত নিষ্ঠা আৰু ঐকান্তিকতাৰ অভাৱ নাছিল, কৰ্মফললৈ হয়তো তেখেতে উভতিকে চোৱা নাছিল। তেখেতে হৈ চৈ নকৰাকৈ, খ্যাতিৰ মোহত মতলীয়া নোহোৱাকৈ মানুহৰ মাজত থাকি নীৰৱে কাম কৰি, জীৱন-যাপন কৰি ভাল পোৱা মানুহ আছিল আৰু তেনেদৰেই আমাৰ মাজৰপৰা নীৰৱে বিদায়ো মাগিলে।❐

পূৰ্বপ্ৰকাশ
গৰীয়সী, ২০২১ আগষ্ট

(লেখক বিশিষ্ট গল্পকাৰ, চলচ্চিত্ৰ সমালোচক আৰু ‘দৈনিক অসম’ কাকতৰ সহকাৰী সম্পাদক) [ ৮৯ ]

বিপুল খাটনিয়াৰৰ গল্প : এটি সংক্ষিপ্ত টোকা

চুলতান আলী আহমেদ

অলপতে মৃত্যুবৰণ কৰা বিপুল খাটনিয়াৰ অসমৰ এগৰাকী অন্যতম শ্ৰেষ্ঠ গল্পকাৰ যিয়ে সচেতনভাৱে শোষিত মানুহৰ পক্ষত থাকি এটা প্ৰগতিশীল দৃষ্টিভংগীৰে ভালেমান ৰসোত্তীৰ্ণ গল্প সৃষ্টি কৰিবলৈ সক্ষম হৈছিল। বিপুল খাটনিয়াৰ প্ৰগতিশীল সাহিত্য সংগঠনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আছিল আৰু ‘নতুন সাহিত্য পৰিষদ’ৰ সম্পাদকৰ দৰে গুৰুদায়িত্ব পালন কৰিছিল।

 সাধাৰণতে দেখা যায় যে প্ৰগতিশীল শিবিৰত থাকি যিসকলে লেখা-মেলা কৰে বা যিসকল লেখক শ্ৰেণীসচেতন, তেওঁলোকৰ সাহিত্যকৰ্ম বহুসময়ত মাত্ৰাধিক প্ৰচাৰধৰ্মী হৈ পৰে। নিজৰ সামাজিক আৰু ৰাজনৈতিক দৃষ্টিকোণ সাহিত্যকৰ্মৰ মাজেৰে প্ৰতিষ্ঠা কৰিবলৈ গৈ কিছুমান প্ৰগতিশীল লেখকে তেওঁলোকৰ সাহিত্যকৰ্মৰ শিল্পগুণ ধ্বংস কৰি পেলায় তাৰ ফলত সাহিত্য হৈ পৰে সস্তীয়া প্ৰচাৰ বা প্ৰপাগাণ্ডা। বিপুল খাটনিয়াৰৰ গল্পবোৰ এনেধৰণৰ ত্ৰুটি-বিচ্যুতিৰপৰা সম্পূৰ্ণ মুক্ত। বিপুল খাটনিয়াৰে তেওঁৰ প্ৰগতিশীল দৃষ্টিকোণ আৰু সাহিত্যৰ গুণগত উৎকৰ্ষ— এই দুয়োটাৰ মাজত এক সুন্দৰ ভাৰসাম্য ৰক্ষা কৰি কেইটামান অতি উৎকৃষ্ট গল্প অসমীয়া সাহিত্যলৈ উপহাৰ হিচাপে আগবঢ়াইছে।

 বিপুল খাটনিয়াৰৰ গল্পবোৰ পঢ়িলে বুজিব পাৰি যে গল্পবোৰ তেওঁ গুৱাহাটী চহৰৰ ড্ৰয়িংৰুমত বহি নিজৰ কল্পনাশক্তিৰে উদ্ভাৱন কৰা নাই। বা আন কিছুমান লেখকে কৰাৰ দৰে নিজৰ শৈশৱৰ স্মৃতি ৰোমন্থনৰ মাজেৰে এক অতীত জীৱনৰ মাধুৰিমাময় ছবিও অংকন কৰা নাই। তেওঁৰ গল্পৰ জগতখন সম্পূৰ্ণভাৱে সমসাময়িক জগত, একেবাৰে বাস্তৱ। ১৯৮০ৰ দশকৰপৰা ২০২০-২১ চনলৈ আমি যিখন অসম আমাৰ চকুৰ আগত দেখিলোঁ— যিখন অসমৰ ওপৰেদি অলেখ ধুমুহা পাৰ হৈ গ’ল সেইখন অসম আৰু সেইখন অসমৰ তেজ মঙহৰ জীৱন্ত মানুহবোৰক আমি [ ৯০ ] তেওঁৰ গল্পৰ মাজত বিচাৰি পাওঁ। এই গল্পবোৰ লিখি উলিয়াবলৈ তেওঁ যে বাস্তৱ জীৱনৰ পৰা অভিজ্ঞতা আহৰণ কৰিছে সেই বিষয়ে কোনো সন্দেহ নাই। অসমৰ বিভিন্ন অঞ্চল, বিভিন্ন ধৰ্ম, সম্প্ৰদায় আৰু জনগোষ্ঠীৰ মানুহৰ বিষয়ে প্ৰত্যক্ষ জ্ঞান আৰু অভিজ্ঞতাই তেখেতৰ মানসিক জগতখন সমৃদ্ধ কৰিছে আৰু সেইবাবেই তেওঁৰ গল্পবোৰ অত্যন্ত বাস্তৱসন্মত আৰু জীৱন্ত হৈ পৰিছে।

 বিপুল খাটনিয়াৰৰ একেটা গল্পতে একে সময়তে সমাজজীৱনৰ বহুকেইটা দিশ উন্মোচিত হয়। নিশ্চিতভাৱে তেওঁৰ গল্পত এটা কেন্দ্ৰীয় বিষয় বা focal theme থাকে— কিন্তু তাৰ লগতে একে সময়তে লেখকে আনুষংগিক আন বহুতো প্ৰয়োজনীয় দিশত পোহৰ পেলায়। আমাৰ এই আলোচনাত আমি তেওঁৰ দুটা গল্পৰ বিশ্লেষণৰ দ্বাৰা দেখুৱাব বিচাৰিছোঁ যে বিপুল খাটনিয়াৰে কেনেকৈ একেটা গল্পতে দৰিদ্ৰতা, বানপানী, খহনীয়া, কু-সংস্কাৰ, অন্ধবিশ্বাস, দুৰ্নীতি আদি বিভিন্ন দিশ সাঙুৰিব পাৰিছে আৰু সেই বিষয়বোৰ ইমান স্বাভাৱিক আৰু স্বতঃস্ফূৰ্তভাৱে তেওঁৰ গল্পত সোমাইছে যে সেইবোৰে গল্পটোলৈ সমৃদ্ধি আৰু গভীৰতা আনিছে।

 মাজুলীৰ পটভূমিত লিখা বিপুল খাটনিয়াৰৰ এটা জনপ্ৰিয় আৰু বিখ্যাত গল্প ‘কাৱৈমাৰী সত্ৰৰ অতিথি'। গল্পটোৱে একে সময়তে মাজুলীৰ সমাজজীৱনৰ বহুবোৰ দিশ উন্মোচিত কৰিছে। সত্ৰীয়া সংস্কৃতিৰ স্নায়ুকেন্দ্ৰ হিচাপে পৰিচিত মাজুলীত সত্ৰাধিকাৰসকলৰ জীৱনযাত্ৰা তেওঁলোকে পালন কৰা বিভিন্ন নীতি-নিয়ম, সত্ৰাধিকাৰসকলৰ প্ৰতি শিষ্যসকলৰ দৃষ্টিভংগী, এগৰাকী বিধৱা তিৰোতাৰ একমাত্ৰ গাভৰু ছোৱালীজনীক লৈ হোৱা সংকট আৰু সেই সংকটৰ প্ৰতি অন্যান্য মানুহৰ সঁহাৰি আদি নানা প্ৰসংগ এই গল্পটোৱে সামৰি লৈছে।

 গল্পটো লেখকে আৰম্ভ কৰিছে বানপানীৰ প্ৰসংগৰে। প্ৰতিবছৰে মাজুলীত হোৱা বানে মানুহক জুৰুলা কৰি মাৰে৷ সেই সময়ত ডাঙৰ সত্ৰসমূহে তেওঁলোকৰ সাঁচতীয়া ধন-ধানৰ জোৰত সংকট চম্ভালি লয় যদিও অধিক সমস্যা হয় সৰু সৰু সত্ৰসমূহৰ। সৰু সত্ৰসমূহৰ মাটি-ভেটিও কম, প্ৰজাৰ সংখ্যাও কম— গতিকে সেইবোৰ এক তীব্ৰ সংকটত পৰে। অথচ একে সময়তে সত্ৰৰ সত্ৰাধিকাৰে নিজস্ব মৰ্যাদা আৰু সন্মান বজাই ৰাখি চলিবলগীয়া হয়। কিন্তু ভোক আৰু অভাৱৰ তাড়নাত কিদৰে এগৰাকী সত্ৰাধিকাৰ প্ৰভুয়ে ধান-চাউল সংগ্ৰহৰ বাবে নিজৰ শিষ্যসকলৰ ঘৰে ঘৰে ঘূৰি ফুৰিবলগীয়া হয়, তাৰ কৰুণ বিৱৰণ পোৱা যায় গল্পটোত। শিষ্যসকলৰপৰা সেইবোৰ সংগ্ৰহ কৰোঁতেও নানা নীতি-নিয়ম মানি চলিব লাগে। তেনে নীতি-নিয়মবোৰৰ কথাও গল্পকাৰে ঈষৎ ব্যংগৰ সুৰত উল্লেখ কৰিছেঃ [ ৯১ ]

“কোনো কোনো গৃহস্থ বা শিচ ভকতে (বেলেগ সংহতিৰ হ’লেও)
তেল-মাছ-পাচলিসহ সিধাও যাচে। তেল বেলেগ, মৎস্যও বেলেগ।
ৰান্ধোতে সেই তেলতে মৎস্য নিক্ষেপ কৰা হ'লেও একেজন ভকতেই
এই দুয়োবিধ দুখন হাতত বেলেগ-বেলেগ হ’লেও আনিব নোৱাৰে।
মৎস্য বেলেগ, তৈল্য বেলেগ, নহ'লে চুৱা।”

 মানুহবোৰক অভাৱে জুৰুলা কৰিলেও পৰম্পৰাগত নিয়মবোৰত খামুচি ধৰাৰ এটা আপ্ৰাণ চেষ্টা চলাই গৈছে। কিন্তু গল্পটোৰ শেষত দেখা গৈছে যে যিগৰাকী সত্ৰাধিকাৰে প্ৰথম অৱস্থাত দৰিদ্ৰতাৰ মাজতো ইমান নীতি-নিয়ম পালন কৰি চলিছিল, শেষত তেওঁ নিজৰ সত্ৰাধিকাৰৰ পদবীটোকে ৰক্ষা কৰিব নোৱাৰিলে। তেওঁ আৰু সত্ৰাধিকাৰ হৈ নাথাকিল। বানপানীয়ে জুৰুলা কৰা নিদাৰুণ অৱস্থাৰ বাবে তেৱোঁ শেষত আন শিচ-ভকতসকলৰ দৰে সাধাৰণ প্ৰজা হ’বলৈ বাধ্য হ’ল। গল্পটোৰ এঠাইত তেওঁ কৈছে :

“অকল ময়েই নহয়;বান আৰু গৰাখহনীয়াই গোটেইখন মাজুলীকে
ওলট-পালট কৰি পেলাইছে। এইবাৰ গোবিন আৰু মই মিলি নিজৰ
মাটিত নিজে খেতি কৰিছোঁ, পাঁচ বছৰৰ ধান এইবাৰ একে বছৰতে
পাম।”

 নিৰ্মম বাস্তৱতাই কিদৰে উচ্চ-নীচৰ ভেদাভেদ বিলীন কৰি দিছে গল্পকাৰে সেয়া দেখুৱাইছে। কিন্তু সত্ৰাধিকাৰ গৰাকীয়ে যে নিজৰ অৱস্থান আৰু স্থিতিৰপৰা অৱনমিত হ’ল সেইটোৱে পাঠকৰ মনত এক কৰুণাৰ ভাব উদ্ৰেক নকৰাকৈ নাথাকে।

 গল্পটোৰ এটা দিশ যেনেকৈ সত্ৰাধিকাৰ গৰাকীৰ জীৱনত হোৱা পৰিৱৰ্তন ঠিক তেনেকৈ আন এটা দিশ হৈছে এগৰাকী দৰিদ্ৰ বিধৱা মহিলা আৰু তেওঁৰ গাভৰুজীয়েক সুভদ্ৰাৰ কাহিনী। সত্ৰাধিকাৰ প্ৰভুয়ে যেতিয়া গাঁৱে গাঁৱে সিধা সংগ্ৰহ কৰিবলৈ যায় তেতিয়াই এই বিধৱা মহিলাৰ ঘৰত অতিথি হিচাপে ৰাতি যাপন কৰে। বিধৱা গৰাকীৰ মনৰ হেঁপাহ আছিল গাভৰু ছোৱালীজনীক সত্ৰাধিকাৰৰ পুত্ৰসদৃশ শিষ্য গোবিনলৈ বিবাহ দিয়া। কিন্তু গল্পটোত লেখকে বেছিকৈ দৃষ্টি নিক্ষেপ কৰিছে গাভৰু গৰাকী যি অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ চিকাৰ হৈছে তাৰ ওপৰত। পুৰুষ নোহোৱা বিধৱা মহিলাৰ ঘৰৰ গাভৰু ছোৱালীৰ প্ৰতি দুষ্ট চৰিত্ৰৰ মতা মানুহবোৰৰ লোলুপ দৃষ্টি থাকে সদায়। হয়তো ডেকা ল’ৰাবোৰে নানাধৰণে ব্যতিব্যস্ত কৰাৰ কাৰণেই সুভদ্ৰা নামৰ এই গাভৰু গৰাকী মানসিক ৰোগৰ চিকাৰ হয়। কিন্তু অন্ধবিশ্বাসত নিমজ্জিত গাঁৱৰ মানুহবোৰৰ দৃষ্টিত গাভৰুগৰাকী কোনোবা অপদেৱতাৰ [ ৯২ ] কু-দৃষ্টিত পৰিছে বা তাইৰ ওপৰত কোনোবাই কু-মন্ত্ৰ কৰিছে। গতিকে বাৰে বাৰে কবিৰাজ বা বেজ আহি গাভৰুৰ্গৰাকীক চিকিৎসাৰ নামত চমটাৰে কোবায়, নানা শাৰীৰিক নিৰ্যাতন চলায়। বিধৱা মাতৃয়ে সকলো বুজিও অসহায় হৈ চাই থাকে। কিন্তু এই সংকটৰ পৰা পৰিত্ৰাণৰ পথ কি? বুঢ়ীয়ে জানিব পাৰে যে ৰাঙলু ৰিজাৰ্ভত নতুনকৈ মানুহ বহিছে— গতিকে তালৈকে গুচি যাব। গতিকে ছোৱালীজনীক সেই গোবিন নামৰ শিষ্যগৰাকীৰ হাতত গতাই বুঢ়ীয়ে নতুন ঠাইলৈ যাবলৈ সিদ্ধান্ত কৰে।

 কিন্তু গল্পটোৰ শেষৰ অংশতহে বিধৱা বুঢ়ীৰ প্ৰতিবাদী সত্তাটো ওলাই আহিছে। সুভদ্ৰাক এনেদৰে ঘৰৰপৰা আঁতৰাই পঠোৱা কথাটোয়ে গাঁওখনৰ দুজন প্ৰভাৱশালী মানুহৰ দুজন দুষ্ট পুত্ৰক প্ৰায় উন্মাদ কৰি পেলালে। বুজা গ'ল যে সুভদ্ৰাক নানাধৰণে ব্যতিব্যস্ত কৰি মানসিক ভাৰসাম্য নষ্ট কৰাৰ মূলতে সেই ল’ৰা দুটা। গতিকে বিধৱা বুঢ়ীয়ে গল্পটোৰ শেষত ল’ৰা দুটাক তীব্ৰ ককৰ্থনা আৰু ভৰ্ৎসনাৰে সিহঁতৰ স্বৰূপ উদঙাই দিলে। জীয়েকজনীক নিৰাপদ ঠাইলৈ পঠিয়াই দিয়াৰ পিছত যেন বুঢ়ীৰ সকলো ভয় ভীত নোহোৱা হৈছে আৰু নিজৰ প্ৰতিবাদী সত্তাটো মুকলি হৈ পৰিছে। গল্পটোৰ সফলতা হ’ল এয়ে যে ইআমাক মাজুলীৰ সমাজজীৱনৰ একেবাৰে গভীৰলৈ লৈ যাব পাৰে। গল্পটো লেখকে পৰ্যটকৰ দৃষ্টিৰে লেখা নাই— বৰঞ্চ তেওঁ যেন মাজুলীৰ অন্তৰ্জীৱনৰ এক অংশ তেনেধৰণেহে গল্পটো সৃষ্টি হৈছে। গল্পটোত একে সময়তে বানপানী, গৰাখহনীয়া, সত্ৰীয়া জীৱনধাৰা, কু-সংস্কাৰ, দৰিদ্ৰতা, এচাম সুবিধাভোগী মানুহৰ কু-চৰিত্ৰ আদি নানা দিশ একেলগে উন্মোচিত হৈছে।

 বানপানী অকল মাজুলীৰে সমস্যা নহয়— বানপানীয়ে অসমৰ সকলোতে তাণ্ডৱ চলায়। নামনি অসমৰ, বিশেষকৈ বৰপেটা জিলাৰ, বানপানীক বিষয়বস্তু হিচাপে লৈ লিখা বিপুল খাটনিয়াৰৰ এটা গল্পৰ শিৰোনাম হ’ল— “ভেলেঙীত উঠিছে বান”। ‘নতুন পৃথিৱী’ আলোচনীত প্ৰকাশিত এই গল্পটো মন্দিয়া আৰু বাঘবৰ অঞ্চলৰ পটভূমিত লিখা হৈছে। বৰপেটা জিলাৰ এই অঞ্চলটো প্ৰায় প্ৰতিবছৰে বানৰ কবলত পৰে— বহু মানুহৰ পানীত পৰি মৃত্যু হয় — বহু মানুহে ঘৰ-দুৱাৰ এৰি আশ্ৰয় শিবিৰত থাকিবলগীয়া হয়— চৰকাৰে ৰিলিফ বিতৰণ কৰে— সেই ‘ৰিলিফ’ক লৈ দালালি চলে, ইত্যাদি। এনেবোৰ ঘটনা প্ৰতিবছৰে বাতৰিকাকতত প্ৰকাশ পায় যদিও এইবোৰ অঞ্চলৰ বানপানীৰ বাস্তৱ অভিজ্ঞতাৰে সকলো দিশ সামৰি লিখা গল্প তেনেকৈ পাবলৈ নাই। অথচ এয়া অসমৰ সমাজজীৱনৰ এক অনস্বীকাৰ্য বাস্তৱতা। অসমীয়া মূলসুঁতিৰ লেখকসকলে নামনি অসমৰ মুছলমান বা মিঞা মানুহৰ জীৱনৰ সমস্যাক লৈ খুব কম গল্পহে লিখিছে। বিপুল খাটনিয়াৰৰ [ ৯৩ ] কৃতিত্ব এয়ে যে তেওঁ যেনেকৈ তেওঁৰ গল্পত মাজুলীক জীৱন্ত ৰূপত ধৰিব পাৰিছে, তেনেদৰে মন্দিয়াৰ ভেলেঙী নদী বা ব্ৰহ্মপুত্ৰৰ চৰ-চাপৰিত বসবাস কৰা মানুহবোৰৰ জীৱনযাত্ৰা আৰু দুঃখ যন্ত্ৰণাৰো অত্যন্ত বাস্তৱ চিত্ৰ অংকন কৰিব পাৰিছে। গল্পকাৰে প্ৰত্যক্ষভাৱে অৰ্জন কৰা অভিজ্ঞতা আৰু সেই অভিজ্ঞতাই তেওঁৰ মনত সৃষ্টি কৰা প্ৰতিক্ৰিয়াৰ সন্মিলনতহে এনে সাৰ্থক গল্প ৰচনা সম্ভৱ হৈ উঠে।

 ‘ভেলেঙীত উঠিছে বান’ নামৰ গল্পটোত লেখকে এটা বিশেষ নেৰেটিভ কৌশল প্ৰয়োগ কৰিছে। লেখকে বানপানীৰ সৈতে জড়িত ভিন ভিন দৃশ্য আৰু ঘটনাক একেলগে একেটা গল্পতে সামৰি লৈ বানপানীয়ে সৃষ্টি কৰা পৰিস্থিতিৰ এক সামগ্ৰিক আৰু সম্পূৰ্ণ ছবি দাঙি ধৰিব বিচাৰিছে সেয়েহে তেওঁ গল্পটোত “সোন্দৰ মাঝি” নামৰ এগৰাকী নাৱৰীয়াৰ চৰিত্ৰৰ সৃষ্টি কৰিছে। গল্পটোৰ সকলো ঘটনা আৰু চৰিত্ৰক তেওঁৰ ভূমিকাই সংযুক্ত কৰিছে। তেওঁ অকল নাৱৰীয়াই নহয়— এজন স্বভাৱ কবি আৰু গায়ক। আৰম্ভণিতে তেওঁৰ গানত ধৰ্মীয় বিষয়ে প্ৰাধান্য পাইছে যদিও শেষত দেখা গৈছে বানপীড়িত সৰ্বহাৰা মানুহৰ প্ৰতিবাদী সমদলক উজ্জীৱিত কৰিবলৈ তেওঁ নতুন গান ৰচনা কৰিছে আৰু সেই গীতেৰে মানুহক অনুপ্ৰাণিত কৰিছে।

 সোন্দৰ মাঝিৰ সৈতে সকলো মানুহৰ চিনাকি। সেয়েহে সেই অঞ্চলৰ কোনে কি কৰিছে তাৰ সকলো খবৰ তেওঁ পায় আৰু সকলো খবৰ লয়। তেওঁৰ নাৱত উঠিয়েই মানুহে ইখন ঘাটৰপৰা সিখন ঘাটলৈ, ইখন গাঁৱৰপৰা সিখন গাঁৱলৈ অহা-যোৱা কৰে। সোন্দৰ মাঝিৰ সেই নৌকাযাত্ৰাৰ সূত্ৰ ধৰিয়েই লেখকে যেন এটা এটাকৈ বানপানীৰ দৃশ্যপট অংকন কৰি গৈছে— বানপানীত উটি যোৱা মানুহৰ দৃশ্য (“ওফন্দি পৰা অৱয়ৱেৰে বস্ত্ৰহীন এক মাতৃ আৰু মাতৃৰ দুই বাহুত গাৰ সমস্ত শক্তিৰে খামুচি ধৰা দুটি এমাদিমা শিশু”), বানপানীৰ ছবি তুলিবলৈ অহা খবৰ কাগজৰ মানুহৰ উপৰুৱা দৃষ্টিৰ প্ৰতি তীৰ্যক মন্তব্য, আশ্ৰয় শিবিৰত খাবলৈ নোপোৱা মানুহৰ হাহাকাৰ, ধৰ্মীয় গোড়ামিৰ বাবে দুই এজনৰ আকৌ ‘কাফে’ৰ দ্বাৰা দিয়া ৰিলিফ গ্ৰহণ কৰিবলৈ অস্বীকাৰ, ‘ৰিলিফ’ৰ চাউলৰ চোৰাং চালান, হেলিকপ্টাৰেৰে বিতৰণ কৰা চাউলৰ বস্তাৰ তলত পৰি মানুহৰ মৃত্যু, বানপানীয়ে জুৰুলা কৰা পৰিয়ালৰ গাভৰু ছোৱালীবোৰ হঠাৎ নিৰুদ্দেশ হোৱা আদি বিভিন্ন ঘটনা আৰু অনুষংগৰে লেখকে বন্যাজনিত পৰিস্থিতিৰ এটি বাস্তৱ, কৰুণ আৰু হৃদয়বিদাৰক ছবি অংকন কৰিছে। গল্পটোক একেবাৰে জীৱন্ত আৰু বাস্তৱ কৰি তুলিবলৈ বিভিন্ন চৰিত্ৰসমূহৰ কথোপকথনত মন্দিয়া-বাঘবৰ অঞ্চলৰ মানুহৰ মুখৰ কথিত ভাষা লেখকে চৰিত্ৰসমূহৰ মুখত অবিকলভাৱে তুলি দিবলৈ সক্ষম হৈছে। [ ৯৪ ]

 “কাৱৈমাৰী সত্ৰৰ অতিথি” নামৰ গল্পটো যেনেকৈ এগৰাকী বিধৱা মহিলাৰ এক বলিষ্ঠ প্ৰতিবাদ আৰু প্ৰতিৰোধেৰে সামৰণি পৰিছে আৰু যিটোয়ে এক প্ৰগতিশীল বাৰ্তা বহন কৰিছে— ঠিক তেনেকৈ “ভেলেঙীত উঠিছে বান” নামৰ গল্পটোত লেখকে প্ৰথমৰেপৰাই মূল চৰিত্ৰটোৰ দ্বাৰা কোৱাইছে যে নিঃস্ব সৰ্বহাৰা মানুহবোৰ একত্ৰিত হ’ব লাগিব। অন্যান্য চৰিত্ৰৰ মুখেদি কোৱাইছে— “গৰীবগ’ ভালবাসে মাত্ৰ গৰীবৰাই” (দুখীয়াক মাথোন ভাল পায় দুখীয়াসকলেহে)। ঠিক তেনেদৰে গল্পটোৰ মূল বাৰ্তা হৈছে বানপানী সমস্যাৰ স্থায়ী সমাধানৰ বাবে গণতান্ত্ৰিক আন্দোলন। এই আন্দোলন কোনো বাহিৰৰ মানুহে আহি কৰি নিদিয়ে— বানপানীৰ ভুক্তভোগী মানুহে নিজেই ঐক্যবদ্ধ হৈ এই সংগ্ৰাম গঢ়ি তুলিব লাগিব। আপাতদৃষ্টিত ধাৰণা হ’ব পাৰে যে লেখকৰ এইবক্তব্য কিছু পৰিমাণে আৰোপিত আৰু প্ৰচাৰধৰ্মী— কিন্তু লেখকে মাথোন যদি বানপানীৰ দুখ কষ্টৰ কাহিনীতে গল্পটো শেষ কৰিলেহেঁতেন তেতিয়াও গল্পটো অসম্পূৰ্ণ হৈ থাকিলেহেঁতেন। সৰ্বহাৰা নিঃস্ব মানুহৰ ক্ষোভ আৰু দুঃখ যন্ত্ৰণাৰ নিৰসৰণৰ পথ প্ৰদৰ্শন কৰাটোও লেখকে নিজৰ দায়িত্বৰ ভিতৰত সুমুৱাই লৈছে। লেখকৰ এই দায়বদ্ধতাক আমি উলাই কৰিব নোৱাৰোঁ।

 উপৰোক্ত দুয়োটা গল্পৰ বিশ্লেষণে এইটো পৰিস্কাৰকৈ দেখুৱাইছে যে বিপুল খাটনিয়াৰে তেওঁৰ গল্পত অতি সাৰ্থকভাৱে সাধাৰণ মানুহৰ দুঃখ-যন্ত্ৰণা আৰু অসমৰ সমাজজীৱনৰ বাস্তৱ চিত্ৰ অত্যন্ত নিখুঁতভাৱে আৰু শিল্পসন্মতভাৱে উপস্থাপন কৰিবলৈ সক্ষম হৈছে। তেওঁৰ গল্পৰ ভাষা তেওঁৰ বিষয়বস্তুৰ সম্পূৰ্ণ উপযোগী। মাজুলীৰ পটভূমিত লিখা গল্পটোত তেওঁ এনে ভাষা আৰু শব্দ ব্যৱহাৰ কৰিছে যিবোৰে মাজুলীৰ সত্ৰীয়া জীৱনধাৰাৰ পৰিৱেশ এটা সৃষ্টি কৰিবলৈ সক্ষম হৈছে। ঠিক তেনেদৰে বৰপেটাৰ পটভূমিত ৰচিত গল্পটোতো সেই ধৰণৰ উপযোগী ভাষা ব্যৱহাৰ কৰিছে। গল্পৰ চৰিত্ৰসমূহৰ মুখতো তেনেকুৱা শব্দ বা ভাষাও তেওঁ দিছে যিবোৰ সেই চৰিত্ৰ সমূহৰ উপযোগী। কিছুমান গল্পকাৰৰ গল্পত দেখা যায় খেতিয়ক এজনেও অধ্যাপকৰ ভাষাত কথা কয়— কিন্তু বিপুল খাটনিয়াৰৰ গল্পত সেইটো নাই। তেওঁৰ গল্পত খেতিয়কে খেতিয়কৰ ভাষাই ব্যৱহাৰ কৰে, ঠিকাদাৰে ঠিকাদাৰৰ ভাষাত কথা কয় আৰু নাৱৰীয়াইও নাৱৰীয়াৰ ভাষাত কথা কয়। সন্দেহ নাই যে গভীৰ আন্তৰিকতা আৰু অধ্যৱসায়েৰে দীৰ্ঘ দিন ধৰি সাধাৰণ মানুহৰ জীৱন নিবিড় আৰু ঘনিষ্ঠভাৱে অধ্যয়ন কৰাৰ পিছতহে গল্পকাৰ বিপুল খাটনিয়াৰে এই সিদ্ধি আৰু নিপুনতা অৰ্জন কৰিব পাৰিছিল।❐

(লেখক বি এইচ কলেজৰ ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক) [ ৯৫ ]

বিপুল খাটনিয়াৰৰ গল্প সংকলন
‘ভিন্ন জীৱন ভিন্ন কথকতা’

গুনীন চৌধুৰী

 ‘নতুন পৃথিৱী’ৰ জৰিয়তে গল্প লিখক হিচাপে চিনাকি হৈ পৰা বিপুল খাটনিয়াৰে ‘খোজৰ শব্দ’, ‘চিনাকি মুখৰ ছবি, ‘দখাৰ’, ‘তাই কাপোৰ নিপিন্ধে’, ‘ভিন্ন জীৱন ভিন্ন কথকতা’, ‘চিনাকি মুখৰ অচিনাকি ছবি’, ‘ঘঁৰিয়ালডাঙাৰ কথা’ আৰু ‘হাৱা ভাল চলা নাই’ৰে অসমীয়া সাহিত্যক সমৃদ্ধ কৰি গৈছে। তেখেতৰ আটাইকেইখন সংকলন পঢ়াৰ সুযোগ পোৱা নাই যদিও কাকতে পত্ৰই কিছু গল্প পঢ়াৰ লগতে দুখমান সংকলন পঢ়াৰ অভিজ্ঞতা হৈছে। সেইবোৰৰ ভিতৰত ‘ভিন্ন জীৱন ভিন্ন কথকতা’ গল্প সংকলনখনে মনত গভীৰ ৰেখাপাত কৰিছে।

 ভিন্ন কথকতাৰে জীৱনৰ কাহিনী কৈছে গল্পকাৰ বিপুল খাটনিয়াৰে। সংকলনখনিত মূৰ্তমান হৈ উঠিছে গ্ৰাম্য সমাজ ব্যৱস্থাৰ বাস্তৱ ছবি। গল্পকাৰৰ নিজৰ কথাৰেই— ‘চাই দেখি থাকোতেই পৰিৱৰ্তিত সময়ৰ পৰিপ্ৰেক্ষিতত সেই সমাজ বান্ধোন ক্ৰমাৎ শিথিল হৈ আহিল। ল’ৰালিতে আমি দেখা, কাহানিবাতে এৰি থৈ অহা ‘খেল-পাইক’ পৰম্পৰাৰ দ্বাৰাও প্ৰভাৱিত দিখৌ-দিচাং-দৰিকাপৰীয়া গ্ৰাম্য সমাজ আছিল ভাঙোন উন্মুখ সমাজ, ক্ৰমাৎ বিষাদ-মধুৰ স্মৃতি হৈ পৰা সেই সৰল চহা জীৱনেই ৰৈ ৰৈ যেন ধৰা দিছে সৰহখিনি কথা-কাহিনীত।

 উজনিৰ সেই দৰিকা-দিচাং-নামচাঙৰ লগতে বুঢ়ীদিহিং, মাজ অসমৰ লাংনিট- শিলভেটা-কপিলী আৰু নামনিৰ গৌৰাং-জিঞ্জিৰামৰ পকনীয়া সোঁতেও চুই গৈছে সংকলনখনিৰ কেইটামান গল্প-কথাক।’

 সংকলনখনিৰ কেইবাটাও গল্পত ৰংপুৰীয়া ভাষা আৰু কৃষ্টিৰ উপৰিও কাৰ্বি, নাগামিজ, বড়ো আদি ভাষা বা শব্দ তেওঁৰ কলমত স্থান পোৱাৰ ফলত কাহিনীৰ [ ৯৬ ] ভাষা স্বচ্ছ আৰু মনোৰম হৈ পৰিছে। তেওঁৰ গল্পত পাক নাছিল। তেওঁৰ গল্পত শব্দৰ অনুশীলন আছিল। সেই পুৰঠ গল্পবোৰে চৰিত্ৰবোৰ দাঙি ধৰোঁতে শব্দই তাৰ তেজ মঙহ দিছিল, সেই স্বাদ পাঠকে পাইছিল। ‘ভিন্ন জীৱন ভিন্ন কথকতা’ত চহা জীৱনৰ বিভিন্ন কথিত শব্দৰ প্ৰয়োগে কেইবাটাও গল্পক মোহময়ী কৰি তুলিছে— ‘গেনা’, ‘অবচনীয় বচন’, ‘উৰণীয়া কথাৰ শৰাধ’, ‘চেলেকা চাহ’ আদি শব্দবোৰৰপৰা আমি কিছু মিঠা সোৱাদ পাওঁ। কথিত শব্দৰ প্ৰয়োগে পাঠকক কাহিনীৰ লগত একাত্মবোধত অৰিহণা যোগাইছে। যেনে— ‘গৰমেণ্ট’, ‘এভেলভেল’, ‘কিলিংখা’ (গল্প- বহুৱা)। ‘বতৰে গোমালে’, ‘তিনিখন নেওৰালৈ আৰু কেইহাত লাগিছে’, ‘দিনটোৰ ওপৰঞ্চি উপাৰ্জন কমেও ঢপলা ন টকীয়া খিলা’ আদি শব্দ বা বাক্য গাথনিৰে পাঠকৰ মনত এক পৰিৱেশৰ সৃষ্টি কৰাত গল্পকাৰৰ বিশেষত্ব।

 তেওঁৰ সংকলিত গল্পবোৰে একো একোটা বাৰ্তা কঢ়িয়াইছে। গল্প কোৱাৰ অনন্য ব্যতিক্ৰমী শৈলীয়ে সাধাৰণ পাঠকৰ মন চুই যায়। বিশেষকৈ উজনি অসমৰ গাঁৱলীয়া সমাজত কথোপকথনত ব্যৱহৃত প্ৰচলিত শব্দৰ ব্যৱহাৰে সমাজখনৰ স্পষ্ট ছবি এখন তুলি ধৰে। ২০০৯ চনত ‘প্ৰতিস্ৰোত’এ প্ৰকাশ কৰি উলিওৱা বিপুল খাটনিয়াৰৰ ‘ভিন্ন জীৱন ভিন্ন কথকতা’ গল্প সংকলনখনি দুটা খণ্ডত বিভক্ত। প্ৰতিটো খণ্ডতে আঠোটাকৈ গল্প সংকলিত হৈছে। সংকলনখনিৰ মূল বৈশিষ্ট্য কথন শৈলী। তেওঁৰ কথন ভঙ্গীয়ে তেওঁক নিজকে একোটা চৰিত্ৰত অৱতীৰ্ণ কৰাইছে। প্ৰথম খণ্ডৰ প্ৰায়কেইটা গল্পতে বৰ্ণনাৰ সলনি কাহিনীটো যেন সমুখতে ঘটি আছে এনেকুৱা অনুভৱ সৃষ্টি কৰাত গল্পকাৰৰ যেন বিশেষ বৈশিষ্ট্য। সমাজ জীৱনৰ প্ৰতিটো বাস্তৱক সমাজমুখি আৰু ভেদহীন এখন সুস্থ সমাজৰ সন্ধান কৰিবলৈকে যেন তেওঁৰ জন্ম। তেওঁৰ গল্পৰ পৰিভাষা আছিল সাধাৰণ অথচ জীৱনমুখী—

 “তেন্তে কেমাইৰ ডাঙৰটোকে সীতাৰ ভাওটো দে। বয়সে অলপ বেছি, তাতে সি গাইমুৱা, এনেধৰণৰ সমস্যা নাই। পাটৰ চাদৰ মেখেলা বিচাৰিও আনৰ ঘৰলৈ যাব নালাগে। কেমাই ভকতৰ ঘৈণীয়েক লুদুৰী গাঁওখনৰ ভিতৰতে কাজী। সেহাতেদি কেমাই ভকত নিজেও ভাওনাৰ সূত্ৰধাৰ লটৰা ভকতৰ সঙ্গী’। পুতেকে সীতাৰ ভাও ল’লে বুকুখন এহাতলৈ ডাঠ হয়। পিছে তাতো কেণা। ঘৈণীয়েক লুদুৰীয়ে তেওঁক দহাই দহাই কৈ থৈছে, সিবাৰ ‘ধ্ৰুৱ চৰিত্ৰত দিলা নহয় ভাও, খালা এবছৰলৈ মূৰটো। এতিয়া সি ‘কেলাচ’ নাইনলৈ উঠিছে। লুদুৰীয়ে দহাই দহাই কৈ পঠাইছে— নাই নাই নেচেল। ভাওনা সবাহ নেচেল। সৈ (সী) জটকীয়াৰ কাটনি গাঁৱক হাঁহিছিলা নহয়। দেখিলা। গাই গণ্ডাই বি এ, এম এ ওলাইছে। এই ভকত [ ৯৭ ] গাঁৱত ওলালনে মেট্ৰিকৰ ডেওনা পাৰ হোৱা এটা? (‘বহুৱা’)

 কেইটামান গল্পত ভকতীয়া ভাষাৰ ব্যৱহাৰৰ লগতে গাঁৱৰ পৰিৱেশ পৰিস্ফুট হৈ উঠিছে—‘কোৱা কি হে ৰূপাই? গো-বধ সেমাইন্য কথা। ভোলা ভকতে মুখ পাতি ধৰিলে, বোলে এনে মূৰি ধৰিলে গাঁও ফাটি খেল খেল হ’ব। ভোলা ভকতে খুন্দা তামোল পকতীয়াই পকতীয়াই ক’ব ধৰিলে, কাৰ ফালে কাটিলে, কোনে মাটি চহাইছিল? তুমিও আৰু ৰূপাই ভকত! এতিয়া বুঢ়া ভাগত পৰিছা। মাৰ্গৰ বাহিৰ হোৱা কথা এৰা। এজনৰ পাপত ৰাইজখনে নৰক নুভুঞ্জিবনে?...’

 বৰ্ণনাতো ব্যৱহাৰ হৈছে কথিত ভাষা— ‘পিছে আঁওচ জোৰোঁতেই কিলিংখা লাগিল। ফাংফলীয়া নাঙলটোৱে পদাইৰ একণীয়াটোৰ খুৰাৰ ঠিক ওপৰৰপৰা এবখলা এৰুৱাই নিলেই।’

 কটীয়া বজৰু ঠানু কণটিলৌৰ আঁহনেজীয়া বাঁহনেজীয়া ভায়েক।”— (বহুৱা) ....এয়া তেওঁৰ গল্পৰ ভাষা। বাস্তৱৰ প্ৰতিচ্ছবি প্ৰতিটো গল্পতেই মূৰ্ত হৈ উঠে। সমাজতান্ত্ৰিক বাস্তৱক তেওঁ ভালকৈয়ে বুজে। সাধাৰণ মানুহৰ কথা গল্পবোৰৰ জৰিয়তে তেওঁ কয়। তেওঁৰ গল্পৰ ভাষা সবল কিন্তু সাধাৰণ মানুহৰ বোধগম্য হোৱা। তেওঁৰ এই গল্পটোৰ উপৰিও আন কেইটামান গল্পৰো কথনশৈলীক আমি এটা নাম দিব পাৰোঁ— ‘গ্ৰামীন কথনশৈলী’— এক ব্যতিক্ৰমী উপস্থাপনেৰে ভকতীয়া ভাষাৰে ৰচিত গল্প।

 কণটিলৌ নহ’লে গাঁৱৰ ভাওনা নচলে। ধনু-কঁাঁড়, ভাওনাৰ সাজ-পোছাক, আদিকে ধৰি সকলো যা-যোগাৰ কৰিব লাগিব সি। সি ভাওনাত বহুৱাৰ চৰিত্ৰ ৰূপায়ণ কৰি গাঁৱৰ ৰাইজক ৰসৰ যোগান ধৰে। সেই বহুৱা কণটিলৌকে মিছা ‘গো-বধ’ৰ বদনামেৰে প্ৰায়চিত্ত কৰাই শেষত পুৰোহিতৰ ইচ্ছাতেই পুৰোহিতৰ পত্নীক বহুৱাৰ হতুৱাই গৰ্ভধাৰণ কৰায়। গল্পত মুকলিভাৱে এই কাহিনীৰ বৰ্ণনা নাই যদিও গল্পকাৰে কৌশলেৰে ইয়াকে বুজায় যে পুৰোহিত সন্তান জন্ম দিবলৈ অক্ষম। তেনেকৈ কণটিলৌ অন্য এক বহুৱা।

 ‘সাঁচিপাতৰ পুথি’ত বৰ্ণিত হৈছে মোলান মৌজাদাৰৰ ৰজাদিনীয়া আধাবিঘামান মাটি আগুৰি থকা গছডাল দ্বিতীয় পুত্ৰ গজেন্দ্ৰই কাটি পেলোৱাৰ কাহিনী। গল্প কোৱাৰ বাহাদুৰিৰে খাটনিয়াৰে মৌজাদাৰৰ সাঁচিপাতৰ পুথিত আহোম ৰাজত্বৰ কথকতাৰ জেৰ টানি মৌজাদাৰৰ পূৰ্বপুৰুষ ৰজা গৌৰধ্বজ সিংহই ৰোৱা গছডালৰ কথা কৈছে— ‘চৌদ্ধশ চৌৱন্ন নে পঁচপন্ন? মুংকেও নে ৰংমাও? লাক্লি ৰংমাও!—মুঠতে শংকৰ পুৰুষ গুৰিয়ে গোষ্ঠীয়ে গাঁৱে মানুহে প্ৰাণ লৈ ভাটিৰ [ ৯৮ ] ফালে পলাই যোৱাৰ পিছৰ কথা।... পাঁচশ বছৰৰো অধিক বয়স হ’ল এইজোপা গছৰ। ষোল্ল পুৰুষৰ বংশাৱলী ৰক্ষা কৰিছে মোলান মৌজাদাৰে আৰু প্ৰতি পুৰুষৰে বৰ্ণনাত এইজোপা গছৰ ঘেৰ-উচ্চতাৰ লেখ লিখা হৈ আহিছে। উচ্চতা ৰৈ গৈছে, কিন্তু কমা নাই।

 তেওঁৰ চকুলৈ হুৰ-হুৰকৈ চকুলো নামি আহিল।

 গছজোপা হালিছে নেকি বাৰু?

 চৰাই চিৰিকতিবোৰে কোহাল আৰম্ভ কৰিছে কিয়? আৰু এটা প্ৰকাণ্ড ডাল দেখোন ধীৰ গতিৰে তেওঁৰ ফালেই হাওলিব ধৰিছে।” ৰজাদিনীয়া কাহিনীৰ বৰ্ণনাই গল্পটোৰ ৰসাস্বাদনত অৰিহণা যোগাইছে।

 একালৰ বৃন্দাবন একালত পৰে চন; ‘কাৱৈমাৰী সত্ৰৰ অতিথি’ত গল্পকাৰে কৈছে— বানে গৰকা মাজুলীৰ সত্ৰাধিকাৰৰ সামস্তযুগীয়া ধ্যান-ধাৰণাৰপৰা ওলাই আহিবলৈ বাধ্য হোৱা সত্ৰাধিকাৰ কেনেকৈ পৰিস্থিতিৰ দাস হৈ বানৰ কবলত পৰি শিষ্যৰ লগতে নিজেই খেতি কৰিব লগা অৱস্থা হয় আৰু শিষ্যৰ ছোৱালী নিজৰ তোলনীয়া পোৰ লগত বিয়া পাতিবলৈ সন্মত হয়—‘বুঢ়ীয়ে গোসাঁইপ্ৰভুৰ পদযুগলত উবুৰি খাই পৰিব বিচাৰিছিল, কিন্তু আঁতৰি গৈ তেওঁ বাধা দিলে, আই অ’, মই আৰু আগৰ সেই সত্ৰাধিকাৰ হৈ থকা নাই। অৱস্থাই মোক শিচ-ভকতসকলৰ দৰে সাধাৰণ খেতিয়ক প্ৰজা হ’বলৈ বাধ্য কৰিছে। অকল ময়েই নহয়, বান আৰু গৰাখহনীয়াই গোটেইখন মাজুলীকে ওলট-পালট কৰি পেলাইছে। এইবাৰগোবিন (তোলনীয়া পো) আৰু মই মিলি নিজ মাটিত নিজে খেতি কৰিছোঁ...।’ গল্পটোত সত্ৰৰ শিষ্য- বুঢ়ীৰ আবিয়ৈ ছোৱালী সুভদ্ৰাৰ জীৱনৰ দুখ-দুৰ্দশাৰ কাহিনী মনোৰমকৈ আগবাঢ়িছে।

 ‘বাঁকৰ সাধু’ৰে কমলা গাঁওবুঢ়াৰ জীৱনৰ সংগতি ৰাখি উপস্থাপন কৰিছে। শেষলৈ কমলা গাঁওবুঢ়াৰ স্বীকাৰোক্তিৰে কেনেকৈ নিঃসন্তান হৰিভকতক হত্যা কৰি হৰিভকতনীক নিজৰ কৰি লৈ হৰ্ভিকতৰ সম্পত্তিৰ অধিকাৰী হয়। আৰু এই পাপৰ পৰা মুক্তিপাবলৈ গাঁওবুঢ়াই মৃত্যুৰ আগতেই নিজৰ শ্ৰাদ্ধ পাতিবলৈ গাঁৱৰ ৰাইজক অনুৰোধ জনায়। খাটনিয়াৰৰ গল্প কোৱাৰ চাতুৰ্য তথা গাঁৱলীয়া ভাষাৰ কথনশৈলীয়ে গল্পটোক অনন্য মাত্ৰা প্ৰদান কৰিছে।

 ‘চেগুণ বনৰ কথা’ত বৰ্ণিত হৈছে পাহাৰীয়া জন-জাতিৰ (কাৰ্বি জনগোষ্ঠী) মানুহখিনিৰ জীৱন চলাই নিয়াৰ বাবে বিভিন্ন উপায় অৱলম্বন কৰাৰ কাহিনী। চেগুন বনৰ মাজতে কোনোবাই চোৰাং কাঠৰ ব্যৱসায় কৰিছে, কোনো ডেকা ল’ৰাই উগ্ৰপন্থী গোটত যোগদান কৰি চোৰাংকৈ অস্ত্ৰ-শস্ত্ৰ যোগানত লিপ্ত হৈছে। তাৰে মাজতেই [ ৯৯ ] কাৰ্বি ডেকা লুনচে ‘চাকচন’ (পাইথন/অজগৰ) বিচাৰি বনৰ মাজত সোমায়। অজগডাল বিক্ৰী কৰি এটা পেণ্ট কিনিব তাৰ বাবে; তাৰ পেণ্টটো ফিচিকি গৈছে। তাৰ পেণ্টটো পিন্ধা আৰু নিপিন্ধাৰ মাজত বৰ বেছি পাৰ্থক্য নোহোৱা হৈ পৰিছিল। কিন্তু সি পেণ্টটো বিক্ৰী কৰিবৰ সুচল নাপালে। সি অজগডাল পাহাৰী নদীখনৰ সোঁতত উটাই দিয়ে। ঘটনাক্ৰমে চেগুন বনৰ মাজতে দেখাদেখি হোৱা নগা ডেকা ‘হন্তাহে’ তাৰ পিন্ধি থকা পেণ্টটো লুনচেক দি দিয়ে—‘লুনচেৰ উঁৱলি যোৱা পেণ্টটো প্ৰথম সাক্ষাৎ হোৱাৰ দিনাই হন্তাহৰ চকু পৰিছিল, লেংটি মৰাৰ লাজতহে যেন সি পেণ্টটো পিন্ধি আছিল।’

 ‘আমি লাগা কাপোৰখান আপুনি লাগা লগাব আছে?’

 অকল কোৱাই নহয়, কৈ থাকোঁতে নোদোকা ল’ৰাটোৱে নিজৰ গাৰপৰা অৰণ্য ৰঙৰ পেণ্টটো খুলিলে, চেগুন পাতৰ ছাপ থকা ডাঠ কাপোৰৰ চোলাটোও খুলিলে আৰু কথাৰ লাচতে লুন্‌চেলৈ আগুৱাই দি ক’লে, ‘আপুনি খান আমি খান কাপোৰ লগাবিনা।”

 খাটনিয়াৰৰ গল্পত সাধাৰণ মানুহৰ প্ৰতি সহানুভূতি বিদ্যমান; তেওঁৰ গল্প তথা চিন্তাত সমাজতান্ত্ৰিক বাস্তৱতাৰ কথাই মূলতঃ প্ৰতিফলিত হৈছে। সাধাৰণ মানুহৰ প্ৰতি যি গভীৰ বিশ্বাস, ভালপোৱা আৰু সহানুভূতি ফল্গুৰ দৰে অন্তৰত ৰৈ থাকে, তাৰ বাস্তৱ প্ৰতিচ্ছবি প্ৰতিটো গল্পতে মূৰ্তমান হৈ উঠিছে। জীৱনৰ উত্তৰণৰ প্ৰতি অগাধ বিশ্বাস থকা তেওঁৰ প্ৰতিটো গল্পই আছিল সাৰ্থক সৃষ্টি। বক্তব্যৰপৰা তেওঁৰ গল্পসমূহত নিজৰ সলনি আনৰ কথা এক বীক্ষণৰ মাজেৰে সূক্ষ্ম অনুশীলনেৰে আন্তৰিকতাৰে উপস্থাপন কৰিছিল—

 ‘আধাৰশিলা’ত উপস্থাপিত হৈছে কেনেকৈ আন্দোলনৰ নামত নিৰীহ মানুহক হত্যা, জোৰ জবৰদস্তি মাটি দখল, বিভিন্ন অন্যায়-অনীতি আদি কামত জড়িত হৈ পৰি নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে এসময়ৰ কিছু আদৰ্শবাদী, প্ৰগতিশীল ব্যক্তিও আন্দোলনৰ সমৰ্থনকাৰী হৈ একালৰ সংগীক হত্যা কৰে। পিছলৈ সেইসকলেই ঘঁৰিয়ালৰ চকুপানী মচি নিজেই হত্যা কৰা ব্যক্তিজনৰ নামত পুথিভঁৰাল, নাট্যমন্দিৰৰ আধাৰশিলা স্থাপনৰ যো-জা কৰে। ইয়াতেই চৰিত্ৰায়িত হৈছে আন্দোলনৰ এসময়ৰ নলে-গলে লগা বন্ধু বৰ্তমানৰ সৰ্বহাৰা, ‘পাগল’ অভিধা পোৱা ভদ্ৰেশ্বৰ ওৰফে ভদীয়া। সেই ভদীয়া এই সকলোবোৰৰ বিদ্ৰোহী— ‘... ইয়াৰ পিছতে আধাৰশিলা স্থাপন। সভাৰ সভাপতি খগেন দাসে তাৰেই ঘোষণা কৰিবলৈ যেন থিয় হৈছিল। ক’বলৈও মুখ মেলিছিল, ‘হেল্লো! টেষ্টিং!! হেল্ল’!! ... আৰু ঠিক এনেতে সৰু [ ১০০ ] ল’ৰা-ছোৱালীবোৰৰ মাজৰপৰা হঠাতে মঞ্চলৈ উঠি আহিল টিকা চেলোৱা, হাড়- মূৰ জিলিকা মানুহটো। হাতত হালোৱা এছাৰি। মানুহটো ভদীয়া, ভদ্ৰেশ্বৰ।’ ভদ্ৰেশ্বৰ যেন অৱহেলিত, শোষিত শ্ৰেণীটোৰ প্ৰতীক।

 কিম্বদন্তী সদৃশ কিছু কাহিনী-উপকাহিনীৰ (কথকতা) সংমিশ্ৰণে প্ৰথম খণ্ডৰ কেইটামান গল্প সমৃদ্ধ কৰিছে। মুখে মুখে বাগৰি অহা বুৰঞ্জী হে যেন প্ৰকাশিত হৈ মূল কাহিনীৰ অংগ যেন হৈ পৰিছে। ইয়াতেই সাৰ্থক হৈছে সংকলনখনিৰ নামকৰণ — ‘ভিন্ন জীৱন ভিন্ন কথকতা’। এনে কেইটামান গল্প — ‘বাঁকৰ সাধু’, ‘সাঁচিপাতৰ পুথি’, ‘গোলাম’, ‘পুলিন পুথাওৰ হাড়’। ‘পুলিন পুথাওৰ হাড়’ত আহোম স্বৰ্গদেউসকলৰ দিনৰ ধন-সোণৰ লোভত স্বৰ্গদেউসকলৰ মৈদাম খান্দি পিচৰ কালৰ স্বৰ্গদেউসকলে সেইবোৰ আহৰণ কৰাৰ কাহিনীক সংযোগ ঘটাইছে আহোমৰ বংশধৰ (হয়তো) কেঁকোৰা সন্দিকৈৰ দুই সন্তান ‘ভোগমন’ আৰু ‘বুকুজুৰ’ৰ মাজত বাৰী- বস্তিক লৈ হোৱা সংঘাতৰ কথাৰে...’ সেই বুলিয়েই তই আথাও-পুথাওৰ হাড়-মূৰ, মৰিশালিৰ ছাইকণো চাঁচি-চুৰুকি খন্দাই বাঘেখোৱাৰ পুতেক মাটি পোতা ভৰপূৰ ঠিকাদাৰক বেচিলিনে?’

 গল্প কি বা কেনেকুৱা, খাটনিয়াৰৰ গল্প পঢ়িলে হৃদয়ঙ্গম কৰিব পাৰি। বৰ্তমান সময়ৰ বহু প্ৰতিষ্ঠিত গল্পকাৰতকৈ বিপুল খাটনিয়াৰৰ গল্প বহু উচ্চত; বিশেষকৈ প্ৰকাশভঙ্গীৰ ফালৰ পৰা। এক নিজস্ব শৈলীৰে তেখেতৰ গল্প সমৃদ্ধ। গল্পকেইটাত গল্পকাৰে যেন কাহিনী কৈ যোৱা নাই, ছবিহে আঁকিছে। সেই ছবি চাই পাঠকে বুজিব গল্পৰ কাহিনী। আটাইকেইটা গল্পৰে কাহিনীৰ বৈচিত্ৰতা, বৰ্ণনাৰ চমৎকাৰিত্ব, ভাষাৰ প্ৰাচুৰ্যতা, ৰহস্যময়ী সমাপ্তিয়ে প্ৰতিটো গল্পকে একোটা নিজস্ব মাত্ৰা দিছে; সংকলনখনি সুখপাঠ্য কৰি সৌষ্ঠৱ বঢ়াইছে। গাঁৱলীয়া চহা জীৱনৰ প্ৰতিফলন তথা কাহিনীৰ বাচনি আৰু কথনশৈলীৰ চমৎকাৰিত্বৰে গল্পকেইটা আমনি নলগা কৰি তোলাত সক্ষম হৈছে গল্পকাৰ খাটনিয়াৰ।

 সংবেদনশীল বিষয়বস্তুৰে সমৃদ্ধ গল্পকেইটাত সকলো স্তৰৰ মানুহৰ জীৱনৰ ছবি আঁকি সাৰ্বজনীন কৰি তুলিছে। ‘সীমান্ত পথৰ গল্প’ত বৰ্ণিত হৈছে ভাৰত-বাংলাদেশৰ মাজেৰে নতুনকৈ নিৰ্মাণ হোৱা সীমান্ত পথে কেনেকৈ দুখন ঘৰ দুভাগ কৰিলে, পুৰণি চুবুৰিটো সমানে দুভাগ কৰিলে। মাজত দুই দেশৰ সীমান্ত বাহিনীৰে এখন দেশৰ মানুহবোৰ এতিয়া দুখন দেশৰ মানুহ হৈ পৰে। নিজৰ ভায়েকৰ ছোৱালীৰ বিয়াতো উপস্থিত থকাৰপৰা বিৰত থাকিব লগা হয় সীমান্ত বাহিনীৰ কঠোৰ নিৰ্দেশৰ ফলত। নিজ ঘৰত জুই লাগোঁতে জুই নুমুৱা গাড়ী সীমান্তৱৰ্তী গাঁওখনলৈ যাব [ ১০১ ] নোৱাৰে নৈ পাৰ হৈ। জুই লাগি ভায়েকৰ ছোৱালীৰ বিয়ালৈ যাব নোৱাৰা কালিমোহনৰ ঘৰ-বাৰী জ্বলি শেষ হয়। শেষ মুহূৰ্তত ভায়েক ভৱমোহন আহি ওলায় ভায়েকৰ ওচৰত — ‘কিছু সময়ৰ পিছত মূৰ নদঙাকৈয়ে কালীমোহনে থোকা-থুকি মাতেৰে ক’লে— ভাই তুমি এহন সেনে আইসলে?

 ভৱমোহনে নিৰুদ্বেগ চিত্তে ক’লে— ‘কালী! এডাই টোপোলাটোত ভাত আছে, আৰ এইটো কম্বল। আমি এলা যাই। চিপাহীটোক দুটা টেহা দিয়ে, আমি মাত্ৰ দশ মিনিটৰ জন্যে আচ্ছি। দেৰি হ’লে পয়মাল হ’ব।’

 সংকলনখনিত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়বস্তুৱে স্থান পাইছে। কোনোটো গল্পত দেখুৱাব খোজা হৈছে মানুহৰ গভীৰৰপৰা গভীৰতম কোনো স্থানত লুপ্ত একান্ত ব্যক্তিগত কিছুমান অনুভূতি আৰু স্পৃহা যিয়ে এবাৰলৈও ভবাই তোলে বিশ্বাসৰ আঁৰৰ অবিশ্বাস। ‘বেংগ্ৰা’ গল্পটোত (বড়ো শব্দ, অৰ্থ- প্ৰহৰী) উপস্থাপিত হৈছে বড়ো ভূমিত সংঘটিত হত্যা-সন্ত্ৰাসৰ ভয়াবহ ছবি। শিক্ষক মাণিক শৰ্মাক এজুম উতনুৱা চেংগ্ৰাই গছত বান্ধি অবৰ্ণনীয় অত্যাচাৰ কৰি মূৰ দাঙিব নোৱাৰাকৈ খুন্দি পেলাইছিল। ঘটনাক্ৰমে সেই মাণিক শৰ্মাক শুশ্ৰুষা কৰি সুস্থ কৰি তুলিছিল কোনো এক ভেবেলা বসুমতাৰীৰ গাভৰু ছোৱালী যশোধৰা আৰু ওঠৰ বছৰীয়া ল’ৰা পুতুলে— দুয়ো মাণিক শৰ্মাৰ ছাত্ৰ আছিল। সময়ৰ সোঁতত পুতুল হেৰাই যায় গেলেকফুৰ সিপাৰৰ অন্ধকাৰত। যশোধৰাৰ বিকলাংগ সন্তানৰ সাত বছৰ বয়সত মাক-দেউতাকৰ মৃত্যু হোৱাত সেই মাণিক শৰ্মাই যশোধৰাক নিজৰ কৰি লয়, যদিও মাণিক শৰ্মাৰ একোৱেই নাছিল, কেৱল এটা ৰেপি ৰেপি কটা, থেতেলা খোৱা ঘূণীয়া দেহা, পঙ্গু শৰীৰ। খুব কৌশলেৰে কোৱা হৈছে (খোলোচাকৈ নোকোৱাকৈ)— পোন্ধৰ-ষোল্ল বছৰ পিছত আহি ওলোৱা উৰ্খাও মুছাহাৰীৰ ঔৰসত যশোধৰাৰ গৰ্ভত জন্ম হোৱা এক বিকলাংঙ্গ-বিচনাত মাংসপিণ্ডৰ দৰে পৰি আছে। এই সকলোবোৰ যেন সেই অনাকাংক্ষিত আন্দোলনটোৰ ঋণাত্মক ফলশ্ৰুতি।

 গল্প কোৱাৰ ‘শিল্প’ই গল্পক গল্প হিচাপে উপস্থাপন কৰে। ‘ভাদৈ মাহী’ৰ কাহিনী, যদিও ক’ব পাৰি আজিৰ পৰিৱেশ পৰিস্থিতিত এক গতানুগতিক কাহিনী; কিন্তু উপস্থাপন তথা কথন শৈলীৰ লগতে ইয়াৰ সমাপ্তিয়ে গল্পটোক অনন্য মাত্ৰ প্ৰদান কৰিছে। ভাদৈ পেহীয়ে গুৱাহাটীত থকা ভতিজাকৰ ঘৰ বিচাৰি উলিয়াই নিজৰ ল'ৰাৰ চাকৰিৰ বাবে মেট্ৰিকৰ চাৰ্টিফিকেট বিচাৰি আহে— ‘যোৱাসকল গ’ল, কোনো খেদ নাই পেহীৰ।কথাতহে কথা ওলাইছে, মোৰ পৰাও কোনো সম্পত্তিৰ ভাগ বিচাৰি অহা নাই পেহীয়ে। এই ‘পিথৱীত’ কোননো থাকিব কেইকাল? [ ১০২ ] এটা দীঘল হুমুনিয়াহ কাঢ়ি ভাদৈ পেহীয়ে ক’লে— তই মোৰ এইকণ উপকাৰ কৰি দে পোনা। ইয়াত তহঁতৰ ৰাজধানীত বোলে পা-পইচা ছটিয়ালেই সব ‘চাৰ্টিফিকেট’ পায়। ... ভাদৈ পেহীৰ বুকুৰ খৰ দুটুকুৰাৰ পৰা নিগৰি অহা ডাঠ লেতীয়া টোপাল এটানে দুটা চাই থাকোঁতেই নিকা বিছনা চাদৰখনত সৰি পৰিল। ‘গল্পটোত ফুটি উঠিছে এহাতে গাঁৱলীয়া সহজ সৰল মানসিকতা, আনহাতে দুৰ্নীতিত নিমজ্জিত সমাজ ব্যৱস্থাৰ ছবি।

 কিতাপখন পঢ়ি মনত ছাপ পেলোৱাত কিবা অলপ লিখাৰ দুৰ্বাৰ হেঁপাহ উপজিছিল। সেয়ে নিলিখাকৈ থাকিব নোৱাৰি কেইটামান গল্পৰ ওপৰত মোৰ অনুভৱৰ প্ৰকাশ অলপ পাঠকৰ বাবে এৰি দিলোঁ। সীমিত পৰিসৰত গোটেইকেইটা গল্প আলোচনা কৰাটো সম্ভৱ নহয় হেতুকে খাটনিয়াৰৰ গল্পৰ বৈশিষ্ট্যৰ ওপৰত ৰুত্ব দি কিছু আলোচনা কৰাৰ মৰসাহ কৰিবলৈ চেষ্টা কৰা হৈছে। আমাৰ অনুভৱ— গল্পৰ কাহিনীতকৈ স্থানীয় কথিত ভাষাৰ প্ৰয়োগ, গাঁৱলীয়া ভকতীয়া ভাষাৰ প্ৰয়োগ, ব্যতিক্ৰমী কথন শৈলী, ৰহস্যময়ী সমাপ্তি, কিম্বদন্তি সদৃশ কিছু কাহিনীৰ সংমিশ্ৰণ, চিন্তাত সমাজতান্ত্ৰিক বাস্তৱতাৰ প্ৰভাৱ, গ্ৰাম্য সমাজ ব্যৱস্থাৰ ছবিৰ অঙ্কণ আদি উপাদানসমূহে প্ৰতিটো গল্পক চিত্তাকৰ্ষক কৰি তুলিছে।

 বিপুল খাটনিয়াৰৰ গল্প সম্পৰ্কত বিশিষ্ট কবি সমালোচক মনোজ বৰপূজাৰীৰ অভিমত— ‘কেতিয়াবা ঘটনা আৰু পৰিৱেশত এনে জটিলতাপূৰ্ণ আৰু ভিন্নমাত্ৰিক হয় যে সৃষ্টিশীল লেখকে গতানুগতিক প্ৰথাৰে সিবোৰৰ অৰ্থ উদ্ধাৰৰ চেষ্টা কৰাটো মূঢ়মতিৰ সঁহাৰিৰ দৰে হৈ উঠে। এণ্টন চেকভে চাইবেৰিয়ালৈ গৈ চাক্ষুস অভিজ্ঞতাৰ বৰ্ণনা দিওঁতে ৰুছ সাহিত্যত সৰ্বময় হৈ থকা টলষ্টয়বাদৰ বিৰুদ্ধাচৰণ কৰিছিল। তেওঁৰ যুক্তি হ’ল মানুহৰ দুখভোগ, ক্লেশ-যন্ত্ৰণাৰ বিৱৰণ দাঙি ধৰাত টলষ্টয়সুলভ বাস্তৱধৰ্মী প্ৰতিফলনেই যথেষ্ট নহয়, তাতোকৈ ভিন্ন স্তৰলৈ যোৱাৰ চেষ্টা কৰাহে যুগুত। বিপুল খাটনিয়াৰৰ গল্পত অসমীয়া গল্প সাহিত্যৰ পৰিচিত বিষয়বস্তু আৰু তাৰ উপস্থাপন ভঙ্গী ব্যতিক্ৰম কৰাৰ এটা প্ৰচেষ্টা স্বস্তিদায়ক ৰূপত ধৰা পৰে। ৰূপবন্ধৰ কষ্টকল্পিত অনুশীলনৰ চাপহে বিদ্যমান।’❐

(লেখক অৱসৰপ্ৰাপ্ত বেংক বিষয়া, নতুন সাহিত্য পৰিষদৰ সদস্য) [ ১০৩ ]

কালস্ৰোতত কথাশিল্পী বিপুল খাটনিয়াৰ

কুমুদ বৰুৱা


অৱশেষত দুৰাৰোগ্য ৰোগৰ ওচৰত হাৰ মানি আমাৰ প্ৰজন্মৰ বিশিষ্ট কথাশিল্পী বিপুল খাটনিয়াৰে ইহ সংসাৰৰ পৰা বিদায় মাগিলে। তেওঁ বয়সত মোতকৈ তিনি বছৰ সৰু আছিল। সম্ভৱতঃ আমাৰ মাজতে সত্তৰৰ দশকত গল্প লিখাৰ আৰম্ভণিৰ ব্যৱধানো আছিল প্ৰায় তিনি বছৰ। মই ১৯৬৯ চনৰপৰা বহু পৰিমাণে জাঁ পল চাকে অনুকৰণ কৰি ‘নতুন’ গল্প নিৰ্মাণৰ পৰীক্ষাত হাত দিছিলোঁ। মোৰ ‘ৰিভলভাৰৰ গৰ্জনত ধানখেৰৰ জুই’ গল্পটো তাৰ প্ৰমাণ। তাৰ পৰিৱৰ্তে বিপুল খাটনিয়াৰে অনুপ্ৰাণিত মনোভাবেৰে শোষিত-নিৰ্যাতিত-বঞ্চিত শ্ৰেণীটোৰ নিৰ্মম বাস্তৱক অগ্ৰাধিকাৰ দি সেইবোৰ অভিজ্ঞতা তথা উপলব্ধিক প্ৰাণৱন্ত কৰি তোলাত দক্ষতাৰ প্ৰমাণ দিছিল। সাহিত্যৰ সৃষ্টিশীলতাৰ প্ৰশ্নত এইদৰেই তেওঁ মোতকৈ তিনিগুণ বেছি প্ৰতিভাৰ প্ৰদৰ্শনেৰে মোক চেৰাই গৈছিল বুলি ভাবোঁ। তেওঁৰ স্বাস্থ্য-পাতি স্বাভাৱিক ৰূপত থকা হ’লে হয়তো আৰু দহ-বাৰ বছৰমান জীয়াই থাকিলহেঁতেন আৰু ‘ঘঁৰিয়ালডাঙাৰ কথা’, ‘হাৱা ভাল চলা নাই’ৰ দৰে পূৰঠ বয়সৰ সৃষ্টিৰ সংখ্যা নিশ্চয়কৈ বৃদ্ধি পালেহেঁতেন। শেষ বয়সত তেওঁ এটা বৰ ভাল কামত নিয়োজিত হৈছিল— মানুহৰ সমাজত প্ৰগতিৰ তাৎপৰ্য বুজি পোৱা প্ৰয়াত অনিল ৰায়চৌধুৰীৰ ৰচনা সম্ভাৰৰ সম্পাদনা কৰি তাক একেলগে গ্ৰন্থাকাৰে প্ৰকাশ কৰা।

 পৈতৃক সূত্ৰে মোৰ ঘৰ আছিল শিৱসাগৰ জিলাৰ কালুগাঁৱত আৰু বিপুল খাটনিয়াৰৰ ঘৰ আছিল লগতে লাগি থকা শলগুৰিত। চাবেক সূত্ৰে আমাৰ মাজত এক আত্মিক সম্পৰ্ক থকা বুলিব পাৰি। মই একাদশ শ্ৰেণীলৈকে নাজিৰা উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ত পঢ়িছিলোঁ আৰু গৰমৰ বন্ধত কালুগাঁৱত কটাইছিলোঁ। বহুকেইটা গৰমৰ বন্ধ মই জেৰেঙা পথাৰত খেলা-ধূলা কৰি অতিবাহিত কৰিছিলোঁ; সৰু বৰদেউতাৰ ল’ৰা মাজু আৰু হৰিলৰ লগত পহুগড়ৰ খাৱৈত খেৱালি জালেৰে [ ১০৪ ] মাছ ধৰিছিলোঁ। প্ৰায় অনুৰূপ পটভূমিৰ স্মৃতি বিজড়িত হৈ থকাৰ পাছতো মোৰ সাহিত্য সৃষ্টিৰ উদ্যোগ বিপুলতকৈ কিয় বেলেগ ফালে ঢাল খাইছিল, কিয় মই চাত্ৰেৰ ‘নজিয়া’ (Nausea) নামৰ দৰ্শনভিত্তিক উপন্যাসৰ অনুকৰণ, নিজস্ব জীৱন দৰ্শনৰ অৱলম্বনত গল্প নিৰ্মাণত হাত দিছিলোঁ, ভাবিলে আচৰিত লাগে। জীয়া বাস্তৱৰ সলনি মই কিয় তেনেকুৱা পৰীক্ষাত হাত দিছিলোঁ, মই কথাটো কোনোদিনেই ভবা নাই। ১৯৭৬ চনৰ পাছৰপৰা মই কিয় গল্প লিখা বন্ধ কৰিলোঁ সিও নিশ্চয় এক আন্তৰিক অনুসন্ধানৰ বিষয়। মই লিখা গল্পবোৰৰ এক সংকলন আছে, নাম ‘দুখৰ ৰাতি’। তৎসত্বেও কিন্তু মই প্ৰগতি আৰু অগ্ৰণীৰ তাৎপৰ্য সেই কলেজৰ দিনৰপৰাই গুৱাহাটীৰ বৌদ্ধিক পৰিৱেশত উশাহ ল’বলৈ সুবিধা পোৱাৰ দিনৰেপৰাই অনুধাৱন কৰিবলৈ চেষ্টা কৰিছিলোঁ। অনুৰূপ পটভূমিৰপৰা আহি মই গল্পৰ জগতত হেৰাই গ’লোঁ; কিন্তু বিপুল খাটনিয়াৰৰ সাধনাই অসংখ্য গুণমুগ্ধৰ সৃষ্টি কৰিলে— তাৰ কাৰণ নিশ্চয় তেওঁৰ ‘বাস্তৱ জ্ঞান’ আৰু সামাজিক চেতনাৰ প্ৰতি অবিচল আনুগত্য। ডেকা বয়সৰ চাৰ্ডেৰ প্ৰভাৱত মই হয়তো ব্যক্তি স্বাধীনতাৰ একপক্ষীয় বা বিচ্ছিন্ন অস্তিত্বৰ ভিত্তিত গল্প লিখিছিলোঁ; কিন্তু তাৰ বিপৰীতে বিপুল খাটনিয়াৰে ‘Free- dom of the individual as a member of the society', তেনে বাস্তৱ অভিজ্ঞতা তথা উপলব্ধিৰ ভিত্তিত গল্প লিখিছিল আৰু সফলতা লাভ কৰিছিল৷ এনেকৈ বিচাৰ কৰিলে দেখা যাব যে মোৰ গল্পই হয়তো পাঠকৰ মনত বিচিত্ৰ প্ৰতিক্ৰিয়াৰ জন্ম দিছিল, যাৰ কোনো উত্তৰ নাছিল; কিন্তু বিপুল খাটনিয়াৰৰ গল্পই পাঠকৰ হৃদয়ত গৈ থিতাপি ল’বলৈ সক্ষম হৈছিল, যিটো কথা আমাৰ সাহিত্যৰ পৰিৱেশত বিশেষভাৱে তাৎপৰ্যপূৰ্ণ। এই ধাৰাৰ তিনিগৰাকী ৰসোত্তীৰ্ণ কথাশিল্পীৰ নাম হ’ল শীলভদ্ৰ, ইছমাইল হুছেইন আৰু কুমুদ কুমাৰ দত্ত।

 বাতৰি কাকতসমূহে বিপুল খাটনিয়াৰক ‘প্ৰগতিশীল’ গল্পকাৰ হিচাপে পৰিচয় কৰাই দিছে। কিন্তু মই ভাবোঁ যে তেওঁৰ গল্প মূলসুঁতিৰ সাহিত্যিক বিশ্ববীক্ষাৰপৰা বিচ্ছিন্ন কোনো বেলেগ গ্ৰহৰ সৃষ্টি নহয়। সত্তৰ-আশীৰ দশকত অসম সাহিত্য সভাৰ সমান্তৰালভাৱে জন্ম হোৱা ‘নতুন সাহিত্য পৰিষদ’ৰ বাবেই বোধহয় তেন্তে বিভ্ৰান্তিৰ সৃষ্টি হৈছে। ‘নতুন সাহিত্য পৰিষদ’ৰ লগত খাটনিয়াৰ জন্মকালৰে পৰা জড়িত হৈ আছিল যদিও তেওঁৰ সৃষ্টি মূলসুঁতিৰপৰা বেলেগ কোনো বিচ্ছিন্ন সৃষ্টি নহয়। বৰং তেওঁ ‘প্ৰগতিশীল’ এই অৰ্থত যে ৰাজনীতিৰপৰা নিৰাপদ দূৰত্বত অৱস্থান কৰা বিশুদ্ধ সাহিত্য-দৰ্শনৰ পৰিধি অতিক্ৰমি তেওঁ বাস্তৱ অভিজ্ঞতা-উপলব্ধিৰ নতুন [ ১০৫ ] দিগন্তৰ সন্ধান কৰিছিল; অনুভূতি তথা মানৱীয় কল্পনাৰ প্ৰকৃত স্বৰূপ আৱিষ্কাৰৰ নিলস সাধনাত বহিছিল।

 কোৱা বাহুল্য হ’ব যে সৃষ্টিশীল সাহিত্যৰ প্ৰশ্নত এই ‘প্ৰগতিশীল চেতনা’ বোলা কথাষাৰ যান্ত্ৰিকভাৱে উপলব্ধি কৰিব নোৱাৰি। দৰাচলতে সি যথাৰীতিগত সাহিত্যবিৰোধী কোনো আচহুৱা ধাৰণা নহয়। এই প্ৰসংগত ‘বিশ্বায়তন' (১৯৮৩) গ্ৰন্থত হীৰেন গোহাঁই ছাৰে ‘প্ৰগতিশীল সাহিত্যৰ গতিপথ আৰু অন্তৰায়’ সম্পৰ্কে যিখিনি কথা কৈছে (পৃঃ ১০), যিখিনি কথা তেওঁ নতুন সাহিত্য পৰিষদৰ সদস্য তথা অনুগামীসকলক উদ্দেশ্যি কৈছিল— তাৰ পৰাই এই ধাৰাৰ সাহিত্যৰ আদৰ্শ সম্পৰ্কে পাঠকৰ এক সদৰ্থক ধাৰণা গঢ়ি উঠাৰ সম্ভাৱনা প্ৰবল। তেখেতৰ মতে সাহিত্যৰ প্ৰতি বহুচৰ্চিত সামাজিক দায়বদ্ধতা স্থূলভাৱে বা কল্পনাহীনভাৱে প্ৰকাশ কৰিলে নহ’ব। সাহিত্যৰ স্বকীয় ধৰ্ম ৰক্ষা নকৰাকৈ কেৱল শ্ল’গানেৰে বা ঘটনাক্ৰমৰ যান্ত্ৰিক তাৎপৰ্য নিৰ্ণয়ৰ জৰিয়তে প্ৰকৃত সাহিত্যৰ জন্ম নহয়। তেনে সাধনা চলিব লাগিব গভীৰ স্তৰত, মানৱীয় কল্পনাৰ ৰহণ লগোৱা অনুভূতিৰ সহায়ত। যিবোৰ ধাৰণা আজিও হয়তো বহুতৰে বাবে শুকান মগজুৰ ধৰণা হৈ আছে, সেইবোৰক ভাব-ভাষাৰ পৰশেৰে সঞ্জীৱিত কৰি পাঠকৰ তেজৰ স্পন্দনৰ লগত মিহলাই দিব পাৰিব লাগিব, যাতে সমাজ ৰূপান্তৰৰ অস্পষ্ট ধাৰণা জীৱন্ত বাস্তৱৰ দৰে মহিমামণ্ডিত হৈ উঠিব পাৰে। তাৰ বাবে লাগিব লেখকৰ অন্তৰৰ কঠোৰ সততা— যাতে সকলো ভেজাল অতিৰঞ্জন বা অতি নাটকীয়তা তাৰ প্ৰখৰ দিপ্তীত মৰহি যায়। মই ভাবোঁ যে বিপুল খাটনিয়াৰৰ গল্পত তেনে বাস্তৱ চেতনাৰে জৰ্জৰিত অভিজ্ঞতা-উপলব্ধিৰ জীৱন্ত ৰূপটোকেই পাঠকে দেখিবলৈ পাব। মোৰ ব্যক্তিগত ধাৰণা যে মূলসুঁতিৰ সাহিত্যৰ ৰক্ষণশীল চেতনাই তেনেবোৰ গল্পৰ মৰ্ম উপলব্ধি কৰিব নোৱাৰে। ‘প্ৰগতিশীল’ লেবেল লগাই সিবোৰক দূৰতে বিদূৰ কৰিব পৰা নাযায়।

 এইখিনিতে সদাশয় পাঠকসকলে মন কৰিব, বিপুল খাটনিয়াৰৰ কথাশিল্পৰ মূল্যায়ন কৰিবলৈ গৈ মই যি ব্যক্তিগত গল্পৰ উদাহৰণৰ সহায় লৈছোঁ, তাৰ একমাত্ৰ উদ্দেশ্য হ’ল সাহিত্য-দৰ্শনৰ প্ৰসংগত পাঠকৰ যথাৰ্থ বিচাৰৰ বাবে ‘বাস্তৱ জ্ঞান’ৰ তাৎপৰ্য নিৰ্ণয় কৰা। মানুহে কেৱল গাইগুটীয়াকৈ দাৰ্শনিক জ্ঞান অৰ্জন কৰিলেই নহ’ব, ব্যক্তিৰ জীৱনত জীৱন সংগ্ৰামৰ যি বাস্তৱ, সেই সামূহিক বাস্তৱৰ পৰাহে সাহিত্যয়ো সমল সংগ্ৰহ কৰিব লাগিব।

 দাৰ্শনিক, তাত্ত্বিক জ্ঞানৰ বিপৰীতে, সমাজ বিকাশৰ ইতিহাসলব্ধ জ্ঞানেহে সাহিত্য সৃষ্টিকো ‘বাস্তৱ জ্ঞান’ৰ সমল যোগান ধৰা উচিত। তেনে কাৰণতে সাহিত্য [ ১০৬ ] সৃষ্টিৰ বাবে ইতিহাস চেতনাৰ গুৰুত্ব অপৰিসীম। কিয়নো জীয়া বাস্তৱত, সমাজত মানুহক, তেহেলৈ লেখকক কেৱল ইতিহাসৰ প্ৰতি সচেতনতাইহে ঐতিহাসিক- সামাজিক-বৈজ্ঞানিক জ্ঞানৰ যোগান ধৰিব পাৰে। দাৰ্শনিক-তাত্ত্বিক জ্ঞানে কোনো বিষয়ীগত আত্মনিষ্ঠ (Subjective) জ্ঞানহে উপলব্ধ কৰাব পাৰে; কিন্তু ইতিহাসলব্ধ বাস্তৱ জ্ঞানে আমাৰ প্ৰকৃত সমাজ বাস্তৱত, জাতি-ধৰ্ম-বৰ্ণ-শ্ৰেণী আৰু মতাদৰ্শ নিৰ্বিশেষে, বিশ্বব্যাপী সক্ৰিয় হৈ থকা ‘বিশ্বজনীন সংসাৰ ধৰ্ম’ সম্পৰ্কে আমাৰ জ্ঞান সমৃদ্ধ কৰি তুলিব পাৰে। এই মূল কথাটোৱেই সাহিত্য সৃষ্টিৰ ক্ষেত্ৰতো ‘বিশ্বজনীন প্ৰমূল্য’ হিচাপে এক বিকল্পবিহীন ধাৰণা, যিটো বস্তুৰ সাধনাই বিপুল খাটনিয়াৰৰ কথাশিল্পৰো লক্ষ্য আৰু উদ্দেশ্য আছিল। কেৱল প্ৰগতিশীল সাহিত্য নহয়, যথাৰীতিগত সকলোবিধ সাহিত্যৰ ক্ষেত্ৰতে ঐতিহাসিকভাৱে লব্ধ সামাজিক জ্ঞানৰ নেপথ্যত সক্ৰিয় দ্বন্দ্বমূলক বৈজ্ঞানিক জ্ঞানৰ অন্য কোনো বিকল্প নাই। মোৰ ধাৰণা যে বিপুল খাটনিয়াৰে অতিশয় সততা আৰু নিষ্ঠাৰে তেনে এক সাধনাত বহিছিল বুলিলেও অত্যুক্তি কৰা নহ’ব।

 পাঠকৰ জ্ঞাতাৰ্থে এই প্ৰসংগতে এষাৰ কথা ক’বই লাগিব যে তেনে মূল্যায়নৰ প্ৰশ্নত হীৰেন গোহাঁই ছাৰে উৎসৰ্গিত প্ৰাণেৰে ইতিমধ্যেই বিচাৰৰ এক যথাৰ্থ ঐতিহ্য সৃষ্টি কৰি গৈছে। কমপক্ষেও তেখেতৰ তিনিখন গ্ৰন্থ ‘সাহিত্য আৰু চেতনা’ (১৯৭৬), ‘বিশ্বায়তন’ (১৯৮৩) আৰু ‘উত্তৰণৰ সাধনা’ৰ (১৯৯৩) অধ্যয়নৰ জৰিয়তে আমি তেনে এক নতুন বিচাৰৰ মাপকাঠী নিৰ্মাণ কৰি উলিয়াব পাৰোঁ। ই দৰাচলতে সাহিত্যৰ স্বকীয় ধৰ্মৰ প্ৰতি আস্থাৰে এক সম্প্ৰসাৰিত ৰূপ।

 এই অৰ্থতে বিপুল খাটনিয়াৰৰ গল্প কেৱল ‘নতুন সাহিত্য পৰিষদ’ৰ অনুগামীসকলৰ বাবেই নহয়, সাহিত্যৰ সকলো ভাবাদৰ্শৰ পাঠকৰ বাবেই সিবোৰৰ মূল্য অপৰিসীম। কিয়নো প্ৰকৃত বাস্তৱ জ্ঞানেৰে সুসজ্জিত হৈ তেওঁ সঠিক যাত্ৰাপথেৰেই আগুৱাই গৈছে আৰু যিখন মানুহৰ সমাজৰপৰা মূলসুঁতিৰ সাহিত্যই সমল সংগ্ৰহ কৰে; তেৱোঁ সেই একেই জীৱন আৰু জগতৰপৰাই নিজৰ কথাশিল্পৰ বাবে সমল সংগ্ৰহ কৰিছিল। পাৰ্থক্য মাথোঁ ইয়াতে যে প্ৰথাগত সাহিত্যই যদি কোনো সীমা নিৰ্ধাৰণ কৰি তাৰ মাজতে আবদ্ধ হৈ থাকিবলৈ ভাল পাইছিল, বিপুল খাটনিয়াৰে তাৰ বিপৰীতে সীমাৰ পৰিধি ভাঙি পাঠকৰ ৰসচেতনা পৰিপুষ্ট কৰিবলৈ আপ্ৰাণ চেষ্টা চলাইছিল।

 মৃত্যুৰ সময়লৈকে প্ৰকাশ পোৱা বিপুল খাটনিয়াৰৰ গল্প সংকলনৰ সংখ্যা ৭-৮ খনমান হ’ব; সেই হিচাপে কথাশিল্পত তেওঁৰ সাহিত্য চেতনাৰ প্ৰকৃত মূল্যায়ন [ ১০৭ ] হ’বলৈ এতিয়াও বাকী। এই প্ৰসংগতে কথা এষাৰলৈ মনত পৰিছে। বিশিষ্ট কবি তোষপ্ৰভা কলিতাৰ সাহিত্য আৰু জীৱন বিষয়ক গ্ৰন্থ ‘সংগ্ৰাম সংবিধা’ৰ (২০২০); সম্পাদকৰ টোকাত আমাৰ পাছৰ প্ৰজন্মৰ সমালোচক অৰিন্দম বৰকটকীয়ে এইদৰে লিখিছিল— ‘কি আচৰিতভাৱে এইগৰাকী কবি স্বাভাৱিক নাৰীসুলভ ৰোমাণ্টিকতাৰ উৰ্দ্ধত থাকি গ'ল, সেই কথা ভাবিলে বিস্ময় জাগে।’ আশাকৰোঁ সমালোচকসকলে এনে মনোভাবেৰেই বিপুল খাটনিয়াৰৰ সাহিত্য চেতনাৰ মূল্যায়নৰ প্ৰয়াস হাতত ল’ব।

 শেষত এই চমু দু-আষাৰ কথাৰ জৰিয়তেই মই প্ৰয়াত বিপুল খাটনিয়াৰলৈ মোৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিলোঁ। লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈকো সমবেদনা জ্ঞাপন কৰিলোঁ।❐

(লেখক এগৰাকী নিৱন্ধকাৰ)


ভ্ৰাতৃ প্ৰয়াত কমল খাটনিয়াৰৰ সৈতে বিপুল খাটনিয়াৰ

[ ১০৮ ]

ঘঁৰিয়ালডাঙাৰ কথা : এটি টোকা

কোষেশ্বৰ খনিকৰ

ষোল্লটা চুটি গল্পৰে ‘ঘঁৰিয়ালডাঙাৰ কথা’ বিপুল খাটনিয়াৰৰ অসমীয়া গল্প সাহিত্যলৈ এক অনন্য সংযোজন। গল্পসমূহৰ মূল সুৰ মানৱতাবাদ। কেইবাটাও গল্পত মানৱতাৰ অৱমাননাক হৃদয়স্পৰ্শী ৰূপত দাঙি ধৰা হৈছে। এই দিশত ‘বোবা নদী সৰাফুল’, ‘বাণীকান্ত’, ‘হাৰান কুণ্ডুৰ ঘৰ’, ‘মিজোজাই’, ‘হাজী’, ‘ৰাগ কেদাৰ’ বিশেষভাৱে উল্লেখযোগ্য। ‘শিলনিত বোটলা মাছ’ গল্পটোৰ মূলতে সীমাসমস্যা হ’লেও মানৱ সম্পৰ্ক দুৰ্বল কৰাত ইয়াৰো ভূমিকা আছে। ধৰ্ম তথা অন্ধবিশ্বাস, দুৰ্নীতি, ভণ্ডামিৰ স্বৰূপ উদ্‌ঘাটন হৈছে ‘শিহু’, ‘সখি’, ‘হিজৰা’, ‘হস্তৰেখা’, ‘ভূঁইকপ অহাৰ আগতে', ‘গঁড়’ আৰু ‘ঘঁৰিয়াল ডাঙাৰ কথা’ত। ‘সোণটি গৰীয়া’ বীৰ পূজা তথা আত্মবিশ্বাস সংস্থাপনৰ ভেটি।

 লেখকে প্ৰত্যক্ষভাৱে কোনো মতামত নিদিয়াকৈ একোটা পটভূমিৰ চিত্ৰ দিছে। সামৰণিকে ধৰি কাহিনীটো সুসংহত কৰি লোৱা কামটো পাঠকলৈ এৰা হৈছে। তদুপৰি পঢ়ি শেষ হ’লেও মনত শেষ নোহোৱা আলোড়ন এটা থাকি যায়; পাঠকে প্ৰায়ে চিন্তা কৰিবলগীয়া হয়— তাৰ পিছত কি হ’ল, দোধোৰ-মোধোৰ অৱস্থা এটা ৰৈ যায়, পাৰ্থ ঘোষৰ বংশধৰ কোন ভাইকণ নে সুৰেশ, নে দুয়োজন? লাই ধুৰুকা নে বুধেশ্বৰ কোনটো মৰিল, নে দুয়োটা?

 কল্পনা আৰু বাস্তৱৰ সন্মিলন ঘটিছে কেইবাটাও গল্পত। উদাহৰণ স্বৰূপে, ডিগবৈৰ অজিত কৰক আনি গল্পৰ মাজত থিয় কৰাইছে যিটোৱে আবেদন আৰু পৰিহাস তীব্ৰ কৰিছে। হাজী আৰু ঘঁৰিয়ালডাঙাত লেখকৰ প্ৰত্যক্ষ উপস্থিতিয়ে অনুভূতিক বাস্তৱতা দান কৰিছে।

 ভৌগোলিকভাৱে গল্পসমূহৰ পটভূমি উজনি নামনি ধৰি সমগ্ৰ অসম বিস্তৃত। [ ১০৯ ] কাহিনীবোৰ কওঁতে বিভিন্ন অঞ্চলৰ কথিত উপভাষাৰ ব্যৱহাৰে পাঠকৰ মনলৈ অঞ্চল বিশেষৰ তথা জনগোষ্ঠীবিলাকৰ ধাৰণা এটা আনে। যেনে, সীমান্ত অঞ্চলৰ নাগামিজ ভাষা বা মিশ্ৰিত ভাষা ব্যৱহাৰ, মাজুলিৰ মিচিং লোকৰ কথ্য ভাষা ব্যৱহাৰ, মিজো লোকৰ কথিত ভাষা ব্যৱহাৰ, চৰ অঞ্চলত প্ৰচলিত ভাষাৰ ব্যৱহাৰ ইত্যাদি। লগতে উল্লেখযোগ্য কথিত ভাষা আৰু প্ৰবচন আদিৰ ব্যৱহাৰ — পৰুৱাৰ লানি, কাতি নেউলী, পিতপিতাই, চেটেপ, নিয়ৰ সৰোৱা গোণা, শাস্ত্ৰ ভাগি, ফোপচুঙা, মাউৰত মৰা, পটাপিহা, দিহা লগাম, মেখেলা ভাৰী, আঁঠুৱাৰ তলৰ মহ, নেগুৰ কটা বাঘ, দেও উঠা, য’তে বাঘৰ ভয় ত’তে ৰাতিও হয়, লাইন হৰ, নেজ গুবৰুৱা, বিশ্বাসে মিলয় হৰি, চুঙা ফাটা দেৱানী আদি।

 চুটি পৰিসীমাৰ ভিতৰতে কেইটামান মানৱ চৰিত্ৰও উজ্জ্বল হৈ ওলাইছে— সোণটি গৰীয়া, মাপু-য়ি, চতুৰ্ভূজ অধিকাৰী, হাৰান কুণ্ডু, বকুল ঘৰফলীয়া, কোৰবান আলি।

 সংকলনটোৰ গল্প শৈলী, কথন ভঙ্গী, সমাজৰ বিভিন্ন অংশৰ সফল ৰূপায়ণে সামগ্ৰিকভাৱে গল্পকাৰৰ স্বকীয় অৱস্থান আৰু মৌলিকতা প্ৰতিপন্ন কৰে। কোনোবা সাহিত্যিকক বঁটা বাহনেৰে সন্মান দিওঁতে এইবোৰ গুণকে বিচাৰ-বিবেচনা নকৰে জানো?❐

(বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক, প্ৰয়াত খনিকৰ মৃত্যুৰ সময়ত 'নতুন সাহিত্য পৰিষদ’ৰ উপদেষ্টা আছিল) [ ১১০ ]

Bipul Khataniar:
A voice of the marginalised

Sazzad Hussain

The untimely demise of noted story-teller Bipul Khataniar on July 4 is a huge loss to the world of Assamese literature. Over a span of four decades, Khataniar produced a unique literary style through his narratives that were soaked in the moist soil of the region, resonating with the tunes of Nature of all the slopes and plains of the Northeast with all its vibrant folk cultures and colloquialism.

 Through his short stories, Khataniar boldly narrated tales on matters of various kinds, on which many writers dared not say anything. In fact, he was different from his contemporaries in treating such subjects and telling them in a simple yet very bold language, and with absolute clarity.

 Though I have not read the entire works of Bipul Khataniar, he has been a source of attraction for me ever since I started enjoying his short stories in Bihu or Puja magazines in the last 10 years or so. The variety that is found in his world of stories is amazing and he universalized any local -- mostly in small towns, remote villages or the fringe areas, with a deep sense of humour and a masterly use of pun. His world of stories dealt with matters that were either big or trivial, but is always effervescent with a deep concern for the most fundamental issues affecting humankind. His stories often end dramatically, or even abruptly, leaving a room for the readers to arrive at a conclusion -- a [ ১১১ ] reflection of the riddle called life.

 The most striking part of Khataniar's literary genius is his commitment for the most marginalized people. He is perhaps the first literary figure of our time to give so much space to the most unrepresented, neglected and even ignored or unrecongnised sections of society. His short-story collection- Ghariyaldangar Katha (2016) - bears testimony to this fact. In other words, this short-story collection is a microcosm of some of the most marginalized people of not only Assam but the entire Northeast. He passionately tells the story of Sonti Gariya of Sivasagar, Naga Raja Budheswar of Namsang Deomali, the Char Muslims of Bhura-Chapori, Mapu-Yi and Lallianmawaina of Mizoram, Gopal Sapkota of Baghchung, Parth Ghosh of Bholaguri, Haran Kundu of Rotowa, Borgang, Gaonburha Maneswar and Mehengi Aiji of a riverine Mising village. Haji Kurban Ali of Kalachara, Hailakandi, Banikanta the carpenter, and the villagers of Ghariyandanga in Mancacher -- all belong to a world beyond the mainstream. The historical anecdotes, starting from the arrival of Siu-Ka-Pha through the Patkai range to the migration of the East Bengal Muslims, from the pre-Vaishnavite Borbhuyans to the coming of the Hindi-speaking traders to Assam, and all the major events that rocked Assam's public life in modern times are narrated with multiple layers of local beliefs, folklore and oral history through these individuals and their unusual ordeals.

 Such diversity of content and setting as well as the rich haul of life extracted from the most ordinary and mundance objects, are very rare in the literature of contemporary Assam. Khataniar is also conscious enough to allude to all the wrongdoings committed in Assam in the recent past the 'secret killings', militancy, religious fundamentalism and sectarianism in his stories. Irregularities in the State Zoo, the poaching of rhinos, the police harassment on the marginalized over the 'Bangladeshi' issue, the jingoism in upper Assam, are some of the contemporary issues that have become subjects in Khataniar's stories. Apart from these, nostalgic references to the village life with all its follies and foibles, like hunting of a tigress with her cubs, the state of [ ১১২ ] young widows in Satras, etc, also come out with a rustic and humble touch in his stories. In fact, we find a distinctively ‘Khataniaresque’ style evolving from his writings.

 Apart from his lively tales, Bipul Khataniar will be remembered for his subtle essays on contemporary issues written as newspaper opeds with his typically humorous style. One of his memorable essays comprised his take on the monkey menace in villages of upper Assam, in which hunters from Nagaland were brought to cull them.

 Though, I met him only once, we had telephonic conversations at different times. But, lately there were no such contacts and I was totally unaware of his illness. For an ardent fan of his writings, his passing away is a personal grief. But, for Assamese literature, it is an irreparable loss, as he formed a unique genre of prose.

 Today, on his adyashraddha, I offer my sincere tribute to this great story-teller and hope that Bipul Khataniar will remain a guiding star for many a literary aspirant in this great land.❐

Published in The Assam Tribune, 14th July, 2021

(The writer is the HOD, English Department of Lakhimpur Commerce College) [ ১১৩ ]

বিপুল খাটনিয়াৰৰ লেখনি
মূল্যায়ন আৰু প্ৰাসঙ্গিকতা

ডাঃ কুমুদ কুমাৰ দত্ত

কুৰি শতিকাৰ ত্ৰিশদশক বিশ্বৰ মানৱ জাতি, সভ্যতা-সংস্কৃতিৰ বাবে অতিকে ভয়ঙ্কৰ সময়। দেশে দেশে যুদ্ধৰ বিভীষিকা, সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক অৱস্থা সাম্ৰাজ্যবাদীৰ হাতত লুণ্ঠিত হৈছিল। জাৰ্মানীৰ বিশ্বৰ ঘৃণ্যতম নেতা হিটলাৰ আৰু ইটালীৰ মুছোলিনীৰ ফেচীবাদী সন্ত্ৰাসে বিশ্ব কঁপাই তুলিছিল। মানৱ সমাজ আৰু সংস্কৃতিলৈ ভয়াবহ বিভীষিকাময় এক অন্ধকাৰ সময় যেন কঢ়িয়াই আনিলে। এনে পৰিস্থিতিত ইউৰোপীয় বুদ্ধিজীৱীসকল নীৰৱ হৈ থাকিব নোৱাৰিলে। সাম্ৰাজ্যবাদী শক্তিৰ বিবেকহীন কাৰ্যকলাপ,নাজীবাদী, ফেচীবাদী নৃশংস সন্ত্ৰাসৰ ফলত বহুদেশত মানৱ জীৱন, সভ্যতা, সংস্কৃতি গভীৰ সংকটৰ সন্মুখীন হৈছিল। সকলো মানৱীয় প্ৰমূল্য ভৰিৰে গছকি এক দানৱীয় শক্তিয়ে সমগ্ৰ মানৱ প্ৰজাতিক ধ্বংসৰ পথলৈ ঠেলি দিছিল। এনে এক দুৰ্যোগপূৰ্ণ সময়ত ধ্বংসমুখী কাৰ্যত বুদ্ধিজীৱীসকল সাংঘাতিক ধৰণে বিবেক দংশনত ভুগিছিল। তাৰ পৰিপ্ৰেক্ষিততেই বিশ্বৰ বহুদেশৰ স্বনামধন্য লেখক, চিন্তাবিদ, বিশিষ্ট বুদ্ধিজীৱীসকলে ১৯৩৫ চনৰ পেৰিচত “The congress of writers for defence of culture’ (সংস্কৃতি সুৰক্ষাৰ বাবে লেখকৰ মহাসভা) অনুষ্ঠিত কৰে। ৰ’মা ৰোঁলা (Romain Rolland) আৰু হেন্‌ৰি বাৰবাছে (Henry Burbusse) পেৰিচত অনুষ্ঠিত কৰা এই আন্তৰ্জাতিক অনুস্থানৰ উদ্যোক্তা আছিল। মেক্সিম গৰ্কীৰ পৃষ্ঠপোষকতাত নিমন্ত্ৰিত অতিথিসকলৰ ভিতৰত আছিল—লুই আৰাগান (Louis Aragan), বাৰ্টল্ট ব্ৰেখট (Bertolt Brecht), অলডেজ হাস্কলি (Aldous Huxley), আঁদ্ৰে মালৰ’ (Andre Malroux), ৰবাৰ্ট মুছিল (Robert Musil), বৰিছ পেস্তাৰনাক (Boris Pasternak), থমাচ মান (Thomas man), [ ১১৪ ] বাৰ্ণাড শ্ব’ (Bernard Show) আদি বিশ্ব বৰেণ্য বুদ্ধিজীৱীসকল। এই আন্তৰ্জাতিক মহাসভাখনত ১৯৩৫ চনৰ ২১ আৰু ২৫ জুনত পুৱা আৰু আবেলি আলোচনা চলিছিল। বিশ্বৰ ৩৮খন দেশৰ প্ৰায় ২৫০ জন প্ৰতিনিধিয়ে এই মহাসভাত যোগদান কৰিছিল। এই মহাসভাৰ দ্বিতীয়খন মহাসভা অনুষ্ঠিত হৈছিল গৃহযুদ্ধ জৰ্জৰ স্পেইনৰ ভেলেনচিয়া চহৰত ১৯৩৭ চনৰ ৪ আৰু ১৭ জুনত। ১৯৩৮ চনত পুনৰ পেৰিছত অনুস্থিত হয় তৃতীয়খন আন্তৰ্জাতিক মহাসভা। দ্বিতীয় বিশ্বযুদ্ধৰ পাছত ১৯৪৮ চনত পোলেণ্ডৰ ৰ’ক্ল’ত আৰু ১৯৫০ চনত বাৰ্লিনত ‘সংস্কৃতি সুৰক্ষাৰ বাবে লেখকৰ আন্তৰ্জাতিক মহাসভা’ অনুস্থিত হৈছিল।

 সেই সময়ত ব্ৰিটিছ ঔপনিৱেশক শোষণৰ কবলত থকা ভাৰতবৰ্ষৰ অৱস্থাও জটিল আৰু অস্থিৰ আছিল। ক্ষুধা, দৰিদ্ৰতা আৰু ৰাজনৈতিক অস্থিৰতাই নহয় প্ৰাক স্বাধীন ভাৰতীয় জনসাধাৰণৰ নিজৰ অস্তিত্ব, সাহিত্য সংস্কৃতিৰ প্ৰতিও সংকটকাল আছিল। তেনে সময়তে লণ্ডনৰ বিভিন্ন শিক্ষা অনুষ্ঠানত পঢ়িবলৈ যোৱা মুলক্ ৰাজ আনন্দ, ছাজাদ জাহিৰ, জ্যোতিৰ্ময় আদিৰ লগতে লণ্ডনৰ বিখ্যাত বাঁওপন্থী লেখক ৰালফ ফক্সৰ (Ralph Fox) দিহা পৰামৰ্শ আলোচনা বিলোচনাৰ যোগেদি ১৯৩৫ চনত ‘প্ৰগতিশীল লেখক সংঘ’ (Progressive Writers Association) গঠন কৰে। ইতিমধ্যে মুলক্‌ ৰাজ আনন্দ আৰু ছাজাদ জাহিৰে ‘সংস্কৃতিৰ সুৰক্ষাৰ বাবে লেখকৰ আন্তৰ্জাতিক মহাসভা’ৰ পেৰিচত অনুস্থিত হোৱা প্ৰথমখন মহাসভাত ২১ আৰু ২৫ জুনত অংশগ্ৰহণ কৰিছিল। ইয়াৰ পাছতে মুলক্‌ ৰাজ আনন্দে আনকি লণ্ডনৰ বিভিন্ন অঞ্চলত ‘সংস্কৃতিৰ সুৰক্ষাৰ বাবে লেখকৰ আন্তৰ্জাতিক মহাসভা’ৰ বিভিন্ন সাংগঠনিক কাম-কাজো কৰিছিল। ইফালেদি ১৯৩৫ চনত চাজাদ জাহিৰে লণ্ডনৰ পৰা পেৰিচ হৈ ভাৰতলৈ আহি ‘অখিল ভাৰতীয় প্ৰগতিশীল লেখক সংঘ’ (All India Progressive Writers Association) গঠনত আগভাগ লয়। লক্ষ্ণৌত ১৯৩৬ চনৰ ৯ আৰু ১০ তাৰিখে মুন্সী প্ৰেমচন্দৰ সভাপতিত্বত প্ৰথমখন অধিৱেশন অনুস্থিত হয়। এই অধিৱেশনত আহমেদ আলি, মুলক্‌ ৰাজ আনন্দ, প্ৰেম চান্দ, জ্যোতিৰ্ময় ঘোষ, ৰছিদ জাহান, মহমুদ জাফাৰ, ছাদাট হাছান মান্টো, ইচমত্‌ চুগটাই, ফাইজ আহমদ ফাইজ আদি সাহিত্যিকে সহযোগিতা কৰিছিল। বাঁওপন্থী চিন্তাধাৰাৰে পৰিপুষ্ট এই প্ৰগতিশীল সংঘই প্ৰাক স্বাধীনতা কালত সাম্ৰাজ্যবাদ বিৰোধী, সাম্প্ৰদায়িকতা বিৰোধী প্ৰগতিশীল মতাদৰ্শৰ ভাবধাৰাৰে ভাৰতীয় সমাজখনক আলোড়িত কৰিছিল। ভাৰতীয় স্বনামধন্য বহু বুদ্ধিজীৱীৰ অৰিহণাৰে ভাৰতীয় সংস্কৃতিৰ নৱ দিগন্তৰ সূচনা কৰিছিল। বিশেষকৈ বাঁওপন্থী চিন্তাধাৰাৰে পৰিপুষ্ট বুদ্ধিজীৱীসকলে ভাৰতীয় [ ১১৫ ] নৱপ্ৰজন্মক নৱদৃষ্টি প্ৰদান কৰিছিল। ইয়াৰ পাছত ১৯৩৮ চনত কলিকতাত দ্বিতীয়খন অধিৱেশন অনুষ্ঠিত হৈছিল। ১৯৪২ চনত দিল্লীৰ হাৰ্ডিং লাইব্ৰেৰীত কিষান চন্দৰক আহ্বায়ক হিচাপে লৈ তৃতীয়খন অধিৱেশন অনুষ্ঠিত হৈছিল। চতুৰ্থখন অধিৱেশন বোম্বাইত মনোৰঞ্জন ভট্টাচাৰ্যৰ সভাপতিত্বত অনুস্থিত হয়। উল্লেখযোগ্য যে এই অধিৱেশনত ভাৰতীয় গণনাট্য সংঘৰ (Indian People's Theatre Association - IPTA) গঠন হয়। ব্ৰিটিছৰাজৰ বিৰুদ্ধে জনসাধাৰণক সংস্কৃতিৰ যোগেদি সজাগ কৰাটোৱেই এই অনুস্থানৰ লক্ষ্য আছিল।

 এই অখিল ভাৰতীয় প্ৰগতিশীল লেখক সংঘ আৰু ভাৰতীয় গণনাট্য সংঘৰ সংগঠন সমগ্ৰ ভাৰতবৰ্ষতে বিয়পি পৰে আৰু ভাৰতবৰ্ষত সাহিত্য সংস্কৃতিৰ এক নৱজাগৰণৰ সূচনা আৰম্ভ হয়। পিছে অতি পৰিতাপৰ কথা যে ১৯২৫ চনৰ ২৬ ডিচেম্বৰত গঠিত হোৱা ‘ভাৰতৰ কমিউনিষ্ট পাৰ্টি’ (CPI)ৰ নেতৃত্বৰ দুৰ্বলতা, নীতিগত কাৰণত ১৯৬৪ চনৰ ৭ নৱেম্বৰত বিভাজন ঘটে। অন্যহাতেদি ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰাৰ পাছতে অনুস্থান দুটি ম্লান পৰি আহিবলৈ আৰম্ভ কৰে। অৱশ্যে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত প্ৰগতিশীল ধ্যান-ধাৰণা কমি যোৱা নাছিল। ‘প্ৰগতিশীল লেখক সংঘ’ নিষ্প্ৰভ হোৱাৰ পাছতো ভাৰতবৰ্ষৰ বিভিন্ন প্ৰদেশত ইয়াৰ বুনিয়াদৰ ভিত্তিতে প্ৰগতিশীল চিন্তা চৰ্চা চলি আছিল। গণনাট্য সংঘৰ ভূমিকাও আছিল অনন্য। অসমো ইয়াৰ ব্যতিক্ৰম নহয়। ভাৰতবৰ্ষই স্বাধীনতা গান্ধীবাদী অহিংস নীতিৰে লাভ কৰিছিল যদিও আপোচকামী এই স্বাধীনতা বহুবুদ্ধিজীৱীৰ বাবে আকাংক্ষিত স্বাধীনতা নাছিল। জনজীৱনৰ সপোনৰ অৰ্থনৈতিক আৰু সাংস্কৃতিক জগতত এই স্বাধীনতা বাধা হিচাপেহে থিয় হৈ উঠিছিল। দেশ বিভাজনৰ বিভীষিকাময় পৰিৱেশ, সাম্প্ৰদায়িক সংঘৰ্ষ, ৰাজনৈতিক অস্থিৰতাই বুদ্ধিজীৱীসকলক অধিক সক্ৰিয় কৰি তুলিছিল। অসমতো ভাৰতীয় গণনাট্য সংঘৰ উদ্যোগত হেমাংগ বিশ্বাস, জ্যোতি প্ৰসাদ আগৰৱালা, বিষ্ণু প্ৰসাদ ৰাভা, ভূপেন হাজৰিকা, সলিল চৌধুৰী অনেকেই ৰাজপথলৈ ওলাই আহিছিল। ‘প্ৰবাহ’, ‘নতুন অসম’ আদি সংবাদ পত্ৰ আৰু ‘ৰামধেনু’ আলোচনীয়েও প্ৰগতিশীল চিন্তাচৰ্চাৰ বাট কাটিবলৈ চেষ্টা কৰিছিল। ভাৰতবৰ্ষত ইন্দিৰা গান্ধীৰ দিনত ঘোষণা কৰা জৰুৰীকালীন অৱস্থাৰ (২৫ জুন, ১৯৭৫ চনৰ পৰা ২১ মাৰ্চ, ১৯৭৭ চন) আগতেই ‘নতুন পৃথিৱী’, ‘সাম্প্ৰতিক সাময়িকী’, ‘পদাতিক’, ‘অনুশীলন’, ‘গণশক্তি’, ‘কলাখাৰ’, ‘জনজীৱন’ আদিও সামাজিকভাৱে দায়বদ্ধ হৈ প্ৰগতিশীল চিন্তা-ধাৰণাৰে বিশেষকৈ মাৰ্ক্সীয় চিন্তাধাৰাৰে পুষ্ট এচাম বুদ্ধিজীৱীক উৎসাহিত কৰিছিল।

 ১৯৭৭ চনৰ জুলাই মাহৰ ৩ তাৰিখে প্ৰগতিশীল তিনিমহীয়া আলোচনী [ ১১৬ ] ‘নতুন পৃথিৱী’ৰ উদ্যোগত গঢ়ি উঠা ‘নতুন পৃথিৱী পৰিষদ'ৰ গুৱাহাটীৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনত এখনি সভা অনুস্থিত হয় আৰু সেই সভাতেই ‘নতুন পৃথিৱীৰ লগত জড়িত লেখক বুদ্ধিজীৱীসকলৰ সিদ্ধান্তমৰ্মে ‘নতুন সাহিত্য পৰিষদ, অসম নামৰ প্ৰগতিশীল সাহিত্য অনুষ্ঠানটি গঢ় লৈ উঠে আৰু অসমৰ প্ৰগতিশীল লেখকসকলক আকৌ এবাৰ একেলগে থিয় হ’বলৈ সুবিধা দিয়ে। ‘নতুন সাহিত্য পৰিষদ’ অসম অনুস্থানটিৰ সাংগঠনিক সমিতি গঠন কৰা হয়— যদিও দুয়োখনেই নতুনকৈ গঢ় লৈ উঠা অনুস্থানটিৰ সকলো প্ৰকাৰৰ উন্নতিৰ হকে কাম কৰাৰ সিদ্ধান্ত লয়। ‘নতুন সাহিত্য পৰিষদ, অসম’ৰ প্ৰথমখন ৰাজ্যিক কমিটি গঠন কৰা হৈছিল আৰু বিষয়ববীয়াসকল আছিল— সভাপতি দেৱপ্ৰসাদ বৰুৱা, সহকাৰী সভাপতি— ফণী গগৈ, সাধাৰণ সম্পাদক— তাৰক চন্দ্ৰ গোস্বামী, সহকাৰী যুটীয়া সম্পাদক— হীৰেন গগৈ আৰু বিপুল খাটনিয়াৰ, সদস্যসকল আছিল— দীনবন্ধু ঠাকুৰীয়া, চন্দ্ৰ শৰ্মা, মুনীন গোস্বামী, অনন্ত ডেকা, নিৰ্মল গগৈ, প্ৰফুল্ল শৰ্মা, মুনীন শৰ্মা, ডাঃ অনিল ভৰালী, মৃন্ময় সৰকাৰ, চন্দ্ৰমোহন শৰ্মা, মুকুট ভট্টাচাৰ্য, দুৰ্গেশ্বৰ ডেকা, মোহন কৃষ্ণ মিশ্ৰ, বিজন লাল চৌধুৰী, অনিল ৰায়চৌধুৰী, অজিত তালুকদাৰ, তোষেশ্বৰ চেতিয়া, শিৱনাথ বৰ্মন আৰু ধীৰেন মিশ্ৰ।

 সেই সময়ত অসম চিকিৎসালয়ৰ কিছু ছাত্ৰ বাঁওপন্থী আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈছিল। মাৰ্ক্সবাদী কমিউনিষ্ট পাৰ্টিৰ সৰ্বক্ষণ কৰ্মী হীৰেন গগৈয়ে ছাত্ৰসকলক পাঠদান কৰিছিল। অসমৰ বহু বাঁওপন্থী নেতা, বিধায়ক, বুদ্ধিজীৱীৰ সান্নিধ্য লাভৰ সুযোগ আমাৰ হৈছিল। জৰুৰীকালীন অৱস্থাৰ সেই দুঃসময় আমাৰ মাজত যেন সজীৱ হৈ আছে। হোষ্টেলত ভয়াৰ্ত পৰিৱেশ। ইতিমধ্যে মনোৰঞ্জন শৰ্মাক কাৰাৰুদ্ধ কৰি জেললৈ নিক্ষেপ কৰিলে। বহুতে আত্মগোপন কৰিলে। ডাঃ অনিল ভঁৰালী আদি কেইজনমানে অত্যন্ত সাৱধান হৈ সন্তৰ্পনে কাম-কাজ, যোগাযোগ কৰি আছিল। সেই অন্ধকাৰ দিন পাৰ হোৱাৰ পাছতে মুকলি মনেৰে কাম-কাজ কৰা সুবিধা হ’ল। এনে সময়তে ‘নতুন সাহিত্য পৰিষদ’ৰ আদৰ্শ, কৰ্মপন্থা আৰু সাংগঠনিক দিশ সম্পৰ্কে বিপুল খাটনিয়াৰৰ আমাৰ লগত চিঠি-পত্ৰৰ যোগেদি মতামত আলোচনাৰ আদান প্ৰদান হৈছিল। মোলৈ লেখা প্ৰতিখন চিঠিতে আছিল সাংগঠনিক দিশৰপৰা আৰম্ভ কৰি বাঁওপন্থীৰ চিন্তাৰ প্ৰসাৰ নতুবা লেখাৰ মাজেদি কেনেদৰে নান্দনিক ৰূপত শোষিতজনৰ চেতনা উদ্ৰেক কৰিব পাৰি ইত্যাদি গুৰুত্বপূৰ্ণ বিষয়। মাৰ্ক্সবাদী কমিউনিষ্ট পাৰ্টিৰ সৰ্বক্ষণ কৰ্মী হীৰেন গগৈয়ে দেশবিদেশৰ প্ৰগতিশীল লেখকসকলৰ শিল্প আৰু সাহিত্য সম্পৰ্কে থকা ধ্যান-ধাৰণাৰ ওপৰত আলোচনা কৰিছিল।

 গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈ বিপুল খাটনিয়াৰে [ ১১৭ ] ভূতত্ত্ববিদ হিচাপে অসম চৰকাৰৰ চাকৰি লৈ চাকৰিৰ খাতিৰতে অসমৰ পৰ্বত, ভৈয়াম আদি বিভিন্ন স্থানলৈ যাব লগা হৈছিল যদিও বুকুত বান্ধি লৈ গৈছিল যেন ‘নতুন সাহিত্য পৰিষদ’ৰ জীউটো। আগতেই কৈছোঁ যে ‘নতুন সাহিত্য পৰিষদ’ৰ জন্মলগ্নৰে পৰা জড়িত বিপুল খাটনিয়াৰে ১৯৮১ চনত গুৱাহাটীত অনুস্থিত হোৱা নতুন সাহিত্য পৰিষদৰ প্ৰথম ৰাজ্যিক সন্মিলনত যুটীয়া সম্পাদক, ১৯৮৪ চনত নলবাৰীত অনুস্থিত হোৱা দ্বিতীয় ৰাজ্যিক সন্মিলনত যুটীয়া সম্পাদক, ১৯৮৬ চনত গুৱাহাটীত অনুস্থিত তৃতীয় ৰাজ্যিক সন্মিলনত যুটীয়া সম্পাদক, ১৯৮৮ চনত অনুস্থিত ঘিলামৰা অধিৱেশনত সহকাৰী সম্পাদক, ১৯৯০ চনত নামৰূপত অনুস্থিত অধিৱেশনত কাৰ্যালয় সম্পাদক, ১৯৯২ চনত অনুস্থিত বিশ্বনাথ চাৰিআলিত অনুস্থিত অধিৱেশনত সম্পাদক, ১৯৯৪ চনত লংকাত অনুস্থিত অধিৱেশনত সম্পাদক, ১৯৯৬ চনত গুৱাহাটীত অনুস্থিত গুৱাহাটী অধিৱেশনত সহঃ সম্পাদক, ১৯৯৮ চনত সৰভোগত অনুস্থিত অধিৱেশনত কোষাধ্যক্ষ, ২০০১ চনত ডিগবৈত অনুস্থিত অধিৱেশনত কাৰ্যালয় সম্পাদক, ২০০৪ চনত গুৱাহাটীত অনুস্থিত (ৰূপালী জয়ন্তী বৰ্ষ) অধিৱেশনত কাৰ্যালয় সম্পাদক, ২০০৯ চনত শিৱসাগৰত অনুস্থিত অধিৱেশনত কোষাধ্যক্ষ, ২০১১ চনত গোলাঘাটত অনুস্থিত অধিৱেশনত কোষাধ্যক্ষ হিচাপে গুৰুত্বপূৰ্ণ পদত অধিস্থিত হৈ নিয়াৰিকৈ সংগঠনৰ বৃহত্তৰ স্বাৰ্থত কাৰ্য সম্পাদন কৰি গৈছিল।

 সত্তৰ দশকটো বিশ্ব ৰাজনীতিৰ এটা উল্লেখযোগ্য বছৰ। পৃথিৱীৰ বিভিন্ন দেশৰ লগতে ভাৰত তথা অসমকো অস্থিৰ ৰাজনৈতিক বাতাবৰণে সমানেই স্পৰ্শ কৰি গৈছিল। মাৰ্ক্সীয় দৰ্শনেৰে পৰিপুষ্ট এচাম ডেকাই সমাজ পৰিৱৰ্তনৰ স্বপ্ন লৈ হাতৰ কলমটোকে তৰোৱালৰ দৰে শাণিত কৰিছিল। জনসাধাৰণৰ শ্ৰেণী চেতনা জাগ্ৰত কৰিবলৈ সাহিত্য সংস্কৃতিৰ যোগেদি নতুন পৃথিৱীৰ সন্ধান দিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈছিল। অন্যহাতেদি জৰুৰীকালীন অৱস্থাই ভাৰতবৰ্ষৰ সকলোশ্ৰেণীৰ লোকৰ গণতান্ত্ৰিক অধিকাৰ, সংবিধান প্ৰদত্ত অধিকাৰ, আইন প্ৰদত্ত অধিকাৰ খৰ্ব কৰাৰ উপৰিও ফেচীবাদী নিকৃষ্ট পন্থাৰে প্ৰতিবাদী সকলৰ কণ্ঠৰুদ্ধ কৰাই নহয় কাৰাৰুদ্ধও কৰিছিল। তেনে সময়তে বিপুল খাটনিয়াৰে অন্যান্য প্ৰগতিশীল লেখকসকলৰ লগতে সাহিত্য জগতত প্ৰৱেশ কৰিছিল। সাহিত্য পৰিষদৰ সুদীৰ্ঘদিন গুৰুত্বপূৰ্ণ বাব লৈ সাংগঠনিক দক্ষতা, নতুন সাহিত্যৰ প্ৰতি থকা ঐকান্তিকতা আৰু নিজৰ আদৰ্শৰ প্ৰতি থকা গভীৰ আস্থা আৰু উৎসৰ্গিত প্ৰাণৰ সম্ভেদ আমৃত্যু তেওঁৰ লেখনিৰ মাজেদি তিৰবিৰাই জিলিকি থাকিব।

 তেখেতে নিজৰ সঘনাই বদলি হৈ থকা চাকৰি, নতুন সাহিত্য পৰিষদৰ [ ১১৮ ] গুৰুত্বপূৰ্ণ দায়িত্ব কান্ধপাতি লৈও নিৰবচ্ছিন্নভাৱে সাহিত্যচৰ্চা কৰি গৈছিল। খাটনিয়াৰে সত্তৰ দশকতে গল্পৰ যোগেদি অসমীয়া সাহিত্য জগতত প্ৰৱেশ কৰিছিল। ১৯৮০ চনত প্ৰকাশিত ‘খোজৰ শব্দ 'ই আছিল তেখেতৰ প্ৰথম গল্প সংকলন। এই গল্প সংকলনখনিত ১৯৭৪-১৯৭৮ চনৰ ভিতৰত লিখিত ৮টা গল্প সন্নিবিষ্ট হৈছে।‘খোজৰ শব্দ'ই অসমীয়া সাহিত্য জগতত এক নতুন পথত এক নতুন খোজৰ শব্দৰ সন্ধান দিছিল। খাটনিয়াৰৰ ভাষাৰ ওপৰত থকা দখল, নিপীড়িত নিৰ্যাতিত সাধাৰণ খাটি খোৱা মানুহৰ প্ৰতি সহমৰ্মিতা, দায়বদ্ধতা তথা সহানভূতিয়েই নহয় তেওঁলোকৰ শ্ৰেণী সচেতনতা আৰু শ্ৰেণীদ্বন্দ্বৰ ৰেঙণিয়ে এই পথ প্ৰোজ্জ্বল কৰি তুলিছিল। তদুপৰি সাধাৰণ শ্ৰেণীৰ মাত-কথা আয়ত্ত কৰি তেওঁলোকৰ ভাষা চিন্তাৰে প্ৰতিটো চৰিত্ৰ আটোলটোলকৈ গঢ়ি তুলি এক অনন্য অগতানুগতিক আঙ্গিকেৰে গল্পসমূহ নিৰ্মাণ কৰিছিল। ইয়াৰ পাছৰপৰা তেখেতৰ নিৰবচ্ছিন্নভাৱে নিজৰ দৰ্শনৰপৰা বেঁওচনীয়া নকটাকৈ গল্প, উপন্যাসিকা লেখি গৈছিল। তেওঁৰ চিন্তাধাৰা, দৰ্শন ‘খোজৰ শব্দ’ পুথিখনৰ ‘উৎসৰ্গা’তে পৰিস্ফূত হৈছে... “সেইসকলৰ প্ৰতি যাৰ উন্নত শিৰ নত হোৱা নাই, যাৰ গণমুখী কৰ্ম প্ৰেৰণা আবেগৰ বা-মাৰলীত খেৰকুটাৰ দৰে উৰি যোৱা নাই, হেজাৰ অপমান, লাঞ্চনা আৰু পশুবৎ অত্যাচাৰতো যাৰ খোজৰ শব্দ— সাউদ বনিকৰ দেশপ্ৰেমৰ ডিঙামুখী হোৱা নাই...।” বিপুল খাটনিয়াৰৰ অন্যান্য প্ৰকাশিত গল্পসংকলন সমূহ হ’ল— চিনাকি মুখৰ ছবি (১৯৯৫), দখাৰ (১৯৯৯), তাই কাপোৰ নিপিন্ধে (২০০২), ভিন্ন জীৱন ভিন্ন কথকতা (২০০৯), চিনাকি মুখ অচিনাকি ছবি (২০১০), আৰু ঘঁৰিয়ালডাঙাৰ কথা (২০১৬)। ইয়াৰোপৰি বিভিন্ন আলোচনী, কাকতত তেখেতৰ সংকলনত সন্নিবিষ্ট নোহোৱা বহু গল্প সিঁচৰতি হৈ আছে। বিপুল খাটনিয়াৰে সম্পাদনা কৰা গ্ৰন্থসমূহ হ'ল— সাহিত্য নিৰ্মাণ প্ৰসংগ, সূৰ্য ঢকা মেঘ (২০০৯), স্মৃতিলেখা (অনিল ৰায়চৌধুৰী), হেমাংগ বিশ্বাস (পৰমানন্দ মজুমদাৰৰ স’তে)।

 ১৯৫৩ চনত তিনিচুকীয়াৰ দেওশাল চাহ বাগিচাত জন্ম লাভ কৰা বিপুল খাটনিয়াৰে ভূতত্ববিদ হিচাপে চাকৰি কৰি শেষত গুৱাহাটীতে নিগাজীকৈ থাকিবলৈ লয়। মুখত এমুখ দাঁড়িৰে অধ্যয়নশীল খাটনিয়াৰৰ হৃদয়খন আছিল কোমল। আদৰ্শত আছিল অটল। চিকিৎসা মহাবিদ্যালয়ত অধ্যয়নৰত দিনৰেপৰা খাটনিয়াৰক লগ পাইছিলোঁ— আমাৰ মাজত সঘনাই চিঠিপত্ৰৰ আদান প্ৰদানো হৈছিল। সমগ্ৰ অসমতে ‘নতুন সাহিত্য পৰিষদ’ৰ শাখা প্ৰতিষ্ঠা কৰা, প্ৰতিটো শাখাৰপৰা মুখপত্ৰ উলিওৱা ক্ষেত্ৰত তেখেতৰ উৎসাহ উদ্দীপনাই শাখাবিলাক গতিশীল আৰু উজ্জীৱিত কৰি ৰাখিছিল। শাখাৰ মুখপত্ৰবিলাক যে নতুন লেখকৰ কচৰৎ ক্ষেত্ৰ, সেই উদ্দেশ্য [ ১১৯ ] আগত ৰাখিয়েই প্ৰগতিশীল সাহিত্যৰ ধ্যান-ধাৰণাৰে পুষ্ট সমগ্ৰ অসমতে এচাম প্ৰগতিশীল লেখক সৃষ্টিৰ নতুন সাহিত্য পৰিষদৰ যি পৰিকল্পনা— খাটনিয়াৰেও সেই উদ্দেশ্য সফলকাম কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিল।

 ৰাজ্যিক সন্মিলনবোৰতো বিপুল খাটনিয়াৰে নিজৰ দায়িত্বৰ উপৰি ৰাজ্যৰ বিভিন্ন শাখাৰপৰা অহা প্ৰতিনিধিসকলৰ লগত আলাপ-আলোচনা কৰিছিল, শুশ্ৰূষা কৰিছিল। সুৰুঙা উলিয়াই ৰন্ধা-বঢ়া, খোৱা-বোৱাৰ ক্ষেত্ৰতো চকু ৰাখিছিল। নতুন সাহিত্য পৰিষদে এক নতুন গতি লাভ কৰিব পাৰে তাৰো চিন্তা-চৰ্চা কৰি কথা-বাৰ্তা হৈছিল।

 ব্যক্তি হিচাপেও তেওঁৰ লগত মোৰ সু-সম্পৰ্ক আছিল। কাৰ্বি আংলঙত চাকৰি কৰি থাকোঁতে ফুলি থকা কপৌফুলৰ গছএজোপা মোলৈ আনিছিল। আজিও কপৌফুল জোপা বসন্ত ঋতুত ফুলে। প্ৰতিপাহ ফুলে মোক সোঁৱৰাই দিয়ে বিপুলৰ নিৰ্মল হৃদয়ৰ মুখখন— সেই আপুৰুগীয়া হাঁহিটো।

 দীৰ্ঘদিন অসুস্থতাৰ অন্তত বিপুল খাটনিয়াৰৰ দেহাৱসান হ’ল। মৃত্যুৰ আগদিনা তেওঁৰ সামান্য মাত ওলাইছিল।

 —চিনি পাইছেনে?

 — পাইছোঁ। অস্ফুট কণ্ঠেৰে অতি কষ্টেৰে যেন কথা পাতিলে।

 —ভাল হ’ব, ভাল হ’ব চিন্তা নকৰিব। নিৰ্মমভাৱে মিছা আশ্বাসেৰে কথাখিনি কৈ মই আকৌ ফোন কৰাৰ আশ্বাস দি ফোনটো ৰাখিলোঁ।

 অসমৰ প্ৰগতিশীল সাহিত্যৰ অন্যতম বলিষ্ঠ কথাশিল্পী বিপুল খাটনিয়াৰৰ অকাল বিয়োগে অসমীয়া সাহিত্য জগতৰ বিশেষকৈ প্ৰগতিশীল ধাৰাটোৰ অপূৰণীয় ক্ষতি কৰিলে। খাটনিয়াৰ কেৱল লেখকেই যে আছিল তেনে নহয়— এজন সাহিত্য সংগঠকো আছিল। উন্নত শিৰ নত নোহোৱা লেখকজনৰ সৃষ্টিৰাজিৰ প্ৰকৃত মূল্যায়ন হোৱা নাই। এইক্ষেত্ৰত তেখেত প্ৰায় এলাগী হৈয়ে থাকিল।

 আজিৰ দেশৰ ৰাজনৈতিক, সামাজিক তথা সাংস্কৃতিক পৰিৱেশ অতি বিপদজনকভাৱে অস্থিৰ হৈ পৰিছে। এনে পৰিপ্ৰেক্ষিতত প্ৰগতিশীল সাহিত্যকৰ্মী আৰু সংগঠনৰ ভূমিকা, দায়বদ্ধতা স্বীকাৰ কৰি গতিশীল কৰাৰ সময় আহি পৰিছে। নতুন প্ৰজন্মক উৎসাহিত কৰা, নতুন দৃষ্টিভঙ্গীৰে সমাজক চোৱাৰ দৃষ্টি প্ৰসাৰিত কৰাৰ দায়িত্ব প্ৰতিজন প্ৰগতিশীল বুদ্ধিজীৱীৰ। সেয়েহে বিপুল খাটনিয়াৰৰ ৰচনাৰাজি একত্ৰিত কৰি প্ৰকাশ কৰা আৰু প্ৰকৃত মূল্যায়নৰ প্ৰাসংগিকতা ইয়াতেই নিহিত হৈ আছে।❐

(লেখক এগৰাকী বিশিষ্ট গল্পকাৰ) [ ১২০ ]

অসমীয়া প্ৰগতিশীল সাহিত্যৰ পথিকৃত

অনন্ত কলিতা

অসম আন্দোলনৰ ভৰপক সময়ত অৰ্থাৎ ১৯৮০ চনৰ পৰা ৮৩ চন মানলৈ বিপুল খাটনিয়াৰক অতি ঘনিষ্ঠভাৱে পাইছিলোঁ। তেওঁ মোৰ বাসভৱনৰ কাষৰ ঘৰটো ভাড়াত লৈ তেওঁৰ দুজন সহকৰ্মীৰ সৈতে বাস কৰিছিল। বিপুল খাটনিয়াৰ মোৰ দৃষ্টিত সহজ-সৰল লোক আছিল আৰু থাকিছিলোঁ খুব সাধাৰণভাৱে৷ মই লক্ষ্য কৰিছিলোঁ খাটনিয়াৰ অতি অনুসন্ধিৎসু মনৰ লোক আছিল। খাটনিয়াৰৰ আলোকচিত্ৰখনে সৰল, উদাৰ, নিৰ্জু, নিষ্ঠাৱান লোকৰ ধাৰণাটোকে প্ৰকাশ কৰে। চাহবাগানত জন্মগ্ৰহণ কৰা বিপুল খাটনিয়াৰে নিজ চকুৰে দেখিছে শ্ৰেণীভেদৰ বৈষম্য, স্বাৰ্থতন্ত্ৰৰ নিদাৰুণ যথেচ্ছাৰ। প্ৰতিযোগী জীৱন-যাত্ৰাৰ অহৰহ দ্বন্দ্বই ক্ষত-বিক্ষত কৰা সেই গণতন্ত্ৰৰ ধৰ্মটোৱে খাটনিয়াৰক মাৰ্ক্সবাদৰ প্ৰতি আকৰ্ষিত কৰিছিল আৰু মাৰ্ক্সবাদী হৈয়েই আছিল মৃত্যুৰ দিনালৈকে। কিন্তু এজন গল্পকাৰ হিচাপে সামাজিক সাধ্য আৰু সাৰ্থকতাক বাদ দি তেওঁ কেতিয়াও ৰাজনীতিৰ তাৎপৰ্য্য বিচৰা নাছিল। তেওঁৰ লিখনি যুক্তিসংযম সত্যৰ দ্বাৰা সুনিৰ্দিষ্ট আকাৰবদ্ধ। ৰাজনীতিৰ লগত শিল্প-সাহিত্যৰ কোনো বিৰোধ নাই। ৰবীন্দ্ৰনাথ ঠাকুৰ বা কাজী নজৰুল ইছলাম কোনো ৰাজনৈতিক দলৰ লগত যুক্ত নথকাকৈ পথত নামি ৰাজনীতি কৰিছিল। নজৰুলে এবাৰ নিৰ্বাচনত থিয় হৈছিল, কিন্তু ৰবীন্দ্ৰ নাথে কেতিয়াও ৰাজনৈতিক নেতা হ’ব খোজা নাছিল, যদিও তেখেতৰ ক্ষুৰ্ধাৰ লিখনিয়ে ব্ৰিটিছ পাৰ্লামেণ্টক তথা সমস্ত বিশ্বৰ ফেচিবাদী শক্তিক কঁপাই তুলিছিল। দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হোৱাৰ পাছত ভাৰতীয় গণনাট্য সংঘ প্ৰতিষ্ঠিত হৈছিল। পণ্ডিত ৰবিশংকৰৰ সুৰেৰে ইকবালৰ লেখা ‘ছাৰে জাঁহাছে আচ্ছা’ গানটো ভাৰতীয় গণনাট্য সংঘৰ উদ্বোধনী গীত হিচাপে গোৱা হৈছিল। মুম্বাই আৰু কলকতাৰ চিত্ৰজগতৰ বন্ধু শিল্পী, সংগীত পৰিচালক, থিয়েটাৰ জগতৰ বহু অভিনেতা-অভিনেত্ৰী ক’বলৈ গ’লে এক সংখ্যাগৰিষ্ঠ অংশ ভাৰতীয় গণনাট্য [ ১২১ ] সংঘৰ লগত যুক্ত হৈছিল। কিন্তু ভাৰতীয় গণনাট্য সংঘ এটা নিৰ্দিষ্ট মতাদৰ্শক লৈ গঠিত হৈছিল আৰু সেয়া আছিল কমিউনিষ্ট মতাদৰ্শ; সেই কথা জানিও কোনেও বিতৰ্ক কৰা নাছিল।

 বিপুল খাটনিয়াৰেও এক ৰাজনৈতিক মতাদৰ্শৰ ভিত্তিত গল্প ৰচনা কৰিছিল। বিপুল খাটনিয়াৰৰ চিন্তাধাৰা আছিল বস্তুবাদী। বস্তুবাদী চিন্তাৰ ক্ষেত্ৰত কাৰ্ল মাৰ্ক্সে কৈছিল, “মানুহে তেওঁলোকৰ জীৱনৰ সমাজ-সংগঠিত উৎপাদন কৰিবলৈ পৰস্পৰৰ লগত বিশেষ সম্পৰ্কত জড়িত হয়। এই সম্পৰ্কসমূহ মানুহৰ নিজৰ নিজৰ ইচ্ছামতে নহয়, এইসমূহৰ উৎপাদন সম্পৰ্ক বস্তুগত শক্তিবোৰ যি বিশেষ স্তৰত থাকে, উৎপাদন-সম্পৰ্কবোৰ সেই সেই স্তৰৰ অনুযায়ী হয়। এইসমূহ উৎপাদন সম্পৰ্কৰ মুঠ যোগফল হ’ল সমাজৰ অৰ্থনৈতিক আন্তঃগাঁথনি। এইটোৱে হ’ল সমাজৰ যথাৰ্থ বুনিয়াদ। আইনৰ বিধি-বিধান আৰু ৰাষ্ট্ৰীয় ব্যৱস্থা যেন এই বুনিয়াদৰ ওপৰত এক ইমাৰত। সামাজিক চেতনাৰ বিশেষ বিশেষ ধৰণসমূহ হয় এই ইমাৰত অনুযায়ী। বস্তুগত জীৱনৰ উৎপাদনৰ প্ৰণালী মানুহৰ সামাজিক-ৰাজনৈতিক আৰু বুদ্ধিগত জীৱন ক্ৰীড়াক সাধাৰণভাৱে নিৰ্ধাৰণ কৰে। মানুহৰ চেতনাই যে তেওঁলোকৰ সত্তাক নিৰ্ধাৰণ কৰে সেইটো নহয়, ইয়াৰ ওলোটাটোৱে সঠিক— তেওঁলোকৰ সামাজিক সত্তাই তেওঁলোকৰ চেতনাক নিৰ্ধাৰণ কৰে। এখন সমাজত উৎপাদনৰ বস্তুগত শক্তিবোৰৰ বিকাশ ঘটি ঘটি এনে এটা স্তৰত উপনীত হয় যেতিয়া সেই সময়ৰ স্থিত উৎপাদন সম্পৰ্কবোৰৰ লগত এই উৎপাদন শক্তিবোৰৰ দ্বন্দ্ব দেখা দিয়ে।” বিপুল খাটনিয়াৰৰ গল্পৰ বুনিয়াদ আছিল উক্ত তত্ত্ব। সমাজৰ এই দ্বন্দ্ববোৰ বস্তুবাদী চিন্তাধাৰাৰে তেখেতে অতি উচ্চস্তৰৰ ভাষাৰে গল্পত পৰিণত কৰিছিল। খাটনিয়াৰৰ গল্পৰ ভাষা সঁচাকৈয়ে লালিত্যপূৰ্ণ। লেখাৰ আগে সকলো লেখকেই তেওঁৰ পূৰ্বসূৰীসকলৰ প্ৰতি এটা মনোভাব থিক কৰি লয়। তাৰ পৰা কোনো কোনোৱে কিছু গ্ৰহণ কৰে, কিছু বৰ্জন কৰে। বিপুল খাটনিয়াৰেও অনেক বিশ্ববৰেণ্য গল্পকাৰৰ গল্প পঢ়িছিল তেওঁৰ লিখনি আৰম্ভ কৰাৰ আগতে। খাটনিয়াৰে তেওঁৰ ‘হাৱা ভাল চলা নাই’ শিৰোনামাৰ গল্প সংকলনখনৰ ‘গল্পকাৰৰ একাষাৰ'ত লিখিছে, “মোৰ ক্ষেত্ৰত, গল্প এটা যে প্ৰথমে ‘গল্প’ হ’বই লাগিব, এই দিশটোৰ প্ৰতি সচেতন হওঁতেই বহুত সময় উকলি যায়। পাছলৈ বিশ্বৰ ‘সেৰা’ গল্প কিছুমানৰ উদ্দেশ্যপূৰ্ণ অধ্যয়নে আকৌ ৰচনা ৰীতিৰ নিৰ্দেশ দিয়াৰ লগতে ‘ভাল’ আৰু ‘শক্তিশালী’ গল্পৰ মাজৰ ব্যৱধানৰ প্ৰতিও স্বাভাৱিকতে সচেতন কৰি তোলে। যেন এতিয়াহে মগজুৱে ঢুকি পায়, গল্প লিখাটো দৰাচলতে মামুলি কথা নহয়। এটা গল্প ভাল গল্প হৈও শক্তিশালী [ ১২২ ] নহ’ব পাৰে, শক্তিশালী সৃষ্টি এটা কিন্তু ভাল হ’বলৈ বাধ্য। পাঠকক ৰসদান কৰা, হৃদয় জয় কৰা আৰু অনুপ্ৰাণিত কৰাৰ লগতে ই নিজেই এক সামাজিক সম্পদত পৰিণত হয়।”

 এই পটভূমিতে শ্ৰেণী চেতনা আৰু মানৱীয়তা বিপুল খাটনিয়াৰ সৃষ্টিৰ প্ৰেৰণা৷ তেওঁৰ আৰ্থ-সামাজিক উপলব্ধি আৰু ৰাজনৈতিক প্ৰত্যয়ৰ প্ৰত্যক্ষ অভিজ্ঞান গল্পবোৰত সাৱলীলভাৱে প্ৰতিফলিত কৰাইছে। বিপুল খাটনিয়াৰৰ গল্প নিৰ্মাণ কৰাৰ চিন্তাধাৰাৰ লগত মেক্সিম গৰ্কিৰ চিন্তাধাৰাৰ মিল পোৱা যায়। মেক্সিম গৰ্কিয়ে তেওঁৰ ‘How I leam to write’ গ্ৰন্থখনত লিখিছে, “চৰিত্ৰ আৰু প্ৰতীক সৃষ্টি কৰিব বিচৰা সাহিত্য সৃষ্টিৰ কাৰণে কল্পনা আৰু অন্তৰ্দৃষ্টিৰ প্ৰয়োজন। এজন দোকানী, এজন চৰকাৰী কৰ্মচাৰী বা এজন শ্ৰমিকৰ চৰিত্ৰ চিত্ৰিত কৰোঁতে সাহিত্যিকজনে যদি অকল এজন তেনে মানুহৰ হুবহু জীৱনটোৰ বৰ্ণনা কৰে, তেন্তে সেইটো কেৱল এখন ফটোগ্ৰাফেই হ’ব, তাত কোনো সামাজিক গুৰুত্ব নাথাকে আৰু তাৰ দ্বাৰা মানুহ বা জীৱন সম্পৰ্কে কোনো জ্ঞান বৃদ্ধি হ’ব নোৱাৰে। কিন্তু সাহিত্যিকে যদি তেনে বিশ-পঁচিশ বা এশজন দোকানী, কৰ্মচাৰী বা শ্ৰমিকৰ শ্ৰেণীচৰিত্ৰ, অভ্যাস, ৰুচি, ভাৱধাৰা, বচনভংগী, দুখ-কষ্ট, অভাৱ-অভিযোগ আদি অধ্যয়ন কৰি এই আটাইবোৰতে বিশেষত্ববিলাকৰ ধাৰাখিনিক আৰোপ কৰি এজন দোকানী, এজন কৰ্মচাৰী বা এজন শ্ৰমিকৰ চৰিত্ৰ সৃষ্টি কৰিব পাৰে, তেন্তে সেইটোৱে হ’ব এটা ‘প্ৰতীক’ আৰু সেয়া কলা। সাহিত্যিকৰ সুদূৰপ্ৰসাৰী পৰ্য্যবেক্ষণ আৰু তেওঁ মানৱ জীৱন সম্বন্ধে থকা অভিজ্ঞতাৰ প্ৰাচুৰ্য্যই সাহিত্যিকক যিকোনো তথ্য সম্বন্ধে থকা তেওঁৰ ‘মনোগত’ দৃষ্টিভংগীকে আঁতৰাই দিয়ে। সমসাময়িক সমাজৰ সমস্যা, দুখ-যন্ত্ৰণাৰ বেদনাবোৰ আৰু সেইবোৰ সমাধানৰ এটা বাণী নাথাকিলে প্ৰকৃত সাহিত্যৰ সৃষ্টি হ’ব নোৱাৰে।” ৰবীন্দ্ৰ নাথেও কৈছিল, “মানুষেৰ সঙ্গে মানুষেৰ যে লক্ষ লক্ষ সম্পৰ্কসূত্ৰ আছে, যাৰ দ্বাৰা প্ৰতিনিয়ত আমৰা শিকডেৰ মতো বিচিত্ৰ ৰসাকৰ্ষণ কৰচি, সে গুলিৰ জীৱনীশক্তি বাড়িয়ে তোলা, তাৰ নতুন নতুন ক্ষমতা আবিষ্কাৰ কৰা চিৰস্থায়ী মনুষ্যত্বেৰ সঙ্গে আমাদেৰ যোগ সাধন কৰে ক্ষুদ্ৰ মানুষকে বৃহৎ কৰে তোলা সাহিত্য এখন কি কৰে আমাদেৰ মানুষ কৰেছে।” বিপুল খাটনিয়াৰে তেওঁৰ গল্পবোৰত মেক্সিম গৰ্কি আৰু ৰবীন্দ্ৰ নাথে কোৱাৰ দৰে বহু কষ্ট কৰি তেওঁৰ গল্পৰ প্লটৰ সমাজখনৰ লোকসকলৰ জীৱন, ভাষা, সংস্কৃতি, স্বভাৱ অধ্যয়ন কৰি লৈছিল। চৰ-চাপৰিৰ ভাষা, কামৰূপী ভাষা, কাৰ্বি, বড়ো ভাষা, জনজাতিসকলৰ জীৱন প্ৰণালী তেওঁলোকৰ সৰলতা আদিবোৰ আয়ত্ত কৰি লৈছিল। খাটনিয়াৰে সত্যৰ সন্ধান [ ১২৩ ] কৰিছিল— মানুহৰ জীৱনৰ সত্য। অনেকবোৰ অসংগতিৰ অৰ্থ বিচাৰিছিল। জীৱনৰ মাজত অনেক জটিলতাৰ মানে বিচাৰিছিল। এইবোৰৰ অৰ্থ বিচাৰি বিচাৰি তেওঁৰ গল্পৰ সমাজখনৰ আভ্যন্তৰীণ অংশত সোমাই পৰিছিল। মোৰ দৃষ্টিত খাটনিয়াৰৰ গল্পত ৰোমাণ্টিক ভাব অৰ্থাৎ কল্পনাপ্ৰৱণতা আবেগবহুল ভাবেৰে সৃষ্টি কৰিছিল। ৰোমাণ্টিকতাবাদ সাহিত্য বা গল্প সম্পৰ্কত সুনিৰ্দিষ্ট মতবাদ, এটা পৰিভাষিক শব্দ। সেইটো জগত আৰু জীৱন সম্বন্ধে এক বিশেষ দৃষ্টিভংগী— যিটো সাহিত্যত প্ৰতিফলিত হৈ বিশেষ সাহিত্যিক দৃষ্টিভংগী হিচাপে স্বীকৃতি পাইছে। ক্ৰিষ্টোফাৰ কডওৱেলে লিখিছিল যে শিল্প-সাহিত্যই মানুহৰ অজ্ঞাতসাৰে এওঁলোকৰ মানসিক অনুভূতিসমূহক সংগঠিত কৰি সংগঠনত পৰিণত কৰে। ই এম এছ নাম্বুদিৰিপাব্দে কৈছিল যে ‘সংস্কৃতিৰ দুটা দিশ আছে – এটা আবেগনিৰ্ভৰ আৰু এটা যুক্তিনিৰ্ভৰ, আৰু কবিতা, গান, নাটক মুখৰ আবেগনিৰ্ভৰ।’ খাটনিয়াৰৰ গল্প তেওঁৰ মানসিক অনুভূতিসমূহ বহুক্ষেত্ৰত আবেগনিৰ্ভৰ হ'লেও মূলতঃ যুক্তিনিৰ্ভৰতাই প্ৰকাশ পাইছে। বিপুল খাটনিয়াৰৰ গল্পত অসমীয়া গল্প-সাহিত্যৰ গতানুগতিক পৰিচিত বিষয়বস্তু আৰু ইয়াৰ উত্থাপনভংগী অতিক্ৰম কৰি এক সুকীয়া ভংগী সৃষ্টিৰ প্ৰচেষ্টা প্ৰতিফলিত হয়। শ্ৰেণীচেতনা আৰু মানৱীয়তা খাটনিয়াৰৰ সৃষ্টিৰ বাবে প্ৰেৰণা। তেওঁৰ আৰ্থ-সামাজিক উপলব্ধি আৰু ৰাজনৈতিক প্ৰত্যয়ৰ যি প্ৰত্যক্ষ অভিজ্ঞান, গল্পবোৰত ইয়াৰে স্পষ্ট প্ৰতিফলন। খাটনিয়াৰৰ গল্পৰ ভাষা গাঁথনি আৰু চৰিত্ৰ ৰূপায়ণৰ দিশবোৰ অদ্বিতীয়। অসমৰ সাহিত্যজগতৰ বিখ্যাত গল্পকাৰ ত্ৰৈলোক্য নাথ গোস্বামী, হোমেন বৰগোহাঞি, মামণি ৰয়ছম গোস্বামী, সৌৰভ কুমাৰ চলিহা, যোগেশ দাস, মহিম বৰা, ভবেন্দ্ৰ নাথ শইকীয়া, ছৈয়দ আব্দুল মালিক, শীলভদ্ৰৰ পৰৱৰ্তী প্ৰজন্মৰ গল্পকাৰসকলৰ ভিতৰত অন্যতম শ্ৰেষ্ঠ গল্পকাৰ বিপুল খাটনিয়াৰ, শ্ৰেষ্ঠতম বুলি ক’লেও বঢ়াই কোৱা নহ'ব। বিপুল খাটনিয়াৰে অসমৰ সাহিত্য সভাৰ সুঁতিটোৰ পৰা আঁতৰি থাকি প্ৰগতিশীল সাহিত্যৰ সুঁতিৰ লগত থকা কাৰণে তেওঁ প্ৰাপ্য সম্মান বা অসমীয়া বুৰ্জোৱা মূলসুঁতিৰ প্ৰসিদ্ধ গল্পকাৰ হৈ নুঠিল, প্ৰচাৰো তেনেকুৱাকৈ নহল যিদৰে প্ৰসিদ্ধ হ’ল খাটনিয়াৰতকৈ অনেক নিম্নমানৰ গল্প লেখকসকল। সেয়ে কৈছোঁ, বঢ়াই কোৱা নহ’ব যদিহে কোৱা হয় খাটনিয়াৰৰ প্ৰজন্মৰ গল্পকাৰসকলৰ ভিতৰত তেওঁ শ্ৰেষ্ঠতম গল্পকাৰ। সংস্কৃতিৰ ভিত্তি সমাজ, কিন্তু সংস্কৃতি সম্পূৰ্ণ নতুন এটা quality। জড় অৱস্থাৰ পৰা জীৱন যেনেকৈ উৎপন্ন হয় সেইটো এটা নতুন qualityৰ সৃষ্টি হয় আৰু সেয়ে ইয়াৰ বিচাৰৰ মাপকাঠি ভিন্ন। আৰু সেয়ে ইয়াত যান্ত্ৰিক জড়বাদ আৰু গতিশীল জড়বাদ অনেকভাৱে ভিন্ন। সেয়ে আমাৰ [ ১২৪ ] মতে প্ৰগতিবাদী চিন্তাধাৰাৰ সাহিত্যিক সকলে সংস্কৃতি কিভাবে সমাজৰ মুখাপেক্ষী সেই আলোচনা কৰিব। যেনে, বিপুল খাটনিয়াৰে সমাজখনক তেওঁৰ গল্পত যিধৰণে প্ৰসংগ আৰু আংগিকৰ দিশত বান্ধি দিছে। খাটনিয়াৰ ভাল বা শ্ৰেষ্ঠ গল্পকাৰ অথবা বেয়া বা নিম্নস্তৰৰ গল্পকাৰ সেইটো বিচাৰ কৰিবলৈ আমাৰ মৌলিক সমাজখনৰ স্তৰত (যিটো এক নতুন quality) আহিব লাগিব। ফলত প্ৰতিফলিত হয় যে খাটনিয়াৰৰ এনেকুৱা এক শক্তি আছিল যিটোৰে তেওঁ এনেধৰণৰ গল্প সৃষ্টি কৰিবলৈ সক্ষম হ’ল অথবা এটা বিশেষ প্ৰসংগ আৰু আংগিকৰ সাৰ্থক সন্মিলন ঘটালে। খাটনিয়াৰে পোৱা সমাজখনৰ পাৰিপাৰ্শ্বিকতা অনেকেই পাইছিল, কিন্তু এই পাৰিপাৰ্শ্বিকতাত খাটনিয়াৰে যেনেকৈ প্ৰসংগ আৰু আংগিকৰে গল্প সৃষ্টি কৰিলে আন গল্পকাৰে পৰা নাই। সমাজ চেতনা আৰু সমাজ পুনৰ্গঠনৰ কল্পনা খাটনিয়াৰৰ গল্পত বিচিত্ৰভাৱে প্ৰতিফলিত হ’ল।

 বিভাস চৌধুৰীয়ে খাটনিয়াৰৰ গল্পবোৰৰ সমালোচনা কৰি কৈছে, “গল্পৰ বিষয় আৰু চৰিত্ৰ অনুযায়ী ভাষাৰ প্ৰয়োগত সূক্ষ্ম অথচ নিৰ্ণায়ক পৰিৱৰ্তন অনাটো কেৱল কৌশলগত বৈশিষ্ট্য নহয়। গল্পৰ তাত্ত্বিক প্ৰয়োজনৰ দ্বাৰা পৰিচালিত এই প্ৰক্ৰিয়াত ভাষা, গাঁথনি আৰু চৰিত্ৰ ৰূপায়ণৰ দিশসমূহ সুন্দৰ ফ্ৰেমত সংযোজিত হৈ গঠন অভিজ্ঞতাৰ অনবদ্য স্বৰূপ হিচাপে আমাৰ মানসপটত সাঁচ বহুৱাই যায়।” আনন্দ বৰমুদৈয়ে কৈছে, “আৱাহন যুগৰপৰা আজিলৈকে যিকেইগৰাকী গল্পকাৰে সমাজবাদী দৃষ্টিকোণৰপৰা নান্দনিকভাৱে সন্তোষজনক গল্প লিখিছে খাটনিয়াৰ সেইসকলৰ এজন।

 খাটনিয়াৰে তেওঁৰ ‘বাণীকান্ত’ নামৰ গল্পটোত লিখিছিল ২০১২ চনতে। ভাৰতৰ অৰ্থনীতিৰ অনেক পৰিৱৰ্তন তথা জনসাধাৰণৰ ‘আচ্ছে দিন’ অনাৰ কথা ভাৰত চৰকাৰে ঘোষণা কৰিছে। কিন্তু সমাজখন লক্ষ্য কৰিলে দেখা যায় গল্পটোৰ মুখ্য চৰিত্ৰ বাণীকান্তৰ দিনৰ সমাজখনৰ বুনিয়াদী স্তৰত কোনো পৰিৱৰ্তন ঘটা নাই। বৰং সমাজৰ অৱস্থা আৰু শোচনীয় হৈছে। খাটনিয়াৰে ‘বাণীকান্ত'ত লিখিছে “ৰাস্তাটো এইফালৰপৰা আগফালে হলেও সিফালৰপৰা কেইঘৰৰ পাছফাল। কেউফালৰপৰা বকুলৰ দৰে গোন্ধ। বুজা যায় পায়খানাবোৰ কেঁচা। বৰষুণৰ হেঁচাত বৈ অহা ক’লা ডাঠ জলস্ৰোতৰ লগত উটি অহা সৰহ অংশ গেদেৰে ৰাস্তাটোৰ ঠিক মাজতে বোকাৰ ডোঙা সৃষ্টি।” আজি চহৰৰ জীৱন-যাত্ৰাৰ মাজত আপাত দৃষ্টিৰে দেখিলে ভাব হ’ব যেন একোৰেই অভাৱ নাই। চহৰ আজি megapolis হৈছে। যান-বাহনৰ ত্বড়িত গতিত চলাচলৰ বাবে নিৰ্মাণ হৈছে expressway | এই expressway অকলমাত্ৰ [ ১২৫ ] যানবাহনৰ চলাচল মাধ্যমেই নহয়, ধনতান্ত্ৰিক মূল্যবোধক গ্ৰামীণ জীৱনত প্ৰৱিষ্ট কৰাৰ গতিপথ। গ্ৰামীণ জীৱন কিন্তু সামন্তবাদৰপৰা মুক্তি পোৱা নাই। আজিও আমি সেই বাণীকান্তক বিচাৰি পাম। তেওঁৰ অৱস্থাৰ অকনো উন্নতি ঘটা নাই। অতীতৰ বাণীকান্তৰ যুক্তিগত সম্প্ৰসাৰণ হ’ল আজিৰ বাণীকান্ত। সি সকলো হেৰুৱাই পেলাইছে। কোনোৰকম বাচি থকাৰ কাৰণে তেওঁ আজিৰ আৰ্থ-সামাজিক প্ৰতিষ্ঠাৰ ওচৰত আত্মসমৰ্পণ কৰিছে। তেওঁৰ জীৱনৰ সকলো পথেই আজি প্ৰায় বন্ধ। বিনিয়োগ পুঁজিৰ কৃপাত তেওঁ কোনোৰকমে বাচি আছে। ধনতন্ত্ৰ আৰু সামন্তবাদ সন্মিলিত হৈ এক নতুন শোষণযন্ত্ৰ তৈয়াৰ কৰিছে। সেই হেতু বাণীকান্তৰ নিচিনা মানুহৰ জীৱন আজিও অনায়াসেই ধ্বংস হৈ যায়। তেওঁ ঘৰছাৰা হৈ নতুন জীৱনৰ উদ্দেশ্যে চহৰৰ দিশত খোজ দিব লগা হ’ল। দুই-তিনি বছৰ পাছত যেতিয়া তেওঁ ঘৰলৈ ঘূৰি আহে, তেতিয়া দেখে অনেক পৰিৱৰ্তন হৈ গৈছে। তেওঁ ভেটিমাটি সকলো বিক্ৰী কৰি সামান্য পুঁজি লৈ পৰিয়ালৰ সৈতে চহৰলৈ ঘূৰি আহিব লগা হয়। খাটনিয়াৰে বাণীকান্তহঁতৰ চহৰীয়া জীৱন তেওঁৰ শক্তিশালী ভাষাত সুন্দৰভাৱে উত্থাপন কৰিছে।

“কাষতে নতুনকৈ সজা, সাজি এতিয়াও শেষ নোহোৱা এটা প্ৰকাণ্ড
পকীঘৰ। ৰচদপাতি থ’বলৈ ঘৰটো সজাৰ পূৰ্বেই খেৰ-বাঁহেৰে এটা
এচলীয়া কোঠা গিৰিহঁতে বনাই গৈছিল। কোঠাটোৰ বেৰত উঁইয়ে
ধৰিলেও বেৰবোৰ এতিয়াও খহি পৰা নাই। কাষতে পকী নাদ, দূৰলৈ
এটা কেঁচা পায়খানা। ইয়াতে পাঁচশ টকা ভাড়াত পোন্ধৰ-বিশ দিনৰ
পূৰ্বে এটা কাঠমিস্ত্ৰীৰ পৰিয়াল সোমাইছেহি। ল’ৰাটো ডেকা, লগত
বুঢ়ী মাক।
হ’ব পাৰে। সুভম মহন্তই বিচৰা বাণীকান্তই হয়টো এই বাণীকান্ত।
এইফালে ৰাস্তাটো ভাল; কিন্তু ৰাস্তাৰ পৰা জপনা খুলি সোমাওঁতেই
এচমকা পাতল পিছল বোকা।”

 বিপুল খাটনিয়াৰৰ গল্প যদি শ্ৰেণীগত বিশ্লেষণৰ নিৰিখত দেখা হয়, তেতিয়াহ'লে ইয়াৰ শ্ৰেণীগত পৰিচয় কি হ’ব? গল্পকাৰ খাটনিয়াৰে তেওঁৰ সৃষ্টিৰ মাজত নিজৰ পাৰিপাৰ্শ্বিক সমাজব্যৱস্থাৰ এটা বিশ্লেষণ তুলি ধৰিছে। এই বিশ্লেষণ যদিও তেওঁৰ ব্যক্তিগত অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰশীল, তথাপি তেওঁৰ শ্ৰেণীগত অৱস্থানে নিষ্ঠা বিশ্লেষণৰ ধাৰাক প্ৰভাৱিত কৰিছে। এই দুই উপাদানৰ সমীকৰণৰ পৰিণাম হ’ল নতুন এক শিল্প সৃষ্টি। যেতিয়া শিল্পী শ্ৰেণীবিভাজনৰ ঊৰ্ধ্বত উঠে শ্ৰেণীহীন মানৱ চেতনাৰ ব্যাপ্তিৰ প্ৰতি তেওঁৰ সৃষ্টিক উৎসৰ্গিত কৰে, তেতিয়াই [ ১২৬ ] তেওঁৰ সৃষ্টি হৈ উঠে কালজয়ী। তেতিয়াই সেই শিল্পী হৈ উঠে মহামানৱ। সাম্যবাদৰ মৌলিক উপাদান শ্ৰেণীহীন সমাজ গঠন, মানুহ আৰু প্ৰকৃতিৰ সন্মিলন আৰু দ্বন্দ্বাত্মক বস্তুবাদ। শিল্পী যদি মানুহৰ প্ৰতি সম্পূৰ্ণৰূপে বিবেচিত হয়, তেতিয়াহ’লে তেওঁৰ কথা সাম্যবাদৰ প্ৰতি আকৃষ্ট হ’বলৈ বাধ্য। কাৰণ সাম্যবাদ কোনো আদৰ্শ নহয়, ই হ’ল বৈজ্ঞানিক প্ৰক্ৰিয়া। সাম্যবাদ হ’ল নিঃসৰ্গৰ মৌলিক শক্তি। খাটনিয়াৰৰ গল্প কালজয়ী। এই কাৰণেই ২০১২ চনত লেখা গল্পৰ চৰিত্ৰ বাণীকান্ত আজিও জীৱিত আধামৰা অস্তিত্ব লৈ আৰু এই অৱস্থা আমাৰ দেশৰ সমাজব্যৱস্থাত আৰু বহু যুগ জীয়াই থাকিব। পুঁজিবাদে একশ্ৰেণীৰ মানৱতাহীন মধ্যবিত্তৰ সৃষ্টি কৰিছে। খাটনিয়াৰে অতি সুন্দৰভাৱে তেওঁৰ গল্পৰ ভাষাত প্ৰকাশ কৰিছে। মধ্যবিত্ত শ্ৰেণীৰ লোক সুভম মহন্তই ক্ষয়ৰোগী বাণীকান্তক পাবলগীয়া মজুৰীখিনি নিদি তেওঁক চিকিৎসাৰ পৰা বঞ্চিত কৰিছে। খাটনিয়াৰে আজিৰ নৱ্য-উদাৰ অৰ্থনীতিৰ পুঁজিবাদী সমাজখনত কেনেকৈ দুখীয়া শ্ৰেণীয়ে তেওঁলোকৰ শ্ৰম বিক্ৰী কৰিবলৈ ওলাই আহিছে সুন্দৰভাৱে তেওঁৰ গল্পৰ ভাষাত প্ৰকাশ কৰিছে।

 ‘বাণীকান্ত আছেনে??’

 ‘কোন? বাণী!’

 বৃদ্ধাই অসহায়ৰ দৰে চাই ৰ’ল।

 বৰষুণজাক এতিয়া হুৰ্‌হুৰাই নামি আহিছে। সেয়ে সাধাৰণ অনুমতিকণ নোলোৱাকৈয়ে সুভম মহন্ত ভিতৰলৈ সোমাই আহিল।

 কোঠাটোত পোহৰৰ পৰিমাণ তেনেই সামান্য। অপৰিষ্কাৰো।

 তেওঁ আহোঁতে বৃদ্ধাই পোৰা কঁঠালগুটি আৰু পিঁয়াজ-জলকীয়াৰে পঁইতা ভাত এগৰাহ মুখত দিছিল, থালখন আধাখোৱাতে তেনেকৈয়ে মজিয়াত পৰি আছিল, দুই-চাৰিটা ভাত সিঁচৰতি হৈ আছিল।

 এখনেই বিছনা; বিছনাৰ কাষতে স্তোভ, কেৰাচিনৰ গেলন, কেৰাহী, ষ্টীলৰ কাঁহী-বাটি। বিছনাত বহল কপাল, কেঁকোৰা-জপৰা চুলি আৰু কোটৰত সোমোৱা এহাল চকুৰে সুভম মহন্তই বিচাৰি ফুৰা বাণীকান্ত। সাতাইশ বছৰীয়া যুৱক কাঠমিস্ত্ৰী বাণীকান্ত।

 প্ৰায় অচেতন হৈ পৰি আছে বাণীকান্ত। তাৰ বৰমোহা চোলাটোৰ অ’ত-ত’ত নতুন আৰু পুৰণি চমকা-চমকা তেজ, তেজৰ চেকা।

 এবাৰ বোলে তাৰ ক্ষয়ৰোগ হৈছিল।

 চিকিৎসকে পৰামৰ্শ দিছিল মাছ, গাখীৰ, কণী; পাৰিলে মাজে মাজে পোৱালি [ ১২৭ ] মুৰ্গীৰ চুৰুহা আৰু ভাল নোহোৱালৈকে সম্পূৰ্ণ জিৰণি। অন্ততঃ ছয়মাহলৈ।

 এমাহ পাৰ হ’ল। দুমাহো। কিন্তু তৃতীয় মাহৰ আৰম্ভণিতে সি পুনৰ হাত দিলে হাতিয়াৰৰ টোপোলাত।

 ‘দাদা টকাখিনি উঠাই দিয়ক। দুই হাজাৰমান বেছিকৈয়ে দিয়ক; কামত কাটি ল'ব।’

 উঠাই দিয়ক মানে নগদ ছয়-সাত হাজাৰ টকা, দুই হাজাৰ বেছিকৈ ধৰিলে এক হাজাৰ কম দহ হাজাৰ টকা।

 বাণীকান্ত ল’ৰাটোৰ কামত ফাকি-ফুকা নাই, পুৱাতে পঁইতা-কৰকৰা যিহকে পায় তাকে খাই আহে। দুপৰীয়া কিবা এটা দিলেও খালে, নিদিলেও কথা নাই, কামৰ পৰা মূৰ নাদাঙে। সেয়ে হ’বপায় পৰিবাৰে সুভম মহন্তক এবাৰ ক’লেও, ‘দিয়ক। পাবলগাখিনিকে অন্ততঃ তাক দি দিয়ক। কালি কাম কৰি থাকোতেই সি এবাৰ গা বেয়া লগা বুলি কৈছিল।’

 সুভম মহন্তই গৰ্‌গৰাই উঠিছিল, “কি লেৰেলা সাদৰ দেখুওৱা এইসব চোট লোকক।’

 তেওঁৰ ভমক দেখি তাপ মাৰি ৰ’ল শ্ৰীমতী মহন্ত।

 ‘ক’লেই হ’লনে? পইচা আদায় দিলে পাবা নেকি মিস্ত্ৰীৰ পোৱালিক। তিৰি মানুহ, সংসাৰৰ কি আও-ভাও পোৱা?’

 তিনিআলি চ’কৰ লেবাৰ মাৰ্কেটত কালাৰ ভিৰ এতিয়াও পাতলা নাই।  কিমান যে মানুহ!

 হাতে হাতে দা, টুকুৰি, কোৰ, ৰাণ্ডা, কৰণি। কান্ধত একোটা সৰু টোপোলা। মতাতকৈ মাইকী কাম্‌লাৰ সংখ্যাই সৰহ।

 কেইটামান ডেকেৰুৱা ‘কাম্‌লা দালাল’ৰ হাতে হাতে মোবাইল; খৰখেদা, অশান্ত খোজ কাটল।

 শুকান অলেখ মুখ।

 অস্থিৰ— প্ৰতিটো মুহূৰ্ত।

 ‘বাবু!’

 ৰৈ গ’ল সুভম মহন্ত।

 এজন বৃদ্ধ খৰখেদাকৈ আগবাঢ়ি আহিছে। কান্ধত হাতিয়াৰৰ এটা গধুৰ জোলোঙা।

 ঠিকেই, পুৱাৰ সেই আঁৰি-কুঁজা বুঢ়াজনেই। [ ১২৮ ]

 ‘মিস্ত্ৰী লাগ্‌বো বাবু?’

 খাটনিয়াৰ আংগিকৰ ক্ষেত্ৰত আত্মসচেতন। খাটনিয়াৰৰ গল্পত সমাজৰ অন্যায় অবিচাৰৰ প্ৰতি কটাক্ষ আৰু বক্ৰাঘাত থাকিলেও গল্পত আংগিকৰ লগত জাহ নোযোৱা অনাৱশ্যকীয় উক্তিৰ প্ৰাধান্য নাই। ভাষাৰ লালিত্য, প্ৰাঞ্জলতা আৰু ওজস্বিতা তেওঁৰ মজ্জাগত। খাটনিয়াৰে গল্পবোৰ লিখোঁতে বহু কষ্ট কৰিছে। চৰচাপৰিৰ ভাষা কষ্ট কৰি লিখিছে আৰু অনেক উপভাষাৰ ব্যৱহাৰে গল্পৰ সৌন্দৰ্য্য আৰু গুৰুত্ব বঢ়াইছে। ভূতত্ত্ব আৰু খনি বিভাগৰ চাকৰিয়াল হিচাপে অধিক সময় পাহাৰে-পৰ্বতে ভ্ৰমি ফুৰি নানা ঘাত-প্ৰতিঘাতৰ মাজেদি বিপুল খাটনিয়াৰে অসমীয়া প্ৰগতিশীল সাহিত্যৰ বাবে যি অমূল্য অৰিহণা আগবঢ়াইছে এইটো অতুলনীয়। প্ৰগতিশীল চিন্তাধাৰাৰ গল্প-লিখক হিচাপে বিপুল খাটনিয়াৰ অন্যতম বাটকটীয়া হোৱাৰ উপৰিও অসমীয়া ভাষাৰ এজন শ্ৰেষ্ঠ গল্পকাৰ।

 শোষিত-নিপীড়িত, অৱহেলিত শ্ৰেণীৰ লোকৰ জীৱনক সাহিত্যৰ ভিতৰুৱা কৰি তেখেতে ৰোমাণ্টিক বাস্তৱতাৰো প্ৰতিভূস্থানীয় হৈছে। খাটনিয়াৰে তেওঁৰ সমস্ত জীৱনটোৱে অন্যায়-অবিচাৰৰ বিপক্ষে থিয় দি গল্পৰ মাজেদি তেওঁৰ সেই ভাবাবেগ প্ৰকাশ কৰিবলৈ সমৰ্থ হৈছে। খাটনিয়াৰ এজন শ্ৰেষ্ঠ গল্পকাৰ হিচাপে কেতিয়াও প্ৰচাৰমুখী নাছিল বা তথা অসমৰ সাহিত্যজগতৰ মূলসুঁতি অসম সাহিত্য সভাৰ লগত জড়িত নহৈ প্ৰগতিশীল সাহিত্য গোষ্ঠী সৃষ্টিৰ বাবে নতুন সাহিত্য পৰিষদতে আজীৱন জড়িত হৈ আছিল। বিৰল প্ৰতিভাৰ অধিকাৰী যিজনাই অসমীয়া প্ৰগতিশীল সাহিত্যত অবিস্মৰণীয় অবদান দি গ’ল এইজনা মহান সাহিত্যিকক সদায়ে শ্ৰদ্ধাৰে সুঁৱৰিব লাগিব প্ৰগতিশীল সাহিত্যৰ অন্যতম বাটকটীয়া হিচাপে।❐

(লেখক ষ্টেট বেংক অব্ ইণ্ডিয়াৰ কেন্দ্ৰীয় বোৰ্ডৰ প্ৰাক্তন সঞ্চালক।) [ ১২৯ ]

এক সাৰ্থক, সফল জীৱন

জয়গোবিন্দ শ‍ইকীয়া

১৯৭১ চনত জন্মলাভ কৰা তিনিমহীয়া প্ৰগতিশীল আলোচনী ‘নতুন পৃথিৱী’ত বিপুল খাটনিয়াৰৰ গল্প প্ৰথম পঢ়িবলৈ পাওঁ৷ ‘খোজৰ শব্দ’ তেখেতৰ প্ৰথম গল্প সংকলন। সৰু সৰু শ্ৰমজীৱী মানুহৰ খোজৰ শব্দক গল্প সংকলনখনে ধৰি ৰাখিছে। যোৱা শতিকাৰ সত্তৰৰ দশকৰপৰা এই শতিকাৰ দ্বিতীয় দশকলৈকে পঞ্চাশ বছৰৰো অধিক কাল ধৰি আমৃত্যু বিপুল খাটনিয়াৰে গল্প লিখি গ'ল৷ এতিয়ালৈকে তেওঁৰ সাতটা গল্প-সংকলন প্ৰকাশ পাইছে।

 গল্পবোৰৰ পটভূমিয়ে কেৱল অসম বা অসমীয়া সমাজকে সামৰি লোৱা নাই, তেখেতে প্ৰত্যক্ষ কৰা পূৰ্বাঞ্চলকে ধৰি ভাৰতৰ বিভিন্ন অঞ্চলকো সামৰি লৈছে। এটা গল্প আন্তৰ্জাতিক প্ৰেক্ষাপটতো লিখিছে।

 অসমৰ উজনিৰপৰা নামনিলৈকে, বৰাক উপত্যকাক সামৰি, চুকে-কোণে থকা পিছপৰা ঘোঁকট অঞ্চলবোৰক তেখেতৰ গল্পৰ পটভূমিয়ে সামৰি লৈছে। যিবোৰ অঞ্চলক পটভূমি হিচাপে লৈ গল্পবোৰ ৰচিত হৈছে সেই অঞ্চলৰ ভৌগোলিক অৱস্থান, অতীত ইতিহাস, তাৰ জীৱন ধাৰাত নিহিত অৰ্থনৈতিক অৱস্থা, জীয়াই থকাৰ মান, তাৰ সাংস্কৃতিক পৰিৱেশে গঢ় দিয়া চৰিত্ৰবোৰৰ আচাৰ-আচৰণ, মুখৰ ভাষা-উপভাষাবোৰ, কোৱাৰ ভঙ্গী, ঠাঁচ, মেজাজসহ একো একোটা অঞ্চলক তাৰ সময় সহ জীৱন্ত ৰূপত ধৰি ৰাখিছে।

 তেখেতৰ গল্পবোৰ পঢ়িলে ৰুছ সাহিত্যিক মেক্সিম গৰ্কীৰ বিশ্ববিখ্যাত গল্পবোৰলৈ মনত পৰি যায়। দুয়োজন গল্পকাৰৰ কাহিনীৰ মৰ্মত নিহিত বক্তব্যত আত্মিক মিল অনুভূত হয় — নিঃস্ব, অবহেলিত শ্ৰমজীৱী মানুহৰ মূল্যবোধক উৰ্দ্ধত তুলি ধৰা। বাস্তৱ জীৱনৰ প্ৰতিফলন।

 খাটনিয়াৰৰ গল্পৰ ভাষা অসমৰ সকলো ভাষা-উপভাষাক সামৰি নিজস্ব [ ১৩০ ] শৈলীৰে সমৃদ্ধ— সজীৱ, ব্যঞ্জনাময়, ৰসাল, ইংগিতপূৰ্ণ, কাব্যিক। প্ৰকাশিকা শক্তিয়ে উৎকৰ্ষতাৰ শীৰ্ষবিন্দুত উপনীত। সন্ধানী দৃষ্টি, সূক্ষ্ম পৰ্যবেক্ষণ ক্ষমতাৰে সমাজৰ মমমূললৈকে দেখা অসমৰ সমাজ জীৱনৰ প্ৰাণস্পন্দন তেওঁৰ গল্পবোৰত অনুভূত হয়।

 সাহিত্য যদি সমাজৰ সমালোচনা হয়, তেন্তে ক’ব লাগিব যে খাটনিয়াৰৰ প্ৰতিটো গল্পই সমাজৰ নিৰ্মোহ সমালোচনা, সমাজৰ পৰিপূৰ্ণ ৰূপ বৰ্ণনাত নিহিত। অসমক জুৰুলা কৰি ৰখা, পৰিত্ৰাণৰ উপায় নোপোৱা এনে কোনো সমস্যা নাই, যি তেওঁৰ গল্পত স্থান পোৱা নাই। সাধাৰণ মানুহৰ প্ৰতিবাদী কণ্ঠও তেওঁৰ গল্পত ধ্বনিত হৈছে। প্ৰতিটো গল্পই উৎকৃষ্ট শিল্প-গুণৰ নিদৰ্শন যদিও সাহিত্য গুণৰ ফালৰপৰা ‘চিনাকি মুখৰ ছবি’ সংকলনৰ ‘বৃষভ সংবাদ’, একে নামৰ সংকলনৰ ‘তাই কাপোৰ নিপিন্ধে’, ‘দখাৰ’ সংকলনৰ ‘এৰাবাৰী’, ‘জগৎ সভালৈ যাব’, ‘ঘঁৰিয়ালডাঙাৰ কথা’ সংকলনৰ ‘ৰাগ-কেদাৰ’ আদি গল্প সৰ্বোৎকৃষ্ট, কালজয়ী।

 বিপুল খাটনিয়াৰে গল্পকাৰ হিচাপে কোনো বঁটা-বাহন নাপালে। তাৰ বাবে তেওঁ লালায়িত নাছিল। সেয়ে তেওঁ তথাকথিত জনপ্ৰিয় গল্পকাৰো হ’ব নোৱাৰিলে। আমাৰ অসমৰ পাঠক সমাজৰ বাস্তৱধৰ্মী সাহিত্যৰ লগত নিবিড় পৰিচয় নথকাৰ বাবেই তেওঁৰ গল্পই জনপ্ৰিয়তা লাভ কৰিব নোৱাৰিলে। ই তেওঁৰ বাবে আশীৰ্বাদহে আছিল। ই প্ৰকাৰান্তৰে তেওঁৰ সফল সাহিত্য সৃষ্টিৰ সাধনালৈ তন্ময়তা, গভীৰতা আনি দিছিল।

 তাহানিতে বিৰিঞ্চি কুমাৰ বৰুৱাই তেওঁৰ ‘সেউজী পাতৰ কাহিনী’ আৰু ‘জীৱনৰ বাটত’ উপন্যাসত আধুনিক অসমীয়া সমাজৰ জন্ম আৰু তাৰ সংগ্ৰামী জীৱনৰ বিকাশৰ ৰূপটোক সাহিত্যৰ এনাজৰীৰে বান্ধি ৰাখি থৈ গৈছিল। আজিৰ সেই গতিশীল অসমীয়া সমাজৰ বিস্তাৰিত ৰূপটোকে বিপুল খাটনিয়াৰে তেওঁৰ গল্পত ধৰি ৰাখিছে। বিপুল খাটনিয়াৰ বিৰিঞ্চি কুমাৰ বৰুৱাৰ সাৰ্থক উত্তৰসাধক। দুয়োগৰাকীয়েই অসমৰ কমিউনিষ্ট আন্দোলনৰ গৰ্ভজাত সন্তান।

 মৃত্যুৱে বিপুল খাটনিয়াৰৰ সাৰ্থক সফল জীৱনৰ অন্ত পেলালে।

‘এসেছিলে সাথে কৰে মৃত্যুহীন প্ৰাণ
মৰণে তাহাই তুমি কৰে গেলে দান।’— (ৰবীন্দ্ৰ নাথ)

 বিপুল খাটনিয়াৰৰ মৃত্যুৱে ৰবীন্দ্ৰ নাথৰ এনে কথাকে সোঁৱৰাই দিয়ে।❐

(লেখক এগৰাকী বিশিষ্ট নিৱন্ধকাৰ আৰু 'নতুন সাহিত্য পৰিষদ’ৰ সদস্য) [ ১৩১ ]

গণবোধ সৃষ্টিৰ তাড়নাত
‘পৰে পৰে ডাক’ দি থকা মানুহজন

মইনা গোস্বামী

বিংশ শতিকাৰ আশীৰ দশকতেই সম্ভৱতঃ ‘নতুন পৃথিৱী’ত প্ৰকাশিত গল্পৰ মাজেৰে আমাৰ চিন্তালৈ আহিছিল খাটনিয়াৰ। সেই সময়তেই তেখেতৰ গল্পৰ কথন- ৰীতিয়ে আমাৰ চেতনাত টুকুৰিয়াইছিল, আমাৰ বিদ্যা-বুদ্ধিক যেন ভেঙুচালিও কৰিছিল। আমি তেখেতৰ গল্প পঢ়ি এক নতুন আস্বাদ পাইছিলোঁ; অথচ বিব্ৰতও হৈছিলোঁ। বিব্ৰত হৈছিলোঁ এই কাৰণেই যে, তেখেতে ব্যৱহাৰ কৰা কিছুমান শব্দ বাক্যত জুৰি দিয়া বাবেহে বুজিছিলোঁ। কিছু শব্দৰ ব্যঞ্জনা বুজিবলৈ সময় লাগিছিল। তেখেতৰ গল্প চিধা-চিধি চৰ্মচকুৰে মৰ্মলৈ অহা আলোকচিত্ৰ নহয়; প্ৰতিটো গল্পই যেন দীৰ্ঘ কচৰতেৰে আঁকি উলিওৱা একোখন সমাজ জীৱনৰ পেইণ্টিং, তুলিকাৰ ৰঙৰ সলনি শব্দই খেলা কৰে য’ত। তেখেতে শিপাৰে সৈতে তুলি আনে চৰিত্ৰ। চৰিত্ৰৰ মুখৰ ভাষা ইমান নিৰহ-নিপানীকৈ আয়ত্ত কৰাৰ বাবে তেখেতে জীৱনৰ কোন সময়ত কেনেকৈ চৰ্চা কৰিছিল, সেই কথা আলোচনা কৰাৰ বাবে আমি সুযোগেই নাপালোঁ। কত কথা যে পাতিবলগা আছিল আমাৰ! নিবন্ধবোৰো আছিল সমাজ জীৱনক লৈ বুদ্ধিদীপ্ত চিন্তাৰ বাৰ্তা।

 আবু আৰু মায়ে শৈশৱত আমাক এখন সাধুকথাৰ মনোৰম ৰাজ্যত ঘূৰাই লৈ ফুৰাইছিল। খাটনিয়াৰৰ গল্পই আমাক আবু আৰু মায়ে স্থানীয় কথিত উপভাষাত কোৱা সেই কথনভংগীলৈ বাৰে বাৰে মনত পেলাই দিয়ে। কেৱল খাটনিয়াৰে শাণিত বুদ্ধিগম্য উপকৰণেৰে গল্পৰ থালখন সুষমামণ্ডিত কৰে।

 লেখকেই হওক বা পাঠকেই হওক, কিম্বা লেখক-পাঠক একো নহওকেই, মানুহ এজনক জানিবলৈ আমাৰ ছাৰ এজনে এখন দুৱাৰৰ কথা কৈছিল। মনৰ দুৱাৰ। মনত সোমাব পৰাকৈ সকলোৰে এখন বিশেষ দুৱাৰ থাকে। পিচে সেই দুৱাৰখন চিনিব খুজিলেও বৰ সহজতে চিনিব নোৱাৰি। কিছুমানে আকৌ অনবৰত [ ১৩২ ] অৰ্গল লগাই থয়। কিছুমানৰ আচল দুৱাৰখন পোৱাৰ আগতে বহুকেইখন আভুৱা ভঁৰা দুৱাৰ থাকে। খাটনিয়াৰে যেন মনৰ দুৱাৰখন অনবৰত খুলি ৰাখিছিল। আমাৰ এনে লাগে, আমি যেন তেওঁৰ মনৰ মানুহ হৈ পৰিছিলোঁ।

 সংখ্যাৰে বৰ কম দিন লগ পাইছিলোঁ তেখেতক। প্ৰথম লগ পাইছিলোঁ ন- সমাজৰ অন্যতম স্বপ্নদ্ৰষ্টা অনিল ৰায়চৌধুৰীৰ ঘৰত। তেতিয়া ইং ২০১৭ চন। ১৯৯০ চনৰপৰা ‘সচেতন সতীৰ্থ’, ‘কঠীয়া’, ‘সদিচ্ছা' নামৰ একোখন ক্ষুদ্ৰ আলোচনীক কেন্দ্ৰ কৰি আমি একোটা সংগঠন গঢ়ি তুলিছিলোঁ। এটা স্তিমিত হ’লে আন এটা। ২০০৬ চনত গঢ়ি উঠিছিল ‘সদিচ্ছা’ সংগঠন। সংগঠন এটাক ত্বৰান্বিত কৰিবলৈ জনসংযোগৰ প্ৰয়োজন। সেয়ে আমি গাঁৱে গাঁৱে ঘূৰিছিলোঁ, অভিজ্ঞতাপুষ্ট বিজ্ঞজনক লগ ধৰিছিলোঁ। তেনে উদ্দেশ্যেৰেই ঘূৰি ফুৰোঁতে আমাৰ পৰম সুহৃদ অনিল ৰায়চৌধুৰীৰ স’তে সম্পৰ্ক গঢ়ি উঠিছিল, সম্পৰ্ক গঢ়ি উঠিছিল বিপুল খাটনিয়াৰৰ স’তে।

 প্ৰথম লগ পাবৰ দিনাই বিপুল খাটনিয়াৰক আমাৰ বৰ ওচৰৰ মানুহ যেন লাগিছিল। ভাবি-চিন্তি কথা ক’বলগা হোৱা নাছিল। তেখেতলৈ মন কৰি দেখিছিলোঁ এটা ‘কেপ্’ পৰিহিত কেঁচা-পকা দাড়িৰে মানুহজনৰ চকুযুৰি যেন সপোনেৰে ভৰপূৰ। পিচলৈ গম পাইছিলোঁ নিশ্চলতা তেওঁৰ চৰিত্ৰত নাই। ক্ষুদ্ৰ পৰিসৰত হ'লেও তেওঁ ভূমিকা ল’ব খোজে, ভূমিকা আনকো লোৱাব খোজে। প্ৰথম দিনাই সুধিছিল আমাক—

 : আপোনালোকে কি কৰি আছে?

 : ‘সদিচ্ছা' নামেৰে বছৰত আলোচনী এখন উলিয়াওঁ। ‘চাউণ্ড চিষ্টেম’ এটা কিনি লৈছোঁ। গাঁৱে গাঁৱে গীত-কবিতা-নাট আদি লৈ গৈ বিষয় একোটা গাঁৱৰ মানুহৰ স’তে আলোচনা কৰোঁ।

 : আলোচনীখন মোকো দিবচোন।

 এগৰাকী গৰিমামণ্ডিত লেখক পাই এটা-দুটা নহয়, ‘সদিচ্ছা'ৰ বাৰটা সংখ্যা তেখেতৰ হাতত তুলি দিছিলোঁ। অতি তৎপৰতাৰে এমাহৰ ভিতৰতে সম্পূৰ্ণ লেখাবোৰ পঢ়ি আমাক এখন তালিকা দিছিল। সু-নিৰ্বাচিত এঘাৰটা নিৱন্ধৰ তালিকা। কৈছিল— এই নিৱন্ধকেইটাৰে এখন সময়োপযোগী সংকলন কৰা যায়।

 তেখেতে হাঁহি হাঁহি কোৱা সৰল অথচ দৃঢ় কথাত আমি পতিয়ন গৈছিলোঁ। দুই-তিনিজন প্ৰথিতযশা লেখকৰ লেখা সংযোগ কৰি আমি গ্ৰন্থখন প্ৰণয়ন কৰিছিলোঁ। নাম দিছিলোঁ— “আমি বিদ্ৰোহী নহ’ম কিয়”। সেয়া আছিল তেখেতক সোঁশৰীৰে লগ পোৱাৰ এবছৰ পিচৰ কথা, ২০১৮ চনৰ ২০ মে’। [ ১৩৩ ]

 তাৰ পিচৰ এদিনাখনৰ কথা।

 ফোনত ৰায়চৌধুৰীৰ কণ্ঠ। আগে-পিচেও তেখেতে ফোন কৰে। খবৰ- বাতৰি লয়। কাম-কাজৰ খতিয়ান সোধে। সেইদিনা কিন্তু পোনচাটেই ক’লে, তেখেতক দুই-এদিনতে লগ ধৰাৰ কথা। এতেকে অনুজ সতীৰ্থ সুৰেশ কলিতা, বলেন চৌধুৰী, হীৰেণ বড়া আৰু আমি দুদিন পিচতে গৈ তেখেতক লগ ধৰিলোঁ। আগতীয়াকৈ সময় জনাই তেওঁ খাটনিয়াৰকো লগত ৰাখিছে। গতানুগতিক খবৰ- বাতৰি লৈ তেওঁ মূল কথালৈ আহিল—

 “উমা শৰ্মাতো তহনাৰ কাষৰ গুইমাৰাৰ মানুহ। অৱশ্যে তেওঁ গুইমাৰাত শৈশৱহে কটাইছিল। শেষলৈ গুৱাহাটীতে থাকিল। তেখেত জন্ম পাইছিল ১৯২০ চনৰ ৯ মে’ত। অসমৰ প্ৰগতিশীল আন্দোলনত তেওঁৰ বৰঙণি কিমান তহনায়ো জানা। তেখেতৰ জন্মৰ এশ বছৰ হ’ল। অনুষ্ঠান এটি পাতি তেওঁক তুলি ধৰিব পাৰিলে ভাল আছিল।”

 আমি প্ৰতি বছৰে মে' মাহত বছৰেকীয়া অনুষ্ঠান এটি পাতো। দক্ষিণ কামৰূপৰ সিংহপুৰুষ ভবানীকান্ত চৌধুৰী স্মাৰক বক্তৃতাৰ আয়োজন কৰোঁ। গতিকে এই দায়িত্ব কান্ধ পাতি ল'বৰ বাবে আমি অকণো কুণ্ঠাবোধ নকৰিলোঁ। মাৰ্ক্সবাদৰ সহায়ত মানৱতাৰ নতুন বাট কাটিবলৈ জাঁহি-জংগল আঁতৰোৱা অগ্ৰণীসকলৰ এজন আছিল উমা শৰ্মা। আমি সকলো যে তেওঁৰ ওচৰত ধৰুৱা।

 আমাৰ ইতিবাচক সঁহাৰি পোৱাৰ লগে লগে বয়সে কাবু কৰিব খোজা দীৰ্ঘদেহী মানুহজনে চিৰ পৰিচিত আৰামৰ চকীখনৰপৰা উঠি কিতাপেৰে ঠাহ খাই থকা পুৰণি কাঠৰ আলমাৰিকেইটালৈ চকু ফুৰাই কিবা এটা মনত কৰিলে। তাৰ পিচত ধীৰে ধীৰে এটা আলমাৰিৰ কিতাপৰ মাজৰপৰা পুৰণি খাম এটা উলিয়াই আমাৰ হাতত দিলে। তাত ষোল্ল হাজাৰ টকা আছিল।

 এই দুইগৰাকী মানুহৰ চিন্তা-চেতনা আমাৰ কৰ্ম উদ্দীপনাৰ সহমৰ্মী হৈ পৰিল। খাটনিয়াৰে আটোম-টোকাৰিকৈ ডিটিপি কৰি ৰখা উমা শৰ্মাৰ আত্মজীৱনী ‘বাট বুলি বুলি ভাগৰি পৰিলে’ৰ পেনড্ৰাইভ এটা দিলে। আমি গ্ৰন্থখন নতুন ৰূপত ‘বাট বুলি বুলি’ নামেৰে ছপাই উলিয়ালোঁ। ছপাই উলিয়ালোঁ অসমৰ ন- পুৰণি প্ৰায় পঞ্চাশগৰাকী লেখকৰ লেখাৰে সমৃদ্ধ উমা শৰ্মাৰ জন্ম শতবৰ্ষ উপলক্ষে ‘সদিচ্ছা’ৰ বিশেষ সংখ্যা ‘যুগাগ্ৰগামী’।

 এনেবোৰ প্ৰসংগতেই অনুষ্ঠানটি উদ্‌যাপন কৰাৰ আগতে আমি এদিন উমা শৰ্মাৰ ওপজা ঠাই দক্ষিণ কামৰূপৰ গুইমাৰালৈ যোৱাৰ সিদ্ধান্ত লৈছিলোঁ। এই ইচ্ছা প্ৰধানকৈ পোষণ কৰিছিল খাটনিয়াৰে। শৈশৱ-কৈশোৰৰ স্মৃতিৰে আমাৰ মন [ ১৩৪ ] গহন ভৰি থকা গাঁওখন লুইতে সামৰি লোৱাৰ পিচত আমিও দেখা নাছিলোঁ।

 গুইমাৰালৈ যোৱাৰ লক্ষ্যৰে এদিন পুৱা দহ বজাত খাটনিয়াৰ আমাৰ মিৰ্জাৰ ঘৰত উপস্থিত হ’ল। দুই জীয়ৰীক বিয়া দিয়াৰ পিচত ঘৰত মানুহ বুলিবলৈ আমাৰ শ্ৰীমতী আৰু শ্ৰীমতীৰ একান্ত লগৰীয়া এই অধম মাথোঁ। তদুপৰি সেইদিনা বিশেষ কামৰ বাবে আলহীক সোধ-পোচ কৰিবলৈ শ্ৰীমতীও নাই। এতেকে আগে-পিচে প্ৰয়োজনত কিঞ্চিৎ ৰন্ধা-বঢ়া কৰোঁ যদিও পোন প্ৰথমবাৰৰ বাবে আলহীৰ বাবে ৰান্ধিছোঁ। মনে মনে ভাবিছিলোঁ আলহীয়ে নিশ্চয় ৰন্ধা-বঢ়াৰ তাৰিফ কৰিব; কিন্তু নাই, তেখেতে কি খালে-নাখালে যেন গমেই নাপালে। কেৱল গুইমাৰাৰ গাঁৱৰ কথা সুধিছে, উমা শৰ্মাৰ কথা কৈছে, অনুষ্ঠানটিৰ বাবে কিমান বাজেট কৰা হৈছে জানিব খুজিছে, আমাৰ সৰু পুথিভঁড়ালটোৰ কিতাপ নিৰিখিছে। তেখেতৰ চিন্তা-চেতনাৰ পৃথিৱীখনৰ উমান পাই আমি পুলকিত হৈছোঁ।

 সতীৰ্থ সুৰেশ কলিতাৰ গাড়ীৰে আমি গুইমাৰালৈ আগবাঢ়িছোঁ। আগৰ আসনত সুৰেশৰ কাষত গুইমাৰাৰেই এসময়ৰ আৱাসী ৰাজেশ গোস্বামী। ৰাজেশ সম্প্ৰতি মিৰ্জাৰ বাসিন্দা। অৱশ্যে তেওঁৰ পিতৃ-মাতৃয়ে গুইমাৰাৰ লুইতৰ বানে ধুৱাই থকা মূলঘৰ এতিয়াও এৰা নাই।

 খাটনিয়াৰ আৰু আমি গাড়ীখনৰ পিচৰ আসনত। আমাৰ সকলোৰে লানি নিছিগা কথা। বিষয় প্ৰধানকৈ উমা শৰ্মা কেনেকৈ কমিউনিষ্ট হ’ল আৰু তেওঁৰ সময়ৰ দক্ষিণ কামৰূপ তথা গুইমাৰা গাঁওখন।

 গুইমাৰালৈ গ'লোঁ যদিও গুইমাৰা গাঁৱৰ চিন-চাব নাই। নৈৰ পাৰত থিয় হৈ খাটনিয়াৰ নিৰ্বাক। নৈৰ বুকুত তেওঁৰ দৃষ্টি। শুনি থকা গাঁওখন হয়তো বিচাৰিছে। গল্পকাৰৰ দৃষ্টিৰে লুইতে সামৰি লোৱা গাঁওখন চাগে আঁকিব খুজিছে। এনেদৰে কিমান গাঁও বা নৈয়ে বুকুত সামৰি ৰাখিছে! কিমান গাঁও যে ছেদেলি-ভেদেলি হৈছে! ঘৰ ভগা, হৃদয় ভগা মানুহবোৰে আকৌ বান্ধিছে ভেটি! ওভতাৰ পথত গাঁওখনত বয়সীয়াল লোক বিচাৰিলোঁ, যিয়ে উমা শৰ্মাক জানিব পাৰে।

 শতবৰ্ষ অনুষ্ঠানটিৰ দিন ক্ৰমশঃ চমু চাপি আহিল। ফোনত আমাৰ কথা- বতৰা বাঢ়িল। খাটনিয়াৰে নিজৰ ধন খৰচ কৰি উমা শৰ্মাৰ এশখন আলোকচিত্ৰ সজালে। বিলাই দিব। নতুন সাহিত্য পৰিষদৰ দক্ষিণ গুৱাহাটী শাখাৰ দ্বাৰাও বিজনলাল চৌধুৰীৰ ‘জোনাকীৰ আলোড়ন’ৰ দ্বিতীয় সংস্কৰণ প্ৰকাশৰ দিহা কৰিলে।

 ২০১৯ চনৰ ১৯ মে'। আমাৰ বাবে এক বিশেষ দিন।

 উমা শৰ্মাৰ জন্ম শতবৰ্ষ অনুষ্ঠানটি উদযাপন কৰাৰ দিন।

 প্ৰতিগৰাকী সদস্যৰ প্ৰাণত ন-উদ্দীপনা। অসমৰ বিভিন্ন প্ৰান্তৰপৰা অহা [ ১৩৫ ] সুহৃদসকলৰ সমাগমে পৰস্পৰৰ চকু-মুখত পোহৰৰ আৱেশ আনিছে। ঘোষক- ঘোষিকাৰ হাতত পৰিকল্পিতভাৱে লিখিত ঘোষণা পত্ৰ। সমৱেত সংগীতেৰে আৰম্ভ হৈছে কাৰ্যসূচী—

“মানুহক মানুহৰ দৰে পাবৰ বাবেই
ওৰেটো জীৱন বাটৰ অন্বেষণ
ৰূপান্তৰৰ গীত-কবিতা-চিত্ৰ বিচাৰি
অহৰ্নিশে কৰে যিয়ে অনুশীলন
পৰে পৰে দি ডাক
প্ৰণামো তোমাক....।”

 জীৱনৰ বিয়লি বেলাতো দৃঢ় মুষ্টিবদ্ধ হাতেৰে প্ৰগতিৰ ধ্বজাখন লৈ ফুৰা ৰায়চৌধুৰীয়ে উন্মোচন কৰে ‘যুগাগ্ৰগামী’। উমা শৰ্মাৰ আত্মজীৱনী ‘বাট বুলি বুলি’ উন্মোচন কৰে মনোৰমা শৰ্মাই। বিপুল খাটনিয়াৰ আৰু সমীন্দ্ৰ হুজুৰিয়ে ক্ৰমে ‘প্ৰগতিশীল যোদ্ধা উমা শৰ্মাৰ জীৱন পৰিক্ৰমা’ আৰু ‘মতাদৰ্শ সংগ্ৰামত উমা শৰ্মাৰ সাহিত্য’ বিষয়ত বক্তৃতা প্ৰদান কৰে। ৰীণা ৰায় খাটনিয়াৰৰ সুৱদি কণ্ঠৰ গীতে অনুষ্ঠানৰ সৌষ্ঠৱ বঢ়ায়।

 পাঠকৰ মনলৈ হয়তো প্ৰশ্ন আহিব— বিপুল খাটনিয়াৰৰ বিষয়ে ক’বলৈ গৈ এনেবোৰ কথা কিয় তৰিবলগা হ’ল? এইবাবেই ক’বলগা হ’ল যে, তেখেতক লগ পোৱা দিনৰেপৰা আমাৰ সম্পৰ্ক ব্যক্তিগত স্তৰতে থকা নাছিল; তেওঁ ‘সদিচ্ছা’ৰ প্ৰাণ-প্ৰবাহৰ অংশীদাৰ হৈ পৰিছিল।

 প্ৰতিদিনে তেখেতৰ চিন্তা আৰু কৰ্মৰ খবৰ পাইছিলোঁ। খবৰ পাইছিলোঁ অনিল ৰায়চৌধুৰীৰ ৰচনাৱলীৰ কাম চলিছিল অবিৰত। মাজে মাজে ফোনত সাধাৰণভাৱে ৰোগৰ কথাও কৈছিল। তাৰ মাজতে পুত্ৰ-কন্যাৰ বিয়াও হ’ল। ইমান সহজতে আঁতৰি যাব বুলি ভাবিবই পৰা নাছিলোঁ। এদিনো ৰোগগ্ৰস্ত মানুহজনৰ কাষত থিয় হ’ব নোৱাৰিলোঁ। কিবা যেন আধৰুৱা হ’ল!

 অহৰ্নিশে যুঁজি যুঁজি নিজকে গঢ়ি তোলা শিৰ উচ্চ মানুহৰ সংখ্যা এইখন সমাজত বৰ কম। সুবিধাবাদৰ কবলত পৰি গৰিষ্ঠসংখ্যকে আপোন ব্যক্তিত্বক অৱনমিত কৰে। শিৰ উচ্চ মানুহে শুই থকাজনক জগাই দিয়ে, বহি থকাজনক থিয় কৰাই দিয়ে আৰু থিয় হৈ থকাজনক গতি দিবলৈ আমৰণ যুঁজে। এনে এজন যুঁজাৰু আছিল খাটনিয়াৰ। তেওঁক হেৰুৱাই আমাৰ সমাজৰ কিমান ক্ষতি হ’ল, সেই হিচাপ আমি কৰিব পাৰিমনে?❐

(লেখক এগৰাকী বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক) [ ১৩৬ ]

বিপুল খাটনিয়াৰৰ স্মৃতিত একলম

মছউদুল হক

অসমীয়া ভাষাত গল্প লেখকৰ সংখ্যা তাকৰ। যোৱা তিনিটা দশকত খুচৰি চালে লেখত ল’বলগীয়া গল্পকাৰৰ মাজত বিপুল খাটনিয়াৰ এজন মনোজ্ঞ লেখক। ৰিৰিবকৈ বোৱা এছাটি মলয়া বতাহ যেন। প্ৰগতিশীল আলোচনী ‘নতুন পৃথিৱী’ত আৰম্ভ কৰা তেওঁৰ গল্পৰ যাত্ৰা বিভিন্ন আলোচনীৰ পাতত এবছৰৰ আগলৈকে অব্যাহত আছিল। তেওঁৰ ভালেকেইখন গল্প সংকলনে আমাৰ সাহিত্যত এক বিশিষ্ট আসন দখল কৰি আছে।

 খাটনিয়াৰৰ গল্প অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সমকালৰ সমাজ জীৱনৰ দাপোণ৷ তেওঁৰ সুবাসিত চেতনাত ৰংপুৰীয়া ভাষা আৰু কৃষ্টিয়ে ক্ৰিয়া কৰি থকাৰ ফলত তেওঁৰ কলমত প্ৰাণ পাই উঠা কাহিনীৰ ভাষা আৰু স্বচ্ছ আৰু মনোৰম। তেওঁৰ নিজৰ শলগুৰি অঞ্চলৰ চৌদিশৰ পৰিৱেশত বহু কাহিনী, বহু ঘটনা কিম্বদন্তী স্বৰূপে বিৰাজ কৰিছে। তাৰ বহু চৰিত্ৰ আৰু টুকুৰা-টুকুৰ কাহিনী তেওঁৰ গল্পৰ ভালেমান চৰিত্ৰৰ প্ৰাণ। আশৈশৱ চকুৰ আগত দেখি থকা জেৰেঙা-ৰূপহী-মেটেকা- জয়-খামদাং পথাৰ তেওঁৰ বহু গল্পত সজীৱ। নামদাং-ডিমৌ-ৰূপহী চলাখনা আদি নৈ জান-জুৰি-বিল কিছুমান গল্পত সাকাৰ।

 তেওঁ বাল্য আৰু কৈশোৰত দেখা সমাজখনত ধনৰ প্ৰাচুৰ্য নাছিল। ধান-শাক- পাত, মাছ-গাখীৰ কিন্তু আছিল পৰ্যাপ্ত। তেল কোম্পানীকে ধৰি বিভিন্ন চাকৰিয়ে আৰু আনকি হাবি কটা শ্ৰমিকৰ মজুৰিয়েও আনিলে পৰিৱৰ্তন। শিক্ষা-দীক্ষাৰ বাবে দীঘল বাট বুলিব লাগে। বাট-পথ খলা-বমা। দলঙৰ কথা নোকোৱাই ভাল। দলং আৰু সাঁকো ঢলং-পলং। বাটত জাৰণি-বাঁহনি-পিটনি। বাৰিষা আঁঠুৱনীয়া বোকা। চাইকেলত ডবল কেৰী। গাঁৱত চাইকেলনো আছিল কেইখন! ৰেডিঅ’ একোটা চুবুৰীত নাছিলেই। তাৰ মাজতো তেওঁলোকৰ অঞ্চলটো পঢ়া-শুনাত আগবঢ়া। নাৰী [ ১৩৭ ] শিক্ষাতো পিছপৰি থকা নাছিল। চাৰি-পাঁচ দশকৰ দূৰত্বৰ পৰা লক্ষ্য কৰি গল্পকাৰ নিজেই আচৰিত আৰু অভিভূত হৈছিল। সেই অনুভৱ-অনুভূতিও ধৰা আছে তেওঁৰ গল্পত। কচু-ঢেঁকীয়াত নৈ পাৰৰ ঔটেঙা আৰু পুঠি-খলিহনা দিয়া, আলু দুটাৰ লগত গৰৈ মাছ পোৰাৰ পিটিকাত দুটোপ ঘানিৰ পকা তেল দি একাঁহী ভাতেৰে আলহী সোধা দিনবোৰ গল্পকাৰৰ নষ্টালজিয়া। বিবিধ ৰেছিপিৰে তেল-মছলা-ঘিঁউৰ গোন্ধে আমোলমোল ‘কাৰী’ আৰু বিৰিয়ানীয়ে ক’ত পায় তাৰ জোৰ! নেওথনি-যঁতৰ উঘা- চেৰেকিৰ কেৰেং-মেৰেং, কপাহৰ জোলা এৰী-মুগাৰ খোলাৰ গোন্ধ আৰু মাকোৰ খট্‌খটনিৰ সেই দিনবোৰত মানুহৰ মন আছিল নিকা, ফটফটীয়া। মনৰ ঐশ্বৰ্যৰে বলী সেই মানুহবোৰ ক্ৰমে পিছ হুঁহকিল, হেৰাই গ'ল। খাটনিয়াৰৰ গল্পই তেওঁলোকক আদৰি অনাৰ চেষ্টা চলাই গ’ল।

 তেওঁৰ গাঁৱৰ মাজেদি অহা-যোৱা কৰা শৰৎ মহন্ত ছাৰ আৰু তেওঁৰ ভাতৃ পোনা মহন্ত (অধ্যাপক পোনা মহন্ত), বিয়াগোম শৰীৰৰ দেৱেন লাহনহঁতৰ প্ৰগতিশীল চিন্তা-চৰ্চাৰ কথা ডেকাচামে ষাঠি-সত্তৰৰ দশকত আলোচনা কৰে। এবাৰ বিষ্ণু ৰাভা-ফণী শৰ্মায়ো ভূমুকি মাৰিলেহি। মাজে মাজে খগেন বৰবৰুৱাই বাইচাইকেল চলাই সোঁ-শৰীৰে উপস্থিত হয়হি। তেওঁ জীৱন্ত কিম্বদন্তী। গাঁৱৰে বল্লভ হাজৰিকা আৰু টংকেশ্বৰ কাকতিৰ সান্নিধ্যও তেওঁলোকে লাভ কৰে। ভূঞা পৰিয়ালৰ শিক্ষা- দীক্ষা, সামাজিক অবদানৰ কথাও জানে, শুনে। কলেজীয়া জীৱনত নিত্যানন্দ গগৈ, শৰৎ মহন্ত, যোগেন চেতিয়া ছাৰৰ প্ৰগতিশীল চিন্তা-চৰ্চাই বাঁওপন্থী পৰিৱেশৰ মাজলৈ টানি নিলে। গণনাট্য সংঘৰ প্ৰভাৱ তেতিয়া সেই অঞ্চলৰ গাঁওবোৰতো আছিল। পৰম্পৰাগত কৃষ্টি-সংস্কৃতিৰ লগতে নাট্য-চৰ্চাৰো থল আছিল। তেওঁ জড়িত হৈ পৰিছিল তেনেবোৰ অনুষ্ঠানৰ লগত। সংগীত সাধক মাখন ভূঞা ছাৰৰ সাধনাৰ প্ৰভাৱো পৰিছিল তেওঁৰ জীৱনত।

 চাকৰি জীৱনত খনিজ সম্পদৰ দানত তেওঁ দেখিলে সৰল হাঁহিমুখীয়া গ্ৰাম্য সমাজলৈ অহা পৰিৱৰ্তনবোৰ। অতিথিবৎসল জনজাতীয় সমাজত বহিৰাগত শ্ৰমিক-কৰ্মচাৰী ‘বিদেশী’ আৰু ‘শত্ৰু’ বুলি চিহ্নিত হ’ল। তেওঁলোক আক্ৰান্ত হৈছে। হত্যা আৰু সংঘৰ্ষই বহুতকে বিধ্বস্ত কৰিছে। ষাঠি-সত্তৰৰ দশকৰ আদৰ্শবাদ, সকলো সমাজক দাৰিদ্ৰ আৰু শোষণৰপৰা মুক্ত কৰা চিন্তাৰ প্ৰভাৱ তেতিয়া শেষ। তাৰ ঠাইত পুঁজিবাদৰ মৰ-কামোৰ সৃষ্টি কৰা জাতি-ধৰ্ম-গোষ্ঠী আৰু ভাষিক বিচ্ছিন্নতাৰ প্ৰাধান্য। অৰ্থনৈতিক সংকট পৰিচয়ৰ সংকটত পৰিণত হ’ল। কোনোবা মুহূৰ্তত অস্ত্ৰ-শস্ত্ৰ, বোমা-বাৰুদ লোৱা গোটৰ সৃষ্টি হ’ল। প্ৰাকৃতিক সম্পদ লুট কৰাত তেওঁলোক হ’ল বৃহৎ পুঁজিৰ গোলাম। হত্যা-হিংসাৰ লগৰীয়া যৌনতা আৰু মাদক [ ১৩৮ ] আসক্তিয়ে মানৱতাক ভূ-লুণ্ঠিত কৰিলে। এটা সময়ত অস্ত্ৰধাৰী ৰাজনৈতিক নেতা হ’ল।ইচামক সিচামৰ বিৰুদ্ধে যুঁজাই ৰাজনৈতিক সুবিধা লাভ আৰু প্ৰাকৃতিক সম্পদৰ লুণ্ঠন সমানে আগুৱাই গ’ল।

 ‘দখাৰ’ৰপৰা ‘কালান্তৰৰ কথকতা’ আৰু তাৰ পাছতো খাটনিয়াৰে মানৱীয় সম্পৰ্কবোৰ ছিন্ন-ভিন্ন হৈ যোৱা সময়ৰ কাহিনীত তুলি ধৰিছে। তাৰ মাজতো আশাবাদৰ সন্ধান তেওঁ কৰিছে। বিভিন্ন চৰিত্ৰৰ মাজেদি আশাবাদ জীয়াই ৰখাৰ চেষ্টা চলাই গৈছে। প্ৰচণ্ড দুঃসময়তো আশাৰ চাকি জ্বলাই ৰখা আৰু তাক উজ্জ্বলৰপৰা উজ্জ্বলতৰ কৰাৰ চেষ্টাৰ মাজতেতো মানৱীয় জীৱনৰ সাৰ্থকতা! তেওঁৰ লক্ষ্য বিচ্ছিন্নতাবাদী চিন্তাৰপৰা মানুহৰ মনবোৰ মুক্ত কৰা। এই প্ৰচণ্ড আশাবাদৰ সাধনৰ বাবেই বিপুল খাটনিয়াৰ নমস্য। পুঁজিবাদী কৰ্প’ৰেট তন্ত্ৰৰ জয় জয়কাৰৰ মাজত তেওঁ উপযুক্ত স্বীকৃতি নাপালে। কিন্তু ইতিহাসে দিশ সলাবই। মানৱতাৰ ধ্বজা গগনচুম্বী হ’বই। বিপুল খাটনিয়াৰ আৰু তেওঁৰ নিচিনা বহু সতীৰ্থই জ্বলোৱা ঢিমিক- ঢামাক চাকিবোৰ সেই সুদিনত সূৰ্যৰ দৰে জ্যোতিষ্মান হ’বই।

পূৰ্বপ্ৰকাশ
মুক্ত চিন্তা, ছেপ্টেম্বৰ, ২০২১

(লেখক এগৰাকী বিশিষ্ট চিন্তাবিদ আৰু নিৱন্ধকাৰ)

‘ডিফু’ৰ কোনোবা এখন গাঁৱত

[ ১৩৯ ]

খোজৰ শব্দ আৰু নুশুনো

দিলীপ কুমাৰ ভট্টাচাৰ্য

বিশিষ্ট গল্পকাৰ বিপুল খাটনিয়াৰ ঢুকাল। খবৰটোৱে মনটো জোঁকাৰি গ'ল৷ ‘নতুন পৃথিৱী’ৰ পাতত গল্পলেখক হিচাপে প্ৰতিষ্ঠা লাভ কৰা খাটনিয়াৰে পৰৱৰ্তী সময়ত অন্যান্য কাকত-আলোচনীতো গল্প লিখিবলৈ লয়। নিজস্ব কথনভঙ্গীৰে তেওঁ গল্পৰ বিষয়বস্তুক অভিনৱত্ব প্ৰদান কৰিছল। কোনো কোনো গল্পত উপভাষাৰ প্ৰয়োগ মন কৰিবলগীয়া। উদাহৰণস্বৰূপে ‘ভিন্ন জীৱন ভিন্ন কথকতা’ত সন্নিবিষ্ট ‘মেঘ’ নামৰ গল্পটোত পাটকাই পাহাৰৰ নামনিত প্ৰচলিত উপভাষা ব্যৱহাৰ কৰা দেখা গৈছে। তেওঁৰ প্ৰথম প্ৰকাশিত গল্প-সংকলন ‘খোজৰ শব্দ’ (১৯৮০)। ‘চিনাকি মুখৰ ছবি’ (১৯৯৫), ‘দখাৰ’ (১৯৯৯), ‘তাই কাপোৰ নিপিন্ধে’, ‘ভিন্ন জীৱন ভিন্ন কথকতা’ (২০০৯) আদি তেওঁৰ আন কেইখনমান উল্লেখযোগ্য গল্প সংকলন। প্ৰবন্ধকাৰ হিচাপেও তেওঁ সুপৰিচিত আছিল। তেওঁৰ সম্পাদিত পুথিসমূহ হৈছে—‘সূৰ্য ঢকা মেঘ’, ‘সাহিত্য নিৰ্মাণ প্ৰসংগ’, ‘স্মৃতিলেখা : অনিল ৰায়চৌধুৰী’, ‘নিলিখা গল্প’ আদি। পৰমানন্দ মজুমদাৰৰ সৈতে যুটীয়াভাৱে সম্পাদনা কৰা ‘হেমাংগ বিশ্বাস’ আন এখন উল্লেখযোগ্য পুথি। ১৯৫৩ চনৰ ১৯ মাৰ্চত তিনিচুকীয়া জিলাৰ দেওশাল চাহ বাগিচাত জন্মগ্ৰহণ কৰা খাটনিয়াৰ পেছাত আছিল এগৰাকী ভূতত্ত্ববিদ। ১৯৭৫ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ভূতত্ত্ব বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি অসম চৰকাৰৰ ভূতত্ত্ব আৰু খনি বিভাগত যোগদান কৰিছিল। ২০১৩ চনত তেওঁ চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে।

 সমাজতান্ত্ৰিক বাস্তৱতাক ভিত্তি কৰি গল্প ৰচনা কৰা খাটনিয়াৰ প্ৰগতিশীল সাহিত্য সংগঠন ‘নতুন সাহিত্য পৰিষদ’ৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আছিল। তেওঁক প্ৰথমে লগ পোৱাৰ সৌভাগ্য হৈছিল নতুন সাহিত্য পৰিষদৰ চতিয়া শাখা আৰু ‘ইষ্টান্তিক’ৰ যুটীয়া উদ্যোগত ২০০৬ চনত চতিয়াত আয়োজিত এক গল্পৰ কৰ্মশালাত। ডেৰ শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা উক্ত কৰ্মশালালৈ সঞ্চালক হিচাপে মোক আমন্ত্ৰণ জনোৱাত নতুন সাহিত্য পৰিষদৰ ৰাজ্যিক সম্পাদক তথা [ ১৪০ ] কৰ্মশালাৰ প্ৰশিক্ষক বিপুল খাটনিয়াৰ ডাঙৰীয়াক লগ পাইছিলোঁ। কৰ্মশালাখন উদ্বোধন কৰিছিল অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক প্ৰয়াত প্ৰদীপ ভূঞাই। চুটিগল্প সম্পৰ্কে খাটনিয়াৰৰ ধ্যান-ধাৰণা আৰু বিশ্লেষণ ক্ষমতা দেখি আমি অভিভূত হৈছিলোঁ। তেওঁৰ ব্যক্তিগত আচৰণ আৰু কথা-বাৰ্তায়ো আমাক মোহিত কৰিছিল। নতুন সাহিত্য পৰিষদে ২০০৯ বৰ্ষৰ পৰা প্ৰদান কৰা ‘প্ৰফুল্ল ডেকা সোঁৱৰণী শিশু সাহিত্য বঁটা’ৰ বাবে মোৰ ‘একুৰি মেকুৰীৰ দুকুৰি কাণ’ নামৰ পুথিখন নিৰ্বাচিত হৈছিল। সেই বঁটা প্ৰদান কৰা হৈছিল ২০১০ চনত শিৱসাগৰত অনুষ্ঠিত ত্ৰয়োদশ ৰাজ্যিক অধিৱেশনৰ মুকলি সভাত। সেই উপলক্ষত শিৱসাগৰলৈ গৈছিলোঁ আৰু তাত প্ৰাক্তন সম্পাদক বিপুল খাটনিয়াৰ ডাঙৰীয়াক লগ পাইছিলোঁ। তেওঁ মোক অভিনন্দন জনাইছিল। মই নতুন সাহিত্য পৰিষদৰ সদস্য নাছিলোঁ। সেই কথা তেওঁ জানিছিল নে নাই নাজানো, কিন্তু কথাৰ মাজত তেওঁ এষাৰ গুৰুত্বপূৰ্ণ কথা কৈছিল— ‘আমি যি সংগঠনতেই নাথাকো কিয়, সমাজৰ নিঃস্ব-নিষ্পেষিতজনৰ বাবে চিন্তা কৰাটো, মাত মতাটো আমাৰ দায়িত্ব — সেয়া কণ্ঠেৰেই হওক বা কলমেৰেহে হওক।’ প্ৰগতিশীল চিন্তা-চেতনাৰে সমৃদ্ধ এইগৰাকী যশস্বী গল্পলেখক যোৱা ৪ জুলাইত অকালতে আমাৰ মাজৰপৰা আঁতৰি যোৱাটো অসমীয়া সমাজ-সাহিত্যৰ বাবে অতি দুৰ্ভাগ্যজনক কথা।❐

পূৰ্বপ্ৰকাশ
অসমীয়া খবৰ, ১৪ জুলাই, ২০২১

(লেখক এগৰাকী বিশিষ্ট কবি আৰু শিশু সাহিত্যিক

‘নতুন সাহিত্য পৰিষদ’ৰ একাদশ ৰাজ্যিক সন্মিলনত

[ ১৪১ ]

সাহিত্যই যাৰ জীৱন আছিল

নন্দিতা দেৱী

গল্প সাহিত্যক এক নান্দনিক শিল্প কলালৈ ৰূপান্তৰ কৰা বিপুল খাটনিয়াৰ দেৱ অসমীয়া গল্প সাহিত্যৰ এজন পুৰোধা ব্যক্তি। বহুদিনৰে পৰাই মই আছিলোঁ তেখেতৰ এজন গুণমুগ্ধ পাঠক। সেয়ে হলেও গল্পকাৰৰ বিষয়ে মই একোৱেই জনা নাছিলোঁ। কৰ্মসূত্ৰে গুৱাহাটীলৈ অহাৰ পাছত কোনোবা এখন সভাত স্বনামধন্য কবি সমীন্দ্ৰ হুজুৰি দেৱে মোক তেখেতৰ লগত পৰিচয় কৰাই দিয়ে। সেই চিনাকিৰে আঁত ধৰি মই তেখেতৰ সৈতে গল্পৰ বিষয়ে কিছু টেলিফোনিক বাৰ্তালাপ কৰাৰ সুযোগ পাওঁ। তেখেতৰ দৰে এজন জ্যেষ্ঠ গল্পকাৰৰ সৈতে সাম্প্ৰতিক গল্পৰ বিষয়ে টেলিফোনতে হ’লেও আলাপ আলোচনা কৰিব পৰাটো মোৰেই এক সৌভাগ্য বুলি মই গণ্য কৰোঁ। ভাল গল্প ক’ৰবাত পঢ়িলে তেখেতে মোক সদায় পঢ়িবলৈ উপদেশ দিছিল।

 এইক্ষেত্ৰত মই জানিবলৈ সুযোগ পোৱা তেখেতৰ গল্প ৰচনাৰ আঁৰৰ কিছু কথা উনুকিয়াবলৈ মন যায়। নিজৰ বিষয়ে কৈ ভাল নোপোৱা লেখকজনে কেতিয়াবা লেখক জীৱনৰ কিছু কথা মাজে সময়ে কথা প্ৰসংগত ব্যক্ত কৰিছিল। এবাৰ এটা গল্প লেখাৰ খাতিৰতে তেখেত বহুদিনলৈ মাজুলীত গৈ আছিলগৈ৷ এবাৰ আছিলগৈ আকৌ গোৱালপাৰাৰ ফালে ক'ৰবাত। ক্ষেত্ৰভিত্তিক এনেবোৰ অধ্যয়নে তেখেতৰ গল্পবোৰ সমৃদ্ধ কৰি তুলিছিল। অসমৰ বিভিন্ন অঞ্চলৰ পৰিৱেশক তেখেতে গল্পত পটভূমি হিচাপে ব্যৱহাৰ কৰিছে। পটভূমিৰ লগতে তেখেতে ব্যৱহাৰ কৰে ঠাইভেদে প্ৰচলিত বিভিন্ন ভাষাৰ ঠাঁচ। তেখেতৰ গল্প কিছুমানত ইমান খুঁতি-নাটি আৰু ডিটেইল্‌চ মই লক্ষ্য কৰিছিলোঁ যে এবাৰ মই তেখেতক সুধিয়ে পেলাইছিলোঁ এয়া আপোনাৰ প্ৰত্যক্ষ অভিজ্ঞতাৰে ফচল নেকি? এই বিষয়ে ক’বলৈ গৈ তেখেতে এষাৰ গুৰুত্বপূৰ্ণ কথা কৈছিল, এনেকৈ কোনো ঠাইত মাহেক দিন থাকিলেই যে এটা ভাল গল্প হ’ব, কথাটো এনেও নহয়। গল্পকাৰে গ্ৰহণ বৰ্জন কৰিব জানিব লাগিব। এৰা, তেখেতে বৰ প্ৰয়োজনীয় কথাই কৈছিল। জীৱনক কলালৈ ৰূপান্তৰ কৰাটো ইমান সহজ কথা নহয়। পৰিমাপ সঠিক হ’ব লাগিব।

 গল্প এটিক নান্দনিক শিল্প কৰ্মলৈ পৰিৱৰ্তন কৰিব নোৱাৰা পৰ্যন্ত বছৰ বছৰ [ ১৪২ ] জুৰি তেখেতে কোনো এটি গল্পৰ প্লট নিজৰ মাজতে কঢ়িয়াই ফুৰিছিল। হয় প্ৰতিজন ভাল লেখকৰে শিল্পক ধাৰণ কৰি লৈ ফুৰিব পৰা ক্ষমতা থাকে। এয়া যেন ধাৰণকাল। এই ধাৰণ অবিহনে নান্দনিক সৃষ্টি সম্ভৱ নহয়। সঁচাকৈয়ে গল্প যেন কোনো এক নিপুণ শিলাকুটিৰ এক শৈল্পিক ভাস্কৰ্যহে! সফল গল্পকাৰ এজনে এনেকৈয়ে এই শিল্পক আগুৱাই লৈ যায়।

 তেখেতৰ গল্পৰ আলোচনা স্থান বিশেষে ভিন্নজনে কৰিছে আৰু কৰি থাকিব; সেই বিষয়ে মই আৰু বিশেষ নকওঁ; কিন্তু এটা কথা নকৈ নোৱাৰোঁ কেইবাটাও দশক জুৰি তেখেতে লিখি উলিওৱা গল্পসমূহৰ আলোচনা অবিহনে অসমীয়া গল্প সাহিত্যৰ আলোচনা আধৰুৱা হৈ ৰ’ব। এয়া মোৰহে এক নিজা অনুভৱ। এনে এজন গল্পকাৰেও আমাৰ সাহিত্যত যথোচিত মৰ্যাদা নাপালে বুলি কেতিয়াবা খেদ হয়। অৱশ্যে বিশেষ স্বীকৃতি আদিক একাষৰীয়াকৈ থৈও আমাৰ পাঠক সমাজৰ এখন নিজা বিচাৰ মঞ্চ সদায় আছে। খাটনিয়াৰদেৱেও এনে ধৰণেই কথাবোৰ বিশ্বাস কৰা যেন বোধ হয়।

 তেখেত মানুহৰ এজন শুভচিন্তক আছিল আৰু মানুহক আগুৱাই নিয়াত অনুঘটকৰ ভূমিকা গ্ৰহণ কৰিছিল। স্বাৰ্থৰহিতভাৱেই এনেবোৰ কাম কৰিবলৈ তেখেতে ভাল পাইছিল। চাবলৈ গ'লে তেখেত মোৰ মাথোঁ এদিনৰ চিনাকি; তৎসত্বেও এজন জ্যেষ্ঠ গল্পকাৰ হিচাপে নানান সজ উপদেশ মাজে মাজে মোলৈ আগবঢ়াইছিল, মই মোৰ গল্প ক’ৰবাত প্ৰকাশ হ’লৈ তেখেতক জনাইছিলোঁ। মোৰ গল্প পঢ়ি এজন কঠোৰ নিৰ্মম সমলোচকৰ দৰে গল্পটোৰ কিয়দাংশ উল্লেখ কৰি কৈছিল, আপোনাৰ গল্পটোৰ এই অংশটো অথবা এই শাৰীকেইটা নিদিলেও হ’লহেঁতেন নেকি এবাৰ অলপ চিন্তা কৰি চাবচোন।’ এনেবোৰ উপদেশেৰে মই উপকৃত হৈছিলোঁ আৰু আগলৈ সাৱধান হৈছিলোঁ।

 সঁচাকৈ পাছত মই চিন্তা কৰি দেখোঁ, তেখেতে উল্লেখ কৰা অংশই গল্পটো আগবঢ়াই নিয়াত অথবা গল্পৰ উদ্দেশ্যত বিশেষ ভূমিকা লোৱা নাই; গল্পটো অযথা মেদবহুলহে কৰি পেলাইছে।

 সঁচাকৈ এজন ভাল লেখক হ’বলৈ হ'লে নিজৰ লেখাৰ প্ৰতি নিৰ্মম হ’ব পাৰিব লাগিব, এইখিনিতে TS Eliotৰ এষাৰ কথা প্ৰণিধানযোগ্য : When one creative mind is better than another, the reason often is that the better is more critical.

 তেখেত এজন সহজ সৰল, অনাড়ম্বৰ জীৱন শৈলী ভাল পোৱা লোক আছিল। জীৱন আৰু সাহিত্যক তেখেতে একাকাৰ কৰি পেলাইছিল। সততে স্পষ্টবাদী স্থিতি গ্ৰহণ কৰা খাটনিয়াৰদেৱৰ জীৱনত লুকঢাক বুলিবলৈ একো নাছিল। [ ১৪৩ ] এবাৰ তেখেতৰ এটা সাক্ষাৎকাৰ ‘কথা’ আলোচনীত পঢ়া মনত আছে। তাত তেখেতে অসমীয়া কিতাপৰ বজাৰৰ পুতৌলগা অৱস্থাৰ বিষয়ে ক’বলৈ গৈ এঠাইত কৈছে, এটকা দৰত কেজি হিচাপত তেখেতৰ কোনোবা এখন কিতাপ কাগজৱালাই কিনি নিয়াৰ কথা।

 এয়া এক নিৰ্মম সত্য যে অসমত লেখক হৈ জীয়াই থকা নাযায়। প্ৰায়ভাগ অসমীয়া মানুহে কিতাপ কিনি নপঢ়ে। ‘ৰেডিচন ব্লু’ত সমাজত হাজাৰোধিক বিল, বিনাদ্বিধাই পৰিশোধ কৰা এজন মানুহে গ্ৰন্থমেলাত দুশ টকাৰ এখন কিতাপ কিনিবলৈ দহবাৰ চিন্তা কৰিব। আমি কথাবোৰ মুখ খুলি নক’লেও এয়া আমাৰ প্ৰতিজন লেখকৰে তিক্ত অভিজ্ঞতা। আমি নকওঁ আৰু ক’বলৈও বেয়া পাওঁ ‘আমাৰ কিতাপ বিক্ৰী নহ’ল’ কাৰণ কিজানি মানুহে আমাৰ লেখনিৰ মানত সন্দেহ প্ৰকাশ কৰে। কিন্তু খাটনিয়াৰদেৱ নিজৰ লেখাৰ মান সম্পৰ্কে সন্দিহান নাছিল; সেয়েহে সাহিত্যৰ বজাৰখনৰ পুতৌলগা অৱস্থাৰ উদাহৰণ দিবলৈ গৈ কোনো লুকঢাক নকৰাকৈ নিজৰ কিতাপ এটকা দৰত কেজি হিচাপত বিক্ৰী হোৱা কথাটো এখন মান্য আলোচনীৰ সাক্ষাৎকাৰত সাহসেৰে কৈ গ’ল। মই নিজকে নিজে প্ৰশ্ন কৰোঁ ‘মই বাৰু নিজে এনেকৈ ক’ব পাৰিলোঁহেঁতেন নে?’ নিজলৈ প্ৰশ্নটো ঠেলি দি যেতিয়া উত্তৰ নাপাওঁ, খাটনিয়াৰদেৱলৈ শ্ৰদ্ধাত মূৰটো দোঁ খাই যায়।

 খাটনিয়াৰদেৱে ‘ঘঁৰিয়ালডাঙাৰ কথা’, ‘ভিন্ন জীৱন ভিন্ন কথকতা’, ‘হাৱা ভাল চলা নাই’ ইত্যাদিকে ধৰি সৰ্বমুঠ প্ৰায় সাতখনমান গল্প সংকলনেৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। সম্পাদনা সাহিত্য তথা অনুবাদ সাহিত্যলৈও তেখেতৰ উল্লেখযোগ্য বৰঙণি আছে। তদুপৰি আছে বিভিন্ন আলোচনীত সিঁচৰতি হৈ থকা চিন্তামূলক প্ৰবন্ধ।

 তেখেতে বহুতো উচ্চমান বিশিষ্ট গল্প লিখি থৈ গৈছে, যিবোৰৰ আবেগিক ভাষা, ৰচনা ৰীতিৰ ফালৰপৰা বহুতো শিকিবলগীয়া আছে। মই ৰচনাখনৰ আৰম্ভণিতে উল্লেখ কৰাৰ দৰে তেখেতে প্ৰতিটো গল্পৰ ক্ষেত্ৰ অধ্যয়নৰ বাবে অশেষ শ্ৰম কৰিছিল বুলি জনা যায়। গল্পৰ চৰিত্ৰবিলাকৰ কথা-বাৰ্তা, চাল-চলন তেখেতে সূক্ষ্মভাৱে লক্ষ্য তথা অধ্যয়ন কৰিছিল। বিভাস চৌধুৰী, আনন্দ বৰমুদৈ, মনোজ বৰপূজাৰীকে আদি অসমৰ অন্যতম সমালোচকসকলে স্থানভেদে তেখেতৰ গল্পৰ বিষয়ে বিভিন্ন আলোচনা আগবঢ়াই গৈছে।

 সৰ্বশেষত সামৰণিত পুনৰাই মই ক'ব খোজোঁ, সাহিত্য সমাজে তথা অসমৰ ৰাইজে তেখেতক যথোচিত সন্মান দিবলৈ যেন থাকি গ’ল।❐

(লেখক এগৰাকী বিশিষ্ট ঔপন্যাসিক) [ ১৪৪ ]

বিপুল খাটনিয়াৰ

ঝংকাৰিত গদ্যৰ এটি অবিৰত শোভাযাত্ৰাৰ নাম
অশ্বিনী কলিতা

সেয়া আছিল সত্তৰৰ দশকৰ সামৰণি আৰু আশীৰ দশকৰ আৰম্ভণিৰ সময়। মই প্ৰত্যক্ষ কৰিছিলোঁ— ককাইদেৱে ‘নতুন পৃথিবী’ নামৰ আলোচনী এখন বৰ মনোযোগেৰে পঢ়ে। কৈশোৰোন্মুখ বয়সৰ আলি-দোমোজাত থিয় দি স্বাভাৱিক অনুসন্ধিৎসাৰে এদিন আলোচনীখনৰ পৃষ্ঠাবোৰ লুটিয়াই থাকোঁতে হঠাৎ মোৰ দৃষ্টি নিবদ্ধ হৈছিল এটা বিশেষ লেখাৰ ওপৰত। লেখাটো আছিল মোৰ বাবে অচিনা অজানা কোনোবা বিপুল খাটনিয়াৰৰ ‘ঠুমুৰি খেল কি জানানে’ নামৰ এটি চুটি গল্প। প্ৰথম দৃষ্টিতেই লেখাটিয়ে মন চুইছিল। বুজা নুবুজাৰ মাজেৰেই পঢ়ি সাং কৰা গল্পটিয়ে মোৰ কৈশোৰোন্মুখ মননত গভীৰ ৰেখাপাত কৰিছিল। আপাত দৃষ্টিত অলৌকিক বুলি ভবা বাজীকৰ সকলে মনেসজা ঐন্দ্ৰজালিক কৰিশ্মাৰে কিদৰে স্বভাৱজাত ভাবে বিশ্বাসপ্ৰবণ মানুহজাকৰ সৰলতাক লৈ হেতালি খেলে— সেই কথাকেই গল্পটিয়ে তুলি ধৰিছিল। এইটোৱেই আছিল মই পঢ়া প্ৰথম চুটিগল্প। এক কথাত ক’বলৈ গ’লে এই গল্পটিয়ে মোৰ মনত অবধাৰিত ভাবে জন্ম দিছিল সাহিত্যৰ মাধুকৰী সৌৰভৰ প্ৰতি এটি অদমনীয় অনুৰাগৰ।

 পিচলৈ ‘নতুন পৃথিবী’ আৰু অন্যান্য কাকত আলোচনীত প্ৰকাশ পোৱা তেখেতৰ প্ৰায়বোৰ গল্পই পঢ়িছিলোঁ আৰু জন-জীৱনৰ কথন ৰীতিৰ ৰং আৰু ঝংকাৰিত গদ্যৰ তুলিকাৰে অঁকা শোষণ-বৈষম্য-নিৰ্মমতাৰে ভৰুণ সমাজ- সত্যৰ নানাৰঙী ছবিখন দেখি শিহৰিত হৈছিলোঁ। তেখেতৰ প্ৰতিটো গদ্যই যেন জন- জীৱনৰ হেঁপাহ -হাবিয়াসৰ ৰঙেৰে বোলোৱা কঠিন প্ৰহৰৰ পাণ্ডুলিপি।

 ঐকান্তিক কলা-কৈৱল্যবাদী চেতনাস্ৰোতৰ বিপৰীত মেৰুত মাৰ বান্ধি থিয় হৈ সমাজতান্ত্ৰিক বাস্তববাদী বাগধাৰাক বোঁৱতী কৰি ৰখা বিপুল খাটনিয়াৰ নামৰ গদ্যশিল্পৰ মহীৰুহজন অকালতেই আমাৰ মাজৰ পৰা গ’লগৈ। অসমীয়া সাহিত্যৰ ক্ষেত্ৰখনৰ পথৰ দাঁতিৰ আলোকবৰ্তিকা এটি হঠাতে যেন নুমাই থাকিল।

 এই ক্ষতি অপূৰণীয়। তেখেতলৈ যাচিলোঁ মোৰ অবিমিশ্ৰ শ্ৰদ্ধাৰ্ঘ্য।❐

(লেখক ৰেচম বিভাগৰ অধীক্ষক) [ ১৪৫ ]

অলপ কথা আছিল

কিশোৰ কুমাৰ কলিতা

হয়তো সকলোৰে বাবে জীৱনত কিছুমান পথৰ, কিছুমান কেঁকুৰিৰ বিশেষ তাৎপৰ্য থাকে। হয়তো কেতিয়াবা সেই পথে বা কেঁকুৰিয়ে জীৱনলৈ কিছু অভিনৱত্ব আনি দিয়ে, ঠেলা-হেঁচাৰ জীৱনটোত তাৎক্ষণিকভাৱে এনে কিছু অভিজ্ঞতা প্ৰদান কৰে যাক লৈ জীয়াই থকা বাকী জীৱনটোত কেৱল সেইসমূহ অভিনৰ কথা, ঘটনা বা অভিজ্ঞতা পাগুলি থকা যায়। মাজে-সময়ে সমগ্ৰ দৃশাংশ মগজুৰ মেম’ৰিৰপৰা ডিলিট হৈ যোৱা যেন লাগে অথচ অকস্মাৎ পাহৰণিৰ কোনো গৰ্ভৰপৰা, মগজুৰ অ’ত ত’ত বন্ধা বাহৰপৰা একাদিক্ৰমে সেই স্মৃতি ওলাই আহে। কেতিয়াবা স্মৃতিবোৰে বহুদিনৰ বাবে ঘৰ বান্ধে। বুকুখন হেঁচামাৰি ধৰে। চিঞৰিব খুজিলেও চিঞৰিব পৰা নাযায়৷ দূৰৰপৰা কোনোবাই যেন ৰিঙিয়াই মাতে, হাত বাউলি কাষৰলৈ মাতে। অথচ সপোনত ল’ৰচৰ কৰিব নোৱাৰা অৱস্থাৰ লেখিয়া এক অৱস্থাত পৰি সঁহাৰি দিব নোৱাৰি। মাতো বুলিও মাত এষাৰ দিব নোৱাৰি।

 গুৱাহাটী ক্লাবৰপৰা দক্ষিণলৈ সোমাই যোৱা হেদায়েৎপুৰৰ গলিটোতো সোমাই আছে এনে বহু কথা, হেৰাই যোৱা সৰু-বৰ নানা দৃশ্যাংশ, অলেখ হাস্যমুখৰ মুখাৱয়ৱ আৰু কাহিনী যিবোৰে হয়তো এই ক্ষন্তেকীয়া জীৱনটোৰ স্মৃতিকক্ষ ভৰাই ৰাখিছে। বিগত দুটা দশকত এই জীৱনত যি উত্থান-পতন ঘটিল, বিভিন্ন অজুহাতত ছন্দপতন ঘটিল, নপৰোঁ বুলি ভবাৰ পিছতো অলেখ বাৰ যেনেদৰে পিছলি পৰিলোঁ সেই সমগ্ৰ ঘটনাৰ বৃহদাংশ সংঘটিত হৈছিল এই হেদায়েৎপুৰৰ গলিটোতে। মাজে সময়ে সংঘটিত অলেখ ঘটনা, কাহিনী, বাদ-বিবাদ আদিৰ দৃশ্যাংশক স্মৃতিৰপৰা উলিয়াই আনি আঁতিগুৰি মাৰি চাবলৈ বিচাৰোঁ। বেছিভাগৰে পাঠ (text) মোটামুটিভাৱে অনুমান কৰিব পাৰোঁ যদিও সেইবোৰো বিক্ষিপ্তৰূপত চকুৰ আগৰে পাৰ হৈ যায়। সন্দৰ্ভ (context) আৰু গথন (Texture) মোটামুটিভাৱে অস্পষ্ট হয়। [ ১৪৬ ] উদাহৰণস্বৰূপে ২০০২ কিম্বা ২০০৩ চন। ‘নতুন পৃথিৱী’ৰ কাৰ্যালয়ত মূৰত কম চুলি থকা এগৰাকী শীৰ্ণ শৰীৰৰ মানুহ সোমাই আহিছিল। তেতিয়া এই লেখক ‘নতুন পৃথিৱী’ নামৰ ত্ৰৈমাসিক আলোচনীখনৰ সম্পাদনাৰ লগত জড়িত। মূলতঃ লেখা-মেলা গোটাই আলোচনীখন প্ৰকাশ কৰা, বিপণন আৰু এজেণ্ট সকলৰপৰা অৰ্থ সংগ্ৰহৰ দায়িত্ব এই লেখকৰ ওপৰত ন্যস্ত আছিল। শীৰ্ণ শৰীৰৰ মানুহজন হুৰমূৰকৈ সম্পাদনাৰ কোঠাটোত সোমাই সুধিলে— “হীৰেন গগৈ নাই নেকি?”

 মানুহজনক কাহানিও দেখা নাছিলোঁ। মই নিজৰ পৰিচয়টো দাঙি ধৰি হীৰেন দা গোলাঘাটত থকা বুলি ক’লোঁ। মোৰ কথাখিনি শুনি মানুহজনে মোলৈ খাম এটা আগবঢ়াই দি ক’লে – “হীৰেন গগৈক এই গল্পটো দিয়া বুলি ক’ব। বিপুল খাটনিয়াৰে দিয়া বুলি ক’লে হ’ল।”

 তাৰপাছত পুনৰ হুৰমূৰকৈ বিপুল খাটনিয়াৰ নামৰ অৱয়ৱটো মোৰ সমুখৰপৰা এখন বাইকত উঠি আঁতৰি গৈছিল। আমাৰ মাজত কোনোধৰণৰ পাৰস্পৰিক চিনাকি পৰ্ব হোৱা নাছিল। সেইদিনাখন সংঘটিত এই অভিজ্ঞতাৰ কথাবোৰ মোৰ মনত আছে যদিও সেইদিনাখন বিপুল খাটনিয়াৰ নামৰ লেখকজনে কি বৰণৰ কাপোৰ পিন্ধি আছিল, গলত ওলমাই অনা বেগখনৰ ৰঙ কেনেধৰণৰ আছিল, উঠি যোৱা বাইকখন কি বৰণৰ বা তাৰ নম্বৰ-প্লেট কি আছিল সেইবোৰ আজি মোৰ স্মৃতিত মজুত নাই।

 পৰৱৰ্তী সময়ত বিপুলদাৰ লগত অন্তৰংগতা গঢ় লৈ উঠিল। ‘নতুন পৃথিৱী’ৰ কাৰ্যালয়ৰপৰা আৰম্ভ কৰি বিৰিঞ্চি কুমাৰ দাসৰ ডি টি পি চেণ্টাৰত আমাৰ আড্ডা প্ৰায় নিৰৱচ্ছিন্নভাৱে চলি থাকিল। মাজে-সময়ে তেখেতৰ কোনো এটা গল্প লৈ যদি আড্ডা চলে তেন্তে আন কোনো এদিন মই লেখা কোনো প্ৰবন্ধকলৈ বিতৰ্ক চলে। মাজে সময়ে চাহ-বিস্কুটৰ পৰ্ব চলি থাকে। এদিনাখন আক্ষেপেৰে কৈছিলোঁ— ‘বুইছে বিপুল দা, অমুক যদি অমুকৰ সম্পাদক হৈ থাকিলেহেঁতেন তেন্তে মই এতিয়ালৈকে প্ৰতিষ্ঠিত গল্পকাৰ হৈ উঠিলোঁহেঁতেন।’

 সেইদিনাখন সুদীৰ্ঘ সময়ৰ বাবে বিপুল দাই আমাৰ আগত উন্মোচন কৰি দিছিল সৃষ্টিশীল সাহিত্যৰ বিভিন্ন লবীৰ অলেখ কাহিনী। সুধিছিলোঁ— “ আপুনি ইমান অসাধাৰণ গল্প লিখে, অথচ সেই হিচাপত স্বীকৃতি পালে জানো?”

 আপোনভোলা হাঁহিটোৰে বিপুলদাই কৈছিল—“স্বীকৃতিৰ বাবে কোনে লিখে! এই যে কিবা এটা লিখিবলৈ, কিবা এটা কৈ দিবলৈ, সকলোকে জনাই দিবলৈ মনৰ ভিতৰত এক তাগিদা আহি থাকে তাৰ বাবেই বহুতে লিখে। ভিতৰত সাঁচি ৰখা [ ১৪৭ ] কথাবোৰ কৈ দিবলৈয়ে তুমি নিলিখা জানো! নে স্বীকৃতিৰ বাবে লিখা!”

 নীলা-বৰণৰ বাইকখন চলাই গল্পকাৰ বিপুল খাটনিয়াৰ সেইদিনাখন আমাৰপৰা দূৰলৈ আঁতৰি গৈছিল। তাৰ পাছত মাজে সময়ে পুনৰ হেদায়েৎপুৰৰ বিৰিঞ্চিৰ ডিটিপি চেণ্টাৰত আড্ডা। লকডাউনৰ ঘোষণা দিয়াৰ কেইদিনমান আগতে বিপুলদাই বিৰিঞ্চিৰ তাত প্ৰয়াত অনিল ৰায় চৌধুৰীৰ ৰচনাৱলীৰ সম্পাদনাৰ কাম কৰি আছিল। এদিন মোক লগ পাই ক’লে—“তোমাৰ ‘আমাৰ অসম'ৰ লেখাটো পঢ়িলোঁ। পাছত ক’ম। অলপ কথা আছিল।” জোৰ দি ক’লোঁ— ‘এতিয়াই কওক। চাহ একাপ খাওঁ।’

 “নাই, সোনকালে ঘৰ পাব লাগে। গাটোও ভাল লগা নাই।”

 বিপুলদাৰ লগত সেইয়াই শেষ দেখা। তাৰ পাছত কাণ-বাগৰি অহা এটা খবৰ— মনটো শূন্য কৰি যোৱা এটা খবৰ। মাজে মাজে বিপুলদাৰ মুখখন মনলৈ আহি থাকে। মোক তেওঁ কিবা এটা ক’বলৈ বিচাৰিছিল।

 “পাছত কম। অলপ কথা আছিল।”

 কি কথা আছিল বাৰু বিপুল দাৰ! — যি কথা মই আৰু কোনোকালে শুনা নাপাম।❐

(লেখক এগৰাকী বিশিষ্ট নিৱন্ধকাৰ, অধিবক্তা)

উমৰাংচুৰ চূণশিলৰ গুহাত

[ ১৪৮ ]

‘হাৱা ভাল চলা নাই’

ৰশ্মিৰেখা বৰা


 হয়, হাৱা ভাল চলা নাই বিপুল দা।

ক’বলৈ গ’লে হাৱা কোনোকালেই ভাল চলা নাছিল। সেইকাৰণেইতো আপুনি, আমি ঘূৰ্মুতিয়াই ফুৰিছিলোঁ, মূৰ আফালি মৰিছিলোঁ। পিছে হাৱা এতিয়া বেছি বেয়া হৈছে। মুকলিকৈ উশাহ ল’ব নোৱাৰা এই সময়ত চকুৰ আগতে বতাহজাক বৰ ঘাতক হৈ পৰিছে। দিনকদিনে সময়বোৰ বেছিহে বেয়ালৈ গৈ আছে। সকলো দেখিও, সকলো বুজিও আমিচোন একোৱেই কৰিব পৰা নাই। সেইকাৰণেই আপুনি আমাৰ মাজত থাকিব লাগিছিল আৰু অলপ সময় আপুনি থাকিব লাগিছিল।

 এই উভতগোৰে নচা নিলাজ যশপ্ৰাৰ্থী আৰু গোলামবোৰৰপৰা বহু দূৰৈত সকলোলৈকে বুঢ়া আঙুলি এটা দেখুৱাই থাকিব পৰা যিকেইজন মানুহ আঙুলিমূৰত গণিব পাৰি তাৰ মাজৰে এজন আছিল আপুনি। ইজনে সিজনৰ পিঠি খজুৱাই, তলুৱা চেলেকি বঁটা বাহনেৰে আত্মতুষ্টি লভি থকা এই স্তাৱককূলৰপৰা যি দম্ভৰে আপুনি আঁতৰি আছিল সেয়াই আমাৰ বাবে সাহ আছিল আৰু সেই স্পৰ্ধাৰে আমিও জীয়াই থকাৰ অনুশীলন কৰিছিলোঁ। এই অনুশীলনৰ বাটত আপোনাৰ উপস্থিতি, আপোনাৰ খোজৰ শব্দই আমাৰ পৰম সাহস। সেইকাৰণেই আপুনি যে কায়িকভাৱে আমাৰ মাজত নাই, কথাটো পাহৰি যাওঁ। ভীৰৰ মাজত কাৰোবাক আপুনি বুলি ভাবোঁ, ভুলটো ভাগি যোৱাৰ পাছমুহূৰ্ততে আকৌ সেই একেটা ভুলেই কৰোঁ। সেইকাৰণেই চাগে সপোনতো আপুনি আহি কয়, ‘ইমান সোনকালে যাম বুলি ভাবিছা নেকি...’

 অসমীয়া লেখককূলৰ মাজত আপুনি এক ব্যতিক্ৰম আছিল। আপোনাৰ ৰাজনৈতিক আদৰ্শৰ বাবে, স্পষ্টবাদিতা আৰু আপোচহীনতাৰ বাবে, বঁটা বাহন, যশ- খ্যাতিৰ বাবে হামৰাও কাঢ়ি নুফুৰা স্বভাৱৰ বাবে আপোনাক ব্ৰাত্য কৰি ৰখা হ'ল। আপুনি সবৰ্ণ লেখককুলৰ ‘জাত’ত উঠিব নোৱাৰিলে ৷ আপোনাক ইচ্ছা কৰিয়েইআঁতৰাই ৰখা হ’ল। সেইবোৰ কথা যে আপুনি কেতিয়াও গুৰুত্ব দিয়া নাছিল সেয়া জানিছিলোঁ। সেইকাৰণেই আপোনাৰ প্ৰতি শ্ৰদ্ধাত মূৰ দোঁ খাই আছিল আৰু সদায় থাকিব। [ ১৪৯ ]

 জীৱনৰ এছোৱা অতি কঠিন সময়ত আপুনি সাহ হৈ আছিল। সকলো সময়তে নিজৰ স্বাৰ্থ নোহোৱাকৈ কেৱল মানুহক সহায় কৰি থকাই দেখিছিলোঁ। সকলো মানুহকে ইমান ভাল পাবলৈ, ইমান সহায় কৰিবলৈ আপুনি কেনেকৈ পাৰিছিল— এতিয়াও এই কথা ভাবি তবধ মানো।

 আমি অতি কষ্ট কৰি উলিওৱা ক্ষুদ্ৰ আলোচনী ‘ভূমি’ৰ কাৰণে আপুনি দেহেকেহে খাটিছিল। লেখা গোটোৱাৰপৰা, ডিটিপি কৰোৱাই প্ৰুফ চোৱালৈকে। তাৰপিছত আছিল বিতৰণৰ কাম। কোনো কাৰণতে ‘ভূমি’ৰ প্ৰকাশ যাতে বন্ধ নহয় সেই কথা আপুনি বাৰে বাৰে আমাক সকীয়াই আছিল। আপুনি হাতখন আগবঢ়াই দিছিল কাৰণেই বহু বাধা অতিক্ৰমি ‘ভূমি’ ওলাই আছিল। যাদুৰ দৰে চকুৰ পচাৰতে আপুনি কামবোৰ সমাধা কৰিছিল। ‘ভূমি’ৰ সম্পাদনাৰ দায়িত্ব ল’বলৈ মই আপোনাক বাৰে বাৰে অনুৰোধ কৰিছিলোঁ। যি সময়ত একো নকৰাকৈয়ে বহুতে আলোচনীখনৰ ওপৰত অধিকাৰ সাবস্ত্য কৰিবলৈ উঠি-পৰি লাগিছিল, সেইসময়ত আপুনি মোৰ কথা একেআষাৰে উৰাই দি কৈছিল ‘ভূমি তোমাৰ identity, এনেকুৱা কথা দ্বিতীয়বাৰ নক’বা।’

 আপুনি আছিল এজাক মুক্ত বতাহ। আপুনি বুলিলে আজিও সেই দুৰ্দম বেগবান সত্তা এটাহে মনলৈ আহে। আপোনাৰ সমুখত কোনো প্ৰত্যাহ্বানেই দেখোন টিকি থাকিব পৰা নাছিল। সেইকাৰণেই নেকি আপোনাৰ অসুখৰ খবৰটো পাওঁতে বিশেষ চিন্তা কৰিবলৈকে নহ’ল। ভাবিলোঁ, ভাল হৈ যাব, বেমাৰে আপোনাৰ একো কৰিব নোৱাৰে। শেষবাৰ ফোনত কথা পাতোঁতে মোতকৈ আগতে নমৰোঁ বুলি কৈছিল। শেষবাৰ বিৰিঞ্চিৰ ঘৰত লগ পাওঁতে আপোনাৰ ভগ্ন স্বাস্থ্য দেখি কঁপি উঠিছিলোঁ। তথাপিও ভাব নহ’ল আপুনি যাবগৈ। মই কিজানি আপোনাৰ অসুখ হৈছে বুলি মানিয়েই লোৱা নাছিলোঁ। বেছি কথা পাতিবলৈকে নহ’ল। এতিয়া ভাবোঁ আৰু অলপ সময় বহিব পাৰিলোঁহেঁতেন। নতুন কামৰ কথা পাতিব পাৰিলোঁহেঁতেন। পাহৰি থকা এছোৱা সময় আকৌ পাগুলিব পাৰিলোঁহেঁতেন, হয়তো ‘ভূমি’খন আকৌ উলিওৱাৰ পৰিকল্পনাকে কৰিব পাৰিলোঁহেঁতেন।

 বৰ খৰধৰ নহ’লনে বাৰু? মুক্ত বতাহ এজাক হ’ল বুলিয়েইনো এনেকৈ মাত এষাৰ দিয়াৰ সুযোগ এটা নিদিয়াকৈ গুচি যাব লাগেনে!

 হাৱা ভাল চলা নাই বিপুলদা!

 আপুনি ৰৈ দিব লাগিছিল। এই পাতকী হাৱাই চাৰখাৰ কৰা পৃথিৱীখনত আমাৰ দৰে মানুহবোৰৰ কাৰণে আপুনি আৰু অলপ সময় ৰৈ দিব লাগিছিল।❐

(লেখক কবি, গল্পকাৰ আৰু মানৱ অধিকাৰ কৰ্মী) [ ১৫০ ]

বিপুল খাটনিয়াৰ :
সমাজ-সাহিত্যৰ যোদ্ধা সৈনিকজন

সমীন্দ্ৰ হুজুৰি

যোৱা চাৰি দশকতকৈও অধিক কাল অসমীয়া সাহিত্যৰ সবাতোকৈ পৰিশ্ৰমী কথাশিল্পী জনেই হ’ল বিপুল খাটনিয়াৰ। তেওঁ তেওঁৰ কথাশিল্পৰ জগতখনৰ পৰিধি আৰু গভীৰতা নিৰ্মাণ কৰিছে ঈৰ্ষণীয় অধ্যয়ন আৰু বিচিত্ৰ অভিজ্ঞতাৰ সমাহাৰেৰে। তাৰ স্বাক্ষৰ বহন কৰিছে তেওঁৰ গল্প সংকলন ‘খোজৰ শব্দ’ৰপৰা ‘ঘঁৰিয়ালডাঙাৰ কথা’লৈ দীৰ্ঘ চাৰিদশকজোৰা পৰিক্ৰমাই।

 সৃজনীশীল সাহিত্যৰ বাবে কোনো বিষয়ে নিজে প্ৰত্যক্ষভাৱে অৰ্জন কৰা অভিজ্ঞতাৰে লেখকে অংকন কৰা চৰিত্ৰ আৰু পৰিৱেশ-পটভূমিয়ে পাঠকক উত্থাপিত বিষয় সম্পৰ্কে হৃদয়সংবেদী আৰু প্ৰত্যয়জনক ধাৰণা দিয়ে। চৰিত্ৰ একোটা জীৱন্ত ৰূপত তুলি ধৰিবলৈ তাৰ জীৱনৰ তলা-নলা, মানসিক, সামাজিক, দ্বন্দ্ব বিচাৰৰ বাবে লেখকৰ জীৱন দৰ্শনৰ ভেটিতে তেওঁ চৰিত্ৰ একোটিক অনুসৰণ কৰাৰ উপৰিও পুনৰ নিৰ্মাণ কৰে। বিশেষকৈ যিসকল লেখকে সৃজন কৰ্মত চৰিত্ৰটোকে অকল তুলি নধৰে, লেখকৰ কাংক্ষিত জগতখন নিৰ্মাণৰ চেতনাৰেও উজ্জীৱিত কৰিব খোজে। তাৰ বাবে তেওঁৰ ফিল্ডৱ’ৰ্ক আৰু গৱেষণাৰে উত্থাপিত বিষয়ক অধিক প্ৰত্যয়যোগ্য কৰিবলৈ কৰিবলগীয়া শ্ৰমৰ সুযোগ সকলোৰে সমানে নাথাকে। এই ক্ষেত্ৰত বৃত্তিগত সুবিধা বা অভিজ্ঞতাক কামত লগাই সৃজনকৰ্মত সাফল্য অৰ্জনৰ বাবে যিকোনো পৰিৱেশ চম্ভালি ল’বপৰা বিপুল খাটনিয়াৰে অটল অধ্যৱসায়েৰে কাম কৰাৰ সুযোগ উলিয়াই লৈছিল।

 সমাজৰ বিভিন্ন স্তৰৰ মানুহৰ জীৱন জীৱিকা, সামাজিক সম্পৰ্ক আৰু তাৰ বিপৰ্যয়ৰ জাজ্বল্যমান ছবি কথাশিল্পীজনৰ ক্ষুৰধাৰ কলমত জীৱন্ত হৈ ধৰা দিছে। [ ১৫১ ] বিশেষ লক্ষ্যণীয় যে তেওঁৰ গল্পত সমাজৰ বঞ্চিত অৱহেলিতসকলৰ প্ৰতি সমমৰ্মিতাৰ লগতে বঞ্চনাৰ স্বৰূপ উপলব্ধি কৰিব পৰা চেতনাৰো উন্মেষ ঘটাবলৈ অহোপুৰুষাৰ্থ কৰে। এই ক্ষেত্ৰত গল্পকাৰে এজন সক্ৰিয় সচেতন সমাজ-সাহিত্য যোদ্ধাৰো ভূমিকা পালন কৰে। এই চমু নিবন্ধত তেওঁৰ সেই দিশটো তুলি ধৰাৰ প্ৰয়াস কৰা হৈছে।

 অলপতে জ্ঞানপীঠ বঁটা বিজয়ী খ্যাতনামা কোংকনী কথাশিল্পী দামোদৰ মোজে হেমচন্দ্ৰ বৰুৱা সাহিত্য সাধনা বঁটা প্ৰদান কৰি কটন বিশ্ববিদ্যালয়ৰ বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত দিয়া বক্তৃতাত প্ৰতিজন লেখকেই একোজন সক্ৰিয় সমাজ যোদ্ধা হ’ব লাগে বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰিছিল। প্ৰসংগক্ৰমে তেওঁ মহাত্মা গান্ধী আৰু জৱাহৰলাল নেহৰুৰ উদাহৰণ দিছিল। দুয়োজনেই আছিল খ্যাতনামা লেখক, দৰ্শনিক আৰু একে সময়তে সক্ৰিয় সমাজ কৰ্মী।

 এই বিষয়তে মনলৈ আনিব পাৰি যে বেৰিষ্টাৰ গান্ধীয়ে চাহাবী পোছাক এৰি নিৰন্ন দেশবাসীক পৰাধীনতাৰ গ্লানিৰ পৰা মুক্ত কৰিবলৈ দেশৰ দলিত আত্মাক স্বাধীন চেতনাৰে উদ্বুদ্ধ কৰিবলৈ ‘হৰিজন’, ‘ইয়ং ইন্ডিয়া’ কাকত উলিয়াই মূকজনৰ মুখত অব্যৱস্থাৰ বিৰুদ্ধে প্ৰতিবাদৰ ভাষা দিছিল। গান্ধী, নেহৰু দুয়োজনে সচেতন সমাজকৰ্মী ৰূপে সময়োচিত ঐতিহাসিক ভূমিকা পালন কৰিছিল। স্বাধীনতা আন্দোলনৰ গুৰুত্বপূৰ্ণ মুহূৰ্ততে যুদ্ধৰ বিৰুদ্ধে আগশাৰীৰ বিজ্ঞানী দাৰ্শনিক শিল্পীসকলে গঢ়ি তোলা বিশ্বময় যুদ্ধবিৰোধী শান্তি আন্দোলন, য’ত সমাজতান্ত্ৰিক শিবিৰৰ এক নিৰ্ণায়ক ভূমিকা আছিল, তাতো দেশনেতা হিচাপে নেহৰুৱে এক বিশেষ ভূমিকা লৈছিল। যদিও স্বাধীনতাৰ পিছত তেওঁৰ সেই প্ৰগতিবাদী দৃষ্টিভংগী সলনি হৈছিল।

 আমি অসমীয়া সাহিত্যৰ ক্ষেত্ৰতো দেখিবলৈ পালোঁ, সেইসকল কবি সাহিত্যিকেই আমাৰ সাহিত্যক নতুন তেজ দি বিশেষভাৱে সমৃদ্ধ কৰিলে, যিসকলে স্বাধীনতা আন্দোলনত বিশেষভাৱে যুক্ত হৈছিল। সকলো প্ৰকাৰ বঞ্চনাৰ বিৰুদ্ধে মুক্তিৰ বাণী হৃদয়ত ধাৰণ কৰা শিল্পী সাহিত্যিক মাত্ৰেই সক্ৰিয় সমাজকৰ্মী হ’বলৈ বাধ্য। এই কথা আমি অম্বিকাগিৰী, জ্যোতিপ্ৰসাদ, বিষ্ণুপ্ৰসাদ, ভবানন্দ দত্ত (কম বেছি ভূমিকা পালন কৰাসকলৰ তালিকাখন তেনেই সৰু নহয়) অধুনাও সমানেই সক্ৰিয় হৈ থকা বৰেণ্য সাহিত্যিক হীৰেন গোহাঁইৰ ক্ষেত্ৰত দেখা পাওঁ।

 বিগত শতিকাৰ দ্বিতীয়াৰ্দ্ধৰ পৰা সমাজতান্ত্ৰিক আদৰ্শৰে সাহিত্য সাধনা কৰাসকল সংখ্যাত সৰু হ'লেও তেওঁলোকৰ সাহিত্যৰ চিন্তা-চৰ্চাৰ লগতে তেওঁলোকে গ্ৰহণ কৰা মতাদৰ্শৰ এখন সমাজ প্ৰতিষ্ঠাৰ কৰ্মধাৰাৰ সক্ৰিয় কৰ্মী হিচাপেও নিজকে [ ১৫২ ] যুক্ত কৰিছে।

 বিগত শতিকাৰ সত্তৰৰ শেষৰ ফালে আত্মপ্ৰকাশ কৰা কথাশিল্পী বিপুল খাটনিয়াৰ এজন সাৰ্থক গল্পকাৰ হোৱাৰ ওপৰিও এজন কঠোৰ পৰিশ্ৰমী সাহিত্য কৰ্মী। নিজে নিয়মীয়াকৈ গল্প ৰচনা কৰাৰ সমান্তৰালভাৱে এচাম গল্পকাৰ সৃষ্টি কৰাতো তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল।

 ‘নতুন পৃথিৱী’ আলোচনীৰ জৰিয়তে সৃষ্টি হোৱা লেখক, পাঠক, শুভানুধ্যায়ীৰ উদ্যোগত জন্ম হোৱা নতুন সাহিত্য পৰিষদে সৃষ্টি কৰা আৰু আপদাল কৰাসকলৰ কেইবাজনো আজি প্ৰতিষ্ঠিত গল্পকাৰ। সেইসকলৰ ভিতৰত জেহিৰুল হুছেইন, মনোৰমা দাস মেধি, ৰত্না ভৰালী তালুকদাৰ, ইমৰাণ হুছেইন আদিৰ গল্প ৰচনাৰ ক্ষেত্ৰত বিপুল খাটনিয়াৰৰ বিশেষ ভূমিকা আছে। সময়োচিতভাৱে নতুন সাহিত্য পৰিষদৰ মঞ্চৰ জৰিয়তে এইসকলক আদৰণি জনোৱা হৈছিল। মানৱীয় মূল্যবোধ আৰু সমাজ উত্তৰণৰ বৈজ্ঞানিক পথৰ সন্ধানত এইসকল কথাশিল্পীক ব্ৰতী কৰোৱাৰ বাবে দুজনমানক পৰিষদে পুৰস্কাৰেৰে স্বীকৃতি প্ৰদান কৰিছে। ছিৰিয়াচ পাঠকসকল অবগত যে, এই সকলৰে মাজৰ জয়ন্ত চক্ৰৱৰ্তী, মনোৰমা দাস মেধি, ইমৰাণ হুছেইন, বিপুল খাটনিয়াৰ, ৰত্না ভৰালী তালুকদাৰ প্ৰমুখ্যে গল্পকাৰসকলে আশীৰ দশকৰ অসম আন্দোলন, তাৰ অব্যৱহিত জনগোষ্ঠীয় আন্দোলন, উগ্ৰপন্থী হিংসা, নব্বৈ দশকৰপৰা বিশ্বায়নৰ নামত সৰ্বসাধাৰণৰ জীৱনলৈ নামি অহা বিপৰ্যয়ৰ মৰ্মান্তিক ছবি তেওঁলোকৰ গল্পত হৃদয়স্পৰ্শী ৰূপত অংকন কৰিছে। এই বিষয়ে দীৰ্ঘ আলোচনাৰ অবকাশ আছে।

 সাহিত্য যদিও ঘাইকৈ নিৰ্মাণ কৰোঁতাজনৰে নিজৰ একক কৃতি, সমাজ উত্তৰণৰ সাহিত্য নিৰ্মাণ বাবে সাহিত্য কৰ্মীসকলক সমৃদ্ধ কৰিবলৈ সংগঠিত শিল্পসন্মত প্ৰচেষ্টাও প্ৰয়োজনীয়।

 নতুন সাহিত্য পৰিষদে এইক্ষেত্ৰত প্ৰগতিবাদী সাহিত্য তত্ত্ব আৰু আলোচনাৰ এলানি প্ৰবন্ধ পুথি প্ৰকাশ কৰাৰ সমান্তৰালভাৱে সাহিত্য নিৰ্মাণৰ উৎকৰ্ষ সাধনৰ বাবে গল্প, কবিতা,প্ৰবন্ধ লেখা সম্পৰ্কে এলানি কৰ্মশালাও অনুষ্ঠিত কৰিছিল; য’ত আনসকলৰ লগতে বিপুল খাটনিয়াৰৰ আছিল নিৰ্ণায়ক ভূমিকা।

 নতুন সাহিত্য পৰিষদে অকালতে হেৰুওৱা আন এজন অক্লান্ত সাহিত্য কৰ্মী গৱেষক সুভাষ সাহা, গল্পকাৰ নৰেন দাস, তৰুণ কবি মনোজ বৰপূজাৰী আদিয়ে চন্দ্ৰ শৰ্মাৰ বিশেষ সহযোগত তেওঁৰে প্ৰেছৰপৰা অভিমত নামৰ আলোচনী এখন প্ৰকাশ কৰিছিল। এই উদ্যোগৰো অন্যতম সহযোগী আছিল বিপুল খাটনিয়াৰ। [ ১৫৩ ]  অসম আন্দোলনৰ মাজতে উগ্ৰজাতীয়তাৰ গৰাহত পৰা কাকত আলোচনীৰ বিপৰীতে গণতান্ত্ৰিক মত প্ৰকাশ কৰিবলৈ আত্মপ্ৰকাশ কৰা সাপ্তাহিক জনজীৱনৰ বিশেষ সংখ্যাৰ গল্প সংগ্ৰহ আৰু নিৰ্বাচনতো খাটনিয়াৰে আগভাগ লৈছিল। কনিষ্ঠ গল্পকাৰজনে কৃষ্ণ বৰাৰ দৰে জ্যেষ্ঠজনক উপন্যাস লিখিবলৈ উদ্বুদ্ধ কৰিছিল।

 তেওঁৱেই পৰিষদৰ পুৰোধা অনিল ৰায়চৌধুৰীৰ দিহাৰে অভিবাসী মুছলমান সমাজৰপৰা ওলাই অহা ইছমাইল হোছেইনক (প্ৰয়াত) লগত লৈ সৰভোগত চৰ- চাপৰি বাসীৰ জীৱনৰ সমস্যা সম্পৰ্কে চিন্তা উদ্ৰেককাৰী আলোচনাচক্ৰ অনুষ্ঠিত কৰিছিল। পৰৱৰ্তীকালত ‘চৰ চাপৰিৰ জীৱন চৰ্যা’ শীৰ্ষক প্ৰামাণ্য গ্ৰন্থ প্ৰকাশ হৈছিল। চৰ-চাপৰিৰ জনজীৱনৰ ছবি অংকিত গল্প সংকলন ‘চৰ-চাপৰিৰ গল্প’ সংকলনৰ উপৰিও শেহতীয়াকৈ নতুন সাহিত্য পৰিষদে ‘চৰচাপৰিৰ ফকৰা যোজনা’ নামৰ আন এখন গ্ৰন্থ পৰিষদৰ সদস্যসকলৰ দ্বাৰাই প্ৰণয়ন কৰিছে। এই তিনিখন গ্ৰন্থৰ পৰিকল্পনা গ্ৰহণতো খাটনিয়াৰে বিশেষ দায়িত্ব পালন কৰিছিল।

 অসমৰ জনসমষ্টিৰ আৰু এক বঞ্চিত আৰু অৱহেলিত বৃহৎ জনগোষ্ঠী চাহ জনগোষ্ঠী। এই জনগোষ্ঠীৰ জীৱন জীৱিকাৰ সংগ্ৰামৰ সৈতে যুক্ত বিশিষ্ট শ্ৰমিক নেতা অমল ঘোষ দস্তিদাৰক নতুন সাহিত্য পৰিষদৰ ২০০১ চনত ডিগবৈত অনুষ্ঠিত দশম ৰাজ্যিক সন্মিলনৰ অতিথি ৰূপে আমন্ত্ৰণ জনোৱা হৈছিল। তেওঁ উপন্যাসোপম আৰম্ভণিৰে চাহ জনগোষ্ঠীৰ জীৱন যন্ত্ৰণাৰ মৰ্মান্তিক ছবি তুলি ধৰি সন্মিলনক সম্বোধি দিয়া ভাষণে সকলোকে আলোড়িত কৰিছিল। তেওঁৰ বক্তৃতাৰ আগতে কবি সমীৰ তাঁতী আৰু এই লেখকৰ পৰিচালনাৰে অনুষ্ঠিত হৈছিল কবি সন্মিলন। এই কবি সন্মিলনৰ আৰম্ভণিৰেপৰা শেষলৈ শ্ৰমিক নেতাগৰাকী উপস্থিত আছিল। শ্ৰমিক আন্দোলনৰ ঐতিহ্যবাহী দূৰ-দূৰণিলৈ বিয়পি থকা চাহবাগিচাত ৰ’দ বৰষুণ মূৰত লৈ কাম কৰি জীৱনপাত কৰা শ্ৰমিকসকলৰ জীৱন গাথা থকা কবিতা কাণত নপৰিল বুলি তেওঁ তেওঁৰ বক্তৃতাত দস্তুৰমত ক্ষোভ প্ৰকাশ কৰিছিল। তাৰ কিছুদিন পিছতে পৰিষদৰ ৰূপালী জয়ন্তী বৰ্ষত (২০০৪ চনত) চাহজনগোষ্ঠীৰ জীৱনৰ সাৰ্থক প্ৰতিফলন ঘটাই পৰিষদে প্ৰকাশ কৰিছিল ‘গিৰমিট’ শীৰ্ষক গল্প সংকলন। একে বছৰতে নবীন প্ৰবীণ লেখক গৱেষকৰ প্ৰবন্ধেৰে সমৃদ্ধ গ্ৰন্থ ‘চাহ জনগোষ্ঠীৰ জীৱন চৰ্যা’ প্ৰকাশ পাইছিল। এই আঁচনি ৰূপায়ণতো খাটনিয়াৰে যোগসূত্ৰৰ কাম কৰিছিল।

 সাহিত্যৰ চলমান প্ৰধান ধাৰাৰ চলচাতুৰীৰ বিপৰীতে গণমুখী চেতনাৰে লেখক পাঠক, সৰ্বোপৰি সমস্যাৰ চাকনৈয়াত হাবুডুবু খোৱাসকলক খেৰকুটাৰ আশ্ৰয় আৰু [ ১৫৪ ] ভৰষা দানৰ বাবে নতুন সাহিত্য পৰিষদে প্ৰকাশ কৰা সাম্প্ৰদায়িকতা বিৰোধী গল্প সংকলন ‘মোৰ সপোনৰ সূৰ্যৰ মানুহ’, সন্ত্ৰাস বিৰোধী গল্পৰ সংকলন ‘সূৰ্য ঢকা মেঘ’ সকলোতে খাটনিয়াৰৰ শ্ৰমৰ চানেকি উজলি আছে। তেওঁ নবীন প্ৰবীণ গল্পকাৰ সকলৰ এক যোগসূত্ৰও আছিল। আৰু আছিল অসমীয়া চুটি গল্পৰ এগৰাকী তীক্ষ্ণধী নীৰৱ সমীক্ষকো। যদিও শেষলৈ দুই এজনৰ গল্প উপন্যাস সম্পৰ্কে তেওঁ কেইটামানহে আলোচনা লিখিছিল। বেছিভাগ ক্ষেত্ৰতে অতি অন্তৰংগসকলৰ সৈতেহে এনে বিষয়ত মত বিনিময় কৰিছিল।

 বিপুল খাটনিয়াৰৰ অসমৰ প্ৰতিটো চুক-কোণৰ সৈতে (অধ্যয়নৰ পৰিসৰেৰে ভাৰতৰো) বৃত্তিগতভাৱে ভূতাত্ত্বিক সম্পৰ্ক আছিল, তাৰ সুযোগতে প্ৰায় প্ৰতিটো সৰুবৰ নৃগোষ্ঠীৰ পৰিচয় আৰু তেওঁলোকৰ জীৱন-জীৱিকাৰ যন্ত্ৰণাৰ সৈতেও আছিল ঘনিষ্ঠ পৰিচয়। এইলেখাত সেই আলোচনাৰ সুযোগ নাই। তেওঁৰ গল্পৰ চৰিত্ৰবোৰ জীৱন্ত। ভিন্ন গল্পত তেওঁৰ সাহিত্য-সতীৰ্থই নামে-ধৰা দিয়ে। প্ৰথাগত আৰ্থ- ৰাজনৈতিক পৰিস্থিতিত পৰি ক্ৰমান্বয়ে তিৰোহিত হোৱা মানৱীয় প্ৰমূল্যবোৰ লোকমানসত পুনৰ জাগৃত কৰাৰ বাবেই বিষয়ভিত্তিক সমূহীয়া গল্পপুথি প্ৰকাশৰ আঁচনি নতুন সাহিত্য পৰিষদে সাৰ্থকতাৰে ৰূপায়ণ কৰিব পাৰিছিল। খাটনিয়াৰে কঠোৰ পৰিশ্ৰমেৰে গল্পকাৰসকলক সেই বিষয়ে প্ৰোৎসাহিত কৰিব পৰা সম্পৰ্কৰ বাবেই সেয়া সম্ভৱ হৈছিল। প্ৰকৃত অৰ্থতে বিপুল খাটনিয়াৰ এজন সাৰ্থক গল্পকাৰ হোৱাৰ উপৰিও এগৰাকী অনন্য সাধাৰণ অতি সক্ষম সাহিত্য সৈনিক। তেওঁক যি আদৰ্শই জন্ম দিছিল সেই আদৰ্শেৰে নিজকে তেনেকৈ গঢ়িও তুলিছিল। তথাপিও কিয় জানো শেষলৈ তেনেই অভাবনীয়ভাৱে তেওঁ নিঃসংগ আৰু নিস্তেজ হৈ পৰিছিল। কম সময়ৰ ভিতৰতে কম বয়সতে আমাৰ মাজৰপৰা এক প্ৰকাৰ আকস্মিকভাৱে তেওঁ আঁতৰি গ'ল। তেওঁৰ সমগ্ৰ ৰচনা একত্ৰে প্ৰকাশিত হলে সামগ্ৰিক মূল্যায়নৰ অৱকাশ ওলাব।

 কথাশিল্পী খাটনিয়াৰ অসমীয়া কথা সাহিত্যৰ অবিস্মৰণীয় নাম হৈ সদায়ে জিলিকি থাকিব।❐

(লেখক এগৰাকী বিশিষ্ট কবি, নিৱন্ধকাৰ আৰু 'নতুন সাহিত্য পৰিষদ’ৰ প্ৰাক্তন ৰাজ্যিক সম্পাদক) [ ১৫৫ ]

অসমত প্ৰগতিশীল সাহিত্য আন্দোলনৰ
ধাৰা আৰু যশস্বী গল্পকাৰ বিপুল খাটনিয়াৰ

অহিজুদ্দিন শ্বেখ

সত্তৰৰ দশকৰ আগৰেপৰা প্ৰগতিবাদী চিন্তা-চেতনাই অসমৰ সমাজ জীৱনত মৃদু আলোড়ন সৃষ্টি কৰে। সমাজতান্ত্ৰিক, গণতান্ত্ৰিক আৰু মাৰ্ক্সবাদী চিন্তাধাৰাৰে অনুপ্ৰাণিত তৰুণ আৰু প্ৰবীণ বুদ্ধিজীৱী-সাহিত্যিকসকলে অনুভৱ কৰে যে “অসমত জনগণৰ মাজত গণতান্ত্ৰিক আৰু সমাজতান্ত্ৰিক চেতনা বাঢ়িছে, গণ-আন্দোলন বাঢ়িছে, কৃষক- শ্ৰমিক-মধ্যবিত্তই শোষণ-জৰ্জৰিত অৱস্থাৰপৰা মুক্তি পাবলৈ, জীৱন-জীৱিকাৰ নিৰাপত্তা পাবলৈ আৰু শ্ৰেণী শাসনৰ অপশাসনৰপৰা উদ্ধাৰ পাবলৈকে সচেতন আকাংক্ষা এটাই মূৰ্ত ৰূপ ধৰিছে। মাৰ্ক্সবাদী আদৰ্শৰে উদ্বুদ্ধ ছাত্ৰ, যুৱক, কৃষক, শ্ৰমিকসকলে সংগঠিত হৈ সংগ্ৰামৰ পথ লৈছে”(অনিল ৰায়চৌধুৰী, নতুন সাহিত্য পৰিষদ, অসমৰ চমু ইতিহাস, ৰূপালী দিন, ২৯-৩১ জানুৱাৰী, ২০০৪)। এনে এক বাস্তৱ পৰিস্থিতিত অপসংস্কৃতি আৰু শাসক-শোষক শ্ৰেণীৰ অপচেষ্টা মষিমূৰ কৰি জনগণৰ চিন্তা-চেতনাক সাৰপানী যোগোৱাৰ উদ্দেশ্যে ১৯৭১ চনত ‘নতুন পৃথিৱী’ আলোচনীৰ জন্ম। এই আলোচনীখনৰ জন্মলগ্নৰ পৃষ্ঠপোষক আৰু লেখকসকলৰ অন্যতম আছিল হীৰেন গোহাঁই, অনিল ৰায়চৌধুৰী, অচিন্ত্য ভট্টাচাৰ্য, তাৰক চন্দ্ৰ গোস্বামী, তোষেশ্বৰ চেতিয়া, মুকুট ভট্টাচাৰ্য, নলিনীধৰ ভট্টাচাৰ্য, অমলেন্দু গুহ আদি।

 ১৯৭৫-৭৭ চনৰ কালছোৱাত জৰুৰীকালীন শাসন ব্যৱস্থাই যেতিয়া শিল্পী, সাংবাদিক, বুদ্ধিজীৱী, প্ৰতিবাদী সমাজকৰ্মী আৰু ৰাজনীতিবিদসকলৰ কথা কোৱাৰ, লিখাৰ আৰু কাম কৰাৰ অধিকাৰ কাঢ়ি লৈ ৰাষ্ট্ৰবন্দনা কৰিবলৈ এচামক বাধ্য কৰাইছিল তেতিয়া ১৯৭৭ চনৰ ৩ জুলাইত ‘নতুন পৃথিৱী’ৰ লগত জড়িত লেখক আৰু [ ১৫৬ ] সাহিত্যানুৰাগী লোকসকলক একেখন মঞ্চত সমবেত কৰাৰ উদ্দেশ্যে ‘নতুন সাহিত্য পৰিষদ’ নামৰ সাহিত্য সংগঠনটিৰ জন্ম দিয়ে। এই সভাতেই ৰাজ্যিক ভিত্তিত যিখন সাংগঠনিক তথা কাৰ্যনিৰ্বাহক সমিতি নিৰ্বাচিত কৰা হৈছিল তাৰ সভাপতি আছিল দেৱপ্ৰসাদ বৰুৱা, সহ: সভাপতি ফণীধৰ গগৈ, সাধাৰণ সম্পাদক তাৰকচন্দ্ৰ গোস্বামী, সহ: যুটীয়া সম্পাদকদ্বয় হীৰেন গগৈ আৰু বিপুল খাটনিয়াৰ। আন সদস্যসকলঃ সৰ্বশ্ৰী দীনবন্ধু ঠাকুৰীয়া, চন্দ্ৰ শৰ্মা, মুনীন গোস্বামী, অনন্ত ডেকা, ডাঃ অনিল ভৰালী, মৃন্ময়কান্তি সৰকাৰ, চন্দ্ৰমোহন শৰ্মা, মুকুট ভট্টাচাৰ্য, দুৰ্গেশ্বৰ ডেকা, মোহন কৃষ্ণ মিশ্ৰ, বিজনলাল চৌধুৰী, অনিল ৰায়চৌধুৰী, অজিত তালুকদাৰ, তোষেশ্বৰ চেতিয়া, শিৱনাথ বৰ্মন, ধীৰেন মিশ্ৰ। কিছুদিন পিছতে দেৱপ্ৰসাদ বৰুৱাই সভাপতি পদৰপৰা অব্যাহতি লয় আৰু সহ:সভাপতি ফণীধৰ গগৈয়ে প্ৰথম ৰাজ্যিক সন্মিলনলৈ সভাপতিৰ কাম চলাই নিয়ে (ৰূপালী দিন, স্মৰণিকা, নতুন সাহিত্য পৰিষদ, ২৯- ৩১ জানুৱাৰী, ২০০৪)

 ১৯৭৭ চনত জন্ম লাভ কৰা নতুন সাহিত্য পৰিষদে ইতিমধ্যে দুকুৰি পাঁচোটা বছৰ সম্পূৰ্ণ কৰিলে। এই সময়ছোৱাত নতুন সাহিত্য পৰিষদে কৰ্মনীতি আৰু গঠনতন্ত্ৰৰ ভিত্তিত যৎপৰোনাস্তি কাম কৰিছে আৰু প্ৰগতিশীল সাহিত্যিক- পঢ়ুৱৈসকলকে আদি কৰি শিল্পী-সাংবাদিকসকলক সংগঠিত কৰাত আগভাগ লৈছে, বহু গুৰুত্বপূৰ্ণ গ্ৰন্থ ৰচনা কৰি প্ৰচাৰ আৰু বিক্ৰীৰ ব্যৱস্থা কৰিছে। সময়কালৰ তুলনাত পৰিষদৰ পৰিসৰ আৰু সাংগঠনিক ভিত্তি সন্তোষজনক নহয় যদিও বিগত সময়ছোৱাত প্ৰায় ডেৰশ শাখা গঠন কৰি পৰিষদে অৰ্ধশতাধিক ক্ষুদ্ৰ আলোচনীৰ জন্ম দিছে।

 নতুন সাহিত্য পৰিষদৰ এই যাত্ৰাপথত যিসকল শিল্পী, সাহিত্যিক, বুদ্ধিজীৱীয়ে অহো-পুৰুষাৰ্থ কৰিছে, তেওঁলোকৰ মাজৰে এজন উদ্যমী সংগঠক হ’ল যশস্বী গল্পকাৰ বিপুল খাটনিয়াৰ। অসমৰ প্ৰগতিবাদী গল্প সাহিত্যৰ অন্যতম বাটকটীয়া, নতুন সাহিত্য পৰিষদৰ প্ৰাক্তন ৰাজ্যিক সম্পাদক সতীৰ্থ বিপুল খাটনিয়াৰে সত্তৰ দশকৰ প্ৰাৰম্ভণিত ‘নতুন পৃথিৱী’ৰ লগত জড়িত হৈ অসমৰ প্ৰগতিশীল সাহিত্য আন্দোলনৰ ধাৰাটোক এটা নতুন মাত্ৰা প্ৰদান কৰাত উঠিপৰি লাগিছিল, অসমৰ ইমূৰৰপৰা সিমূৰলৈ ঘূৰি ফুৰিছিল সাহিত্য সংগঠনৰ কামত।

 সমাজতান্ত্ৰিক বাস্তৱতাক বিষয়বস্তু হিচাপে লৈ অভিনৱ ৰচনাশৈলী, আঙ্গিকেৰে চুটিগল্পক অনন্য ৰূপত সজাই পৰাই অসমীয়া গল্প সাহিত্যত এক নতুন মাত্ৰা সংযোজন কৰা যশস্বী গল্পকাৰ বিপুল খাটনিয়াৰ আজি বহুলভাৱে চৰ্চিত, সমাদৃত। অসমৰ গল্প সাহিত্যত এটি নতুন অধ্যায়ৰ সূচনা কৰা এইগৰাকী প্ৰথিতযশা গল্পকাৰে [ ১৫৭ ] জীৱনৰ পথ পৰিক্ৰমাত হাতত কলম তুলি লৈ শোষিত-নিপীড়িত মানুহৰ মুক্তিৰ সংগ্ৰাম আগবঢ়াই নিয়াত যি ত্যাগৰ চানেকি ৰাখি থৈ গ’ল তাৰ তুলনা নাই। সমাজবাদী দৰ্শনেৰে উদ্বুদ্ধ হৈ ওৰেটো জীৱন সাম্য-মৈত্ৰীৰ জয়গান গাই নিঃস্বজনৰ আশা- আকাংক্ষাক সাৰ-পানী দি সাৰ্থক গল্প সৃষ্টিৰে সমাজ জীৱন মহীয়ান কৰা এইগৰাকী প্ৰগতিবাদী গল্পকাৰ জীৱন কালতে কিংবদন্তী হৈ পৰিছিল। শৰীৰৰ কেঁচা তেজ- ঘাম, এমুঠি হাঁহিৰে মানুহক আপ্লুত কৰা বিপুল খাটনিয়াৰে গল্প শাণ দি এটি নতুন ধাৰা অসমত পাঠক সমাজলৈ কঢ়িয়াই আনিছিল শিলত কটা কষটি শিল্প-নৈপুণ্যৰে নিজৰ লিখা গল্পৰ ওপৰতে নানা পৰীক্ষা-নিৰীক্ষা চলাই পুনৰ নিৰ্মাণ কৰি পাঠকৰ হৃদয়গ্ৰাহী হোৱাকৈ যিবোৰ কালজয়ী গল্প লিখি উলিয়াইছে তাৰে প্ৰকাশ কৰি উলিয়ায় প্ৰথম গল্প সংকলন ‘খোজৰ শব্দ’ ১৯৮০ চনত। ইয়াৰ পিছত ইখনৰ পিছত সিখনকৈ ‘চিনাকি মুখৰ ছবি’ (১৯৯৫), ‘দখাৰ’ (১৯৯৯), ‘তাই কাপোৰ নিপিন্ধে’ (২০০২), ‘ভিন্ন জীৱন ভিন্ন কথকতা’ (২০০৯), ‘চিনাকি মুখ অচিনাকি ছবি’ (২০১০), ‘ঘঁৰিয়ালডাঙাৰ কথা’ (২০১৬), আৰু ‘হাৱা ভাল চলা নাই’ (২০২০)-ৰ দৰে চিন্তা উদ্ৰেককাৰী গল্প সংকলনৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছে।

 অসম চৰকাৰৰ ভূতত্ত্ব আৰু খনি বিভাগৰ এজন কৰ্মকুশলী ভূতত্ত্ববিদ হিচাপে সন্ত্ৰাস জৰ্জৰ উত্তৰ-পূৰ্বাঞ্চলৰ দুৰ্গম ঠাইবিলাকলৈ গৈ শিবিৰ পাতি কৰ্মচাৰী, বনুৱাৰ লগত একেলগে থাকি বিভাগটোৰ ড্ৰিলিঙৰ কামকে ধৰি বিভিন্ন ধৰণৰ অতি কষ্টসাধ্য জৰীপ কাৰ্য চলাবলৈ যাওঁতে কেতিয়াবা উগ্ৰপন্থীৰ সমুখতে বেয়াকৈ পৰি গৈছে। যাত্ৰীসকলক বাছৰপৰা এজন এজনকৈ নমাই লৈ সমুখত পাৰি থোৱা গামোছাখনলৈ আঙুলি টোৱাই অস্ত্ৰধাৰী যুৱকে হাঁহি হাঁহি কৈছে, ‘ইয়াতে অকণমান মৰম কৰি দিব দেই’। প্ৰাণৰ ভয়ত পেপুৱা লগা যাত্ৰীসকলে লগত নিয়া টকা-পইচা সোপাকে তাত দি বেজাৰ মনে বাছত উঠিছে। এইদৰে ঘূৰি ফুৰোঁতে কেতিয়াবা উত্তৰ কাছাৰ- কাৰ্বি আংলং জিলাৰ কাৰ্বি-ডিমাছা, কেতিয়াবা আকৌ নাগালেণ্ড-মিজোৰামৰ সীমান্তৱৰ্তী পাহাৰ-ভৈয়ামৰ জনজাতিসকলৰ মৰম আকলুৱা আতিথ্য, সুখ-দুখ, অভাৱ-অভিযোগ, জীৱন-যন্ত্ৰণাৰ লগত একাত্ম হৈ পৰিছে। হাঁড়ে-হিমজুৱে, মনে- প্ৰাণে তেওঁলোকৰ মাজৰে এজন হৈ পৰা খাটনিয়াৰে একেবাৰে কাষৰপৰা তেওঁলোকৰ জীৱন-যন্ত্ৰণা, শোষণ-বঞ্চনাৰ স্বৰূপ, কাৰণ অতি সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰিবলৈ চেষ্টা কৰিছে। তেওঁলোকৰ হতাশা-দুৰ্দশা, অৱহেলা, শোষণ-বঞ্চনা, সুখ- দুখ, হাঁহি-কান্দোনেৰে ভৰা জীয়া যন্ত্ৰণাবিলাক একোটা বাস্তৱ কাহিনী, চৰিত্ৰৰ ৰূপ দি গল্প নিৰ্মাণ কৰিবলৈ গৈ ভাৰতৰ খ্যাতনামা প্ৰগতিশীল গল্পকাৰ মুন্সী প্ৰেমচন্দৰ [ ১৫৮ ] দৰে পগলাৰ নিচিনাকৈ বিভিন্ন ঠাইত ঘূৰি ফুৰিছে, য’তেই গল্পৰ উৎস বিচাৰি পাইছে তালৈ ঢাপলি মেলিছে। ‘সভ্য সমাজখনৰপৰা বহু যোজন দূৰৈত অৱস্থান কৰা এই হোজা সাধাৰণ মানুহৰ প্ৰতি তেওঁৰ যি অনুৰাগ, সহানুভূতি, মৰম অন্তঃসলিলা ফল্গুৰ দৰে অন্তৰত বৈ থাকে তাৰ বাস্তৱ চিত্ৰায়ণ প্ৰায় প্ৰতিটো গল্পতে মূৰ্ত হৈ উঠিছে। বিপুলৰ গল্পৰ আৰু এক প্ৰধান বৈশিষ্ট্য হ’ল যে তেওঁ কেৱল অসমৰ মানুহক লৈয়ে গল্প লিখা নাই, ভাৰতৰ বিভিন্ন ঠাই আৰু সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ মানুহেই তেওঁৰ গল্পত ঠাই পাইছে। সেইবোৰ ঠাইৰ পৰিৱেশ, প্ৰকৃতি, জীৱন প্ৰণালী সকলো তেওঁৰ গল্পবোৰত এনে জীৱন্ত ৰূপত চিত্ৰিত হৈছে যে আমি সেই ঠাইবোৰলৈ নগৈয়ো তাৰ মানুহ আৰু জীৱনক যেন একেবাৰে মুখামুখিকৈ লগ পাওঁ, সেইবোৰ কেৱল তেওঁৰ গল্পৰ কাল্পনিক চৰিত্ৰই হৈ নাথাকি আমাৰ চকুৰ আগত একেবাৰে বাস্তৱ ৰূপত প্ৰতিভাত হৈ উঠে। বিপুলে এনেকৈ উত্তৰ পূৱ অঞ্চলটোক আমাৰ আগলৈ উলিয়াই অনাৰ যি কৃতিত্ব তাৰ বাবে তেওঁ আংশিকভাৱে নিশ্চয় নিজৰ বৃত্তিটোৰ ওচৰতো ঋণী। এজন ভূতত্ত্ববিদ হোৱা বাবে বছৰটোৰ ভালেখিনি সময় তেওঁ এইবোৰ অঞ্চলত ঘূৰি ফুৰিব লগা হয়, গতিকে এই অঞ্চলবোৰৰপৰা তেওঁ বাস্তৱ অভিজ্ঞতা আহৰণ কৰিছে। ... আচলতে বিপুলৰ পৰ্যবেক্ষণ শক্তি অতি তীব্ৰ আৰু সূক্ষ্ম, সেইবাবেই তেওঁ অতি আচহুৱা ঠাই, আচহুৱা মানুহকো আমাৰ হৃদয়ৰ ওচৰ চপাই আনিব পাৰিছে।” (নিৰূপমা বৰগোহাঞি, দখাৰ, ১৯৯৯)।

 এক নিজস্ব ৰচনা শৈলীৰে কলাসন্মতভাৱে শ্ৰমজীৱী মানুহৰ আশা-আকাংক্ষা ফুটাই তোলাৰ ক্ষেত্ৰত বিপুল খাটনিয়াৰৰ গল্পসমূহ একক আৰু অনন্য। উত্তৰ ৰামধেনু যুগৰ যিকেইজন গল্পকাৰে গল্পত নানা সম্পৰীক্ষা চলাইছিল আৰু এক নিজস্ব দৃষ্টিৰে গল্পক আয়তন দিবলৈ চেষ্টা কৰিছিল, সেইসকলৰ মাজৰে এজন হিচাপে বিপুল খাটনিয়াৰক চিহ্নিত কৰিব পাৰি। তেওঁৰ গল্পত শোষিত-নিষ্পেষিত সমাজৰ ছবি প্ৰতিফলিত হোৱাৰ লগতে শোষক শ্ৰেণীৰ বিৰুদ্ধে সমাজৰ দুৰ্বল শ্ৰেণীৰ অধিকাৰ সাব্যস্ত কৰাৰ এক প্ৰতিবাদী কণ্ঠৰ ধ্বনি শুনিবলৈ পোৱা যায়। তেখেতৰ প্ৰায় প্ৰতিটো গল্পতে সাম্যবাদী চিন্তা-চেতনাই পঢ়ুৱৈক আকৃষ্ট কৰিছে। তেখেতৰ গল্পৰ মাজেদি প্ৰতিফলিত হৈছে ধনী-দুখীয়াৰ নিৰ্মম বিভেদ, সংঘাতৰ লগতে বিদ্ৰোহৰ আকাংক্ষা।

 অসম আন্দোলনৰ ভয়াবহ দিনবোৰৰ লোমহৰ্ষক ঘটনা প্ৰবাহে তেওঁক বৰকৈ কষ্ট দিছিল, বিবেকত দংশন হৈছিল। তেওঁৰ এই অনুভৱ, চিন্তাৰ প্ৰতিফলন ‘দখাৰ’ এনে এখন গল্প সংকলন যিখনৰ প্ৰায়বোৰ গল্পৰ বিষয়বস্তুৱেই ‘ঐতিহাসিক অসম আন্দোলন’ আৰু তাৰ পৰৱৰ্তী সময়ৰ ঘটনা প্ৰবাহৰপৰা গ্ৰহণ কৰা হৈছে। ‘দখাৰ’ৰ [ ১৫৯ ] ‘গল্প লিখাৰ গল্প’ প্ৰসংগত তেওঁ নিজৰ মনৰ কথা এইদৰে প্ৰকাশ কৰিছে– ‘ফুলুং চাপৰিৰপৰা নেলী, ঘিলামৰা, নাজিৰা, নগাঁও, ননৈ, দৈয়াং ব্ৰা হৈ লুমশ্বঙ খেলবিহাটলৈ। বিহুৰাম-হাবিৰামৰপৰাই আৰম্ভ হৈছিল আৰু লুমশ্লঙৰ শ্বিইলাত (১৯৯৮) শেষ হৈছিল।... বৰ ভয়াবহ আছিল সেইবোৰ দিন। ফুলুং চাপৰিতে যে ৰোৱা হৈ গৈছিল অসমৰ অবাঞ্চিত বৰ্তমান আৰু অনিশ্চিত ভৱিষ্যতৰ বীজ। সকলোবোৰ কথাই এতিয়া অতি পাক লগা, জটিল ৰূপ পৰিগ্ৰহণ কৰিছে, সময়েহে ক’ব ফুলুং চাপৰিৰ কথা থ্ৰেৰিঘাট-লুমশ্লঙ হৈ আগবঢ়া এই পথে কোন দিশে মোৰ ল’ব।’

 বিপুল খাটনিয়াৰ আছিল এজন নিষ্ঠাবান সাহিত্য সংগঠক। সহজ-সৰল জীৱন যাপন অথচ বৈশিষ্ট্যপূৰ্ণ পোছাক-পৰিচ্ছদ, সৰলতা, আন্তৰিকতা, মানুহৰ প্ৰতি গভীৰ বিশ্বাস-ভালপোৱা আৰু নিৰহংকাৰী ব্যক্তিত্বই আছিল তেওঁৰ চৰিত্ৰৰ প্ৰধান গুণ। অৱসৰ বিনোদন, ভাব-বিলাস, কল্পনাৰ পৰিৱৰ্তে সাহিত্য, কলা-সংস্কৃতি যে সমাজ পৰিৱৰ্তনৰ সংগ্ৰামৰ শক্তিশালী হাতিয়াৰ এই কথা গুৰুত্ব সহকাৰে উপলব্ধি কৰি তেওঁ সাহিত্য চৰ্চাত মন-প্ৰাণ ঢালি দিছিল। সুন্দৰ আৰু সুখী মানৱ সমাজ গঢ়ি তোলাৰ ক্ষেত্ৰত, বিশ্বত সকলো ধৰণৰ শোষণ ব্যৱস্থা লোপ কৰাৰ কাৰণে, শোষিত জনসাধাৰণক আগবঢ়াই অনাৰ ক্ষেত্ৰত কাৰ্লমাৰ্ক্সৰ তত্ত্বৰ অৱদানক, সাহিত্য-সংস্কৃতিত সমাজতান্ত্ৰিক বাস্তৱতাৰ তত্ত্বৰ অৱদানক নতুন সাহিত্য পৰিষদে অতি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰে।‘কলাৰ বাবে কলা নহয়, জনগণৰ জীৱন আৰু চেতনাৰ উন্নতি সাধনৰ বাবেহে কলা’— নতুন সাহিত্য পৰিষদৰ এই তত্ত্বত আস্থাশীল বিপুল খাটনিয়াৰ আছিল এজন বলিষ্ঠ আৰু আদৰ্শনীয় ব্যক্তি। ন লেখক সৃষ্টি, গৱেষণা, অনুশীলন, অধ্যয়ন, পাঠক বৃদ্ধি, সংগঠিতভাৱে সাহিত্য প্ৰচাৰ, আলোচনা চক্ৰ, সঠিক সমালোচনা আৰু আত্ম সমালোচনাৰ দ্বাৰা লেখা সমৃদ্ধ কৰা আদি কামৰ আঁচনি প্ৰস্তুত কৰি নতুন সাহিত্য পৰিষদৰ শ্ৰীবৃদ্ধিত তেওঁ অৰিহণা যোগাইছিল। সদায় মানুহৰ লগত হাঁহি-মাতি কথা পতা, মুকলি মনে কথা পতা খাটনিয়াৰ আছিল পৰিষদৰ সাংগঠনিক কাম-কাজত অফুৰন্ত প্ৰাণশক্তি।

 সাহিত্য চৰ্চাৰ বাবে তেওঁ গল্পকেই উপযুক্ত মাধ্যম বুলি লৈছিল।‘সমসাময়িক বহু গল্পকাৰৰ দৰে গল্পৰ জগতলৈ এচমকা জীৱন অথবা খণ্ডিত জীৱনৰ এটুকুৰা বুটলি আনিব বিচৰা নাই। বৰং গল্পৰ সম্পৰীক্ষাত এক বিস্তৃত জীৱন অথবা এছোৱা সময়ৰ সামগ্ৰিকতাহে উন্মোচন কৰিব বিচাৰিছিল। সেয়েহে তেওঁৰ গল্পৰ প্ৰেক্ষা বিশাল, প্লট বিস্তৃত। যিখন সমাজৰ কথা তেওঁ গল্পত ক’বলৈ বিচাৰিব, সেই সমাজত [ ১৬০ ] তাৰ পৃষ্ঠভূমিৰ পোতন অতি দ হ’ব লাগিব। সাৰ্থক গল্প এটি নিৰ্মাণ কৰিবলৈ তেওঁ সময় পায় আৰু কষ্ট কৰে। এয়াই হৈছে তেওঁৰ গল্পৰ উদ্দেশ্য আৰু প্ৰাথমিকতাও। গভীৰৰপৰা তুলি আনে তেওঁ। অগভীৰৰপৰা জীৱনক তুলি তাত নিৰ্মাণৰ কাৰুকাৰ্যৰ চিকমিকনি নোতোলে। দ্বন্দ্ব আৰু সংঘাতবোৰেৰে গল্প আগবাঢ়ি যায়। বোধহয় এইবাবেই বিপুল খাটনিয়াৰৰ গল্পত জীৱনে নিজেই শিল্পৰ ৰূপ লৈ বাৰে বাৰে নতুন ৰূপত উদ্ভাসিত হয় আৰু আমাক চমকিত কৰে (ৰত্না ভৰালী তালুকদাৰ, বিপুল খাটনিয়াৰৰ গল্পৰ কালিকা... ‘নতুন পৃথিৱী’, অক্টোবৰ, ২০২১)।

 গল্প সৃষ্টিৰ দৰে নতুন সাহিত্য পৰিষদৰ ন লেখক, কৰ্মী বা সংগঠক সৃষ্টিৰ ক্ষেত্ৰতো তেওঁ একে প্ৰক্ৰিয়াৰে অগ্ৰসৰ হৈছে। সমাজৰ বৰমূৰীয়া শ্ৰেণীৰ যিসকল ব্যক্তি সদায় ধন ঐশ্বৰ্য, স্বাৰ্থ-সুবিধাৰ পিছে পিছে দৌৰে, কোনো দিন তল-মজলীয়াৰ সুখ-দুখ, অভাৱ-অভিযোগৰ প্ৰতি চকু-কাণ দিয়া নাই, তেওঁলোকৰ লগত খাটনিয়াৰে বিশেষ কোনো সম্পৰ্ক ৰখা নাই সাহিত্য-সংগঠন গঢ়ি তোলাৰ ক্ষেত্ৰত। কিন্তু তৃণমূল স্তৰ বা তল-মজলীয়া শ্ৰেণীৰ যিসকল ব্যক্তিয়ে শিক্ষা-দীক্ষা লৈ শিল্প-সাহিত্য চৰ্চাৰ কামত অগ্ৰসৰ হৈছে, সমাজৰ শোষিত-নিষ্পেষিতজনৰ প্ৰতি সহানুভূতিশীল হৈ এখন শ্ৰেণীহীন সমাজৰ পোষকতাও কৰে, সেইসকল ব্যক্তিৰ চাল-চলন পৰ্যবেক্ষণ কৰি নিবিড় সম্পৰ্ক গঢ়ি তুলিছে। কমাৰে কমাৰশালত হাতুৰীৰে লো পিটি পিটি যিদৰে দা, কাচি, কোৰ, খন্তি আদি সঁজুলিৰ গঢ় দিয়ে, তেনেকৈ এজন ব্যক্তিৰ লগত চিনাকি হৈ প্ৰথমে যোগাযোগ, তাৰ পিছত সুসম্পৰ্ক গঢ়ি তুলি পৰ্যায়ক্ৰমে তেওঁৰ মনৰ মাজত আদৰ্শগত চিন্তা, মাৰ্ক্সীয় দৰ্শনৰ তত্ত্বকথা লাহেকৈ সুমুৱাই দিছে। এইখিনি কাম সম্পূৰ্ণ কৰি তুলিবলৈ যাওঁতে তেওঁ যথেষ্ট ত্যাগ স্বীকাৰ কৰিবলগীয়া হৈছে। সেই বিশেষ পৰিয়াল, সমাজখনৰ লগতো চিনাকি হৈছে। এই ফেৰা কাম কৰি অতাওঁতে তেওঁ লেখাৰ সমল, গল্পৰ প্লটো বিচাৰি পাইছে। এইদৰে মানুহৰ হৃদয়ৰ লগত হৃদয়ৰ সম্পৰ্ক স্থাপন কৰি বহু গাঁও-ভূঁইত তেওঁ পৰিষদৰ শাখা গঠন, নতুন কৰ্মী সৃষ্টিত এক দিক নিৰ্ণায়ক ভূমিকা পালন কৰিছে। এইবাবে বিপুল খাটনিয়াৰৰ নতুন সাহিত্য পৰিষদৰ এজন নিষ্ঠাবান সফল কৰ্মী বা সংগঠক হ’ব পাৰিছে।

 গল্পত শাণ দি মানুহৰ প্ৰতিবাদী চিন্তা-চেতনাক জাগ্ৰত কৰা খাটনিয়াৰে অকল গল্পই লিখা নাছিল, অসমৰ ইমূৰৰপৰা সিমূৰলৈ নতুন সাহিত্য পৰিষদৰ প্ৰতিটো শাখা, আঞ্চলিক, জিলাৰ সাংগঠনিক কামৰ প্ৰতিচ্ছবিখনিও তেওঁ নখ দৰ্পনত ৰাখিছিল। শাখা-আঞ্চলিকৰ সতীৰ্থসকলৰ ইজনৰ লগত সিজনৰ সুসম্পৰ্ক বজাই ৰাখি আত্মীয়তাৰ বান্ধনত বান্ধ খাই কিদৰে পৰিষদৰ সাংগঠনিক কামকাজ আগ [ ১৬১ ] বঢ়াই নিব সেই সম্পৰ্কে তেওঁৰ আছিল গভীৰ জ্ঞান আৰু বাস্তৱ অভিজ্ঞতা। মানুহৰ প্ৰতি আছিল তেওঁৰ গভীৰ বিশ্বাস আৰু ভালপোৱা। এই ভালপোৱা, স্নেহ বন্ধনক সাৰথি কৰি লৈ তেওঁ একোজন সতীৰ্থৰ দৈনন্দিন জীৱনৰ সমস্যা, সুখ-দুখ, হাঁহি- কান্দোনৰ লগত একাকাৰ হৈ পৰিছিল মানুহৰ অন্তৰ জগতখনৰ মাজলৈকে সোমাই গৈছিল। তেওঁলোকৰ দুখ-দৈন্য, শোষণ-বঞ্চনাৰ জগতখনত বিচৰণ কৰিছিল, ইয়াৰপৰা কিদৰে পৰিত্ৰাণ পাব পাৰি সেই মুক্তি পথৰ পৰামৰ্শও দিছিল।

 সাধাৰণ মানুহৰ দুখ-যন্ত্ৰণা পৰ্যবেক্ষণ কৰিছিল তেওঁ অতি কাষৰপৰা। ইয়াৰ ওপৰত ভিত্তি কৰি তেওঁ গল্প লিখিছিল। পাঠকৰ চিন্তাৰ জগতত আলোড়ন সৃষ্টি কৰিবলৈ সক্ষম হৈছিল। এই প্ৰক্ৰিয়াটোৱে নতুন সাহিত্য পৰিষদৰ সাংগঠনিক দিশটো শক্তিশালী কৰি তোলাত যথেষ্ট পৰিমাণে সহায় কৰিছিল।

 নতুন সাহিত্য পৰিষদৰ সাংগঠনিক কাম কাজত খাটনিয়াৰে কিদৰে মন-প্ৰাণ সঁপি দিছিল তাৰ এটি খণ্ডিত চিত্ৰ হিচাপে মানকাচৰ অঞ্চলৰ কথা বিশেষভাৱে উল্লেখ কৰিব পাৰি। প্ৰয়াত সতীৰ্থ সুভাষ সাহাৰ ঐকান্তিক প্ৰচেষ্টাত ১৯৮৬ চনত নতুন সাহিত্য পৰিষদৰ শাখা এটি গঠিত হৈছিল ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী মানকাচৰত। ১৯৮৭ চনত সুভাষ সাহা জাগীৰোড কলেজলৈ গুচি অহাৰ পিছত মানকাচৰ শাখাৰ সতীৰ্থসকলে নিৰৱচ্ছিন্নভাৱে শাখাৰ সাংগঠনিক কাম কৰি গৈছিল৷ এইক্ষেত্ৰত পৰিষদৰ ৰাজ্যিক সদস্য তথা সম্পাদক বিপুল খাটনিয়াৰৰ ভূমিকা আছিল অনন্য আৰু অদ্বিতীয়। ৰাজ্যিক সমিতিৰ প্ৰতিজন সদস্যলৈ চিঠি লিখি কামৰ আঁচনি যুগুত কৰি পঠিয়াবলৈ তেওঁ আহ্বান জনাইছিল। ১৯৯৪ চনৰ ২ জানুৱাৰীত সতীৰ্থ সুভাষ সাহাৰ মৃত্যু পৰিষদৰ বাবে এক অপূৰণীয় ক্ষতি। এই সময়ছোৱাত মই বিপুল খাটনিয়াৰক নতুনকৈ আৱিস্কাৰ কৰোঁ তেখেতৰ সাংগঠনিক কামকাজৰ প্ৰতি থকা নিষ্ঠা আৰু সামাজিক দায়বদ্ধতাৰ মাজেদি। সুভাষ সাহাৰ মৃত্যুৰ পিছত পৰিষদৰ সাংগঠনিক কামৰ কথা উল্লেখ কৰি মোলৈ লিখা চিঠিখনত এইদৰে উল্লেখ কৰিছে— “আশাকৰোঁ বৈঠকৰ কাৰ্ডখন আপুনি পাইছে। অহা ১৩মাৰ্চ, ৯৪ তাৰিখে দিনৰ এঘাৰ বজাৰপৰা গুৱাহাটীৰ কাৰ্যালয়ত ৰাজ্যিকৰ প্ৰথম বৈঠক বহিব। চিঠি ডাকত দিয়াৰ পিছতহে ভুলটো ধৰা পৰিল। পিছদিনাৰ বন্ধটো যে আচলতে ঈদৰ বন্ধহে আছিল— কথাটো পিছদিনাহে মনলৈ আহিল। অসুবিধা হ’লেও কিন্তু বৈঠকলৈ নহাকৈ নাথাকিব। আপোনাৰ ওচৰত গোৱালপাৰা জিলাৰ সাংগঠনিক দিশৰ আঁচনি এখন লিখিতভাৱে যুগুতাই দিয়াৰ দায়িত্ব পৰিছে, বিষয়টো মনত ৰাখিব। বিশেষ পৰামৰ্শ থাকিলে জনাব। মোৰ অফিচৰ ঠিকনাটো দিছোঁ। ইতি— Directorate of [ ১৬২ ] Geology & Mining, Kahilipara, Guwahati- 19।”

 কেইদিনমান পিছত আৰু এখন চিঠি (২/৩/৯৪)। “অনিবাৰ্য কাৰণবশতঃ পৰিষদৰ প্ৰথম বৈঠক বিশ মাৰ্চ তাৰিখলৈ নিয়া হৈছে। সময় আৰু স্থান পূৰ্বৰ দৰেই থাকিব।”

 সুভাষ সাহাৰ মৃত্যুৰ পিছত তেখেতৰ গুণমুগ্ধসকলে ৫/৩/৯৪ তাৰিখে মানকাচৰত আয়োজন কৰা সভাখনত সুভাষ সাহাৰ কৰ্মজীৱনৰ সকলো দিশ সামৰি এখনি স্মৃতিগ্ৰন্থ প্ৰকাশ কৰি উলিওৱাৰ বিষয়ে আলোচনা কৰে আৰু কিতাপখন প্ৰকাশ কৰি উলিওৱাৰ ক্ষেত্ৰত প্ৰয়োজন হোৱা ধনৰ পৰিমাণ আৰু কি কি বিষয় সন্নিবিষ্ট কৰিব পৰা যায়, সেই সম্পৰ্কে বিচাৰি খাটনিয়াৰলৈ চিঠি এখন লিখোঁ।

 এমাহ পিছত পৰিষদৰ পেডত তেওঁৰ হাতৰ লিখনি এটা পালোঁ। চিঠিখনৰ হুবহু প্ৰতিলিপি উল্লেখ নকৰাকৈ থাকিব নোৱাৰিলোঁ।

 “প্ৰিয় সতীৰ্থ, অভিনন্দন গ্ৰহণ কৰিব। ভালে আছে নিশ্চয়। ৰাজ্যিক সমিতিৰ সিদ্ধান্ত অনুযায়ী বিভিন্নজনৰ লগত হোৱা আলোচনা মৰ্মে ‘সতীৰ্থ সুভাষ সাহা স্মৃতি ন্যাস’ সম্পৰ্কত এটি প্ৰতিবেদন যুগুত কৰা (খচৰা) হৈছে। আপোনাৰ সন্মতি থাকিলে স্বাক্ষৰ কৰি প্ৰতিবেদনৰ কপিটো ঘূৰাই পঠাব। পৰামৰ্শ বা অন্য কোনো যোগ দিব বিচাৰিলে সুকীয়াকৈ লিখি পঠাব। আটাইৰে চহী হ’লে তাক উপ-সমিতিৰ সিদ্ধান্ত হিচাপে গ্ৰহণ কৰি মে’ মাহত এখন সভা পাতি এই ‘ন্যাস’ গঠন কৰাৰ আঁচনি লোৱা হ’ব।

 আপোনাৰ আঁচনিখন মোৰ লগতে আছে। অকণমান কাট-কুট কৰিলেই এই আঁচনিখনকে আমি নিশ্চয় গ্ৰহণ কৰিব পাৰিম। আপোনাৰ সুবিধা অনুসৰি মানকাচৰ ইত্যাদিত ঘূৰাৰ ইচ্ছা আছে। ঠিক মিটিং কৰাৰ বাবে নহয়,নিজৰ অভিজ্ঞতাৰ বাবে। চিঠি লিখিব। গুৱাহাটীলৈ আহিলে এদিন আমাৰ ইয়াত থকাকৈ আহিব।

বিশেষ নিলিখোঁ। ইতি—
আপোনাৰ বিপুল খাটনিয়াৰ
১৪/৪/৯৪

 এই চিঠিখনৰ লগত তেখেতে নতুন সাহিত্য পৰিষদৰ কেন্দ্ৰীয় কাৰ্যালয়, উলুবাৰী, গুৱাহাটী-৭ ৰপৰা ‘সম্পাদক/ সভাপতি- শাখা/আঞ্চলিক সমিতি, আহ্বায়ক— সকলো উপসমিতি, বিশেষ আমন্ত্ৰিত সদস্য আৰু ৰাজ্যিক সমিতিৰ সদস্যসকলক উদ্দেশ্য কৰি এখন চাৰ্কুলাৰ পঠিয়াইছিল। ১১, ১২ আৰু ১৩ ফেব্ৰুৱাৰী, ১৯৯৪ তাৰিখে লংকাত অনুষ্ঠিত নতুন সাহিত্য পৰিষদৰ সপ্তম ৰাজ্যিক সন্মিলনত [ ১৬৩ ] ৰাজ্যিক সম্পাদকৰ দায়িত্ব কান্ধ পাতি লোৱাৰ পিছত ২০মাৰ্চ, ৯৪ তাৰিখে কেন্দ্ৰীয় কাৰ্যালয়ত পৰিষদৰ নৱ নিৰ্বাচিত ৰাজ্যিক সমিতিৰ প্ৰথমখন বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তমৰ্মে দুবছৰীয়া কাৰ্যকাল (১৯৯৪-৯৬)ৰ কৰ্ম আঁচনি যুগুতাই যিখন চাৰ্কুলাৰ পঠিয়াইছে তাত পৰিষদৰ সাংগঠনিক কামৰ প্ৰতিচ্ছবিখন তেওঁ তুলি ধৰিছে। এখন চাকুলাৰত উল্লেখ কৰা গুৰুত্বপূৰ্ণ বিষয়টো আছিল ‘সন্মিলনেই একোটা সংগঠনৰ সাংগঠনিক দিশৰ দৰ্পন। সেয়ে সন্মিলনৰ সাংগঠনিক খতিয়ানো সংগঠনৰ সুস্থ বিকাশৰ স্বাৰ্থতে অপৰিহাৰ্য।’ এই দৃষ্টি সমুখত ৰাখি বৈঠকে পৰিষদৰ ভৱিষ্যত কাম-কাজ আগুৱাই নিয়াৰ ক্ষেত্ৰত নিশ্চিতভাৱে সহায় কৰিব। বৈঠকে ১৯৯৪-৯৬ কাৰ্যকালৰ বাবে যিখন পূৰ্ণাংগ আঁচনি গ্ৰহণ কৰিছিল তাৰ সিদ্ধান্তসমূহ আছিল—

ক) সাংগঠনিক দিশৰ আঁচনি/ সিদ্ধান্ত
 (১) শ্ৰী ইছমাইল হোছেইনক কাৰ্যালয় সম্পাদক নিৰ্বাচিত কৰা হয়। (২) সমূহ নিষ্ক্ৰিয় শাখাকে সক্ৰিয় কৰা আৰু নতুন শাখা গঢ়াৰ প্ৰতি ৰাজ্যিক সমিতিয়ে অগ্ৰগামী ভূমিকা পালন কৰিব আৰু ৮ম ৰাজ্যিক সন্মিলনলৈকে বৰ্তমানৰ ২০৩২ জন সদস্যৰ পৰিৱৰ্তে ৩৫০০জনলৈ সদস্য সংখ্যা বৃদ্ধি কৰিব। (৩) শ্ৰীইছলামুদ্দিন আহমেদ (নলবাৰী), শ্ৰী গদাধৰ কলিতা (মাণিকপুৰ), শ্ৰী ত্ৰিপথনাথ চক্ৰৱৰ্তী (ধুবুৰী) আৰু চন্দ্ৰ শৰ্মা (গুৱাহাটী)ক বিশেষ আমন্ত্ৰিত সদস্য হিচাপে মনোনীত কৰা হয়।

খ) প্ৰকাশন সম্পৰ্কীয় সিদ্ধান্ত
 (১) সহ:সম্পাদক পৰমানন্দ মজুমদাৰক প্ৰকাশন সমিতিৰ আহ্বায়ক হিচাপে লৈ বুলেটিন উপ সমিতি (সমীন্দ্ৰ হুজুৰি, নৰেন দাস, অনিল বড়ো— আহ্বায়ক) আৰু মুখপত্ৰ উপসমিতি (অনিল ৰায়চৌধুৰী, তোষেশ্বৰ চেতিয়া, নৰেন দাস, পৰমানন্দ মজুমদাৰ— সম্পদক)খন পুনৰ গঠন কৰা হয়। ৰাজ্যিক সমিতিৰ প্ৰতিখন বৈঠকৰ লগত সংগতি ৰাখি বুলেটিন আৰু বছৰত দুটাকৈ সংখ্যা মুখপত্ৰ (শাখা ভিত্তিক সংগ্ৰহ হোৱা মৌলিক লিখনিৰে সমৃদ্ধ)ৰ প্ৰকাশ পাব।

 (২) প্ৰস্তাৰিত শ্বহীদ স্মৃতি গ্ৰন্থখন অহা ২ জুলাইৰ ভিতৰত প্ৰকাশ কৰি উলিয়াবৰ বাবে গুৱাহাটী আঞ্চলিক সমিতিয়ে উদ্যোগ গ্ৰহণ কৰিছে। গ্ৰন্থখনিৰ প্ৰচাৰ আৰু বিক্ৰীৰ ক্ষেত্ৰত সকলোৱে প্ৰয়োজনীয় সহায় আগ বঢ়াব লাগিব।

 (৩) লক্ষ্মীধৰ শৰ্মা ৰচনাৱলী ২য় খণ্ড অহা দুবছৰৰ ভিতৰত প্ৰকাশ কৰি উলিয়াবলৈ এখন আঁচনি প্ৰস্তুত কৰা হৈছে।...

 (৪) গণ-সংগীতসমূহৰ এখনি নিৰ্বাচিত সংকলন সম্ভৱপৰ ক্ষেত্ৰত স্বৰলিপি সহ প্ৰকাশ কৰিবৰ বাবে আঁচনি যুগুত কৰাৰ হকে এখন উপসমিতি (পৰমানন্দ [ ১৬৪ ] মজুমদাৰ, নৰেন দাস, বিপুল খাটনিয়াৰ — আহ্বায়ক) গঠন কৰা হয়।

 (৫) কবিতা লিখাৰ অনুশীলন কৰা আমাৰ সদস্যসকলে আৰ্হি হিচাপে গ্ৰহণ কৰিব পৰাকৈ এমুঠি প্ৰগতিশীল শ্ৰেষ্ঠ অসমীয়া কবিতা থূপ খুৱাই এখনি সংকলন প্ৰকাশ কৰাৰ বাবে এখন উপ-সমিতি (সদস্য— ৰুদ্ৰসিংহ মটক, বিজনলাল চৌধুৰী, মুকুট গগৈ, ইছমাইল হোছেইন— আহ্বায়ক)

 (৬) সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে এই সময়ছোৱাত ৰচনা হোৱা গল্পসমূহৰ এটি নিৰ্বাচিত সংকলন কৰাৰ হকে এখনি উপ-সমিতি (সদস্য – ডাঃ কুমুদ কুমাৰ দত্ত, হাফিজ আহমেদ, তোষেশ্বৰ চেতিয়া, জেহিৰুল হুছেইন— আহ্বায়ক) গঠন কৰা হয়।

 (৭) অভিধান উপ-সমিতিত প্ৰয়াত সুভাষ সাহাৰ স্থানত শ্ৰীলোকনাথ শৰ্মাক সদস্য অন্তৰ্ভুক্ত কৰা হয়।

গ) সভা আৰু আলোচনাচক্ৰৰ আঁচনি / সিদ্ধান্ত
 অহা দুবছৰীয়া কাৰ্যকালত চাৰ্কুলাৰখনত গৱেষণা সমিতি, পুঁজি সম্পৰ্কত আঁচনি গ্ৰহণ কৰাৰ লগতে সতীৰ্থসকলক উদ্দেশ্য কৰি যিখিনি কথা কোৱা হৈছিল, সেয়া আছিল—

 আমাৰ সংগঠনৰ সকলো কৰ্মীয়ে আংশিক কৰ্মী। সেয়ে সকলোৰে সীমাবদ্ধতাৰ বিষয়ে সকলোৱেই ওৱাকিবহাল থাকি সাম্ভাব্য শ্ৰেষ্ঠ প্ৰচেষ্টা সমূহীয়াভাৱে আগ বঢ়াই ওপৰোক্ত আঁচনিসমূহ ৰূপায়ণ কৰাত সহায় কৰাৰ বাবে সকলোৰে প্ৰতি আহ্বান জনোৱা হ'ল।

বিপুল খাটনিয়াৰ সম্পাদক : ৰাজ্যিক সমিতি

 মন কৰিবলগীয়া বিষয় এই যে গণ-সংগীতৰ নিৰ্বাচিত সংকলন আৰু অভিধানৰ বাহিৰে আটাইখিনি আঁচনি পৰৱৰ্তী সমত কাৰ্যকৰী কৰি তোলা হৈছে। এয়া সতীৰ্থ খাটনিয়াৰৰ সাংগঠনিক কৰ্মকুলশতাৰ এটা অতি উজ্জ্বল দিশ। আঁচনি/সিদ্ধান্ত এটা লোৱাৰ পিছত তাক সম্পূৰ্ণ নকৰালৈকে তেওঁ ক্ষান্ত থাকিব পৰা নাছিল। ‘আমাৰ সুভাষ’ গ্ৰন্থখন সম্পূৰ্ণ কৰি তোলাৰ ক্ষেত্ৰত তেওঁ যেনেদৰে উঠিপৰি লাগিছে সেয়া তলৰ চিঠিখনত পৰিষ্কাৰ হৈ উঠিছে (৭/৫/৯৪)।

 আপোনাৰ চিঠিখন কালি পালোঁ। ‘স্মৃতিন্যাস’ সম্পৰ্কীয় এখন বৈঠক অহা ২৫মে, ৯৪ তাৰিখে গুৱাহাটীৰ কাৰ্যালয়ত দিনৰ ১০বজাত আহ্বান কৰা হৈছে। এই বৈঠকত আপুনি নিশ্চিতভাৱে উপস্থিত থাকিব লাগিব। ৰাজ্যিকৰ সভাপতি আৰু [ ১৬৫ ] আপোনাৰ অসুবিধা নহ’ব বুলি ভাবিয়েই এই দিনটো ঠিক কৰা হৈছে। ২৫ তাৰিখে বুদ্ধ পূৰ্ণিমাৰ বন্ধ আছে। দুঘণ্টা মানৰ ভিতৰতে আমাৰ কামখিনি হ’ব যেন পাইছোঁ। গতিকে ২৪ বা ২৫ মে তাৰিখে অন্ততঃ এনিশা থকাকৈ আহিব।

 গল্পৰ কৰ্মশালা যদি পাতে তাৰ লগতে মিলাই স্থানীয় ন-লেখাৰুসকলৰ মৌলিক গল্পপাঠ অনুষ্ঠান এটিৰো আয়োজন কৰিব আৰু গল্পৰ কপি একোটা আগতীয়াকৈ মোক দিয়াৰ ব্যৱস্থা কৰিব। গল্প-লেখাৰ কৰ্মশালাৰ লগতে অসমীয়া গল্প বা অসমীয়া প্ৰগতিশীল গল্প সম্পৰ্কীয় এটি আলোচনাও কৰিব পৰা যায়। যেনেকৈ আপোনালোকৰ সুবিধা হয়।

 চিঠিৰ শেষৰফালে উল্লেখ কৰিছে দুটামান অতি ব্যক্তিগত কথা— নৱজাতকৰ প্ৰতি শুভেচ্ছা জনালোঁ। আপোনাৰ শ্ৰীমতীক আমাৰ অভিনন্দন জনাব। ইতি, আপোনাৰ

বিপুল খাটনিয়াৰ

 কেইদিনমান পিছত সতীৰ্থ খাটনিয়াৰৰ পৰা পালোঁ আৰু এখন চিঠি য’ত তেওঁ উল্লেখ কৰিছে—

 ‘সুভাষ সাহা’ স্মৃতিগ্ৰন্থৰ ডিটিপিৰ কাম শেষ হৈছে, কেৱল স্মৃতিচাৰণ আৰু মূল্যায়নেই ১১৮ পৃষ্ঠা হৈছে। কিতাপখন কোনো কাৰণতে ৯৬ পৃষ্ঠাৰ বেছি কৰিব নোৱাৰি, কাৰণ ৯৬ পৃষ্ঠাতে প্ৰায় ১৪/১৫ হাজাৰ টকা খৰচ পৰিব। ‘সংহতিৰ বেদীত’ বাদত প্ৰেছত এতিয়াও ৬ হাজাৰ টকা দিবলৈ আছে। তদুপৰি ৰাজ্যিক আৰু আঞ্চলিকৰ মিলি আৰু ৯ হাজাৰ টকা সোমাই আছে। গতিকে টকাৰ প্ৰশ্নটোৱেই প্ৰধান।

 আমি কেইটামান সিদ্ধান্ত এনেকৈ লৈছোঁ (১) কিতাপখনত কোনো কবিতা নেথাকে, (২) কিতাপখন ৬ ফৰ্মাৰ ভিতৰত হ’ব লাগিব, (৩) ছপাৰ সংখ্যা ৫০০ কপি হ’ব, কিন্তু নিখুঁত কৰা হ’ব। (৪) দাম ২৫ টকা, (৫) মানকাচৰ শাখাক ৩০০ কপি দিয়া হ’ব, (৬) সম্পাদক— অহিজুদ্দিন শ্বেখ, প্ৰকাশক মানকাচৰ শাখা আৰু মানকাচৰ শাখাৰ হৈ উপেন ঘোষ, (৭) বেটুপাতত সাহাৰ ফটো এখন আৰু কভাৰৰ পিছৰ পৃষ্ঠাত সাহাৰ কবিতা এটা থাকিব৷ আপোনাৰ কোনো বিষয়ত দ্বিমত থাকিলে জনাব। জুলাই মাহত কিতাপখন প্ৰকাশ কৰা হ’ব। পাৰিলে মানকাচৰত।

 চিঠি-পত্ৰ আদান-প্ৰদানত সতীৰ্থ খাটনিয়াৰ আছিল সিদ্ধহস্ত। ৰাজ্যিক সমিতিৰ বৈঠকে হওক বা পৰিষদৰ আন কোনো আলাপ-আলোচনাই হওক তুৰন্তে পোষ্ট কাৰ্ড, ইনলেণ্ড লেটাৰ কাৰ্ড বা এনভেলাপত চিঠি এখন পঠাবলৈ তেওঁ অকণো কুণ্ঠাবোধ কৰা নাছিল, সেয়া যিমানেই কষ্টকৰ নহওক কিয়। [ ১৬৬ ]

 পৰিষদৰ সাংগঠনিক কাম-কাজত কিদৰে তেওঁ নিষ্ঠাৰে লাগি আছিল, তলৰ চিঠিখনেই তাৰ জ্বলন্ত প্ৰমাণ। চিঠিত তেওঁ যিখিনি কথা উল্লেখ কৰিছে তাৰ সাৰমৰ্ম হ’ল এনেকুৱা— সুভাষ সাহা স্মৃতিগ্ৰন্থ সংক্ৰান্তত আপোনালোকৰ শাখাৰ আলোচনা সম্পৰ্কে মঙ্গলবাৰে অৰ্থাৎ কালিলৈ আমি কথা হ’ম। থকাকৈ আহিব। তাৰিখটো আপুনি ফোন কৰি জনাই ল’ব। ফোন নং – ০৩৬১-৩১৪৪৫ C/o Anil Roy Choudhury।

 আমাৰ হাতত এতিয়া নগদ ১১০০০ হাজাৰ টকাৰ ধাৰ আছে, 'সংহতিৰ বেদীত’। কিতাপ গৈছে যদিও টকা প্ৰায়খিনিয়েই ঘূৰি অহা নাই। স্মৃতিগ্ৰন্থখনিৰ (৭ ফৰ্মাৰ বাবদ) বাবে প্ৰায় ১৬/১৭ হজাৰ টকা লাগিব। বৰ্তমানে মেটাৰ গৈছে চাৰে সাত ফৰ্মাৰ। গতিকে পূৰ্বৰ সিদ্ধান্ত অনুসৰি কামটো কৰিবলৈ হ’লে যি খৰচ হ’ব তাৰ বিষয়ে গুণাগঁঠা কৰিহে আমি কামত আগবাঢ়িছোঁ। টকাৰ যোগাৰ হ’লে নিশ্চয় পূৰ্বৰ সিদ্ধান্তলৈ আহিব পৰা যাব। আপুনি আহিলে কথা হ’ম।

 মানকাচৰত অনুষ্ঠিত কৰিব বিচৰা চুটিগল্প কৰ্মশালা সন্দৰ্ভত পুনৰ তেওঁ কেটামান পৰামৰ্শ আগবঢ়াইছে— গল্প পাঠৰ অনুষ্ঠান কৰিব নোৱাৰিলে কৰ্মশালা আলোচনাৰ পৰ্যায়লৈকে আহিব। পঠিত গল্পবোৰৰ আধাৰত আলোচনা আগবঢ়াই ‘কেনে হৈছে, কি হোৱা উচিত আছিল’ আদি বিষয়লৈ যাব নোৱাৰিলে কৰ্মশালাৰ উদ্দেশ্য সফল নহয়গৈ। গতিকে কৰ্মশালাৰ বাবে অন্ততঃ ৭টা গল্প শাখা সদস্যসকলৰ পৰা সংগ্ৰহ কৰাৰ ব্যৱস্থা কৰিব। তদুপৰি লক্ষ্মীনাথ বেজবৰুৱাৰ ‘ভদৰী’ প্ৰেমচন্দ্ৰৰ ‘কফন’, শৰৎ চন্দ্ৰৰ ‘মহেশ’ আদি গল্পৰ পাঠ আৰু আলোচনাও এই কৰ্মশালাৰ লগত যুক্ত কৰিব পাৰি। দিনটো যোৰা ‘প্ৰগ্ৰেম’ হ’লে গল্প পাঠৰ অসুবিধা নহ’ব। কমেও ৫/৬ ঘণ্টা মানৰ আঁচনি ল’ব।

 ১৩/১৪ মে’ তাৰিখে উত্তৰ লক্ষীমপুৰত ৪ৰ্থ বৈঠক। উত্তৰ লক্ষীমপুৰ কলেজৰ কাষতে স্থান। ১৩ তাৰিখে ১ বজাৰপৰা ৰাজ্যিক বৈঠক। আমি ১২ তাৰিখে গধূলি বাচেৰে যাম। কেৱল আঁঠুৱা নিলেই হ’ব বুলি মুকুট গগৈয়ে জনাইছে। কামকাজৰ লিখিত প্ৰতিবেদন আনিব।

 অভিনন্দন সহকাৰে। ইতি

বিপুল খাটনিয়াৰ
১৭/৫/৯৫

 ‘আমাৰ সুভাষ’ গ্ৰন্থখন ছপা হৈ উঠাৰ পিছত তেখেতে মোলৈ লিখা চিঠিখন আছিল অতি তাৎপৰ্যপূৰ্ণ [ ১৬৭ ]  ৰাজ্যিক সমিতিৰ বৈঠক ১৬/১৭ ছেপ্টেম্বৰ, ৯৫ তাৰিখে বিশ্বনাথ চাৰিআলিত। চিঠি নিশ্চয় পাইছে।

‘আমাৰ সুভাষ’ গ্ৰন্থখন ৩ ছেপ্টেম্বৰ, ৯৫ত মালিগাঁৱৰ চিনিয়ৰ ৰে’লৱে ইন্সটিটিউট, গোশালাত বিয়লি ৩-০০ বজাত উন্মোচন কৰা হ’ব। উন্মোচক হীৰেন গোহাঁই। লগতে চীন ভ্ৰমণৰ অভিজ্ঞতাৰ ওপৰত এখন আলোচনা সভা। বক্তা- হেমেন দাস। কোনো অসুবিধা নাথাকিলে আপুনি আহিব বুলি আশা কৰিলোঁ। কিতাপৰ বিলৰ কপি এটা পঠালোঁ। মানকাচৰৰপৰা আৰু অন্ততঃ কিছু টকা পালে ভাল হয়। কি কৰিব পাৰে চাব। যিখিনি পাৰে ৩ তাৰিখে দিব পৰিলে ভাল হয়।

 বিশেষ নিলিখোঁ। ঘৰৰ আটাইকে চেনেহ যাচিব। ইতি—

বিপুল খাটনিয়াৰ ২৭/৮/৯৫

 পৰিষদৰ গুৱাহাটী আঞ্চলিক সমিতিৰ কামকাজ তেতিয়া চকুত লগা। আঞ্চলিকৰ সভাপতি মুকুট ভট্টাচাৰ্য আৰু সম্পাদক দেৱজিৎ তালুকদাৰে একেটা বিষয় লৈ লিখা চিঠিখন পাই অতিকৈ আনন্দিত হ'লোঁ। সংক্ষিপ্ত চিঠিখন আছিল এনেধৰণৰ—

 শ্ৰদ্ধাস্পদেষু,
  সম্ভাষণ গ্ৰহণ কৰিব।

 অহা ৩ ছেপ্টেম্বৰ, ৯৫ দেওবাৰে ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ অসম ৰাজ্যিক কমিটিৰ সম্পাদক হেমেন দাসে তেখেতৰ চীন ভ্ৰমণৰ অভিজ্ঞতা সম্পৰ্কে বক্তব্য আগ বঢ়াব। এই সভাতেই বিশিষ্ট সাহিত্যিক প্ৰয়াত সুভাষ সাহাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপক স্মৃতিগ্ৰন্থ ‘আমাৰ সুভাষ’ উন্মোচন কৰা হ’ব।

 এই কাৰ্যসূচীত আপোনাৰ উপস্থিতি আৰু সহযোগিতা কামনা কৰা হ’ল। ইতি

মুকুট ভট্টাচাৰ্য, সভাপতি
দেৱজিৎ তালুকদাৰ, সম্পাদক
গুৱাহাটী আঞ্চলিক সমিতি

 নতুন সাহিত্য পৰিষদৰ মানকাচৰ আৰু নতুন ভাইটবাৰী শাখাৰ আমন্ত্ৰণক্ৰমে ২১/৫/৯৫ তাৰিখে মানকাচৰৰ গ্ৰীণভেলি স্কুলত ৫৬ গৰাকী দৰ্শক-শ্ৰোতাৰ উপস্থিতিত অনুষ্ঠিত চুটিগল্প কৰ্মশালাত বিশিষ্ট গল্পকাৰ বিপুল খাটনিয়াৰে আলোচক হিচাপে অংশগ্ৰহণ কৰে। আলোচনাৰ পাতনিত তেখেতে চুটিগল্পৰ জন্ম আৰু বিকাশৰ [ ১৬৮ ] ওপৰত এক ৰসাল আলোচনা আগবঢ়ায়। চুটিগল্পৰ আঙ্গিক, বিষয়বস্তু আৰু নিৰ্মাণৰ ওপৰত আগবঢ়োৱা মৰ্মস্পৰ্শী আলোচনাই প্ৰতিজন শ্ৰোতাৰ মনত গভীৰভাৱে ৰেখাপাত কৰে।

 মানকাচৰ ভ্ৰমণ কৰি উভতি যোৱাৰ পিছত চিন্তা উদ্ৰেককাৰী চিঠিখনৰ যোগেদি তেওঁ অঞ্চলটো সম্পৰ্কে যিখিনি কথা ব্যক্ত কৰিছে সেয়া সঁচাকৈয়ে অতি তাৎপৰ্যপূৰ্ণ। চিঠিত উল্লেখ কৰিছে, “মানকাচৰ মোৰ বাবে এক বিৰল অভিজ্ঞতা। মোৰ দুৰ্ভাগ্য যে আপোনালোকে প্ৰকাশ কৰা প্ৰবন্ধ সংকলনটো (দক্ষিণ পশ্চিম গোৱালপাৰাৰ আৰ্থ-সামাজিক অৱস্থা : এটি ঐতিহাসিক দৃষ্টিপাত) মই আগতে পঢ়াৰ সুবিধা পোৱা নাছিলোঁ। এতিয়া পঢ়ি থাকোঁতে পুনৰ যাবলৈ মন গৈছে। এইবাৰ গ’লে কেইবাদিনো লৈ যাম।... কৰ্মশালা’ত যেনেদৰে অংশগ্ৰহণ কৰিলোঁ, প্ৰবন্ধ গ্ৰন্থখন পঢ়া হ’লে গোটেই বিষয়টোৱেই বেলেগ ধৰণে দাঙি ধৰিব পৰা গ’লহেঁতেন। ‘মিৰজুমলা’ আৰু ‘কামাখ্যা’ই ভাৰতবৰ্ষৰ ‘সম্প্ৰীতি-সমন্বয়’আৰু যি বাস্তৱ দিশটোৰ প্ৰতি নিৰ্দেশ কৰে তাক তুলি ধৰাৰ অৱকাশ আছে। ব্ৰিটিছৰ আগমনলৈকে ভাৰতবৰ্ষৰ সাধাৰণ মানুহৰ বাবে ‘ধৰ্ম’ কোনো কালেই বিশেষ ধৰণৰ সমস্যা হৈ থিয় হোৱা নাছিল। মানকাচৰৰ বিভিন্ন অঞ্চলত যিবোৰ জনশ্ৰুতি- জনবিশ্বাস আছে তাৰ আলমতো বিভিন্ন গল্প-কাহিনী-সাহিত্যৰ সৃষ্টি হ’ব পাৰে বা গল্পত এইবোৰে স্থান পাব পাৰে। সাধাৰণ মানুহে সন্মুখীন হোৱা বিভিন্ন আৰ্থিক সমস্যাবোৰতো আছেই। বৈচিত্ৰ্যপূৰ্ণ অঞ্চল এটাৰপৰা বৈচিত্ৰ্যপূৰ্ণ বিষয়বস্তু আৰু আংগিকৰো সৃষ্টি হ’ব পাৰে।

 আপুনি সহায় কৰিলে— যৌথভাৱে আপোনাৰ আৰ মোৰ নামত এটা গল্প লিখিম। প্ৰাথমিক চেষ্টা হিচাপে। থলুৱা ভাষা আৰু পৰ্যবেক্ষণেৰে। আপুনি সহায় কৰিব লাগিব।

 পৰিয়ালৰ আটাইকে আৰু পৰিষদৰ সতীৰ্থসকলক মৰম শুভেচ্ছা যাচিব। ৰুণাহঁতক গুৱাহাটীলৈ আহোঁতে মাজে মাজে আনিব।

 ৰাজ্যিকৰ চাৰ্কুলাৰ আদিৰ কামত হাত দিব পৰা নাই। ‘কৰ্মশালাৰ বাতৰি’ দৈনিক কাকত আদিলৈ পঠাব। আমাৰ বুলেটিন আৰু জনজীৱনৰ বাবেই দিব। শুভেচ্ছাৰে ইতি

বিপুল খাটনিয়াৰ
২৪/৬/৯৫

 দুবাৰকৈ নতুন সাহিত্য পৰিষদৰ ৰাজ্যিক সম্পাদক (১৯৯৪-১৯৯৮)। একাধিকবাৰ কোষাধ্যক্ষ, কাৰ্যালয় সম্পাদক, সহ:সম্পাদকৰ দায়িত্ব নিষ্ঠাৰে পালন [ ১৬৯ ] কৰা বিপুল খাটনিয়াৰ পাছলৈ ব্যক্তিগত, পাৰিবাৰিক সমস্যাৰে থকা-সৰকা হৈছিল। পৰিষদৰ সাংগঠনিক কামৰ চাপ-বোজা বাঢ়ি যোৱাত, অইন সতীৰ্থই সেই হিচাপে আগ বাঢ়ি নহা দেখি কেতিয়াবা তেওঁৰ খং উঠিছিল। খঙৰ ভমকত কাৰোবাকটান কথা এষাৰ শুনাই দি পিছ মুহূৰ্ততে আকৌ অনুশোচনাত দগ্ধ হৈছিল। পৰিষদৰ সৰ্বজন সমাদৃত বৰ্ষীয়ান সতীৰ্থ বিজনলাল চৌধুৰী, উমা শৰ্মাৰ ওচৰলৈ গৈ ক্ষমা ভিক্ষা বিচাৰিছিল। ১৯৮৮ চনত এটা বিশেষ প্ৰয়োজনত এখন গ্ৰন্থ প্ৰকাশ পাইছিল। কোনেও সেই দায়িত্ব নোলোৱাৰ এশ এবুৰি সমস্যাৰ মাজত সতীৰ্থ উমা শৰ্মাই প্ৰায় ২০০ পৃষ্ঠাৰ কিতাপখনৰ প্ৰুফ চাইছিল। খৰখেদাত অজস্ৰ ভুল-ভ্ৰান্তিৰে কিতাপখন প্ৰকাশ পোৱাত ঊমা শৰ্মা এক অপ্ৰত্যাশিত পৰিস্থিতিৰ সন্মুখীন হৈছিল।  এই বেদনাদায়ক পৰিস্থিতি দেখি খাটনিয়াৰৰ ধৈৰ্যৰ বান্ধ ছিগি গৈছিল আৰু সতীৰ্থ উমা সৰ্মাক টানকৈ শুনাই দিছিল, ‘আপোনাৰ কি দৰকাৰ। হ’লে হ’ল, নহলে নাই। কিয় উপযাচি কৰিব লাগে।'

 সেইনিশা খাটনিয়াৰৰ চকুলৈ এতিলমানো টোপনি নাহিল। নিশাটো ছটফটাই থাকি নিচেই পুৱাতে উমা শৰ্মাৰ ঘৰ গৈ ওলাল, আঠুৰ ঘিলা এটাত হাত থৈ ক'লে, ‘কোনোবাই আপোনাক মিছাতে গালি পাৰক— মই সহ্য কৰিব নোৱাৰো। পাৰে যদি মোক ক্ষমা কৰি দিয়ক।”

 কথাটো গম পাইছিল খাটনিয়াৰে পলমকৈ, উমা শৰ্মাৰ মৃত্যুৰ পিছত। শৰ্মাই তেওঁৰ প্ৰিয় সতীৰ্থ এগৰাকীক ফোনেৰে জনাইছিল, ‘সি অলপ আগতে আহিছিল, ক্ষমা খুজি গৈছে (বিপুল খাটনিয়াৰ, আমাৰ শিক্ষক উমা শৰ্মা, ‘নতুন দিগন্ত’, ২০২১)।

 নিজ সিদ্ধান্ত কামত অলৰ-অচৰ বিপুল খাটনিয়াৰ মানুহজন আছিল প্ৰকাশনৰ কামত অতি পৰিপাটি। তেওঁৰ সম্পাদিত গ্ৰন্থসমূহ হৈছে—‘সূৰ্য ঢকা মেঘ’ (অসমৰ সন্ত্ৰাসজৰ্জৰ সামাজিক পটভূমিত ৰচিত এমুঠি গল্প, ২০১২), সাহিত্য নিৰ্মাণ প্ৰসংগ (২০১০), হেমাংগ বিশ্বাস (২০১২, পৰমানন্দ মজুমদাৰৰ সৈতে), স্মৃতিলেখা : অনিল ৰায়চৌধুৰীৰ (২০২১) আদি। পৰিষদৰ মুখপত্ৰ ‘নতুন সাহিত্য’ সম্পাদন কৰাৰ উপৰিও নতুন পৃথিৱী প্ৰকাশৰ লগতো তেওঁ জড়িত আছিল।

 ২০১৪ চনৰ ৩, ৪ আৰু ৫ জানুৱাৰী তাৰিখে গুৱাহাটী কমাৰ্চ কলেজৰ অনুষ্ঠিত পৰিষদৰ পঞ্চদশ দ্বি-বাৰ্ষিক ৰাজ্যিক সন্মিলনৰ খাদ্য বিভাগৰ দায়িত্বত থকা সতীৰ্থ গৰাকীৰ নিকটতম আত্মীয় এজনৰ মৃত্যু হোৱাত খাটনিয়াৰে সেই দায়িত্ব পালন কৰিছিল। ৰান্ধনিশালত থকা মানুহকেটাৰ সৈতে লগ লাগি ডাইনিং চম্ভালিছিল, প্ৰতিনিধিসকলৰ খোৱা-বোৱাত যাতে কোনো অসুবিদা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি। [ ১৭০ ] কিন্তু সন্মিলনৰ শেষৰ দিনা সংঘটিত অপ্রত্যাশিত ঘটনাৰ বাবে তেওঁ পৰিষদৰ পৰা আঁতৰি আহিব লগা হৈছিল। এক মর্মান্তিক দৃশ্য। যিটো সাহিত্য সংগঠনৰ লগত জড়িত হৈ ওৰেটো জীৱন নিঃস্বার্থভাৱে সেৱা আগ বঢ়াই শৰীৰৰ তেজ পানী কৰিলে, সেই সংগঠনৰ পৰা জীৱনৰ অন্তিম সময়ত আঁতৰত থকাটো সঁচাকৈয়ে অতি বেদনাদায়ক।

 কিন্তু খাটনিয়াৰ আদৰ্শচ্যুত হোৱা নাছিল, তেওঁৰ হাতৰ কলমো থমকি ৰোৱা নাছিল ৷ দৈনিক অসম, অসমীয়া প্রতিদিন, সাতসৰী, গৰীয়সী আদি দৈনিক কাকত, আলোচনীত নিয়মিত প্রবন্ধ, গল্প লিখিছিল। তেওঁ মোৰ কৰ্মক্ষেত্ৰ ধুবুৰীলৈ আহিছিল। শাখাৰ সতীৰ্থসকলৰ লগত পৰিচয় হৈ সাংগঠনিক দিশৰ কথা পাতিছে। দুয়ো খোজ কাঢ়ি ব্ৰহ্মপুত্ৰ নৈৰ পাৰলৈ গৈছোঁ; শিখ গুৰুদ্বাৰ, পাঁচপীৰৰ দৰগাহ, নেতাই ধুবুনীৰ ঘাট, ধুবুৰী দুৰ্গ, ব্ৰহ্মপুত্ৰৰ পাৰৰ চৰ-চাপৰিৰ নৈসর্গিক দৃশ্য দেখি অভিভূত হৈছে। ধুবুৰীৰ পৰা ২৫ কিলোমিটাৰ নিলগত হুছেইন শ্বাহৰ আমোলৰ পানবাৰী মছজিদ, তাৰ আশে-পাশে থকা কবৰৰ ওপৰত অনুসন্ধান চলাইছে, ৰঙামাটিৰ ঈদগাহকে ধৰি মনৰ মাজত উদয় হোৱা প্ৰশ্নবোৰ এফালৰ পৰা সুধি গৈছে। অসমৰ প্ৰাচীন শিল্প-কলা, ভাস্কৰ্যৰ প্ৰতি তেওঁ অকল অনুৰাগেই নাছিল, তাৰ ঐতিহাসিক তাৎপর্য, ব্যাখ্যাও অতি সুন্দৰভাৱে তুলি ধৰিছে গভীৰ অধ্যয়ন, ইতিহাস চেতনাৰে৷

 মাজে-সময়ে ফোনত কথা পাতিছোঁ, গল্প কৰিছোঁ, কোনো দিনে শেষ নোহোৱা কথা, গল্প বিলাক। নতুন সাহিত্য পৰিষদৰ সাংগঠনিক দিশকে ধৰি ইটো-সিটো বহুত কথা। তেওঁ আমাৰ ডাকাইদলৰ ঘৰলৈ আহিছে, নতুন সাহিত্য পৰিষদৰ ডাকাইদল, আমতলি শাখাৰ বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰিছে, বানাই জনগোষ্ঠীৰ কলা-কৃষ্টি, নৃত্য-গীত দেখি অভিভূত হৈ পৰিছে। ১৯৬৪ চনত পূব-পাকিস্তানৰ পৰা ভাৰতলৈ অহা হাজং, বানাই, ডালু, হদি, বৰ্মন, গাৰো আদি জনগোষ্ঠীৰ সংগ্ৰামী জীৱনৰ কথা ডায়েৰিৰ পাতত লিপিবদ্ধ কৰিছে। ২০১৯ চনৰ ১১ আগষ্ট তাৰিখে নতুন সাহিত্য পৰিষদৰ অষ্টাদশ ৰাজ্যিক সন্মিলন উপলক্ষে গোৱালপাৰাৰ বলদমাৰী চাহ বাগান প্রাথমিক বিদ্যালয়ত আয়োজিত অভ্যর্থনা সমিতিৰ বৈঠকখানালৈ সতীৰ্থ বিপুল খাটনিয়াৰ আহিছিল এবুকু উছাহ লৈ। পৰিষদৰ ৰাজ্যিক সভাপতি ৰবীন্দ্ৰ কুমাৰ দাস আৰু সম্পাদক সমীন্দ্ৰ হুজুৰিও সেইখন সভাত উপস্থিত আছিল। গোৱালপাৰা সন্মিলনখনি সাফল্যমণ্ডিত কৰি তোলাত সিদিনা খাটনিয়াৰৰ পৰামৰ্শ আছিল অতি তাৎপর্যপূর্ণ। অসুস্থ শৰীৰ লৈ সিদিনা প্ৰদান কৰা বক্তৃতাৰ কথাবিলাক আজিও মনত খুন্দিয়াই থাকে... কান্ধত ওলমি থকা বেগখনত কেঁচী, ষ্টেপ্লাৰ, পিনৰ ১৭০॥ খোজৰ শব্দ [ ১৭১ ] পৰা আৰম্ভ কৰি কি কি বস্তু থাকিব তাৰ এখন তালিকা দি গৈছিল, দি গৈছিল পূৰ্বৰ সন্মিলনত ৰৈ যোৱা বেজ আদি বিবিধ বস্তু। ৰাজ্যিক সন্মিলনৰ বা-বাতৰি ফোন যোগে সদায় লৈছিল।

 কেনেকৈ পাহৰোঁ এইজন সাহিত্য সংগঠকৰ কথা। পাঠশালাৰ ছাত্ৰৰ দৰে মোৰ হাতত ধৰি তেওঁ গল্পৰ অ আ ক খ শিকাই দিছে— গল্পৰ কথনভঙ্গী, ভাষা সংযত, তিৰ্যক, ক্ষুৰধৰ্মী হ’ব লাগে... ইংগিতধৰ্মী সংলাপ, বক্তব্য বা চৰিত্ৰ এটাৰ ইংগিতধৰ্মী কাৰ্যৰ মাজেৰে গল্পৰ যৱনিকা পৰিব পাৰে... বাহুল্য কথা বা মেদখিনি গল্পৰ পৰা আঁতৰাই আনিব লাগে। মোৰ প্ৰথম গল্প সংকলন ‘বালিচৰ’ৰ পাতনিটো লিখি দিছে সতীৰ্থ বিপুল খাটনিয়াৰে বৰ যত্ন আৰু আন্তৰিকতাৰে। মোৰ দৰে নতুন গল্পকাৰ বিশেষকৈ সতীৰ্থ ধনবিন্দু শৰ্মা, ফজলুল হক, কুমুদ দাস, তুলিকা শ‍ইকীয়া আদি বহুতৰে গল্পক টিকা-টিপ্পনীৰে আগবাঢ়ি যোৱাত তেওঁ প্ৰেৰণা যোগাইছে। সাহিত্য সংগঠক হিচাপে সতীৰ্থ বিপুল খাটনিয়াৰৰ জীৱনৰ আটাইতকৈ ডাঙৰ কৃতিত্ব হ’ল ৰাজ্যৰ বিভিন্ন ঠাইত অনুষ্ঠিত চুটিগল্প কৰ্মশালাত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি নতুন প্ৰজন্মক গল্পৰ প্ৰশিক্ষণ দি অসমৰ চুটিগল্পৰ প্ৰগতিশীল ধাৰাটোক শক্তিশালী ৰূপত গঢ়ি তোলাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছিল। নতুন প্ৰতিভাৰ সন্ধান আৰু সেই প্ৰতিভাক সাৰ-পানী দি সাহিত্য সৃষ্টিৰ কামত নিয়োজিত কৰিব পৰাটো তেওঁৰ ডাঙৰ সাফল্য বুলি অভিহিত কৰিব পাৰি।

 এনে এক বিৰল প্ৰতিভাক ২০২১ চনৰ ৪ জুলাইত (ক’ৰোনা কালত) আমি অকস্মাতে হেৰুৱালোঁ। লগে লগে অসমৰ গল্প সাহিত্যৰ এটা অধ্যায়ৰ যৱনিকা পৰিল। অসমৰ প্ৰগতিবাদী সাহিত্য জগতৰ অপূৰণীয় ক্ষতি সাধন হ’ল। বিপুল খাটনিয়াৰ আজি আমাৰ মাজত নাই। কিন্তু তেওঁৰ গল্প চেতনাই যুগে যুগে নতুন প্ৰজন্মক সমাজ উত্তৰণৰ পথত আগুৱাই যোৱাত সদায় প্ৰেৰণা যোগাই থাকিব৷⸻

(লেখক এগৰাকী বিশিষ্ট সাহিত্যিক আৰু 'নতুন সাহিত্য পৰিষদ’ৰ ৰাজ্যিক সভাপতি) [ ১৭২ ]

বিপুল খাটনিয়াৰৰ কথাৰে

মুকুট ভট্টাচাৰ্য

বিপুল খাটনিয়াৰক বিশ্ববিদ্যালয়লৈ পঢ়িবলৈ অহাৰ পূৰ্বেই দুই-এবাৰ লগ পালেও সেয়া মনত ৰাখিব পৰা বিধৰ নহয়। বিশ্ববিদ্যালয়ত পঢ়াৰ সময়ত এওঁ আমাৰ একপ্ৰকাৰ ঘৰুৱা হৈ পৰিছিল। এছ এফ আই কৰা প্ৰায়বোৰ ছাত্ৰ-ছাত্ৰী আৰু কেইজনমান অধ্যাপকো আমাৰ ঘৰুৱা হৈছিল। বোধহয় একে আদৰ্শৰ অনুগামী হোৱাৰ বাবেই। পুৰণি ছাত্ৰ-ছাত্ৰীসকলৰ অধ্যাপক কেইজনমানো সংগী হৈ পৰিছিল। বিশেষকৈ অনিলদা (অনিল ৰায়চৌধুৰী), প্ৰভাকৰ আৰু আমাৰ ঘৰখন এওঁলোকে নিজৰ বুলিয়েই ধৰি লৈছিল। চেলফৰপৰা কিতাপ উলিয়াই পঢ়িবলৈ লৈ যোৱা, পাকঘৰত যি থাকে তাকে মাজে মাজে খোৱা আদি কামবোৰেই ইয়াৰ প্ৰমাণ। তামোল খাই সেলেঙী লগাই হাঁহি থকা বাইদেউগৰাকীয়ে মোৰ পৰিবাৰ বুলি এবাৰ বিপুলে ৰাজহুৱাভাৱে মন্তব্য কৰিছিল। প্ৰভাকৰৰ কোৱাৰ্টাৰৰ বেছি অংশ খালিয়েই থাকিছিল, তেওঁৰ তালৈ নিজৰ আপোন তেনেকৈ অহা দেখা নাছিলোঁ। আমাৰ ঘৰবোৰেই তেওঁৰ আপোন ঘৰৰ দৰে হৈ পৰিছিল। আমাৰ ইয়ালৈ মাৰ্ক্সবাদৰ ক্লাছ ল’বলৈ প্ৰভাকৰ, গগৈ আৰু এবাৰ উমা শৰ্মাও তেতিয়াই আহিছিল। শৰ্মাই অতি কৌশলেৰে মাৰ্ক্সবাদৰ কঠিন বিষয়বোৰ তেওঁলোকৰ লগত কৌতুকেৰে ব্যক্ত কৰি হাঁহিৰ ৰোল তুলিছিল। অৱশ্যে তাৰ মাজেদিয়েই তেওঁ কঠিন বিষয় একোটা অতি সহজ-সৰলভাৱে তুলি ধৰিবলৈ সমৰ্থ আৰু পাৰ্গত আছিল। মোৰ স’তে অৱশ্যে তেখেতৰ চিনাকি অনিলদাৰ পূৰ্বেই। আদৰ্শ সম্পৰ্কীয় কিবা আলোচনা-বিলোচনা কৰিবলগা থাকিলেই তেওঁলোকে আমাৰ ঘৰতে কৰিছিল। প্ৰভাকৰৰ কোৱাৰ্টাৰটোও আমি ব্যৱহাৰ কৰাৰ সুবিধা পাইছিলোঁ। সেইটো কোৱাৰ্টাৰত প্ৰভাকৰ অকলে থাকে বাবে বেছি ঠাই ব্যৱহাৰেই নকৰিছিল। প্ৰভাকৰ সদাশিৱৰ দৰে সহজ-সৰল মনৰ [ ১৭৩ ] মানুহ আছিল। তথাপি তাত মহিলাৰ সমাগম নোহোৱাৰ বাবে তেওঁলোকে তালৈ যোৱাতকৈ আমাৰ বাসস্থানকে সুবিধাজনক বুলি বিবেচনা কৰিছিল। আমাৰ তাত আলোচনাবোৰত প্ৰশিক্ষক হিচাপে ফনী গগৈ, অনিল ৰায়চৌধুৰী আদি নিয়মীয়াকৈ উপস্থিত থাকিছিল। আমাৰ সকলোৰে মনলৈ বিশ্বাস আহিছিল যে সোনকালেই ভালৰ বাবে পৰিৱৰ্তন আহিব। কিন্তু আমি সচৰাচৰ দেখি থকা ঠাইখনেই অসম অথবা ভাৰতবৰ্ষ নহয়। এই বিশাল দেশখনৰ পৰিৱৰ্তনৰ বাবে আমাৰ দৰে বহুতেই কাম কৰিব লাগিব। কিছুমানে সেই কাম সৰুৰেপৰা কৰিও আকাংক্ষিত পোহৰ নেদেখি হতাশ হৈ পৰিছিল। কিছুমানে অৱশ্যে ভুকুতে কল নপকা বোলা আপ্তবাক্যত বিশ্বাস কৰি কাম কৰি গৈছিল। তেওঁলোকে ন-সমাজখন নেদেখিলেও সতি-সন্ততিয়ে দেখিব বুলি একান্ত বিশ্বাস কৰিছিল। কিন্তু বাস্তৱ বৰ কঠিন, কেৱল বিশ্বাস কৰিলেই নহ’ব, সমাজখন সলাবৰ বাবে যথেষ্ট কষ্ট কৰিব লাগিব। তথাপি পৰিৱৰ্তনৰ বাবে এচামে কাম কৰিছিল। এনে কামত বিপুল খাটনিয়াৰ, হীৰেন গগৈ আদিয়ে নতুনকৈ আহি কামত যোগদান কৰিছিল। এনে কাজুৱা আৰু বুদ্ধিমান ডেকাজন অহাত বেছ ভাল লাগিছিল। মনলৈ আশাও আহিছিল। আমাৰ স’তে হীৰেন গোহাঁই আদিয়েও কিছুদিন কাম কৰিছিল।

 বিপুল আৰু ৰীণাৰ বিয়া খৰধৰকৈ পাতিব লগা হোৱাত ৰুমাৰ বিয়াও পাতিব লগা হ’ল। ৰুমাৰ দৰাও পূৰ্বৰে পৰা দুয়োৰে চিনাকি। দুয়ো একেটা বিভাগতে চাকৰি কৰে। ল'ৰাজন বেয়া নহয়। অলপ প্ৰগতিবাদী চিন্তা আছে। গতিকে আমি সকলোৱে তেওঁৰ সৈতে কথা পাতি ভালেই পালোঁ। ঘৰখনৰো আন কাৰোবাক পাইছিলোঁ, এতিয়া ভালদৰে মনত নাই। দুয়োজন জোঁৱায়ে অনিলদাৰ লগতো সমানে কথা- বতৰাত ভাল ল’ব পৰাটো অনিলদাৰ বাবে ভাল কথা আছিল। বিয়াৰ পিছত বাহিৰলৈ ফুৰিবলৈ নগৈ বিপুল আৰু ৰীণা শিৱসাগৰৰ পুৰণি ঘৰৰ ফালে পাক মাৰি আহিল। তাতো ৰাইজে বোৱাৰীক ভালেই পালে। আহি বিপুলে বৰ কষ্ট কৰি আধৰুৱা হৈ থকা ঘৰটোৰ নিৰ্মাণ সম্পূৰ্ণ কৰিলে, লগতে এটা ভাৰাঘৰো সাজি এজনক থাকিবলৈ দি লগ এজনৰ ব্যৱস্থা কৰিলে। দৰাচলতে ভাৰাৰ পইচা বৰ লাভজনক নহয়। সেই ঠাইখিনি আমিও চাইছিলোঁ। এওঁ পোনচাটেই নাকচ কৰিলত বিশেষ আগবঢ়া নহ'ল। মই অনিলদাৰ ওচৰে-পাজৰে ঘৰ মাটি বিচাৰিছিলোঁ। পালেও দৰে-দামে নিমিলাত বিশেষ অগ্ৰসৰ হ’ব নোৱাৰিলোঁ। জালুকবাৰীৰ আশে-পাশে বিচাৰ-খোচাৰ কৰি থাকিও ঘৰ নাপালোঁ। এটা অলপ পচন্দ হৈছিল, কিন্তু সেইটো আমাৰ বিশ্ববিদ্যালয়ৰে অধ্যাপক চন্দ্ৰ শৰ্মাই ল’লে। মাটি কম থাকিলেও দুমহলীয়া ঘৰ বনাই লৈ তাতে [ ১৭৪ ] শৰ্মা অৱসৰৰ পিছত থাকিবলৈ গ'লগৈ। ময়ো তেতেলীয়াত এবিঘা মাটি লৈ ঘৰ সাজিলোঁ। ঘৰটো বেয়া নাছিল। লগৰ বাবে শালপতিকে তাতে মাটি এবিঘা কিনি দিলোঁ, অলপ কম দামতে। অৱশ্যে তেওঁলোক তালৈ নগ’ল। পিছত বিক্ৰী কৰি ভাল দাম পালে। কম দামতে পালে বিপুলহঁতেই কিনিম বুলি ভাবিছিল। তেতিয়া গুৱাহাটীত মাটিৰ দাম বহুত বাঢ়ি গৈছিল।

 বিপুল-ৰীণাৰ জীৱনটো সৰল ৰেখাৰ দৰে চলা বুলিব নোৱাৰি। সকলোৰে জীৱনলৈ অহাৰ দৰে তেওঁলোকৰ জীৱনত বাধা-বিঘিনি আহিছে। অৱশ্যে সেইবোৰ তেওঁলোকে অতিক্ৰম কৰিব পৰাটোহে আচল কথা। জীৱনত বহুতৰে স’তে খকা- খুন্দা লাগিছে। এবাৰ মোৰ লেখাবোৰ একো হোৱা নাই বুলি কঠোৰ সমালোচনা কৰি সকলোৰে অপ্ৰীতিভাজন হৈছিল৷ আকৌ আন এবাৰ একো কাম নকৰোঁ বুলিও আমাক সমালোচনা কৰিছিল। নিজৰ দেউতাককে একাধিকবাৰ মোৰ আগতে কঠোৰ বাক্যৰে থকা-সৰকা কৰিছে। এবাৰ মৰিগাঁৱত সাহিত্য পৰিষদৰ বাৰ্ষিক সন্মিলনলৈ তেওঁ, অনিল ৰায়চৌধুৰী বিশেষ কাৰণ নোহোৱাকৈয়ে নাযাওঁ বুলি আছিল। বিপুল আহি অতি উচ্চ মাতত তেওঁক যাবলৈ বাধ্য কৰোঁতে অৱশ্যে বৰ ভাল পালে। ৰাতিটো অতিথিশালাত বৰ ভালকৈ ৰখা হ’ল। তাৰ পিছদিনা পৰমা মজুমদাৰে গাড়ীৰে ঘৰত থৈ গ'লহি। এইদৰে তেওঁৰ বিষয়ে অনেক কথাই মনলৈ আহিছে, নিৱন্ধ দীঘলীয়া হ’ব বুলি সামৰিব খুজিছোঁ। ক'ৰবাত কিবা ভুল ভ্ৰান্তিহ’লৈ সকলোৰে ওচৰত ক্ষমা বিচাৰিছোঁ। (লেখক 'নতুন সাহিত্য পৰিষদ'ৰ উপদেষ্টা) [ ১৭৫ ]

বিপুল খাটনিয়াৰলৈ শ্ৰদ্ধাৰ্ঘ্য

পৰমানন্দ মজুমদাৰ

সতীৰ্থ বিপুল খাটনিয়াৰ যে এনেকৈ অকালতে আমাক এৰি যাব ভবা নাছিলোঁ। তেওঁৰ মৃত্যু অসমীয়া সাহিত্যৰ কাৰণে এক অপূৰণীয় ক্ষতি। বিশেষকৈ আধুনিক অসমীয়া গল্প সাহিত্যত তেওঁ নিজস্ব শৈলীৰে এখন স্থান ল’বলৈ সক্ষম হৈছিল। সাধাৰণ মানুহৰ জীৱন চৰ্যা তেওঁ গল্পত প্ৰস্ফুটিত হৈছিল বিশ্বাসযোগ্যভাৱে। তেওঁৰ গল্পক তথাকথিত আভিজাত্যৰ সাজে ম্লান কৰা নাছিল। বৰং তাত নিভাজ অভিব্যক্তি হে প্ৰকাশ পাইছিল। সেয়ে তেওঁৰ মাজত পঢ়ুৱৈয়ে এটা স্বকীয় ধাৰা লক্ষ্য কৰিছিল। সেয়ে তেওঁৰ গুণমুগ্ধ এচাম পাঠকৰ সৃষ্টি হৈছিল। বিভিন্ন সমালোচকে তেওঁৰ গল্পৰ কথা লিখিছে। নিজৰ সংকলনৰ উপৰি মৰ্যাদা সম্পন্ন সংকলনত তেওঁৰ গল্পই ঠাই পাইছে। আমাৰ আশা অনাগত দিনত তেওঁৰ গল্পৰ বিষয়ে বিস্তৰ আলোচনা হ’ব আৰু অসমৰ প্ৰগতিশীল সাহিত্য আন্দোলনত তেওঁৰ ভূমিকাৰ মূল্যায়নো হ’ব।

 আমি যেতিয়া তেওঁৰ প্ৰথম সংকলন ‘খোজৰ শব্দ’ পঢ়োঁ তেতিয়া আমি স্নাতক মহলাৰ ছাত্ৰ। তেওঁৰ লগত আমাৰ পৰিচয় হোৱা নাই। হীৰেন গোহাঁইয়ে লিখা তেওঁৰ সংকলনৰ সমালোচনা উৰাই ঘূৰাই পঢ়ি আপ্লুত হৈ পৰিছিলোঁ। ছাৰে দেখুৱাই দিয়া সীমাবদ্ধতা পৰৱৰ্তীকালত খাটনিয়াৰে ভালেখিনি অতিক্ৰম কৰা আমি লক্ষ্য কৰিছিলোঁ। ইতিমধ্যে ১৯৮৫-৮৬ মানতে হ’বলা তেওঁৰ লগত পৰিচয় হোৱাৰো সুযোগ পালোঁ। কাৰণ আমিও নতুন সাহিত্য পৰিষদৰ সৈতে এইসময়ত পৰা যুক্ত হৈ পৰোঁ। খাটনিয়াৰ পৰিষদৰ এগৰাকী সক্ৰিয় কৰ্মী। সকলো কামতে তেঁৱেই আগভাগ লয়।কোনো কামতে পিছহুঁহুঁকি নাথাকে। একেই কৰ্মস্পৃহাৰ আনজন কৰ্মী আছিল সুভাষ সাহা। তেওঁলোকৰ কিছু অনুজ হিচাপে আমিও লাহে লাহে পৰিষদৰ কাম-কাজৰ মাজত সোমাই পৰিছিলোঁ। দিন যোৱাৰ লগে লগে দুয়োজনৰে আমাৰ প্ৰতি বিশ্বাস বাঢ়িল আৰু নানা দায়িত্বপূৰ্ণ কামত আমাক নিয়োজন কৰিলে। [ ১৭৬ ] খাটনিয়াৰে বিশেষকৈ প্ৰকাশনৰ ক্ষেত্ৰত আমাৰ ওপৰত কিছু ভৰসা ৰাখিছিল, সেয়ে বিভিন্ন সংকলন প্ৰকাশনৰ ক্ষেত্ৰত তেওঁৰ অনুৰোধতে বিশিষ্ট প্ৰকাশন প্ৰতিষ্ঠানৰ সৈতে পৰিষদৰ এটি সম্পৰ্ক গঢ়ি তোলাত যোগসূত্ৰ স্থাপন কৰিছিলোঁ। ‘লক্ষ্মীনাথ শৰ্মা ৰচনাৱলী’, ‘সাহিত্য বীক্ষণ’ৰ দৰে মৰ্যাদাপূৰ্ণ প্ৰকাশন সম্ভৱ হৈছিল ষ্টুডেন্টচ ষ্টোৰ্চৰ জৰিয়তে। তেনেদৰে আৰু কেইবাখনো পুথি প্ৰকাশ প্ৰকাশ হৈছিল। তাৰ ভিতৰত খাটনিয়াৰে সম্পাদনা কৰা ‘সূৰ্য ঢকা মেঘ’ও আছিল, যিখন এখন মননশীল গল্প সংকলন হিচাপে পঢ়ুৱৈয়ে আদৰিছিল। খাটনিয়াৰৰ সতে লগলাগি আমিও সম্পাদনা কৰিছিলোঁ ‘হেমাংগ বিশ্বাস’ পুথিখন। পৰিষদক গতিশীল কৰি ৰখাত খাটনিয়াৰৰ ভূমিকা আছিল অনস্বীকাৰ্য। শাখাসমূহৰ লগত সুসম্পৰ্ক ৰখাত তেওঁ সফল হৈছিল। সাংগঠনিক কামকাজত আমাৰ সতে সংঘাতৰো সৃষ্টি হৈছিল৷ পৰিষদত এই বিষয়ে আলোচনা হৈছিল। কেতিয়াবা এনে সংঘাত হ’লে আমি অনিলদা (অনিল ৰায়চৌধুৰী)ৰ সতে মুকলিভাৱে কথা পাতিছিলোঁ। আমাৰ কথাবোৰ মনোযোগেৰে শুনিছিল আৰু সংঘাত নিৰসন কৰাত অনিলদাই ভূমিকাও লৈছিল। কিন্তু মতান্তৰ হ’লেও তেওঁৰ সৃষ্টিৰ প্ৰতি বিমুখী হোৱা নাছিলোঁ। মৃত্যুৰ এবছৰ আগেয়ে এজন অধ্যাপকে সাহিত্য অকাডেমিৰ বঁটাৰ বাবে আমাক পৰিষদৰ লেখকৰ কিতাপৰ কথা সোধাত আমি খাটনিয়াৰৰ গল্পপুথিৰ কথা কৈছিলোঁ আৰু সেইখন বঁটাৰ বাবে আনকেইজনমানৰ লগতে তেওঁৰো পুথিখন তালিকাভুক্ত হৈছিল।

 খাটনিয়াৰ আছিল অতিকৈ কষ্টসহিষ্ণু। পৰিষদৰ কামবোৰ অকলেই যেন কৰি পেলাব এনে ভাব আমি লক্ষ্য কৰিছিলোঁ। এনে কৰাত সদায় ফল ভাল হোৱা নাছিল। পাছত আমি ধাৰাবাহিকতাৰ সূত্ৰ ধৰাত অসুবিধাও হৈছিল। কিন্তু তেওঁৰ অৱদানখিনি নিঃসন্দেহে সদায় স্মৰণীয় হৈ ৰ’ব। পৰিষদত এচাম সমাজদায়বদ্ধ লেখক সৃষ্টিত তেওঁৰ অৰিহণা সামান্য নাছিল। খাটনিয়াৰলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিলোঁ।❐

(লেখক বিশিষ্ট সাহিত্যক, সম্পাদক, 'নতুন সাহিত্য পৰিষদ'ৰ প্ৰাক্তন সভাপতি আৰু বৰ্তমান ৰাজ্যিক সম্পাদক) [ ১৭৭ ]

বিপুল খাটনিয়াৰ : এক বিষাদ-বিধুৰ সোঁৱৰণ

ৰবীন্দ্ৰ কুমাৰ দাস

হঠাৎ খবৰটো পাইছিলোঁ— সতীৰ্থ বিপুল খাটনিয়াৰৰ জীৱন্ত শৰীৰ আৰু ইহ সংসাৰত নাই। ততাতৈয়াকৈ তেওঁৰ নশ্বৰ দেহৰ কাষলৈ ঢাপলি মেলিছিলোঁ। অসুস্থ বুলি গম পাই দুই নে তিনিসপ্তাহ আগত তেওঁৰ ঘৰলৈ গৈছিলোঁ। লাখুটিত ভৰ দি তেওঁ ভিতৰৰ পৰা ওলাই আহিছিল। সোঁহাতেৰে লাখুটিডালৰ মূৰত ধৰি থাকি মোৰ ফালে নোচোৱাকৈ প্ৰায় তলমূৰকৈ তেওঁ মোৰ সমুখত বহিছিল, লাহে লাহে দুৰ্বল শৰীৰ আৰু অসুখৰ কথা কৈছিল, পত্নী ৰীণা খাটনিয়াৰক শেহতীয়াকৈ ওলোৱা ‘হাৱা ভাল চলা নাই’ গ্ৰন্থখনৰ কপি এটা মোক দিবলৈ দুবাৰকৈ সোঁৱৰাই দিছিল। তেওঁৰ বৰ কষ্ট হৈছিল। মই বেছি সময় তেওঁৰ লগত কথা পাতি থাকিবলৈ অপ্ৰতিভ হৈছিলোঁ। তেওঁক বিছনাত জিৰণি ল’বলৈ কৈছিলোঁ। তেওঁ লাহে লাহে উঠি গৈছিল। এটা গধুৰ মন লৈ মই ঘৰলৈ উভতিছিলোঁ।

 ১৯৮০ চনৰ ঘটনা। চাকৰিসূত্ৰে উত্তৰ লখিমপুৰত আছিলোঁ। কিবা কামত গুৱাহাটীলৈ আহিছিলোঁ। বিদেশী বহিষ্কাৰৰ দাবীত ইতিমধ্যে অসম আন্দোলন আৰম্ভ হৈ গৈছিল, এক উত্তাল পৰিস্থিতি। বাঁওপন্থী আৰু গণতান্ত্ৰিক প্ৰগতিশীল চিন্তাৰ লগত যুক্ত লোক অ’ত-ত’ত মুক্তভাৱে গমনাগমন কৰাটো অছিল চিন্তাৰ বিষয়। সাৱধান নহ’লে ক’ত, কেতিয়া আন্দোলনকাৰীৰ ৰোষত পৰিব লাগে, অপদস্থ হ’ব লাগে, মাৰ খাব লাগে আনকি জীৱনো হেৰুৱাব লাগে তাৰ কোনো ঠিকনা নাছিল। বাঁওপন্থী ৰাজনীতি কৰা, প্ৰগতিশীল-গণতান্ত্ৰিক চিন্তাধাৰাৰ সাহিত্য-সংস্কৃতিৰ লগত যুক্ত হোৱা, সংগ্ৰামী ট্ৰেড ইউনিয়ন কৰা লোক মানেই বিদেশী বহিষ্কাৰৰ বিৰোধী— সেই প্ৰচাৰ তেতিয়া তুংগত। তেওঁলোকৰ বাবে সেই সময় আছিল অতি সংকটজনক, প্ৰতিটো মুহূৰ্তই এক উদ্বেগৰ সময়। অসম আন্দোলনৰ প্ৰায় আৰম্ভণিৰ পৰাই বিদেশী বহিষ্কাৰৰ শ্লোগানৰ লগে লগে বাঁওপন্থীবিৰোধী বিশেষকৈ চি পি আই (এম) বিৰোধী শ্লোগানো সমানেই সক্ৰিয় হৈ উঠিছিল। প্ৰথম দিনাই চাইকেলেৰে অফিচলৈ যাওঁতে ৰাস্তাৰ পিচ্ছত লিখা শ্লোগান এটা পঢ়ি হতভম্ব হৈছিলোঁ। ডাঙৰ আখৰেৰে পিচ্ছত লিখা আছিল ‘চি পি আই(এম)ক জীয়াই জীয়াই কবৰ দিয়ক’ বুলি। বিদেশী বহিষ্কাৰৰ [ ১৭৮ ] নামত অসমীয়া উগ্র জাতীয়তাবাদীচামে বাঁওপন্থী ৰাজনৈতিক দল-সংগঠন, চিন্তাধাৰাৰ বিৰুদ্ধে পৰিকল্পিত হিংস্রতা ভিন্‌ ভিন্ এলাকাত সংঘটিত কৰি থকা ভয়াবহ পৰিস্থিতিৰ সময়তে উত্তৰ লখিমপুৰৰপৰা আহি গুৱাহাটীত উপস্থিত হৈছিলোহি। ফাঁচীবজাৰৰ ভাৰতীয় জীৱন বীমা নিগমৰ বিভাগীয় মুৰব্বীৰ কাৰ্যালয়ত কামখিনি কৰি উঠি কাগজ-পত্ৰবোৰ সামৰি-সুতৰি তাৰপৰা ওলাই আহিবৰ পৰত লগ পাইছিলোঁ জীৱন বীমাৰে গুৱাহাটীস্থ কৰ্মচাৰী গৌতম বৰুৱাক। নলবাৰী অঞ্চলৰ গাঁৱৰ ঘৰলৈ মাছখোৱাৰপৰা যোৱা বাছৰ সময় উকলি যাওঁ যাওঁ। গৌতম বৰুৱাই বোলে, ‘ব’ল, আমাৰ লগতে থাকিবি ৰাতিটো। অ’ত-ত’ৰ চাৰিটা বৰলা লগ লাগি আছোঁ, থাকি ভাল পাবি।”

 কথা মতে কাম। গৌতমৰ লগতে গধূলি আহি সিহঁতৰ বৰলা ভৱনটোত উপস্থিত হৈছিলোঁহি। গৈহে গম পাইছিলোঁ বাকী তিনিজন বৰলা হৈছে — বিপুল খাটনিয়াৰ, বিপুল দেৱশৰ্মা আৰু দীনবন্ধু ঠাকুৰীয়া। মই গৈ সিদিনা বৰলাৰ সংখ্যা পাঁচজনলৈ বৃদ্ধি কৰিছিলোঁ। আমি গৈ পোৱাৰ অলপ পিছে পিছে বাকীকেইজনো আহি পোৱাত চা-চিনাকি কৰি দিছিল গৌতমে। ইতিমধ্যেই বিপুল খাটনিয়াৰৰ গল্প ‘নতুন পৃথিৱী’ত পঢ়িছিলোঁ। খাটনিয়াৰ ‘নতুন পৃথিৱী’ৰ লগত লেখা-মেলা আৰু আন কাম-কাজৰ মাজেৰে জড়িত হৈ আছিল। মানুহজনৰ লগত চাক্ষুস পৰিচয়, কথা-বতৰা আগতে হোৱা নাছিল। বৰ ভাল লাগিছিল যেতিয়া গৌতমে চিনাকি কৰি দিছিল— ‘এখেত বিপুল খাটনিয়াৰ, গল্প লিখে। তই পঢ়িছ ছাগৈ।’ পিছদিনা পুৱা আহিবৰ সময়ত বিপুল খাটনিয়াৰে সমদল গোষ্ঠীয়ে প্ৰকাশ কৰি উলিওৱা আঠটা গল্প সন্নিৱিষ্ট ‘খোজৰ শব্দ’ নামৰ সৰু পুথিখন মোৰ হাতত দিছিল। পুথিখন হাতত লৈ কিবা এটা বুজাব নোৱাৰা পুলক অনুভৱ কৰিছিলোঁ।

 উত্তৰ লখিমপুৰলৈ ঘূৰি গৈ কিছুদিন পিছত কেইজনমান লগ হৈ এখন কম পৃষ্ঠাৰ ক্ষুদ্ৰ মাহেকীয়া আলোচনী উলিওৱাৰ কথা ভাবিছিলোঁ। উত্তৰ লখিমপুৰত তেতিয়া আমি কেইজনমানে এটা প্রগ্রেছিভ ষ্টাডি চার্কোল খুলিছিলোঁ । কাৰ্যালয়টো আছিল সমাজবাদী আদৰ্শৰ সৈতে যুক্ত স্বনামধন্য মিনাৰাম শইকীয়াৰ ঘৰৰ চৌহদত থকা সৰু কোঠালি এটাত। তেওঁ ওকালতি কৰিছিল। প্ৰগ্ৰেছিভ ষ্টাডি চাৰ্কোলৰ কৰ্ম-কৰ্তাসকলৰ সহায়-সহযোগত প্ৰকাশ কৰা আলোচনীখনৰ নাম দিয়া হৈছিল ‘সূত্রপাত’। সম্পাদকমণ্ডলীত এই লেখকো আছিল। এই লেখকৰ অনুৰোধমৰ্মে বিপুল খাটনিয়াৰেও গল্প এটা পঠাইছিল। নামটো আছিল ‘এখন ভাল মানুহৰ গাঁও’। গল্পটো তৃতীয় সংখ্যাত প্ৰকাশ কৰাৰ কথা আছিল। কিন্তু দ্বিতীয় সংখ্যা ‘সূত্ৰপাত’ৰ কপিবোৰ দোকানৰপৰা জোৰ জবৰদস্তি কৰি কাঢ়ি নি আন্দোলনকাৰীহঁতে ফালি-ছিৰি, মোহাৰি-গচকি জুই লগাই পুৰিছিল, সম্পাদকমণ্ডলীক ঘৰলৈ গৈ ভয়-ভাবুকি, [ ১৭৯ ] দাবী-ধমকি দিছিল। ‘সূত্ৰপাত’ৰ প্ৰকাশ বন্ধ হৈছিল। বিপুল খাটনিয়াৰৰ গল্পটোও প্ৰকাশ কৰিব পৰা নগ’ল।

 গুৱাহাটীলৈ বদলি হৈ অহাৰ পিছত ‘নতুন সাহিত্য পৰিষদ’ৰ লগত সক্ৰিয়ভাৱে জড়িত হৈ পৰিছিলো নব্বৈৰ দশকত। বিপুল খাটনিয়াৰে পৰিষদৰ কাম-কাজৰ সৈতে যুক্ত আছিল জন্মলগ্নৰপৰাই। গতিকে পৰিষদৰ বিভিন্ন কাম-কাজ সম্পৰ্কে তেওঁ আছিল বেছ অভিজ্ঞ। তেওঁ কৰ্মোদ্যোগীও আছিল। একাগ্ৰতাৰে সকলো কামতে মনপুতি লাগিছিল। শাৰীৰিক কষ্টৰ প্ৰতি কাণসাৰ কৰা নাছিল। পৰিষদৰ বিভিন্ন কাম-কাজৰ মাজেদি বিপুল খাটনিয়াৰৰ লগত ঘনিষ্ঠতা গাঢ় হৈছিল, তেওঁৰ লগত ব্যক্তিগতভাৱে এটা আন্তৰিক আৰু ওচৰ সম্বন্ধ গঢ় লৈ উঠিছিল। পৰিষদৰ কেতবোৰ নিৰ্দিষ্ট বিষয়ত আলোচনা কৰিবলৈ মই তেওঁৰ ঘৰলৈ গৈছিলোঁ, তেঁৱো আহিছিল।

 পৰিষদৰ সাংগঠনিক কাম-কাজত একনিষ্ঠভাৱে লাগি থকা বিপুল খাটনিয়াৰে তাৰ মাজতে নিৰৱচ্ছিন্নভাৱে আৰু একাণপটীয়াকৈ গল্প লিখাত মনোনিৱেশ কৰিছিল। সমাজবাদী সমাজ ৰূপান্তৰৰ সংগ্ৰামী মতাদৰ্শত উদ্বুদ্ধ হৈ বাস্তৱ অভিজ্ঞতাভিত্তিক চিন্তা-চেতনাৰে গল্প ৰচনাত তেওঁ অভিনিৱিষ্ট হৈছিল জীৱনজুৰি। গাঁৱৰ সাধাৰণ মানুহৰ লগত থাকি, কথা পাতি তেওঁলোকৰ ভাব-ভাষা, চিন্তা-বিশ্বাসৰ গভীৰত সোমাই গল্পৰ কাহিনী বা ঘটনাক্ৰমৰ পৰিকল্পনা যুগুতাবলৈ তেওঁ প্ৰায়ে ভিন্‌ ভিন্ ঠাইলৈ গৈছিল। তেওঁৰ ঘৰলৈ গ’লে তেওঁ কেতিয়াবা অতিসাম্প্ৰতিক ভ্ৰমণৰ ঠাইখনৰ কথা, তাৰ মানুহৰ কথা, আচাৰ-ব্যৱহাৰৰ কথা কওঁতে সেই বাস্তৱ সত্যৰ উমান পাইছিলোঁ। যি কি নহওক, ‘নতুন পৃথিৱী'ত প্ৰকাশ পোৱা গল্পৰ মাজেদিয়ে বাস্তৱিকতে বিপুল খাটনিয়াৰে পঢ়ুৱৈৰ মাজত সুপৰিচিত হৈ কঠোৰ শ্ৰম আৰু অনুশীলনৰ জৰিয়তে সামাজিক পৰ্যবেক্ষণৰ গভীৰত সাৱলীল প্ৰকাশভংগীৰে গল্প ৰচনাত একাগ্ৰ হৈছিল। ‘খোজৰ শব্দ’ৰ পিছত তেওঁ ‘চিনাকি মুখৰ ছবি’, ‘দখাৰ’, ‘ভিন্ন জীৱন ভিন্ন কথকতা’, ‘চিনাকি মুখ অচিনাকি ছবি’, ‘হাৱা ভাল চলা নাই’, ‘ঘঁৰিয়ালডাঙাৰ কথা’— গল্প সংকলন প্ৰকাশ কৰি উলিয়াইছিল আৰু নতুন সাহিত্য পৰিষদৰ মুখপত্ৰ 'নতুন সাহিত্য’কে ধৰি পৰিষদৰ দ্বাৰা প্ৰকাশিত কেইবাখনো গ্ৰন্থ সম্পাদনা কৰিছিল। তদুপৰি ‘অনিল ৰায়চৌধুৰী ৰচনাৱলী’ও তেওঁৰ অকাল বিয়োগৰ আগে-আগে সম্পাদনা কৰি থৈ গৈছে।

 বিপুল খাটনিয়াৰ পৰিষদৰ প্ৰকৃতাৰ্থতে এগৰাকী নিৰলস কৰ্মী-নেতা আছিল তেওঁৰ কৰ্ম-তৎপৰতাই, সংগঠনৰ কাম-কাজবোৰৰ খতিয়ানবোৰ সুচাৰুৰূপে ৰখাৰ নিষ্ঠাই পৰিষদৰ সতীৰ্থসকলক নিশ্চিতভাৱে অনুপ্ৰাণিত কৰি থকিব। আজি এই প্ৰথম মৃত্যু-বাৰ্ষিকীৰ দিনা প্ৰয়াত সতীৰ্থ গৰাকীলৈ যাচিছোঁ অকৃত্ৰিম শ্ৰদ্ধাঞ্জলি।❐

(লেখক ‘নতুন সাহিত্য পৰিষদ’ৰ প্ৰাক্তন ৰাজ্যিক সভাপতি আৰু সম্পাদক) [ ১৮০ ]

 

মৰমৰ ভ্ৰাতৃপ্রতীম
বিপুল খাটনিয়াৰৰ স্মৰণত

কবিৰাজ শৰ্মা

চেনেহৰ ভগ্নী ৰীণা খাটনিয়াৰৰ বেদনাভৰা আহ্বান— - তেওঁৰ প্ৰয়াত স্বামীৰ বাৰ্ষিকীত এখনি স্মৰণিকা প্ৰকাশ কৰিব, এটি স্মৃতিলেখা মোৰ পৰা বিচাৰিছে। অতিকৈ শ্ৰদ্ধাৰ অনিল ৰায়চৌধুৰীৰ বিয়োগ হোৱা কেইমাহমানহে হৈছে। সেই মহানতম পুৰুষৰ শ্ৰদ্ধাঞ্জলি সঞ্চিত গ্ৰন্থৰ আয়োজক মোৰ অতিকৈ আপোন শ্ৰদ্ধা আৰু মৰমৰ ভ্ৰাতৃ, বিজ্ঞানী, প্রগতিশীল সাহিত্যিক বিপুল খাটনিয়াৰে তুলনামূলকভাৱে কম বয়সতে আমাৰ পৰা বিদায় ল’লে। তেওঁৰ ব্যক্তিত্ব আৰু কৰ্মৰাজিৰ প্ৰতি গুণমুগ্ধ আমি সতীৰ্থসকল অতিকৈ বেদনাহত হ'লোঁহঁক।

 ভূবিজ্ঞানী হিচাপে কৰ্মৰত খাটনিয়াৰে প্ৰাকৃতিক সম্পদ অন্বেষণত হাবিয়ে- বনে, পৰ্বতে কন্দৰে ঘূৰিব লগা হৈছিল। তেনে অন্বেষণত অনেক জাতি, জনগোষ্ঠী আৰু খিলঞ্জীয়া সমাজক লগ পাইছিল। সেই লোকসকলৰ লগত সুদীর্ঘ সময় সহাৱস্থান কৰি তেওঁলোকৰ লগত বাৰ্তালাপ কৰি আৰু সহযোগ লাভ কৰি ইপ্সিত তথ্য সম্ভাৰ আহৰণ কৰিবলৈ সক্ষম হৈছিল। অকল সেয়ে নহয় জনগোষ্ঠীয় সমাজ জীৱনৰ সূক্ষ্ম অধ্যয়নৰ জৰিয়তে সাহিত্যৰ সমল আয়ত্ত কৰিছিল। বিশিষ্ট গল্প লেখক খাটনিয়াৰৰ গল্পবিলাকত জনগোষ্ঠীয় সমাজৰ ভাব-ভাষা, ৰহন-চহন, ৰীতি-নীতি আদি নিখুঁতভাৱে অংকিত হোৱা দেখা পাওঁ।

 নতুন সাহিত্য পৰিষদৰ প্ৰতিষ্ঠাকালৰ পৰা প্ৰগতিশীল সাহিত্যৰ আন্দোলন আগুৱাই নিয়াত যি বৰঙণী আগবঢ়ালে সেয়া আমাৰ বাবে চিৰস্মৰণীয় হৈ থাকিব। চৰকাৰী কামৰ দায়িত্ব নিষ্ঠাসহকাৰে পালন কৰিও তেখেতে সাহিত্যিক চিন্তা-চৰ্চা অটুট ৰাখিছিল । সাহিত্য সংগঠনৰ গুৰুদায়িত্ব বহন কৰি অসমৰ ইমূৰৰপৰা সিমূৰলৈ ঢপলিয়াই ফুৰিব লাগিছিল। অসমীয়া প্রগতিশীল সাহিত্যৰ ভঁৰাল চহকী কৰাত [ ১৮১ ] ব্যক্তিগতভাৱে আৰু সতীৰ্থ সহকৰ্মীসকলক উদ্যমী সজোৱাত অহোপুৰুষাৰ্থ কৰিছিল।

 গল্প লিখাৰ সমল ব্যক্তি হিচাপে বহু আলোচনাচক্ৰ আৰু কৰ্মশালাত যোগদান কৰিছিল আৰু নিজেও তেনে অনুষ্ঠান সংগঠিত কৰিছিল।

 ২০০৬ চনত নতুন সাহিত্য পৰিষদৰ ৰাজ্যিক অধিৱেশন গহপুৰত অনুষ্ঠিত হৈছিল। ৰাজ্যিক কমিটিৰ সম্পাদক আছিল বিপুল খাটনিয়াৰ। চাৰিদিনীয়াকৈ সুন্দৰভাৱে উদ্যাপিত ৰাজ্যিক সন্মিলনৰ স্বাগতকাৰিণী সমিতিত অধ্যাপক প্রদীপ দত্ত, গোপাল নেৱাৰ আৰু হোমনাথ পোঞ্জেলসহ আমাৰ চাৰ্জিনৰ ওপৰত বিশেষ দায়িত্বভাৰ পৰিছিল। প্ৰফেচৰ অমলেন্দু গুহ ছাৰ, অনিল ৰায়চৌধুৰী, বিজনলাল চৌধুৰী আদি ব্যক্তিসকলৰ পদাৰ্পণে আমাক সৌভাগ্যবান কৰিছিল। তেখেতসকলক অতিথি সেৱা কৰিবলৈ পাই কৃতাৰ্থ হৈছিলোঁ। মাজে সময়ে বিভিন্ন কামত উত্তৰ অসমলৈ আহিলে খাটনিয়াৰে আমাৰ গৃহত অতিথি হৈ আমাৰ পৰিয়ালক কৃতজ্ঞ কৰিছিল।

 সাহিত্য সংগঠনৰ কেন্দ্ৰস্থল গুৱাহাটী হোৱা হেতুকে অসমৰ সকলো প্ৰান্তৰ লেখক, সাহিত্যিক গুৱাহাটীলৈ আহিলে বহুকেইজন খাটনিয়াৰৰ ঘৰত আলহী থকা প্রত্যক্ষ কৰিছিলোঁ। বিশেষকৈ মই গুৱাহাটীলৈ গৈ বাহিৰত থকা গম পালে ৰীণা আৰু বিপুল উভয়েই আক্ষেপ কৰিছিল।

 মুমূর্ষু অৱস্থাত ততাতৈয়াকৈ অস্ত্রোপচাৰ কৰিবলগা হোৱা কমডে গোপাল নেৱাৰক গুৱাহাটীৰ নাৰ্চিং হোমত ভৰ্তি কৰিবলৈ বিপুল খাটনিয়াৰে যি উদ্যোগ লৈছিল আমি গাঁওবাসী তেখেতৰ ওচৰত সদায় ঋণী হৈ থাকিম। কথা হ’ল বিশেষ মুহূর্তত প্রয়োজনীয় টকা গোটাব পৰা হোৱা নাছিল বাবে নার্চিংহম কর্তৃপক্ষই অস্ত্ৰোপচাৰ কৰাত ইতস্তত কৰিছিল । খাটনিয়াৰৰ উদ্যোগত পৰিস্থিতিৰ মোকাবিলা কৰিব পৰা গৈছিল।

 মানৱ দৰদী, বিজ্ঞানী, সুসাহিত্যিক, সমাজ সংগঠক বিপুল খাটনিয়াৰক সোনকালে হেৰুৱাই আমি দিশহাৰা হৈছোঁ । খাটনিয়াৰৰ আদৰ্শ পত্নী আমাৰ মৰমৰ ভগ্নী ৰীণাৰ হৃদয় ব্যথা বর্ণনাতীত। তথাপি তেওঁৰ তত্ত্বাৱধানত প্ৰকাশ হ’বলগীয়া স্মৰণিকাই সময়ে সময়ে আমাক সচেতন কৰি থাকিব আৰু প্ৰগতিশীল সমাজ গঢ়াৰ আমাৰ প্ৰয়াসক সাৰ-পানী যোগাই থাকিব।

(লেখক অৱসৰী শিক্ষক আৰু 'নতুন সাহিত্য পৰিষদ’ৰ সদস্য) [ ১৮২ ]

বিপুল খাটনিয়াৰ : নামেই যাৰ পৰিচয়

শ্ৰীনাৰায়ণ ৰবিদাস

বিপুল খাটনিয়াৰ! নামেই যাৰ পৰিচয়। চাপ দাঢ়ি থকা সেই দিখৌ নৈৰ পাৰৰ শিৱসাগৰীয়া অতি সাধাৰণ মানুহৰ চৰিত্ৰ আৰু গাঁৱলীয়া পৰিৱেশৰ বৈশিষ্ট্যসমূহ যথাযথভাৱে তুলি ধৰি তাৰে কোলাত উঠি আহি আহি ভাটিয়ালী সুৰৰ লগত সুৰ মিলাবলৈ যাওঁতে, কথাবোৰ ক'ৰবাত হেৰাই যাবলৈ ধৰোঁতে, হস্তীৰ কন্যাৰ চোতাল মাটিয়াবাগ আৰু শুকাই যাব ধৰা গদাধৰ নৈৰ পাৰত; কেতিয়াবা আকৌ বাংলাদেশ সংলগ্ন ৰামৰায় কুঠী ভ্ৰমণ কৰি বক্সীৰহাট চেকগেট জিলা সদৰ ধুবুৰী পাই ব্ৰহ্মপুত্ৰত নামি ডুব মাৰি মানকাচৰ ঠাকুৰনবাৰী!

 এক কথাত ক’বলৈ গ’লে অসমীয়া জীৱন শৈলী, পৃথিৱীৰ মেহনতী মানুহৰ হৃদয় চুই যোৱা জীৱনৰ অনুভুতিবোৰে জী উঠি লেখকক তাগিদা দিছিল ‘মোৰ কথা কিয় আপুনি নিলিখে ? সুখ-দুখেৰে ভৰা এই ধৰাৰ আপুনিয়েই একমাত্র ব্যক্তি যিজনে বাংলাদেশমূলীয়, ৰংপুৰীয়া, মৈমনসিঙিয়া আদি সাধাৰণ মানুহৰ জীৱনবোধ সমাজৰ আগত দাঙি ধৰিছে; যেন খাটনিয়াৰ উজনি আৰু নামনি অসমৰ সেতুবন্ধ; তেখেত নামনি অসমৰ, বিশেষকৈ গোৱালপৰীয়া ভাষা ব্যৱহাৰ কৰিবলৈ যাওঁতে আৰু ফকৰা যোজনা প্ৰবাদ আদি ব্যৱহাৰ কৰিবলৈ যাওঁতে তাৰ অৰ্থ মোৰপৰা বুজি লৈছিল। কেইবছৰ মানৰপৰা কোচ-ৰাজবংশী আৰু গোৱালপৰীয়া ভাষা লৈ দ্বন্দ্বত পৰিছিল খাটনিয়াৰ। এইলৈ মই মন্তব্য দিছিলোঁ দুয়োটাই গোৱালপৰীয়া। দৰাচলতে সম্প্ৰদায় আৰু এলেকাগত জলবায়ুৰ প্ৰভাৱ থাকে বাবে উচ্চাৰণ ভিন ভিন হয়। ঘাট ঘাট পৰ বদলে পানী; সাত ঘাট পৰ বাণী।

 প্রথমে গোৱালপৰীয়া ভাষাৰ কথনভংগী চোৱা যাওক। ক’বলৈ গ'লে বিজয়পুৰ, উপৰহালি, মাণিকপুৰ, চাপৰৰপৰা আৰম্ভ কৰি ভুটান সীমান্ত গোঁসাইগাঁও, বক্সীৰহাট, শালমাৰা, হাজিৰহাট, মানকাচৰলৈকে বিস্তীর্ণ এলেকাত গোৱালপৰীয়া [ ১৮৩ ] ভাষা চলে। কিন্তু ধ্বনিগত তাৰতম্য আৰু গোষ্ঠী বা সম্প্ৰদায়গত ভাষাৰ কথিত ৰূপ বেলেগ বেলেগ। যেনে গাৰোসকলে ‘ৰ’ উচ্চাৰণ কৰিব নোৱাৰে। ‘ৰ’ৰ ঠাইত ‘ল’ উচ্চাৰণ কৰে ৷ যেনে ‘গীৰ্জা’ৰ ঠাই গিজা । তেনেকৈ কোচ-ৰাভাসকলৰ লগত কথা পাতোঁতে বেলেগ ৰূপ লয়। বড়ো মানুহ এজনে হাৰ্সা (অবড়ো)ৰ লগত কথা পাতোঁতে বেলেগ ৰূপ লয়। একেটা ভাষাই, কিন্তু কলিতাসকলে দেশী মুছলমান আৰু মাঝি এজনৰ সৈতে কথা পাতোতে আকৌ বেলেগ ৰূপ লয়। সেয়ে উজনিৰ এজন সাহিত্যিকে যেতিয়া গোৱালপৰীয়া শব্দ বা বাক্য ব্যৱহাৰ কৰিব তেনেহ'লে ক্ষেত্রভিত্তিক এলেকা পৰিদৰ্শন কৰা প্ৰয়োজন । আৰু এটা কথা কৈছিল খাটনিয়াৰে, সীমিত অর্থতহে স্থানীয় শব্দ বা বাক্য ব্যৱহাৰ কৰা উচিত। সেয়ে যেতিয়া খাটনিয়াৰে কোনটো শব্দ ব্যৱহাৰ কৰা বেচি উপযুক্ত হ’ব বুলি দ্বন্দ্বত ভুগিবলগীয়া হয়, তেতিয়া কোনটো ব্যৱহাৰ কৰা উচিত হ’ব এবাৰ মোক সুধিহে চূড়ান্ত সিদ্ধান্ত লয়। অবিভক্ত গোৱালপাৰা জিলাৰ মেঘালয় সংলগ্ন সাপ্তাহিক বজাৰবোৰত গাৰো হিলচৰ পৰা অহা গাৰো মানুহ আৰু ৰাভা মানুহৰ বহুদিনীয়া মিতিৰালি। সামাজিক লেন-দেন, ব্যৱসায় আদিৰ ফলত গোৱালপৰীয়া ভাষা শিকিছে। খাটনিয়াৰে এই বজাৰবোৰতো সময় অতিবাহিত কৰিছিল গোৱালপৰীয়া ভাষা জনাৰ বাবে। এই কামত তেখেতক মই পাৰ্যমানে সহায় কৰিছিলোঁ। বক্সীৰহাটৰ ওচৰৰ হালাকুৰাত এবাৰ ৰাজ্যিক বৈঠক আৰু আলোচনাচক্ৰ হৈছিল। খাটনিয়াৰে আগতীয়াকৈ জনালে ৰাজ্যিক বৈঠকৰ শেষত আমাৰ গাঁৱলৈ যাব। ক’লোঁ, আপোনাৰ ববে মই সদা প্রস্তুত। পিছদিনা মাধৱদেৱে গঢ়ি থৈ যোৱা কালা হাটৰ ওচৰৰ 'ৰামৰায় কুঠী সত্ৰ’দৰ্শনৰ বাবে সকলো ওলাল। আমাক দেখিয়েই বি এছ এফ দৌৰি আহিল। সত্ৰৰ দুজন কর্মকর্তা আমাক দেখি আগবাঢ়ি আহিল। অলপ ঘূৰাঘূৰি কৰি সত্ৰৰ ভিতৰ চ’ৰাত সোমালোঁ। মানুহ এজন আগবাঢ়ি আহিল। হাতত কিবা কিবি বস্তু। সত্ৰৰ অৱস্থা সংগীন। মূল কাৰণ হৈছে দৈনন্দিন পূজা পাতল আৰু নাম-প্ৰসংগ কৰা অসমীয়া মানুহ নাই গাঁওখনত। চাহ-পানী খাই (হালাকুৰাত) মই আৰু খাটনিয়াৰ চাইড কাটিলোঁ । ৯.৩০ বজাত ঘঁৰিয়ালডাঙা নামৰ গাঁওখন গৈ পালোঁ। আমি গৈ পোৱাৰ আধাঘণ্টা পাছতহে ধুবুৰীৰপৰা মানুহজন আহি পালে।

 মই চিনাকি কৰি দিয়াৰ পাছত খাটনিয়াৰে প্ৰশ্ন আৰম্ভ কৰিলে। ‘গাঁওখনৰ নাম ঘঁৰিয়াল ডাঙা কেনেকৈ হ'ল৷’ এটা কথা ঠিক যে গাঁওবিলাকৰ নাম কোনো নামজ্বলা ব্যক্তিৰ দ্বাৰা দিয়া হোৱা নাই। গোৱালপাৰা তথা পূৰ্বাঞ্চলৰ কিছুমান ঠাই বা বসতিৰ নাম এটা গোট বা দলবদ্ধভাৱে বাংলাদেশী মানুহ অসমত প্ৰৱেশ কৰি যি ঠাইত বসতি স্থাপন কৰিলে সেই ঠাইৰ যদি আগৰেপৰা কোনো নাম আছিল সেই নামকে [ ১৮৪ ] গ্ৰহণ কৰে আৰু নেথাকিলে নতুন নাম দিয়ে অথবা বাংলাদেশত থাকোঁতে এৰি অহা গাঁওখনৰ যি নাম আছিল সেই নামকে দিয়ে। সেয়ে বাংলাদেশৰ চৰণতলাৰ পৰা চৰণতলা মন্দিৰটো শ্লেলশ্বেলাৰ যি ঠাইত থাপিলে সেই ঠাইৰ নাম ‘চৰণতলা’ দিলে। আৰু কিছুমান ঠাইৰ নাম কিবা বৈশিষ্ট্য অনুসৰি দিয়া হয়। যেন ঘঁৰিয়াল ডাংগা আগমনি এলেকাৰ এখনি গাঁও। আগতে বেলেগ নাম আছিল। ব্রহ্মপুত্রও এটা সময়ত এইফালে ভাঁজ লৈছিল। নদীখনে লাহে লাহে গতি সলনি কৰাৰ পাছত ফালৰি কাটি কিছুদূৰ আগবঢ়াৰ পাছত শুকাই যায় আৰু দাংগা হ’ল আয়তনত ডাঙৰ সৰু-সুৰা বিলৰ দৰে।বানপানীৰ সময়ত গোটেই এলেকা প্লাবিত হৈ সাগৰসদৃশ পৰিৱেশৰ সৃষ্টি কৰে। তেতিয়া ব্ৰহ্মপুত্ৰইদি ডাঙৰ ডাঙৰ ঘঁৰিয়াল উজাই আহি এই ডাঙাত পেট পেলাই শুই থাকে। সেয়ে গাঁওখনৰ নাম দিলে ঘঁৰিয়ালডাংগা। বানপানীৰ সময়ত মৰাপাট পাঁচ-ছফুটমান দীঘল হয়। গা ঢকা দিয়াৰ বাবে ঘঁৰিয়ালবোৰে খেতিৰ মাজত গৈ শুই থাকে। এনেকৈ তেখেতে গল্প কৰাৰ ছলেৰে প্ৰশ্ন সুধি সুধি নিজক লগা উত্তৰ উলিয়াই লয়। গাঁওখনৰ পৰা বহুতো তথ্য পালে। ঘৰৰ বোৱাৰীবোৰে আজৰি সময়ত বিড়ি বান্ধে, ছোৱালীবোৰ অলপ ডাঙৰ হোৱাৰ লগে লগে দৰা চোৱা আৰম্ভ কৰে। পঢ়াৰ প্ৰতি ধাউতি কম হোৱাৰ বহুতো কাৰণ আছে।

 এইবাৰ অহাযাওক বগৰীবাড়ীৰ মহামায়া মন্দিৰলৈ। ইয়াত বহাগ মাহৰ প্ৰথম দিনটোত নতুন বছৰৰ আৰম্ভণি। নামনি অসমত যিহেতু বড়োসকল বাদে বিহু নাই স্থানীয় মন্দিৰক কেন্দ্ৰ কৰি পূজা পাতল আৰু ঠাই বিশেষে মেলাও হয়। মহামায়া মেলাৰ বিশেষত্ব হ’ল সাতদিন ধৰি ‘সাত বিষুমাৰ মেলা’। জাতি ধৰ্ম ভাষা নির্বিশেষে সকলোৱে অংশগ্ৰহণ কৰে। ইয়াৰ পাছত আহিলোঁ মহামায়া স্নানঘাট আৰু যোগমায়া মন্দিৰলৈ ৷ আমাৰ দুয়োজনৰে ধৰ্মত বিশ্বাস নাই যদিও কেৱল পূজন পদ্ধতি আৰু অন্যান্য বিশেষত্ববোৰ জনাৰ বাবে দৰ্শন কৰিবলৈ গ'লোঁ ।

 ইয়াৰ পাছত মোৰ গাঁও শিলবাড়ী বৰগাঁওলৈ গমন। মহামায়াৰ পৰা পাঁচ কিলোমিটাৰৰ পথ। এশ বিছ ঘৰমানৰ মাজত মাত্ৰ এঘৰ হিন্দু মানুহ। বাকী সব মুছলমান। খাটনিয়াৰ শুনি আচৰিত হ’ল। কলোঁ, আগৰ দিনত গৰু-ম'হৰ চামৰা চিলাবৰ বাবে মহল হিচাপে জমিদাৰে ডাকত দিছিল। সেইসূত্ৰে মোৰ ককাইদেউ সুদূৰ উত্তৰ প্ৰদেশৰ বালিয়া জিলাৰ চানদপুৰ গাঁৱৰ পৰা ইয়ালৈ আহি স্থায়ীভাৱে বসবাস কৰিবলৈ লয়। গাঁওখনৰ তিনিওফালে নদী আৰু পশ্চিমফালে পাহাৰ আৰু বড়ো বস্তিৰ আৰম্ভণি । আমাৰ ঘৰ পোৱাৰ পাছত হাত মুখ ধুই চাহ খাই গাঁও দৰ্শনৰ বাবে ওলালোঁ । বাল্যকালৰ লগৰী হামজা বেগমৰ ঘৰত গৈ ওলালোঁ। মোক দেখি তাই বৰ ভাল পালে । তাইৰ খবৰ কেনে বুলি সোধাত এটা দীঘলীয়া হুমুনিয়াহ কাঢ়ি [ ১৮৫ ] ক’লে, ‘গৰীবেৰ আৰ খবৰ থাকে নাকি? চলাইচে কোনো ৰকম আৰ কি।' বস্ (বহক) বুলি তাই দুখন চকী আগুৱাই দিলে। খেৰৰ ঘৰ, খিৰিকি নাই। গাঁওখনত বিজুলী বাঁতিৰ সংযোগ এতিয়াও হোৱা নাই। তাই ক’লে, ‘এইসময়ত আহিছা বৰ ভাল হৈছে। বর্তমান শদ্ৰা মিঞাৰ লগত মোৰ দেউতাৰ ফাইট চলি আছে। এই সময়ত যদি দিয়া তেন্তে শদ্ৰা মিঞাৰ হালৰ গৰু এটা শেষ। ক’লোঁ, এইবিলাক এতিয়া নকৰোঁ ৷ জানো যদিও এইবিলাক কাম নকৰোঁ। কোনো মন্তব্য নিদিয়াকৈ মন দি খাটনিয়াৰে শুনি আছে। চাহ খোৱাৰ প্ৰসংগ উঠিছিল যদিও মই ক'লোঁ, আমাৰ ইয়াত চাহ নেখায়, দিনত দুবাৰ সিধা ভাত। মহামায়া ধামত স্নানঘাটলৈ ৰিক্সা পাই গলোঁ। সুধিলোঁ, যাবা নেকি ঘাট পাৰলৈকে। ৰিক্সাৱালাজনে যাম বুলি ক'লে। ৰিক্সাখনত উঠি গম পালোঁ ৰিক্সাখনো যেনে পুৰণি হৈছে মানুহজনো আদবয়সীয়া দুৰ্বল। ৰাস্তা বৰ বেয়া। ৰিক্সাখন চলোৱাৰ লগে লগে কেৰেট্-কুৰুট আৰম্ভ হৈ গ’ল। যোগমায়া মন্দিৰ পাওঁ পাওঁ অৱস্থা। এনেতে ৰিক্সাখন এৰি দি টিপকাই নৈৰ পৰিস্কাৰ আৰু শীতল পানী খাই লাহে লাহে আমি ঘৰমুৱা হ'লোঁ খোজকাঢ়ি। মাজে মাজে দুই এটা কথা আৰু প্ৰশ্ন চলিছে। খাটনিয়াৰে সুধিলে, ‘দাস মন্দিৰ প্রতিষ্ঠা হোৱাৰ আগত নিশ্চয় কিছু প্রবাদ জড়িত হৈ আছিল?’ পুৰণা দেৱ-দেৱীৰ নামত মন্দিৰ প্ৰতিষ্ঠাৰ নামত বহুতো প্রবাদ আছে। মহামায়াৰো আছে। কিংবদন্তিমতে এবাৰ ঢাকাইয়া বেপাৰীৰ কাঠৰ ভূৰ মাজ নদীত ফঁচি যায়। ব্যৱসায়ীজন মহা বিপাঙত পৰিল। লাখ টকাৰ কাঠৰ ভূৰ পানীত এৰি থৈ কেনেকৈ যায়। অৱশেষত তিনি দিনৰ দিনা ৰাতি সপোন দেখিলে। সপোনতে সুধিলে, ‘হে মহামায়া তুমি কিয় মোক কষ্ট দিছা?’ দেৱীয়ে ক’লে, ‘সন্তানক এৰি থৈ কোন মাকে ঘূৰি ফুৰে। শুনা, তুমি মোৰ নামত এটা মন্দিৰ প্ৰতিষ্ঠা কৰা, পূজা-পাতল কৰা, তেহে তোমাৰ পাপ খণ্ডিব আৰু ভূখন অলপ ভাঁহি উঠিব।'

 ৰাতি পুৱালত প্ৰাতঃকৰ্ম কৰি চিধা জমিদাৰ বাৰীলৈ গমন । নাক্‌ৰি ঘৰত বহি কাঠৰ ব্যৱসায়ীজনে ক’লে, হুজুৰ আজি সপোনত দেৱীয়ে মোক এটা মন্দিৰ বনাই দিব লাগে বুলি ক'লে । মই নিজে মুছলমান হৈ কেনেকৈ মা মহামায়াৰ মন্দিৰ প্ৰতিষ্ঠা কৰোঁ। পাছত কথা হ’ল মন্দিৰ সজাৰ যাৱতীয় খা-খৰচ বেপাৰীজনে বহন কৰিব আৰু সজাৰ দায়িত্ব জমিদাৰে ল’ব। কথামতে কাম হ’ল। মহামায়া মন্দিৰ প্ৰতিষ্ঠা হ’ল ৷ মাজ নদীত ফঁচি থকা কাঠৰ ভূখন নিজে নিজে খোল খালে। জমিদাৰে নিজ ইষ্টেটত বসতি কৰাৰ বাবে উৎসাহ দিছিল। কিন্তু বড়ো মানুহবোৰ মাটিৰ খাজনা দিয়াত আগ্রহী নহয়। সেয়ে মৈমনচিঙীয়া খেতিয়কসকলক বহুৱালে। বড়ো মানুহখিনিৰ ওপৰত কুঠাৰি কিমানটা সেইমতে খাজনা দিব লগাত পৰিছিল। টিপকাই নৈৰ পাৰে পাৰে নানান ধৰণৰ আলাপ কৰি কৰি গৈ আছোঁ। এটা [ ১৮৬ ] সময়ত মন্দিৰৰ মাহাত্ম্যৰ কথা পাৰ হৈ প্ৰব্ৰজনৰ প্ৰসংগ উঠিল। লাহে লাহে শ্ৰীমন্ত শংকৰদেৱৰ কথা উঠিল। খাটনিয়াৰে ক’লে, আমাৰ গুৰু শংকৰদেৱৰো পূৰ্বপুৰুষ উত্তৰ প্ৰদেশৰপৰা আহি ইয়াত থাকি গ'ল। পূৰ্ব পুৰুষৰ আদি নাম লণ্ডাবৰ আছিল। মই ক'লোঁ, হয় নেকি, আচ্ছা এনেওতো হ’ব পাৰে যে তেখেতৰ পূৰ্বপুৰুষৰ ৰেকৰ্ড ভাল নহয়। শংকৰগুৰু সৰ্বগুণাকৰ হোৱা বাবে তেখেতৰ বংশ বহু ওপৰত উঠিল। কিন্তু পূৰ্বপুৰুষৰ বেয়া নামটো থাকি গ’ল। খাটনিয়াৰে হা হা কৈ দিলখুচ হাঁহি এটা মাৰি ক’লে, কৈ যাওক শুনি আছোঁ। বিহাৰ, ইউ পিৰ মানুহবোৰে কথিত হিন্দী ব্যৱহাৰ কৰে। খৰি বোলি, ভোজপুৰি, মাগধী, পূৰ্ব মাগধী ভাষা ব্যৱহাৰ কৰে। মূল শব্দ ভাণ্ডাৰ কিন্তু একেটাই। লণ্ডাবৰ শব্দ দেহাতিত ব্যৱহাৰ হয় লৌণ্ডা হিচাপে। লৌণ্ডা শব্দৰ মানে অতি দুষ্ট ল’ৰা। গুণ্ডা অৰ্থেও ব্যৱহাৰ কৰা হয়। শংকৰদেৱৰ পূৰ্বপুৰুষৰ নাম লৌণ্ডা আছিল বাবে অসমত আহি বংশৰ নাম মহিমামণ্ডিত কৰাৰ বাবে সাধুভাষা ব্যৱহাৰ কৰি লণ্ডাবৰ কৰিলে? হাঁহি হাঁহি ক’লে, আপোনাৰো কি যুক্তি বাহঃ। বৰ ভাল লাগিল, কিন্তু বেলেগৰ আগত নক’ব। মই ক'লোঁ, কি হ’ব! যি হয় দেখা যাব।

 খাটনিয়াৰ এজন বাস্তৱবাদী মানুহ আছিল। পৰাপক্ষত তেওঁ পৰিষদৰ কামবোৰ নিজেই কৰিছিল। কিছুমান কাম বেলেগৰ ওপৰত দায়িত্ব দি নিজে বহি থাকি হুকুম জাৰি কৰা বিধৰ মানুহ নাছিল তেওঁ। গহপুৰ সন্মিলনৰ সময়ৰ কথা। ইছমাইল হোছেইনক (কনিষ্ঠ) লৈ বিতৰ্ক চলি আছে। বিভিন্ন ফালৰ পৰা ৰাজ্যিক কমিটিৰ ওপৰত চাপ সৃষ্টি কৰিছে। ৰাজ্যিক সম্পাদক হিচাপে সকলোৰে লগত সদভাৱ বজাই ৰাখিব লাগে। তেখেতক সম্পাদক হিচাপে বেলেগকৈ থাকিব দিছিল যদিও আমাৰ লগত প্ৰতিনিধি শিবিৰত থাকিল। খাই বৈ সকলোৱে শুইছে, কিন্তু খাটনিয়াৰে গোটেই ৰাতি লেখা-মেলাৰ কাম কৰি আছিল।

 তেওঁক লৈ কোকৰাঝাৰ ভ্ৰমণ কৰি সাপটগ্ৰাম পি ডব্লিউ ডি চৌহদত এখন সাংগঠনিক বৈঠক বহে আৰু ইয়াতেই নতুন সাহি পৰিষদ, সাপটগ্ৰাম শাখা গঠন কৰা হয়। তেওঁ মোক হাতে-কলমে গল্প লেখাৰ কৌশল শিকাইছিল আৰু অনিবাৰ্যভাৱে কিছুমান কিতাপ পঢ়িবলৈ দিছিল। তাৰ ভিতৰত ‘গো দান’, ‘মহেশ’, গোৰ্কিৰ ‘মাদাৰ’, লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচনাৱলী আদি প্ৰধান। খাটনিয়াৰ মোৰ বাবে এজন চিৰনমস্য ব্যক্তি। তেখেত নিজে এজন মনুৰাই হৈ গোটেই গোৱালপাৰা জিলা ভ্ৰমণ কৰিছে মনুৰাইক বিচাৰি। আচলতে মনুৰাই এটা সত্তাহে। গৰীৱ খাটি খোৱা মানুহৰ বুকুৰ কুটুম, প্ৰতিবাদী কণ্ঠ। যাক আজিলৈকে বিচাৰি পোৱা নাই। গতিকে মনুৰাইৰ অনুসন্ধান চলি আছে, চলি থাকিব।❐

(লেখক 'নতুন সাহিত্য পৰিষদ’ৰ বশিষ্ট শাখাৰ উপ-সভাপতি) [ ১৮৭ ]

প্ৰগতিশীল সাহিত্যিক, সাহিত্য সংগঠক

বিপুল খাটনিয়াৰ স্মৰণ

পৰীক্ষিত বৈশ্য

অসমৰ সাহিত্য জগতৰ এটা প্ৰসিদ্ধ নাম বিপুল খাটনিয়াৰ। একাধাৰে গল্পকাৰ, প্ৰবন্ধকাৰ, গ্ৰন্থ সম্পাদক, সাহিত্য সংগঠক বিপুল খাটনিয়াৰ আছিল অসম চৰকাৰৰ ‘ভূতত্ত্ব আৰু খনি বিভাগ’ৰ ভূতত্ত্ববিদ। প্ৰখৰ মেধাসম্পন্ন বিপুল খাটনিয়াৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ভূতত্ত্ব বিষয়ত প্ৰথম শ্ৰেণীৰ দ্বিতীয় স্থানেৰে স্নাতকোত্তৰ ডিগ্ৰী আহৰণ কৰি ‘ভূতত্ত্ব আৰু খনি বিভাগ’ত সুখ্যাতিৰে কাৰ্যনিৰ্বাহ কৰি ২০১৩ খ্ৰী:ত অৱসৰ গ্ৰহণ কৰে। নিজৰ পেছাক দায়িত্ব সহকাৰে পালন কৰিও বিপুল খাটনিয়াৰে নিৰ্লসভাৱে সাহিত্য সাধনা আৰু সাহিত্য সংগঠন কৰ্ম সম্পাদন কৰিছিল। ছাত্ৰাৱস্থাৰ পৰাই সাহিত্য চৰ্চাৰ প্ৰতি ৰাপ থকাত পৰৱৰ্তী সময়ত তেওঁৰ কাপেৰে ভালেমান চুটিগল্প, প্ৰবন্ধ নিগৰিছিল। সত্তৰৰ দশকতে ‘নতুন পৃথিৱী’ৰ পাতত গল্পকাৰ হিচাপে আত্মপ্ৰকাশ কৰি তেওঁ আঠখন চুটিগল্প সংকলন, দুখন উপন্যাসিকা, দুখন সম্পাদিত চুটিগল্প, এখন ৰচনাৱলী, দুখন সম্পাদিত প্ৰবন্ধ সংকলন উপহাৰ দিবলৈ সক্ষম হৈছিল। তেওঁৰ গল্প-উপন্যাসিকা পাঠকসমাজে আদৰি লোৱাৰ সমান্তৰালভাৱে সমালোচকৰো দৃষ্টি আকৰ্ষণ কৰিছিল। তেওঁৰ গল্প-উপন্যাসিকা সন্দৰ্ভত প্ৰথিতযশা সাহিত্যিক-সমালোচক শশী শৰ্মাই তেওঁৰ অন্যতম বিশিষ্ট গ্ৰন্থ ‘কুৰি শতিকাৰ অসমীয়া সাহিত্যত সাম্যবাদী চিন্তা ’ত কৈছে, “... বিপুল খাটনিয়াৰৰ আগডোখৰৰ ৰচনা ‘খোজৰ শব্দ’, ‘লাল নিচান’, ‘অন্য এক কুৰুক্ষেত্ৰ’ আৰু ‘চিনাকি মুখৰ ছবি’ৰো সৰহসংখ্যক গল্পৰ মাজেদি মূলতঃ সমাজতান্ত্ৰিক বাস্তৱবাদৰ আদৰ্শ, সমগ্ৰ জগতখনকে এখন সুখী পৰিয়ালৰূপে গঢ়ি তোলা চিত্ৰিত হৈছিল। শীলভদ্ৰকে ধৰি একাংশ প্ৰগতিবাদী লেখকে শ্ৰেণী সংঘৰ্ষৰ সলনি মননশীলতাক গুৰুত্ব দি সাহিত্য সৃষ্টিত মনোনিৱেশ [ ১৮৮ ] কৰাৰ দৰে বিপুল খাটনিয়াৰেও তেনে মনোভাব পোষণ কৰা বুলি সন্দেহ কৰাৰ থল নিশ্চয় থাকে।”

 নতুন প্ৰজন্মৰ পাঠক আৰু সমালোচকেও বিপুল খাটনিয়াৰৰ গল্পক আদৰ কৰিছে। তেনে আদৰৰ ফলশ্ৰুতিতে তেওঁ ইখনৰ পিছত সিখন চুটিগল্প সংকলন প্ৰকাশ কৰিবলৈ সাহস কৰিছিল। আকৌ সমালোচকেও তেওঁৰ গল্পৰাজিৰ সমালোচনা আগবঢ়োৱাত উৎসাহিত হৈছিল আৰু অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ মানুহৰ জীৱন চৰ্যা, সুখ-দুখ, অন্যায়-অনীতি, হৰ্ষ-বিষাদ, অভাৰ-সমস্যা আদিৰ বিষয়ে পৰীক্ষা- নিৰীক্ষা কৰি গল্প লিখিছিল। তেওঁৰ গল্পসাহিত্যৰ বিষয়েও তেওঁৰ মৃত্যুৰ পিছতো আলোচনা হৈছে। বিশিষ্ট সাহিত্যিক- সাহিত্য সংগঠক অহিজুদ্দিন শ্বেখৰ তেনে এটা লেখা হ’ল ‘বিশিষ্ট গল্পকাৰ বিপুল খাটনিয়াৰ’। ২০২১ চনৰ ১৪ জুলাইত ‘অসমীয়া খবৰ’ত প্ৰকাশিত উক্ত লেখাটোৰ এঠাইত তেওঁ কৈছে, “সত্তৰৰ দশকত ‘নতুন পৃথিৱী’ আলোচনীত গল্প লিখি পাঠক সমাজত পৰিচিত হৈ পৰা বিপুল খাটনিয়াৰৰ সাহিত্য চিন্তাত সমাজতান্ত্ৰিক বাস্তৱতাৰ কথাই মূলতঃ প্ৰতিফলিত হৈছে। তেওঁৰ গল্পবোৰত প্ৰকাশ পাইছে সাধাৰণ মানুহৰ মৰ্মবেদনা, ধনী-দুখীয়াৰ নিৰ্মম বিভেদ, সংঘাতৰ লগতে বিদ্ৰোহৰ আকাংক্ষা।”

 সাহিত্য চৰ্চা, বৌদ্ধিক পৰিমণ্ডল, সামাজিক-সাংস্কৃতিক আদি পৰিৱেশ সৃষ্টিৰ বাবে সাহিত্য সংগঠনৰ প্ৰয়োজনীয়তা অপৰিসীম। তেনে প্ৰয়োজনীয়তাৰ কথা বাৰুকৈ হৃদয়ঙ্গম কৰি বিপুল খাটনিয়াৰে ১৯৭৭ খ্ৰী:ত অসমৰ বুকুত প্ৰতিষ্ঠা হোৱা প্ৰগতিশীল সাহিত্য সংগঠন ‘নতুন সাহিত্য পৰিষদ’ৰ লগত যুক্ত হয়। প্ৰতিষ্ঠাকালৰ ৰাজ্যিক কমিটিৰে তেওঁ সহকাৰী সম্পাদকৰ পদবীত অধিষ্ঠিত হৈ পৰৱৰ্তী সময়ত ৰাজ্যিক কমিটিৰ সম্পাদক, কোষাধ্যক্ষ ইত্যাদি বিভিন্ন পদবীত কাৰ্যনিৰ্বাহ কৰি ‘নতুন সাহিত্য পৰিষদ’ৰ প্ৰচাৰ-প্ৰসাৰ আৰু সাংগঠনিক ভেটি নিৰ্মাণত বিশিষ্ট ভূমিকাত অৱতীৰ্ণ হৈছিল। এগৰাকী প্ৰসিদ্ধ গল্পকাৰ হৈয়ো তেওঁ ‘নতুন সাহিত্য পৰিষদ’ৰ বিকাশ- বিস্তৃতিৰ বাবে যি অহোপুৰুষাৰ্থ কৰিছিল, উদীয়মান আৰু সম্ভাৱনাপূৰ্ণ লেখকক যি ধৰণে উদ্‌গনি দিছিল আকৌ প্ৰবীণসকলকো যথাযোগ্য মান-মৰ্যাদা প্ৰদানেৰে প্ৰত্যক্ষ- পৰোক্ষভাৱে পৰিষদৰ মজিয়াত যি ভূমিকা লৈছিল, সিয়ে বিপুল খাটনিয়াৰৰ সাংগঠনিক দক্ষতা প্ৰমাণ কৰিছিল। কোনো ভেম-ভণ্ডামি অবিহনে কেৱল নতুন সাহিত্য পৰিষদৰ লক্ষ্য-উদ্দেশ্য বাস্তৱায়িতকৰণ আৰু প্ৰগতিশীল সাহিত্যৰ উত্তৰোত্তৰ প্ৰগতিৰ স্বাৰ্থত অসমৰ ইমূৰৰপৰা সিমূৰলৈ সভা-সমিতি, আলোচনাচক্ৰ, পাঠচক্ৰ, সন্মিলনাদিত অংশগ্ৰহণ কৰিছিল আৰু শাখা-আঞ্চলিক-জিলা কমিটিসমূহৰ শাখা মুখপত্ৰত গল্প, প্ৰবন্ধ, লিখিছিল। অকল ইমানেই নহয়, ব্যক্তিগতভাৱে শাখা সদস্যৰ [ ১৮৯ ] লগত যোগাযোগ ৰাখি পৰিষদৰ সাংগঠনিক ভেটি মজবুত কৰাৰ পৰিকল্পনা যুগুতাই দিছিল।

 এইগৰাকী বিশিষ্ট প্ৰগতিশীল সাহিত্যিক, সুদক্ষ সাহিত্য সংগঠকৰ ২০২১খ্ৰী:ৰ ৪ জুলাই তাৰিখে দেহাৱসান হয়। তেওঁৰ অৱৰ্তমানত তেওঁৰ কিছু কথা-কাম, আচাৰ- ব্যৱহাৰ, দিহা-পৰামৰ্শ, উৎসাহ-উদ্দীপনা সৰ্বোপৰি তেওঁৰ সান্নিধ্য স্মৰণে আজি আমাক দিয়ে অমল প্ৰেৰণা।

 ১৯৮৫ খ্ৰীষ্টাব্দ। এই বৰ্ষটোতে আমি মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হওঁ; আৰু তেতিয়া আমাৰ অগ্ৰজ লোহিত কুমাৰ বৈশ্যৰ তত্ত্বাৱধানত থকা ঘৰৰ কিতাপবোৰ প্ৰায় এফালৰপৰা পঢ়িবলৈ লওঁ। এনে কাৰ্যৰ ফলতে বিপুল খাটনিয়াৰ নামটোৰ স’তে আমাৰ পোন প্ৰথম চিনাকি হয় ‘খোজৰ শব্দ’ শীৰ্ষক গল্পপুথিখনৰ মজেদি। তাৰ পিছত দাদাই ক্ৰয় কৰি অনা পূজা, বিহু সংখ্যা আলোচনীৰ পাতত বিপুল খাটনিয়াৰ নামটো দেখিবলৈ পোৱা হ’লোঁ; আৰু তেওঁ লিখা গল্পবোৰ পঢ়ি বেছ খোৰাক পাবলৈ ধৰিলোঁ। এনেকৈ আৰম্ভ হ’ল বিপুল খাটনিয়াৰৰ স’তে আমাৰ সম্পৰ্ক। কিন্তু মানুহজনক প্ৰথমবাৰৰ বাবে ওচৰৰপৰা দেখাৰ সৌভাগ্য হ’ল ১৯৯৬ খ্ৰী:ত গুৱাহাটীৰ ‘কামৰূপ একাডেমী’ত অনুষ্ঠিত নতুন সাহিত্য পৰিষদৰ অষ্টম ৰাজ্যিক সন্মিলনতহে। আমি তেতিয়া ‘নতুন সাহিত্য পৰিষদ’ৰ ‘মুকালমুৱা (বৰ্তমান বৰক্ষেত্ৰী) শাখা’ৰ সদস্য। শাখা সম্পাদক নগেন দাসৰ স’তে সন্মিলনত যোগদান কৰিছোঁ। বিশেষ অসুবিধাবশতঃ প্ৰথম দিনাৰ কাৰ্যসূচী সামৰণি পৰাৰ লগে লগে আবেলি ঘৰলৈ উভতি আহোঁ। ফলত কোনো এজন বিষয়ববীয়াৰ লগতে চিনাকি হোৱাৰ সুযোগ নাপালোঁ।

 ১৯৯৮ খ্ৰী:ৰ ডিচেম্বৰ মাহ। নতুন সাহিত্য পৰিষদৰ নৱম ৰাজ্যিক বৰনগৰ সন্মিলন উপলক্ষে মুকালমুৱা শাখাৰ পৰা সৰভোগত উপস্থিত হৈছোঁ আৰু তাতেই কেবাজনো সাহিত্যিকৰ লগতে বিপুল খাটনিয়াৰৰ লগতো চিনাকি হওঁ। চিনাকি কৰাই দিয়ে শাখা সম্পাদক নগেন দাসে। নগেন দাসৰ মুখৰপৰা মোৰ নামটো শুনাৰ লগে লগেই তেওঁ কৈ উঠিল, ‘অ’ আপুনিয়েই পৰীক্ষিত বৈশ্য।’

 ‘হয়’— মই উত্তৰ দিলোঁ।

 আকৌ বিপুল খাটনিয়াৰে ক’লে, ‘চৰ-চাপৰিৰ গল্প সংকলনত প্ৰকাশ পোৱা আপোনাৰ ‘এটা নতুন সত্য’ গল্পটো পঢ়িছোঁ। পিছে গল্পটো সন্দৰ্ভত মই পঠোৱা চিঠিখনৰ কথাখিনি ভালদৰে উপলব্ধি কৰিছে?’

 আমন-জিমনকৈ মই ক’লোঁ, ‘চেষ্টা কৰিছোঁ।’

 তেওঁ পুনৰ ক’লে, ‘লিখি থাকক। আপুনি পাৰিব। এতিয়া আহোঁ, পিছত কথা [ ১৯০ ] পাতিম।’

 প্ৰথম দিনাৰ চিনাকিতে বিপুল খাটনিয়াৰৰ উদাৰ দৃষ্টিভংগীৰ উমান পাই মনটো ভাল লাগি গ'ল। ইমান ব্যস্ততাৰ মাজতো ইমান আন্তৰিকতাৰে আমাৰ লগত কথাখিনি পাতিলে, ভাবিলে এতিয়াও পুলকিত হওঁ।

 নৱম ৰাজ্যিক সন্মিলন উপলক্ষে ৰাজ্যিক সমিতিয়ে চৰ-চাপৰিৰ অধিবাসীৰ জীৱন চৰ্যাক মুখ্য উপজীব্য কৰি লৈ ‘চৰ-চাপৰিৰ গল্প' শীৰ্ষক ইছমাইল হোছেইন (জ্যেষ্ঠ)ৰ সম্পাদনাত এখন গল্পসংকলন প্ৰকাশ পাইছিল। আমিও ‘এটা নতুন সত্য’ নামৰ এটা গল্প পঠাইছিলোঁ। সম্পাদনা সমিতিয়ে সংকলনৰ আটাইকেইটা গল্পই বিশিষ্ট গল্পকাৰ তথা ৰাজ্যিক সম্পাদক বিপুল খাটনিয়াৰক চাই-চিতি দিবলৈ কৈছিল। তেওঁ আমাৰ গল্পটো পঢ়ি সংকলনখনৰ সম্পাদকৰ জৰিয়তে আমালৈ ১৩/৭/৯৮ তাৰিখে এখন দীঘলীয়া চিঠি পঠাইছিল— য’ত গল্পটোৰ বিষয়বস্তু, কাহিনী, সংলাপ, ভাষা,বক্তব্য আদিৰ বিষয়ে এক বিশ্লেষণাত্মক পৰামৰ্শই প্ৰধান আছিল। তেওঁ চিঠিখনৰ আৰম্ভণি আৰু সামৰণিত উল্লেখ কৰা পৰামৰ্শখিনিৰপৰা তেওঁৰ নতুন প্ৰজন্মৰ লেখকৰ প্ৰতি থকা মৰম আৰু দায়বদ্ধতা উজলি উঠিছে। তেওঁ লিখিছিল—

 প্ৰিয় সতীৰ্থ,
 পৰীক্ষিত বৈশ্য

 আপোনাৰ গল্পটো উপসমিতিৰ সদস্যসকলৰ পৰামৰ্শক্ৰমে পঢ়িলোঁ। আপোনাৰ গল্পৰ বিষয়বস্তু ভাল আৰু বক্তব্যও ত্ৰুটীহীন।

 কিন্তু পঞ্চম পৃষ্ঠাৰপৰা গল্পটো একেবাৰে পোনপটীয়া আৰু শ্লোগান হৈ পৰিল। বক্তব্য আচলতে শ্লোগানেৰে নহয় ঘটনাক্ৰম বা চিত্ৰকল্প আদিৰ মাজেদি ওলাই আহিব লাগিব।

 ... .... ...

 ... .... ...

 আশাকৰোঁ পৰামৰ্শখিনি আপুনি সহজভাৱে ল’ব আৰু ইয়াৰ আধাৰত গল্পটো পুনৰ লিখি সমিতিলৈ পঠাব।

 আপোনাৰ ‘সম্ভাৱনা’ গল্পটোৰ মাজেদি স্পষ্ট হৈ উঠা বাবেই আচলতে এনেদৰে লিখিতভাৱে কথাখিনি জনালোঁ।

বিপুল খাটনিয়াৰ
১৩/৭/৯৮

 এই পত্ৰখনে পৰৱৰ্তী সময়ত আমাক চুটিগল্প লিখা আৰু সাহিত্য পৰিষদৰ মজিয়াত সম্পৃক্ত হৈ থাকি লেখা-মেলা কৰিবলৈ যথেষ্ট উদগনি যোগালে। [ ১৯১ ]  ইয়াৰ পিছত বিপুল খাটনিয়াৰৰপৰা সঘনে দিহা-পৰামৰ্শ পাই থাকিবলৈ ধৰিলোঁ। ২০০১ খ্ৰী:ৰপৰা নতুন সাহিত্য পৰিষদৰ ৰাজ্যিক কমিটিৰ সদস্য মনোনীত হোৱাৰ পিছৰপৰা তেওঁক প্ৰায়ে বিশেষকৈ ৰাজ্যিক বৈঠক, সন্মিলন, নলবাৰী আঞ্চলিক সমিতিৰ সভা আৰু মুকালমুৱা শাখাৰ সভা-বৈঠক আদিত লগ পাবলৈ ধৰাত দিহা-পৰামৰ্শৰ চোক বৃদ্ধি পালে। আমাৰ বৰক্ষেত্ৰী অঞ্চলৰ সামাজিক- সাংস্কৃতিক বিষয়ক গ্ৰন্থ ‘বৰক্ষেত্ৰীৰ ৰূপৰেখা’ পাণ্ডুলিপি অৱস্থাতে নিজে চাই-চিতি প্ৰকাশৰ বাবে উদ্‌গনি দিয়াৰ লগতে প্ৰথিতযশা সাহিত্যিক অনিল ৰায়চৌধুৰী, বিশিষ্ট কবি সমীন্দ্ৰ হুজুৰিৰ দ্বাৰাও চাই-চিতি লোৱাৰ পৰামৰ্শ আগবঢ়াইছিল, যি পৰামৰ্শ আমি পালন কৰিহে গ্ৰন্থখন ছপাশালত দিছিলোঁ। আনন্দৰ কথা এইয়ে যে গ্ৰন্থখন প্ৰকাশ হোৱাৰ পিছত গ্ৰন্থখন বৰক্ষেত্ৰী বিষয়ক এখন বিশিষ্ট গ্ৰন্থৰূপে চিহ্নিত হৈছে আৰু বৰক্ষেত্ৰীৰ অতীত-বৰ্তমান বিষয়ক এখন আধাৰগ্ৰন্থ হিচাপে স্বীকৃত হৈছে।

 বিপুল খাটনিয়াৰ আছিল এগৰাকী দক্ষ সাহিত্য সংগঠক। তেওঁৰ দক্ষতা প্ৰতিভাত হয় ৰাজ্যিক বৈঠক, সন্মিলন, আলোচনাচক্ৰ, গ্ৰন্থ প্ৰকাশ আৰু শাখাসমূহৰ লগত ৰখা সম্পৰ্কবোৰত। ২০০৬ খ্ৰী:ত নতুন সাহিত্য পৰিষদৰ প্ৰথম নলবাৰী জিলা সন্মিলন অনুষ্ঠিত হয় — ‘বৰক্ষেত্ৰী শাখা’ৰ উদ্যোগত ‘বৰক্ষেত্ৰী মহাবিদ্যালয়’ত। এই সন্মিলনৰে মুকলি সভাত প্ৰসিদ্ধ সাহিত্যিক, চিন্তাবিদ শশী শৰ্মাক ‘বৰক্ষেত্ৰী শাখা’ৰ তৰফৰপৰা ‘গণবন্ধু’ উপাধি প্ৰদান কৰা হয়। সেই সন্মিলনৰে মুকলি সভা আৰু প্ৰতিনিধি সভালৈ আহিছিল বিপুল খাটনিয়াৰ। তেওঁ গুৱাহাটীৰপৰা মুকালমুৱা চ’কত গাড়ীৰপৰা নামি কাকো খবৰ নকৰাকৈ পথৰুৱা বাটেৰে আহি প্ৰতিনিধি সভাত উপস্থিত হৈছিল। আকৌ প্ৰতিনিধি সভাত জিলা কমিটি গঠন কৰাৰ ক্ষেত্ৰত বিশিষ্ট ভূমিকা লৈছিল। তেওঁ প্ৰতিনিধিসকলক আমাক সম্পাদক মনোনীত কৰিবলৈ পৰামৰ্শ আৰু যুক্তি দৰ্শাইছিল। আমি সম্পাদকৰ দায়িত্ব ল’ব নিবিচৰাত তেওঁ বাৰে বাৰে আমাক দায়িত্ব ল’বলৈ অনুৰোধ কৰিছিল। আমি ল’বলৈ অপাৰ্গতা প্ৰকাশ কৰাত তেওঁ আমাক মৰমসনা সকীয়নি দিছিল, ‘আপুনি জিলা সম্পাদকৰ দায়িত্ব নল’লে, আপোনাৰ ৰাজ্যিক সদস্যপদ খাৰিজ কৰা হ'ব।

 ইমানৰ পিছতো সেইবাৰ আমাৰ ব্যক্তিগত অসুবিধাৰ বাবে দায়িত্ব লোৱা নহ’ল। অৱশ্যে পৰৱৰ্তী সময়ত দুটা কাৰ্যকালৰ বাবে আমি সভাপতিৰ পদ ল’বলৈ বাধ্য হৈছিলোঁ।

 আমাৰ প্ৰথম প্ৰকাশিত পুথি হ’ল ‘ডেউকা ভগা পখীৰ ক্ৰন্দন’— চুটিগল্পৰ সংকলনখন। পুথিখন প্ৰকাশ পাইছিল ২০০১খ্ৰী:ৰ ছেপ্টেম্বৰ মাহত। পাতনি লিখিছিল প্ৰথিতযশা সাহিত্যিক তথা আমাৰ শিক্ষাগুৰু শশী শৰ্মাই। সংকলনখন পাঠকসমাজেও [ ১৯২ ] আদৰি লৈছিল। কিন্তু ক’তো সংকলনখনৰ আলোচনা-সমালোচনা প্ৰকাশ পোৱা নাছিল। এদিনাখন আমাৰপৰা এই কথাৰ সম্ভেদ পাই তেখেতে একপি গল্পপুথি খুজি নিলে। দুমাহ-তিনিমাহ পিছত ‘নতুন পৃথিৱী’: পঁচিশ বছৰ, ২ সংখ্যা, এপ্ৰিল- জুন, ২০০৪ সংখ্যাত ‘পুথি পৰিচয়’ শিতানত শোভা খনিকৰে লিখা ‘পৰীক্ষিত বৈশ্যৰ গল্প সংকলন : ডেউকা ভগা পখীৰ ক্ৰন্দন’ শীৰ্ষক পুথি সমালোচনাটো হাতত পৰাতহে বুজি পালোঁ যে সেয়া বিপুল খাটনিয়াৰৰ এজন উদীয়মান গল্পকাৰৰ প্ৰতি মৰমৰহে ফচল। সমালোচনা প্ৰকাশ হোৱাৰ পিছতহে আমি শোভা খনিকৰৰ স’তে চিনাকি হওঁ আৰু তেৱেঁই আমাক কৈছিল যে গল্পপুথিখনৰ সমালোচনাটি লিখিবলৈ তেওঁক বিপুল খাটনিয়াৰে দায়িত্ব দিছিল। আকৌ এনে মৰম পাইছিলোঁ— তেওঁৰ দ্বাৰা সম্পাদিত আৰু নতুন সাহিত্য পৰিষদৰ ডিগবৈ শাখাই প্ৰকাশ কৰা ‘নিলিখা গল্প’ সংকলন ওলোৱাৰ সময়ত। “নিলিখা গল্প’ সংকলনখন প্ৰকাশ হোৱাৰ কিছুদিন পূৰ্বে ‘গুৱাহাটী প্ৰেছ ক্লাব’ত ইছমাইল হোছেইন(জ্যেষ্ঠ)ৰ ‘পল ৰবছন’ গ্ৰন্থখনৰ উন্মোচন সভাত বিপুল খাটনিয়াৰে আমাক লগ পাই সুধিলে, “বৈশ্য হাতত কিবা নতুন গল্প আছে নে কি??

 মই ক'লোঁ, ‘একেবাৰে নতুন নাই। কিন্তু ভ্ৰাম্যমাণ থিয়েটাৰক বিষয়বস্তু হিচাপে লৈ লিখা গল্প এটা আছে। অৱশ্যে ‘নতুন পৃথিৱী’ত (বৰ্ষপূৰ্তিৰ বিশেষ সংখ্যা, ২০০৮) প্ৰকাশ পাইছে।’

 ‘সোনকালে দি পঠাবচোন।’— তেওঁ কৈ উঠিল।

 কিছুদিন পিছত গল্পটো পঠাই দিলোঁ আৰু গল্পটো ‘নিলিখা গল্পঃ প্ৰথম প্ৰকাশ, ২০১০ ত প্ৰকাশ পালে।

 মৃত্যুৰ দুই-তিনিবছৰ আগলৈকে আমি বিপুল খাটনিয়াৰৰপৰা এনে অনেক মৰম-চেনেহ বিশেষকৈ লিখা-মেলা আৰু প্ৰগতিশীল চিন্তা-চেতনা প্ৰচাৰ-প্ৰসাৰৰ ক্ষেত্ৰত পাই আহিছিলোঁ। তেওঁ আমাৰ গল্পবোৰ পঢ়ি সদায় অভিযোগ কৰিছিল, ‘আপুনি গল্পবোৰ বৰ খৰখেদাকৈ ৰচনা কৰে। তেনে নকৰিবচোন। কমেও দুই- তিনিবাৰ লিখিহে প্ৰকাশ কৰিব। তেতিয়াহে পাগত উঠিব।’

 আজি বিপুল খাটনিয়াৰৰ দেহাৱসানৰ পিছত এনে প্ৰেৰণাদায়ক স্মৃতিবোৰ মনৰ মাজত অগাডেৱা কৰিব লাগিছে। এনেবোৰে স্মৃতি স্মৰণেৰে এইগৰাকী বিশিষ্ট গল্পকাৰ, গ্ৰন্থ সম্পাদক, সাহিত্য সংগঠকলৈ যাচিলোঁ আমাৰ গভীৰ শ্ৰদ্ধাঞ্জলি। আমাৰ গভীৰ বিশ্বাস এনেবোৰ চাৰিত্ৰিক বিশেষত্ব, চিন্তা-চেতনাৰ বাবেই মানুহৰ মাজত তেখেত স্মৰণীয় হৈ থাকিব।❐

(লেখক ‘নতুন সাহিত্য পৰিষদ’ৰ ৰাজ্যিক কমিটিৰ সদস্য) [ ১৯৩ ]

শ্ৰদ্ধাৰ খাটনিয়াৰ দাদাৰ স্মৰণত

গোপাল নেৱাৰ

মোৰ অতি শ্ৰদ্ধাৰ দাদা, বিজ্ঞানী, প্ৰগতিশীল সাহিত্যৰ প্ৰবন্ধকাৰ, গল্পকাৰ সুহৃদয়বান বিপুল দাৰ ব্যক্তিত্ব আৰু কৰ্মৰাজিৰ প্ৰতি মই অতি মোহিত আছিলোঁ কাৰণে তেখেতৰ আকস্মিক বিয়োগত মই অতি বেদনাহত হ’লোঁ।

 ১৯৮০ চনত নতুন সাহিত্য পৰিষদৰ গহপুৰ শাখা, গহপুৰ পুৰুপবাৰীস্থিত হিন্দী প্ৰাথমিক বিদ্যালয়গৃহত বহা প্ৰায় ২৫-৩০ জন প্ৰগতিশীল চিন্তাৰ ব্যক্তিৰে গঠন হৈছিল। ২০০৬ চনত অসম ৰাজ্যিক কমিটিয়ে ‘শ্বহীদ নগৰী’ ৪২ চনৰ স্বাধীনতা সংগ্ৰামী শ্বহীত কনকলতা, মুকুন্দ কাকতিৰ তেজেৰে ৰাঙলি ভূমিত ১৯৬৭ চনত স্থাপিত ‘ছয়দুৱাৰ মহাবিদ্যালয় প্ৰাঙ্গনত উদ্‌যাপিত চাৰিদিনীয়া ৰাজ্যিক সন্মিলন, নতুন সাহিত্য পৰিষদৰ সভাত, অমলেন্দু গুহু, অনিল ৰায়চৌধুৰী, বিজনলাল চৌধুৰী আদি কৰি বহু বিখ্যাত বক্তিয়ে অংশগ্ৰহণ কৰিছিল। উক্ত অধিৱেশনত ৰাজ্যিক সম্পাদক আছিল বিপুল খাটনিয়াৰ আৰু মই অভ্যৰ্থনা সমিতিৰ বিশেষ দায়িত্বত থকাৰ বাবে ওচৰৰ পৰা এখেতসকলক সেৱা কৰাৰ সুবিধা পাইছিলোঁ। উত্তৰ অসমলৈ অহিলে খাটনিয়াৰ দা আমাৰ ঘৰত পৰিয়ালৰ দৰে থাকি আমাৰ পৰিয়ালক কৃতজ্ঞ কৰিছিল।

 ২০০৮ চনত মোৰ মুমূৰ্ষ অৱস্থাত ততাতৈয়াকৈ অস্ত্ৰোপচাৰ কৰিবলৈ মোৰ পৰিবাৰৰ হাতত ঘৰৰপৰা টকা গৈ নোপোৱাত খাটনিয়াৰ দাদাই ত্ৰিশ হাজাৰ টকা দি অস্ত্ৰোপচাৰ কৰাত উদ্যোগ লৈ মোক মৃত্যু মুখৰপৰা ৰক্ষা কৰিলে। মোৰ তথা মোৰ পৰিয়াল আৰু গাঁওবাসী তেখেতৰ ওচৰত চিৰকৃতজ্ঞ। মই তেতিয়াৰেপৰা গুৱাহাটীলৈ গ’লৈ মোৰ শহুৰবাৰী থকা সত্বেও প্ৰায় খাটনিয়াৰ দাদাৰ ঘৰত আলহী হওঁ। ২০১৬ চনত মই ভূবিজ্ঞানী খাটনিয়াৰ দাদাৰ লগত সোৱণশিৰী গেৰুকা মুখ [ ১৯৪ ] নদী বান্ধ চাবলৈ গৈছিলোঁ। গেৰুকামুখত জনসংযোগ বিষয়াক লগ ধৰাত তেখেতে সমগ্ৰ বান্ধ চাবলৈ আমাক সহায় কৰিছিল। সেই সময়তে খাটনিয়াৰ দাই মোক অৱসৰী শিক্ষক আৰু লিখক হিচাপে পৰিচয় কৰাইছিল। নিজে প্ৰাক্তন ভূবিজ্ঞানী। বান্ধ চাই ফুৰোঁতে তেখেতে মোক কৈছিল, স্থানীয় সৰু শিল ভাঙি বান্ধত ব্যৱহাৰ কৰা ঠিক নহ’ল। দক্ষিণ ভাৰতৰ অৰ্থাৎ ৰে’লৱে লাইনত দিয়া শিল দি বান্ধ বান্ধিব লাগিছিল। আৰু বহু কথা তেখেতে মোক কৈছিল –– অৰুণাচল আৰু অসমৰ হ’ব পৰা উপকাৰ আৰু অপকাৰৰ কথাবিলাক কৈ গৈছিল। বান্ধ চোৱাৰ পিছত সোৱণশিৰী নৈ পৰীয়া ৰাইজক বান্ধে কৰিব পৰা উপকাৰ আৰু অপকাৰৰ বিষয়ে মোক কৈ গৈছিল আৰু বান্ধৰপৰা আমি দুয়ো খোজকাঢ়ি গেৰুকামুখৰপৰা সোৱণশিৰী নদীৰ কাষে কাষে থকা গাঁওসমূহলৈ গৈছিলোঁ। তেখেতে বান্ধৰ বিষয়ে থকা ৰাইজৰ ধাৰণা সম্পৰ্কে মত বিনিয়ম কৰিছিল, নদীপৰীয়া গাঁওসমূহত বড়ো, মিচিং, জনগোষ্ঠী, অসমীয়া, নেপালী আদি ৰাইজৰ লগত কথা বিনিময় কৰি মৌৰিবেকণ গাঁৱত থাকি আমি পিছদিনা গোগামুখ আহি ঘৰমূৱা হ'লোঁ। বাটত সংগ্ৰহ কৰা তথ্যসমূহৰ আধাৰত তেখেতে নিশ্চয় প্ৰবন্ধ আদি লিখিছে, মই নাজানো।

 বিপুল দাৰ তাগিদাত মই কিতাপ পঢ়া-লিখাত গুৰুত্ব দিবলৈ ধৰোঁ, তেখেতৰ আঙুলিত ধৰি মই সৰু সৰু বিষয়বস্তুৰ ওপৰত চমুকৈ কেইটামান লেখা লিখিছিলোঁ, দাদাই মোৰ ঘৰৰপৰা গৈ ‘তাতলেজুং হাঙদেৱাৰ পাৰ তেলেনীলৈ’ বুলি নামকৰণৰে এখন সৰু কিতাপ মোৰ হাতত তুলি দি কিতাপখনৰ ‘আগকথা’ত মোৰ জীৱন সংগ্ৰামৰ লগতে মোৰ পৰিয়ালৰ চমু ইতিহাস লিখি মোৰ পৰিয়ালক ধন্য কৰি দিয়াত মোৰ পৰিয়াল তেখেতৰ ওচৰত চিৰঋণী হৈ থাকিব।

 দাদাৰ লগত আমি দুয়ো বহু ঠাই ফুৰাৰ কাৰণে কাৰ্যসূচী বনাইছিলোঁ, কিন্তু হঠাৎ তেখেতে ইমান সোনকালে আমাক এৰি থৈ যাব, মই ভবা নাছিলোঁ। তেখেতক ইমান সোনকালে হেৰুৱাই আমি সকলো পৰিয়ালৰ সদস্য শোকত মৰ্মাহত হৈছোঁ। ৰীণা বাইদেউ, ল’ৰা-ছোৱালী-বোৱাৰী সকলোৰে সৈতে আমাৰ পৰিয়ালবৰ্গই দুখৰ সমভাগী হোৱাৰ লগতে দাদাক শ্ৰদ্ধাৰে সুঁৱৰি অশ্ৰুসিক্ত নয়নেৰে মোৰ এই চমু লিখনি সামৰিলোঁ।

(লেখক 'নতুন সাহিত্য পৰিষদ’ৰ গহপুৰ শাখাৰ সম্পাদক) [ ১৯৫ ]

মৰমৰ বিপুলদা

ক্ষীৰোদ চন্দ্ৰ গগৈ

অনুভুতিৰ দোকোলটকা বানত উটি ভাহি আপোনালৈ লিখিছোঁ সজল স্মৃতিবোৰ বুকুত বান্ধি।

 সিদিনা হঠাতে টিভিৰ পৰ্দাত ভাহি আহিল আপোনাৰ বিয়োগৰ বাতৰি। আপোনাৰ দুৰাৰোগ্য অসুখৰ বাতৰি আপুনি ফোনত সৰু সৰুকৈ মোক নিজেই দিছিল, অন্যান্য খবৰৰ লগতে— কেইবামাহৰ আগতে। এনে এটা বাতৰিয়ে মোৰ মন আকাশ কঁপাই তুলিছিল। মানুহ মৰণশীল। কিন্তু অস্বাভাৱিক তথা ৰোগজনিত কাৰণত বাৰ্ধক্যৰ স্বাভাৱিক পৰিণতিৰ বহু আগতেই যেতিয়া ই ১০০ শতাংশই খৰতকীয়াকৈ আগতীয়া জাননী লৈ আহে— কোনোবা আপোন আৰু মানৱীয় আভাৰে, সমাজৰ কাৰণে, সমাজক গভীৰভাৱে ভাল পাই ইয়াৰ মঙ্গলৰ বাবে ত্যাগৰ মাজেৰে নিজক উৎসৰ্গিত কৰা ব্যক্তিৰ— তেতিয়া সমাজ আকাশত জ্যোতিষ্ক হৈ তিৰবিৰাই থকা এজন মহান ব্যক্তিৰ নিশ্চিত আৰু খৰতকীয়া মৃত্যুৰ আগজাননীত মন কঁপি উঠে। মন বেদনাত আহত হৈ দুখৰ ধুমুহাক বুকুত লৈ ভাবুক হৈ পৰিলোঁ বেদনাক্লিষ্ট হৈ।

 তেজ-মঙহৰ নহয়, কিন্তু আদৰ্শ আৰু ভাবাবেগৰ একতাৰ বাবে আৰু একে মানসিক চিন্তাৰ বাবে সময়ত আপোন ভ্ৰাতৃৰ দৰেই হৈ পৰিছিলোঁ। আপোনাৰ ত্যাগ, নিৰহংকাৰ আৰু সাহিত্যক সাৰথি কৰি মানুহৰ সুখৰ আধাৰ শ্ৰেণী শোষণবিহীন এখনি সাম্যৰ সমাজ গঢ়াৰ নিৰলস কষ্টকৰ সংগ্ৰাম মোৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰিছিল। আজি, সঁচাইয়ে আপোনাৰ অবৰ্তমানত মই এজন আপোন দাদাক হেৰুওৱাৰ দৰে হৈ পৰিছোঁ।

 এই মুহূৰ্তত মই আপোনাক একোৱেই দিব নোৱাৰোঁ। কিন্তু দুখ-দাৰিদ্ৰ্য মুক্ত, [ ১৯৬ ] বিভেদ আৰু শোষণ-বঞ্চনাবিহীন এখনি হাঁহিৰ পৃথিৱী বিচাৰি আপুনি যি সংগ্ৰাম কৰিছিল, সেই আধৰুৱা সংগ্ৰাম মইয়ো মোৰ জীৱন কালত যিমান পাৰোঁ কৰি যাম, জীৱনৰ অন্তিম সময়লৈ। সেই প্ৰতিশ্ৰুতিৰেই আপোনাৰ প্ৰতি জনাইছোঁ মোৰ শ্ৰদ্ধাৰ্ঘ। সেই লক্ষ্য আৰু উদ্দেশ্য জীৱনৰ প্ৰতিটো সময়তে ভোঁটা তৰা হৈ মোৰ মন আকাশত উজলি থাকিব।❐

(লেখক 'নতুন সাহিত্য পৰিষদ’ৰ ৰাজ্যিক সমিতিৰ প্ৰাক্তন সদস্য)

‘নতুন সাহিত্য পৰিষদ’ৰ এক অনুষ্ঠানত

[ ১৯৭ ]

ভতিজা জোঁৱাই বিপুল খাটনিয়াৰ

নিলীমা দত্ত চৌধুৰী

বিপুল খাটনিয়াৰ— যাৰ নামটোৱে কয় এজন বিশিষ্ট গল্পকাৰৰ কথা, যাৰ প্ৰতিটো গল্পত প্ৰকাশ হয় সাধাৰণ মানুহৰ প্ৰতি গভীৰ ভালপোৱা, বিশ্বাস, সহানুভূতি— যিয়ে সকলো লোকৰে হৃদয় চুই যায়। তেওঁৰ সাহিত্যিক দিশটো ক’ব খোজা নাই, এজন অতি সাধাৰণ, সহজ-সৰল, মানুহক ভালপোৱা মৰমীয়াল মানুহজনৰ বিষয়েহে ক’বলৈ চেষ্টা কৰিছোঁ।

 বিপুল খাটনিয়াৰ— সম্বন্ধত মোৰ ভতিজা জোঁৱাই— ৰীণা মোৰ দাদাৰ ছোৱালী। এনেকুৱা সম্পৰ্ক বহুতেই আছে। কিন্তু বিপুল খাটনিয়াৰ লগত আমাৰ পৰিয়ালৰ যি সম্পৰ্ক আছিল, সেয়া একেবাৰে অন্তৰৰ। পেহীশাহু-জোঁৱাই দুয়ো আছিলোঁ একে আদৰ্শত বিশ্বাসী, দুয়ো নতুন সাহিত্য পৰিষদৰ সৈতে জড়িত, যিটোৱে হয়তো আমাৰ আন্তৰিক সম্বন্ধ বেছি দৃঢ় কৰিছিল। ‘পেহী’ শব্দটো তেওঁৰ মুখত অনবৰতে লাগি আছিল—এনে লাগিছিল যেন সৰু ভতিজা এজনৰ লগতহে মই কথা পাতি আছোঁ।

 আমি নতুন সাহিত্য পৰিষদৰ দক্ষিণ গুৱাহাটী শাখাৰ লগত জড়িত। তেঁৱো আমাৰ শাখাৰ সদস্য আছিল, সকলোৰে লগত আত্মীয়তা গঢ়ি তুলিছিল আৰু মানুহে তেওঁক অন্তৰেৰে ভাল পাইছিল। আমাৰ যিবোৰ মাহেকীয়া বৈঠক হৈছিল, তেওঁ তাত প্ৰায়ে উপস্থিত থাকিছিল। তেওঁ এজন বিশিষ্ট সাহিত্যিক— সেয়ে তেওঁৰ সমুখত আমাৰ লিখনি পাঠ কৰিবলৈ কিছু সংকোচ হৈছিল। তেঁৱো কিন্তু তেওঁ সকলোকে ইমান উৎসাহ দিয়ে যে সংকোচ কৰাৰ কোনো সুৰুঙাই নেথাকে। মই লক্ষ্য কৰিছিলোঁ সকলো মানুহৰেই লগত অতি আন্তৰিকতাৰে কথা পাতিছিল— অন্তৰত সঁচা মৰম নেথাকিলে যিটো সম্ভৱ হ’ব নোৱাৰে। সেই মিটিঙবোৰত তেওঁৰ সৈতে কটোৱা সময়বোৰৰ কথা ভাবিলে দুচকু পানীৰে ভৰি যায়। [ ১৯৮ ]  লাহে লাহে তেওঁৰ স্বাস্থ্য ভাগি পৰিছিল, চিকিৎসা তেওঁ ঠিকেই কৰিছিল— কিন্তু হয়তো সঠিক চিকিৎসা হোৱা নাছিল। কিন্তু তেওঁৰ উৎসাহ অলপো কমা নাছিল। আগৰ দৰেই তেওঁ সকলো কামতে জড়িত হৈ থাকিছিল। দায়িত্ববোধ এৰি চলা নাছিল। তেওঁৰ অসুখ হৈ থকা সময়তেই আমাৰ শাহু ঢুকাইছিল, আমি কিছুদিনৰ বাবে সৰ্থেবাৰীত আছিলোঁ। তেওঁ অসুখীয়া গাৰেই গুৱাহাটীৰপৰা সৰ্থেবাৰীলৈ গৈছিল। মই তেওঁক তেনেদৰে তাত দেখি একেবাৰে অভিভূত হৈ পৰিছিলোঁ, কিন্তু তেওঁৰ ভগ্নস্বাস্থ্যৰ বাবে চিন্তা কৰিছিলোঁ।

 ‘পেহা-পেহীৰ দুৰ্দিন আৰু মই জোঁৱাইটো হৈ খবৰ নকৰিম, সেয়া হ’বই নোৱাৰে’— সেয়া আছিল বিপুল খাটনিয়াৰৰ স্বভাৱ সিদ্ধ কথা। আমাৰ পৰিয়ালৰ সকলো সদস্যৰে লগত অতি আন্তৰিকতাৰে কাষত বহি লৈ কথা পাতিছিল— যি দৃশ্যই মোৰ হৃদয় চুই গৈছিল।

 লাহে লাহে তেওঁৰ শৰীৰ বেছি বেয়া হৈছিল। মৃত্যুৰ কিছুদিন আগতে তেওঁ এবাৰ আহিছিল— যি দিনটো মোৰ বুকুত সদায় সাঁচি ৰাখিম। এনেয়েও তেওঁ আমাৰ ঘৰলৈ প্ৰায়ে আহে। ডাঃ চৌধুৰী মানে তেওঁৰ পেহাকৰ লগত তেওঁৰ গভীৰ বন্ধুত্ব, সেই সূত্ৰে দুয়োৰে অহা-যোৱা, কথা-বতৰা প্ৰায়ে হৈ থাকে। কিন্তু সেইদিনাৰ কথাটো অলপ বেলেগ আছিল। তেওঁ সেইদিনা তেওঁ ৰাতিপুৱাৰ ভাগতে আহি ওলাল, ‘পেহী আজি অকল চাহ খায়েই নেযাম, দুপৰীয়াৰ ভাত, আবেলিৰ চাহ খাইহে যাম’— ঘৰত সোমায়েই তেওঁ ঘোষণা কৰিছিল। ময়ো বৰ ভাল পালোঁ— কাৰণ এই ধৰণৰ আলহি পোৱাটো সৌভাগ্যৰ কথা। ঘৰৰ পৰিৱেশেই সলনি হৈ যায়। ময়ো মোৰ সামৰ্থৰে যিমানখিনি পাৰোঁ শুশ্ৰূষা কৰিবলৈ চেষ্টা কৰিছিলোঁ। নেজানো কি খুৱালোঁ, কিন্তু তেওঁ কৈছিল—‘আজি পেহীৰ হাতেৰে অমৃত খালোঁ, মোৰ জীৱনত পাহৰিব নোৱাৰা এসাজ ভাত’, মই আজিও তেওঁৰ কথাষাৰ মনত পেলাই বুকুৰ ক'ৰবাত বিষ অনুভৱ কৰোঁ।

 লাহে লাহে তেওঁ বেছি অসুস্থ হৈ পৰে— উশাহ নিশাহত কষ্ট পোৱা হয়। কৰিবলৈ একো নাছিল, কিন্তু আমি তেওঁক এবাৰ লগ পাব বিচাৰিছিলোঁ। কিন্তু অসুস্থতাৰ বাবে কাকো লগ কৰিব বিচৰা নাছিল। আমি তেওঁৰ কথা মানিছিলোঁ। তেওঁৰ মৃত্যুৰ খবৰ সহজভাৱে ল’ব পৰা নাছিলোঁ, ম্ৰিয়মান হৈ পৰিছিলোঁ। তথাপি মানি ল’বই লাগিব, একাঁজলি অশ্ৰুঅঞ্জলি জনাইছোঁ তেওঁৰ বাবে। মাত্ৰ আশা ৰাখিছোঁ, যি আদৰ্শৰ বাবে জীৱনজুৰি সংগ্ৰাম কৰিছিল সেই আদৰ্শ জীয়াই ৰাখি তেওঁকো জীয়াই ৰখাৰ যেন চেষ্টা কৰোঁ সকলোৱে।❐

(লেখক 'নতুন সাহিত্য পৰিষদ'ৰ দক্ষিণ গুৱাহাটী শাখাৰ সভাপতি) [ ১৯৯ ]

বিপুল ভিনদেউৰ সান্নিধ্যত

প্ৰবীন কুমাৰ ৰয়

খবৰটো শুনি খুবেই মৰ্মাহত হ’লোঁ। অসমৰ প্ৰগতিশীল সাহিত্য আন্দোলনৰ অন্যতম কাণ্ডাৰী, বিশিষ্ট গল্পকাৰ, নতুন সাহিত্য পৰিষদৰ প্ৰাক্তন ৰাজ্যিক সম্পাদক আৰু বৰ্তমানৰ দক্ষিণ গুৱাহাটী শাখাৰ অন্যতম সদস্য তথা অসমৰ ভূতত্ত্ব আৰু খনি বিভাগৰ প্ৰাক্তন বিষয়া বিপুল খাটনিয়াৰদেৱ (মোৰ ভিনদেউ) মৃত্যুৰ খবৰে আমাক অতিকে মৰ্মাহত কৰি তোলে। বিপুল খাটনিয়াৰৰ মৃত্যুত অসমৰ প্ৰগতিশীল সাহিত্য আন্দোলন তথা প্ৰগতিশীল গল্প ৰচনাৰ পথাৰখনত এক অপূৰণীয় ক্ষতি হ’ল। অসমৰ এগৰাকী অন্যতম শ্ৰেষ্ঠ গল্পকাৰ যি সদায় শোষিত-নিপীড়িতজনৰ পক্ষত থাকি সচেতনভাৱে প্ৰগতিশীল দৃষ্টিভংগীক মূল আধাৰ হিচাপে লৈ ৰসোতীৰ্ণ গল্প ৰচনা কৰিছিল। তেখেতে প্ৰগতিশীল চিন্তা-চেতনাৰে সমৃদ্ধ সাহিত্যকৰ্মৰ মৌলিক চৰিত্ৰ শিল্পগুণ সম্পূৰ্ণ অক্ষুণ্ণ ৰাখিহে গল্প লিখিছিল। তেখেতৰ প্ৰগতিশীল দৃষ্টিভংগী ইমানেই গভীৰ আছিল যে সেই দৃষ্টিভংগীৰে সাহিত্যৰ গুণগত উৎকৰ্ষতাৰো কলাত্মক ভাৰসাম্য ৰক্ষা কৰিহে সদায় গল্প ৰচনা কৰিছিল। উল্লেখ্য যে আশীৰ দশকৰ পৰা গল্প লিখিবলৈ আৰম্ভ কৰি বিপুল খাটনিয়াৰদেৱে মৃত্যুৰ আগমুহূৰ্তলৈকে গল্প লিখা অব্যাহত ৰাখিছিল।

 ভূতাত্ত্বিক বিষয়ক কাম-কাজৰ লগত জড়িত বিপুল খাটনিয়াৰদেৱে সচৰাচৰ খুব কমেই কথা কৈছিল। কোনো ধৰণৰ জাক-জমকতাক প্ৰশ্ৰয় নিদিয়া আৰু সদায় অতি সাধাৰণ বেশ-ভূষাৰে থকা এই বিশিষ্ট গল্পকাৰ গৰাকী কিন্তু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি সদা সচেতন আছিল। চাল-চলনত অতি নিৰ্জু স্বভাৱৰ বিপুল খাটনিয়াৰদেৱৰ মানুহৰ প্ৰতি আছিল গভীৰ ভালপোৱা। সৰ্বসাধাৰণ লোকৰ জীৱন যন্ত্ৰণাৰ লগত অতি আত্মীয়তাৰে সম্বন্ধ ৰাখিছিল। বিশেষকৈ খাটিখোৱা দৰিদ্ৰ-নিষ্পেষিতজনে [ ২০০ ] কিদৰে জীৱন নিৰ্বাহ কৰে, তেওঁলোকৰ জীৱন-যন্ত্ৰণা কি ধৰণৰ আদিৰ লগত তেখেতে সদায় নিকট সম্বন্ধ স্থাপন কৰিছিল আৰু সেইবোৰলৈ দৃষ্টি নিক্ষেপ কৰিছিল। তেওঁলোকৰ জীৱন-জীৱিকাৰ বিষয়ে, সমস্যাজৰ্জৰ দৈনন্দিন জীৱনৰ বিষয়ে গভীৰভাৱে উপলব্ধি কৰিছিল আৰু এইবোৰৰপৰা কিদৰে মুক্তি লাভ কৰিব পাৰে সেই চিন্তা প্ৰতিফলিত কৰিছিল গল্পৰ মাধ্যমেৰে। সৰ্বসাধাৰণ খাটিখোৱা, নিষ্পেষিত নিপীড়িত লোকৰ শোষণ মুক্তিৰ পথ প্ৰদৰ্শনেৰে গল্প ৰচনা কৰি ইমান গভীৰভাৱে খোজ পেলাইছিল যে সেই খোজৰ শব্দই সেইসকল লোকৰ জীৱনত মুক্তি লাভৰ আলোড়ন তুলিবলৈ সক্ষম হৈছিল। তেখেতৰ গল্পৰ মাধ্যমেৰে শোষিত- নিষ্পেষিতজনৰ দুখ-যন্ত্ৰণাৰে ভৰা সঁচা জীৱনৰ প্ৰকৃত ছবি নিভাঁজ ৰূপত প্ৰতিফলিত হৈছিল। তেখেতৰ গল্পৰ মাজেৰে পৰিস্ফূত হৈছিল শোষিত-নিষ্পেষিত জীৱনৰ ৰুঢ় বাস্তৱতা তথা যন্ত্ৰণাত জৰ্জৰিত পুঞ্জীভূত ক্ষোভৰ উদগীৰণ।

 বিপুল খাটনিয়াৰদেৱৰ লগত মোৰ আত্মিক সম্পৰ্ক আছিল। সম্বন্ধত ভিনদেউ হিচাপে তেখেতৰ লগত ঘনিষ্ঠতাও আছিল। উল্লেখ্য যে অসমৰ প্ৰগতিশীল সাহিত্য আন্দোলনৰ অন্যতম কাণ্ডাৰী, নতুন সাহিত্য পৰিষদ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত প্ৰধান ভূমিকা গ্ৰহণ কৰা বিশিষ্ট বামপন্থী বুদ্ধিজীৱী প্ৰয়াত অনিল ৰায়চৌধুৰীদেৱৰ ভাতৃৰ বৰপেটাৰ গৃহত থাকি মই পঢ়া-শুনা কৰিছিলোঁ। আনহাতে বিপুল ভিনদেউ অনিল ৰায় চৌধুৰীদেৱৰ জোঁৱাই। সেই সূত্ৰে তেখেতৰ লগত মোৰ আত্মীয়ৰ সম্পৰ্ক আছিল। ইফালে ১৯৮৫-৮৬ চন মানৰপৰা আমিও সাহিত্য পৰিষদৰ সদস্য হিচাপে বৰপেটাত কাম-কাজ আৰম্ভ কৰিছিলোঁ। তেখেতে সাহিত্য পৰিষদৰ সাংগঠনিক কাম-কাজ নাইবা গল্পৰ সমল বিচাৰি বৰপেটালৈও আহিছিল। গতিকে বিপুল খাটনিয়াৰদেৱৰ লগত থকা ঘৰুৱা সম্পৰ্ক সূত্ৰে তেখেতৰ লগত অভিজ্ঞতাৰ সমভাগী হ’বলৈও সুযোগ লাভ কৰিছিলোঁ। বিশেষকৈ বৰপেটা জিলাৰ মন্দিয়া অঞ্চলৰ প্ৰধান নৈ ভেলেঙীৰ প্ৰৱল বান আৰু গড়াখহনীয়াই বৃহৎ অঞ্চলটোৰ জনজীৱন সাংঘাতিক ধৰণেৰে প্ৰতি বছৰে বিপদাপন্ন কৰি তোলে। য’ত বানপানীৰ সময়ত মানুহ বসবাস কৰা গাঁও নে সাগৰ তাৰ পাৰ্থক্য নোহোৱা কৰি তোলে। এই অঞ্চলটোৰ ক্ষতিগ্ৰস্ত লোকৰ জীৱন গাথাক লৈ তেওঁ ৰচনা কৰিছিল এটা বিখ্যাত গল্প ‘ভেলেঙীত উঠিছে বান’। তেতিয়াৰ প্ৰগতিশীল তিনিমহীয়া আলোচনী ‘নতুন পৃথিৱী’ত প্ৰকাশিত হৈছিল। বোধকৰোঁ ১৯৮৫-৮৬ চন মানৰ কথা৷ মন্দিয়া অঞ্চলটো যিহেতু তেখেতৰ সম্পূৰ্ণ অচিনাকী আছিল সেয়ে ‘ভেলেঙীত উঠিছে বান’ শিৰোনামৰ এই বিখ্যাত গল্পটো লিখাৰ ক্ষেত্ৰত সমল গোটাবলৈ যাওঁতে মই ঘনিষ্ঠভাৱে তেখেতলৈ সহযোগিতা [ ২০১ ] আগ বঢ়াইছিলোঁ৷ সঁচাকৈ কি আচৰিতঙ্গ কি ভয়ংকৰ পৰিৱেশঙ্গ ভৰ বাৰিষা তেতিয়া। কোনোপ্ৰকাৰেই সাহস নহয়। তথাপি জনস্বাৰ্থৰ প্ৰতি থকা টানঙ্গ আনহাতে ওপৰে ওপৰে চাই গল্প লিখাৰ পক্ষপাতী নাছিল বিপুল ভিনদেউ। গতিকে মৰসাহ কৰি কলগছেৰে সাজি লোৱা ভুৰ (ভেল)ত উঠি বানপানীত ককবকাই ভেটি উচন হোৱাৰ পাছত সামান্য ওখ ঠাই নাইবা মথাউৰিত সৰু সৰু ল’ৰা-ছোৱালী, হাঁহ-কুকুৰা, গৰু আদি সহ অতি দুৰ্বিসহ জীৱন জীয়াই থকা লোকসকলক লগ ধৰিছিলোঁ আমি। তেওঁলোকৰ জীৱন-যন্ত্ৰণাৰ সতে নিজকে জড়িত কৰি লৈছিল আৰু হৃদয়ংগম কৰিছিল। গল্পটোৰ সমল বিচাৰি মন্দিয়া অঞ্চলৰ কপোহা, গড়লা, ডঙৰা, আদি গাঁওসমূহলৈ আমি গৈছিলোঁ। আমি গৈছিলোঁ কয়াকুছি অঞ্চলৰ খাবলাৰভিঠা, নলীৰ পাম, মৰিছা, চকীৰভিঠা আদি গাঁওসমূহলৈ। তেওঁলোকৰ দৈনন্দিন জীৱন-যন্ত্ৰণা, বানত সকলো হেৰুৱাই সৰ্বস্বান্ত হোৱা, অনাহাৰে দিন-ৰাতি পাৰ কৰাৰ জীৱন গাথাৰ সৈতে সমভাগী হৈছিল বিপুল ভিনদেউ। ইফালে ইমান যন্ত্ৰণাৰ মাজতো তেওঁলোকৰ জীৱন গাথাক লৈ আমাৰ আগত গাই শুনাইছিল ফকিৰন্টি গীত, বিভিন্ন লোকগাথাৰ গীত, ভৈঠালী সুৰ আদি। সঁচাকৈয়ে কি যে এক বিৰল অভিজ্ঞতা! এনেদৰেই বিপুল খাটনিয়াৰদেৱৰ প্ৰতিটো গল্পৰ মাজতেই বিচাৰি পোৱা যায় সঁচা জীৱনৰ জীয়া কাহিনী।

 বিপুল খাটনিয়াৰৰ জন্ম হৈছিল ১৯৫৩ চনত তিনিচুকীয়া জিলাৰ দেওশাল চাহ বাগিচাত। তেখেতে ১৯৭৫ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ভূতত্ত্ব বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে আৰু ভূতত্ত্ব তথা খনি বিভাগৰ চাকৰিত যোগদান কৰে আৰু উক্ত বিভাগৰপৰাই অৱসৰ গ্ৰহণ কৰে। তেখেতে অসমৰ প্ৰগতিশীল সাহিত্য আন্দোলনৰ অন্যতম গুৰি ধৰা তিনিমহীয়া আলোচনী ‘নতুন পৃথিৱীত গল্প লিখিবলৈ আৰম্ভ কৰে আৰু অসমীয়া গল্প সাহিত্যৰ জগতখনত বলিষ্ঠ অবদানেৰে এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছিল। আনকি পৰৱৰ্তী সময়ত অসমৰ মূল ধাৰাৰ সকলো প্ৰতিষ্ঠিত আলোচনীয়ে বিপুল খাটনিয়াৰৰ গল্প অত্যন্ত আগ্ৰহেৰে ছপাবলৈ আৰম্ভ কৰে।

 চাৰি দশকতকৈয়ো অধিক কাল ধৰি গল্প লিখি অহা বিপুল খাটনিয়াৰদেৱে গল্প লিখি এক বলিষ্ঠ অবদানেৰে অসমীয়া সাহিত্যৰ ভঁড়াল চহকী কৰি থৈ গ’ল। তেখেতৰ গল্প সম্ভাৰৰ ভিতৰত—‘খোজাৰ শব্দ’ (১৯৮২), ‘চিনাকি মুখৰ ছবি’ (১৯৯৫), ‘দখাৰ’ (১৯৯৯), ‘তাই কাপোৰ নিপিন্ধে’ (২০০২), ‘ভিন্ন জীৱন ভিন্ন কথকতা’ (২০০৯), ‘চিনাকি মুখ অচিনাকী ছবি’ (২০১০), ‘ঘঁৰিয়ালডাঙাৰ কথা’ (২০১৬), ‘হাৱা ভাল চলা নাই’ (২০২০)। উল্লেখ্য যে বিপুল খাটনিয়াৰদেৱে [ ২০২ ] একাণপতীয়াভাৱে গল্প লিখাত মনোনিবেশ কৰি ধাৰাবাহিকভাৱে অকল গল্প লিখিবলৈ লয়। গল্প লিখাৰ ক্ষেত্ৰত থকা তেখেতৰ একাগ্ৰতাই তেখেতৰ অনন্য কৃতিত্বকেই সূচায়। পিছত শিৱসাগৰত অনুষ্ঠিত পৰিষদৰ ৰাজ্যিক সন্মিলনে মোক আমন্ত্ৰিত সদস্য হিচাপে ৰাজ্যিক কমিটিত অন্তৰ্ভুক্ত কৰি লয়। উক্ত সন্মিলন সফল কৰাৰ ক্ষেত্ৰত বিপুল খাটনিয়াৰদেৱৰ ভূমিকা আছিল অত্যন্ত লেখত ল’বলগীয়া। তেখেতৰ সুযোগ্যা পত্নী বিশিষ্ট সাংস্কৃতিক কৰ্মী তথা অনাতাঁৰ শিল্পী ৰীণা বাইদেউৱে গীত পৰিৱেশন কৰি সমূহপ্ৰতিনিধি আৰু ৰাইজক আপ্লুত কৰিছিল। ইয়াৰ পিছত গুৱাহাটীত অনুষ্ঠিত পৰিষদৰ ৰাজ্যিক সন্মিলনতো অতি ঘনিষ্ঠতাৰে তেখেতৰ সান্নিধ্য লাভ কৰিছিলোঁ। শেষত ভিনদেউলৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ আৰু ৰীণা বাইদেউলৈ সমবেদনা জ্ঞাপন কৰিলোঁ।❐

(লেখক 'নতুন সাহিত্য পৰিষদ'ৰ সদস্য)

বীণা পেণ্ডৰ জীয়ৰী ধন্যতাৰ স’তে

[ ২০৩ ]

বিপুল খাটনিয়াৰক যিমান দূৰ জানো

ডাঃ অনিল কুমাৰ চৌধুৰী

প্ৰয়াত বিপুল খাটনিয়াৰক মই এজন সন্মানীয় বন্ধু হিচাপে গ্ৰহণ কৰিছিলোঁ। শ্ৰীমতীৰ পক্ষৰপৰা খাটনিয়াৰে মোক পেহা বুলি মাতিব লাগিছিল যদিও সম্বোধনটো উহ্য হৈয়ে থাকিল। অৱশ্যে শ্ৰীমতীক পেহী বুলি মতা শুনিছিলোঁ। প্ৰকৃততে খাটনিয়াৰক লগ পোৱাৰ আগত তেখেতৰ পত্নী ৰীণাক কেবাদিনো লগ পাইছিলোঁ— এওঁ স্কুললৈ অহা-যোৱা কৰোঁতে আৰু মই অফিচলৈ গৈ থাকোঁতে বা ওভতোঁতে। ৰীণাই বৰ সুন্দৰকৈ পেহা বুলি মাতিছিল। আৰু তেনেকৈয়ে ঘনিষ্ঠতা বাঢ়িছিল। আমাৰ ল’ৰা দুজনক যেতিয়া লিটিল ফ্লাৱাৰ স্কুলত নামভৰ্তি কৰাইছিলে, স্কুল বাছৰ ব্যৱস্থা নাছিল। সিহঁতে বৰ কষ্টেৰে আমাৰ অঞ্চলৰপৰা অহা-যোৱা কৰিব লাগিছিল বহুতো যোৰা- তাপলি মাৰি। তেনেক্ষেত্ৰত মোৰেই বন্ধু, ইঞ্জিনিয়াৰ প্ৰদীপ বৰুৱাক অভিভাৱকসকলৰ সহযোগত এখন স্কুল বাছ কিনিবলৈ কৈছিলোঁ। লগতে কৈছিলোঁ ভৱিষ্যতে গুৱাহাটীত এইটো এটা ভাল ব্যৱসায় হোৱাৰ সম্ভাৱনীয়তাৰ কথা। বৰুৱাই কথাটোত গুৰুত্ব দি অভিভাৱক কিছুমানক গোট খুৱাই কথাটো আলোচনা কৰিলে আৰু যথাসময়ত Sarvanu নামকৰণ কৰি বাছ এখন কিনিলে। আমিও কিছু সকাহ পালোঁ। তেনে এখন আলোচনাতেই মই প্ৰথম খাটনিয়াৰক লগ পোৱা মনত আছে। তেওঁ ইয়াৰ অংশীদাৰ আছিল। পিছত ব্যৱসায়ভিত্তিক লোৱাত বৰুৱাই প্ৰায় নিজা উদ্যোগতে বহলভিত্তিত ব্যৱসায় চলাবলৈ মনস্থ কৰিলে সম্ভৱ। গতিকে কিছু খেলিমেলিৰো সৃষ্টি হোৱাত খাটনিয়াৰ আৰু মই আমাৰ মূল ধনখিনি লৈ ব্যৱসায় সামৰিলোঁ। যি নহওক স্কুললৈ অহা-যোৱা কৰাত আমাৰ ল’ৰাৰ কিছু হলেও সুবিধা হ’ল যদিও বৰুৱাই দিব লগা সুবিধা কৰি নিদিলে। যিখিনি পালোঁ তাতেই সন্তুষ্ট থাকিলোঁ। তেতিয়াই খাটনিয়াৰক বুজাত কিছু সুবিধা হ’ল। তেওঁ মূল টকাখিনি ঘূৰাই লৈ নিজৰ স্বত্বৰ কোনো দাবী নথকাকৈ এৰি দি খামখেয়ালিবোৰৰ পৰা আঁতৰি আহি সকাহ লভিলে।

 খাটনিয়াৰৰ সাহিত্যকৃতিৰ কথা আলোচনা কৰা মোৰ এই লিখনিৰ উদ্দেশ্য [ ২০৪ ] নহয়। ইতিমধ্যে অসমৰ সাহিত্য জগতখনত খাটনিয়াৰ গল্প লিখনিৰে প্ৰতিভা তথা কৌশল, ভাষাৰ নতুনত্ব সন্দৰ্ভত বহুল প্ৰচাৰিত। বিশেষকৈ প্ৰগতিশীল সাহিত্য চৰ্চাৰ পথাৰখনত। এই বিষয়ত দক্ষতাসম্পন্নসকলে খাটনিয়াৰৰ লিখনিৰ নতুনত্ব আলোচনা কৰিছে আৰু ভৱিষ্যতলৈও কৰিব। আমি মাথোঁ খাটনিয়াৰ মানুহজন সম্পৰ্কত যিখিনি জ্ঞাত তাকেহে লিখিবলৈ লৈছোঁ। গুৱাহাটীৰ কমাৰ্চ কলেজত অনুষ্ঠিত হোৱা নতুন সাহিত্য পৰিষদৰ পঞ্চদশ অধিৱেশনত খটনিয়াৰৰ লগত দক্ষিণ গুৱাহাটী নতুন সাহিত্য পৰিষদৰ সম্পাদক সুভাষ শৰ্মাৰ হাতত বিশেষ দায়িত্ব অৰ্পণ কৰা হৈছিল। কিন্তু শেষ মুহূৰ্তত শৰ্মাৰ মাতৃ বিয়োগ হোৱাত শৰ্মাৰ প্ৰায়বোৰ দায়িত্ব খাটনিয়াৰে অকলেই চম্ভালিব লগা হয়। শৰ্মালৈ অভয়বাণী দি খাটনিয়াৰে খোৱা- লোৱা, হিচাপ-নিকাচ সকলো চম্ভালি লয়। পিছত এদিন তেওঁ এই বিষয়ত মোক কৈছিল, কেনেকৈ প্ৰয়াত অনিল ৰায়চৌধুৰীৰ (খাটনিয়াৰৰ শহুৰ পিতা) পৰামৰ্শত বজাৰৰপৰা লাগতিয়াল খাদ্যসামগ্ৰী আনি যোগানৰ ব্যৱস্থা কৰিছিল। যি হওক অধিৱেশন সুকলমে গৈ গ’ল যদিও প্ৰায় বিলাক সংগঠনৰ দৰে এই অধিৱেশনতো সদস্যসকলৰ মাজত কিছু কিছু ক্ষেত্ৰত মৰ ভিন্নতা দেখা গ’ল। মোৰ দৃষ্টিগোচৰ হোৱা কথাটো হ'ল খাটনিয়াৰক শেষ মুহূৰ্তলৈকে ৰান্ধনিঘৰত তদাৰক আৰু নিজহাতে বাচন-বৰ্তন ধুই-পখালি থকা দৃশ্য। কথাটো খাটনিয়াৰৰ দৃষ্টিগোচৰ কৰাত তেওঁ কৈছিল, এইবোৰচোন অধিৱেশনৰেই কাম। কথাখিনিৰপৰা এটা কথা প্ৰতীয়মান হৈছিল খাটনিয়াৰ আছিল কামৰ মানুহ, কামত সৰু-বৰ, মান্যতা-হীনতা নাই। সংগঠনৰ কাম সকলোৱে হাতে কামে লাগিলেহে অনুষ্ঠানবোৰ জীপাল হৈ উঠে। ইয়ে খাটনিয়াৰৰ প্ৰতি মোৰ সস্নেহ তথা সম্ভ্ৰমৰ ভাব আনি দিছিল।

 দুই এটা কবিতা বা সাময়িক প্ৰবন্ধ লিখিলেও মই কোনোপধ্যেই সাহিত্যিকৰ আসন পোৱাৰ যোগ্যতা অৰ্জন কৰা নাই। এদিন ৰাজ্যিক সমিতিৰ অফিচত থাকোঁতে খাটনিয়াৰৰ নতুন সাহিত্যৰ বাবে দিওঁ নিদিওঁকৈ জেপত থকা কবিতা এটা দেখুৱালোঁ। তেওঁ আগ্ৰহেৰে গ্ৰহণ কৰি হৈ যাব, সুন্দৰ কবিতা আদি কৈ (হয়তো দুই এটা শব্দ পৰিৱৰ্তন কৰি) আলোচনীত প্ৰকাশো কৰিলে। ইয়ে তেওঁৰ অইন বিলাকক বা নতুন লেখকক উৎসাহ যোগোৱা তথা সংগঠনক আগবঢ়াই নিয়া মনোভাব প্ৰকাশ কৰে। হয়তো এনেকুৱা মনোভাবৰ অভাৱতেই বহুতো লেখকক আগবঢ়াই অনাত ব্যৰ্থ হৈ আমি হেৰুৱাৱ লগা হৈছে। খাটনিয়াৰৰ এইটো এটা উল্লেখনীয় গুণ বুলি ভাবোঁ। এবাৰ মোৰ ঘৰলৈ অহাত কিছুসংখ্যক কবিতা হৈছেনে চাই দিবলৈ অনুৰোধ কৰাত চাই-মেলি দি সজাই পৰাই ঘৰলৈ আহি লিখাখিনি নিজহাতে দি থৈ গ’ল। লগত মোহন কৃষ্ণ মিশ্ৰৰ ‘সমদল আৰু অন্যান্য কবিতা’ পুথিখন দি থৈ পঢ়িবলৈ উপদেশ [ ২০৫ ] দি গ’ল। অইনক উৎসাহিত কৰাৰ কি বিৰল উদাহৰণ।

 খাটনিয়াৰ তেতিয়া অসুস্থ। চিকিৎসাধীন হৈ আছে। তেওঁৰ ভগ্নস্বাস্থ্য। মাজে মাজে মোক ফোন কৰে। জনা নজনা পৰামৰ্শ দিওঁ। হঠাতে মোৰ মা ঢুকাল। আমি গাঁৱৰ ঘৰত মৃতকৰ কাজকৰ্মত ব্যস্ত। হঠাতে বন্ধু কেইজনমানৰ লগত ইমান অসুস্থতাৰ মাজতো ইমান দূৰলৈ গৈ খাটনিয়াৰ উপস্থিত। তেওঁৰ ভগ্ন স্বাস্থ্য দেখি মোৰ চকু সেমেকি উঠিছিল যদিওঁ তেওঁৰ একো হোৱা নাই, ভালেই আছোঁ আদি কথাত মই বিশ্বাস কৰিছিলোঁ। কিমান মৰমিয়াল আৰু আন্তৰিকতাপূৰ্ণ হ'লে মানুহ এজন এই স্বাস্থ্যৰে ইমান দূৰ আহিব পাৰে ভাবি মই অভিভূত হৈছিলোঁ।

 এদিন প্ৰয়াত বিজনলাল চৌধুৰীৰ ‘জোনাকীৰ আলোড়ন’ কিতাপখনৰ পুনমুদ্ৰণ সম্পৰ্কত আলোচনা কৰিবলৈ হেঙেৰাবাৰীস্থিত তেওঁৰ ঘৰলৈ গৈছিলোঁ। আশ্ৰমসদৃশ পৰিৱেশ আৰু পঢ়া-লিখাৰ কিতাপ-কাকতবোৰৰ শৃংখলতাই মোক বৰকৈ আকৰ্ষণ কৰিছিল। ভবিছিলোঁ এই মানুহজনৰপৰা আমি শিকিবলগীয়া বহু কথাই আছে। আজি তেওঁৰ অনুপস্থিতিত বাৰে বাৰে ভাবিছোঁ বহু কথাই জানিবলৈ থাকি গ'ল। জীৱনৰ শেষ মুহূৰ্তলৈকে তেওঁ নতুন সাহিত্য পৰিষদৰ উত্তৰোত্তৰ উন্নয়নৰ চিন্তাতে ব্যস্ত আছিল। নতুন সাহিত্য পৰিষদৰ পথিকৃত তেওঁৰ শহুৰ দেউতা প্ৰয়াত অনিল ৰায়চৌধুৰীৰ সমগ্ৰ লিখনি প্ৰায় একক প্ৰচেষ্টাৰে সংকলিত কৰি গ’ল যদিও সংকলনখনৰ প্ৰকাশ নিজে নেদেখিলে।

 এদিন মোৰ প্ৰবন্ধ সংকলন ‘ভূমি হেৰুওৱাৰ কাহিনী আৰু আইৰ ভগৱান’ পুথিখন চাই মোৰ ঘৰলৈ আহোঁতে কৈছিল ‘আইৰ ভগৱান’ লিখাটো এটা অতি সুন্দৰ গল্প হ’ব। মই তেওঁক কৈছিলোঁ মইতো গল্প নিলিখোঁ। আপুনিয়ে লিখিব দিয়ক। তেওঁ না কৰা নাছিল, কিন্তু সি হৈ নুঠিল।

 লাহে লাহে তেওঁৰ স্বাস্থ্য পৰি আহিছিল। যাব পৰা নাছিলোঁ। যাবলৈও তেওঁ মানা কৰিছিল। ক’ৰোনা মহামাৰীৰ বাবে। ইয়াৰ মাজতে ল’ৰা-ছোৱালী হালৰ বিয়া হৈ গ’ল। বিয়াত যাবলৈ কৈছিল, যোৱা নহ'ল। এই অপৰাধবোধে মোক এতিয়াও বিব্ৰত কৰে। অভাৱনীয় খবৰটো যিদিনা আহিল সেইদিনাও যাব নোৱাৰিলোঁ। নিজৰ অসুস্থতাৰ বাবে।

 এইদৰেই এজন সন্মানীয় বন্ধুক চিৰদিনলৈ হেৰুৱালোঁ। মনত বহুতো উৎকণ্ঠা ৰাখি। তেওঁৰ লিখনিৰ মাজেৰে আমাৰ মাজত সদায়েই জাতিস্মান হৈ থাকিব তাত সন্দেহ নাই। উত্তৰ পুৰুষে তেওঁৰ লিখনিৰ আলম লৈ অসমৰ প্ৰগতিশীল সাহিত্যকৰ্মক আগুৱাই নিয়াৰ কামনাৰে মোৰ সশ্ৰদ্ধ প্ৰণাম যাচিলোঁ।❐

(লেখক ‘নতুন সাহিত্য পৰিষদ’ৰ সদস্য) [ ২০৬ ]

বিপুলদাৰ সোঁৱৰণত

সুচিত্ৰা ৰাভা

‘খোজৰ শব্দ’ নামৰ গল্পৰ কিতাপখন মোক কোনে দিছিল মনত নাই। এটা বয়স আছিল গল্প, কবিতা, উপন্যাস পালে গো-গ্ৰাসে গিলিছিলোঁ৷ ‘খোজৰ শব্দ’ নামৰ গল্পৰ কিতাপখন পাই লগে লগে পঢ়িবলৈ আৰম্ভ কৰিলোঁ; মগজুৰ কোনোবা এখন দুৱাৰ খোল খাই গ’ল, গাৰ নোম দাং খাই উঠিল, ক’ব নোৱাৰাকৈ গল্পবোৰে বুকুৰ কোনোবাখিনিত খুণ্ডা মাৰি উখল-মাখল লগাবলৈ ধৰিলে। লগে লগে লিখকজনৰ চেহেৰাটো কল্পনা কৰিবলৈ ধৰিলোঁ।

 মই আছিলোঁ সাহিত্য সভাৰ বেলতলা শাখাৰ সম্পাদিকা। অতি অভাৱনীয়ভাৱে মোক এই বাব দিয়া হৈছিল, কিন্তু মোৰ চিন্তা-চৰ্চাৰ গতি আছিল অন্য দিশে। সঠিক দিশলৈ যোৱাৰ বাট কোনটো তাক নিৰ্ণয় কৰিবলৈ অপাৰগ হৈ একপ্ৰকাৰ স্থবিৰ হৈ থকাৰ সময়তে সাহিত্য পৰিষদৰ প্ৰয়াত নৰেন দাস আৰু শোভা খনিকৰ ডাঙৰীয়াক লগ পালোঁ, সেই তেতিয়াৰেপৰা এতিয়ালৈ (১৯৮৭ চনৰপৰা) সদস্য হৈ আছোঁ। ১৯৮৮ চনৰ বিশ জুনত বেলতলাৰ লক্ষ্মীমন্দিৰত নতুন সাহিত্য পৰিষদে ‘ৰাভা দিৱস’ উদ্‌যাপন কৰিছিল। ‘ৰাভা দিৱস’ সফল কৰি তুলিবলৈ বিপুলদা আমাৰ লগ লৈছিলহি, তেওঁক দেখি মই আবেগত মুক হৈ পৰিছিলোঁ, মোৰ চকু চলচলীয়া হৈছিল, মোৰ প্ৰিয়তম গল্পকাৰ বিপুলদাক মই ইয়াৰ আগতে ক’ত লগ পাইছিলোঁ বাৰু? হয়তো ‘নতুন পৃথিৱী’ত, হয়তো ‘জনজীৱন’ত নতুবা অসমৰ গাঁও-ভূই, খেতি পথাৰত। মই কল্পনা কৰা বিপুলদাই হাঁহি এটা মাৰি চক খুৱাই কৈছিল— ‘তুমিয়ে সুচিত্ৰা ৰাভা?’

 ১৯৮৯ চনত মোৰ সুভাষ সাহাৰ সৈতে বিয়া হৈছিল। সাহিত্য পৰিষদৰ কামকাজত বাৰুকৈয়ে যুক্ত হৈ পৰিছিলোঁ। বিপুলদাক সঘনাই লগ পাই আছিলোঁ। নতুন সাহিত্য পৰিষদৰ বিভিন্ন কাৰ্যসূচীৰ বাবে একেলগে পুঁজি সংগ্ৰহ কৰিছিলোঁ। [ ২০৭ ] ইয়াৰ মাজে মাজে নতুন কিবা লিখা ওলালেই মই যেনেতেনে সংগ্ৰহ কৰি পঢ়িছিলোঁ। অৱশ্যে তেখেতৰ গল্পৰ চিত্ৰকলা আৰু ব্যঞ্জনা সহজে বুজা টান। তেনে নুবুজা গল্পৰ বিষয়ে লগ পালেই কথা পাতিছিলোঁ। তেখেত সঁচাকৈয়ে অতি উচ্চ খাপৰ প্ৰগতিশীল লেখক আছিল। বিপুলদা আমাৰ ঘৰলৈ আহিলে বহুত সময় বিভিন্ন প্ৰসঙ্গ লৈ আলোচনা হৈছিল, বহু মূল্যবান পৰামৰ্শ দিছিল। সুভাষ সাহাৰ মৃত্যুৰ পিছত যিকেইজনে মোৰ খা-খবৰ লৈ আছিল তাৰ ভিতৰত বিপুলদা অন্যতম। তেখেতে প্ৰায়ে কৈছিল, ‘সহায়ৰ প্ৰয়োজন হলে ক’বা।’

 কেইবছৰমানৰ আগতে এদিন তেখেতৰ ঘৰলৈ গৈ দেখিলোঁ গামোচা এখন পিন্ধি পানী টেংকি চাফা কৰি আছে, যিটো কাম বিষয়া পৰ্যায়ৰ মানুহে হাজিৰা দি কৰালেহেঁতেন। দেখি তেখেতকৈ শ্ৰদ্ধা বাঢ়িল। তেখেত আছিল মিতব্যয়ী আৰু অতি পৰিশ্ৰমী। গল্প লিখাৰ আগতে তদন্ত কৰাটো আছিল তেখেতৰ নিয়ম। তেখেতৰ গল্প ‘ঘঁৰিয়ালডাঙাৰ কথা’ লিখোঁতেও শ্ৰীনাৰায়ণ ৰবিদাসৰ ঘৰলৈ গৈছিল। তেওঁলোকে সমাজখন ওচৰৰপৰা চাই তথ্য সংগ্ৰহ কৰিছিল। অৱশ্যে ৰবিদাস স্বয়ং এই কাহিনীৰ এটি চৰিত্ৰ আছিল। কিতাপখন মোক বিপুলদাই নিজে দিবলৈ আহিছিল। বহু কথা আমি আলোচনা কৰিছিলোঁ। তেখেতৰ বেমাৰৰ কথাও। কিন্তু ইমান সোনকালে যে আমাৰ মাজৰপৰা হেৰাই যাব, কল্পনাই কৰা নাছিলোঁ। সৌ সিদিনা শোভা খনিকৰদাৰ স্মৃতিগ্ৰন্থখনি হাতত পৰিল, এফালৰপৰা পঢ়ি গ’লোঁ, বহু নজনা কথা জানিলোঁ, শ্ৰদ্ধাত মূৰ দোঁ খাই গ’ল। বিপুলদাৰ লিখাটো পঢ়ি অলপ সময় থমকি ৰ’লোঁ। মোৰ বিষয়ে তেখেতে লিখিছে—‘শোভা খনিকৰৰ আৱিষ্কাৰ সুচিত্ৰা ৰাভা’। মোৰ দুচকু ভৰি আহিল। তেখেত বয়সত মোতকৈ বেছি ডাঙৰ নাছিল। কিন্তু মোৰ বাবে আছিল এজন প্ৰগতিশীল দিক্‌দৰ্শক, পৰামৰ্শদাতা আৰু সৰ্বদা শুভাকাংক্ষী।

 বিপুলদাৰ মৃত্যুৰ খবৰ আহিছিল ফেচবুকত। মোৰ আন এজন অতি শ্ৰদ্ধাৰ গল্পকাৰ অপূৰ্ব শৰ্মাই লিখিছিল—ল’ৰাটো বৰ সোনকালে গ’লগৈ। সঁচাকৈয়ে বৰ সোনকালে গ’লগৈ; কিন্তু তেওঁৰ গল্পৰ কথকতা কোনো দিন শেষ নহয়, শেষ নহয় মোৰ পদূলিলৈ অহা তেওঁৰ ‘খোজৰ শব্দ’। গতিশীল মানুহৰ চেতনাত তেওঁ সদায় জীয়াই থাকিব, এই কামনাৰেই তেখেতৰ স্মৃতিত মোৰ এটুপি অশ্ৰুঅঞ্জলি যাচিলোঁ।

(লেখক 'নতুন সাহিত্য পৰিষদ’ৰ সদস্য) [ ২০৮ ]

সতীৰ্থ বিপুল খাটনিয়াৰৰ সোঁৱৰণত

সুভাষ শৰ্মা

সতীৰ্থ বিপুল খাটনিয়াৰৰ বিশাল প্ৰতিভা আৰু ব্যক্তিত্ব, সহজ সৰল জীৱনশৈলী, ধীৰস্থিৰভাৱে সকলো সমস্যাৰ মুখামুখি হ’ব পৰা গুণ, সাংগঠনিক দক্ষতা আৰু তেখেতৰ সৃষ্টিশীল কৰ্মৰাজিৰ বিষয়ে নিশ্চয় বহুতে আলোচনা কৰিব। মই মাথোঁ তেখেতৰ ব্যক্তিগত সান্নিধ্যৰ দুটামান কথাহে উল্লেখ কৰিব বিচাৰিছোঁ।

 স্কুলীয়া কালতে ‘নতুন পৃথিৱী’ৰ পাতত বিপুল খাটনিয়াৰৰ নামটোৰ প্ৰতি আকৰ্ষিত হৈছিলোঁ যদিও ব্যক্তিগতভাৱে তেখেতক লগপোৱাৰ সুযোগ হোৱা নাছিল। মেট্ৰিক পাছ কৰি গুৱাহাটীলৈ আহি তেখেতক প্ৰথম দেখা পাওঁ নতুন সাহিত্য পৰিষদৰ সন্মিলনৰ মঞ্চত। তাকো নিলগে নিলগে। তেখেতক ব্যক্তিগতভাৱে লগ পাবলৈ ৰ’ব লগা হৈছিল ২০০৭ চনলৈ।

 সেই বছৰতে নতুন সাহিত্য পৰিষদৰ দক্ষিণ গুৱাহাটী শাখাৰ সন্মিলনত শাখাৰ মুখপত্ৰ ‘প্ৰত্যয়’ৰ প্ৰথম সংখ্যাটি প্ৰকাশ পায়। মুখপত্ৰখন উন্মোচন কৰে বিপুল খাটনিয়াৰে। সেই সন্মিলনতে মোক দক্ষিণ গুৱাহাটী শাখাৰ সম্পাদক হিচাপে নিৰ্বাচন কৰা হয়। এই যে খাটনিয়াৰৰ লগত সান্নিধ্য লাভৰ সুযোগ ঘটিল— ইয়াৰ পাছত বহুতবাৰ শাখাৰ বিভিন্ন কাৰ্যসূচীলৈ নিমন্ত্ৰণ জনাইছোঁ। বিভিন্ন অনুষ্ঠানলৈ আহি আমাক উৎসাহিত কৰিছে আৰু পিছলৈ গৈ এনে সান্নিধ্যই ব্যক্তিগত বন্ধুত্বৰ পৰ্যায়লৈ গতি কৰিলে। বহুবাৰ তেখেত মোৰ ঘৰলৈ আহিছে। মাথোঁ সাংগঠনিক কথাবতৰাই পাৰিবাৰিক বিভিন্ন আলোচনাই কৰিছিল, প্ৰতিটো সমস্যাৰে সুন্দৰ সমাধান সূত্ৰ উলিয়াইছিল।

 ২০১৪ চনৰ জানুৱাৰী মাহৰ ৩, ৪ আৰু ৫ তাৰিখে নতুন সাহিত্য পৰিষদৰ পঞ্চদশ ৰাজ্যিক সন্মিলন গুৱাহাটী কমাৰ্চ কলেজত অনুষ্ঠিত হৈছিল।এই সন্মিলনত অভ্যৰ্থনা সমিতিৰ সম্পাদক আছিলোঁ মই। আনহাতে বিপুল খাটনিয়াৰ আছিল [ ২০৯ ] বিত্ত উপ-সমিতিৰ আহ্বায়ক৷ এইক্ষেত্ৰত মই যিহেতু আছিলোঁ তেনেই অনভিজ্ঞ ব্যক্তি সেয়ে তেখেতৰ ঘৰলৈ গৈ তেখেতৰ পৰামৰ্শ আৰু সহায় বিচাৰিছিলোঁ। তেখেতে মোক সৰ্বতোপ্ৰকাৰে সহায়ৰ আশ্বাস দিছিল।

 তেখেতে যদিও বিত্ত উপসমিতিৰ আহ্বায়কহে আছিল তথাপি সন্মিলনৰ বিভিন্ন কাম-কাজত তেখেত মোৰ ছাঁৰ দৰে লাগি আছিল। সন্মিলনৰ স্মৰণিকাখনো তেখেতৰ একক প্ৰচেষ্টাৰে প্ৰকাশ হৈছিল। ইয়াৰ লগে লগে প্ৰতিনিধি সতীৰ্থসকলৰ থকা- মেলা, খোৱা-লোৱা, খোৱাপানীৰ ব্যৱস্থা, ৰন্ধন গেছৰ পৰা বাচন-বৰ্তনলৈকে, বেনাৰ- ফেষ্টুনৰ পৰা প্ৰতিনিধিৰ ফোল্ডাৰ-ফাইললৈকে যোগাৰ কৰাৰ বাবে দুয়ো বিভিন্ন ঠাইলৈ বাইকত উঠি ঘূৰি ফুৰিছিলোঁ। তেতিয়াই গম পাইছিলোঁ মানুহজনৰ অফুৰন্ত কৰ্ম-দক্ষতা আৰু সংগঠনৰ প্ৰতি দায়বদ্ধতা। সন্মিলনৰ প্ৰস্তুতিৰ কাম পূৰ্ণগতিত চলি থকা অৱস্থাতে সন্মিলনলৈ মাথোঁ দুদিন থকাত ১ জানুৱাৰী তাৰিখে মোৰ মাৰ জিএনআৰচি হাস্পতালত মৃত্যু হয়। এয়া আছিল মোৰ বাবে এক অগ্নিপৰীক্ষা। মাৰ মৃত্যুৰ পিছত মই হাস্পতালৰপৰা প্ৰথম ফোনটো কৰিছিলোঁ বন্ধু বিপুল খাটনিয়াৰক। পোন্ধৰ মিনিটমানৰ ভিতৰতেই তেখেতে হাস্পতালত উপস্থিত হৈছিল। তাৰ পাছতেই দুয়ো মোৰ কাহিলিপাৰাৰ ঘৰলৈ আহি মোৰ লগত থকা টকা-পইচা আৰু হিচাপ-পত্ৰ তেখেতৰ হাতত তুলি দিওঁ। তেখেতে মোক এটাই আশ্বাস দিছিল যে ‘আপুনি সন্মিলনৰ কথা ভাবিব নালাগে। আপুনি মাৰ শেষকৃত্যলৈ আগবাঢ়ক। সন্মিলনৰ দায়িত্ব মই ল'লোঁ। সেই মতেই মোৰ অনুপস্থিতিতেই সন্মিলন সুচাৰুৰূপে অনুষ্ঠিত হৈ গ'ল। ইয়াৰ মাজতে প্ৰতিদিনে মোৰ ঘৰলৈ আহি বা ফোনেৰে মোৰ লগত যোগাযোগ ৰক্ষা কৰি আছিল।

 পৰিষদৰ গুৱাহাটী সন্মিলনৰ পাছত তেখেতে সাংগঠনিক কামত কিছু নিষ্ক্ৰিয় হৈ পৰে যদিও মোৰ লগত সঘন যোগাযোগ ৰক্ষা কৰি চলিছিল। পিছলৈ তেখেতে দক্ষিণ গুৱাহাটী শাখাৰ সদস্যপদ নৱীকৰণ কৰে আৰু শাখাৰ বৈঠকসমূহত নিয়মীয়াকৈ উপস্থিত থাকি আমাৰ গুৰিয়াল হৈ পৰে।

 আন এটা কাৰণতো তেখেত দক্ষিণ গুৱাহাটী শাখাৰ বাবে স্মৰণীয় হৈ ৰ’ব। নতুন সাহিত্য পৰিষদে ২০১৯ বৰ্ষত উমা শৰ্মা জন্ম শতবৰ্ষ অনুষ্ঠান পালন কৰে। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি দক্ষিণ গুৱাহাটী শাখাই সতীৰ্থ বিপুল খাটনিয়াৰৰ নেতৃত্বত বিজনলাল চৌধুৰী ৰচিত ‘জোনাকীৰ আলোড়ন’ গ্ৰন্থখন পুনৰ্মুদ্ৰন কৰে। গ্ৰন্থখনৰ বাবে অৰ্থ সংগ্ৰহৰপৰা প্ৰেছৰ সকলো কাম সতীৰ্থ বিপুল খাটনিয়াৰে সম্পাদন কৰিছিল। তাৰ বাবে তেখেতক দক্ষিণ গুৱাহাটী শাখাই সদায় স্মৰণ কৰিব। [ ২১০ ]

 তেখেতৰ অসুস্থতাৰ বাবে শেষ সময়ত শাখাৰ বৈঠকসমূহত নিয়মীয়াকৈ উপস্থিত হ’ব পৰা নাছিল যদিও ফোনযোগে যোগাযোগ ৰক্ষা কৰি শাখাৰ খা-খবৰ লৈ আছিল।

 তেখেতৰ মৃত্যুত নতুন সাহিত্য পৰিষদৰ দক্ষিণ গুৱাহাটী শাখাই এজন গুৰিয়াল হেৰুওৱাৰ বেদনা সদায় অনুভৱ কৰিব।❐

(লেখক ‘নতুন সাহিত্য পৰিষদ’ৰ সদস্য)

‘নতুন সাহিত্য পৰিষদ’ৰ এখন সভাত

[ ২১১ ]

মই লগ পোৱা বিপুল খাটনিয়াৰজন

চিত্তৰঞ্জন ডেকা

বিপুল খাটনিয়াৰৰ পুণ্যাত্মালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেখেতৰ সান্নিধ্যৰ বিষয়ে দুআষাৰ লিখিবলৈ গৈও থমকিব লগা অৱস্থাত পৰিছোঁ। তেখেত মোৰ জ্যেষ্ঠ ভ্ৰাতৃস্বৰূপ আছিল। মোৰ জীৱনৰ পথ পদৰ্শক আছিল। যাক কোৱা হয় এক টাৰ্নিং পইণ্ট। তেখেত ইমান সোনকালে আমাৰ মাজৰপৰা গুচি যাব বুলি কল্পনা কৰা নাছিলোঁ। মৃত্যু যেতিয়া এক চিৰন্তন সত্য গতিকে ইয়াৰ ব্যতিক্ৰম নহয়।

 এক কাকতালীয়ভাৱেই লগ পাইছিলোঁ বিপুল খাটনিয়াৰক। ১৯৮১ চনৰ ফেব্ৰুৱাৰী মাহৰ কোনোবা এটা দিনত বৰ্তমান ডিমাহাচাও জিলাৰ ১৮কিলো নামৰ ঠাইখনত। এই ঠাইখন পাহাৰৰ শিখৰত গৰমপানী উমৰাংচু-লংকা সংযোগী পথৰ দাঁতিত। তাতে অসম চৰকাৰৰ ভূতত্ত্ব আৰু খনি বিভাগৰ এটা জৰীপ আৰু ড্ৰিলিং কেম্প। সেই সময়ত অসমত তীব্ৰতৰ হৈ উঠিছিল তথাকথিত বিদেশী খেদা আন্দোলনটো। হঠাৎ হোৱা দেশপ্ৰেমিকসকলৰ অত্যাচাৰত যুক্তিসহকাৰে কথা কোৱাসকলৰ জীৱনলৈ নামি আহিছিল ঘনঘোৰ অমানিশা। মই ছাত্ৰাৱস্থাত ছাত্ৰ সন্মিলনৰ মজিয়াৰপৰাই জনগণৰ মৌলিক সমস্যাৰ ওপৰত মাত মাতি আহিছিলোঁ। বিশেষকৈ আমাৰ পশ্চিম নগাঁও অঞ্চল বৰ্তমান মৰিগাঁও জিলাৰ বিভিন্ন অঞ্চলত কাম কৰি ছাত্ৰ সন্মিলনৰ জিলা সম্পাদক মণ্ডলীৰ সদস্য হোৱাৰ লগতে ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ সদস্যপদ পাবলৈ সক্ষম হৈছিলোঁ। প্ৰয়াত মনোজ ডেকা আৰু বৰ্তমান ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ ৰাজ্যিক সম্পাদক মুনিন মহন্ত আছিল মাৰ্ক্সীয় দৰ্শনত দীক্ষা প্ৰদান কৰা আমাৰ নেতা। বাঁওপন্থী কৰ্মী হিচাপে জিলাখনত জনাজাত হৈ পৰিছিলোঁ। সেয়ে উগ্ৰ অসম প্ৰেমীসকলৰ চকুত পৰিছিলোঁ— গতিকে বদনৰ শাৰীত থৈ আমাৰ ওপৰলৈ আহিছিল ভয়, ভাবুকি তথা হত্যাৰ ষড়যন্ত্ৰ। গাঁও-ঘৰ এৰি এদিন লক্ষ্যহীন পথত খোজ পেলাই তেতিয়াৰ উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ [ ২১২ ] উমৰাংচুলৈ বুলি ৰাওনা হ’লোঁ। নীপকোৰ এজন চকুৰ চিনাকি লোক আছিল। তেওঁ ৰঙীয়া জয়ন্তীপুৰৰ শৰৎ শৰ্মা। থাকে ২৯কিলো নামৰ নীপকোৰ পথ বিভাগৰ এটা কেম্পত। তেখেতেই ৩দিন ৰাখি পথালে ১৮ কিলোৰ ভূতত্ত্ব খনি বিভাগৰ কেম্পৰ কৰ্মচাৰী বীৰেন শীল নামৰ লোকজনৰ ওচৰলৈ। সেই বীৰেন শীলেই লৈ গৈ কেম্পৰ তম্বুৰ ভিতৰত বিপুল খাটনিয়াৰক লগ কৰাই দিছিল। এমুখ দাঢ়িৰে গেঞ্জী আৰু পাইজামা পৰিধান কৰি বিছনাতে কিতাপ এখন পঢ়ি আছিল। বীৰেন শীল তেখেতৰ ব্যক্তিগত পিয়ন আৰু ৰান্ধনি। মোৰ পৰিচয় ল’লে— কিয় আহিলোঁ তাকো সুধিলে, মই অকপটে মোৰ সকলো কথা আদ্যোপান্ত বিৱৰি কোৱাত তিনিখন ফটো মোক দেখুৱালে, যদি চিনি পাইছোঁ তেন্তেনামকেইটা ক’বলৈ কোৱাত মই প্ৰথমেই কাৰ্লমাৰ্ক্স, ভি আই লেনিন আৰু ষ্টালিন বুলি কোৱাত তেখেতে পতিয়ন গৈ চাহ দিবৰ বাবে মোক বীৰেনৰ লগত তেওঁৰ তম্বুলৈ পথালে। বীৰেনে চাহ-বিস্কুট দি ক’লে— তেখেত জিয়’লজিষ্ট, নাম বিপুল খাটনিয়াৰ, ছাৰ বহুত ভাল মানুহ; কিন্তু লাহেকৈ ক’লে, চি পি এম কৰে। ইতিমধ্যে তাৰ প্ৰমাণ মই পাইছোঁৱে।

 সি যি নহওক পিছদিনাৰপৰা মই কামলৈ যাব লাগিব। মোৰ থকা-খোৱাৰ ব্যৱস্থা বীৰেন শীলে ড্ৰাইভাৰ প্ৰমোদ শৰ্মাৰ তম্বুৰ লগত কৰি দিলে। সন্ধিয়া খাটনিয়াৰ ছাৰে মোক মাটি নি মোৰ কাম কি হ’ব, কেইব্‌জাৰ পৰা ওলাব লাগিব ইত্যাদি বুজাই দিলে। মাহিলি দৰমহা হ’ব ৯০০ টকা। মোৰ মনটো তেতিয়া থৌকি-বাথৌ। পুৱা ৮ বজাত জীপত উঠি খাটনিয়াৰ ছাৰ আৰু কেম্প ইন-চাৰ্জ ৰঞ্জিত কাকতি ছাৰৰ লগত ওলালোঁ। বেগ এটা দিলে— তাত হাতুৰি, চেনি ইত্যাদি সঁজুলি। অটব্য হাবিৰ মাজেৰে গৈ এঠাইত জীপ ৰ’ল— তাৰপৰা খোজেৰে যাব লাগিব। কিছুদূৰ গৈ পানী নোহোৱা নিজৰা এটাৰ কিছুমান শিল ভাঙি সেই বেগটোত ভৰাই আনিলোঁ। আবেলি খাটনিয়াৰ ছাৰে কেম্পত থকা অস্থায়ী বিজ্ঞানাগাৰলৈলৈ গ'ল। ভাঙি অনা শিলৰ টুকুৰাবোৰ উৰালত খুন্দি চালনিৰে চালি পলিথিনত পেকেট কৰি থলোঁ। প্ৰায় গতানুগতিক কাম।

 খাটনিয়াৰ ছাৰ আছিল এজন অতি কৰ্তব্য পৰায়ণ, এগৰাকী চৰকাৰী বিষয়া। কঠোৰ পৰিশ্ৰমী, অবাবত সময় নষ্ট নকৰা, মিতব্যয়ী, অল্পভাষী আৰু অতি হৃদয়বান লোক। ১৯৮২ চনত কেম্পৰ পৰা আমি দুয়ো লগলাগি কাটি অনা খেৰ-বাঁহৰ দ্বাৰাই থাকিবৰ বাবে খেৰেৰে সৰু ঘৰ এটা সাজিছিলোঁ। বিশেষকৈ বাৰিষা ছমাহ ফিল্ডৰ কাম বন্ধ থাকে, গতিকে মোৰ কাম নাথাকে। সেয়ে হেঙেৰাবাৰীত পাহাৰৰ মাটি কাটি থওঁ আবেলি তেখেত অফিচৰ পৰা অহাৰ পিছত সাঙী লৈ দুয়ো মাটিবোৰ তলৰ ফালে পেলাওঁ। কেতিয়াবা ৰাতি ৯ বজালৈ কাম কৰোঁ। তেতিয়া দুটা জনতা [ ২১৩ ] স্তভ আছিল। পৰাপক্ষত এটাত চাউল আনটোত দাইল বহাই দি কামত ধৰোঁ। কোনোবা সাঁজ তেনেকৈয়ে পাৰ হয়। কেৱল ভাত দাইলেৰে। যিহেতু তেখেতৰ ঘৰটো পাহাৰৰ টিলাত— ঘৰ সজোৱা সামগ্ৰীবোৰ তলত পেলাই থৈ যায়—ইটা- বালি-শিল ইত্যাদি প্ৰায়খিনি আমি দুয়ো ওপৰলৈ আনিছিলোঁ। ৮৩ চনত তেখেত ধানবাদলৈ ট্ৰেইনিঙৰ বাবে যোৱাত ঘৰৰ দায়-দায়িত্ব মোক দি গৈছিল। সেই সময়ত নতুন সাহিত্য পৰিষদ গঠন হোৱা ২/১ বছৰ হৈছিলহে, খাটনিয়াৰ ছাৰ আছিল ৰাজ্যিক সম্পাদক— অসমৰ বিভিন্ন প্ৰান্তত পৰিষদৰ শাখা গঠন হৈছিল গতিকে সাংগঠনিক কামত অহা লোক একেদিনাই ৬/৭ জনমান হয় কেতিয়াবা। সেই সময়ত দোকান-বজাৰ কেৱল গণেশগুৰিতহে। সেয়েহে ভাতত আলু সিদ্ধৰে কেতিয়াবা বন্ধাকবিত পানী ঢালি খুৱাইছিল। সকলোকে চিনাকি কৰাই দিছিল তেখেতৰ ভাই বুলি। সেইদৰে মৰম চেনেহ কৰিছিল— তেখেতৰ মাটিৰ তলৰ অংশত মোক এটা ঘৰ সাজি দিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল। কিন্তু মই পোনচাটেই নাকচ কৰিছিলোঁ। মই যেতিয়া তেখেতৰ বিভাগ এৰি ১৯৮৪ চনৰ ২৫ মে’ত নতুন চাকৰিত মকৰল হৈছিলোঁ ভাৰাঘৰ লৈ অন্যলৈ যাম বুলি ভাবিয়ে হয়তো সেই প্ৰস্তাৱ দিছিল। মই মনে মনে এটা নতুন কথা আৱিষ্কাৰ কৰিছিলোঁ— জালুকবাৰীৰ কোনোবা ৰীণা ৰায়চৌধুৰীৰ লগত তেখেতৰ প্ৰণয় হৈছিল। যদি দুয়োৰে বিয়া-বাৰু হৈ যায় তেতিয়া মই ভাৰাঘৰৰ ব্যৱস্থা কৰিম।

 মোৰ মা অসুস্থ হৈ থকাত গুৱাহাটীলৈ আনি চিকিৎসা কৰি ঘৰত থবৰ বাবে এদিন দেওবাৰ এটাত ওলালোঁ। তেতিয়া মই ভাৰাঘৰত। গণেশগুৰিত মৰিগাঁৱলৈ বুলি বাছৰ অপেক্ষাত আছিলোঁ— হঠাৎ খাটনিয়াৰ ছাৰ আহি উপস্থিত। মই ঘৰলৈ যোৱাৰ কথা ক'লোঁ, তেখেতে ক’লে ময়ো মৰিগাঁৱলৈ যাম। মই ভাবিছিলোঁ, সাহিত্যৰ কিবা কামত যাব নিশ্চয়— মৰিগাঁৱত বাছৰ পৰা নামি আমাৰ ফালে যোৱা বাছত উঠিলোঁ। কোনো ভূমিকা নকৰাকৈ তেখেতো আমাৰ লগত উঠিল, নিৰ্দিষ্ট স্থানত আমি বাছৰ পৰা নামিলোঁ, লগে লগে তেখেতো নামিল। ক’লে—বলা, তোমালোকৰ ঘৰলৈকে আহিছোঁ। মই আচৰিত, খাটনিয়াৰৰ দৰে মানুহ এজন এনেকৈ আহিব লাগেনে? বোধকৰোঁ ৮৭ চনমানৰ কথা। মই শেষত অনুমান কৰিছোঁ গল্পকাৰসকলে গল্পৰ সমল এনেভাৱেই সংগ্ৰহ কৰে। যিকোনো গল্পপুথি বা কেছেট উন্মোচনৰ সময়ত মোলৈ খবৰটো পঠাবই। একেলগে থকা কালছোৱাত কিবা ব্যতিক্ৰম হলে গালি পাৰিবই। তেতিয়া বিপুল দেৱশৰ্মা, বিমল শৰ্মা, মই, তেখেতৰ কনিষ্ঠ ভাতৃ উজ্জ্বল আৰু মাহীয়েকৰ ছোৱালী ৰানুসহ এটা ডাঙৰ মেচ। বিপুল দেৱ শৰ্মা তেখেতৰ বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ ৰূমসহপাঠী। [ ২১৪ ]

 খাটনিয়াৰ ছাৰে উচ্চস্বৰত কোনোদিনেই কথা নকৈছিল। খুউব পৰিপাটি জীৱন যাপন কৰিছিল। আমাক কৈছিল— যি কামেই নকৰা, সেয়া থকা, খোৱা, কথাবাৰ্তা, চাল-চলন আদি সকলোতে এটা আৰ্ট আছে। কেম্পত থাকোঁতে কামলৈ ওলাই যাওঁতে পাহাৰৰ টিলাত কিছু দূৰে দূৰে কাৰ্বি-ডিমাছা বা চাকমা সম্প্ৰদায়ৰ ঘৰত মানে চাংঘৰত সোমাই চাউল-দাইল দি আবেলি জৰীপৰ কামৰ পৰা ঘূৰি আহোঁতে সিজোৱা কচু, শিমলু আলুৰে ভাত খোৱাও হৈছিল। চুট’-লামফেৰ নামৰ এখন ঠাইত এঘৰ মানুহ পাইছিলোঁ— বুঢ়া-বুঢ়ী আৰু তিনিজনী জীয়েক— জানুৱাৰী মাহ, ভীষণ জাৰ। গৰম কাপোৰ তেনেকৈ নাছিল। খাটনিয়াৰ ছাৰে বিভিন্ন কথা সুধিলে কিন্তু তিনিওজনীয়ে কোনো উত্তৰ নিদিয়ে। সুন্দৰ ডিমাছা গাভৰু। অৱশেষত মাকে দেউতাকে আচল ৰহস্যটো বুজাই দিলে। তিনিওজনীয়ে বোবা আছিল। কথা ক’ব নোৱাৰে। তেতিয়া বৰ বেয়া লাগিছিল। এদিন জীপখন লৈ গৰমপানী বজাৰৰপৰা কিছু খোৱাবস্তু, গৰম কাপোৰ আদি লৈ দুয়ো গৈ দি থৈ আহিছিলোঁ। বাটত কেতিয়াবা কণ কণ পাহাৰীয়া ল’ৰা-ছোৱালী লগ পাওঁ—নাকৰ দুইটা বিন্ধাৰে বেলুন ওলাই থাকে— কেতিয়াবা পকেটত নিয়া চকলেট দি মৰম কৰে। সাজ-পোছাক পৰিধানতো তেখেতৰ কোনো চখ নাছিল। যি কোনো দামী কপোৰ নিজেও নিপিন্ধিছিল পাৰিলে আনকো মানা কৰিছিল। মোক এদিন কৈছিল গাঁৱলৈ গ'লে ভাল জোতা বা ভাল কাপোৰ পিন্ধি গ’লে নিজকে অপৰাধী অপৰাধী যেনহে লাগে। নীতি-শিক্ষাৰে আমাক কৈছিল— আনক মৰম দিবা, নিজেও মৰম পাবা; আনক শ্ৰদ্ধা কৰিবা, আনেও তোমাক শ্ৰদ্ধা কৰিব। কামৰ কোনো সৰুবৰ নাই— যি কৰা নিষ্ঠাৰে কৰিবা, আনৰ পৰা প্ৰশংসা লাভ কৰিবা।

 খাটনিয়াৰ ছাৰ যে দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈছিল শুনিহে আছিলোঁ, এদিন এখন সভাত তেখেতৰ ভগ্ন স্বাস্থ্য দেখি মই বৰ মৰ্মাহত হৈছিলোঁ। ২০২১ চনৰ ৪ জুলাইৰ সেই সন্ধিয়া নুশুনিবলগীয়া বাতৰিটো পালোঁ— বিপুল খাটনিয়াৰ আৰু নাই। ক’ভিড পৰিস্থিতিৰ বাবে শেষ বাৰৰ বাবে হলেও তেখেতৰ মুখখন দেখা নাপালোঁ। কেৱল অনুভৱ কৰিছিলোঁ— মই সঁচাকৈ জ্যেষ্ঠ ভ্ৰাতৃজনক হেৰুৱালোঁ আজি। বাৰে বাৰে কাণত বাজিছিল, ‘চিত্ত মই আৰু বেছিদিন হয়তো নাথাকিম।' বিপুল খাটনিয়াৰৰ পুণ্যাত্মাই চিৰ শান্তিৰে পৰলোকত থাকক, এয়ে কনিষ্ঠ ভাতৃ হিচাপে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা।❐❐

(লেখক ‘নতুন সাহিত্য পৰিষদ’ৰ সদস্য) [ ২১৫ ]

যি ঋণ কেতিয়াও শুজা নাযাব

বীথিকা হাজৰিকা

‘মই মৰিলে কান্দিবলৈ তুমি হে আছা।’

 —ধেমালিতে প্ৰায়েই মোক কৈছিল।

 — বৌৱেও কয়, ‘যিবোৰ কথাহে লিখা, মানুহৰ মুখলৈ চাবলৈ নাই, সঁচা হ’ল বুলি মুখৰ আগতে যেনেকৈহে কোৱা, এনেকৈ লিখিব, ক’ব লাগেনে বাৰু? কোনে ভাল পাব কোৱাচোন বীথিকা।’ তথাপি বিপুলদাক মানুহে ভাল পায়। ভিতৰে বাহিৰে একে৷ যি কয় মুখৰ আগতে কয়। লুক-ঢাক নাই। কোনোবাই নসহে। বহুতে ভাললৈ বুলি গ্ৰহণ কৰে। এবাৰ মোক তেখেতৰ ঘৰলৈ অহা মানুহ এজনৰ সন্মুখলৈ মতাই আনি চিনাকি কৰাই দিছিল এনেদৰে, ‘চাওক চোন চাওক, এইক চালাক যেন লাগে নে বেঙী যেন? এইৰ গেট আপটোহে তেনেকুৱা কিন্তু, ইমান বেঙী বুলি নাভাবিব!’ মই যিমান অপ্ৰস্তুত হৈছিলোঁ মানুহজন তাতোকৈ বেছি অপ্ৰস্তুত হৈছিল। বিপুল দা তেনেকুৱাই। কেতিয়াবা বৰ খং উঠাই দিয়ে। কিন্তু বেয়া পাই থাকিব নোৱাৰি, মানুহৰ প্ৰতি ভালপোৱাৰ সোঁত এটা মানুহজনৰ মাজত অহৰহ যে বৈ থাকে জনাই জানে।

 ‘নতুন সাহিত্য পৰিষদ’ আৰু ‘ভূমি’-ৰ জৰিয়তে তেখেতৰ সৈতে ব্যক্তিগত সম্পৰ্ক গঢ়ি উঠিছিল। একেবাৰে ঘৰৰে সদস্য যেন হৈ পৰিবলৈ সৰহ সময় নালাগিল। নতুন সাহিত্য পৰিষদৰ বিহালী শাখাই (এতিয়া সেই শাখা নাই) বিহালী কলেজত আয়োজন কৰা গল্প লিখাৰ কৰ্মশালা এখনলৈ বিপুলদা এবাৰ আহিছিল। বৰ সুন্দৰকৈ হোৱা অনুস্থানটিত উপস্থিত থকাসকলৰ বহুতে তেখেতৰ কথা এতিয়াও সোধে। দূৰত্ব অনুভৱ কৰিবলৈ নিদি মানুহক ওচৰ চপাইল’ব পৰা ব্যক্তিত্ব আছিল তেখেতৰ। কৰ্মশালা হৈ যোৱাৰ পাছদিনা আমাৰ ঘৰৰ সদস্য হেন বাসনা দিদিৰ ঘৰলৈ লৈ গৈছিলোঁ।আমাৰ মাৰ বয়সৰ বাসনা দিদিৰ এগৰাকী জীয়েক ডি ভোটাৰ হিচাপে [ ২১৬ ] অশেষ হাৰাশাস্তিৰ সন্মুখীন হৈছিল আৰু এটা গল্পৰ জন্ম হৈছিল বিপুলদাৰ কাপেৰে। দুদিন থাকি জিনজিয়া অঞ্চলটো ফুৰাৰ কথা আছিল। পিছে নোৱাৰিলে, পাছদিনাৰ পৰা দুদিনীয়াকৈ অসম বন্ধ আছে বুলি গম পাই উভতি যাব লগা হৈছিল। জিনজিয়া অঞ্চলৰ প্ৰাক্তন চাহ-জনজাতিসকলৰ প্ৰায়বোৰ মানুহেই কেনেকৈ নিজৰ মাটিতে ধনী আলু খেতিয়কৰ বনুৱা হ’বলৈ বাধ্য হৈছিল, সেয়া নিজ চকুৰে চোৱা নহ’ল। গল্পৰ প্লট বিচাৰি ক’লৈ যে যোৱা নাই! তাৰ বাবে বিষম পৰিস্থিতিতো পৰিছে কেতিয়াবা। কেৱল গল্পৰ প্লট বিচাৰিয়েই যে ঘূৰি ফুৰিছিল তেনে নহয়, ঘূৰি ফুৰি আনন্দ পাইছিল। আনন্দ বিলাইছিল।

 গল্পত নাৰী চৰিত্ৰৰ কথা ওলাওঁতে এবাৰ কৈছিল যে মাইকী মানুহে মতা মানুহৰ চৰিত্ৰ অংকণ কৰিবলৈ গ’লে জাষ্টিচ কৰিব পাৰে, কিন্তু মতা মানুহে নোৱাৰে। পুৰুষতন্ত্ৰ নামৰ বস্তুটোৱে বাধা দিয়ে। সেয়ে লিখিব নিবিচাৰে। কেতিয়াবা লিখিলেও খুউব সাৱধানে লিখে। কাৰণ তেখেতৰ মাজতোতো আছে। নাইবুলি হেনো ফিতাহি মাৰিবহে পাৰি। তেখেত নিজৰো কঠোৰ সমালোচক। কয়, ‘মই হ’লে চিধা মানুহ নহয়, জটিল আৰু চতুৰ দেই, সেয়ে মানুহ চিনি পোৱাত বৰ বেছি ভুল নহয়।’

 সামাজিক কাম-কাজৰ মাজেদিয়েই আমাৰ দৰে বহু সৰু সৰু মানুহৰ সৈতে ব্যক্তিগত সম্পৰ্ক গঢ়ি তুলিছিল আৰু নিজৰ অমূল্য সময় কেনেকৈ যে নিঃসংকোচে দিছিল, ভাবিলে আচৰিত লাগে। এগৰাকী ভূতত্ত্ববিদ, সাহিত্যিক, ব্যস্ত সাহিত্য সংগঠক হৈয়ো মানুহক বিলাবলৈ সময় উলিয়াই আনন্দ পাইছিল। প্ৰকৃততে সেয়া তেখেতে কৰ্তব্যসমূহৰ ভিতৰত ধৰিছিল। কেতিয়াবা ক'ৰবাত পঢ়িছিলোঁ নে শুনিছিলোঁ মনত নাই, কথাটো এনে ধৰণৰ — ডাঙৰ মানুহ দুবিধ থাকে, প্ৰথমবিধৰ সংগত কোনোৱে সমাজে আৰোপ কৰা তুচ্চতাক দলিয়াই পেলাবলৈ সাহ কৰিব পাৰে। আন এবিধ আছে যাৰ সন্মুখত থাকি নিজকে তুচ্চ অনুভৱ কৰা যায। বিপুলদা প্ৰথম বিধৰ বুলি অনুভৱ হয়। সংগঠনৰ কামৰ মাজেৰে চিনাকি হোৱা মানুহবোৰৰ বহুতে চিকিৎসাকে আদি কৰি ব্যক্তিগত অন্যান্য কামতো তেখেতৰ ঘৰৰ আলহী হোৱা আমি নিজ চকুৰে দেখিছোঁ। আমিও তেনে এগৰাকী পাতকী। কিমানক যে কিমান ধৰণেৰে সহায় কৰি থৈছে তাৰ হিচাপ নাই। নিজৰ সৃষ্টিশীল কামত বাধা পৰিব বুলি জানিও কিমানক যে কিতাপ আৰু আলোচনীৰ প্ৰুফ চাই দিছে! আমাৰ দ্বাৰা সম্পাদিত দুখন স্মৃতিগ্ৰন্থৰ কামৰ বাবে তেখেতৰ ঘৰত থাকোঁতেও প্ৰুফ চাই দিছিল নোকোৱাকৈয়ে।

 আমি ওচৰৰপৰা এইবোৰ দেখি থাকোঁ কাৰণে, আমনি নিদিওঁ বুলি এবাৰ নজনোৱাকৈয়ে গুৱাহাটীৰ হোটেলত থাকি কাম কৰি উভতি আহিছিলোঁ। পাছত [ ২১৭ ] গম পোৱাত গালি খাইছিলোঁ।

 নিতান্তই ব্যক্তিগত যদিও এটা কথা নক’লে দোষে চুব। মোৰ প্ৰথম সন্তানটো ষ্টিল বাৰ্থ হৈছিল। সাতদিন মৰা কেঁচুৱাটো পেটতে থাকিল, গমেই নাপালোঁ। কেনেবাকৈহে নমৰাকৈ থাকিলোঁ। প্ৰিয় বান্ধৱী গুৱাহাটীৰপৰা দৌৰি আহিছিল, পৰিয়ালৰ মানুহ আৰু আন বহুতৰে সহযোগত বিশ্বনাথ চাৰিআলি আৰু তেজপুৰৰ হস্পিতালে হস্পিতালে ঘূৰি ফুৰিলোঁ। ৰীণা বৌ আৰু বিপুলদাৰ ফোনৰ উপৰি ফোন, গুৱাহাটীলৈ আহিব লাগে। অৱশেষত গুৱাহাটীলৈ গ’লোঁ। মৰণকাতৰ যন্ত্ৰণাৰ পাছত মৰা কেঁচুৱা এটাৰ জন্ম হ’ল। ময়ো বাচিলোঁ। বান্ধৱীৰ ৰূমত থাকি অৱশেষত জীউটো লৈ ঘৰ পালোঁহি।

 বিপুলদাই সকীয়াই দিলে,জীৱনটোতকৈ সন্তান ডাঙৰ নহয়। সকলোৱে তাকে মানি ল’লে। মই হে নামানিলোঁ। সেয়ে আকৌ যেতিয়া সন্তানসম্ভৱা হ'লোঁ, বিপুলদাক খবৰ দিবলৈ আমি দুয়োটাই সাহ কৰা নাছিলোঁ। পাছত গম পাই বিপুলদাই খং কৰিছিল যদিও ক’ৰোবাৰ পৰা বিচাৰি খোচাৰি আনি ‘সূতিকা পটল’ খন ফটোকপি কৰি পঠাইছিল। লাজো লাগিছিল। বৌৱে ফোন কৰি কৰি খবৰ লৈ আছিল। বিপুলদাৰ নিৰ্দেশ আৰু ডাক্তৰৰ পৰামৰ্শমৰ্মে ডেটৰ দুমাহৰ আগতেই গুৱাহাটীত থাকিবলৈ গৈছিলোঁ। বিপুলদাৰ আদেশ তেখেতৰ তাতে থাকিব লাগিব। ঘৰ ৰেডী কৰি থৈছে। আমাক কৈছিল যে ঘৰৰপৰা একো কঢ়িয়াব নালাগে আনকি চেণ্ডেলো। গৈ পালেই অলকৰ সৈতে বজাৰলৈ গৈ সকলো কিনি আনিব। মই নিজক চম্ভালি যাব লাগে মাত্ৰ। তেখেতৰ কথামতে কাম। গৈ পাই দেখিলোঁ দুটা ৰূমৰ সৈতে এটা পাকঘৰ। বিচনা-পত্ৰ সকলো ৰেডী। দুৱাৰৰ বাহিৰত চেণ্ডেল পৰ্যন্ত! আৰু পাকঘৰ? টেমাবোৰ থৰে থৰে সজাই থোৱা আছে! চাউল, নিমখ, চেনি, ডালি, চাহপাত! কি নাই! পোন্ধৰদিনমান একো কিনিব নালাগে। বাচন-পত্ৰ সকলো ৰেডী। মোৰ আকৌ সন্দেহ হ’ল, ভাৰাতীয়া কোনোবা আছে চাগে ঘৰলৈ গৈছে, মোক তাতে থাকিবলৈ দিছে। পাছত বৌৰ পৰা গম পালোঁ আমি যাম বুলি দুদিন ধৰি ঘৰটো সজাইছে পৰাইছে! হাস্পতাললৈ অহা যোৱা কৰিবলৈ গাড়ীখন ৰেডী কৰি ৰাখে পুৱাই ধুই- পখালি। নিজে অনা নিয়া কৰে। মই সেইবোৰ সময়ত অপৰাধবোধত ভোগোঁ। মোৰ বাবে কষ্ট খাব লগা হৈছে বিপুলদাই! অলকেও মনে মনে কেতিয়াবা কেব মতাই আনে। গম পালে গালি পাৰে।

 তাত থাকোতেই কালবুৰ্গী হত্যাক লৈ দেশ তোলপাৰ হৈছিল। ব্ৰাহ্মণ্যবাদ আৰু বচন সম্পৰ্কে প্ৰবন্ধ এটা লিখিবলৈ মই বাধ্য হৈছিলোঁ।

 মোহনকৃষ্ণ মিশ্ৰৰ কিতাপখনৰ পাতনিটো লিখি থাকোঁতে ময়ো আছিলোঁ [ ২১৮ ] তাতে। মোক কৈছিল ‘কবিতা লিখা মানুহ নহয় তুমি, চোৱাচোন পাতনিটো কবিতাপুথিৰ পাতনি যেন হৈছেগৈনে?’ পঢ়ি চাই ধেমালিতে কৈছিলোঁ, ‘সৰিয়হ আৰু দোৰোণৰ গোন্ধে মলমলাই আছে বিপুল দা, ৰঙা-বগা-হালধীয়াৰ কম্বিনেশ্বনটো ভাল পাইছোঁ!’ যিমানদূৰ মনত পৰে, বাকী আমি পতা কথাখিনি এনে ধৰণৰ আছিল যে কিতাপৰ এনে পাতনিয়ে সৃষ্টি আৰু স্ৰষ্টাক একেলগে তুলি ধৰে। কেতিয়াবা দেখা যায় কাৰোবাৰ লেখা পঢ়ি আমি বিভিন্ন ধৰণে সমৃদ্ধ হৈ আছোঁ, কিন্তু স্ৰষ্টাৰ সমাজ-ৰাজনৈতিক স্থিতিৰ লগতে জীৱনচৰ্যাই হতাশ কৰে। তেনে ক্ষেত্ৰত সততে কৈ থকা স্ৰষ্টাৰ জীৱনৰ প্ৰতি শুভবোধ (?)-ৰ কথাটোৱে মুখ থেকেচা খায়। কেতিয়াবা দেখা যায় সৃষ্টিতকৈও স্ৰষ্টাৰ জীৱন বহু বেছি গুণে শিল্প। ইয়াত শুভবোধে মুখথেকেচা খাব লগা কথাটো নাহে। ৰূপান্তৰৰ সপোন দেখা মানুহখিনি নাইবা সাধাৰণ পাঠকৰ বাবেও এয়া খুউব জৰুৰী কথা। ‘শিল্পৰ বাবে শিল্প’ ধাৰণাটোত অৱশ্য এই কথাবোৰ নাহে। সেইখিনি আলোচনা কৰিব পৰাকৈ সাহটো বিপুলদাৰপৰাই পাইছিলোঁ। সাহিত্যৰ প্ৰতি বিপুলদাৰ দৃষ্টিভংগীও পাতনিটোৰ মাজেৰে ওলাই আহিছিল। এনে পাতনি খুউব কমেই ওলাব হয়তো।

 ভালে ভালে সময়তকৈ আগত ছোৱালীজনীৰ জন্ম হ’ল। তিনিদিনৰ পাছতে হাস্পতালৰপৰা বিপুলদাৰ ঘৰত উঠিলোঁহি। খবৰ পোৱা সকলোৱে খবৰ ল’বলৈ আহিছে!

 ‘দেখিছানে তাইক সবেই কেনেকৈ ভাল পায়! ফোনৰ উপৰি ফোন। চবকে কেনেকৈ দৌৰাই দিছে। খবৰ লোৱা মানুহৰ অভাৱ নাই। ভাবিছিলোঁ আমিহে মৰম কৰোঁ। এতিয়া দেখিলাতো, হিংসা কৰি লাভ নাই বুজিলা!’ অলকক জোকায়। অলকে ফটো তুলি ভাল পায়। মূৰত গামোচা এখন সকলো সময়তে মাৰি থোৱা দেখি অলকে সোধোঁতে মোক গোচৰ দিছিল, ‘দেখিছানে, বদমাছটোক মোৰ টপা মূৰটোৰ ফটো তুলিবলৈ লাগে, নিদিওঁ নহয়।' কিন্তু অলকে পঢ়া টেবুলতে এখন ফটো তুলিহে এৰিছিল।

 ইয়াতে শেষ নহয়৷ ঋণৰ বোজাটো ক্ৰমে বাঢ়ি গৈ থাকিল। চৌদ্ধ দিনৰ দিনা সাধাৰণ চেক আপ কৰাই ঘৰলৈ ঘূৰি অহাৰ কথা। ছোৱালীজনী দেখোন খিণাই আহিছে! ডাক্তৰলৈ ফোন কৰিলে কয়, চৈদ্ধদিনলৈকে ওজন অলপ কমেই! চৈদ্ধদিনৰ দিনা কেঁচুৱাটো লৈ যেতিয়া চেক আপত গ’লো, ডাক্তৰে জুখি লৈ চিঞৰি দিলে! ‘কি হ’ল এয়া, এক কেজি ওজন কমি গ’ল!’ মানে ১ কেজি ৫০০গ্ৰাম হ’লহি ওজন! কেঁচুৱাটোৰ পেটলৈ হেনো গাখীৰেই যোৱা নাই! তৎক্ষণাৎ বেবী ইনটেনচিভ [ ২১৯ ] কেয়াৰত ভৰ্তি কৰালে। দিনটো থাকি ৰাতি উভতি যাব লাগে ৰূমলৈ। কমেও এসপ্তাহ অহা-যোৱা কৰিব লাগিব তেনেদৰে। বটলৰ গাখীৰত তাই দিনে ৫০ গ্ৰামকৈ ওজন ঘূৰাই পালে। তেনেদৰে দুদিন অহা-যোৱা কৰিছোঁহে, ৰাতি কাকো আমনি নিদিওঁ বুলি বাহিৰলৈ অকলে যাওঁতে পৰি গৈ মোৰ দুইখন ভৰি ভাগি থাকিল! চিঞৰত সকলো গোট খালে। তাৰ পাছত মোৰ দুভৰিত বেণ্ডেজ!

 সৰু ভণ্টি কেঁচুৱা লৈ হাস্পতাললৈ যায় লগত অলক। মই ৰূমত বিচনাত পৰি থাকোঁ। বিপুলদাই মাজে মাজে মাত লগায়হি! মোক হঁহুৱাবলৈ চেষ্টা কৰে! ‘আমাৰ জিৰাফটোৰ দুইটা ঠেং ভাঙিল!’ কি যে এক অপৰাধবোধে মোক খেদি ফুৰিবলৈ ল’লে! বিপুলদা আৰু বৌক কেতিয়াও বিৰক্ত হোৱা নেদেখিলোঁ। মূৰতে গামোচাখন মাৰি পূৱা ৫ মান বজাৰপৰা কামত লাগে। হেঁতা লৈ পাকঘৰত ৰন্ধা- বঢ়া কৰাৰপৰা আৰম্ভ কৰি খন্তি লৈ ফুল আৰু পাচলিৰ গুৰি খোচৰালৈকে। বৌৱে কেতিয়াবা কয়, ‘এই মানুহটোৰপৰা নিজৰ মতে খাবলৈও নাপাওঁ জানানে, ৰাতিপুৱাই উঠি লৈ পাকঘৰটোত খটখটাই থাকিব।’ বিপুল দাই শুনে আৰু মিচিকিয়াই থাকে। সন্মুখত কেতিয়াও কাকো প্ৰশংসা নকৰে। বৌ আঁতৰি গ’লে কয় যে এটা সময়ত হেনো বহুত কষ্ট কৰিলে বৌৱে, তেখেতে সাংগঠনিক কামৰ চাপত সময় দিব নোৱাৰা সংসাৰখন নিয়াৰিকৈ চলালে সকলোৰে মন যোগাই। ৬.৩০ মান বজাত মই আমাৰ পাকঘৰৰ খিৰিকীৰে আগবঢ়াই দিয়া গ্ৰীণ টি একাপ খাই লয়। ৭ মান বজাত ৰৌদ্ৰোজ্জ্বল বাৰান্দাখনৰ কমলাৰঙী নীলকমলৰ টেবুলখন জলপানেৰে সজাই অলকক চিঞৰে, ‘অ’, বাঙালী বাবু এসো!’ ম‍ই বাকী একো নাখাওঁ যদিও কলটো খাবলৈ আহোঁ আৰু মেলখনত ভাগ লোৱাৰপৰা নিজক কেতিয়াও বঞ্চিত নকৰোঁ। কল ভাল পাওঁ কাৰণেই এবাৰ মই যাম বুলি জানি ঘৰৰ পকা কল কেইটামান গেলি নোযোৱাকৈ ৰাখিবলৈ কি যে কৰা নাছিল! ফ্ৰীজত যিহেতু কল ৰাখিলে ক’লা পৰি যায়, কাগজেৰে মেৰিয়াই মেৰিয়াই ঠাণ্ডা মজিয়াত ৰাখি থৈছিল। মই যোৱাৰ অলপ পাছতে কলকেইটাৰ বেণ্ডেজ খুলি মোক খাবলৈ দিছিল। বৌৱে ভাত বাঢ়ে, সেইকণ সময়তে নোহোৱা হয় মানুহটো। মাছৰ বাকচত কৰা বিলাহী, লাই, পালেঙৰ লগতে আন কিছুমান শাক-পাত আনি ভোট জলকীয়াৰে সৈতে থিতাতে অপূৰ্ব সোৱাদৰ অকণমান চাটনি কৰি সকলোৰে পাতত দিয়ে, যি কণ চাটনি আৰু অকণমান খোৱাৰ হেঁপাহটো সদায়ে থাকি যায়।

 তাত থাকোঁতেই আজৰি পৰত এদিন অলকে বিপুলদাৰ ফুলনিখনত থকা ৰঙ্গন ফুল এজোপা ভাল হওক বুলিয়ে ডিপ প্ৰুণিং কৰি দিছিল। কৰোবাৰপৰা আহি [ ২২০ ] দেখি লৈ বিপুলদাৰ যিটোহে খং উঠিছিল! কি কি কৈছিল মনত নাই। অলকে কৈছিল, ‘বিপুলদা খং নকৰিব। অহাবাৰলৈ খুউব ধুনীয়া ফুল ফুলিব। অৱশ্যে মই আপোনাক সুধিহে কাটিব লাগিছিল।' আমি গুচি অহাৰ দুমাহমান পাছত ফুলজোপাত বহুত কলি আহিছে বুলি ফোন কৰি মোক জনাইছিল। লগতে কৈছিল, ‘বাঙালী বাবুক ক’বা কথাটো।' প্ৰায়ে গাটো ভাল নহয় বুলি ফোনত কয়, কিন্তু অলকে ফুৰিবলৈ যোৱাৰ কথা ক’লে লগতে ওলায়৷ বৌৱে ভালে থাকক বুলিয়ে ফুৰাত হকা- বাধা কৰে, কিন্তু ক’ত মানে ! বাইকেৰে টাৱাঙো পাইছিলগৈ ! অলকে কোৱা মতে গোটেই যাত্রাকালত শুই থকা সময়খিনিৰ বাদে বাকী সময়খিনিত অনর্গল কথা কৈ গৈছিল। ধেমেলীয়া কথাবোৰৰ বাদে বাকী প্ৰতিটো কথাই আছিল তথ্যসমৃদ্ধ। অলকে কোৱা মতে বাটত যি বস্তুতে চকু পৰিছিল সেই বস্তুটোৰ প্ৰসংগেৰে এনেবোৰ কথাৰ পাতনি মেলিছিল যাৰ যোগেদি ওলাই আহিছিল কোনো ঠাই বা জনগোষ্ঠীৰ ইতিহাস, সমাজ- ৰাজনৈতিক পটভূমিৰ তথ্যসমৃদ্ধ কাহিনী। সাধাৰণতে দেখিছিলোঁ কোনো নতুন মানুহৰ সৈতে কথা হ’লেও, কথাৰ লাচতে তৎক্ষণাৎ আপোন কৰি লৈছিল আৰু মানুহজনৰ মাজেৰে আপোনা-আপুনি খোলখাই খাই গৈছিল তেওঁ বসবাস কৰা ঠাইখনৰ সমাজ-ৰাজনৈতিক পটভূমিৰ অলেখ কাহিনী। সেইবোৰ স্মৃতিৰ পেৰাত ভৰাই ৰাখিছিল আৰু সময়ত লিৰিকি-বিদাৰি জুকিয়াই চাইছিল। গল্পবোৰৰ হয়তো তেনেদৰেই সৃষ্টি হৈছিল। অধ্যয়ন পিপাসু মানুহজনে সকলো কথাকে সমাজ- ৰাজনৈতিক দৃষ্টিভংগীৰে চাব জানিছিল। বহুতে নভবা কথা কিছুমান বিপুলদাই ভাবিছিল বা কৈছিল। মই প্ৰায়ে সেই কথাবোৰ কেতিয়াকৈ লিখিব বুলি সোধোঁ। এবাৰ কৈছিল যে প্রবন্ধ এলানি লিখিবলৈ মন আছে, পিছে জীৱনৰ বহু সময় এনেয়ে গুচি গ'ল, এতিয়া দেহাই নাটানে। ছোৱালীজনীক আবি বুলি মাতিবলৈ বিপুলদায়ে আৰম্ভ কৰিছিল। তাইলৈ মাজে মাজে ভিডিঅ’ কল কৰে। গুচি যোৱাৰ দুমাহৰ আগতেও ভিডিঅ’ কল কৰি কথা পাতিছিল। বিপুলদা আৰু বৌৱে তাইৰ ভিডিঅ’বোৰ চাই ভাল পায় বাবে মাজে মাজে পঠাওঁ৷ মাজতে দুটামান ভিডিঅ’ আনচিন হৈ থকা দেখি সন্দেহ কৰি ফোন কৰিলোঁ। ফোন নুঠালে। বৌৱেও নুঠায় ফোন। এদিন দেখিলোঁ কল আহিছে বিপুলদাৰ। বৰ আগ্ৰহেৰে উঠালোঁ। ক’লে, ‘আনলৈহে লগাইছিলোঁ, তোমাৰ তাত লাগিলগৈ।’ নাপাতিলে কোনো কথা ৷ মই ভাবিলোঁ বিপুলদাৰ হ’ল কি! কি কথাত বা বেয়া পালে! আধা ঘণ্টামানৰ পাছত আকৌ ফোন আহিল। ক’লে, ‘তোমাক ফোন নকৰোঁ বুলিয়েই ভাবি আছিলোঁ! ভুলতে লাগিলগৈ বাবেহে কৰিলোঁ!’ ২২০ ॥ খোজৰ শব্দ [ ২২১ ]

 মই ক’লোঁ, ‘মই নো কি দোষ লগালোঁ বিপুল দা?’

 ক’লে, ‘বেয়া খবৰবোৰ তোমাক নিদিওঁ বুলিয়ে ফোন কৰা নাই! মই কীমো লৈ আছোঁ।”

 মই শুধিলোঁ, ‘কীমো? কিয় লৈছে?’

 ‘কীমো কিয় লয়?’ ওলোটাই মোক প্ৰশ্ন কৰিলে!

 ‘মোৰ মুখৰ মাত হৰিল!’ ইমান সহজতে ক’লে। মাতত কোনো জড়তা নাই! মোৰ অৱস্থা দেখি তেখেতে বেছি কথা নাপাতিলে। ফোনটো থ’লে। মনটোৱে নামানিলে। বিৰিঞ্চিলৈ ফোন লগালোঁ। সি ক’লে সঁচা!

 পাছদিনা বৌক আকৌ ফোন কৰিলোঁ। বৌৱে ক'লে, ‘মাজতে তোমাৰ সৈতে কথা পাতি থকা গম পাইছিলোঁ, মই ভাবিলোঁ তোমাক নোকোৱাকৈ থাকিব নে!’ বৌৱে ছমাহ চিকিৎসা কৰালে ভাল হ’ব বুলি কৈছিল। বিপুলদায়ো বৌৰপৰা ফোনটো কাঢ়ি নিয়াদি নি কথা পাতিলে, ক’লে লিখা-মেলা কৰি আছে যদিও অলপতে ভাগৰ লাগে, পঢ়াত মন বহাব পৰা নাই। বহুত কিতাপ নপঢ়াকৈয়ে থাকি গ'ল হেনো! কিবা নতুন কিতাপ পঢ়িলে তাৰ জ্ঞানৰ এভাগ আমাকো দিবলৈ নাপাহৰে ৷ অনৰ্গল কথা কৈ থকাৰ মাজতে কেতিয়াবা মই অন্যমনস্ক হোৱা যেন পালে কয়,‘এই যে বকি আছোঁ, মোৰো মনত ৰখা হয়। কেতিয়াবা তোমাৰো কামত আহিব!’ তাৰ পাছত দুই এটা ধেমেলীয়া কথা কৈ ফোনটো কাটি দিয়ে।

 সন্ধিয়া পাঁচটা বাজি দুই মিনিটত হঠাৎ বিপুলদাৰ নামটো স্ক্ৰীণত জিলিকি বাজিল। ময়ো উলাহেৰে মাত লগালোঁ, ‘বিপুলদা!’

 ‘মই বৌ হে! বিপুলদাক ভেণ্টিলেচনত ৰাখিছে, ডাক্তৰে নৌ হোপ বুলি কৈছে!’

 বৌৱে ফোনটো থৈ দিলে আৰু একো শুধিবলৈ নাপালোঁ। বিৰিঞ্চিৰ ফোন বাজিল অলপ পাছত, ‘বাইদেউ বিপুল দা গ’ল!’

 এনেই কাৰো অভিভাৱকত্ব ভাল নালাগে। কিন্তু অনুভৱ হৈছে সাহ এটা যেন নোহোৱা হৈ গ’ল। বিপুলদা, মানুহক ইমানো ঋণী কৰি যাব নাপায়! কিন্তু কেৱল ময়েই নে! বিপুলদাৰ ওচৰত বিভিন্ন ধৰণে ধৰুৱা হৈ থকা মানুহ অসমৰ চুকে কোণে, গাঁৱে-ভূঞে কিমান যে ওলাব ঠিক নাই।

 তেখেতৰ কোনো গল্পৰ বিষয়ে কেতিয়াবা শুধিলে গল্পটোৰ সৃষ্টিৰ আঁৰৰ কথাবোৰ কৈ যায়। ক্ষেত্ৰ অধ্যয়নৰ বাবেও কেনেধৰণৰ পূৰ্বজ্ঞান আৰু সংবেদনশীলতাৰ প্ৰয়োজন সেই কথা বিপুলদাৰ কথাবোৰ শুনিয়েই গম পাইছিলোঁ। [ ২২২ ] গল্পবোৰেও দি যায় সেই একেই উপলব্ধি। তেখেতৰ সকলো লেখাতেই ৰাজনৈতিক বা শ্ৰেণী চেতনা সদা জাগ্ৰত। কবিতা বুজি নাপায় বুলি কোৱা মানুহজনৰ গল্পৰ সূক্ষ্ম কাব্যিকতাই মুগ্ধ কৰিছিল।

 এটা আক্ষেপ তেখেতৰ নাছিল যদিও তেখেতৰ গল্প ভালপোৱা বহুতৰে অৱশ্যেই থাকিব যে, গল্পকাৰ হিচাপে তেখেত আণ্ডাৰ ৰেটেট হৈয়ে থাকি গ’ল জীৱনকালত। অৱশ্যে দেখি-শুনি-পঢ়ি যি বুজিছিলোঁ, খ্যাতিৰ মোহত তেখেতে কেতিয়াও লিখা নাছিল। ৰূপান্তৰৰ সপোন দেখা মানুহজনে আনকো সেই সপোন দেখুওৱাৰ মোহ এটাতহে লিখি গৈছিল। লিখি লিখি শিকিছিল, শিকাইছিল। জনপ্ৰিয়তাৰ নিগনি দৌৰত নাছিল বাবেই হয়তো দ্বিধাহীনভাৱে সকলো ক’ব পাৰিছিল। অপ্ৰিয়ভাজন হ’বলৈ অলপো ভয় নকৰিছিল। তেখেতৰ সততাই বহুতক তেখেতৰপৰা আঁতৰাই পঠাইছিল। সৎ উদ্দেশ্য আগত ৰাখি অনৈতিক (?) কামো কেতিয়াবা কৰি পেলাইছিল নিজৰ ব্যক্তিগত লাভালাভক আওকাণ কৰি। তাৰ বাবে ব্যক্তিগতভাৱে বিপৰ্যস্তও হৈছিল। পিছে কোনো কাৰণতে তেখেতক লক্ষ্যৰ পৰা বিচ্যুত হোৱা দেখা পোৱা নগ'ল। গল্পৰ জীৱনত নহয়, জীৱনৰ গল্পত জীয়াই আছিল মানুহজন, নাইবা জীৱন আৰু গল্পক একাকাৰ কৰি জীয়াই আছিল।❐

(লেখক বিশিষ্ট কবি, শিক্ষয়িত্ৰী)

বীথিকা আৰু অলকৰ লগত

[ ২২৩ ]

সমদলৰ সুহৃদজনলৈ সম্ৰদ্ধাৰে

বিৰিঞ্চি কুমাৰ দাস

২০০৫ চনত প্ৰথম হেদায়েৎপুৰলৈ আহিছিলোঁ। নতুন আলোচনী এখন ওলোৱাৰ কথা৷ লগ পাইছিলোঁ লঙ্কেশ্বৰ বৰুৱাদাক। অফিচটোত দেখিছিলোঁ ‘নতুন পৃথিৱী’ৰ কেইবাটাও কপি। একেলগে ইমানকেইখন ‘নতুন পৃথিৱী’ দেখি মনটো ভাল লাগি গৈছিল। মই কামত যোগ দিছিলোঁ।

 কম্পিউটাৰ চেটটো আছিল, কাম বিশেষ নাছিল। ‘নতুন পৃথিৱী’ আলোচনীবোৰ পঢ়োঁ, বিভিন্নজনক লগ পাওঁ, চিনাকি হওঁ, ভাল লগা সময়। দুদিনমান পিছত লংকেশ্বৰ বৰুৱাদাই বহী এখন মোক দি ক’লে, ‘বিপুলদা আহিছিল, এইখন উপন্যাস ডিটিপি কৰিব দিছে’। ‘বিপুলদা মানে?’ ‘গল্পকাৰ বিপুল খাটনিয়াৰ৷’ নামটো ‘গৰীয়সী’ৰ পাততেই চিনাকি। খুব পাতলীয়াকৈ দুই-এটা গল্প পঢ়ি মনত ৰৈ যোৱা শ্ৰদ্ধাৰ এটা নাম। গল্পবোৰত পাইছিলোঁ সুকীয়া অনুভৱ। মনটো ভাল লাগি গৈছিল। অনুষ্ঠানটোৰ প্ৰথম কাম! তাকো বিপুল খাটনিয়াৰৰ উপন্যাস ডিটিপি কৰিবলৈ পাম! পিছে বহীখনৰ ওপৰত লিখা আছিল— ব’ৰাঙা ঙান, ৰক্তিম শৰ্মা। প্ৰথমতে অলপ হতাশেই হৈছিলোঁ; কিন্তু উপন্যাসখনৰ ভিতৰলৈ সোমাই গৈ থাকোঁতে জাগিছিল অন্য এক শিহৰণ।

 দুদিনমান পিছত অফিচলৈ মানুহ এজন আহিল। মোৰ ওচৰলৈ আহি ক’লে ‘কামটো আৰম্ভ কৰিছা নেকি? অসুবিধা পোৱা নাইতো?’

 অসুবিধাৰ সলনি উপন্যাসখন বৰ ভাল লগা বুলি কৈছিলোঁ হয়, কিন্তু মোৰ মনটো উগুল-থুগুল—‘এইজনেই বিপুল খাটনিয়াৰ নেকি?’ তেখেতে হয়তো মোৰ মনৰ উমান পাইছিল।

 ‘মোৰ নাম বিপুল খাটনিয়াৰ, বিপুলদা বুলিয়েই মাতিবা। এতিয়াৰপৰা মই সঘনাই আহি তোমাক কামুৰি থাকিম। পিছে তোমাৰ নামটো কি?’ [ ২২৪ ]  চিনাকি হ’লোঁ। ‘আপোনাৰ গল্প পঢ়ি বৰ ভাল পাওঁ, ভাবিছিলোঁ এইখন আপোনাৰেই উপন্যাস।’ কৈয়ে পেলালোঁ। লাহেকৈ হাঁহিলে। ‘দিম দিয়া মোৰো গল্প।’

 আহি থাকে। কাষত বহে। দুই-এষাৰকৈ কথা বাঢ়িব লয়।

 ভূটানত চলা ‘অল ক্লিয়াৰ অপাৰেশ্যন’ৰ ওপৰত লিখা উপন্যাসখনৰ লেখক বিপুলদাৰ বন্ধুপুত্ৰ। ঔপন্যাসিকৰ প্ৰত্যক্ষ অভিজ্ঞতাৰ ফচল। এদিন ঔপন্যাসিক ৰক্তিম শৰ্মা দাদাকো লগ পাই চিনাকি হোৱাৰ সুযোগ পালোঁ। বিপুলদাৰ চিনাকি গ্ৰন্থ প্ৰকাশক ‘অৰুনোদই প্ৰকাশন’-ৰ দ্বাৰা প্ৰকাশ কৰা ‘বৰাংগা ঙান’ক পঢ়ুৱৈয়েও আদৰি ল'লে। উপন্যাসখনৰ কপি এটা হাতত তুলি দি বিপুলদাই কৈছিল, 'তুমি পৰীক্ষাত পাছ কৰিলা’।

 এইখিনি সময়ৰ মাজতেই প্ৰকাশ পাবলগীয়া আমাৰ আলোচনীখনৰ কামো আগবাঢ়ি আছিল। শ্ৰদ্ধেয় হীৰেন গগৈৰ সম্পাদনাত ‘মন্থন' নামেৰে দুমহীয়া আলোচনীখন প্ৰকাশ পাবলৈ ল'লে। সম্পাদনা সমিতিৰ তৰফৰপৰা বিপুলদাক আলোচনীখনৰ বাবে গল্প বিচাৰোঁতে বিপুলদাই দিয়া লেখাটো কিন্তু আছিল ‘ব’ৰাংগা ঙান’ উপন্যাস বিষয়কহে। মই লাহেকৈ কৈছিলোঁ, ‘আপোনাৰপৰা গল্পহে বিচাৰিছিল’।

 ‘নতুন লেখকৰ ভাল লেখাবোৰৰ কথা প্ৰকাশ পাব লাগে, কেতিয়াবা মোৰ গল্পও দিম দিয়া’, বিপুলদাই উত্তৰ দিছিল।

 ‘মন্থন’ৰ অফিচলৈ বিপুলদাৰ লগতেই এদিন আহিছিল প্ৰয়াত শোভা খনিকৰদা। আৰু লাহে লাহে খনিকৰদাৰ লগতো মোৰ অন্তৰংগতা গঢ়ি উঠিছিল। পৰৱৰ্তী সময়ত বিপুলদা আৰু খনিকৰদাৰ যুটীয়া প্ৰচেষ্টাত সম্পন্ন হোৱা বহুকেইটা গুৰুত্বপূৰ্ণ কামৰ ময়ো এজন সহযোগী হৈ পৰিছিলোঁ।

 এদিন কেইবাখনো পুৰণি আলোচনীৰ টোপোলা এটা দি বিপুলদাই ক'লে, ‘মোৰ এটা গল্প বিচাৰি আছিলা, লোৱা একেলগে কেইবাটাও গল্প দিছোঁ।’ সময়ত সেই গল্পকেইটাৰে ‘ভিন্ন জীৱন ভিন্ন কথকতা’ নামৰে সংকলনখন প্ৰকাশ হ’ল।

 পুৰণি কম্পিউটাৰ এটা ঠিক-ঠাক কৰি ৰুমতো কাম চলাব পৰাৰ ব্যৱস্থা এটা কৰিলোঁ। পিছদিনাই শিলপুখুৰীত থকা মোৰ ভাৰাঘৰ গৈ ওলাল বিপুলদা। অনিল ৰায়চৌধুৰীদেৱৰ ‘নামনি অসমৰ মধ্যশ্ৰেণী’নামৰ গ্ৰন্থখন হাতত দি ক'লে ‘এইখন পুনৰ প্ৰকাশ কৰিব লাগিব, তোমাৰ প্ৰথম কাম।’

 ইয়াৰ পিছৰপৰা তেখেতে হাতেলিখা গল্পবোৰ মোৰ হাতত তুলি দিয়ে। গল্পটো ডিটিপি কৰাৰ পিছতো কেইবাবাৰো পুনৰ্লিখন কৰিহে আলোচনী একোখনলৈ [ ২২৫ ] পঠিয়ায়৷ প্ৰকাশ পোৱাৰ পিছত আলোচনীখনৰ এটা কপি মোকো দি নিজৰ কপিটোত পুনৰ হাত ফুৰায় আৰু মোক সেইখিনি ঠিক-ঠাক কৰি থ’বলৈ কয়।

 কিতাপ এখন মোলৈ আগবঢ়াই এদিন বিপুলদাই ক’লে ‘ভাল আলোচনী এখন ওলাইছেহে! লোৱা এইটো তোমাৰ কপি।‘ভূমি’ আলোচনীখন হাতত পৰিল। এখন মানসম্পন্ন আলোচনী লাভ কৰিলোঁ আৰু এদিন ৰশ্মিৰেখা বাইদেউৰ সৈতেও চিনাকি কৰাই দিলে। আন এদিন বীথিকা বাইদেউকো লগ পালোঁ। পৰৱৰ্তী সংখ্যাকেইটাৰ কিছু কাম মোৰ দ্বাৰাই কৰোৱাৰ লগতে সম্পাদনাৰ লগতো বিপুলদা জড়িত হৈ পৰিল।

 বিভিন্ন কাৰণত ‘মন্থন’ৰ নিয়মীয়া প্ৰকাশত বিজুতি ঘটিল আৰু ২০০৯ চনৰ প্ৰথম ভাগতেই মই হেদায়েৎপুৰত স্বাধীনভাৱে কাম আৰম্ভ কৰিলোঁ। ‘নতুন সাহিত্য পৰিষদ’ৰ দুই-এটা কামৰ পিছত ২০০৯ চনৰ শিৱসাগৰ অধিৱেশন উপলক্ষ্যে প্ৰকাশ পাবলগীয়া কেবাখনো মূল্যবান গ্ৰন্থৰ কামৰ মাজেৰে বিপুলদা আৰু শোভা খনিকৰদাৰ আৰু ওচৰ চাপিলোঁ। শিৱসাগৰ অধিৱেশনত খনিকৰদা ৰাজ্যিক সম্পাদকৰূপে নিৰ্বাচিত হয়, বিপুলদা ধনভঁৰালী। পৰিষদৰ মুখপত্ৰ ‘নতুন সাহিত্য ‘খন উন্নত মানেৰে নিয়মীয়াকৈ প্ৰকাশ কৰাৰ সমিতিৰ সিদ্ধান্তৰ কথা কৈ বিপুলদাই এদিন কৈছিল ‘প্ৰথম সংখ্যাটোৰ সম্পাদনাৰ দায়িত্ব মোৰ ওপৰত পৰিল। তুমি এই সংখ্যাটো কৰি দিব লাগিব।’ ‘ভূমি’ৰ আৰ্হিটো মনত ৰাখি মোক কামত আগবাঢ়িবলৈ কৈছিল। খনিকৰদাৰ সহযোগত বিপুলদাই ‘নতুন সাহিত্য’ নতুন ৰূপত প্ৰকাশ কৰিলে। খনিকৰদাই এবাৰ চকু ফুৰাই দিলেহে যেন বিপুলদা নিশ্চিন্ত হ’ব পাৰিছিল। পিছৰ বহুকেইটা সংখ্যাৰ সম্পাদনাৰ কামত বিপুলদাই প্ৰায়খিনি কাম কৰিছিল খনিকৰদাক লগত লৈ। নতুন লেখক-লেখিকাক সাহিত্যৰ ক্ষেত্ৰখনলৈ আগবঢ়াই আনিবলৈ বহুসংখ্যক লিখনি সম্পাদনাৰে মান উন্নত কৰি প্ৰকাশ কৰিছিল দুয়ো লগ হৈ। পৰৱৰ্তী সময়ত ‘নতুন সাহিত্য’খন নতুন ৰূপত নিয়মীয়াকৈ প্ৰকাশ পাবলৈ লয়। বিপুলদাৰ জৰিয়তেই ‘নতুন সাহিত্য’ৰ লগতে পৰিষদৰ প্ৰকাশনৰ বিভিন্ন কামৰ মাজেৰে সংগঠনৰ লগত ময়ো আন্তৰিকভাৱে জড়িত হৈ পৰিলোঁ; সম্পৰ্ক গঢ়ি উঠিল সংগঠনটোৰ বহুকেইজন বিশিষ্ট লোকৰ সৈতে।

 গোলাঘাট অধিৱেশনত প্ৰয়াত অনিল ৰায়চৌধুৰীদেৱৰ সম্পাদনাত প্ৰকাশ পোৱা ‘উমা শৰ্মা ৰচনা সমগ্ৰ’ নামৰ গুৰুত্বপূৰ্ণ গ্ৰন্থখন প্ৰকাশৰ ক্ষেত্ৰত বিপুলদাৰ অমানুষিক শ্ৰম তথা অকল্পনীয় কৰ্মস্পৃহা দেখি তবধ মানিছিলোঁ। নতুন সাহিত্য পৰিষদৰ ৰাজ্যিক সমিতি আৰু সংগঠনটোৰ বিভিন্ন শাখা-আঞ্চলিকৰ মুখপত্ৰ আদিৰ [ ২২৬ ] লগতে বহুকেইজন সদস্যৰ ব্যক্তিগত গ্ৰন্থ, বিভিন্ন আলোচনী আদি সম্পাদনাৰ উপৰি বৰ্ণাশুদ্ধি পৰ্যন্ত কৰি প্ৰকাশত সহায় কৰি দিয়াটো যেন বিপুলদাৰ বাবে আছিল সাধাৰণ দায়িত্ব, নিজৰ নাম কিন্তু গ্ৰন্থখনৰ ক'তো উল্লেখ নকৰে। লগত থাকে শোভা খনিকৰদা।

 ঘণ্টাৰ পিছত ঘণ্টা মোৰ সোঁফালৰ চকীখনত বহি থাকে বিপুলদা! কামৰ মাজত কথাও চলি থাকে; মোৰ মনত উদয় হোৱা যিকোনো ধৰণৰ প্ৰশ্ন নিঃসংকোচে সুধিব পৰা মানুহজন হৈ পৰে বিপুলদা! কেতিয়াবা অলপ সময়ৰ কাম এটাৰ কাৰণে আহিলেও বহুসময় কথাৰ মাজেৰেই পাৰ হৈ যায়। নতুন গল্প এটা লিখি প্ৰুফটো নিয়াৰ সময়ত মোৰো মন্তব্য বিচাৰে। তেখেতৰ দৰে উচ্চমানৰ গল্পকাৰৰ গল্পৰ ওপৰত কিবা ক’বলৈ যোগ্যতা নাথাকিলেও আমাৰ মাজৰ সম্পৰ্কৰ বলতেই ময়ো নিঃসংকোচে মনত উদয় হোৱা কথাবিলাক প্ৰকাশ কৰিছিলোঁ। মোৰ মন্তব্যকো বিপুলদাই গুৰুত্ব দিয়া দেখি ভাবিছিলোঁ— মন্তব্য বিচৰা জাতীয় কামটো বিপুলদাই কথাৰ কাৰণে কোৱা কথা নাছিল। একো একোটা গল্প ইমানবাৰ ঠিক-ঠাক কৰে আৰু প্ৰুফ কপিটো হাতত দি লাহেকৈ কয়, ‘গালি নাপাৰিবা, সময় অলপ নষ্ট হ’ব তোমাৰ’। মই পিছে সময় নষ্ট হোৱাৰ চিন্তাতকৈ নিৰ্দিষ্ট কাট-কুটখিনিৰ দ্বাৰা গল্পটোৰ উত্তৰণৰ সহযোগী হোৱাৰ মজাতহে মজি আছিলোঁ।

 একো-একোটা গল্পৰ কাৰণে ইমান সময় দিয়ে, তথ্য সংগ্ৰহ কৰে। আমাৰ কথাৰ মাজতো কেতিয়াবা সৰু কাগজ এখনত কিবা এটা টুকি লয়। কেতিয়াবা নতুন গল্প এটা হাতত তুলি দি কয়, ‘পঢ়ি চাবা, তোমাৰ কাহিনী।’ গল্পটো পঢ়ি চাই দেখো মোৰ কাহিনীৰ অকমাণ আভাস এটাহে থাকে, তাৰ লগত কত উপকাহিনীৰ সৃষ্টি কৰি তেখেতে গল্পৰ ৰূপ দিয়ে। বিপুলদাৰ গল্পৰ কাহিনী সৰলৰৈখিক দিশত আগ নাবাঢ়ে। কাহিনী-উপকাহিনীৰ মাজেৰে ঘূৰি-পকি যাওঁতে কেতিয়াবা গল্পবোৰৰ গতি স্তিমিত হৈ যোৱা যেনো লাগে। গল্পবোৰৰ ৰসাস্বাদনৰ বাবে আমাৰ দৰে সাধাৰণ পাঠকৰপৰা যেন অতিৰিক্ত ধৈৰ্যৰ দাবী কৰে। ২০১৬ চনত আমাৰ দ্বাৰা প্ৰকাশ কৰা ‘ঘঁৰিয়ালডাঙাৰ কথা’ সংকলনখন প্ৰকাশৰ পিছত কথাপ্ৰসংগত তেখেতক কথাখিনি কৈছিলোঁ। যিমানদূৰ মনত পৰে ইয়াৰ পিছত বিপুলদাই মোৰ হাতত তুলি দিয়া গল্পটো আছিল ‘স্পৰ্শ’।

 মনত উদয় হোৱা সৰু-ডাঙৰ যিকোনা ধৰণৰ প্ৰশ্ন বা আঁসোৱাহ থাকিলে একেবাৰে নিঃসংকোচে সুধিব পৰা মানুহজনে মোৰ সকলোবোৰ প্ৰশ্নৰ উত্তৰ দি মোক আশ্বস্ত কৰিছিল! কথাৰ মাজতে অসমৰ এজন অতি জনপ্ৰিয় কণ্ঠশিল্পী সম্পৰ্কে মই তেখেতক কথা এষাৰ ক'লোঁ। কিছু সময় মনে মনে থাকি লাহেকৈ তেখেতে [ ২২৭ ] মোক কৈছিল, ‘আজি নহয়, কাইলৈ আমি বিষয়টোৰ ওপৰত কথা পাতিম’। পিছদিনা আহি মোৰ হাতত কাগজ এখিলা দি কৈছিল ‘এইখন চোৱা।’ দেখিলোঁ মোৰ আগদিনাৰ প্ৰশ্নৰ উত্তৰটোৰ বাবেই যেন বিপুলদাৰ অত আয়োজন। আৰু চাৰ্টখনৰ জৰিয়তে ইতিহাস, অৰ্থনীতি, সমাজনীতি আৰু শিল্প-সাহিত্য-সংস্কৃতিৰ ওপৰত ইয়াৰ প্ৰভাৱ সকলো সাঙুৰি মোৰ আগদিনাৰ প্ৰশ্নটোৰ উত্তৰ দিছিল।

 ভূতত্ত্ব বিজ্ঞানৰ মানুহজনে বিষয় একোটাৰ একেবাৰে গভীৰলৈ সোমাই নোযোৱালৈকে যেন শান্তি নাপাইছিল। নতুনকৈ পঢ়া গ্ৰন্থৰ ভাগ আমাকো দিছিল, কেতিয়াবা আকৌ গ্ৰন্থখনকেই হাতত তুলি দিছিল। কল্পনাশক্তিতকৈ বাস্তৱ জীৱনৰ অভিজ্ঞতাৰে পুষ্ট সাহিত্যিকৰ সাহিত্যকৰ্মক বিশেষ মৰ্যাদা দিয়া বিপুলদাই জ্যেক লণ্ডনৰ গল্পৰ বাংলা সংস্কৰণ এখন পঢ়িব দিছিল। পঢ়ি থাকোঁতে অৰ্থ বুজাত অসুবিধা পালেই কিমান যে ফোন কৰিছিলোঁ বিপুলদাক! সেইখন গ্ৰন্থৰে এটা গল্প ‘এটুকুৰা মাংস’ নাম দি অনুবাদ কৰিছিল। তাৰ পিছত আন কেইবাটাও বচা বচা দেশী- বিদেশী গল্পৰ অনুবাদো তেখেতে কৰিছিল।

 ভাসিলি ইয়ানৰ উপন্যাস ‘চেঙ্গিজ খান’ অনুবাদ কৰাৰ সময়খিনিৰ কথা— প্ৰথমে বাংলা সংস্কৰণটো পঢ়ি অসমীয়ালৈ অনুবাদ কৰিম বুলি গোটাই ল’লে ইংৰাজী সংস্কৰণটোও। সেই সময়খিনিত বিপুলদাৰ মুখত কেবল ‘চেঙ্গিজ খান’! একো একোটা শব্দৰ মনে বিচৰা অসমীয়া প্ৰতিশব্দ বা প্ৰসংগৰ সন্ধানত আকৌ অন্য এখন গ্ৰন্থৰ অধ্যয়ন। সেই সময়ৰ সামাজিক-ৰাজনৈতিক অৱস্থা; বৰ্তমান বিশ্বৰ সামাজিক- ৰাজনৈতিক ক্ষেত্ৰত চেঙ্গিজ খানৰ প্ৰভাৱ।‘চেঙ্গিজ খান’ উপন্যাস অনুবাদ কৰিবলৈ গৈ কিমানখন গ্ৰন্থ অধ্যয়ন কৰিছিল বিপুলদাইও হয়তো নাজানিছিল। উপন্যাসখন ‘সাতসৰী’ত ধাৰাবাহিকভাৱে প্ৰকাশ পাইছিল। দৈনিক কাকতৰ সাময়িক লেখাৰ উপৰি গল্প বিষয়ক বা সাহিত্য সম্পৰ্কীয় বিপুলদাৰ কেইবাটাও মূল্যবান প্ৰবন্ধও বিভিন্ন আলোচনী-সংকলনত প্ৰকাশ পাইছিল।

 বেশভূষাত সাধাৰণ মানুহজনৰ কিন্তু সময় সজাগতা আছিল অসাধাৰণ। সেইকাৰণেই চাগে দায়িত্বশীল চৰকাৰী চাকৰি, নিজৰ সৃষ্টিশীল কৰ্ম আৰু সাংগঠনিক ক্ষেত্ৰখনৰ উপৰি ইমান মানুহৰ স’তে ব্যক্তিগত সম্পৰ্ক ৰক্ষা কৰি, বিপদে-আপদে কাষত গৈ থিয় হ’বলৈ সময় উলিয়াব পাৰিছিল। তাকো কাকো অনুভৱো কৰিব নিদিয়াকৈ, যেন সেইখিনি সময়ত তেখেতৰ কোনো কামেই আছিল। আমিও ইয়াৰ ব্যতিক্ৰম নাছিলোঁ। আমাৰ প্ৰথম সন্তান ‘নিৰ্ণীতা’ৰ নামটোও দিছিল বিপুলদাই। তাইৰ জন্মৰ ছমাহ পিছতেই আমাৰ মা ড্ৰেমাহমান জিএমচিএইচ-ত চিকিৎসাধীন হৈ আছিল। সেই সময়তে দেউতাৰো হাত এখন ভঙাত জিএমচিএইচ-লৈ আনিব [ ২২৮ ] লগা হৈছিল। আমাৰ পৰিয়ালৰ এই দুঃসময়ত বিপুলদাই কেবাদিনো হস্পিতাললৈ গৈ শয্যাগত মাৰ কাষত বহু সময় কটাই সাহস যোগাইছিল আমাক। অসুখ-বিসুখৰ সলনি অন্য বিষয়ৰ বিভিন্ন কথাৰে পাৰ কৰা সেই সময়খিনিৰ কথা মাই এতিয়াও কয়। মোৰ পৰিবাৰ আৰু ছোৱালীজনী গুৱাহাটীত থকা সময়ছোৱাত বিপুলদাৰ বাঢ়িছিল বিশেষ ব্যস্ততা। ভৱিষ্যতে কামত আহিব বুলি ঘৰৰপৰা আনি দিছিল কেইবাখনো শিশু গ্ৰন্থ। আমাৰ পৰিয়ালটোৱে শ্ৰদ্ধাৰে সোঁৱৰে বিপুলদাৰ কথা। কণমানি ‘নিৰ্ণীতা’ইও বিপুল বৰদেউতাকৰ মৃত্যুৰ কথাটো মানি ল’ব পৰা নাছিল।

 সাহিত্যৰ পথাৰখনৰ পৰিশ্ৰমী কৃষকজনে হেঙেৰাবাৰীৰ ঘৰখনৰ অকণমান ঠাইতে বিধে বিধে ফল-ফুলৰ এখন বাগিচাও আটোমটোকাৰিকৈ গঢ়ি তুলিছিল। বাগিচাৰ কল পকিলেই তাৰে এটা ভাগ মই সদায় পাইছিলোঁ। স্বভাৱসুলভভাৱে বিভিন্ন ঠাইত ঘূৰি ফুৰোঁতে পোৱা নানা ফল-মূলৰ শইচ বিপুলদাই সংগ্ৰহ কৰি আনি নিজৰ বাবে ৰখাৰ উপৰি আনকো ভগাই দিছিল। গোৱালপাৰাৰ পৰা অনা ক’লা ধানৰ সঁচৰ সৰু টোপোলা এটা মোক দি কৈছিল, ‘এইবাৰ তোমালোকৰ পথাৰত খেতি কৰা, অহাবাৰ মোক ক’লা চাউল দিবা আৰু ধানো দিবা, আনকো ভগাব লাগিব।’ পিছৰ বছৰ ক'লা ধান আৰু চাউলখিনি পাই বিপুলদাৰ মুখৰ কি অভিব্যক্তি! আমাৰ ক’লা ধাননিডৰাইও বছৰে বছৰে হালি-জালি সোঁৱৰাই থাকিব বিপুলদাৰ কথা!

 ২০০৮ চনত অনিল ৰায়চৌধুৰীদেৱৰ ‘নামনি অসমৰ মধ্যশ্ৰেণী’নামৰ গ্ৰন্থখনৰ পুনৰপ্ৰকাশৰ কাৰণে কৰা ডিটিপিৰেই আচলতে আৰম্ভ হৈছিল ‘অনিল ৰায়চৌধুৰী ৰচনাৱলী’ৰ কাম। ২০০৯ চনৰপৰা ২০১৩ চনৰ সময়ছোৱা সাহিত্য পৰিষদৰ কামক লৈ বিপুলদা এনেভাৱে ব্যস্ত হৈ পৰিছিল যে ৰায়চৌধুৰীদেৱে সেই সময়ছোৱাত নতুনকৈ লেখা প্ৰবন্ধবোৰৰ ডিটিপি কৰি থকাৰ বাহিৰে কাৰ্যতঃ ৰচনাৱলীৰ কাম বন্ধই হৈ আছিল। ২০১৪ চনৰ সময়ত সাংগঠনিক দিশটোক লৈ বিপুলদা যথেষ্ট অসুখী হৈ পৰিছিল, অভিমানো হয়তো হৈছিল। সংগঠনৰ ভৱিষ্যত সম্বন্ধত তেখেতৰ উদ্বিগ্নতাৰ মাজতেই ৰচনাৱলীৰ কামটোত মন দিছিল। ইয়াৰ লগে লগে নিজৰ সৃষ্টি কাৰ্য, দুখন গল্প সংকলনৰ উপৰি গ্ৰন্থ সম্পাদনা আৰু সম্পাদনাৰ আঁৰত থাকি বিপুলদাই প্ৰকাশ কৰিছিল কেবাখনো মূল্যবান গ্ৰন্থ। অৱসৰৰ পিছৰ সময়ছোৱা সাহিত্যৰ ক্ষেত্ৰখনতে ঘাইকৈ ব্যস্ত থকা বিপুলদাৰ শৰীৰ লাহে লাহে দুৰ্বল হৈ আহিছিল। পৰি অহা দেহাৰেই তীব্ৰ গতিত হেঁপাহৰ কামবোৰ কৰি গৈছিল। শাৰীৰিক দুৰ্বলতাক প্ৰশ্ৰয় নিদি স্বভাৱসূলভভাৱে ইঠাই-সিঠাই ঘূৰি ফুৰি কামবোৰ আগুৱাই লৈ গৈছিল। ২০১৯ চনৰ ২ ফেব্ৰুৱাৰীত শ্ৰদ্ধাৰ শোভা খনিকৰদাৰ আকস্মিক [ ২২৯ ] মৃত্যুৱেও বিপুলদাক যথেষ্ট মানসিক কষ্ট দিছিল। বছৰটোৰ মাজভাগৰপৰা যেন বিপুলদাকো শৰীৰটোৱে সহযোগ নকৰা হৈ আহিছিল। চেন্নাইলৈ গৈ চিকিৎসা গ্ৰহণ কৰিলে। গুৰুতৰ কোনো ৰোগ ধৰা পৰা নাছিল, লাহে লাহে ভগ্ন স্বাস্থ্যৰ কিছু উন্নতিও হৈছিল। ইফালে শ্ৰদ্ধাৰ অনিল ৰায়চৌধুৰীদেৱৰ ৰচনাৱলীখনৰ কামো অন্তিম পৰ্যায়ত।

 তাৰ পিছতেই অহা ক'ৰোনাকালীন পৰিস্থিতিয়ে আমাৰ পৰিকল্পনাত আউল লগালে। লকডাউনে কাৰ্যতঃ বন্ধ কৰি পেলালে আমাৰ কাম-কাজ। মই গাঁৱত গৃহবন্দী। বিপুলদাৰ সঘন ফোন, বিশেষ চিন্তা কৰাৰ সলনি বিভিন্ন কামত ব্যস্ত থাকি মন ভালে ৰাখিবলৈ উপদেশ। ঘূৰি আহি কৰিবলগীয়া কামৰ কত পৰিকল্পনা। সেই দুঃসময়ৰ মাজতে ১ মে’, ২০২০ ৰ দিনা আমাক শোকস্তব্ধ কৰি শ্ৰদ্ধাৰ অনিল ৰায়চৌধুৰীদেৱে শেষ নিশ্বাস ত্যাগ কৰিলে। আমি যথেষ্ট হতাশ হ'লোঁ। ৰায়চৌধুৰীদেৱৰ জীৱনকালত আমি তেখেতক গ্ৰন্থখন উপহাৰ দিব নোৱাৰিলোঁ। জুনত মই আহিলোঁ হয় কিন্তু ৰচনাৱলীৰ সলনি আমি স্মৃতিগ্ৰন্থৰ কামতহে লাগিলোঁ। মাজতে কৰোনা পজিটিভ হৈ বিপুলদা পুনৰ অধিক দুৰ্বল হৈ পৰিল। এই অৱস্থাতো তেখেতে কৈছিল, ‘ক’ৰোনাক লৈও বহু খেল আছেহে, লিখিলে এটা ভাল গল্পই হ’ব।’ গল্পটো বোধহয় লিখা হৈ নুঠিল। এই পৰিস্থিতিৰ মাজতেই বিপুলদাই ২০২১ৰ জানুৱাৰীত সম্পাদনা কৰি উলিয়ালে অনিল ৰায়চৌধুৰীদেৱৰ স্মৃতিগ্ৰন্থ ‘স্মৃতিলেখা’।

 পৰৱৰ্তী সময়ত ৰচনাৱলীখনৰ ৰৈ যোৱা কামখিনি শেষ কৰিবলৈ লওঁতেই আহিল সেই দুঃস্বপ্নযেন দুঃসংবাদ। দুৰ্বল কণ্ঠেৰে বিপুলদাই ঘৰলৈ মাতিলে। হেঙেৰাবাৰীত দিনটো কটালোঁ। বৌৱে কোৱা ‘ছমাহমান চিকিৎসা কৰিলে ভাল হৈ যাব বুলি ডাক্তৰে কৈছে’ কথাষাৰত আশ্বস্ত হ’ব খুজিছিলোঁ। অতি দুৰ্বল শৰীৰেৰে বিপুলদাই দিহা-পৰামৰ্শ দি মোক কৈছিল ‘বাকীখিনি তোমাক গতালোঁ’। গৰুবিহুৰ সেই দিনটোৰ সন্ধিয়া হেঙেৰাবাৰীৰপৰা নামি আহিছিলোঁ হেদায়েৎপুৰলৈ৷ পিছদিনা ঘৰলৈ গ'লোঁ৷ পুনৰ আহিল সেই লকডাউনৰ বিভীষিকা। ফোনত সদায় দীঘলীয়াকৈ কথা পতা বিপুলদাই এদিন দুৰ্বল কণ্ঠৰে, ‘ভালে আছানে? কিতাপখন ওলোৱালৈ মই নাথাকিম কিজানি, বাকীখিনি তোমাকে গতালোঁ’ বুলি ক’লে। কথাষাৰে মনত হাহাকাৰ সৃষ্টি কৰিছিল, কৈছিলোঁ, ‘ভাল হৈ যাব বিপুলদা, চিন্তা নকৰিব, কামবোৰ আমি ভালদৰেই সমাপ্ত কৰিম।’

 ৪ জুলাইৰ আবেলি বৌৱে ফোনত কোৱা, ‘তুমি ক’ত আছা? বিপুলদাক ভেণ্টিলেচনত ৰাখিছে, ডাক্তৰে নৌ হোপ বুলি কৈছে’, ‘মই গাঁৱৰ ঘৰতহে আছোঁ বৌ’ বুলি কোৱাৰ বাহিৰে একো ক’ব পৰা নাছিলোঁ। ইণ্টাৰডিষ্ট্ৰিক লকডাউন, ১ [ ২৩০ ] বজাৰ পৰা কাৰ্ফিউ! অলপ পিছতে ইমনৰ ৱাটচ্‌আপ মেচেজ পালোঁ, ‘পুটা গ’লগৈ’।

 ইমানকেইটা বছৰ কাষতে পোৱা মানুহজনৰ শেষৰ দীঘলীয়া দিনকেইটাত ইমান দূৰত থাকিবলগীয়া হ’ল।

 কাম কৰি থাকোঁতে সোঁহাতৰ চকীখনত বিপুলদাক বহি থকা যেন লাগে এতিয়াও। বিগত এবছৰ যেন মোৰ কাষৰ চকীখনতেই বহি আছে! অজস্ৰজনৰ মাজত বিপুলদাৰ সত্তা যে এতিয়াও বিদ্যমান। সহস্ৰজনৰ স’তে একেলগে আগবাঢ়িব খোজা মানুহজন সহস্ৰজনৰ মাজতেই থাকিব; সমদলৰ এজন হৈ।❐

(লেখক 'নতুন সাহিত্য পৰিষদ'ৰ পশ্চিম গুৱাহাটী শাখাৰ সদস্য)

প্ৰকাশনৰ কামৰ সময়ত

[ ২৩১ ]

মোৰ সহকৰ্মী বন্ধু বিপুল খাটনিয়াৰ

সুৰেশ বৰুৱা

প্ৰথমতে স্বৰ্গীয় বিপুল খাটনিয়াৰৰ চৰণকমলত মোৰ আন্তৰিক শ্ৰদ্ধাৰ্ঘ্য অৰ্পণ কৰিলোঁ। তেখেতে ২০২১ চনৰ ৪ জুলাইত এই ধৰা এৰি গ’লগৈ। তেখেত মোৰ সহকৰ্মী বন্ধু আছিল; যদিওবা তেখেতে জীৱন আৰু চাকৰি মোতকৈ দুটা বছৰ আগৰপৰা আৰম্ভ কৰিছিল। তেখেতৰ চাবেক ঘৰ আছিল শিৱসাগৰ জিলাৰ শ’লগুৰি মৌজাৰ শ’লগুৰিত। জয়সাগৰৰ আমাৰ ঘৰৰপৰা মাথোঁ দুই কিলোমিটাৰ আঁতৰত। কলেজীয়া শিক্ষাৰ পাছত তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূতত্ত্ব বিভাগত স্নাতকোত্তৰ পাঠ্যক্ৰম শেষ কৰি অসমৰ ভূতত্ত্ব আৰু খনি বিভাগত সহকাৰী ভূতত্ত্ববিদ হিচাপে চাকৰি জীৱনৰ পাতনি মেলে আৰু ২০১৩ চনত জ্যেষ্ঠ ভূতত্ত্ববিদ হিচাপে অৱসৰ গ্ৰহণ কৰে। একেদৰে দুটা বছৰৰ পাছত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত প্ৰায়োগিক ভূতত্ত্ব বিভাগৰ পৰা শিক্ষা সাং কৰি একে ঠিকনাতে চাকৰি জীৱন আৰম্ভ কৰাৰ পাছতহে তেখেতৰ লগত মোৰ চিনাকি আৰু আত্মীয়তা গঢ়ি উঠে। তাৰ আগলৈকে তেখেতৰ লগত মোৰ চা-চিনাকি নাছিল।

 তেখেত হ’ল বৰ্তমান সময়ৰ প্ৰথিতযশা চুটিগল্প লেখক। ১৯৮০ চনত ‘খোজৰ শব্দ’ গল্প সংকলনেৰে লেখক হিচাপে প্ৰতিষ্ঠা লাভ কৰে। ইয়াৰ পাছত তেখেতৰ কেইবাখনো গল্প সংকলন প্ৰকাশ পায়। তেখেত এগৰাকী প্ৰসিদ্ধ প্ৰবন্ধকাৰ আছিল৷ বাতৰি কাকত আৰু আলোচনীত তেখেতৰ বহু প্ৰবন্ধ সিঁচৰতি হৈ আছে। প্ৰায়বিলাক প্ৰবন্ধই ব্যংগাত্মক অথচ গভীৰ চিন্তাৰ চানেকি। তেখেত বাঁওপন্থী চিন্তাধাৰাৰে চিনাকি বাবে সমাজৰ নিষ্পেষিত জনৰ বাবে সদায় লিখা মেলা কৰিছিল। নতুন সাহিত্য পৰিষদৰ তেখেত এজন প্ৰতিস্থাপক সদস্য আছিল। তেখেতৰ বহুকেইটা গল্প অনুদিত হৈছে। [ ২৩২ ]

 এইবাৰ চাকৰি জীৱনৰ খাটনিয়াৰ আৰু মোৰ দুয়োজনৰে কিছু কথা নিলিখিলে লেখাটো আধৰুৱা হৈ ৰ'ব। ১৯৮৪-৮৫ চনৰপৰা তেখেত আৰু মই বহুকেইখন কৰ্মক্ষেত্ৰত একেলগে কাম কৰিছিলোঁ। নামৰূপত কয়লা বিচাৰি দুয়োজনে লেউ- লেউ জোকৰ মাজত কাম কৰাৰ অভিজ্ঞতা হৈছিল। মেপিং আৰু খননৰ। চৰাইপুঙত খনন কাৰ্য কৰোঁতে এটা ডেকা ল’ৰাই খুৰাকক কোৱা কথা এষাৰত আমি দুয়ো বৰ আনন্দিত হৈছিলোঁ আৰু হাঁহিছিলোঁ। কথাটো আছিল এনে যে খননৰ বাবে পানী যোগান ধৰা প্ৰেচাৰ পাম্পটোৰ পাইপডাল উঠা নমা কৰি থকাৰ বাবে ডেকাজনে খুৰাকক মাতি ক’বলৈ ধৰিলে— অ’ দাইটি এই মিচিনটো চাছোন কেনেকৈ মানুহৰ দৰে উশাহ লৈ আছে।

 একেদৰে উমৰাংচুৰ পৰা দিহাংগীলৈ ৰাস্তাই ৰাস্তাই দাঁতিকাষৰীয়া ঠাইবিলাকত মেপিঙৰ কাম কৰোঁতে দুই এদিনৰ মূৰে মূৰে চাৰ্কিট হাউচ পালে তাতে কেম্প কৰি ওচৰ পাজৰৰ কামখিনি কৰি শেষ কৰিছিলোঁ। খাটনিয়াৰ, অৰ্পণ দত্ত আৰু মই এখন জীপগাড়ী লৈ কামখিনি কৰিছিলোঁ। সকলোতে খাটি গাখীৰ উভৈনদী আছিল আৰু বেছিকৈ গাখীৰ খাই কেউটাই পেটৰ অসুখত ভুগিছিলোঁ। এদিন এনেকৈ গৈ থাকোঁতে দুজন মানুহে এটা হৰিণা মাৰি সাঙি কৰি আনি থকা আমি সকলোৱে দেখা পাই মানুহ দুজনক ৰখাই লৈ পহুটোৰ দাম-দৰ কৰাত লাগিলোঁ। তিনিশ টকাৰ পৰা নামি গৈ এশ বিশ টকাত হৰিণাটো কিনি জীপৰ পিছফালে তুলি লৈ এটুকুৰা সুচল ঠাইত কেম্প পাতি এজোপা গছৰ ফেৰেঙনিত পহুটো ওলোমাই গুচাব পৰা মানুহলৈ অপেক্ষা কৰা হ’ল। এনেকৈ বাট চাই থাকোঁতে এজন নেপালী মানুহে কিছু মাংসৰ বিনিময়ত পহুটো কাটি বাচি দিলে আৰু তাৰে যিমানখিনি পাৰি তিনিদিন মানলৈ খাইবাকীখিনি তলত জুই দি ভালকৈ শুকুৱাই ঘৰলৈ আনিছিলোঁ। দিহাংগীত জঁপিয়াই থকা শিলঘৰীয়া মাছ আনি বেপাৰীয়ে দি গৈছিল, কিলো বিশ টকা দৰত। কথাবোৰ ভাবিলে আজিও সেই সোণালী দিনবোৰলৈ মনত পৰে।

 একেদৰে খাটনিয়াৰ আৰু মই কয়লাজান নামৰ ঠাইখিনিত মণিক সন্ধানৰ কাম কৰি থাকোতে এজন মানুহে আহি ক’লেহি বোলে, “মই ছাৰহঁতক এটুকুৰা আচৰিত ঠাইলৈ লৈ যাব পাৰোঁ যত ওপৰৰপৰা তৰাৰ দৰে পাথৰ পৰি থাকে আৰু অকলে সেই ঠাইলৈ কোনো নেযায়।” সেয়ে এদিন মানুহজনক লৈ জীপেৰে যাওঁতে ৰাস্তাটো ইমান থিয় পালোঁ যে জীপ ওপৰলৈ নিব পৰা নগ’ল। পিছদিনা প্ৰায় পোন্ধৰ কিলোমিটাৰ খোজ কাঢ়ি গৈ গন্তব্যস্থান পালোঁগৈ। তাত দেখা পালোঁ যে ওচৰতে পাহাৰ এটাৰপৰা তলেদি বৈ যোৱা নিজৰাটোলৈ দুই এটুকুৰা কোৱাৰ্টজৰ কিউব [ ২৩৩ ] মাজে মাজে পৰি থকাটো হয়। কাৰণ পাহাৰটোত থিয়কৈ এটা কোৱাৰ্টজ ভেইন আছিল।

 তাৰ পাছত আমাৰ প্ৰধান কাম আছিল উত্তৰকাচাৰ জিলাৰ বিভিন্ন ঠাইত চূণশিলৰ অন্বেষণ কৰা। উমৰাংচুৰ তিনি চাৰিটা চিমেণ্ট ফেক্টৰি হ’ল তাৰেই ফচল।

 কেইখনমান কৰ্মক্ষেত্ৰলৈ খাটনিয়াৰ আৰু মই পৰিবাৰসহ গৈছিলোঁ আৰু তেওঁলোকো কিছুদিনৰ বাবে আছিলগৈ। সকলোৱে মিলিজুৰি থকা দিনকেইটালৈ আজিও মনত পৰে আৰু তেনে অতীতলৈ আকৌ ঘূৰি যাবৰ মন যায়।

 লিখাৰ কলেবৰ নবঢ়াই ভগৱানৰ ওচৰত খাটনিয়াৰৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে আৰু পৰলোকত শান্তিৰে থাকে তাকে কামনা কৰিলোঁ।❐

(লেখক অৱসৰপ্ৰাপ্ত ভূতত্ত্ববিদ,ভূতত্ত্ব আৰু খনি সঞ্চালকালয়, অসম)

সুৰেশ বৰুৱাসহ বিভাগীয় সহকৰ্মীৰ সৈতে কেম্পত

[ ২৩৪ ]

মোৰ দৃষ্টিত খাটনিয়াৰ দা

হেমন্ত বৰগোঁহাই

খাটনিয়াদাক মই ১৯৮৭ চনৰপৰা জানিছিলোঁ। মই দুবছৰমান আৰ্যবিদ্যাপীঠ কলেজত শিক্ষকতা কৰি আহি ভূতত্ত্ব আৰু খনি বিভাগত সহকাৰী ভূতত্ত্ববিদ হিচাপে চাকৰিত যোগদান কৰিছিলোঁ। খাটনিয়াদাই মোক কৈছিল, হেমন্ত, কলেজৰ চাকৰিত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ এক মধুৰ আন্তৰিক সম্পৰ্কৰ মাজত তুমি সোমাই আছিলা। তোমাৰ কলেজত দুখনেই সমাজ — ছাত্ৰ আৰু শিক্ষক। ইয়াত তুমি বেলেগ বেলেগ মানুহ লগ পাবা। ছাত্ৰ-শিক্ষকৰ সম্পৰ্ক নাই ইয়াত। হয়তো, নতুন পৰিৱেশ, নতুন ধৰণৰ মানুহ, নতুন বিষয়, বেলেগ বেলেগ সমাজৰ মানুহবোৰৰ লগত খাপ খাবলৈ মোৰ বহুত দিন লাগিছিল।

 আমি মানে অৰুণ সিন্হা আৰু মই জুৰোডৰ ভাৰা ঘৰত অফিচ থাকোঁতে প্ৰশান্তি বিল্ডিঙত বহিছিলোঁ। তেতিয়া আমি দুটাই খাটনিয়াৰ দা বহা ঠাইৰ ওচৰৰে আন এটা কোঠাত বহিছিলোঁ। অৰুণ সিনহাক খাটনিয়াৰ দাই প্ৰথমৰপৰাই বৰ মৰম কৰিছিল। কিন্তু এটা কথা, বেৰ এখন ৰাখি দূৰত্বও ৰাখি চলিছিল। আপুনি সম্বোধন কৰিছিল আৰু মৰমো অতিপাত কৰিছিল। অৰুণ সিন্‌হা বুলি নহয়, মোৰ ৩৫ বছৰৰ দীঘলীয়া সময়খিনিত খাটনিয়াৰদাই প্ৰয়োজন বুলি যেতিয়া ভাবে, তেতিয়া সকলোকে নিজে পৰাতকৈ অধিক উপকাৰ বা সহায় কৰিছিল। সৰু ডাঙৰ বহুতকে সহায় কৰা দেখা পাইছিলোঁ। এযোৰ চামৰাৰ চেণ্ডেল পিন্ধি পিন্ধি ক্ষয় নোযোৱালৈকে পেলাই নিদিছিল। ইমান খোজ কাঢ়িব পাৰিছিল যে তেওঁৰ লগত খোজ কঢ়া মানুহৰ বাহিৰে আনে ভালকৈ কোৱা টান আছে।

 তেওঁৰ লগত অলপ ঘূৰি ফুৰাৰ বাবেই মই বহুকেইজন বিশিষ্ট ব্যক্তিক খুউব ওচৰৰপৰা লগ পাইছিলোঁ। তেওঁৰ লগত কিছু ঘূৰি ফুৰাৰ বাবেই আলোচনাৰ মাজেৰে মই বহুত নতুন কথা শিকিব পাৰিলোঁ। অসমৰ কয়লা, চূণশিলৰ বিষয়ে বিশদভাৱে [ ২৩৫ ] ফঁহিয়াই চাবলৈ শিকিলোঁ। খাটনিয়াদাৰপৰা বহু অসমীয়া শব্দৰ প্ৰয়োগ শিকিছিলো।

 তেওঁৰ পৰিয়ালৰ লগত আমাৰ পৰিয়ালৰ যথেষ্ট মিলো আছিল। আমি দুয়োঘৰে পুৰী আৰু কাঠমাণ্ডুলৈ বেলেগ বেলেগ বছৰত (১৯৯৫, ১৯৯৭ ) একেলগে ফুৰিবলৈ গৈছিলোঁ। বাবৰ, ইমন, মাইনা আৰু মমীয়ে বহু স্ফূৰ্তি কৰিছিল। মই তেওঁক মাজে মাজে কৈছিলোঁ যে নতুন সাহিত্য পৰিষদ, নতুন পৃথিৱীতে আপোনাৰ অমূল্য সময়খিনি খৰছ নকৰিব। পাৰে যদি নিজাববীয়াকৈ নিজৰ গল্পৰ কিতাপ প্ৰকাশ কৰিবলৈ চেষ্টা কৰক। ১৯৯১-৯২ চনৰ পাছৰপৰা তেওঁ এখন দুখনকৈ বহুকেইখন কিতাপ প্ৰকাশ কৰে। ‘খোজৰ শব্দ’ নামৰ কিতাপখন তেওঁৰ ডেকা বয়সৰে সৃষ্টি। বহু কেইজনৰ কিতাপৰ তেওঁ সংকলন সম্পাদনাৰ কামতো জড়িত আছিল। তেওঁৰ টেবুলত একেবাৰে শেষৰ সংকলনটোৰ পাণ্ডুলিপিটো প্ৰকাশৰ বাবে সাজু কৰি থৈ গৈছে।

 খাটনিয়াদাই লিখা কিতাপকেইখন হৈছে—‘খোজৰ শব্দ’, ‘দখাৰ’, ‘চিনাকি মুখৰ ছবি’ আদি। প্ৰত্যেক বছৰে বিহু আৰু দুৰ্গাপূজা সংখ্যাৰ বিশেষ বৰ্দ্ধিত কেবাখনো আলোচনীত তেওঁৰ গল্প প্ৰকাশ পাইছিল। কিছু বাঁওপন্থী ভাবধাৰা থকা, সাধাৰণতে আমি মন দিব নোখোজা সমাজৰ এক বিশেষ সামাজিক সমস্যাৰ কথা সাঙুৰি গল্পবোৰ লিখিছিল। সাধাৰণ পাঠকে ইয়াৰ ৰসবোধ কমকৈ পান কৰিব পাৰিছিল। তদুপৰি ‘প্ৰকাশ’, ‘সাতসৰী’, ‘অসমীয়া প্ৰতিদিন’, ‘আমাৰ অসম’ত তেখেতৰ বহু লিখনি সিঁচৰতি হৈ আছে। এটা সময় আহিব, বিপুল খাটনিয়াৰ দাই লিখা কিতাপ বা গল্পবোৰৰ ওপৰত হয়তো গৱেষণা কৰিব। দাদাৰ লিখনিসমূহ ভৱিষ্যতৰ গৱেষণাৰ সমল হ’ব।❐

(লেখক অৱসৰপ্ৰাপ্ত ভূতত্ত্ববিদ, ভূতত্ত্ব আৰু খনি সঞ্চালকালয়, অসম)) [ ২৩৬ ]

খাটনিয়াৰ দাদাক মই যেনেকৈ জানিছিলোঁ

কবিতা শৰ্মা

খাটনিয়াৰদা নাই, এই কথাটো আজিও মই বিশ্বাসত ল’ব পৰা নাই। বিপুল খাটনিয়াৰৰ কথা কৈছোঁ। মোৰ লগতে আমাৰ বেছিভাগৰে খাটনিয়াৰদা। ১৯৯৫ চনৰ ডিচেম্বৰ মাহৰ কোনোবা এটা ৰাতিপুৱা৷ মই অফিচত জইন কৰাৰ কেইদিনমান পিছৰ কথা৷ তেতিয়া প্ৰায়ভাগ অফিচাৰেই অফিচৰ এখন বাছত গৈছিলোঁ। তেতিয়া আজিকালিৰ দৰে যাতায়াতৰ ইমান সুচল ব্যৱস্থা নাছিল। অফিচলৈ যোৱা বাট-পথৰ অৱস্থাও তথৈবচ। সেয়ে প্ৰায় সকলোৱে বাছখনৰ সুবিধাটো লৈছিল। তেনে এক দিনতে খাটনিয়াৰ দাক প্ৰথম লগ পাইছিলোঁ। মোক সুধিছিল, ‘তুমিয়েই পদ্য নেকি?” মই বেঙাৰ দৰে ভেবা লাগি চাই থকাত ক’লে, ‘তুমি কবিতা নহয় জানো?? সেই যে সম্বন্ধ এটা আৰম্ভ হ’ল মৃত্যুৰ দিনলৈ সেইটো অটুট আছিল।

 ইয়াৰ পিছত ১৯৯৭ চনত খাটনিয়াৰদাৰ লগত কেম্পত থাকিবলৈ সুবিধা পালোঁ। মোৰ কাৰণে টেণ্টত থকাৰ প্ৰথম অভিজ্ঞতা। ভয় কৰোঁ বুলি চকিদাৰ এজনক মোৰ টেণ্টৰ বাহিৰত শুবলৈ দিছিল। কিন্তু সদায় ৰাতি জোকায়, ৰাতি ভূত আহিব ৰ’বা। সেই সময়ৰ লগৰ সহকৰ্মীসকলে তেওঁলোকৰ কেম্পৰ ইনচাৰ্জসকলৰ কথা কৈ থাকে কেনেকৈ সকলো কামত উচ্চ সহকৰ্মীৰ প্ৰভাৱ খটুৱায়। কিন্তু আমি সঁচাকৈ ইমান সৌভাগ্যৱান আছিলোঁ যে খাটনিয়াৰদাই সদায়ে আমাক নিজৰ ভনীয়েকৰ দৰে ব্যৱহাৰ কৰিছিল আৰু কোনোদিনেই টান কথা এটা কৈ নাপালে। সদায় তেওঁ মোক সৰু বাইদেউ বুলি মাতিছিল, যিটো মাত মোৰ এতিয়াও কাণত বাজি থাকে।

 দিনটো ফিল্ডত কাম কৰাৰ পিছত তেওঁ আমাক ফুৰাবলৈ লৈ যায়। কিমান যে চিনেমা চালোঁ, বজাৰ কৰিলোঁ সেই সময়চোৱাত। মোৰ সহকৰ্মী বৰ্ণালী বাইদেউৰ ল’ৰাটো তেতিয়া সৰু আছিল। তাক কোচত লৈ লৈয়ে কিমান খোজ কাঢ়িলোঁ। [ ২৩৭ ] সেইবোৰৰ স্মৃতি এতিয়াও সজীৱ হৈয়ে আছে।

 ভূতত্ত্ববিদ হিচাপে তেখেত আমাৰ অফিচৰ এক সম্পদ (asset) আছিল। বিষয়বস্তুৰ ওপৰত তেখেতৰ যি জ্ঞান আছিল তাৰ লগত ফেৰ মৰা মানুহ খুব কমেই ওলাব। অতি জটিল বিষয়বস্তু এটাও তেওঁ যিমান সহজকৈ বুজাই দিব পাৰিছিল এনে লাগে যেন আমি এনেয়ে ইমান টান বুলি ভাবি আছিলোঁ। যি সকলে তেওঁৰ লগত ফিল্ডত কাম কৰিছে প্ৰতিজন মানুহে সেই কথা স্বীকাৰ কৰিব।

 খাটনিয়াৰদাৰ প্ৰথম পৰিচয় আছিল সাহিত্যিক হিচাপেহে। বহুত গ্ৰন্থ তেখেতে ৰচনা কৰি থৈ গৈছে৷ যিবোৰে অসমীয়া সাহিত্য জগতখন টনকিয়াল কৰিছে। পূজা বা বিহু সংখ্যাৰ প্ৰায় প্ৰতিখন আলোচনীতে তেখেতৰ এটা লিখনী প্ৰকাশ পাবই। মানুহে খাটনিয়াদাক ভূতত্ত্ববিদতকৈ সাহিত্যিক হিচাপেহে বেছিকৈ জানিছিল।

 অৱসৰৰ পিছতো খাটনিয়াৰৰ্দাৰ লগত মোৰ সম্বন্ধ অটুট আছিল। প্ৰায় নিয়মিতভাৱেই আমাৰ ঘৰলৈ আহিছিল। আবেলি খোজ কাঢ়িবলৈ আহি সোমায়। পকেটত এসোপা চকলেট থাকেই যিটো মোৰ ভতিজীজনীৰ প্ৰধান আকৰ্ষণ আছিল। বিভিন্ন বিষয়ৰ ওপৰত আমি কথা পাতিছিলোঁ। খাটনিয়াৰ দাৰ লগত কথা পাতিলে সদায় কিছু কথা শিকোঁ —সেয়া আমাৰ জিওলজীও হ’ব পাৰে, সাহিত্যও হ’ব পাৰে বা সাম্প্ৰতিক বিষয়বস্তুও হ’ব পাৰে। তেওঁ আছিল জ্ঞানৰ ভঁৰাল।

 তেখেতৰ অসুখৰ খবৰ পোৱাৰ পিছত ঘৰলৈ যাব খুজি ফোন কৰোঁতে কৈছিল— ‘নাহিবা, মই খিনাই দেখিবলৈ বেয়া হৈ গৈছোঁ।’ জোকাইছিলোঁ, ইঃ এনেই যেন বৰ ধুনীয়া আপুনি।’ তেখেতে হাঁহে। আমাৰ সম্বন্ধ আন্তৰিকতাৰ আছিল, য’ত বেয়া পোৱাৰ স্থান নাই।

 ল’ৰা বাবৰৰ বিয়াত তেওঁক শেষ লগ পালোঁ। তাৰ আগতে ছোৱালী ইমনৰ বিয়ালৈও মাতিছিল। কভিডৰ বাবে সেইখন বিয়াত মানুহ কম মাতিছিল। কিন্তু মই সেই কম মানুহৰ মাজত আছিলোঁ। কিমান যে আগ্ৰহ মানুহজনৰ। কি খুৱাব কি নুখুৱাব। গাৰ্গী মানে মোৰ ভতিজীজনীও খাটনিয়াৰ মামা বুলিলে পাগল আছিল। বাবৰৰ বিয়াৰ সময়ত তাইৰ পৰীক্ষাৰ বাবে যাব পৰা নাছিল। সেই কথাটো খাটনিয়াৰদাই বৰ বেয়া পালে। কিন্তু এতিয়া ভাবিলে বৰ দুখ লাগে কিয় তাইক নিনিলোঁ বুলি।

 খাটনিয়াৰ দা মোৰ তেজ মঙহৰ দাদাতকৈ কোনোগুণে কম নাছিল। এতিয়াও বিশ্বাস কৰিবলৈ টান লাগে তেওঁ নাই বুলি। ভাল মানুহবোৰক চাগে ভগবানে বেছিদিন পৃথিৱীত ৰাখিবলৈ বেয়া পায়। খাটনিয়াৰ দাৰতো যোৱাৰ সময় হোৱা নাছিল। [ ২৩৮ ] পৰিয়ালে যেনেকৈ আপোনজন হেৰুৱালে, সাহিত্যিক সমাজে এজন বিদ্বান মানুহ হেৰুৱালে, ভূতত্ত্ব সমাজে এজন বিজ্ঞ ভূতত্ত্ববিদ হেৰুৱালে তেনেকৈ মই মোৰ দাদা, এজন শুভাকাঙ্খীক হেৰুৱালোঁ। যি কোনোদিনে পূৰণ নহয়। শেষ সময়ত তেওঁক দেখা নাপালোঁ৷ যেতিয়া খবৰ পালোঁ কভিডৰ কাৰণে কাৰ্ফিউ চলি আছিল। খাটনিয়াদাক আৰু কোনোদিনে নেদেখোঁ বুলি বৰ বেয়া লাগে ভাবিলে। বেয়া লাগে অফিচৰ নতুন ভূতত্ত্ববিদসকলে তেওঁৰ পৰা একো শিকিব নোৱাৰিলে বুলি। তেখেত য’তে আছে সুখত থাকক বুলি প্ৰাৰ্থনা কৰাৰ বাহিৰে আজি মোৰ ক’বলৈ একো নাই। আপুনি মোৰ অন্তৰত সদায়েই থাকিব খাটনিয়াদা, যিটো স্থান কোনেও ল’ব নোৱাৰে।❐

(লেখক এগৰাকী ভূতত্ত্ববিদ, ভূতত্ত্ব আৰু খনি সঞ্চালকালয়, অসম)

কেম্পত এখন্তেক আহৰিত

[ ২৩৯ ]

সোঁৱৰণ

অনুসূয়া বৰুৱা

খাটনিয়াৰ দাদাৰ লগত মোৰ প্ৰথম চিনাকি ১৯৯২ চনত ভূতত্ত্ব আৰু খনি সঞ্চালকালয়, অসমত সহ-ভূতত্ত্ববিদ হিচাপে সোমোৱাৰ পাছত। তেখেত আমাৰ জ্যেষ্ঠ আছিল। মুখত সদায় এমোকোৰা হাঁহিৰে, সকলোকে জোকাই ভাল পোৱা, আনৰ সুখ-দুখৰ সমভাগী হোৱা এক অনন্য ব্যক্তিত্বৰ গৰাকী আছিল খাটনিয়াৰ দাদা। শাৰীৰিক তথা মানসিকভাৱে অতি সবল আৰু স্বাস্থ্যৱান হোৱাৰ লগতে তেখেত এক দৃঢ়, সাহসী, স্পষ্টবাদী আৰু অনুসন্ধিৎসু মনৰ অধিকাৰী আছিল। বিভাগত ঠিক সোমোৱাৰ কেইদিনমানৰ পাছতেই ভূতাত্ত্বিক অনুসন্ধানৰ লগতে বিশেষকৈ Reserve estimation ৰ কিছুগৰাকী সহকৰ্মী খাটনিয়াৰ দাদাৰ ওচৰলৈ যোৱাৰ দিনটোৰ কথা আজিও বাৰুকৈয়ে মনত আছে। অতি সহজ, সৰল স্পষ্ট আৰু বৈজ্ঞানিক বিশ্লেষণেৰে কোৱা কথাবোৰে তেখেতৰ এই বিষয়ত এক বিশেষ দখল থকাৰ উমান পাইছিলোঁ আৰু সেইদিনাই হয়তো মই ভৱিষ্যতে তেখেতৰ লগত কাম কৰা এটা হেঁপাহ পুহি ৰাখিছিলোঁ।

 অসমৰ বিভিন্ন জিলাত কৰা বিশেষকৈ চূণশিল, কয়লা, গ্ৰেণাইট শিল আদিৰ ভূতাত্ত্বিক অনুসন্ধান আৰু উদ্‌ঘাটনত খাটনিয়াৰ দাদাৰ এক উল্লেখনীয় অবদান আছে। এইক্ষেত্ৰত ডিমাহাচাও জিলাৰ (উমৰাংচু, নতুন উমৰাংচু, জুই পাহাৰ) চূণশিলৰ (Cement grade and highgrade) কাৰ্বি আংলৰ জিলাৰ (শিলভেটা, ডিলাই) কয়লা আৰু মৰিগাঁও জিলাৰ গ্ৰেণাইট শিলৰ কথা বিশেষভাৱে উল্লেখনীয়।

 জীৱকুলৰ লগতে প্ৰকৃতিৰ শিল মণিকৰ লগত খাটনিয়াৰ দাদাৰ যেন এক এৰাব নোৱাৰা সম্পৰ্ক আছিল। হাবিৰ মাজত বহু ঘণ্টা ধৰি খোজ কঢ়া, ওখ ওখ পাহাৰ বিনা দ্বিধাই বগোৱা, মূৰত টুপী, হাতত হাতুৰী, back packত ব্ৰানটন কম্পাচ, [ ২৪০ ] পেন, নোটবুক, magnifyingলৈ প্ৰকৃতিৰ বুকুত মণিক অনুসন্ধান কৰাটো তেখেতৰ আছিল এক passion। ভূতত্ত্ববিদ হিচাপে বিভিন্ন ক্ষেত্ৰভিত্তিক ভূতাত্ত্বিক অনুসন্ধান আৰু তাক সূক্ষ্ম আৰু পুংখানুপুংখভাৱে পৰ্যবেক্ষণ কৰা, বৈজ্ঞানিক দৃষ্টিভঙ্গীৰে চালি জাৰি চাই ভূতাত্ত্বিক বিশ্লেষণ আগবঢ়োৱাৰ লগতে তাক সকলোৰে বোধগম্য হোৱাকৈ সুন্দৰ সাৱলীল ভাষাত লিপিবদ্ধ কৰা খাটনিয়াৰ দাদাৰ বিভাগীয় Scientific Report বোৰে অসমৰ মণিক ক্ষেত্ৰখনৰ বিভিন্ন দিশৰ ভৱিষ্যতৰ উত্তৰণত বিশেষ ভূমিকা গ্ৰহণ কৰি আছে আৰু থাকিব।

 মই ২০০৬ চনত ডিমা হাচাও জিলাৰ উমৰাংচুত Cement grade limestone ৰ অনুসন্ধানত খাটনিয়াৰ দাদাৰ লগত কাম কৰাৰ সুযোগ পাইছিলোঁ। সেইবাৰ প্ৰায় ৩৫ জনীয়া এটা বিশাল দলেৰে অৰ্থাৎ Geology, survey, drilling teamৰে সমৃদ্ধ আছিল আমাৰ অনুসন্ধান। উমৰাংচুত থকা আমাৰ স্থায়ী কেম্পৰপৰা লংগৰত সকলোৱে ভাত খাই দৈনিক পুৱা ৭ বজাত আমাৰ যাত্ৰা আৰম্ভ হৈছিল। খাটনিয়াৰ দাদাৰ লগত ১১-১২ ঘণ্টা ধৰি হাবিৰ মাজে মাজে কেইবাদিনো খোজ কঢ়াৰ কথা, চূণশিলৰ exposer বিচাৰি নলা sectionৰ কাষে কাষে খোজকাঢ়ি পৰ্যবেক্ষণৰ লগতে বিভিন্ন দিশ আলোচনা কৰা, অসমৰ আন বিভিন্ন মণিক ক্ষেত্ৰৰ পুৰণি অভিজ্ঞতাৰ তেখেতৰ গল্প শুনা, খাটনিয়াৰ দাদাই পকেটৰ পৰা চকোলেট উলিয়াই সকলোকে দিয়া, drilling siteত বহি বাঁহৰ চুঙাত লালচাহৰ জুতি লোৱা ইত্যাদি এই সকলোবোৰেই যেন এক সুন্দৰ স্মৃতি হিচাপে সদায় জীয়াই থাকিব। ইয়াৰোপৰি উমৰাংচুৰ আশে-পাশে ভূতাত্ত্বিক বিশেষত্ব থকা কেইবাটাও স্পটলৈ খাটনিয়াৰ দাদাই আমাক লৈ গৈছিল। এই যাত্ৰাতে নৈসৰ্গিক সৌন্দৰ্যৰ লগতে ভূতাত্ত্বিক বিশেষত্ব থকা ডিমা হাচাও জিলাৰ ‘পানীমূৰ জলপ্ৰপাত’ক Geotourismৰ স্পট হিচাপে গঢ়ি তোলাৰ গভীৰ আশা প্ৰকাশ কৰিছিল খাটনিয়াৰ দাদাই। মোৰ এতিয়াও মনত পৰে মই যেতিয়া মোৰ সৰু কেমেৰাটোৰে আমি কৰা ভূতাত্ত্বিক অনুসন্ধানৰ প্ৰতিটো অংশই ফটো হিচাপে ধৰি ৰাখিবলৈ চেষ্টা কৰিছিলোঁ, খাটনিয়াৰ দাদাই এই সকলোবোৰ documentary হিচাপে এই ভূতত্ত্ব আৰু খনি বিভাগৰ কামৰ প্ৰকৃত প্ৰতিচ্ছবিখন সকলোৰে আগত দাঙি ধৰাৰ আশা প্ৰকাশ কৰিছিল। কিন্তু সেইটো আজি পৰ্যন্ত বাস্তৱায়িত কৰিব পৰা নহ’ল।

 ২০১০ চনত মৰিগাঁও জিলাত থকা গ্ৰেণাইট শিলৰ (Decorative pur- pose) অনুসন্ধানত খাটনিয়াৰ দাদা আমাৰ incharge আছিল। কাজলী চকীৰপৰা আৰম্ভ কৰি বুঢ়া মায়ং, হিলাই খুন্দা, কালশিলা, বুঢ়াবুঢ়ী পাহাৰ, মনহা কুঁৱৰীগাঁও, [ ২৪১ ] কুমই, তেতেলিয়া, ঢেকীয়াবাৰী, কছাৰী গাঁও, হাতীউঠা, বঘৰা এই সকলোবোৰ ঠাইতে গ্ৰেণাইট শিলৰ বাবে প্ৰাথমিক ভূতাত্ত্বিক অনুসন্ধান চলাইছিলোঁ। আনকি সেই সময়ত গুৱাহাটীৰপৰা সম্পূৰ্ণ বিচ্ছিন্ন হৈ থকা অথচ গুৱাহাটীৰ সমীপতে থকা চনকা গাঁৱলৈ আমি খোজকাঢ়ি পাহাৰ পাৰ হৈ গৈছিলোঁ। এই গাঁৱৰ বিশেষত্বৰ লগতে প্রাকৃতিক সৌন্দৰ্যৰ কথা উপলব্ধি কৰি খাটনিয়াৰ দাদাই চনকাক tourist spot হিচাপে গঢ় দিয়াৰ কথা আমাৰ আগত আলোচনা কৰিছিল।

 খাটনিয়াৰ দাদাৰ লগত কৰা এই অন্বেষণবোৰত বিভিন্ন পাহাৰ, গাঁও ঘূৰি ফুৰোঁতে গাঁৱৰ চিকুণাই থোৱা চাৰিআলিৰ ডাঙৰ গছজোপাৰ তলত বহি ওচৰৰে সৰু চাহৰ দোকানৰপৰা গাখীৰ দিয়া চাহ খোৱা, একেবাৰে স্থানীয়ভাৱে তৈয়াৰ কৰা ৰসগোল্লা, গজাৰ জুতি লোৱা, ৰকম ৰকম অসমীয়া ব্যঞ্জনেৰে গাঁৱৰ সৰু হোটেলত তৃপ্তিৰে এসাজ খোৱা আদিৰ লগতে খাটনিয়াৰ দাদাই গাঁৱৰ মানুহৰ সৈতে সহৃদয়তাৰে ভাব বিনিময় কৰা, খেতি-বাতিৰ লগতে গাঁওখনৰ সকলো বিষয়ে আতিগুৰি মাৰি সবিশেষ জানিবলৈ ইচ্ছা কৰা, তেওঁলোকৰ আৰ্থিক অৱস্থাৰ বুজ লোৱা আদি সকলোবোৰেই এক পাহৰিব নোৱাৰা সুন্দৰ স্মৃতি হিচাপে সদায় জীৱন্ত হৈ থাকিব।

 সদায় ৰংমনেৰে থকা খাটনিয়াৰ দাদাৰ হাতত আছিল সকলো সমস্যাৰে সমাধানসূত্র। ব্যক্তিগত বা বিভাগীয়ই হওক, সকলো কথা নিঃসংকোচে, মুকলিমূৰীয়াকৈ পাতিব পৰা ব্যক্তি আছিল খাটনিয়াৰ দাদা। সহায়ৰ হাত আগবঢ়োৱাত তেখেত আছিল সবাতোকৈ আগত ৷ মোক এবাৰ পেট বিষাওতে ঘৰৰপৰা লৈ অহা নিমখত দিয়া নেমুৰ বটলটো, উপহাৰ হিচাপে দিয়া Quartz Crystalৰ টুকুৰাটো মই সযতনে ৰাখি থৈছোঁ। প্ৰকৃতাৰ্থত তেখেত আছিল এক অনুষ্ঠান। এনেকুৱা ভাব হয় তেওঁৰ যেন বহু কৰিবলগীয়া থাকি গ'ল। লগতে নতুন প্রজন্মইও যেন খাটনিয়াৰ দাদাৰপৰা বহু শিকিবলগীয়া থাকি গ'ল। এই সুদীৰ্ঘ বছৰ কাল নিৰৱচ্ছিন্নভাৱে, অধিক দক্ষতাৰে কৰি থৈ যোৱা কামে অসমৰ মণিক ক্ষেত্ৰখন অধিক চহকী কৰি থৈ যোৱাৰ লগতে খাটনিয়াৰ দাদাক সকলোৰে মাজত জীয়াই ৰাখিব।

(লেখক এগৰাকী ভূতত্ত্ববিদ, ভূতত্ত্ব আৰু খনি সঞ্চালকালয়, অসম) [ ২৪২ ]
 

খাটনিয়াৰ দাৰ লগত কিছু মিঠা অনুভৱ

বৰ্ণালী বৰা

হঠাৎ মোবাইলৰ শব্দত সাৰ পাই উঠিলোঁ। বন্ধৰ দিন, ভাত খাই বিছনাত বাগৰ দিছিলোঁ। খাটনিয়াৰ দাৰ বৌৰ ফোনটো দেখি একেজাপে উঠি বহিলোঁ। 'কওক বৌ’ বুলি সদায় কোৱাৰ দৰেই আৰম্ভ কৰিলোঁ। বৌৰ মৰমৰ অনুৰোধ, কিবা এটা লিখিব লাগে খাটনিয়াৰ দাৰ প্ৰথম মৃত্যু বার্ষিকীত প্ৰকাশ কৰিব বিচৰা গ্ৰন্থখনিত। কিবা এটা সৰুকৈ হ'লেও লিখিম বুলি কিছু ঘৰুৱা কথা পাতি ফোনটো থ’লোঁ। মনটো সেমেকি উঠিল... কি লিখিম, ক’ৰ পৰা আৰম্ভ কৰিম... পলকতে বহু কথাই মনটোক জুমুৰি দি ধৰিলে।

 ১৯৯২ চনলৈ মনটো উৰি গ'ল। ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহত মই আৰু মোৰ স্কুলৰ বান্ধৱী তথা বৰ্তমানৰ সহকৰ্মী অনুসূয়া বৰুৱা, ভূতত্ত্ব আৰু খনি বিভাগত চাকৰি পোৱাৰ সূত্ৰে কাহিলীপাৰা কাৰ্যালয়লৈ যোগদান কৰিবলৈ আহিছিলোঁ। দেউতাই কৈ পঠিয়াইছিল, ‘বিপুল খাটনিয়াৰক লগ ধৰিবি’। মোৰ দেউতা স্বর্গীয় যতীন বৰা আৰু খাটনিয়াৰ দাৰ শহুৰ স্বৰ্গীয় অনিল ৰায়চৌধুৰী খুৰাই গুৱাহাটী বিশ্ববিদ্যালয়ত একেলগে চাকৰি কৰিছিল। সেই সময়ত মই Co-operative City Bank ত চাকৰি কৰি আছিলোঁ। মই চিনাকি দিয়াত খাটনিয়াৰ দাই প্রথমেই কৈ উঠিছিল, ‘দৰকাৰ নাই ইয়ালৈ অহাৰ, বেংকতে থাকা।’ প্রথমে খং উঠিছিল যদিও দাদাৰ ক্ষোভৰ কাৰণ পাছত গম পাইছিলোঁ।

 সেই যে চিনাকি, তাৰ পাছত কেনেকৈনো সেই মানুহজনৰ লগত এক বুজাব নোৱাৰা বান্ধোনেৰে বান্ধ খাই পৰিলোঁ গমেই নাপালোঁ। খাটনিয়াৰ দাৰ লগত না মোৰ আদৰ্শৰ মিল আছিল না মত্ৰ। তথাপিও ক'ৰবাত যেন এটা গভীৰ মৰম আছিল, শ্রদ্ধা আছিল, যাৰ ফলত এটা বুজাব নোৱাৰা বান্ধোনেৰে আমি দুয়োটা পৰিয়াল বান্ধ খাই পৰিছিলোঁ আৰু ল’ৰা-ছোৱালী দুটাৰ মামা হৈ পৰিছিল । জ্ঞানৰ [ ২৪৩ ] ভঁৰাল আছিল খাটনিয়াৰ দাৰ। সাহিত্য আৰু ভূতত্ত্বৰ। তেখেতৰ জীৱনৰ অভিজ্ঞতাবোৰ গল্প শুনাৰ দৰে শুনি গৈছিলোঁ, বহু কথা শিকিছিলোঁ ভূতত্ত্ব সম্বন্ধীয়। তেখেতৰ ভূতত্ত্বৰ জ্ঞান আছিল অপৰিসীম। আজি কিছু কথা যদি জানো বুলি আনে ভাবে, সেইখিনি খাটনিয়াৰ দাৰেই অৱদান।

 তেখেতৰ লগত চামতা পথাৰ, সোণাপুৰৰ ওচৰত গ্ৰেণাইটৰ অনুসন্ধানত কৰা field খন চিৰস্মৰণীয় ৷ মোৰ ল’ৰাৰ বয়স তেতিয়া এবছৰ মাত্ৰ ৷ গতিকে ল’ৰাক লৈ যাবলগীয়া হৈছিল কেম্পলৈ। সদায় সান্ধ্য ভ্ৰমণলৈ যোৱাটো আমাৰ অভ্যাসত পৰিণত হৈছিল ৷ মোৰ সহকৰ্মী তথা ভনীসদৃশ কবিতা আছিল তেখেতৰ সৰু বাইদেউ আৰু মই ডাঙৰ বাইদেউ। ল’ৰাই ভালকৈ খোজ পেলোৱাই নাই। ‘ব’ল তয়ো যাবি’ বুলি এহাতে কোলাত ডাঙি লৈ খোজ পেলালেই। আহোঁতে চিংৰা আৰু ৰসগোল্লা খোৱাটো একপ্ৰকাৰ নিয়মত পৰিণত হৈছিল। বন্ধৰ দিনত সোণাপুৰৰ আৰ্মী কেণ্টিনত টেক্স-ফ্রী বজাৰ কৰা আৰু চিনেমা চোৱা আমাৰ field প্ৰগ্ৰেমৰেই এটা অবিচ্ছেদ্য অংগ আছিল। শীতৰ বন্ধত ছোৱালীও আমাৰ কেম্প পাইছিলগৈ।

 বজাৰ কৰাত অদ্ভুত চখ আছিল আৰু সেই চখটো মই তেওঁৰ পৰাই হয়তো আহৰণ কৰিছিলোঁ । গাঁৱৰ সাপ্তাহিক বজাৰবোৰ আমাৰ বৰ প্ৰিয় আছিল। মই ৰন্ধা প্ৰতিটো বস্তুৱেই ইমান আগ্ৰহেৰে খাইছিল যে বুজাব নোৱাৰোঁ। খেতি কৰা, ঘৰৰ খেতিৰ বস্তুপদ সযতনে মৰমেৰে লৈ অহা কথাবোৰে বৰকৈ আমনি কৰে খাটনিয়াৰ দা!

 অতি সাধাৰণভাৱে জীৱন অতিবাহিত কৰা, সৰু-বৰ সকলোকে সমান ব্যৱহাৰ কৰা ব্যক্তিজনলৈ মোৰ সশ্রদ্ধ প্রণাম। জীৱনৰ ঘাত-প্রতিঘাতবোৰৰ সন্মুখীন হওঁতে আপোনালৈ বৰকৈ মনত পৰে অ’ খাটনিয়াৰ দা। আহি যেন ক’ব, ‘চিন্তা নকৰিবা ডাঙৰ বাইদেউ, মই আছোঁ নহয়৷’ য’তেই আছে খাটনিয়াৰ দা শান্তিত থাকক, লিখা পঢ়া কৰি থাকক। লগ পাম আকৌ...

(লেখক এগৰাকী ভূতত্ত্ববিদ, ভূতত্ত্ব আৰু খনি সঞ্চালকালয়, অসম) [ ২৪৪ ]

 

বৰেণ্য বিপুলদা

অৰুণ কুমাৰ সিংহ

স্বৰ্গীয় বিপুল কুমাৰ খাটনিয়াৰ, মোৰ বাবে বিপুলদা, অতি শ্ৰদ্ধাৰ আৰু মৰমৰ বিপুলদা। তেওঁ আজি আমাৰ মাজত নাই কিন্তু এচাম প্রগতিশীল অসমবাসীৰ মাজত তেওঁ সদায় বিৰাজমান।

 ১৯৮৬ চনৰ নৱেম্বৰ মাহত ভূতত্ত্ব আৰু খনি সঞ্চালকালয়ত চাকৰিত যোগদান কৰাৰ দুদিনমান পাছত লগ পাই চিনাকি হৈছিলোঁ জুৰোড প্ৰশান্তি নামৰ অট্টালিকাত বিষয়াবৰ্গৰ কোঠালিত। চিনাকি হোৱাৰপৰা তেওঁক জানিবৰ এক প্ৰবল ইচ্ছা জাগিছিল।

 লাহে লাহে দিন বাগৰিছিল আৰু মই তেওঁৰ ওচৰ চাপি গৈ আছিলোঁ মোৰ অজানিতে। ইতিমধ্যে ১৯৯০-৯২ চনৰ দুটা ক্ষেত্রভিত্তিক অনুসন্ধানৰ সময়ত তেখেতৰ কনিষ্ঠ বিষয়া হিচাপে কাম কৰিবলগীয়া হৈছিল আৰু এই সময়চোৱাতে মই বিপুলদাৰ অতি ঘনিষ্ঠ হৈ পৰিছিলোঁ।

 ১৯৯০-৯২ চনৰ উমৰাংচুৰ জুই পাহাৰ কেম্প। ৰাতিপুৱা সাত বজাত খাই-বৈ ওলাই যাওঁ আমি তিনি ভূতত্ত্ববিদ, তৃতীয়জন শ্ৰীযুত সুৰেশ চন্দ্ৰ বৰুৱা, ২নং বিষয়া হিচাপে মকৰল হৈছিল। পাহাৰৰ খলা-বমা ভেদি, নলা, জান, জুৰি পাৰ হৈ যাব লাগে। এখন যুঁজ সদায় থাকে। জৰীপ কৰি গৈ থাকোতে ভিন্ন ধৰণৰ চৰাই-চিৰিকতি দেখা পাওঁ আৰু তাৰ মাজত ধনেশ পক্ষীয়ে প্ৰধান । বনৰীয়া কুকুৰাৰ মাত আৰু ধনেশ পক্ষীৰ চিঞৰত টোপনি ভাঙে সদায় পুৱা। জৰীপৰ কাৰণে জংগল চাফা কৰোঁতে এবিধ কমলা ৰঙৰ সাপ আমি প্রায়ে দেখা পাইছিলোঁ। নাম জনাৰ উৎসুকতা আছিল যদিও সফল নহ'লোঁ। স্থানীয় বাসিন্দা কাৰ্বি সম্প্ৰদায়ৰ লোকে নাজানে সাপবিধৰ নাম। ইয়াৰ বাহিৰে ঢোঁৰা সাপ, কাঢ়শলা ইত্যাদি সাপ সচৰাচৰ দেখা পাইছিলোঁ । জন্তু বুলিলে হাতী, পহু, বান্দৰ আৰু বাংকেক (উৰণীয়া কেৰ্কেটুৱা) [ ২৪৫ ] সহজলভ্য।

 দুখে-ভাগৰে ২/৩ মান বজাত ঘূৰি আহি কেম্প পাওঁ পাওঁ হওঁতে সৰ্বশৰীৰ কেমেৰাই যায়। কেম্প পাই গা ধুই উঠি কেইটামান খাই-লৈ অলপ জিৰণি লোৱাৰ পাছত ভলীবল খেল। এটা সুন্দৰ পৰিৱেশৰ মাজত নিয়মানুৱৰ্তিতাৰে আমি কেম্পৰ দিনবোৰ কটাইছিলোঁ । সদায় নতুন নতুন উদ্ঘাটন । চূণশিল, অতি উচ্চমানৰ চূণশিল, আকৌ জীৱাশ্মমুক্ত চূণশিল, জীৱাশ্মমুক্ত শেল পাথৰ। এইবিলাক অধ্যয়ন কৰি গোটেই অঞ্চলটোৰ বয়স উলিয়াব পাৰি। খনন কৰি উলিওৱা নমুনাৰপৰা আকৌ কয়লা, সুন্দৰ বালিশিলৰ অৱস্থিতিৰ লগতে কি পৰিস্থিতিত এই পদাৰ্থবিলাকৰ স্তৰৰ সৃষ্টি কেনেকৈ হয় তাৰো উমান লগাব পাৰি ইত্যাদি বহু তথ্যৰ যোগান আমি বিপুলদাৰ পৰাই পাইছিলোঁ আৰু এনেকৈ বহু নতুন নতুন কথা শিকিব পাৰিছিলোঁ।

 গধূলি অলপ স্ফূর্তি-ফাৰ্তা কৰি অলপ তাচকে খেলি ভাত হোৱালৈকে থাকিছিলোঁ আৰু পিছদিনাৰ প্ৰস্তুতি কৰি শুই পৰিছিলোঁ।

 এনেকৈ কেম্পত থাকোঁতেই মোৰ আৰু বিপুলদাৰ মাজত ভাতৃসুলভ সম্পৰ্কই গঢ় লৈছিল আৰু মই বিপুলদাক ভালকৈ বুজিব পৰা হৈ আহিছিলোঁ।

 আজি বিপুলদা নাই। মোৰ দুৰ্ভাগ্য অন্তিম সময়ত তেওঁক মই নাপালোঁ। যিজনৰ অন্তৰংগতাই মোক অনুপ্রাণিত কৰিছিল, নতুন কিবা কৰিবলৈ, বিশেষকৈ ভূতত্ত্ব বিষয়ত। মোৰ মাতৃৰ অসুখৰ বাবে মই গাঁৱলৈ গৈছিলোঁ।

 তেওঁ আৰু মই লগ লাগি কিছু ভূতত্ত্ব বিষয়ক কাম কৰিছিলোঁ গুৱাহাটী আৰু ওচৰ-চুবুৰীয়া অঞ্চলত। তাৰে সবাতোকৈ ডাঙৰ কামটো আছিল যোৰাবাটৰপৰা বৰাপানীলৈকে ৰাষ্ট্ৰীয় ঘাইপথৰ বহল আৰু সৰলীকৰণৰ কাৰণে জৰীপ কৰাটো। গোটেই কামটো কৰোঁতে আমাক সাতোটা দিন লাগিছিল। এতিয়াও গাঁৱলৈ গ'লে যোৰাবাট পাৰ হোৱাৰ লগে লগে বিপুলদালৈ মনত পৰে।

 ভূতত্ত্ব সম্বন্ধীয় কাম-কাজ কৰোঁতে তেওঁৰ এই বিষয়ত জ্ঞানৰ পৰিসৰৰ উমান মই লগাব পাৰিছিলোঁ। তেওঁৰ শলাগ ল'বলগীয়া গুণৰাজিৰ ভিতৰত নাজানিলে জনাৰ ইচ্ছা আৰু নজনাটো স্বীকাৰ কৰাটো। আমি কেম্পত বহি ভূতত্ত্বৰ বাহিৰেও সমাজৰ কথা, নৱ প্ৰজন্মৰ ন দৃষ্টিভঙ্গীৰ কথা, শিক্ষা আৰু শৈক্ষিক মানদণ্ডৰ বিষয়ে আলোচনা কৰিছিলোঁ। নিজৰ সন্তানৰ শিক্ষা তথা আচৰণৰ কথা প্ৰায়ে আলোচনা কৰিছিলোঁ । আলোচনা হৈছিল সাহিত্যৰ কথাও, য’ত নতুন সাহিত্য পৰিষদৰ কথাই বেছি আছিল।

 ম‍ই চাকৰিত যোগদান কৰাৰ আগতেও তেওঁ বহু কাম কৰিছিল। তাৰে বিশেষ [ ২৪৬ ] কেইটামানৰ কথা মই লিখিলোঁ। বৰ্তমান কাৰ্বি আংলঙৰ বোকাজান, সৰিয়হজান অঞ্চলত চূণশিলৰ বাবে জৰীপ, দিলাই পাহাৰ আৰু শিলভেটা অঞ্চলত কয়লাৰ কাৰণে জৰীপ আৰু নামবৰ সংৰক্ষিত বনাঞ্চলত ভিন্ন ধৰণৰ মাণিকৰ কাৰণে কৰা জৰীপ। বৰ্তমান ডিমা হাচাও জিলাৰ গৰমপানী অঞ্চলত কয়লা তথা চূণশিলৰ বাবে কৰা জৰীপ। যাৰ পৰিণতি স্বৰূপ আজিৰ অসম খনিজ উন্নয়ন নিগমৰ বুজন পৰিমাণৰ শুদ্ধ আমদানী।

 ইয়াৰ বাহিৰে ১৯৯৭-৯৯ৰ সময়ছোৱাত বিপুলদাৰ সৈতে মই আৰু পল্লৱ বৰুৱাই উত্তৰ পাৰৰ আগ্নেয় তথা ৰূপান্তৰিত শিলৰ ব্যৱহাৰিক দিশ পৰীক্ষা কৰিবৰ বাবে আগিয়াথুৰি পাহাৰৰপৰা আৰম্ভ কৰি মান্দাকাটা পাহাৰলৈকে আৰু দেওদুৱাৰ অঞ্চলৰ ওচৰৰ পাহাৰবিলাকৰ বিস্তৃত জৰীপ কৰাৰ কাম কৰিছিলোঁ৷ যিয়ে পাছলৈ এই অঞ্চলত শিলৰ খনি স্থাপনত সহায় হৈছিল। এই অঞ্চলৰ শিল ৰাস্তা বনোৱাৰ কাৰণে বহুত উপযোগী। এই অঞ্চলত এতিয়াও জৰীপৰ কাম চলি আছে বাৰ ভিত্তি বিপুলদাৰ সময়ৰ জৰীপৰ মূল।

 মই আৰু বিপুলদাই লগ লাগি ১৯৯২ চনত গৰমপানীৰ ওচৰত বুঢ়া হাঙডং অঞ্চলত অতি উচ্চমানৰ চূণশিলৰ এক বৃহৎ ভাণ্ডাৰৰ আৰম্ভণি জৰীপ কৰিছিলোঁ, যি এতিয়া এক অতি উত্তম ভাণ্ডাৰ বুলি বিবেচিত হৈছে।

 ইমানবিলাক গুণ তথা কৰ্মৰ গৰাকী হৈও তেওঁৰ অহং ভাব নাছিল। অতি সৰল মনৰ মানৱদৰদী বিশেষকৈ দুখীয়াৰ দুখত সমভাগী হ'বলৈ তেওঁ বহু কাম কৰিছিল, যিবিলাক সকলোৰে চকুত নপৰে।

 আৰু বহু কথাই লিখিবলৈ থাকিল। মুঠ কথা মোৰ দাদা, বন্ধু এজনক মই অকালতে হেৰুৱালোঁ আজিৰপৰা এবছৰ আগতে। নিষ্ঠুৰ কালে বিদায়বেলাত বিপুলদাৰ কাষৰপৰা মোক আঁতৰাই নিছিল। হয়তো বহু কথাই জানিবলৈ, শুনিবলৈ বা শিকিবলৈ থাকি গ'ল।

 বিপুলদা নাই এই সত্য মানিবলৈ বাধ্য হ’লোঁ। য’তেই নাথাকক, তেখেতৰ আত্মাৰ চিৰশান্তিৰ বাবে ঈশ্বৰলৈ মোৰ আকুল প্ৰাৰ্থনা থাকিল।

 বিদায় বন্ধু, হয়তো পৰলোকত লগ পাম সেই আশাৰে সামৰিলোঁ লিখনি— আপোনাৰ চৰণত এই স্মৃতিচাৰণ অৰ্পণ কৰিলোঁ৷▢

(লেখক অৱসৰপ্ৰাপ্ত ভূতত্ত্ববিদ, ভূতত্ত্ব আৰু খনি সঞ্চালকালয়, অসম) [ ২৪৭ ]

দাদা আজি আমাৰ মাজত নাই

বীণা পেগু

 ২০০৫ চনৰ মে’ মাহত আমি বিপুল খাটনিয়াৰ দাদাৰ ঘৰলৈ ভাৰাতীয়া হিচাপে আহিছিলোঁ। মোৰ স্বামী ৰঞ্জিত পেগু অসমৰ ভূতত্ত্ব আৰু খনি বিভাগত তেখেতৰ সহকৰ্মী আছিল।

 আমাৰ পৰিয়ালটোক দাদা আৰু বাইদেৱে আপোন মানুহৰ দৰেই ব্যৱহাৰ কৰে। দাদাই মোক নিজৰ ভনীৰ দৰে ভাবিছিল। মই দিছপুৰ নাৰ্চিং হোমত জ্যেষ্ঠা নাৰ্চ হিচাপে কাম কৰি আছোঁ। যিকোনো মেডিচিনৰ বিষয়ে জানিবলৈ তেওঁ মোক সোধে। ময়ো নজনা কথা কিছুমান জানিবলৈ তেওঁক সুধিবলৈ ভাল পাওঁ। বিহু সংক্ৰান্তি, ল’ৰা-ছোৱালীৰ জন্মদিন আদিৰ সুযোগত আমি দুয়োঘৰে মাজে মাজে একেলগে বহি খোৱামেলা কৰোঁ। মোৰ হাতেৰে খাই তেওঁ বৰ তৃপ্তি পায় হেনো। ল’ৰা-ছোৱালীকেইটাক তেওঁ বৰ মৰম কৰে। তেওঁলোক বিয়াবাৰুলৈ গ’লে আমাৰ ল’ৰা-ছোৱালীকেইটাকো প্ৰায়ে লগত লৈ যায়। সিহঁতৰ পৰীক্ষা থাকিলে দাদাই ৰাতিপুৱা সোনকালে উঠাই দিয়ে। আমাৰ এজনী ছোৱালী আৰু তাইৰ তলত যুৰীয়া ল’ৰা এহাল। ল’ৰা দুটাৰ জন্ম এইখন ঘৰতে হৈছিল। এতিয়া সিহঁত সপ্তমমান শ্ৰেণী পাইছে।

 দাদাক অনবৰতে লিখা-পঢ়া কৰি থকা দেখিছিলোঁ। লিখি থাকোঁতে কেতিয়াবা মোক মিছিং শব্দবোৰ সুধি থাকে। কেইবছৰমানৰ পৰা দাদা বৰকৈ খীনাব ধৰিলে। পৰিয়ালৰ মানুহে তেওঁক চেন্নাইৰ এপ’লত দেখুৱাবলৈ নিছিল। তেতিয়া নিমুনিয়াৰ বাদে কোনো বেমাৰ ধৰা পৰা নাছিল।ছয়মাহ পিছত তেওঁক পুনৰ যাবলৈ কৈছিল; কিন্তু কভিডৰ পৰিস্থিতিত যাব নোৱাৰিলে। তেখেতৰ কভিড হোৱাৰ পিছত কাঁহ-কফ বেছি হোৱাত দিছপুৰ হস্পিতালত ভৰ্তি কৰা হৈছিল। তাতেই তেখেতৰ mul[ ২৪৮ ] tiple myeloma বেমাৰটো ধৰা পৰিছিল। ঘৰলৈ অহাৰ পিছত প্ৰতি সপ্তাহত এটাকৈ কেমো আৰু আন আন ইনজেকচন দিয়াৰ দায়িত্ব মই লৈছিলোঁ। দাদাই মোৰ ওপৰত বহুত বিশ্বাস ৰাখিছিল। মই যিমানখিনি জানো সিমানখিনিলৈ তেখেতক শুশ্ৰূষাও কৰিছিলোঁ। কিন্তু আমাৰ দুৰ্ভাগ্য যে তেখেতে বেমাৰৰ ওচৰত হাৰ মানিলে।

 দাদালৈ আজি বৰকৈ মনত পৰে। আমি দুয়োঘৰে সুখে-দুখে সমভাগী হৈ একেঘৰৰ দৰে আজিলৈকে কটাই আহিছোঁ। ল’ৰা-ছোৱালীৰ জন্মদিন, বিহু-সংক্ৰান্তি আদি ভাল ভাল দিনত তেখেতৰ অনুপস্থিতিয়ে মনত বৰ ব্যথা দিয়ে।

 গুৱাহাটীৰ সোনাইঘূলিত মাটি এডোখৰ লৈ ঘৰ এটা বনাই আছোঁ। কিছুদিন পিছত আমি নিজৰ ঘৰলৈ যাম। কিন্তু এইখন ঘৰ তেতিয়াও আমাৰ আপোন হৈয়ে থাকিব। দাদাৰ আত্মাই শান্তি লাভ কৰক।

(লেখক জ্যেষ্ঠা নাৰ্চ, দিছপুৰ নাৰ্চিং হোম)

বীণা পেগুৰ ল’ৰা-ছোৱালী আৰু ভাগিনীৰ স’তে

[ ২৪৯ ]

বিপুল খাটনিয়াৰ

কুমকুম দাস মালাকাৰ

“অহাৰ দৰে
উভতি আঁতৰি গ'লা
বাটে বাটে ফুল সিঁচি থৈ”

সঁচাকৈ এনেকৈয়ে সকলো আঁতৰি যায়, কিন্তু এই বাস্তৱ সত্যটোক স্বীকাৰ কৰোঁতে বৰ কষ্ট হয়। স্বীকাৰ কৰিও মনত প্ৰশ্ন জাগে – কিয় এনে হয়। লগে লগে হৈ পৰে সকলো অতীত। স্মৃতিবোৰ বেদনাৰে ভৰি পৰে। তথাপি আমি কৰ্তব্য কৰিব লাগিব— এয়াই জীৱনৰ সত্য।

 বিপুল খাটনিয়াৰ দাক কেতিয়া লগ পাইছিলোঁ ভালকৈ মনত নপৰিলেও ১৯৮৪ চনত ভাইটি কংকৰ মৃত্যুৰ সময়ৰপৰাই আমি এই টিলাটোৰ বাসিন্দা হওঁ। সেই সময়ৰপৰাই লগ পোৱা মনত আছে।

 আমাৰ টিলাটোৰ ১০/১২ ঘৰ মানুহৰ ভিতৰত দুঘৰমানৰ বাহিৰে বাকীকেইঘৰ প্ৰায় সম বয়সৰ, সেয়েহে বিয়া-বাৰু ১/২ বছৰৰ ব্যৱধান আৰু ল’ৰা- ছোৱালীবোৰো প্ৰায় সমবয়সীয়া। টিলাটোত আগতে বিপুল শৰ্মা দেৱ, যতীন বৰা দা, মুদৈ আছিল— তেওঁলোক আমাৰ ইয়াৰপৰা যোৱাৰ পিছত আকৌ বেলেগ আহিল।

 প্ৰথমে টিলাটোত এতিয়াৰ দৰে ৰাস্তা নাছিল, আমাৰ ঘৰৰ চোতালেদি অহা- যোৱা কৰিছিল, কৰোঁতে আমাৰ দেখা-দেখি মতা-মতি হৈছিলেই।

 পিছৰ আমাৰ টিলাটোৰ মানুহখিনিয়ে লগ হৈ মাহে মাহে পইচা তুলি জমা কৰি ৰাস্তাটো বনোৱা হৈছে। কামটোৰ বাবে আগভাগ লৈছিল বিপুল খাটনিয়াৰে। কাৰণ আমি ৰাস্তাটোৰ বাবে যাব লগা ঠাইলৈ বহুত গ’লোঁ— দৰ্খাস্ত দিলোঁ, একো [ ২৫০ ] ফল নধৰাত আমাৰ টিলাটোৰ মানুহে নিজেই বনালে। যথেষ্ট মিলা-প্ৰীতি আছিল আমাৰ টিলাৰ মানুহখিনিৰ মাজত আৰু আমাৰ ল'ৰা-ছোৱালীবোৰো এটা যেন ঘৰুৱা পৰিৱেশত ডাঙৰ হৈছে। বন্ধৰ দিনত, গধূলি সময়ত, ইটো-সিটোৰ জন্মদিন বিলাকত ল’ৰা-ছোৱালীবিলাকৰ তৎপৰতা আনন্দ আজিও মনত পৰিলে ভাল লাগে। এতিয়া সকলো ডাঙৰ হৈ নিজৰ ভৰিৰ ওপৰত ঠিয় হ’ল আৰু সকলোৰে বিয়া-বাৰুও হৈ গ’ল। ৰীণাই ইহঁতবোৰক গান শিকাইছিল। ল'ৰা-ছোৱালীবোৰে বৰ ভাল পাইছিল।

 এই টিলাটোৰ পৰা বিপুল শৰ্মা, যতীন বৰা যোৱাৰ পিছত একে মতাদৰ্শৰ আমি দুঘৰেই আছিলোঁ বাবে কিছু কিছু সময়ত কথা-বতৰা-আলোচনা কৰাত সুবিধা পাইছিলোঁ আৰু কৰিছিলোঁ।

 টিলাটোৰ পানীৰ ব্যৱস্থা কুঁৱাই আছিল, পিছলৈ পানীৰ ব্যৱস্থা হ’ল যদিও বৰ্তমান আকৌ একে, আমাৰ টিলাটোত পানী নুঠে। পানীৰ লাইন অহাৰ সময়তো আমি মহিলাকেইগৰাকী গৈছিলোঁ, পানী যোগান অফিচলৈ। দৰ্খাস্ত আদি খাটনিয়াৰ দাই লিখি দিছিল।

 আমাৰ এই কেইঘৰৰ মাজত আত্মীয়তাও আছিল যথেষ্ট। আগতে আমাৰ হেঙেৰাবাৰী-গুণেখগুৰি ৰাস্তাটো ভাল নাছিল, খলা-বমা আছিল, মোৰ ল'ৰা ৰিকুৰ জন্মৰ আগতে মই ছোৱাজনীক লৈ ৰিক্সাত গৈছিলোঁ। খাটনিয়াৰ দাই দেখা পালে আৰু গধূলি ঘৰলৈ অহাৰ পিছত মালাকাৰক, লগতে মোক সঁকিয়াই দিলে তেনেকৈ যাতে নাযাওঁ। মোৰ কুঁৱা নথকাত বিপুল শৰ্মাৰ কুঁৱাৰ পৰা পানী আনিছিলোঁ। মই পানী আনিবলৈ গ'লে যদি দেখা পায় তেতিয়া খাটনিয়াৰ দাই মোৰ হাতৰ পৰা বাল্টিটো লৈ আহি ঘৰত থৈ যায়। এনেকুৱা বহু কথাই মাজে মাজে স্মৃতিৰ পটত ভাহি উঠে।

 আগতে সাহিত্য পৰিষদৰ লগত মই প্ৰত্যক্ষভাৱে জড়িত নাছিলোঁ যদিও পৰোক্ষভাৱে আছিলোঁ। ভাইটি নৰেন দাস আহে খাটনিয়াৰ দাক লগ ধৰিবলৈ। আহোঁতে যাওঁতে মোৰ ঘৰত সোমায়েই। তেনেকৈ খনিকৰ দা, তেখেতে মোক সাহিত্য পৰিষদৰ সভ্যা ভৰ্তি কৰিছিল, দিশপুৰ শাখাৰ মিটিং হ’লে মাতিছিল— গৈছিলোঁ। তেনেকৈ বিজনলাল চৌধুৰী দাদাও আহিছিল। নতুন সাহিত্য পৰিষদে প্ৰকাশ কৰা কিতাপ লৈছিলোঁ, কেতিয়াবা ২/৪ খন বেচিও দিয়া গৈছিল।

 কেতিয়াবা সাহিত্য পৰিষদৰ সন্মিলন হৈ যোৱাৰ পিছত সন্মিলন সম্পৰ্কে কিছু কথাও পাতিছিলোঁ। সংগঠনৰ কাম-কাজ, স্থিতি সম্পৰ্কে কথা কৈছিল। এটা সংগঠন নিয়াৰিকৈ ধৰি ৰখা কাম যথেষ্ট কঠিন, সেই সম্পৰ্কে এটা-দুটা কথা কৈছিল। [ ২৫১ ] নতুন সাহিত্যৰ কোনো এটা সংখ্যাত ‘আত্ম সমালোচনা’ বিষয় এটা দি নিজৰ গল্পৰেই সমালোচনা কৰিছিল ৷ এনে ধৰণৰ বেলেগ চিন্তা কিছু কৰিছিল।

 আমাৰ টিলাটোত আগতে আমি মাঘবিহুৰ সময়ত দল ভাত (লগ ভাত) একেলগে খাইছিলোঁ বাহিৰতে ৰান্ধি। খুউব স্ফূৰ্তিৰ দিন আছিল সেইবোৰ। পইচা তুলি বজাৰ কৰা কাম খাটনিয়াৰ দাই কৰিছিল৷ আমাৰ ইয়াত দেউৰী, মিচিং সম্প্ৰদায়ৰ লোক আছে বাবে তেওঁলোকৰ পৰম্পৰাগত সাজপানী বনায় আৰু আমি উৎসৱ- পার্বন উপলক্ষে খাওঁ। আমি ভাত খোৱা পৰ্ব হোৱাৰ পিছত মহিলাসকলে ল'ৰা- ছোৱালী লৈ ঘৰলৈ আহোঁ আৰু পুৰুষসকলে জুই-পুৱাই, চাহ খাই ৰাতিটো পাৰ কৰে, ঘৰৰ বেৰবোৰ ৰখি। তেতিয়া সকলোৰে বাঁহৰ বেৰ আছিল, ৱাল নাছিল। কিন্তু ৰখি থকাৰ মাজতে বেৰ চুৰিও হৈছিল, সন্ধিয়াতেও কেতিয়াবা চুৰি হয়। এতিয়া পিছে সেইবোৰ নাই, ল'ৰা-ছোৱালীবোৰৰো ব্যস্ততা। সেই পাৰ হৈ যোৱা দিনবোৰ আৰু ঘূৰি নাহে।

 এবাৰ খাটনিয়াৰ দাই কিবা কামত দাৰ্জিলিঙলৈ গৈছিল ৷ মোৰ ল’ৰা বিকুৱে সেই সময়ত শিলিগুৰিত চাকৰি কৰি আছিল। কথাটো জানিব পাৰি বিকুৰ তাত এৰাতি থাকিছিল। বিকুৱেও ভাল পালে আৰু তেখেতেও খুব ভাল পাই বিকুৰ কথা কৈয়ে আছিল। ইহঁতে পিতৃতুল্য হিচাপে যথেষ্ট সন্মান কৰিছিল।

 ১৯১৬ চনৰ ২৬ নৱেম্বৰত বীৰেন্দ্ৰ মালাকাৰৰ যেতিয়া বুকুৰ বিষ হৈছিল ময়ো ঘৰত নাছিলোঁ, শিলিগুৰিত আছিলোঁ বোৱাৰী ইমনৰ অসুখৰ কাৰণে। সেই সময়খিনিত ভণ্টি প্রিয়ম্বদা আছিল, তাই ৰীণাহঁতক মাতিলে। আহিল আৰু হস্পিতেললৈ নিয়াৰপৰা আদি কৰি গোটেই কৰিলে। সেইটো কেতিয়াও পাহৰিব নোৱাৰোঁ। এই ঘটনাৰ দুমাহ পিছত আমাৰ ছোৱালী কপৌৰ যেতিয়া যঁজা সন্তানৰ জন্ম হ’ল, সেই সময়তো দৌৰি আহিছিল আৰু ৰীণা লগত গৈছিল হস্পিতাললৈ।

 ল’কডাউনৰ কিছুদিন মই গুৱাহাটীত আছিলোঁ। পদূলিলৈ ওলালে যেতিয়া মোক লগ পায় তেতিয়াই মোক তেওঁলোকৰ ঘৰলৈ মাতে যাতে অকলশৰীয়া অনুভৱ নকৰোঁ সেইবাবে তেওঁলোকৰ ঘৰলৈ যাবলৈ কৈছিল।

 মাজে-সময়ে খাটনিয়াৰৰ লগত বিভিন্ন কথা, ঘৰুৱাৰপৰা ৰাজনীতিলৈ, কেতিয়াবা বাহিৰৰ অভিজ্ঞতাৰ কথা আলোচনা কৰিছিলোঁ।

 এনেকৈয়ে বহুবোৰ কথাই চোন মনৰ মাজত ভাহি উঠে সজীৱ হৈ। স্মৃতিৰ জানো শেষ আছে।

 তেখেতৰ যেতিয়া অসুখ হৈছিল, অসুখ গুৰুতৰ বুলি জানিছিল সেয়েহে [ ২৫২ ] বাবৰ-মাইনাৰ বিয়া পতাত লৰালৰি কৰিছিল, বিশেষকৈ বাবৰৰ বিয়া। ইমান নিয়াৰিকৈ কৰি গৈছিল নিজেই, আজি ভাবিলে আচৰিত হওঁ। বাবৰৰ বিয়াতো নিজেই আগবাঢ়ি দায়িত্ব লৈ পৰিকল্পিতভাৱে কৰিছিল।

 খুৰা-খুৰী যেতিয়া ৰীণাহঁতৰ লগত আছিল তেতিয়া আমাৰ ইয়াত সকলোৰে যেন নিজৰহে, খুৰা-খুৰীক তেনেকৈয়ে ভাবিছিলোঁ। আত্মীয়তা অনুভৱ কৰিছিলোঁ।

 মোৰ ছোৱালীজনীয়ে গুৱাহাটীলৈ আহিলে খুৰাকক এসাজ ভাত খুৱাব খুজিছিল যদিও সেই আশাটো পূৰণ নহ’ল, ৰৈ গ’ল।

 ৰীণাহঁতৰ ঘৰলৈ গ’লেতেখেতে ধুনীয়াকৈ সজাই থোৱা কিতাপবোৰ, লিখি থৈ যোৱা কিছুমান কথা মনৰ পৰা মচ নাখায়।

 এটা কথা মোৰ মনলৈ আহি আছে— খাটনিয়াৰ দাই কৈছিল— এই টিলাটোত এতিয়া মালাকাৰৰ পিছত মই যাম, সঁচাই হ’লচোন কথাটো।

 টিলাটোত একেলগে থাকি সুখ-দুখৰ সমভাগী হৈ ল’ৰা-ছোৱালী ডাঙৰ কৰি নিজৰ কৰ্তব্য সমাপন কৰি সময়ত এজন এজনকৈ আঁতৰি গৈ আছে, যিটোৱে প্ৰকৃতিৰ নিয়ম বুলি আমি মানি লওঁ।❐

(লেখক 'নতুন সাহিত্য পৰিষদ'ৰ দিশপুৰ শাখাৰ সম্পাদক)

বিভাগীয় সহকৰ্মীৰ সৈতে

[ ২৫৩ ]

স্মৃতিৰ কৰণিত গল্পকাৰ বিপুল খাটনিয়াৰ

ডাঃ অনিল ভৰালী

১৯৮৯চন। মই পিজি আইচণ্ডীগড়ৰপৰা কাৰ্ডিঅ’থৰাচিক্ চাৰ্জাৰীত Post doctoral Degree লৈ আহি গুৱাহাটী মেডিকেল কলেজত ৰেচপণ্ডেণ্ট হিচাপে যোগদান কৰিলোঁ। আমাৰ বিভাগৰ মুৰব্বী প্ৰফেচাৰ ডাঃ বলীন গগৈ ছাৰে সোঁৱৰাই দি ক’লে— গুৱাহাটীলৈ আহিলাই যেতিয়া মাটি এটুকুৰা লৈ তাত ঘৰ এটা সাজি ল’বলৈ যত্ন কৰা। সকলোৱে এইটোৱেই কৰে। মই সিমান ততাতৈয়াকৈ প্ৰস্তুত নাছিলোঁ যদিও মোৰ সহধৰ্মিনী গোৰী আৰু মোৰ সৰুজনী বৌ সুবন্তিৰ তৎপৰতাত দুকঠাৰ মাটি এটুকুৰা বিচাৰি উলিওৱা হ'ল। তাতেই তৰ্জাৰ বেৰ আৰু টিনৰ চালিৰে দুটা ৰূম আৰু সৰুকৈ এটা পাকঘৰ, এটা লেট্ৰিন বাথৰূমেৰে গুৱাহাটীত নিজাকৈ এটা ঘৰ বান্ধি নিগাজিকৈ থকাৰ বন্দোৱস্ত কৰিলোঁ। চুবুৰীয়া হিচাপে মালাকাৰ, দলে, দেউৰী, খাটনিয়াৰ আৰু বৰাৰ পৰিয়ালকেইটাক পালোঁ। সকলোৱে দুই এবছৰ অগা পিচাকৈ আহি থিতাপি লগাৰ যত্নত ব্যস্ত। আটাইকেইজনৰ মাজত এক সৌহাৰ্দ্যপূৰ্ণ বাতাবৰণ গঢ়ি উঠিছিল। তাতে মই, খাটনিয়াৰ, মালাকাৰ আৰু বৰাদেউ চিপিআই (এম) দলৰ সদস্য আছিলোঁ। ঘনিষ্ঠতা বৃদ্ধি হোৱা স্বাভাৱিক। তাতে আমি সকলোকেইজন বয়সত সমসাময়িক।

 চিপিএম দলৰ পৃষ্ঠপোষকতাত গঠন হৈছিল ১৯৭৯ চনত ‘নতুন সাহিত্য পৰিষদ’। সভাখন পৰিচালনা কৰিছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিভাগৰ অধ্যাপক দেব প্ৰসাদ বৰুৱাই। হেমেন দাস দাদাও সভাত উপস্থিত আছিল। পৰৱৰ্তীকালত ‘নতুন সাহিত্য পৰিষদ’ৰ সম্পাদক হিচাপে বহুবছৰ সফলতাৰে কাৰ্যকাল চলাইছিল।

 বিপুল খাটনিয়াৰক মই প্ৰথম লগ পাইছিলোঁ নামৰূপৰ দিল্লী নদীৰ দলঙৰ [ ২৫৪ ] ওচৰত। মই গৈছিলোঁ দিল্লী চাহ বাগিচাৰ মেনেজাৰৰ বিৰুদ্ধে আয়োজন কৰিবলগীয়া ধৰ্ণা কাৰ্যসূচীৰ আয়োজন কৰাৰ পূৰ্বে ঠাইখিনিৰ এক চাৰ্ভে কৰিবলৈ ।

 দিল্লী চাহ শ্রমিক সংগঠনৰ নেতাজনক মালিক পক্ষই সাতবাৰ মিছা কেছত জেললৈ পঠাইছিল। উকিলজন কিন্তু একে দলৰে সদস্য। মই তেতিয়া DYFIৰ জিলা সভাপতি। ধর্ণাত জিলাখনৰ SFI, DYFI, কৃষক আৰু মহিলা সংগঠনে সম্পূর্ণ সহযোগ কৰিছিল। নামৰূপ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ উপস্থিতিত ভৱিষ্যতে কেতিয়াও মিছা কেছ নিদিয়ে বুলি লিখিত প্রতিশ্রুতি দিয়াত আমি ধৰ্ণা আৰু অফিচ ঘেৰাও উঠাই লৈছিলোঁ।

 সেই সময়ত তেখেত জিয়লজি বিভাগৰ চাৰ্ভেৰ কামত নামৰূপলৈ গৈছিল। ইয়াৰ কিছুদিন পূর্বে চিআই টি ইউৰ নাহৰকটীয়াত অনুষ্ঠিত ৰাজ্যিক সন্মিলনলৈ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী জ্যোতি বসু আহিছিল। তেখেতৰ সমুখত দিল্লী বাগানৰ শ্রমিক নেতাগৰাকীৰ ওপৰত হোৱা বাগানৰ মালিক পক্ষৰ এই অন্যায় আচৰণৰ কথা শ্রমিক পক্ষৰ তৰফৰ পৰা তোলা হৈছিল। দলৰ সূত্ৰৰ পৰা জানিব পাৰিছিলোঁ। এই ধৰ্ণাৰ নেতৃত্ব মোৰ ওপৰত ন্যস্ত কৰিবলৈ কোৱা হৈছিল। মই সেই দায়িত্ব অতি সতৰ্কতাৰে নিখুট আৰু শান্তিপূৰ্ণভাৱে পৰিচালনা কৰিবলৈ সক্ষম হৈছিলোঁ। মোৰ দৃঢ় বিশ্বাস এই কথা এতিয়াও ডিব্ৰুগড় জিলাৰ পাৰ্টিৰ কমডেসকলে অস্বীকাৰ নকৰিব।

 গুৱাহাটীলৈ আহি গুৱাহাটী মেডিকেল কলেজত অধ্যাপনা কৰি থকা সময়ত চুবুৰীয়া হিচাপে ৰাজ্য, দেশ আৰু দলৰ ভিতৰুৱা বহু কথাই সততে মই খাটনিয়াৰৰ লগত আলোচনা কৰোঁ। তেতিয়া হিতেশ্বৰ শইকীয়াৰ মুখ্যমন্ত্ৰীত্বত অসম চৰকাৰ। সোৱণশিৰি নদীত সোণ নিষ্কাষণৰ এক অভিলাষী আঁচনিৰ কথা ৰাজহুৱাকৈ ঘোষণা কৰিছিল। মোৰ দৃঢ় বিশ্বাস হৈছিল এয়া কংগ্ৰেছ চৰকাৰৰ ৰাজহুৱা ধন অপচয় কৰা এক ন্যস্তস্বাৰ্থৰ ৰাজহুৱাখণ্ডৰ ধন লুণ্ঠনৰ পৰিকল্পনা। মই খাটনিয়াৰৰ সৈতে আলোচনা কৰিলোঁ যে তেখেতৰ Geology বিভাগৰ তথ্য ভিত্তিক এক প্রবন্ধ লিখি এনে চৰকাৰী পৰিকল্পনাৰ বিৰোধিতা কৰিব লাগে। খাটনিয়াৰে তেখেতৰ ভূতত্ত্ব বিভাগৰ তথ্যসহকাৰে এনে প্রজেক্ট যে‘economically not viable' বুলি বিভাগীয় সিদ্ধান্ত কৰা আছে তাৰ ভিত্তিত ‘সোৱণশিৰিৰ সোণ বুটলিব কোনে ?’ বুলি এটি প্রবন্ধ যুগুত কৰিলে। মই ‘আজিৰ অসম'ৰ সম্পাদক প্রয়াত ৰাধিকামোহন ভাগৱতীৰ হাতত দি আহিলোঁ। প্রবন্ধটি প্রকাশ হ’ল। ফলস্বৰূপে অসম চৰকাৰে সোৱণশিৰি নদীত সোণ নিষ্কাষণ আঁচনি পৰিত্যাগ কৰিবলৈ বাধ্য হয়। লিখনিৰ মাধ্যমেৰে গণতান্ত্রিক [ ২৫৫ ] প্ৰতিৰোধৰই এক উল্লেখযোগ্য নজিৰ।

 ১৯৮৩ চনত মই চিপিএম দলৰ সদস্যপদ নবীকৰণ বন্ধ কৰিলোঁ। তথাপি চিপিএম দলৰ সদস্যসকলৰ সৈতে মোৰ ঘনিষ্ঠতা কম হোৱা নাছিল। প্রথম অগপ চৰকাৰৰ কালতো আছু বা অসম আন্দোলনকাৰীসকলৰ বামপন্থীবিদ্বেষ বাৰুকৈয়ে ৰৈ গৈছিল। চিপিএম বা এচ এফ আইৰ কৰ্মীসকলে আন্দোলনকাৰীৰ আক্ৰমণত শ্বহীদ হোৱা নিজ দলৰ কৰ্মীসকলক স্মৰণ কৰাত বিশেষ উদ্যোগ লোৱাত নিৰুৎসাহ আছিল। যেন বাঁওপন্থীৰ শ্বহীদৰ ত্যাগ বিস্মৃতিৰ গৰ্ভত বিলীন হ’বলৈ গৈ আছে এনে অনুভৱ মোৰ হৈছিল যদিও মই দলৰ পৰা নিজকে আঁতৰাই ৰাখিছিলোঁ। কিন্তু ভয়ানক পৰিস্থিতিত শ্বহীদসকলৰ প্ৰতি মোৰ আন্তৰিক অনুভূতি জড়িত হৈ আছিল। মই এই বিষয়টো খাটনিয়াৰৰ সৈতে আলোচনা কৰি নতুন সাহিত্য পৰিষদে শ্বহীদসকলৰ জীৱনী তথা সংগ্রামী ইতিহাসক চিৰস্মৰণীয় কৰিবলৈ শ্বহীদসকলৰ জীৱনগাথা সংৰক্ষণ কৰিবলৈ এখন গ্ৰন্থ চপাই উলিয়াবলৈ পৰামৰ্শ দিওঁ। খাটনিয়াৰে আন্তৰিকতাৰে দিনে ৰাতি খাটি শ্বহীদসকলৰ জীৱনী সংগ্ৰহ কৰি এখনি গ্ৰন্থ নতুন সাহিত্য পৰিষদৰ তৰফৰপৰা চপাই উলিয়াইছিল। বিপুল খাটনিয়াৰৰ প্ৰচেষ্টাত আজি এই সংকলনটি অসমৰ বাঁওপন্থী আন্দোলনৰ এক অমূল্য সম্পদ।

 ২০১১ চন মানৰ কথা, গুৱাহাটীৰ কমাৰ্চ কলেজত অনুষ্ঠিত নতুন সাহিত্য পৰিষদৰ বছেৰেকীয়া সন্মিলনলৈ বিপুল খাটনিয়াৰ উদ্যোগত বক্তা হিচাপে এই লিখককো আমন্ত্রণ জনাইছিল। মই মগজুৰ ৰক্তক্ষৰণ দূৰ্ঘটনাৰ পিচত প্ৰথমবাৰৰ বাবে ৰাজহুৱা সভাত যোগদানৰ সিদ্ধান্ত লৈছিলোঁ। চৰকাৰে দেশৰ প্ৰাকৃতিক সম্পদ লুণ্ঠনৰ বিপৰীতে ইয়াৰ সদ্ব্যৱহাৰ প্ৰতিশ্ৰুতিৰে ভাৰতৰ ৰাজনীতিত আপোনালোকে এক নতুন সম্ভাৱনাৰ দিশ উন্মোচন কৰিব পাৰে বুলি মোৰ বক্তব্য ৰাখিছিলোঁ।

 গল্পকাৰ বা উপন্যাসিক হিচাপে অসমৰ সাহিত্য জগতত বিপুল খাটনিয়াৰ এটা চিনাকি নাম। আলোচনা সমালোচনাৰ বহু অবকাশ আছে।

 মোৰ ব্যক্তিগত অনুভৱ অসমৰ এজন প্রতিভাবান ভূতত্ত্ববিদ বিপুল খাটনিয়াৰক অসম আৰু অসমীয়াই ন্যায় প্ৰদানৰ পৰা বঞ্চিতকৰা নাইতো?

(লেখক এগৰাকী হৃদৰোগ বিশেষজ্ঞ আৰু নিৱন্ধকাৰ)) [ ২৫৬ ]

শুকানসুঁতিৰ উচুপনি

অঞ্জলী দলে

বিপুল খাটনিয়াৰদেৱ কেৱল গল্পকাৰেই নাছিল, তেখেত এজন আগ্ৰহী অনুবাদকো আছিল। এদিন কাগজ কলম হাতত লৈ আমাৰ ঘৰলৈ আহি মোক ক’লে, ‘আপোনাৰ লিখি থোৱা সেই ঐনিঃতমবোৰ মোক দিয়কচোন, মই অসমীয়ালৈ অনুবাদ কৰিম।’ তেখেতে মোক কাষত বহুৱাই লৈ নিঃতমৰ অৰ্থবোৰৰ কিছু আভাস লৈ অসমীয়ালৈ অনুবাদ কৰিবলৈ ল’লে। তেখেতৰ অনুবাদখিনি এখন আলোচনীৰ এটা সংখ্যাত প্ৰকাশ কৰি দিয়ে। তেখেতৰ অনুবাদ বৰ সুন্দৰ আৰু অৰ্থপূৰ্ণ হোৱা বুলি সকলোৰে পৰা আদৰ পাইছিলে। তেখেতৰ এই অনুবাদখিনি মই কেইবাখনো আলোচনী আৰু Assam Luttad নামৰ মিচিং বাতৰি কাকতখনত প্ৰকাশ কৰিবলৈ আগবঢ়াই দিছিলোঁ। তেখেত এজন মহান অন্তৰৰ ব্যক্তি আছিল। জাতিভেদৰ ভাবে তেখেতৰ অন্তৰত ঠাই নাপাইছিল। জনজাতিৰ জীৱনশৈলীৰ ওপৰত তেখেতে বহুকেইটা গল্প লিখাৰ কথা মই আগৰেপৰা জানিছিলোঁ আৰু দুই-এটা পঢ়াৰ সুবিধা পাইছিলোঁ। তেখেতৰ মৃত্যুৰ দুবছৰ পূৰ্বে আমাৰ ঘৰত (মাজুলীত) এদিন উপস্থিত হৈ চাৰিদিনৰ ভ্ৰমণসুচী হাতত লৈ গোটেই উজনি মাজুলী ঘূৰি আহিছিল। আমাৰ গাঁৱৰ ঘৰত থাকি বহুত ভাল লগাৰ কথা তাৰপৰা আহিয়েই মোক জনাইছিল। তেওঁ আমাৰ ঘৰৰ প্ৰত্যেকজন ব্যক্তিৰ ব্যৱহাৰ আৰু চাংঘৰত থকাৰ মাদকতাৰ কথাও কৈছিল। আমাৰ ঘৰৰ সকলোকে তেখেতৰ স্বভাৱসুলভ আপোনতাৰে মুগ্ধ কৰিছিল। তেখেতে আকৌ মাজুলীলৈ যোৱাৰ সংকল্প কৰি থৈছিল। কিন্তু নিয়তিয়ে তেখেতৰ এই আশা পূৰ্ণ হ’বলৈ নিদিলে।

 তেখেতৰ অনেক স্মৃতি আমাৰ সকলোৰে অন্তৰত ভাহি আছে। এদিনৰ নহয় অনেক দিনৰ কথা, মানুহজনৰ ভাগৰ বোলা বস্তুটো নাছিলেই। ওচৰ-চুবুৰীয়াক খুহুতীয়া কথাৰে হঁহুৱাই থৈ যোৱাটো তেখেতৰ অতি আদৰ্শনীয় স্বভাৱ আছিল। ঘৰৰ চোতালত কাম-বন কৰি থকাৰ সময়ত তেখেতে লগ পালে বাইকখন ক্ষন্তেক ৰখাই হ’লেও কিবা এষাৰ কৈ হঁহুৱাই থৈ যায়। ঘৰুৱা পৰিধানত থাকি অলপ ইতস্ততঃ হৈ চোতালৰপৰা [ ২৫৭ ] সোমাই যাব খুজিলেও তেখেতৰ পৰা আমি সাৰি যাব নোৱাৰিছিলোঁ। সেইখিনিতে খুহুতীয়া কথাৰে এইদৰে জোকাই থৈ যায়, ‘পলাব নালাগে,একো নহয় দিয়ক’। তেখেতৰএনেধৰণৰ স্বভাৱে আমাৰ সকলো ওচৰ-চুবুৰীয়াক বৰ আনন্দত ৰাখিছিল। সঁচাকৈতেখেতৰ অনুপস্থিতি আমি সকলোৱে বৰকৈ অনুভৱ কৰিছোঁ। তেখেতে য’তে থাকে তেখেতৰ পবিত্ৰ আত্মাই চিৰ শান্তিত থাকিক। ওমঃ শান্তি।

 ব্ৰহ্মপুত্ৰ পাৰৰ বিধ্বংসী বানত নিজৰ সৰ্বস্ব হেৰুৱাই হাহাকাৰ কৰি থকা মিচিং জনগোষ্ঠীৰ কৰুণ গাথাৰ ওপৰত মই ৰচনা কৰা আৰু শ্ৰদ্ধাৰ খাটনিয়াৰ দেৱে অনুবাদ কৰা এঁনিঃতমকহেটা উল্লেখ কৰা হ’ল। ‘শুকান সুঁতিৰ উচুপনি’ নামটো তেখেতেই দিছিল।

জীয়াৰ (যোজনা)

 মিছিং আছন আয়াঙঠৗম আনৗ আদচৗ বিদবমকাং
 বৰনৈ আঃনৗ পংককদ লিপৰ চুল্লিপ বাদপাককাং
 পৗনৗ চুল্লি আঃৰাদ গুনৗ মিক্‌চি দৃনামচৗম
 চৗঃকম লুবিচুমৃলই দৗৱই অৗমনা তায়েনৗ।

ভাবাৰ্থ- মিচিংসকলৰ অন্তৰৰ মৰম-চেনেহবোৰ বৰনৈৰ সোঁতে উটুৱাই নিলে/ সেইবোৰ এতিয়া শুকান বলুকা হ'ল /সেই বলুকাত তপত চকুলো টুকিলেনো আৰু এতিয়া কোনে সহানুভূতি জনাব?

 বৰনৈ আঃনৗ দাগবগদৗ ঙলোক দঃলোং তুবয়ৗ
 লঃব পলদ আয়ৗমৃল চমানকদৗ চুল্লিয়ৗ
 এইয়া দঃলোদৗম মৗবম চুনাম দলোদৗম
 বৰনৈ আঃনৗ বলিয়াঙৗই বানয়ুদ বমকাংকুনৗ।

ভাবাৰ্থঃ বৰনৈৰ তেনেই কাষৰীয়া আমাৰ গীও/চোতালবোৰো যেন গৰা চুই ষোৱা/আহিনৰ জোনাকে ধোৱা শুকুলা বালিৰে ওপচা ওমলা ঠাইখিনি/ দেহিঐ, অতিকৈ মৰমৰ গাঁওখনি আমাৰ বৰনৈৰ বলিয়া বানে উটুৱাই নিলে কেনিবা।

 বৰনৈ আঃনৗ ৰুইদন মৗঃপল দুনৗদ মিছিং ঙাই
 বৗক্কৗ ঙক্কৗ অৗম্‌মাপৗ অৰপানমৃচুল দনকাই
 এইয়া দনৗদৗনা অৰপানমৃচুল দনৗদৗনা
 দঃনাম তৃঃনাম কামালাই ৰদকামৃচুল দঃদোং কুনৗ।

[ ২৫৮ ] ভাবাৰ্থঃ বৰনৈৰ চাপৰিৰ প্ৰাণময় মিচিং জাতি/দেহিঐ! ভাগৰ নধৰাকৈ ভগাই খাইছিল এমুঠি হ’লেও ভাত /দেহিঐ! ভগাই খাইছিল আটায়ে/দেহি ঐ এতিয়া কাঢ়ি খাব লাগে ভাত।

 বৰনৈ আঃনৗ দাগবগদ কাৰমি পাতাং ৰুইদনা
 দৗগৰ আঃমৗম লৃগতাগাই তুৰ্​ৰা দুনাপ অৗমনামৃন
 এইয়া আঃলৃগদৗম মৗবমচুনাম আবৃগদৗম
 বৰনৈ আঃনৗ ৰাগদৗ কাঃদে কাঃদেশ কবম দুনৗ

ভাবাৰ্থঃ বৰনৈৰ বাকৰিৰ কাৰণিৰ কাষৰত কৰিছিলোঁ আগতীয়া ধানৰ খেতি/ আশাৰ কঠীয়া বুকুত বান্ধি /দেহিঐ! সেই আশাৰ কঠীয়াও উটুৱাই নিলে বৰনৈৰ বানে/ বুকুত শেল হানি। (কাৰণিঃ এখন বিলৰ নাম)

 ঙলোক মিছিং অমাঙৗ কঃগল দন্নৗ কামাঙাই
 কঃগন আমুখে গৗৱামৃল আয়াল বিচুল দনৗ কাই
 এইয়া দনৗদৗ আম্মেম বিচুল দঃনৗদৗ
 আঃমি লত্তা লওাদ কঃগল দঃনৗপ ইকাংকুনৗ

ভাবাৰ্থঃ বৰনৈৰ খহনীয়াই চকুৰ টিপতে খহাই লৈ গ'ল আমাৰ গাঁওখনি /আমাৰ সমাজতনো কেতিয়া আছিল খুজি-মাগি খোৱা ৰীতি?/খোজনীয়া আহিলেও অন্তৰেৰে যাচিছিল নিজৰ ভাত মুঠি/দেহিঐ! আনক দি-থৈহে নিজলৈ বুলি ভবা জাতিটো!

 ঙলোক মিছিং ৰৗঙামৗমই মিৰৗমলক্‌ছন লুপাগমাঙাই
 ঙলোক মিছিং অমাঙৗম আদজিপ কাঃনৗ কামাঙাই
 এইয়া দনৗদৗনা মিগাং গালাই দনৗদৗনা
 দুংক দাঃক্ক কামালাই অৗগঙ অৗগল কাপদুকুনৗ

ভাবাৰ্থঃ ধনীও কম নাছিল /দুখীয়াও তেনেকৈ নাছিল/মিচিং সমাজত এনে এক সময়ো আছিল/পুতৌৰ দৃষ্টিৰে মিচিং সমাজক কোনেও চাব লগা হোৱা নাছিল/দেহিঐ! ৰজাৰ নিচিনাকৈ আছিল মিচিং জাতি/এতিয়া ঠিয় দিবলৈও নোহোৱা হ’ল অকণি ঠাই/নিঠৰুৱা ভোকাতুৰ মোৰ গাঁৱৰ মানুহখিনি।

 এইয়া আঃচৃ চিৰাদক পানৗ চুল্লি আৰাদগ [ ২৫৯ ]

 ৰিংগ ৰিংগল মাঃদাগম মাবেগই তকুমাং
 এইয়া দঃলোদৗম মালৃগচু নাম দলোদৗ
 বৰনৈ আঃনৗ পংককদ লিপৰ চুল্লিপ বাদ পাকান।

ভাবাৰ্থঃ শুকান বলুকাত/সাগৰসংকাশ পানীৰ মাজত/বুকু চপৰিয়াই ইনাই-বিনাই খেপিয়ালেও নেপাওঁ দেখোন মোৰ গাঁওখনি/ দেহিঐ, মোৰ গাঁওখন, মোৰ হিয়াৰ আমঠু গাঁওখন আজি বৰনৈৰ বুকুৰ শুকান বালি।

 ঙলোক চৃঃচাং চৃমান কদৗম পিমুদ আপ্পুন কনমানকদৗম
 বৰনৈ আঃনৗ চিয়াদদৗ য়াদয়ুদ বমদুংকুনৗ
 এইয়া চঃমান কদৗম পিমুদ আপ্পুন কনমাকদৗম
 মৗঃলা মৗঙাপ কামাপৗ আচ্‌চিৰাপ বাদপাককানৗ।

ভাবাৰ্থঃ আমাৰ সেই ঠাই ডোখৰ/আমি ওমলি থকা ঠাই ডোখৰ/কমোৱা ফুলবোৰ ছিঙি লৈ যে ওমলিছিলোঁ সেই ঠাইখিনি/বৰনৈৰ বলিয়া পকনীয়াই তেনেই সাং কৰিলে আজি। /দেহিঐ, নিশাৰ নিশাটো আমি য’ত ওমলিছিলোঁ৷।/কমোৱা ফুল হৈ উৰিছিলোঁ/ সেই ঠাইডোখৰ দেহি আজি সাগৰৰ পিঠি।

 কউ পাকম কাপ্‌কদনা কেঃদাং আপ্পুন পুনকদনা
 আঃপৗং মৗঃপল দুতাগাই নাম্পন আপ্পুন পূনতাগাই
 এইয়া পুনকদৗম নাম্পন আপ্পুন পুনকদৗম
 মৗমিল মৗঃমিল কাঃদাগম কাঞ্চিন তকুমাং।

ভাবাৰ্থঃ সেই ঠাইখিনি/ সেই ঠাইখিনি য’ত কুলি কেতেকীয়ে বিনাইছিল/ য’ত নেকি কপৌ ফুল ফুলিছিল, বনৰীয়া অনেক ফুলো ছিঙি আনি খোপাত পিন্ধিছিলোঁ /সেই ঠাই ডোখৰছোন চিনচাব উলিয়াব নোৱৰা হ’ল আজি।

 দঃপা তৃঃপাল দঃদৃদমই মৗঃপল আচিন দুদদমই
 আনু মিব্​ব গৗঅৗয়ৗমৃল মৗঃপল মিব্বম বনকাই
 এইয়া বণৗদৗ মৗঃপল মিববম বনৗদৗ
 দঃনাম তৗঃনাম কামালাই বুমচৃগ চুদুংকুনৗ।

ভাবাৰ্থঃ তাহানি খোৱা-বোৱাৰ অভাৱ অনুভৱ নকৰা কালত/ তাহানিৰ সেই অন্তৰ আনন্দৰ- সঁফুৰা উপচি থকা কালত/ অচিনাকি অতিথি জনকো আদৰ-সাদৰ কৰি [ ২৬০ ] শুশ্ৰূষা কৰিছিলোঁ দেহিঐ, সেই অতিথি পৰায়ণ জাতিটোৱে এতিয়া খাবলৈ দিবলৈ নোপোৱা হৈ মুখ লুকুৱাই থাকিব লগ হৈছে।

 লঃব পলদ আয়ৗমৃল পঃললঃলাদ কৗৱগদ
 কাৰৗ তাঃলৗদ দুংগেলা তাঃতক দঞি তাত্​তগাই
 এইয়া তাতকদৗম তাঃতক দাঞিং তাত্কদৗম,
 এইয়া য়ুমমাং মাঞিপৗছন মাঃবেগই তকুমানৗ।

ভাবাৰ্থঃ শৰতৰ জোনাকত/চাঙঘৰৰ মুকলি গাধৈৰ ওপৰত/শুই-বহি সাধু শুনিছিলোঁ। দেহিঐ,য’ত আমি ককাৰ মুখৰ সাধু শুনিছিলোঁ / দেহিঐ, য’ত আমি আছিলোঁ।/ দেহিঐ আজি আৰু আমি সপোনতো সেই ঠাই ডোখৰ নেদেখ৷ হ’লোঁ।

 এইয়াই দুংক দাক্কলীমই অকুম বমনা দঃকদৗমই
 চৗঃৱাই অৗমনা লৗংকানপৗচৃন কাংকিনই তকুমানৗ
 এইয়া দুংক দাক্কদৗমমু কাংকিন চুকুমালা
 কাম্পন চুল্লি আৰাঙদই ৰিংগ ৰিংগল কাবদুবনৗ।

ভাবাৰ্থঃ দেহিঐ! য’ত আমি ঘৰ-দুৱাৰ সাজি বসবাস কৰিছিলোঁ/ এখনি মৰমৰ সংসাৰ গঢ়ি তুলিছিলোঁ/ এতিয়া কোনোবাই সুধিলেও সেই ঠাই ইয়াতেই বুলি ক’বলৈও চিনি নোপোৱা হ’লোঁ। দেহিঐ! আমি য’ত আছিলোঁ৷/ সেই ঠাইকণো চিনি নাপাই শুকান বালি খেপিয়াই খেপিয়াই ইনাইছোঁ বিনাইছোঁ।

 দঃনাম তৃঃনাম কামাল দুংক দাক্ক কামালা
 মৗঃবমচুনাম আৱদৗম আমিগ পাগনৗপ মৗলৃগদুং
 এইয়া আৱদৗম মৗঃবমচুনাম আৱদৗম
 পৰাইপ আমনাম মৗঃতাগাই কুমচুং আমদৗম কঃগেলাই।

ভাবাৰ্থঃ খাবলৈ ববলৈ একো নাইকিয়া হোৱাৰেপৰা/ ঠিয় হৈ থাকিবলৈ এধানি মাটিও হেৰুৱাৰেপৰা/ অতিকৈ মৰমৰ ল’ৰাটোকো আনৰ ঘৰত গেবাৰি খাটিবলৈ পঠাব লগা হৈছে। দেহিঐ ল’ৰাটো/ মোৰ অতিকৈ মৰমৰ ল’ৰাটো/ আনৰ ঘৰত চাকৰ হ’বলৈ পঠোৱা ল’ৰাটো/ তাক পঢ়াম বুলি ভাবিছিলোঁ।
দেহিঐ! ল’ৰাটো/ বুকুৰ আগ মঙহ মোৰ ল’ৰাটো!!❐

(লেখক এগৰাকী কবি) [ ২৬১ ]

সোঁৱৰণীৰ সেই দিনবোৰ

ৰীণা ৰয় খাটনিয়াৰ

জীৱনৰ সাতত্ৰিশটা বছৰ ৰ’দ-বৰষুণ বতাহ-ধুমুহাৰ মাজেৰে হাতে হাত ধৰি পাৰ হৈ আহি হঠাৎ যেন উজুটি খাই পৰিলোঁ। উভতি চাই দেখোঁ তেওঁ মোৰ কাষত নাই। এক অবিশ্বাস্য সত্যক সাৰোগত কৰি আগবাঢ়ে মোৰ একাকী জীৱন-যাত্ৰা। পিছলৈ উভতি চোৱাৰ অৱকাশ নাছিল তেতিয়া। আজি জানো কিয় বাৰে বাৰে উভতি চাবৰ মন যায় পাৰ হোৱা সেই দিনবোৰ!

 স্মৃতিপটত জীৱনৰ অনেক মুহূৰ্তৰ অনেক ছবিয়ে ভিৰ কৰিছেহি। কিমান দিননো হ’ল তেওঁৰ স’তে মোৰ সংসাৰ?? ‘৮৩-ৰ অসম আন্দোলনৰ ধুমুহাৰ মাজত এদিন দুপৰীয়া মোৰ ককাইদেউসম একে নামেৰে তেওঁৰ এজন বন্ধু আমাৰ ঘৰলৈ আহিছিল। আন আন কথা প্ৰসংগৰ মাজতে তেওঁ ক’লে, ‘বিপুল খাটনিয়াৰে তোমাক পছন্দ কৰিছে, তোমাৰ মতামত কি?’ মই উচপ খাই উঠিলোঁ। তেতিয়ালৈকে খাটনিয়াৰৰ সৈতে মোৰ চাক্ষুষ পৰিচয় নাছিল। ‘নতুন পৃথিৱী’ত লিখা গল্পৰ জৰিয়তেহে তেওঁ মোৰ পৰিচিত আছিল। ‘নতুন পৃথিৱী’খন ওলালে প্ৰথমেই বিচাৰি উলিয়াও তেওঁৰ গল্প। ঘৰত কোনো নাছিল যে মই তাৰপৰা পলাই যাম। উপায়ন্তৰ হৈ ক’লোঁ ‘পিতাৰ মতেই মোৰ মত’। পিছদিনা ভৰ দুপৰীয়া তেওঁ নিজেই আহিল। ইমানে দিনে কৌতূহল থকা মানুহজনক নিজ চকুৰে দেখি লাজ-ভয় নে সংকোচ তেনে এটা অৱস্থা। পিছে তেনেধৰণৰ কোনো কথা তেওঁৰ ফালৰপৰা নোলাল। বিদেশী বিতাড়ন আন্দোলনত তেওঁৰ পৰিয়াল, আমাৰ পৰিয়াল, সতীৰ্থসকলৰ ওপৰত চলা অত্যাচাৰ আদিৰ কথাহে আলচ হ’ল। লগতে, তেওঁ অসমৰ ভূতত্ত্ব আৰু খনি বিভাগত চাকৰি কৰে, সেই সূত্ৰে সেই সময়ত ‘জিয়’লজিকেল চাৰ্ভে অফ ইণ্ডিয়া’ৰ তৰফৰপৰা আয়োজন কৰা প্ৰশিক্ষণত প্ৰশিক্ষণৰত হৈ আছে, সমগ্ৰ [ ২৬২ ] ভাৰততে ফুৰাৰ সুযোগ পাইছে, দেশ বিদেশৰ কেইবাজনো, ভূতত্ববিদ বন্ধু লাভ কৰিছে ইত্যাদি কথাও জনালে। পিছদিনাই তেওঁ কাশ্মীৰলৈ ঘূৰি গ'ল। কেইদিনমান পিছত তেওঁৰপৰা এখন চিঠি আহিল। বগা এখন সম্পূৰ্ণ দৈৰ্ঘ্যৰ কাগজৰ মাজভাগত গোট গোটকৈ ধুনীয়া আখৰেৰে লিখিছিল, ‘কাশ্মীৰ বৰ ধুনীয়া, দুটা চকুৰে ধৰি ৰাখিব নোৱাৰি’— তোমাৰ মতামত জনাবা ।

 কথাটো পিতাক ক’লোঁ, তেওঁ মোৰ মতামতকে গুৰুত্ব দিলে। সেই সময়ত অসমত বিদেশী বিতাড়ন আন্দোলনৰ ভৰপক অৱস্থা। আন্দোলনকাৰীসকল যিদৰে নাছোড়বান্দা আছিল, তেনেধৰণৰ ধ্বংসকামী আন্দোলনৰ বিপক্ষে আমিও আছিলোঁ নিজৰ মতত অটল। প্ৰাণৰ ভয়ো আছিল তুচ্ছ। সেয়ে একে পন্থীৰ প্ৰিয় গল্পকাৰজনৰ প্ৰস্তাৱ উৰাই দিব পৰা নাছিলোঁ।

 তেওঁ প্ৰশিক্ষণৰপৰা ঘূৰি অহাৰ পিছত আমাৰ বিয়া ঠিক হ’ল। ঘৰৰ মানুহবোৰৰ মাজতো অহাযোৱা চলিল। মাজতে এটা বছৰ, মোৰ এম এ পৰীক্ষা শেষ হ’ব লাগে। এদিন তেওঁ মোক আকস্মিকতে সুধিলে ‘তোমাক ঘৰ লাগেনে সোণ লাগে?? অভিমানো হ’ল ‘মই জানো সোণ বিচাৰিছোঁ?’ পিছতহে বুজাই ক’লে, ‘মই হেঙেৰাবাৰীত এটা ঘৰ বনাই আছোঁ, বিয়াত যথেষ্ট খৰছ কৰিলে ঘৰটো আধৰুৱা হৈ ৰ'ব। সেয়ে মই কোর্ট মেৰেজ কৰিব বিচাৰোঁ। অতি কম খৰচতে হওকচোন আমাৰ বিয়াখন।' কথাটোত মোৰো ভাল লাগিল। এখন ডাঙৰকৈ বিয়া পাতিলে মোৰ পিতাৰ কিমান যে কষ্ট হ’ব! আনহাতে সেইসময়ত ‘এৰেঞ্জ মেৰেজ' হিচাপে তেনেকৈ কাৰো বিয়া হোৱা দেখা নাছিলোঁ বাবে শংকিতও হৈছিলোঁ। আমাৰ ডাঙৰ পৰিয়ালটোৱে তেনে এখন বিয়া মানি ল’ব জানো? পিতাক তেওঁ সেই প্ৰস্তাৱ দিলে, লগতে যৌতুক হিচাপে কোনো বস্তুৱেই দিব নালাগে বুলি দাবী কৰিলে । পিতাই তেওঁক সমর্থন দিছিল যদিও পিতাৰ বাবেও সেয়া এক প্রত্যাহ্বান আছিল।

 ১৯৮৪ চনৰ ১৮ ছেপ্টেম্বৰত অতি সৰুকৈ ঘৰতে আমাৰ ‘ৰেজিষ্টাৰী মেৰেজ’ হ’ল। ৰেজিষ্টাৰজন তেঁৱেই আনিছিল। পিতাৰ বন্ধুবৰ্গ, ওচৰচুবুৰীয়া সকলোৰে মাজত আমাৰ বিয়াখন সম্পন্ন হ’ল। পৰিয়ালৰ বহুজনে মোক তেনেদৰে বিয়া দিয়াত দুখ পাই উপস্থিত নাথাকিল। সেইদিনা আমি দুয়ো, তেওঁৰ বাইদেউ ভিনদেউ, মহাদেউ-মাহীদেউৰ সতে শিৱসাগৰ অভিমুখে ৰাতিৰ গাড়ীত উঠিলোঁ । সেয়া আছিল মোৰ উজনি অসমলৈ প্ৰথম যাত্ৰা । ৰাতিপুৱা ঘৰ পালোঁ। শাহু মা সাজু হৈয়ে আছিল। সিদিনা ঘৰত ভাদ মাহৰ নাম এষাৰ আয়োজন কৰা হৈছিল। দুয়ো সেৱা জনাই ৰাইজৰ আশীৰ্বাদ ল'লোঁ। এনেদৰেই আমাৰ যুগ্ম জীৱনৰ আৰম্ভণি হ’ল। [ ২৬৩ ]  চাকৰিসূত্ৰে তেওঁ ছমাহকাল অসমৰ বিভিন্ন ঠাইত কেম্পত থাকি হাবিয়ে- জংঘলে ঘূৰি ফুৰে খনিজ সম্পদৰ সন্ধানত। বিয়াৰ পিছত এনেবোৰ কেম্পত মোক আৰু পিছলৈ ল’ৰা-ছোৱালীৰে সৈতে পৰিয়ালটোক মাজে মাজে লৈ গৈছিল। সেই দিনবোৰৰ কথা আজিও পাহৰিব পৰা নাই। কেতিয়াবা হাবিতলীয়া ঠাইৰ মাজত গছবন পুৰি আৰখেতি কৰি মুকলি কৰি থৈ যোৱা ঠাইত নাইবা পথাৰ বা পাহাৰৰ মাজৰ সুবিধাজনক ঠাইত তম্বুৰে অস্থায়ী কেম্পবোৰ বনাই লোৱা হয়। নামৰূপৰ দিল্লী নদীৰ কাষত আৰু ডিমা হাচাও জিলাৰ উমৰাংচুত স্থায়ী কেম্পো দেখিছোঁ। ৰাতিপুৱা ভাতসাজ খাই ভূতত্ত্ব আৰু খনি বিভাগৰ অফিচাৰ কেইজন, আন আন সহকৰ্মীসকল আৰু বনুৱাৰে সৰু দলটো পিঠিত একোটা বেগ লৈ দা-কুঠাৰ, সা- সৰঞ্জাম আদিৰে হাবিৰ মাজত সোমাই পৰে নাইবা পাহাৰ বগাই ফুৰে। হাবিৰ মাজত আৱশ্যকীয় ঠাইত ড্ৰিলিঙৰ কামো চলি থাকে। তেনে এটা কেম্পত থাকি প্ৰকৃতিৰ নিৰিবিলি সৌন্দর্য উপভোগ কৰাৰ সৌভাগ্য হৈছিল। মাজে মাজে নীৰৱতা ভেদি কাষৰ হাবিবোৰৰ পৰা সংগী বিচৰা হৰিণৰ আবেদন ভৰা মাত ভাহি আহে। এক অজান পুলকেৰে মন ভৰি পৰে।

 বিয়াৰ পিছত তেওঁ মোক দিল্লী কেম্পলৈ লৈ গৈছিল। অতি নিৰিবিলি পৰিৱেশ। পিছফালে এখন গভীৰ হাবি বননিৰে ভৰা পাহাৰ। ৰাতি ৰাতি পাহাৰৰ ফালৰপৰা ধুমুহাযেন বতাহ এছাটি বলি থাকে। কেম্পৰ নিচেই কাষতে কোনো এটা বাৰত সৰু এখন হাট-বজাৰ বহে। বহুতো বেপাৰী তালৈ আহে। আটাইতকৈ আকর্ষণীয় কথাটো হ’ল বজাৰখনলৈ পিঠিত একোটা কচু-ঢেঁকীয়াৰে ভৰা খাং লৈ নগা বুঢ়াবুঢ়ী, ডেকাগাভৰুৰ একোটা দল পাহাৰেৰে নামি আহে। যাওঁতে সিহঁতে সাজ-পোছাক, জোতা-চেণ্ডেল, বাচন-বৰ্তন আদি খাং ভৰাই কিনি লৈ যায়। পিন্ধনত সিহঁতৰ তেনেই চুটি চুটি কাপোৰ। উদং বুকুৰে বুঢ়ী মানুহবোৰ আৰু লেংটি পিন্ধা পুৰুষসকল, সেয়া যেন মোৰ বাবে কাহানিও নেদেখা কথা আছিল ।

 নগাসকলৰ চাংঘৰ চাবলৈ মোৰ বৰ মন আছিল । সেয়ে তাৰে এজনী মহিলাক মোক তেওঁলোকৰ ঘৰলৈ নিবনে সুধিবলৈ ক’লে। মই সোধাত তাই লগে লগে সন্মত হ’ল। আমি দুয়ো ভাতসাঁজ খাই মোনাত কম্বল এখন ভৰাই লৈ সিহঁতৰ লগতে যাত্ৰা কৰিলোঁ। পাহাৰত উঠা নমা কৰাটো সিহঁতৰ বাবে তেনেই সাধাৰণ কথা। সিহঁতৰ পিছে পিছে কেতিয়াবা ওখ পাহাৰত উঠিছোঁ, আকৌ নামি গৈ নলা একোটা পাৰ হৈছোঁ। উঠা নমাত সিহঁতৰ লগত খোজ মিলোৱা সহজ নাছিল। ‘বাইদেউ সোনকালে খোজ দে, ঘৰত কেঁচুৱা আছে।’ কেইঘণ্টামান পিছত তাইৰ [ ২৬৪ ] ঘৰ পালোঁগৈ৷ নামনিত কঁচু-ঢেঁকীয়া বেচিবলৈ যোৱা মানুহজনী কিন্তু দুখীয়া ঘৰৰ নাছিল। তাইৰ মানুহজন আছিল কাঠৰ ব্যৱসায়ী, তেওঁৰ চাৰিটা পাঁচটামান হাতী আৰু মাউতেৰে হাতীৰ মহল এটা আছিল। আমাক দেখি মানুহজনীৰ গিৰিয়েক আৰু তাত থকা মানুহবোৰ আচৰিত হ'ল।‘কেলেই আহিলি সঁচাকৈ ক'চোন, ছোৱালী পলুৱাই আনিলি নেকি? আমাক ক'চোন— তহঁতক সহায় কৰিম দে।' এনেবোৰ প্ৰশ্নৰ সন্মুখীন হ’ম বুলি ভবাই নাছিলোঁ। মই মাথোঁ ‘হাবি চাবলৈ আহিছোঁ’ বুলি কৈ থলোঁ। সিহঁতবোৰে হাঁহিলে। ৰাতি হোৱাৰ আগতে কেম্পলৈ উভতি আহিব বিচাৰিছিলোঁ যদিও তাইৰ বুঢ়া-বুঢ়ী শহুৰ শাহুৱে বৰকৈ ধৰিলে, ক’লে, ‘কিয় যাবি, তহঁতে আমাক কি বিষ ঢালিবলৈ আহিলি’। তেওঁলোকে সেইটো পাহাৰতকৈ ওখ পাহাৰটোত থকা গাঁৱৰ ঘৰলৈ যাবলৈ ওলাইছিল। সিহঁতৰ ডাঙৰকৈ চাংঘৰটো দেখিলোঁ; কিন্তু নগা গাঁও চাবলৈহে মোৰ বেছি মন আছিল। সেই ঠাইত পুতেকে নতুনকৈ বস্তি পাতিছে। ‘তেনেহ'লে আপোনালোকৰ গাঁৱৰ ঘৰলৈকে যাওঁ’, ‘নাই নোৱাৰিবি, বহুত ওখ, বৰ থিয় বাট, তহঁতে উঠিব নোৱাৰিবি’। ভাগৰত সেই উৎসাহো নোহোৱা হ’ল। আমি সেই ঘৰতে থাকিলোঁ। তেওঁ বিচাৰিছিল যদিও ঘূৰি যাবলৈ মোৰ ভয় লাগিছিল। আমাক তেওঁলোকে চাহৰ সলনি সাজপানীৰে আপ্যায়িত কৰিলে। ৰাতি ঘৰৰে কুকুৰা মাৰি বাঁহৰ গাজেৰে ৰান্ধি ভাত খুৱালে৷ পিছদিনা ৰাতিপুৱা এক বন্ধুত্বপূর্ণ পৰিৱেশৰ মাজেৰে কেম্পলৈ ৰাওনা হ'লোঁ। ডাঙৰ ডাঙৰ গছ, হাবি- বননিৰে ভৰা লুংলুঙীয়া ওখ চাপৰ বাট। ভাগৰত ক্ষন্তেক বহিবৰ মন যায়। নাই, তেওঁ নিদিয়ে—‘বহি গ’লে ভাগৰি যাবা, গৈয়ে নাপাবা।' ৰাতিপুৱা এঘাৰমান বজাত কেম্প পালোঁহি। কেম্পৰ আটাইবোৰ মানুহ আলিমূৰত ৰৈ বাট চাই আছে। যোৱাৰ সময়ত কাকো কৈ যাবলৈ নহ’ল। সেয়ে তেওঁলোকে আমাক কোনোবাই ‘কিডনাপ কৰি নিলে বুলি চিন্তা কৰি আছিল। কি যে বিচিত্র অভিজ্ঞতা।

 জয়পুৰত এবাৰ তেওঁলোকৰ কেম্পটো এখন পথাৰৰ মাজত আছিল। কাষেৰে বৈ যোৱা সৰু নিজৰাটোৱে অনবৰতে যেন মোক হাত বাউল দি মাতে। তেওঁলোকৰ সৰু দলটো হাবিয়ে বননিয়ে ঘূৰি ফুৰে৷ উভতি আহোঁতে ঔ টেঙা, কচু, ঢেঁকীয়া শাক লৈ আহে। দীঘল মোজাৰ ওপৰতে আকৌ ঘৰতে চিলোৱা জিনচৰ মোজা—তাৰো ওপৰত দীঘলকৈ বুটা জোতা পিন্ধা সত্বেও লোমা-লোমে জোক লাগি আহে। ঘূৰি আহি বননিত বহি জোকবোৰ নিৰায়। এদিন তেওঁ মোকতেওঁলোকে উদ্‌ঘাটন কৰা কয়লাৰ চিম থকা ‘চাইট’লৈ লৈ গৈছিল। আচৰিত, ইমান জোক! এডাল এডাল বনত সৰু সৰু হাতী জোকে খাপ পাতি থাকে। কেম্পটোৰ সমুখেৰে [ ২৬৫ ] অৰুণাচললৈ যোৱা মেইন ৰোডটো। তাৰো সিপাৰে দীঘলীয়া হাবিখন। হাবিখনৰ একেবাৰে অৰুণাচলৰ সীমাত এদিন ফৰেষ্ট ডিপার্টমেন্টে মানুহ খোৱা বাঘ এটা এৰি দিছিল। কেইদিনমান পিছত শুনা গ’ল বাঘটোৱে হাবিখনৰ বিপৰীত মূৰত থকা বাগানৰ ওচৰত বজাৰ কৰিব অহা বাগানীয়া মানুহ এজনক খালে। সেই হাবিতে তেওঁলোকৰ চাৰি-পাঁচজনীয়া দলটো ঘূৰি ফুৰে। মোৰ ভয়ত তৎ নাই। কিন্তু কেম্পৰ কোনো মানুহেই কথাটোত গুৰুত্ব দিয়া নাছিল। অফিচৰ ডিৰেক্টৰ কুমাৰ চন্দ্ৰ প্ৰসাদ ছাৰ আহোঁতে ক’লোঁ, ‘ইয়াত মানুহ খোৱা বাঘ ওলাইছে, এইটো কেম্পত থকাটো ভাল হ’ব জানো?? তেওঁ মোক সান্ত্বনা দিলে ‘আজিলৈকে আমাৰ ডিপার্টমেণ্টৰ মানুহক বাঘে চুব পৰা নাই, তুমি চিন্তা নকৰিবা'। থাকোঁতে থাকোঁতে উৎকণ্ঠাবোৰ নোহোৱা হ'ল।

 ডিফুৰপৰা সৰু-সুৰা ঠিকাদাৰ আব্দুল মান্নান প্ৰায়ে আমাৰ ঘৰলৈ আহিছিল। এবাৰ বাছেৰে গৈ ৰাতি নৌপুৱাওঁতে তেওঁ মান্নানৰ ঘৰ পালেগৈ। মানুহঘৰক মাতিবলৈ টান পাই চোতালত থকা খেৰৰ দমটোতে শুই থাকিল হেনো । ৰাতিপুৱা কোন সেইটো বুলি হুৱাদুৱাখন লাগিল। মানুহজনৰ গোটেই গাত মকৰাজাতীয় পোকে আগুৰি ধৰিছিল। মান্নানে ‘চাইট’ দেখুৱাবলৈ পাহাৰ এটালৈ তেওঁক লৈ গৈছিল। তেওঁ কৈছিল, ‘বাইদেউ, ছাৰে পাহাৰৰ ওপৰত ট্রাক চলাই নিছে। কম নহয় দেই।’

 ঘৰত থকা বাকী সময়ছোৱা তেওঁ অতি পৰিশ্ৰম কৰিছিল। বিয়াৰ আগতে হেঙেৰাবাৰীত মাটি এডোখৰ লৈ ঘৰ বনোৱা আৰম্ভ কৰিছিল। ফিল্ডৰ পৰা আহি তেওঁ ঘৰৰ কামত লাগি যায়। মিস্ত্ৰীৰ লগৰ এটা লেবাৰ তেওঁ নিজেই আছিল। ঘৰৰপৰা সহায় নোলোৱাকৈ অকল দৰমহাৰ টকাৰে অতি কষ্টেৰে আমাৰ ঘৰটো সজাই উলিয়াইছিল । পাহাৰৰ ওপৰত ঘৰ, মাটি কটা, চাৰিওফালে ৱাল বনোৱা— এনেবোৰ কামত জীৱনটোৱেই পাৰ হৈ গ'ল।

 পঞ্চাচ ফুটমান দ’ কুঁৱাৰ পৰা পানী তোলা, গধূলি লেম-চাকি জ্বলোৱা আদি কামবোৰ কেনেকৈনো দুয়ো কৰিছিলোঁ আজিও মনত পৰে। দুঘৰমান ওচৰ-চুবুৰীয়া আছিল দূৰে দূৰে।

 এবাৰ তেওঁ আমাৰ ঘৰত কাম কৰি থকা মিস্ত্ৰী এজনৰ ঘৰত ঈদ খাবলৈ বুলি ওলাল। হাজোৰ কলিতাকুছিত তাৰ ঘৰ। নাই যে নাই ৰাতি এডোখৰলৈ মানুহজন অহা নাই ৷ বাহিৰত ঘিটমিটিয়া আন্ধাৰ৷ বাৰাণ্ডাত বহি মই বাট চাই আছোঁ । অজান আশংকাত বুকু কঁপি আছিল। তেতিয়াটো আজিৰ দৰে হাতত মোবাইল বস্তুটো [ ২৬৬ ] নাছিল। তথাপি বিশ্বাস ৰাখিছিলোঁ তেওঁ ঘূৰি আহিবই। আন্ধাৰৰ মাজেৰে তেওঁৰ খোজৰ শব্দ শুনিম বুলি কাণ পাতি ৰ’লোঁ। মাজ ৰাতি হৈ গ'ল, অৱশেষত সেই শব্দ শুনিলোঁ। চকুপানীৰ বাদে ক’বলৈ মোৰ ভাষা নাছিল। তেওঁ ক’লে ওলাই আহোঁতে তিনিমান বাজিল, ৰৈ ৰৈ বাছ নাপালোঁ, এডোখৰ বাট অ’টোৰে, এডোখৰ ট্রাকেৰে, বাকীখিনি খোজকাঢ়ি আহিব লগা হ’ল বাবে পলম হ’ল। এনেবোৰ কথাত কিমান যে কষ্ট হয় তেওঁ নাভাবিছিল।

  বিয়াৰ দুবছৰ পিছত ল'ৰাটো আৰু তাৰো তিনিবছৰ পিছত ছোৱালীজনীৰ জন্ম হোৱাত আমাৰ সংসাৰ পৰিপূৰ্ণ হ'ল। ল’ৰাৰ জন্মৰ পিছত মই শুৱালকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিষয় শিক্ষকৰ চাকৰিত নিযুক্তি পালোঁ। আমি দুয়ো ব্যস্ত হৈ পৰিলোঁ। সংসাৰখন কাম কৰা ছোৱালীৰ হাতত থৈ মই যাওঁ দূৰণিবটীয়া স্কুলখনলৈ। তেওঁ কেতিয়াবা ফিল্ডত থাকে। ঘৰত থাকিলে চাকৰি, লিখা-পঢ়া, সাহিত্য পৰিষদৰ কাম আদিত ব্যস্ত থাকে। মাজে সময়ে দুই তিনিবছৰৰ বাবে শাহু মা, শহুৰ দেউতা আহি আমাৰ লগত থাকে। মায়ে ছোৱালীজনী ডাঙৰ কৰাত যথেষ্ট সহায় কৰিলে। তাৰ মাজতে মই তিনিবছৰীয়া সংগীত নিপুণৰ পাঠ্যক্রম সম্পূর্ণ কৰিলোঁ। এবছৰীয়া বি এড ডিগ্রীও ললোঁ। মাজে মাজে ৰেডিঅ’ প্ৰগ্ৰেমো কৰোঁ। মুঠতে আমি দুয়ো নিজৰ নিজৰ কামত ব্যস্ত। তেওঁ কি লিখিছে, মই কি গাইছোঁ— কোনেও কাৰো ফালে চাবৰ সময় নাই। কিন্তু এটা কথা ঠিক যে আমি দুয়ো দুয়োকে নিজৰ নিজৰ কাম কৰিবলৈ সম্পূর্ণ স্বাধীনতা দিছিলোঁ। বৰং তেওঁ মোক ঘৰুৱা কামত সহায়হে কৰিছিল। এনেদৰে চলি থাকিল সংসাৰ।

 নতুন সাহিত্য পৰিষদৰ তেওঁ আছিল অক্লান্ত কৰ্মী। সাহিত্যৰ প্ৰগতিশীল সমাজ উত্তৰণৰ ধাৰাক আগুৱাই নিয়াটোৱে নতুন সাহিত্য পৰিষদৰ মূল লক্ষ্য। প্রতি শনিবাৰে গুৱাহাটীৰ নতুন সাহিত্য পৰিষদৰ অফিচত সদস্যসকল মিলিত হয় আৰু সাহিত্য পৰিষদৰ বিভিন্ন কাম-কাজৰ বিষয়ে পৰিকল্পনা কৰে। সাহিত্য পৰিষদৰ অফিচটো তেওঁৰ বাবে মন্দিৰ আছিল যেনহে লাগে। কেতিয়াবা কেতিয়াবা অফিচৰ ধূলিৰে ভৰা কিতাপ-পত্ৰবোৰ নিজে ঠিকঠাক কৰি কোঠাটো চাফচিকুণ কৰি আহে। অসমৰ বিভিন্ন ঠাইত চুকে-কোণে থকা নতুন সাহিত্য পৰিষদৰ সৰু সৰু শাখাসমূহে আয়োজন কৰা সাহিত্য আলোচনা সভাত তেওঁক প্ৰায়ে আমন্ত্ৰণ কৰে। তেনেবোৰ সভাত তেওঁ প্ৰস্তুতিলৈ আগ্ৰহেৰে উপস্থিত হয়গৈ।

 ২০০৬ চনৰ নতুন সাহিত্য পৰিষদৰ একাদশ সন্মিলনৰ (ৰূপালী বৰ্ষ) সময়ত তেওঁ পৰিষদৰ সম্পাদক আছিল। সেই সময়ত মোৰ শুৱালকুছি উচ্চতৰ মাধ্যমিক [ ২৬৭ ] বিদ্যালয়ৰপৰা গুৱাহাটীৰ উলুবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ বদলিৰ বাবে জোৰদাৰ প্ৰচেষ্টা চলি আছিল। সেয়া আমাৰ পৰিয়ালৰ বাবে অত্যন্ত জৰুৰী আছিল। শহুৰ দেউতা সম্পূৰ্ণভাৱে শয্যাশায়ী হৈ পৰিছিল। শাহুমা সম্পূৰ্ণভাৱে স্মৃতিশক্তি বিলোপন ৰোগত (Alzheimer) আক্ৰান্ত হৈছিল। তেনে এটা অৱস্থাত সেইসময়ৰ শিক্ষা সচিব শ্ৰীযুত লক্ষ্মী তামুলীদেৱে মোৰ বদলিকৰণত যথেষ্ট সহায় কৰিলে। তেখেতৰ সহায় মই জীৱনতো পাহৰিব নোৱাৰিম। সেই সময়ত মন কৰিছিলোঁ সন্মিলনৰ সকলো কামৰ ভাৰ যেন তেওঁৰেই কান্ধত। সন্মিলনৰ বাবে পুঁজি সংগ্রহ কৰা, স্থান নিৰূপণ কৰা, ডেলিগেটসকলৰ (বিশেষকৈ মহিলা সতীৰ্থসকলৰ) থকাৰ ব্যৱস্থা কৰা, আৱশ্যকীয় লিখা-মেলা, প্ৰেছৰ কাম ইত্যাদি নানানটা কামত ব্যস্ত। ৰাতিপুৱা দেউতাৰ মলিয়ন কাপোৰবোৰ ধোৱাটো আছিল তেওঁৰ প্ৰথম কাম। তাৰপিছত আৰম্ভ হয় সাহিত্য পৰিষদৰ কাম। কামৰ বোজা, দুঃশ্চিন্তা আদিৰ বাবে মানুহজন বৰকৈ খিংখিঙিয়া হৈ পৰিছিল। তেওঁৰ মানসিক অৱস্থাই মোক আতংকিত কৰিছিল। তথাপি তেওঁ কোনোমতেই পিছ হোঁহোকা মানুহ নাছিল। সন্মিলনখন সুন্দৰভাৱে সমাপ্ত হ'ল।

 ২০১৪ চনত নতুন সাহিত্য পৰিষদৰ ১৫তম সন্মিলনখন গুৱাহাটীৰ কমাৰ্চ কলেজত অনুষ্ঠিত হৈছিল। সেই সময়ত তেওঁ সাহিত্য পৰিষদৰ কোষাধ্যক্ষ আছিল। তেতিয়াও দেখিছিলোঁ তেওঁ ভীষণ ব্যস্ত। সন্মিলনলৈ গৈ দেখিলোঁ তেওঁ সভাত নাই। কোনোবাই ক’লে তেওঁ ৰান্ধনীঘৰত আছে। তালৈ গৈ দেখিলোঁ মানুহজনে সতীৰ্থসকলৰ খোৱা-বোৱাৰ তদাৰক কৰি আছে। সাহিত্য পৰিষদৰ পুঁজি ৰাহি কৰিবলৈ তেওঁ নিজেই বহু পৰিশ্ৰম কৰিছিল। কাৰণ সাহিত্য পৰিষদৰ সুনামী সাহিত্যিকসকলৰ লেখাবোৰৰ প্ৰকাশৰ প্ৰতি তেওঁ বেছি আগ্ৰহী আছিল৷ সেই সন্মিলনৰ পিছৰপৰা তেওঁক মানসিকভাৱে কিছু ভাৰাক্ৰান্ত যেন বোধ হৈছিল। সাহিত্য পৰিষদত এনেধৰণে কাম কৰাৰ প্ৰতি আগ্ৰহ যেন হেৰুৱাই পেলাইছিল। পিছৰ ছোৱাত তেওঁ নতুন সাহিত্য পৰিষদৰ অগ্ৰজ সতীৰ্থ উমা শৰ্মাদেৱৰ ৰচনা সম্ভাৰ, বিজনলাল চৌধুৰীদেৱৰ ‘জোনাকীৰ আলোড়ন’ আৰু কবি মোহন কৃষ্ণ মিশ্ৰদেৱৰ ‘সমদল আৰু অন্যান্য কবিতা’ পুথি দুখনৰ পুনৰ সংস্কৰণৰ বাবে প্রায় নিজাববীয়াকৈ দায়িত্ব লৈছিল। উমা শৰ্মাদেৱৰ ৰচনা সম্ভাৰখনৰ কাম সুন্দৰকৈ সম্পাদনা কৰিব পৰাত মই বৰ সুখী হৈছিলোঁ। কাৰণ তেখেতৰ ‘মার্ক্সবাদ জনাৰ কাৰণে’, ‘দ্বন্দ্বমূলক বস্তুবাদ’, ‘সমাজ সভ্যতা আৰু নাৰী’ আদি সৰু সৰু কিতাপবোৰ ছাত্ৰ অৱস্থাত আমাৰ হাতপুথি যেন আছিল, সেই কিতাপবোৰ পঢ়িয়েই আমি মার্ক্সবাদ সম্বন্ধে কিবা অলপ জানিছিলোঁ বুলি আত্মসন্তুষ্টি লাভ কৰিছিলোঁ। ‘নতুন পৃথিৱী’ত [ ২৬৮ ] প্রকাশিত হোৱা মোহনকৃষ্ণ মিশ্ৰদেৱৰ কবিতাও মোৰ বৰ প্ৰিয় আছিল।

 চাকৰি, সাহিত্য পৰিষদৰ কাম-কাজ আদিৰ লগতে তেওঁক লেখা-মেলা, পঢ়াশুনাও কৰি থকা দেখিছিলোঁ। সাদিন, গৰিয়সী, অসমীয়া প্রতিদিন আদিত প্ৰায়ে তেওঁ গল্প লিখিছিল । দৈনিক বাতৰি কাকত কেইখনমানতো বিভিন্ন সামাজিক সমস্যাক লৈ লেখামেলা কৰিছিল। আগতে ভাবিছিলোঁ গল্প ঘৰতে বহি লিখিব পাৰি। তেওঁক দেখি এই ধাৰণা সলনি হৈছিল। একোটা গল্প লিখিবলৈ তেওঁ ইমান কষ্ট কিয় বা কৰিছিল বুজা নাছিলোঁ। কেতিয়াবা একোটা গল্প প্ৰকাশ হোৱাৰ পিছতো আকৌ এবাৰ লিখিছিল । গল্প লিখাৰ বাবে পঢ়াশুনাও কৰিছিল। গল্প লিখাৰ উকমুকনি এটা আহিলে তেওঁ কোনো কোনো ঠাইলৈ যাবলৈ অস্থিৰ হৈ পৰিছিল, আগতে মই অলৈ তলৈ যোৱাত কেতিয়াও বাধা নিদিছিলোঁ। কিন্তু পিছলৈ বয়সজনিত ইটো সিটো ৰোগে আক্ৰমণ কৰিবলৈ ধৰাত প্ৰতিবাদ কৰিব ধৰিলোঁ। কিন্তু এবাৰ মন ঠিক কৰিলে তেওঁক বাধা দিও লাভ নাই। মৃত্যুৰ এবছৰমান আগতে ভগ্ন স্বাস্থ্যৰেই তেওঁ আমাৰ চুবুৰীয়া সৰ্বেশ্বৰ দলেৰ পৰিবাৰৰ মাজুলীৰ মাকৰ ঘৰলৈ গ’ল। লগতে নাৰায়ণপুৰৰ মিছিং গাঁও এখনলৈও গ’ল। ইমান অপৰিচিতি মানুহৰ ঘৰলৈ যাবলৈ ওলোৱাত মই আচৰিতো হৈছিলোঁ। কিন্তু উপায় নাই, তেওঁতো যাবই। মানুহঘৰে তেওঁক আপোন কৰি লৈছিল। আহিবৰ সময়ত আকৌ এবাৰ আহিম বুলি কৈ থৈ আহিল।

 পিতাৰ (অনিল ৰায়চৌধুৰীৰ) ৰচনাৱলীখন উলিয়াবলৈ তেওঁ যৎপৰোনাস্তি চেষ্টা কৰিছিল। শয্যাশায়ী পিতাক তেওঁৰ ৰচনাৱলীৰ কাম-কাজৰ অগ্ৰগতিৰ কথাৰে উৎসাহিত কৰিছিল । পিতাই তেওঁৰ ৰচনাৱলীখন দেখা নাপালে। গুৱাহাটী মেডিকেল কলেজত দেহদান কৰি ২০২০ চনৰ ১ মে'ৰ দিনাখন পিতাই চিৰ বিদায় মাগিলে। তেঁৱো কিতাপখন প্রায় সম্পূৰ্ণ কৰি উলিওৱাৰ পিছতো প্ৰকাশ কৰিব নোৱাৰিলে।

 এটা সময়ত নাম নুশুনা অচিন ৰোগবোৰে মানুহজনক ধাৰাসায়ী কৰি পেলালে। ২০২১ চনৰ জুলাই মাহৰ ৪ তাৰিখৰ কালসন্ধিয়াত মোৰ পৰিয়ালৰ উজ্জ্বল চাকিগছি চিৰদিনৰ বাবে নুমাই থাকিল। মাত্র ৬৭ বছৰ বয়সত তেওঁৰ জীৱনৰ দুৰ্বাৰ গতি চিৰৰুদ্ধ হৈ গ’ল। কৰোণাৰ সন্ত্ৰাসজনিত পৰিস্থিতিত তেওঁক আৰোগ্য কৰিবলৈ ভীষণ প্রত্যাহ্বান গ্ৰহণ কৰিছিলোঁ। আজিও যেন তেওঁক জীয়াই ৰখাৰ প্ৰত্যাহ্বান ত্যাগ কৰিব পৰা নাই৷ তেওঁৰ গল্পবোৰ গুৰুত্ব সহকাৰে আকৌ পঢ়িছোঁ। এতিয়া সেইবোৰ মোৰ বাবে আশ্চর্যজনক সম্ভাৰ যেন লাগিছে৷ বহুকথা সুধিবৰো মন গৈছে। আফচোচ হয়, নুসুধিলোঁ কিয়? [ ২৬৯ ]

 আমাৰ সংসাৰ আৰু ডাঙৰ পৰিয়ালটোৰ প্ৰতি থকা তেওঁৰ দায়িত্ব আৰু কৰ্তব্যবোধৰ প্ৰতি ল’ৰা-ছোৱালী বা ভাইভনীৰ কোনো অভিযোগ নাই। বৰং এই চুটি জীৱন কালত তেওঁ প্ৰায় সকলো কৰ্তব্য সমাপন কৰিছে মাথোন নিজৰ স্বাস্থ্য, শাৰীৰিক-মানসিক সুখ, আৰাম-বিলাসৰ প্ৰতি কোনোদিন নাভাবিলে। লেখামেলাই যেন তেওঁৰ একমাত্ৰ সুখ আছিল। তেওঁৰ লেখাৰ প্ৰতি পাঠকে দিয়া সঁহাৰিয়ে তেওঁক অপৰিসীম সুখ দিছিল। অসুখীয়া অৱস্থাতো তেওঁ ‘অসমীয়া প্ৰতিদিন লৈ লেখা পঠিয়াইছিল। ‘লিখা মেলা কৰিব নোৱাৰিলে জীয়াই থকাটো অৰ্থহীন’। এই ভাষ্য আছিল তেওঁৰ শেষ ভাষ্য।❐

(লেখক অৱসৰপ্ৰাপ্ত বিষয় শিক্ষয়িত্ৰী, উলুবাৰী উ: মা: বিদ্যালয়, অনাতাঁৰ শিল্পী)


মাজুলীৰ শুকান সুঁতি গাঁৱত

[ ২৭০ ]

মোৰ দৃষ্টিত বিপুল খাটনিয়াৰ মানুহজন

উৎপলা ৰায়চৌধুৰী

বিপুল খাটনিয়াৰক মই লগ পাইছিলোঁ গুৱাহাটী বিশ্ববিদ্যালয় চৌহদৰ আমাৰ আবাসগৃহত। ১৯৮৪ চনৰ ১৮ ছেপ্টেম্বৰত মোৰ সহোদৰা ৰীণাক বিবাহ কৰাই তেওঁ আমাৰ পৰিয়ালৰ এজন সদস্য হৈ পৰে। সম্বন্ধত মোৰ ভনীজোঁৱাই হ’লেও তেওঁ মোৰ ককাইদেউ তথা বন্ধু সদৃশ আছিল। ৰীণাৰ বিয়া মোতকৈ আগেয়ে হোৱা বাবে তেওঁ আমাৰ ঘৰৰ প্ৰথম জোঁৱাই আছিল।

 স্পষ্টবাদী, পৰিশ্ৰমী, কষ্টসহিষ্ণু, অধ্যয়নশীল, অধ্যৱসায়ী, অতিথি পৰায়ণ খাটনিয়াৰৰ ধেমেলীয়া চৰিত্ৰই আমাক আকৰ্ষিত কৰিছিল। ধেমালিৰ মাজেৰে নিজৰ অপছন্দৰ কথাবোৰ অগ্ৰাহ্য কৰাটো তেওঁৰ কথনভঙ্গীৰ এক বৈশিষ্ট্য আছিল। এইবাবে তেওঁ বহুতৰে অপ্ৰিয়ও হৈছিল।

 ডেকাকালত তেওঁ পাৰিবাৰিকেই হওক বা চাকৰি সংক্ৰান্তই হওক সকলো কামতে অপৰিসীম কষ্ট কৰা পৰিলক্ষিত হৈছিল। তেওঁ গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত বাসস্থান নিৰ্মাণৰ সময়ত বনুৱাৰ লগত সমানে কাম কৰি, কোনো ধাৰ-ঋণ নোলোৱাকৈ কষ্ট কৰি সাঁচতীয়া ধনেৰে সজাইছিল। তেওঁ 'cut your coat according to your cloth’ কথাষাৰ জীৱনৰ শেষমুহূৰ্তলৈ মানি চলি এক সহজ-সৰল জীৱনধাৰা অব্যাহত ৰাখিছিল।

 চাকৰি কালছোৱাত ভূতত্ববিদ হিচাপে ফিল্ডলৈ যাবলগীয়া হ’লে পৰিয়ালৰ যিমানই অসুবিধা নহওক কিয় কোনোদিনেই সেই অজুহাতত নোযোৱাকৈ থকা নাছিল। ১৯৮৭ চনত উমৰাংচুৰ এটা কেম্পলৈ আমাৰো এবাৰ যোৱাৰ সুবিধা হৈছিল। পাহাৰীয়া অঞ্চলৰ জংঘলত তম্বু তৰি থাকি ৰাতিপুৱা উঠিয়েই খননস্থলীলৈ ৰাওনা হৈ কিধৰণৰ খাটনি কৰিছিল; তাকে দেখি অবাক হৈ গৈছিলোঁ। যিটো সময়ত কাৰ্বি [ ২৭১ ] আংলঙৰ মাঞ্জা সন্ত্ৰাসবাদীৰ ঘাটি হিচাপে খ্যাত আছিল; সেই সময়তো তেওঁ সাহসিকতা তথা সফলতাৰে কাম কৰি উভতি আহিছিল। তেওঁ যিটো কামতেই হাত দিছিল, সেই কামটো কষ্ট কৰি হ’লেও নিয়াৰিকৈ কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছিল।

 পৰিয়ালৰ বৰপুত্ৰ হিচাপে তেওঁ পিতৃ-মাতৃকে আদি কৰি পৰিয়ালৰ সকলো সদস্যৰ প্ৰতি জীৱনৰ শেষ পৰ্যায়লৈ নিজৰ কৰ্তব্য কৰি দায়িত্বশীলতাৰ পৰিচয় দাঙি ধৰিছিল। চাকৰিয়াল তথা শিল্পী পত্নীকো তেওঁ নিজৰ কৰ্তব্য সম্পাদন বা ইচ্ছা পূৰণৰ ক্ষেত্ৰতো সদায় সহযোগিতা আগবঢ়াইছিল। কোনো কামকেই তেওঁ এলাহ কৰি পিছুৱাই থোৱা দেখা নাছিলোঁ।

 আমাৰ পিতা প্রয়াত অনিল ৰায়চৌধুৰীৰ সৈতে তেওঁ প্ৰগতিশীল সাহিত্য জগতৰ উন্নতিৰ বাবে যথেষ্ট খাটনি কৰি ‘নতুন সাহিত্য পৰিষদ'ৰ জৰিয়তে কাম কৰি গৈছিল। নতুন সাহিত্য পৰিষদ’ৰ মঞ্চত ন ন লেখক-লেখিকাই যাতে আত্মপ্রকাশ কৰি প্ৰগতিশীল সাহিত্য আগুৱাই নিব পাৰে তাৰবাবে তেওঁৰ প্ৰচেষ্টা শলাগিবলগীয়া । ‘নতুন পৃথিৱী’ৰ জৰিয়তে গল্পলিখক হিচাপে আত্মপ্ৰকাশ কৰা এইজন বিপুল খাটনিয়াৰে বহুকেইজন সম্ভাৱনাপূর্ণ যুৱ সাহিত্যিকক বিভিন্ন সমল তথা উপদেশেৰে আগুৱাই যোৱাত সহায় কৰিছিল। ‘নতুন সাহিত্য পৰিষদ’এসময়ত তেওঁৰ সন্তানৰ দৰে আছিল। ইয়াৰ মাধ্যমেৰে প্ৰকাশিত কেবাখনো গ্ৰন্থৰ প্ৰকাশৰ বাবে দান-বৰঙণি সংগ্ৰহ কৰাৰপৰা প্রুফ চোৱাকে আদি কৰি ছপা হোৱাৰ সময়লৈকে কি ধৰণে আত্মনিয়োগ কৰিছিল, সেয়া দেখি আমি হতবাক হৈ পৰিছিলোঁ। অকল ছপা হোৱাৰ পর্যায়তে ক্ষান্ত নাথাকি তেওঁ দান-বৰঙণি দিয়া লোকসকললৈ গ্ৰন্থসমূহ পোৱাই দিয়ালৈকে সকলো দায়িত্ব পালন কৰিছিল। দিন-ৰাতি একাকাৰ কৰি, সংসাৰৰ প্ৰতি পিঠি দি হ’লেও; তেওঁ যিটো কাম হাতত লৈছিল তাক সম্পূৰ্ণ নকৰালৈ শান্তি নাপাইছিল ৷ অসুস্থতাৰ মাজেৰেও তেওঁ আমাৰ পিতৃৰ ‘স্মৃতিলেখা’খন উলিওৱাৰ সকলো কামকাজ পৰিচালনাৰ ভাৰ সফলভাৱে সমাপন কৰাৰ কথা উল্লেখ নকৰিলে আমাক কৃতঘ্নতাৰ পাপে চুব।

 তেওঁ আছিল এজন প্ৰচাৰ বিমুখ মানুহ। তেওঁৰ লিখনি বিভিন্ন আলোচনী, বাতৰি কাকতত ওলালেও কেতিয়াও আমাক নিজৰ মুখেৰে নজনাইছিল। আমি যদি পঢ়ি উঠি কিবা মন্তব্য দিওঁ, তেতিয়া তেওঁ মনোযোগেৰে শুনি আমাৰ খু-দুৱনি মাৰ নিয়াইছিল ৷ ‘ভূমি’, ‘আলাপ’ আদি বিভিন্ন আলোচনী প্রকাশ পালেই আমাক একপিকৈ দিছিল; কিন্তু কোনোদিনেই তাৰ মূল্য বিচাৰি কোনো কথাই কোৱা নাছিল। [ ২৭২ ] ইয়াৰ মাজেদি আমাক সেইসমূহ পঢ়াৰ উদগনি দিয়াই প্রধান উদ্দেশ্য আছিল। তেওঁৰ প্রত্যেকখন কিতাপ প্রকাশ পোৱাৰ পিছত আমাক কিবা নহয় কিবা আলোচনীৰ সৈতে একেলগে দিয়ে; যেন তেওঁৰ কিতাপখন গৌণ আৰু আলোচনীখনহে মুখ্য। কেতিয়াবা এনেকুৱাও হয়, আলোচনীখন চকু ফুৰাই থোৱা যায় পিছত পঢ়িম বুলি; কিন্তু তেওঁৰ কিতাপখন নজৰতেই নপৰে। পিছতহে কিতাপখন দেখোঁ।

 ভ্ৰমণবিলাসী খাটনিয়াৰে ন্যূনতম খৰছত বিভিন্ন ঠাই ভ্ৰমণ কৰি গল্পসমূহৰ সমল গোটাইছিল। সেয়েহে তেওঁৰ গল্পসমূহত ভিন ভিন ঠাইৰ পৰিৱেশ আৰু জনসাধাৰণৰ জীৱনশৈলী প্ৰতিফলিত হৈছিল। তেওঁৰ এই অভিজ্ঞতাপুষ্ট গল্পসমূহৰ ওপৰত গৱেষণা কৰাৰ থল আছে বুলি মোৰ মনে ধৰে। আশাকৰোঁ সাহিত্যক্ষেত্ৰৰ ছাত্ৰসমূহে তেওঁৰ গল্পসমূহৰ প্ৰকৃত মূল্যায়নৰ ব্যৱস্থা কৰিব।

 চাকৰি-সংসাৰ আদিৰ ব্যস্ততাৰ বাবে তেওঁৰ বৰ্তমানত তেওঁৰ গল্পসমূহৰ ওপৰত আলোচনা কৰাৰ অৱকাশ উলিয়াব নোৱাৰাৰ বাবে এতিয়া অৱসৰকালীন সময়ছোৱাত তথা তেওঁৰ অবৰ্তমানত বহুত আফচোচ হয়।

 আমাৰ সংসাৰৰ বেছিভাগ বিপদ-আপদতে তেওঁ আছিল প্রথমজন সংগ দিওঁতা লোক। এনে শুভাকাংক্ষী আৰু সহৃদয় লোকজনক হেৰুওৱাৰ বেদনা ভাষাৰে বুজাব নোৱাৰি।

 সদৌশেষত বিপুল খাটনিয়াৰলৈ সশ্ৰদ্ধ অশ্ৰু-অঞ্জলি যাঁচি মোৰ লিখনিটোৰ সামৰণি মাৰিলোঁ।

(লেখক অৱসৰপ্ৰাপ্ত অতিৰিক্ত মুখ্য অভিযন্তা, জলসিঞ্চন, অসম) [ ২৭৩ ]

সু-গল্পকাৰ, প্ৰগতিশীল সাহিত্য আন্দোলনৰ সৈনিক

বিপুল খাটনিয়াৰ

দিলীপ ৰায়চৌধুৰী

বিপুল খাটনিয়াৰ সম্পৰ্কত মোৰ ভতিজা জোঁৱাই। অৱশ্যে, আমাৰ মাজৰ আন্তৰিকতা ঘৰুৱা সম্পৰ্কৰ মাজেৰে হোৱাতকৈ তেখেতৰ গল্প, নতুন সাহিত্য পৰিষদৰ কিছুমান কাম-সভা সমিতি পতাৰ ক্ষেত্ৰত সহযোগিতা, কিতাপ ছপোৱাৰ ক্ষেত্ৰত সহযোগিতা, ছপা হৈ ওলোৱা কিতাপ হাতত উঠাই দি আনন্দ প্ৰকাশ কৰা মুহূৰ্ত সমূহৰ মাজেৰে আমাৰ ঘনিষ্ঠতা বাঢ়িছিল। তেখেতৰ অতিকৈ মৰমৰ আৰু শ্ৰদ্ধাৰ শহুৰেক তথা নতুন সাহিত্য পৰিষদৰ সতীৰ্থ, মোৰ দাদা স্বৰ্গীয় অনিল ৰায়চৌধুৰীৰ ঘৰুৱা সমস্যা,স্বাস্থ্যৰ সমস্যা বা কিতাপ-পত্ৰ প্ৰকাশ আদিৰ বিষয়ত হোৱা কথোপথনৰ মাজেৰে তেখেতৰ লগত মোৰ আন্তৰিকতা বাঢ়ি গৈছিল। প্ৰগতিশীল সাহিত্য আৰু সাম্যবাদী আন্দোলনৰ সৈনিক বিপুল খাটনিয়াৰৰ দেউতাকৰ ঘৰ শিৱসাগৰৰ শলগুৰিত। জন্ম ১৯৫৩ চনত তিনিচুকীয়াৰ দেওশালত। ১৯৬৯ চনত শিৱসাগৰৰ বেজবৰুৱা উচ্চতৰ মাধ্যমিকৰপৰা মেট্ৰিক পাচ কৰে আৰু ১৯৭৩ চনত শিৱসাগৰ কলেজৰপৰা ডিষ্টিংচনসহ স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৭৫ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ভূতত্ব বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ১৯৭৭ চনৰপৰা অসম চৰকাৰৰ ভূতত্ত্ব আৰু খনিজ বিভাগত ভূতত্ত্ববিদৰ চাকৰি কৰি ৩১ আগষ্ট ২০১৩ চনত চাকৰিৰপৰা অৱসৰ লয়। খাটনিয়াৰৰ লগত ১৯৭৫-৭৬ চনত প্ৰথম চিনাকি হৈছিল জালুকবাৰীৰ বিশ্ববিদ্যালয় চৌহদত দাদা অনিল ৰায়চৌধুৰীৰ বাসগৃহত। দাদাৰ বাসগৃহ আৰু শ্ৰদ্ধেয় মুকুট ভট্টাচাৰ্যৰ বাসগৃহ সেইসময়ত ‘নতুন পৃথিৱী’ৰ কাম-কাজৰ কাৰ্যালয় হিচাপে ব্যৱহৃত হৈছিল। ‘নতুন পৃথিৱী’ৰ কামত খাটনিয়াৰ দাদাৰ বাসগৃহলৈ আহোঁতে আমাৰ পৰিয়ালৰ লগত প্ৰথম চিনাকি হৈছিল। [ ২৭৪ ] ‘নতুন পৃথিৱী’ আলোচনীখনে সেই সময়ত প্রগতিশীল সাহিত্য, মার্ক্সবাদী চিন্তাচর্চা আৰু বিজ্ঞানমনস্কতা বিস্তাৰৰ এক আন্দোলনৰ সৃষ্টি কৰিছিল। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ন-ন লিখকৰ সৃষ্টি, তেওঁলোকৰ গল্প, কবিতা, প্রবন্ধ প্রকাশেৰে নতুন লিখকক উৎসাহিত কৰা আৰু সাম্যবাদী চিন্তাচৰ্চাৰ প্ৰতি আকৰ্ষিত কৰাৰ ক্ষেত্ৰত ৭০-৮০ দশকৰ ‘নতুন পৃথিৱী’ৰ ঐতিহাসিক অবদান সদায় উল্লেখনীয়।এই ‘নতুন পৃথিৱী’তে প্রকাশিত গল্পেৰে পঢ়ুৱৈৰ সমাজৰ লগত বিপুল খাটনিয়াৰ সুপৰিচিত হৈ পৰে। এজন ভূতত্ত্ববিদ হিচাপে চৰকাৰী চাকৰি কৰাৰ মাজেৰে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন অঞ্চলত তথা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত ঘূৰি ফুৰোঁতে হোৱা অভিজ্ঞতাসমূহ তেখেতৰ নিজস্ব লিখন কৌশলেৰে আৰু নিজা কথনৰীতি আৰু সেই অঞ্চলৰ প্ৰচলিত কথিতভাষা, আচাৰ ব্যৱহাৰৰ প্ৰয়োগেৰে গল্পসমূহক অসাধাৰণ ৰূপ দিব পৰাটোৱে গল্পকাৰ হিচাপে তেওঁৰ বিশেষত্ব। কিন্তু তেওঁৰ গল্পসমূহ মনোযোগ দি নপঢ়িলে সাৰমৰ্ম তৎক্ষণাত বুজি উঠা কঠিন। অৱশ্যে মোৰ মন্তব্য এজন সাধাৰণ পাঠক হিচাপে সীমাবদ্ধ। সাহিত্য সমালোচক আনন্দ বৰমুদৈৰ মতে ‘আৱাহন যুগৰপৰা আজিলৈকে যি কেইগৰাকী গল্পকাৰে সমাজবাদী দৃষ্টিকোণৰ পৰা নান্দনিকভাৱে সন্তোষজনক গল্প লিখিছে খাটনিয়াৰ সেই সকলোৰে এজন'। খাটনিয়াৰৰ অকাল মৃত্যুৱে ৰীণাক আৰু আমাৰ পৰিয়ালৰ সকলোকে সঁচাকৈয়ে সাংঘাতিক আঘাত দিছে। নিজৰ স্বাস্থ্য, অসুখ-বিসুখ আদিৰ প্ৰতি কেতিয়াও মন নিদিয়া মানুহজনে মৃত্যুৰ দুদিনমান আগলৈ ‘অনিল ৰায়চৌধুৰী ৰচনাৱলী’খন সম্পাদনা কৰি উলিওৱাৰ কামত ব্যস্ত আছিল। শাৰীৰিকভাৱে অসুস্থ শুনিছিলোঁ যদিও কোভিদ-প্রটোকলৰ বাবে ফোনতে ৰীণাৰ পৰা খা-খবৰ লৈছিলোঁ। তেখেতৰ গল্পৰ সাৰাংশ সহজে বুজি উঠিব নোৱাৰাৰ নিচিনা তেওঁৰ অসুস্থতাৰ ভয়াৱহতাও আমি ভালদৰে বুজি নাপাওঁতে সকলোকে এৰি গুচি গ’ল। জীয়াই থাকিলে হয়তো আৰু বহুতো সৃষ্টি হ'লহেঁতেন! চাকৰিৰ অৱসৰৰ পিচৰেপৰা তেখেতে গভীৰভাৱে পঢ়া-শুনা আৰম্ভ কৰিছিল। ‘অধ্যয়নে লেখক এজনক সমৃদ্ধ কৰে’ আৰু ‘সৃষ্টিৰ বাবে লাগে প্ৰচুৰ অভিজ্ঞতা’ এয়া তেখেতে লিখি যোৱা মনৰ কথা। অভিজ্ঞতা আহৰণৰ বাবেই তেওঁ অসমৰ চৰ-চাপৰি, গাঁৱে ভূঁইয়ে, চহৰে-নগৰে, পাহাৰে-পৰ্বতে সুবিধা পালেই ঘূৰি-ফুৰিছিল। সাধাৰণ মানুহৰ লগত মিলি তেওঁলোকৰ সমস্যা, কথিত ভাষা, আচাৰ-ব্যৱহাৰ নিয়ম-নীতি, জীৱনধাৰাৰ সন্ধান কৰিছিল, অভিজ্ঞতা লৈছিল। এজন স্বভাৱ কবিৰ নিচিনা তেওঁ আছিল স্বভাৱ গল্পকাৰ। যিকোনো অভিজ্ঞতাৰ বৰ্ণনাকে তেওঁ গল্পৰ ৰূপ দিব পাৰিছিল। [ ২৭৫ ]

 সুন্দৰ জিলিকি থকা উজ্বল চকুজুৰি আৰু ৰঙাপৰা দুগালত অলপ অলপ দাঢ়িৰে সুন্দৰ-সুঠাম চেহেৰাৰ খাটনিয়াৰ বিশ্ববিদ্যায়ত পঢ়ি থাকোঁতে ‘নতুন পৃথিবী’ৰ কিবা কামৰ বাবে জালুকবাৰীৰ ঘৰলৈ আহিছিল। হয়তো তেতিয়াই ৰীণাক প্ৰথম লগ পাইছিল। কেইদিনমান পিচত ভাৰতীয় ষ্টেট বেংকৰ তেওঁৰ বন্ধু শ্ৰদ্ধেয় বিপুল দেৱ শৰ্মাই মোৰ জৰিয়তে ঘৰলৈ বিয়াৰ প্ৰস্তাৱ পঠালে আৰু সকলোৰে সন্মতিত অতি সাধাৰণভাৱে ৰেজিষ্ট্ৰেছন হৈ গ’ল। এইদৰেই তেওঁ আমাৰ পৰিয়ালৰে এজন হৈ গৈছিল। নিৰহংকাৰী, সহজ সৰল, কম কথা কোৱা নতুন সাহিত্য পৰিষদৰ প্ৰাক্তন সম্পাদক আৰু মৃত্যুৰ দিনলৈ সাহিত্য পৰিষদৰ সাংগঠনিক কামত ব্যস্ত থকা সু-গল্পকাৰ্জনৰ ২০২১ চনৰ ৪ জুলাইত আকস্মিক বিয়োগ হৈ অসমৰ প্ৰগতিশীল সাহিত্য আন্দোলন, অসমীয়া সাহিত্য জগত লগতে আমাৰ পৰিয়ালৰ অপূৰণীয় ক্ষতি হ’ল। অসমীয়া সাহিত্যত তেওঁৰ গল্প সংকলন— ‘খোজৰ শব্দ’, ‘চিনাকি মুখৰ ছবি’, ‘চিনাকি মুখ অচিনাকি ছবি’, ‘দখাৰ’, ‘তাই কাপোৰ নিপিন্ধে’, ‘ভিন্ন জীৱন ভিন্ন কথকতা’, ‘ঘঁৰিয়ালডাঙাৰ কথা’, ‘হাৱা ভাল চলা নাই’ ইত্যাদি মূল্যবান অৱদান। তদুপৰি, সাতসৰী, গৰীয়সী, প্ৰতিদিন আদি কেইবাখনো আলোচনীৰ নিয়মিত গল্প লিখক হিচাপে তেওঁ প্ৰসিদ্ধ আছিল। প্ৰথম মৃত্যু বাৰ্ষিকী উপলক্ষে তেখেতলৈ মোৰ শ্ৰদ্ধা নিবেদন কৰিলোঁ।

(লেখক ভাৰতীয় ষ্টেট বেংকৰ অৱসৰপ্ৰাপ্ত মুখ্য পৰিচালক।)

কাশ্মীৰত ট্ৰেইনিঙৰ সময়ত (১৯৮২)

[ ২৭৬ ]

Puta and me

Imon Kalyan

Lots of memories are scattered in my mind like it was yesterday. In those days when I was yet to go to school, I remember sitting in the back of his scooter in the stary evenings and resting my head on his back, often drifting off to one of the stories I made up in my mind as he navigated through the busy roads of Guwahati. After coming home from his office, and taking care of unattended household work, Puta used to go out each evening. I used to accompany him most of those evenings. On the front of the scooter before his legs, he used to keep a bag of books, and on the back, I would sit holding him like a backpack. We rode from place to place distributing books and letters and collecting donations for conferences and publications of Sahitya Parishad. Sometimes I used to fall asleep on his back dreaming of floating with the stars in my stories.

 He had spent most of his evenings at Ata’s (my maternal grandfather) house at Chandmari. Ata's residence was a meeting place for intellectuals like him. Most of the evenings, Ata's drawing-room used to be full of people fond of him. Puta must be a permanent member of his followers. Ata was not only his father-in-law but also a close friend and mentor to him. Puta had a habit of discussing and consulting almost all decisions, with Ata. It was the end of April 2020, the time of lockdown due to the pandemic when Puta's health started to decline. My Ata was also very sick after his operation during that time. Due to the fear of [ ২৭৭ ] infection and due to the lockdown restrictions, we could hardly visit Ata. According to Puta, Ata is a person who would not survive without the people surrounding him. He felt that Ata needed someone to talk to. Despite everyone's restrictions, one afternoon, Puta rode his scooter to visit Ata. That day, Ata suggested from his bed that Puta should search about the Spanish flu and effects on livelihood.

 That was the last afternoon of Ata’s life.

 Puta and Maa had a life full of adventures. They never failed to full fill their responsibility and at the same time, they managed their time and strength to do what they loved to do. Puta dedicated a great amount of time and effort to studying. He always made sure to have done an adequate literature survey before finishing a manuscript. Sometimes he would visit places and meet people to get inspiration or materials for his manuscripts. He adored his job as a geologist. Perhaps because it made him travel to almost all states of India. He spent plenty of time at villages across the state of of Assam and North-East India. He looked for common and indegenious people to understand their stories. He used to carry a notebook all the time and scribble new words, experiences and stories of the particular places. He would drew a picture of the places he visited with the words in his writings. He knew people from the different parts of Assam and other places in North-East of India.

 He involved us in his adventures. I remember traveling to remote parts of places like Umrangshu, Namrup, Kalangpar, etc. since I was five. I remember sitting on puta’s lap in the front seat of the office jeep while traveling through those bumpy roads in the hills. Later in 2020, when I taunted him for his driving skills on the city roads, he proudly used to say "Don't question the way I drive, I have driven trucks carrying water through steep slopes in the hills". We used to stop at waterfalls, rivers, local viewing sights, local markets, etc. in those official field tours. The places where we stayed were full of amazing things to explore. The tent [ ২৭৮ ] house, bed made of hay, bamboo water pipe to bring water from waterfalls, makeshift toilets made of bamboo, everything blew off my mind.

 Though economic conditions were unyielding, my parents used to manage a tour outside Assam, every year. I am thankful to my parents that we traveled to Puri, Kolkata, Darjeeling, Mumbai, Delhi, Nepal, and so many other places during my school days. Puta had stories to tell us for every place we traveled.

 Some of the stories were about the history of that place, and some of the stories were from his training days at those places. Our tours might not be that luxurious but were full of fun and exciting experiences.

 I remember spending a day, sleeping on the railway platform with my family on a tour to Haridwar. This made me watch the life of people living on the platform. I wrote a story about it and got myself the first position in a story writing competition at my school. The last tour with him was to Jammu and Kashmir.

 During that tour, we went to Baishnu Devi Mandir on foot. He always walked ahead of us while climbing the hill of Trikuta. It was a great experience walking an entire night with the devotees. Puta was not a believer in gods. But never failed to visit places of devotion. Every place inspired him with a story and influenced his writing. A life with him was a life of adventure. He always wished to visit a foreign country. Dhaka was in the first place on his bucket list. He used to ask me to accompany him to a foreign country. It breaks my heart not to be able to fullfill this wish of his.

 Puta has always been a workaholic. He was a great help to my mother in the kitchen. Though we were not a fan of his cooking, he tried to cook foods from different cuisines which were surprisingly too good most of the time. He used to do most of the household chores like cleaning and planting the garden, cleaning drains, fixing broken things, etc. by himself. Whether it is cooking food or cleaning a gutter, he used to teach me all kinds of work.I [ ২৭৯ ] made the first cup of tea in my life under his guidance.

 One of the fondest times with him was the time when I tried cleaning our water reservoir tank in the middle of the day and he supervised from the ground, defying Maa's stern scolding to both of us. In his last years, he taught me to ride a scooter. He used to sit on the backside of the scooter, guiding me on how to move it in the traffic. He taught me that one is truly independent when one can do jobs of every kind irrespective of one’s gender or position.

 He always kept his distance from the materialistic world. He was a free-minded man and taught us, his children, to have a free heart. Puta has lived a life full of adventures, exercises, and tours. He was always willing to work harder than his body can ever bear. He is not the kind of person who would like to live a life cursing his illness or old age. For a man as wild as him, it was difficult to bear retirement. He was not involved much with the sangathans after his retirement. However, given a chance, he would visit people of the sangathan from different parts of Assam. He felt bad to stay indoors for a long time. It was difficult to keep him indoors even during his illness. Whenever he felt a little better, he would go out to the publishing house to supervise the work of the last edited book. He was writing articles for newspapers and magazines even in his last days. After his demise, we found in his notebook written by him, "Even if I live, if I can't continue writing, such life would be worthless for me".

 He lived like a wild bird and left us forever when his physical body had to be caged under treatment and care. He is a part of my conduct, my beliefs and my growth. He will always be an essential part of me.q

(Postdoctoral researcher at Ben Gurrion University of Negev, Israel) [ ২৮০ ]

A short memoir

Joydeep Singha

“Come quick, they are waiting for the bus”, Imon called me hastily after attending the 50th convocation at IIT Madras. I, clumsy as I still am, picked up an umbrella to avoid the drizzle and ran out of the hostel in the same half pant and shirt that I would wear on any typical day. That was the evening I first met Puta as well as Maa, at the bus stand near the Alumni office on the campus.

 He firmly shook my hand and I had the feeling that he intended to make sure that I feel his strong hands. I remember Maa was smiling while Puta kept a straight face. On the next day, I met them at the hotel they both were staying near the Chepauk Stadium and spoke for quite a while. Initially, I was speaking in English and Puta asked me in a sarcastic tone, “What is your mother tongue?”. I slightly shuddered, “Bengali”. He smiled and started speaking to me in fluent Bengali afterward. I was surprised by the ease and fluency in his Bengali. Later as I got to know him more personally, I learned that although I might try to show off sometimes about Bengali culture (I fail almost every time), he and Ata (Imon’s late grandfather) were far, far more well versed in Bengali literature and its cultural aspects.

 Perhaps that is the general trait of a writer or an artist who sought to be perfect in their art form, to know and understand the different cultures and the different facets of life through people’s eyes, ordinary people, like you, like me. In his stories, he always added the elements from his experience and stories he came across [ ২৮১ ] on his trips. In 2015, Maa and Puta visited Kolkata and stayed at my home at Barasat after finishing the recording of Maa’s album. My mother later told me that Puta always had a notebook in his hand and was scribbling in it now and then. Imon informed later that he infused bits and pieces of the stories of the people he came across during that trip in one of his books.

 In the limited time, I have known him and interacted with him, I can easily say without a doubt that he always cared for people with a good heart. He never cared for their materialistic, flashy possessions. I found out that Puta was proud that I went to Guwahati alone with only a few clothes and my laptop, for my marriage and told everyone, “Joydeep has come alone for his marriage. This is what I did back then and now he will do too”. At our marriage reception, he wore the jacket my sister gave to me, and afterward, he kept it with him because it became his favorite. This is how he was, a writer, a master of his craft, a dynamic wild person, whose values were always rooted to the ground. It broke my heart to see him in declined health. I wish I had more time to get to know him.

 Now and then, I and Imon talk about him and think about what he would do if we could bring him here. We imagine scenarios where he would walk in the Negev desert and see the ways of nomadic life of the Bedouins, or if he could roam around the Jewish settlements in the desert. Oh, what incredible stories he would have brewed with his brilliant talent.

(Postdoctoral researcher at Ben Gurrion University of Negev, Israel) [ ২৮২ ]

সৰু পেহাৰ বিষয়ে মোৰ অনুভৱ

কুন্তলা ৰায়চৌধুৰী (কল্যাণী)

বিপুল খাটনিয়াৰ, আমাৰ সৰু পেহা, আমাৰ ঘৰৰ এগৰাকী বিশেষ সদস্য। জানিব পৰা হোৱাৰপৰা পেহাক অলপ ভয় কৰিছিলোঁ, কিয়নো খুব খাৰাংখাছ আছিল তেওঁ। মাত-কথাৰ বাবে জনাজাত, পিছে পেহা আছিল খুবেই Straight-forward, ভাল লাগিলে ভালকৈ কয় আৰু বেয়া পালে গালিও পাৰে। সেয়াই আছিল তেখেতৰ প্ৰতি থকা ভয়ৰ কাৰণ।

 পেহাৰ ভূমিকা আমাৰ ঘৰত এগৰাকী জোঁৱাই হিচাপেই নাছিল, আতা অনিল ৰায়চৌধুৰীৰ বন্ধু হিচাপেও তেওঁৰ এক বিশেষ ভূমিকা আছিল ঘৰখনত৷ সৰু পেহা চাগে আতাৰ আটাইতকৈ প্রিয় বন্ধু আছিল। আমি ডাঙৰ হৈ অহাৰ লগে লগে পেহাৰ অন্য এক ৰূপ দেখা পাবলৈ ধৰিলোঁ; সেই আছিল এগৰাকী ‘কলা-প্রেমী’ৰ ৰূপ আৰু এগৰাকী প্রগতিশীল কলা সমালোচকৰ ৰূপ। সৰু পেহাৰ লগত মোৰ প্রায়েই ‘Storytelling Photography’ লৈ কথা হৈছিল, কোনোবা ধুনীয়া ঠাই দেখি আহিলে মোক কৈছিল, কল্যাণী ওলাবি এদিন মোৰ লগত, সেইবোৰ ঠাইত ভাল ভাল ফটো পাবি, এনেদৰে কৈ তেওঁ ঠাইসমূহৰ বিষয়ে কিছুমান আকর্ষণীয় কাহিনীও শুনাইছিল। এজন বন্ধুৰ নিচিনাকৈ পেহাই আমাৰ লগত এনেদৰে বিভিন্ন ধৰণৰ কথা আলোচনা কৰিছিল।

 শেহতীয়াকৈ প্ৰকাশিত হোৱা আতা অনিল ৰায়চৌধুৰীৰ ৰচনা সমগ্ৰখনৰ কাম সৰু পেহাই দিনে ৰাতিয়ে কৰি থকা দেখিছিলোঁ। পেহাৰ নিজৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ লৈছিল কিন্তু তথাপিও তেওঁ প্ৰচণ্ড হেঁপাহেৰে কিতাপখনৰ কাম কৰি আছিল। ভবাই নাছিলোঁ আতা যোৱাৰ পিছতেই সৰু পেহাও এনেদৰে গুচি যাব বুলি৷ প্রথম যেতিয়া তেওঁৰ বেমাৰৰ খবৰটো শুনিছিলোঁ, তেতিয়াও ভাবিব পৰা নাছিলোঁ। কিন্তু নিয়তিৰ আগত আমাৰ ইচ্ছা অনিচ্ছাৰ জোৰ নচলে; সৰু পেহাৰ শাৰীৰিক অৱয়বটো এদিন নিঠৰ হৈ গৈছিল কিন্তু তেওঁৰ উপস্থিতি আমাৰ মাজত তেওঁৰ কামৰ জৰিয়তে সদায় থাকিব, আৰু মোৰ মাজত বেছিকৈ থাকি যাব এজন ‘কলা প্রেমী’ হিচাপে।

(লেখক আজমল আইন মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা) [ ২৮৩ ] পৰিশিষ্ট

বিপুল খাটনিয়াৰৰ সৈতে হোৱা

কথোপকথনৰ কিয়দাংশ

বিপুল খাটনিয়াৰৰ জন্ম ১৯৫৩ চনৰ মাৰ্চ মাহৰ ১৯ তাৰিখে তিনিচুকীয়া জিলাৰ দেওশাল চাহবাগিচাত। ১৯৭৫ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা ভূতত্ত্ব বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰি অসম চৰকাৰৰ ভূতত্ত্ব আৰু খনিবিভাগৰ চাকৰিত সোমায়। সত্তৰ দশকত ‘নতুন পৃথিৱী’ নামৰ আলোচনীত গল্পকাৰ হিচাপে আত্মপ্রকাশ কৰা তেওঁৰ ইতিমধ্যে কেইবাখনো গল্প-সংকলন প্রকাশ পাইছে। নতুন সাহিত্য পৰিষদ নামৰ প্ৰগতিশীল সাহিত্য-সংগঠনৰ সৈতে ওতঃপ্রোতভাৱে জড়িত তেওঁ যোৱা ভালেমান বছৰ ধৰি গুৱাহাটীৰ স্থায়ী বাসিন্দা। এইগৰাকী গল্পকাৰৰ সৈতে হোৱা কথোপকথনটোত বিশেষভাৱে তেওঁৰ সদ্যপ্রকাশিত গল্প-সংকলন ‘ভিন্ন জীৱন ভিন্ন কথকতা'ৰ প্ৰসংগই স্থান পাইছে। কিতাপখনৰ লগতে আনুষংগিকভাৱে আন কেতবোৰ প্ৰসংগও ইয়াত আলোচিত হৈছে। আশা কৰিব পাৰি, এই কথোপকথনে (আৰু লগতে সন্নিবিষ্ট কৰা উক্ত গ্ৰন্থখনৰ বিষয়ে লিখা চমু আলোচনাটোৱে) গল্পকাৰগৰাকীৰ শেহতীয়া উত্তৰণৰ আভাস দিয়াৰ লগতে উক্ত কিতাপখনৰ বস্তুনিষ্ঠ মূল্যায়নৰ বাটো প্ৰশস্ত কৰিব।

—প্রকল্প ৰঞ্জন ভাগৱতী


আপোনাৰ শেহৰখন গল্প-সংকলন ‘দখাৰ' ওলাইছিল ১৯৯৯ চনত৷ তাৰ পাছত একেবাৰে নতুন গল্প-সংকলন ‘ভিন্ন জীৱন ভিন্ন কথকতা’ ওলাল প্রায় ন বছৰৰ পাছত। এই বিলম্বৰ কাৰণ কি?

□ আচলতে এই সময়ছোৱাৰ ভিতৰত আৰু দুখন গল্প-সংকলন প্রকাশ পাইছিল। তাৰে এখন আছিল ‘তাই কাপোৰ নিপিন্ধে’, আনখন ‘বেংগ্রা’। প্ৰথমখনৰ বাবে প্ৰকাশকগৰাকীয়ে আধাখিনি খৰচ লৈ মাত্ৰ দুশ কপি কিতাপহে ছপাইছিল। তেওঁ একেসময়তে আন এগৰাকীৰপৰাও একেদৰে টকা লৈ দুখন কিতাপ একেলগে ছপাইছিল। মূৰকত দেখা গ'ল, বন্ধাওঁতে পোন্ধৰ-বিছটামান কপিৰ বাহিৰে বাকীখিনিত দুয়োখন কিতাপৰ ফৰ্মা মিহলি হৈ পৰিছে—কোনোখনত চালখন মোৰ, ভিতৰৰ [ ২৮৪ ] কিডনী হাওঁফাওঁ সিগৰাকীৰ। মোৰ দ্বিতীয়খন সংকলন সহৃদয় বন্ধু ললিত নাথে নি ডিব্ৰুগড়ৰ এগৰাকী উৎসাহী প্ৰকাশকক দিছিল, তেওঁ সেইবাৰ কলিকতাত একেলগে পাঁচখন কিতাপ ছপাইছিল। ‘প্রান্তিক’ত বিজ্ঞাপনো ওলাইছিল— কিন্তু আকৌ সেই দেও-ভূতৰ কথা— বিতৰণৰ বেলিকা বেটুপাত লুটিয়াই চাই দেখা পালে— ভিতৰখন কামৰূপীয়া ‘লাব্রা’ৰ দৰে জুতি লগা হৈ পৰিছে – অ'ৰ পাত ত’ত মিহলি হৈ পৰিছে। ফলত সেয়া গুৰু-ভকতক বিলাব পৰা হৈ নাথাকিল। ডিব্ৰুগড়ৰপৰা পৰিয়ালসহ আহি থাকোতে সেই ব্যৱসায় বুজি নোপোৱা সৎ, উদ্যোগী প্রকাশকগৰাকীৰ মটৰ দুৰ্ঘটনাত মৃত্যু হোৱাৰ খবৰ বাতৰিকাকতত পাই অন্তৰখনে হাহাকাৰ কৰি উঠিল । কপি নৰখাকৈ দিয়া গল্পকেইটাৰ ভিতৰত ‘বেংগ্ৰা’ নামৰ গল্পটোৰ বাহিৰে বাকীকেইটা হেৰাল।

আপোনাৰ ইয়াৰ আগৰ তিনিখন গল্প-সংকলন ‘খোজৰ শব্দ', ১৯৮০, ‘চিনাকি মুখৰ ছবি’, ১৯৯৫ আৰু ‘দখাৰ’, ১৯৯৯ – উলিওৱাৰ অভিজ্ঞতাও বৰ সুখকৰ নাছিল কিজানি?

□ সুখকৰ অৱশ্যে বুলিব নোৱাৰি। কিয়নো অসমত কিতাপ ছপা কৰাটো এটা ডাঙৰ সমস্যা। আজিও। মোৰ প্ৰথম সংকলন ‘খোজৰ শব্দ’ তেনেই অপইতা হাতৰ লেখা হ’লেও তাৰ ‘জৌশ’ তাৰ পাছৰ দুখন গল্প-কিতাপত নাছিল। কিতাপখন মোৰ চাকৰি-জীৱনৰ দুটা বছৰৰ সাঁচতীয়া টকাৰে ছপোৱা। কিতাপখনৰ চাৰি হাজাৰ কপি তিনি মাহতে ওলাই গৈছিল । তাৰে তিনিশ ছল্লিছ কপিৰ মূল্যহে ঘূৰাই পাইছিলোঁ। অসম আন্দোলনৰ আৰম্ভণি কালত এচাম পাঠকৰ বাবে যেতিয়া অসমীয়া ভাষাত পঢ়িব পৰাকৈ একো এটা নোহোৱা হৈছিল – তেতিয়া সেই সৰু কিতাপখন যেন হাত-পুথি হিচাপে ব্যৱহাৰ হৈছিল। কিতাপখনত কিন্তু আন্দোলনৰ ‘আ’টোও নাছিল। আছিল কেৱল আন্দোলন-পূৰ্ব ৰঙা ৰং আৰু খোজৰ শব্দ । ‘চিনাকি মুখৰ ছবি’ কেৱল শোষিত-লাঞ্চিত মানুহৰ মুখৰ ছবি। অপূৰঠ হ'লেও নিজৰ প্ৰিয় গল্পকেইটা এই সংকলনখনতে আছে। তাৰে এটা নি ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীয়ে তেখেতৰ সংকলনত ঠাই দিছিল। কিতাপখন মাননীয় সুৰেন্দ্ৰনাথ বৈশ্যই গাঁঠিৰ ধন ভাঙি ছপাইছিল ৷ পাঁচ বছৰৰ পাছত নলবাৰীৰ এজন বন্ধুৱে পুৰণা কাগজ বোটলা লোকৰ পাচিত পাই একপিত এটকাকৈ কিনি লৈ দহকপি ‘চিনাকি মুখৰ ছবি’ মোলৈ টোপোলা বান্ধি পঠাই দিছিল আৰু লাগে নেকিও সুধিছিল। কেমব্রিজে ছপোৱা ‘দখাৰ’ৰ বিষয় আছিল ঐতিহাসিক অসম আন্দোলন। ‘দখাৰ’ খাচী শব্দ, অৰ্থ বহিৰাগত। মই [ ২৮৫ ] আন্দোলনৰ কেতবোৰ মৰ্মান্তিক ছবি গল্পকেইটাত ফুটাই তুলিবলৈ চেষ্টা কৰিছিলোঁ- সন্মুখত কিন্তু একো ‘মডেল’ নাছিল। কি কাৰণে নাজানো, আমাৰ নমস্য গল্পকাৰসকলৰ সৰহ সংখ্যকেই অসম আন্দোলন লৈ নীৰৱ আছিল। তেওঁলোকৰ কিছুমানে আন্দোলনটোক সমৰ্থনো কৰিছিল। অভূতপূৰ্ব আন্দোলনটোৰ ছবিখন কিন্তু অসমীয়া সাহিত্যত আজিও ভালকৈ প্ৰতিভাত হৈ নুঠিল।

আগৰ কেইখন সংকলনৰ নামবোৰ সংকলনখনৰ একেটা গল্পৰে দিয়া হৈছিল। কিন্তু ‘ভিন্ন জীৱন ভিন্ন কথকতা’ এইক্ষেত্ৰত ব্যতিক্রম। এইটো সংকলনত তেনে নামৰ কোনো গল্প নাই। এনেকৈ এটা নতুন নাম দিলে কিয়?

□ ‘ভিন্ন জীৱন ভিন্ন কথকতা’ৰ কথাটো অলপ বেলেগ; ইয়াৰ গল্পবোৰৰ পটভূমি, বিষয়বস্তু আৰু কথকতা ভিন্ন ভিন্ন। মোৰ আগৰ সংকলনবোৰৰ লগত ইয়াৰ কিছু পার্থক্য আছে। সেইবাবে সংকলনটোৰ নামটোত এই ‘ভিন্ন’ শব্দটো ব্যৱহাৰ কৰিছোঁ। তাৰ বাহিৰে অন্য কথা নাই।

সংকলনটোৰ নামটোত ‘ভিন্ন’ বিশেষণটো দুবাৰকৈ ব্যৱহৃত হৈছে। এই শব্দটোৰে ‘প্রান্তীয়’ বা marginal সমাজ এখনৰ — যিখন সমাজৰ বৰ্ণনা আপোনাৰ গল্পবোৰত আছে— তেনে এখন সমাজৰ ইংগিত দিব বিচৰা হৈছে নেকি?

□ তেনেকুৱা বিশেষ একো কথা নাই। মোৰ আগৰ সংকলনবোৰৰ গল্পখিনিৰ লগত পাৰ্থক্য এটা ৰাখিবৰ বাবেই এই শব্দটো ব্যৱহাৰ কৰিছোঁ। পাঠকে গল্পবোৰ পঢ়িলে দেখিব যে ইয়াৰ গল্পবোৰৰ পটভূমি, বিষয়বস্তু আৰু কথকতা সম্পূৰ্ণ ভিন্ন। মোৰ আগৰ গল্পবোৰৰ লগত নিমিলে।

পটভূমিৰ লগতে আপুনি কথকতাৰো ভিন্নতাৰ কথা কওঁতে সংকলনটোৰ ‘বাট চ’ৰা’ত লিখা কথা এষাৰ মনত পৰিছে। আপুনি লিখিছে—‘আমাৰ স্মৃতিৰ এবখলা জুৰি আছে এখন মুখে, মুখখন বুঢ়ী আইতাৰ। আইতাৰ সোপোৰা মুখৰ। সেই অমিয়া ভাষা আৰু নিচুকনি সুৰক ধৰি ৰখাৰ চেষ্টা।' সংকলনটোৰ ‘বহুৱা’, ‘কাৱৈমাৰী সত্ৰৰ অতিথি' আদি কেবাটাও গল্পৰ narration ত আমাৰ গ্ৰাম্য সমাজ-জীৱনৰ সকলো nounce-ৰ সৈতে তেনে এগৰাকী বুঢ়ী আইতাৰে কণ্ঠ শুনিবলৈ পোৱা যায়। গল্পৰ narration-ৰ ক্ষেত্ৰত এনে সচেতন নিৰীক্ষা আপোনাৰ আগৰ কেইখন সংকলনত দেখা নগৈছিল? [ ২৮৬ ] তেনেকুৱা এটা হ’ব পাৰে। মই যি পৰিৱেশত ডাঙৰ-দীঘল হ'লোঁ, মই যিখন সমাজ সৰুৰেপৰা দেখি আহিলোঁ, মই যিবিলাক মানুহ আশৈশৱ লগ পাই আহিছোঁ তেওঁলোকৰ জীৱনশৈলী, কথনভংগী, আচাৰ-ব্যৱহাৰে মোৰ গল্পৰ শৈলীক প্ৰভাৱিত কৰিব পাৰে৷ সেই আইতাগৰাকীৰ কথা উল্লেখ কৰিছোঁৱেই। নিচুকনি গীতেৰে সাধু কোৱা আইতা আছিল— দিখৌপৰীয়া এটি কাঁড়ী পৰিয়ালৰ — গাঁওখনৰ নামেই ‘কাড়ীগাঁও’। তেওঁলোকৰ পুলিন-পুথাওসকলৰ কোনো কোনোৱে হাত-ভৰি, চকু- মুখ ডেকা বয়সতে হেৰুৱাই পঙ্গু জীৱন কটাইছিল— যুঁজলৈ গৈ তেওঁলোকৰ আধাখিনি অথবা সৰহভাগ পুৰুষ ঘূৰি অহা নাছিল। বাৰী বিধৱাৰ চকুলোৰে দিখৌ উপচি পৰিছিল । কাহিনী এটা কোৱাৰ ক্ষেত্ৰত সেই আইতাগৰাকীৰ বা ম‍ই ঘনিষ্ঠভাৱে লগ পোৱা আন কাৰোবাৰ ভংগী মোৰ মাজত আহি যাব পাৰে। কেতিয়াবা মই নিজেও তেনেকৈ কাহিনীটো ক’বলৈ চেষ্টা কৰিছোঁ। তথাপি মোৰ বাবে সদায় বিষয়বস্তুহে মূল কথা। বিষয়বস্তুৱেই পথ উলিয়াই দিছে কেনেকৈ কাহিনীটো মই ক’ব লাগিব। বিশ্বাসযোগ্য চিত্ৰখন উলিয়াই অনাৰ প্ৰয়োজনত কেতিয়াবা গল্পৰ কৌশলকো তললৈ চাব লগা হৈছে।

সংকলনটোৰ ষোলটা গল্পক— আমি দেখিছোঁ— আঠোটাকৈ দুটা ভাগত ভাগ কৰা হৈছে। প্ৰথম ভাগটোৰ গল্পত অসমীয়া গ্ৰাম্য সমাজ-জীৱনৰ কথকতাই স্থান পাইছে আৰু দ্বিতীয় ভাগৰ ‘চেগুন বনৰ কথা’, ‘ৰৈী’, ‘মেঘ’, ‘বেংগ্ৰা’, ‘হার্কি’ আদি গল্পত অসমৰ জনজাতীয় আৰু আদিবাসী সমাজ-জীৱনৰ কথাই স্থান পাইছে। গল্পখিনি এনেকৈ কিতাপখনত উপস্থাপন কৰাৰ কিবা কাৰণ আছে নেকি ?

আলচতে তেনেকুৱা পাৰ্থক্য এটা ৰাখিবলৈ সচেতনভাৱেই প্ৰয়াস কৰিছোঁ। প্ৰথম ভাগৰ গল্পখিনিৰ পটভূমি আৰু মূল বিষয় ক্ৰমাৎ হেৰাই যাবলৈ ধৰা উজনি অসমৰ প্ৰাচীন গ্ৰাম্য জীৱন, ইয়াৰ আচাৰ-বিচাৰ আৰু কথকতা। এই খণ্ডৰ গল্পবোৰ একত্ৰিতভাৱে এখন যেন ছবি— ধৰক পেইণ্টিংহে কিজানি৷ দ্বিতীয় অংশৰ গল্পবোৰৰ পটভূমি মধ্য আৰু নামনি অসম। পটভূমিৰ উপৰি দ্বিতীয় খণ্ডৰ বিষয়বস্তু সুকীয়া সুকীয়া। ইয়াৰে চাৰিটা গল্পৰ মূল আধাৰ সন্ত্ৰাস। মই কেৱল মানৱীয় দিশটোতে আবদ্ধ হৈ নাথাকি সন্ত্ৰাসৰ আৰ্থ-সামাজিক কাৰকসমূহ দেখুৱাবলৈ চেষ্টা কৰাৰ লগতে— আৰু ইয়াৰ পৰিণতিৰ প্ৰতিও গুৰুত্ব দিবলৈ বিচাৰিছোঁ। সন্ত্রাস, দাংগা, গোষ্ঠী-সংঘৰ্ষৰ গুৰি ধৰে মূলতঃ এটা বিশেষ শ্ৰেণীৰ স্বাৰ্থই আৰু মৰণ ঘটে বিৰিণাৰ, গুৰি পৰুৱাৰ। নিজৰ উদৰ পূৰোৱাৰ পাছতে আটায়ে কিন্তু ভদ্ৰ লোকৰ [ ২৮৭ ] দৰে জেপত হাত ভৰাই পুলুকা মাৰে। ‘হাৰ্কি’ৰ পটভূমি আদিবাসী চাহ জনগোষ্ঠী অধ্যুষিত এক গোষ্ঠী সংঘৰ্ষত জৰ্জৰিত অঞ্চল। ‘সীমান্ত পথৰ গল্প’ সীমামূৰীয়া মানকাচৰ৷ ‘আধাৰশিলা’ সবাতোকৈ দৃঢ় আৰু শক্তিশালী। অসম আন্দোলনৰ বিৰোধী গোটটোৰ নেতৃত্বৰ পৰৱৰ্তী কালৰ চৰম বহুৱালি। আন দুটা গল্পৰ এটাৰ বিষয়বস্তু ভ্ৰষ্টাচাৰ আৰু আনটোৰ — আনকি নিৰীহ বন্যপ্ৰাণীকো ‘সন্ত্ৰাসবাদী’লৈ পৰিণত কৰা ২০০৬ চনত হোৱা খৰাং পৰিস্থিতি।

ভাষাৰ ক্ষেত্ৰত সংকলনটোৰ ভালেমান গল্পত পৰীক্ষা চকুত পৰিছে। ‘গোলাম’ গল্পটোত আপুনি এশ-ডেৰশ বছৰৰ আগৰ অসমীয়া ভাষাৰ ৰূপ এটা ব্যৱহাৰ কৰিছে। আটাইবোৰ গল্পতে অসমীয়া ভাষাৰ স্বকীয় কালিকা প্রকাশিত হৈছে। ভাষা লৈ এনে সচেতনাতাৰ কাৰণ কি?

□ ‘গোলাম’ গল্পটো বিশ্বনাথ চাৰিআলিৰপৰা ওলোৱা ‘ভূমি’ নামৰ ক্ষুদ্ৰ আলোচনীখনৰ প্ৰেৰণাতহে সৃষ্টি। হাতৰ আখৰেৰে চল্লিছ পৃষ্ঠামান দীঘল গল্পটো তেওঁলোকে আঠ মাহ সময় দি মুঠতে আঠ বাৰকৈ লিখিবলৈ মোক বাধ্য কৰাইছিল— আৰু ডিটিপি কৰাৰ পাছতো এবাৰ সম্পূৰ্ণ নতুনকৈ লিখাৰ সুবিধা দিছিল। তেওঁলোকৰ অসন্তুষ্টিয়ে বঢ়াই তোলা ‘জেদ’ৰ বাবে দুবাৰকৈ নাজিৰা-নাগিনীমাৰা আদিলৈ গৈছিলোঁ— প্রকাশিত কেওখন অসম বুৰঞ্জী পুনৰ পঢ়িব লগাও হৈছিল। মাদুৰিৰ কমল কছাৰীৰ দয়াত পঢ়িবলৈ পাইছিলোঁ— এতিয়াও অপ্রকাশিত— সাঁচিপতীয়া ‘চকৰিফেঁটী অসম বুৰঞ্জী'। এইখনৰ ৰচনাকাল ১৭৫১-১৭৬৯ খ্রীষ্টাব্দমান হ’ব— এইখনেই সেই সময়ৰ উজনি অসমৰ ভাষাৰ আনুমানিক ঠাঁচ এটাৰ ওচৰ চপাত সহায় কৰিছে। বৃহৎ কলেবৰৰ ‘বৰগোহাঞি বংশাৱলী’ৰ প্ৰণেতাসকলৰ এজন— নাজিৰাৰ অখিল পানীফুকন— আৰু অসম আন্দোলনৰ প্ৰেক্ষাপটত উদ্ভৱ হোৱা পাশৱিক পৰিস্থিতিয়ে কোঙা কৰি পেলোৱা— পিতৃভিঠা এৰি আঁতৰি যাব লগা হোৱা মাদুৰি গোহাঁই গাঁৱৰ শ্রদ্ধেয় হৰেন কোঁৱৰেও বহুখিনি সহায় কৰিছে।‘গোলাম’ৰ দৰে মোৰ আনবোৰ গল্পতো বিষয়বস্তু আৰু পটভূমিয়ে ক’ব নোৱাৰাকৈ মোক থলুৱা উপ-ভাষাবোৰৰ কাষ চপাই আনিছে। ‘সীমান্ত পথৰ গল্প’ আৰু ‘বৈৰী’ত মাৰ এই প্রয়াস অৱশ্যে সচেতন।

আপুনি অনুসৰণ কৰা বিশেষ সাহিত্যাদর্শই আংগিক আৰু বিষয়বস্তুৰ দ্বান্দ্বিক সম্পৰ্কৰ কথা কয়। কিন্তু ভাষাৰ প্ৰতি এনে সচেতনতা বিষয়বস্তুৰ কাৰণে এটা স্তৰত বোজা হৈ নপৰিবগৈ নে? [ ২৮৮ ] □বিষয়বস্তুৰ সৈতে আংগিকৰ মই বুজাত কোনো বিৰোধ নাই, এটা আনটোৰ পৰিপূৰকহে। আচলতে বিষয়বস্তুৱেহে আংগিক নিৰ্ণয় কৰে— আৰু সবল কৌশলী আংগিকে কঠিন বিষয়বস্তুকো সহজে গ্রহণযোগ্য কৰি তোলে। ‘গোলাম’ গল্পটোৰ বিষয়বস্তু মধ্য যুগৰ অসমৰ দাস-ব্যৱস্থা। বিষয়টো জটিল আৰু মনে সহজে মানি ল’ব নিবিচৰা। সেয়ে পাঠকৰ বিশ্বাসভাজন হোৱাৰ স্বাৰ্থতে থলুৱা সমলসমূহৰ আশ্রয় লোৱা হৈছে। সবল আংগিক যেন পচলাত দিয়া খাৰ । আকৌ, বিষয়বস্তু সমাজ আৰু মানুহৰ কামত অহা নহ'লে— জোৰদাৰ নহ'লে আংগিকসর্বস্ব লীলা- খেলা খোলাকটিৰ তাল হৈ পৰিব। মই ভাবোঁ, বিষয়বস্তু হ’ল আঁটি-আঁটি বন্ধা কোনো প্রতিমাৰ খেৰৰ জুমুঠিটো। জুমুঠিটো দুৰ্বল হ’লে দেৱীয়েনো শক্তিশালী অসুৰ বধ কেনেকৈ কৰে? ইয়াৰ ‘অসুৰ বধ’ মানে হ’ল সৃষ্টিৰ উদ্দেশ্য সাধনৰ প্রতীক। ভাষা হ’ল আংগিকৰ মূল, যেন প্রতিমা গঢ়িবৰ বাবে বিচাৰি লোৱা প্ৰয়োজনীয় আলতীয়া মাটি ৷ তেনে মাটিৰ অভাৱত খনিকৰসকলে হেনো থলুৱা জৈৱিক অথবা অজৈৱ কৃত্ৰিম কৰাল বা আঠাও মিহলি কৰি লয়। বিষয়বস্তু আৰু আংগিকৰ বিৰোধ হয় তেতিয়া, যেতিয়া সৃষ্টিশীল লেখাৰ বিষয়বস্তু হয় দুর্বল, নহয় বিষয়হীন বা নৈৰাজ্যবাদী অথবা সমাজৰ প্ৰতি উদাসীন, ভাব বিলাসী- আৰু কেৱল আংগিকৰ আশ্রয়ী।

‘বহুৱা’ গল্পটো পঢ়িলে আৰু এটা ভাব মনলৈ আহে— ইয়াৰ কথকতাই গল্পৰ সুনির্দিষ্ট কেনভাছখন অতিক্ৰম কৰি যেন উপন্যাসৰ গঢ় এটা লৈছে৷ ‘কাৱৈমাৰী সত্ৰৰ অতিথি’ গল্পৰ কেনভাছখনো অলপ বহল —‘গোলাম’ গল্পটোকো তেনেকুৱা যেনেই লাগে। এইকেইটা গল্প ৰচনাৰ সময়ত আপোনাৰ চিন্তাত উপন্যাসৰ ভাবনা আছিল নেকি?

□ মই ভাবোঁ শৈলীৰ এনে কটকটীয়া ধাৰণা শিল্পৰ বাবেই ক্ষতিকাৰক। মুকলি বিচৰণৰ বাবে কিছু শিথিলতাও লাগে। মই লিখোঁতে বিপজ্জনকভাৱে পাঠকসকল চকুৰ আগত ভাহি থাকে। সেয়ে দুয়োকূল বচাবলৈ কেতিয়াবা এটা মধ্যম পন্থাৰ প্ৰয়োজন হৈ পৰে । চুটি গল্প বিজ্ঞানৰ পৰশেৰে জ্যোতিষ্মান হৈ উঠা আধুনিক জীৱন যাত্ৰাৰহে ফচল। এই আধুনিক জীৱনকো ভঙা গঢ়াৰ মানসিকতাই লেখক এজনক সততে ক্ৰিয়া কৰিব পাৰে— সেয়ে শৈলীৰো কাঠামো ভঙা আৰু নতুনকৈ সজাই লোৱাৰ প্ৰয়োজনক অস্বীকাৰ কৰা টান হৈ পৰে। উপন্যাস কোনো মতে এটা দীঘল গল্প হ’ব নোৱাৰে, ইয়াৰ শৈলী গল্পতকৈ সুকীয়া আৰু প্ৰাচীন। মোৰ ‘কাৱৈমাৰী [ ২৮৯ ] সত্ৰৰ অতিথি’ গল্পটো মুঠ পাঁচোটা চিত্ৰকল্পৰ মাজেদি দাঙি ধৰা হৈছিল। তাৰ আগে আগেহে মাজুলিৰ জোঁৱাই এগৰাকীৰ সৈতে ৰাসৰ সময়ত নদীদ্বীপটোত চাৰি নিশা কটাই আহিছিলোঁ । বিয়াৰ আগতে নিমাতীঘাটেৰে মাহত দুবাৰকৈ লুইতখন সাঁতোৰা বন্ধুজন সেইবাৰ গৈছিল প্রায় বিশ বছৰৰ পাছত – সেয়ে তেওঁ নষ্টালজিক হৈ উঠিছিল— বানে ধোৱা মাজুলিখন আছিল তেওঁৰ বাবে অতি পৰিচিত। গল্পটোত থকা নষ্টালজিয়া তেওঁৰপৰা ধাৰ কৰা। কিন্তু ছপাৰ বাবে জমা দিয়াৰ মাত্ৰ কেইদিনমানৰ পাছতে প্ৰকাশ পোৱা শম্পা মিত্ৰৰ ডিটেকটিভ গল্প এটাই মোৰ গল্পটোৰ মেদবহুলতাৰ বিষয়ে সোঁৱৰাই দিলে। সেয়ে ডিটিপি কৰাৰ পাছতো গল্পটোৰপৰা দুটা অংশ পোনে পোনে আঁতৰাই দিয়া হ'ল। ক্ষতি নহ’ল, বৰং গল্পটোৰ নিটোলতাহে ৰক্ষা পৰিল৷ ‘কথা’ৰ লগত জড়িত ব্যক্তি হিচাপে কথাটো আপোনাৰ নিশ্চয় মনত আছে। শম্পা মিত্ৰৰ প্ৰতিও সেয়ে আওপকীয়াকৈ কৃতজ্ঞ হৈ থাকিলোঁ৷ ‘গোলাম’ক কিন্তু মেদবহুল বুলিব নোৱাৰি। কাৰণ বিষয়টোৱেই তেনে। সেই যুগৰ সমাজব্যৱস্থাক কৰা সচেতন আঘাতে ঘূৰাই গল্পৰ শৈলীকো প্রতি-আঘাত হানিছে।

ভৱিষ্যতে উপন্যাস লিখাৰ কিবা পৰিকল্পনা আছে নেকি?

□ উপন্যাসত হাত দিয়াৰ সাহস এতিয়াও গোটাব পৰা নাই৷ মই নিজে আজৰি সময়ৰ লেখকহে, পেছাদাৰী হোৱাৰ কোনো উপায় নাই, হাত-ভৰি বন্ধা।

নৰ-নাৰীৰ যৌন সম্পৰ্কৰ বিষয়ে লিখাৰ সময়ত আমাৰ প্ৰায়বোৰ লেখককে শুচিবায়ুৱা যেন লাগে। কিন্তু আপোনাৰ ‘বহুৱা' প্রভৃতি গল্পত নৰ-নাৰীৰ যৌন-সম্পৰ্কৰ কথা স্বাভাৱিক আৰু স্বতঃস্ফূৰ্ত প্ৰবৃত্তি হিচাপেই আহিছে। তাত কোনো ভণ্ডামি থকা যেন নালাগে। এইধৰণৰ কথাবোৰ এনেদৰে স্বাভাৱিকভাৱে প্ৰকাশ কৰাৰ প্ৰেৰণা ক'ৰপৰা পাইছে?

□ যৌন-সম্পর্ক ভোক-পিয়াহৰ দৰে মানৱ জীৱনৰ লগত সাঙোৰ খাই আছে। ইয়াক কোনো মতে আওকাণ কৰা নাযায়৷ আপুনি সোধাৰ আগতে বিষয়টো কিন্তু ম‍ই মুঠেই চিন্তা কৰা নাছিলোঁ । গল্পকেইটাত এই চকুত লগা দিশটো স্বাভাৱিকভাৱেই ওলাই আহিছে। কথাটো এনেকুৱা হ'ব পাৰে : আহোম ৰাজত্বত এই অঞ্চলৰ জনজীৱনৰ এক বিশেষত্ব আছিল। আহোম সৈন্যবাহিনীৰ ‘মৰি যাম, মাৰি যাম’ সৈন্যখিনি মূলতঃ এই অঞ্চলৰপৰাই সংগ্ৰহ কৰা হৈছিল। ‘আহোম’ৰ স্থায়ী সৈন্যবাহিনী নাথাকিলেও ‘খেল-পাইক’ ব্যৱস্থাৰ মাজেৰেই সা-সঁজুলি নিৰ্মাণৰ লগতে সমৰ-শিক্ষাও অব্যাহত ৰাখিছিল। এনে ব্যৱস্থা সেই সময়ত মুখ্যতঃ মাৰাঠা [ ২৯০ ] সৈন্যবাহিনী আৰু আংশিকভাৱে মোগল সৈন্যবাহিনীতো আছিল বুলি জনা যায়। অসমীয়া ‘পাইক’ শব্দটো ফাৰ্চী মূলৰপৰা অহা। ফাৰ্চী ভাষাত ব্যৱস্থাটোক বুজোৱা হৈছিল ‘পাইকস্ত’ বা ‘পাইকস্থ’ শব্দৰে। যেই হওক, ইউৰোপীয় নৌ সেনাধ্যক্ষ, ৰণ-তৰি আৰু সমৰাস্ত্ৰৰে সজ্জিত মিৰ্জুমলা নবাবৰ লগত আৰু কোচ ৰজা নৰনাৰায়ণ-চিলাৰায়ৰ ৰণবিদ্যাত আহোমতকৈ উচ্চ আৰু পাকৈত সৈন্যবাহিনীৰে হোৱা যুদ্ধত ৰাজধানী গড়গাঁৱক কেন্দ্ৰ কৰি এই বিশেষ অঞ্চলটোত বিস্তৰ যোদ্ধাৰ সলিল সমাধি ঘটিছিল। পুৰুষ আৰু নাৰীৰ ratioৰ ক্ষেত্ৰত তেতিয়াই এক অভাৱনীয় বিজুতি ঘটিছিল। স্বৰ্গদেউসকলৰ চৌছি পঁচিছগৰাকীলৈকে নিয়মীয়া— স্বীকৃত ঘৈণী আৰু অসংখ্য উপ-পত্নী থকাটো সাধাৰণ কথা আছিল । ইয়াক পোনে পোনে ব্যভিচাৰ বুলিব নোৱাৰি, কিন্তু ব্যভিচাৰ উৎপত্তিৰ ইয়ো আছিল এক কাৰক। সেই অনুসৰি বিষয়াসকলো আছিল স্বৰ্গদেউসকলৰ দৰে ভোগী। কিন্তু সাধাৰণ পাইক এজনৰো চাৰি-পাঁচগৰাকীলৈকে পত্নী থকাটো আছিল বাস্তৱ পৰিস্থিতি, একোটা পাইক গোটৰ— এটাৰ গোটত পূৰ্বতে চাৰিজন, ৰাজেশ্বৰ সিংহৰ দিনৰপৰা তিনিজন হ’ল— এই গোটৰ মাজত সম্ভৱতঃ বহুবোৰ কথাই আছিল ভাতৰ লগত পানী খোৱা ধৰণৰ ৷ ইয়াত পাপ পুণ্য ব্যভিচাৰৰ কথাটো নাছিল। এনে বাস্তৱ পৰিস্থিতিয়ে নৰ-নাৰীৰ সম্পৰ্কৰ দেহজ দিশটোৰ মুক্ত প্রকাশ ঘটাইছিল। কিন্তু একে সময়তে আর্য অৰ্থাৎ বৈষ্ণৱ সংস্কৃতিয়ে গাঁও সংগঠন আৰু শৃংখলা বচাই ৰখাৰ তাগিদাত এই স্বতঃস্ফূর্ততাক যাদুকৰৰ ৰহস্যময় ঢাকনি এখনেৰে চম্ভালি ল’বলৈ আপ্রাণ চেষ্টা কৰিছিল। শিৱসাগৰ জিলাৰ কেতবোৰ বিশেষ অঞ্চলত এই দুই বিপৰীতমুখী প্ৰক্ৰিয়াৰ ৰেশ এতিয়াও মাৰ যোৱা নাই। ঘৰুৱা মদৰ প্ৰচলন যিবোৰ অঞ্চলত এতিয়াও এক সামাজিক ৰীতি হৈ আছে আৰু কৃষিয়েই মূল জীৱিকা, তেনে কিছুমান অঞ্চলত এই চিত্র এতিয়াও প্রাঞ্জল। অৱশ্যে বিশ্লেষণৰ বেলিকা মোৰ ভুল হ’ব পাৰে।

আপোনাৰ গল্প-সংকলনটোৱে উজনিৰ দিচাং-বুঢ়ীদিহিঙৰপৰা মধ্য অসমৰ কপিলী- শিলভেটা হৈ নামনিৰ গদাধৰ-জিঞ্জিৰামৰ অৱবাহিকালৈকে— প্রায় গোটেই অসমৰে জনজীৱন সামৰি লৈছে বুলিব পাৰি। কিন্তু আপুনি জন্মসূত্ৰে শিৱসাগৰৰ আৰু কৰ্মসূত্ৰে গুৱাহাটীৰ হৈ অসমৰ বিভিন্ন ঠাইৰ জীৱনপ্ৰৱাহৰ অনুপুংখ ছবিখন হৃদয়ংগম কৰি— তাক লৈ গল্প লিখাটো কেনেকৈ সম্ভৱ হৈছে?

□ নাই, নাই, গোটেই অসম সামৰি ল'ব পৰা নাই। সংকলনখনৰ কলেৱৰ, বিষয়বস্তুৰ ভিন্নতা আৰু— মূলতঃ সুস্থ পৰিকল্পনাৰ অভাৱত এই কাম হৈ নুঠিল। [ ২৯১ ] আৰু কিছুমান বিষয় সামৰাৰ ইচ্ছা আছিল। উজনি আৰু নামনি অসমৰ খিলঞ্জীয়া মুছলমান আৰু অভিবাসী মৈমনচিঙীয়াসকলৰ সাম্প্ৰতিক জীৱন-পৰিক্ৰমাক বিষয়বস্তু হিচাপে লৈ লিখা গল্পবোৰৰ এটাকো ঠাই উলিয়াই দিব নোৱাৰিলোঁ সংকলনটোত।

আপুনি আমাৰ জনজাতীয় সমাজখনক লৈয়ো ভালেকেইটা গল্প লিখিছে। ইফালে অসমৰ পশ্চিম প্রান্তৰ সমাজখনক লৈও গল্প লিখিছে। তাৰে দুটামান গল্প এইখন সংকলনত আছে। সেইবিলাক ঠাইৰ সমাজ, সেইবিলাক ঠাইৰ জনজীৱনৰ সৈতে আপোনাৰ সম্পৰ্কটো—

□ আচলতে এই সকলোৰে মূলতে হ’ল মোৰ চাকৰিটো। মোৰ চাকৰিটোৱেই এনে যে ইচ্ছা কৰিলে মদ-ভাং খাই বিনা বাধাৰে পহু-চিকাৰ কৰিও কটাব পাৰি— আৰু ভ্ৰষ্টাচাৰ, শোষণ আৰু সন্ত্রাসে কোঙা কৰা সেই অঞ্চলবোৰৰ মানুহবোৰক, তেওঁলোকৰ জীৱনটোক হাতেৰে চুই চাবও পাৰি। এনেকৈ চাকৰি সংক্ৰান্তত ঘূৰি ফুৰোঁতে দেখিছোঁ— অৰণ্যবোৰ যোৱাটো শতিকাতে উদং হৈ পৰিল। অৱশিষ্টখিনি এতিয়া উগ্ৰপন্থীৰ মৌ-বাহ। পার্বত্য জিলা দুখনৰ সৰহখিনি মানুহ এতিয়াও আধাপেটীয়া আৰু উৰ্ধ উলংগ অৱস্থাতে আছে। আগতে মৌ চেপা দিছিল ভৈয়ামৰ আমোলা-বিষয়াই, এতিয়া শুহিছে তেজে-গুঁজে তেওঁলোকৰে আত্মীয়-স্বজনে। শোষণ আৰু বঞ্চনাৰ ৰূপ দুয়োখন পাহাৰীয়া জিলাতে অতি নগ্ন । দ্বিতীয়তে সাহিত্য সংগঠন নতুন সাহিত্য পৰিষদৰ কথাও ক’ব লাগিব। পৰিষদেও মোক ভিন্ন ঠাইৰ ভিন্ন মানুহৰ লগত ঘনিষ্ঠ হোৱাৰ সুযোগ দিছে। সংগঠনটোৰ ড্ৰেশমান শাখাৰ অন্ততঃ দুকুৰিমান এতিয়াও সক্রিয়। অসমৰ পূৱত ডিগবৈ আৰু পশ্চিম প্ৰান্তৰত উত্তৰপাৰে চক্ৰশালৰ গাতে লগা হালাকুৰা আৰু দক্ষিণপাৰে মানকাচৰ। এই শাখাবোৰৰ লগত থকা যোগাযোগ আৰু শাখা মুখপত্ৰবোৰৰ সৈতে থকা আত্মীয়তায়ো মোক বহু সহায় কৰিছে গল্পৰ সমল বোটলাত। মোৰ শিক্ষাগুৰু প্ৰণৱজ্যোতি ডেকাৰপৰাও যথেষ্ট সহায় পাইছোঁ। তেওঁৰ তীৰ্ষক সমালোচনা সহিব পাৰিলে বহু কথা সহজ হৈ পৰে।

কিতাপখনৰ প্ৰচ্ছদত ভৱকান্ত শইকীয়া নামৰ গোলাঘাটৰ শিল্পী এগৰাকীয়ে অঁকা এখন পেইণ্টিং ব্যৱহৃত হৈছে। চাৰিটা ভিন্ন লিংগী, ভিন্ন বয়সী মুখ-ভঙ্গীৰ অৱয়ব আছে— যেন এটা পৰিয়াল— এই পেইন্টিংখনত। প্রথম দৃষ্টিতে একধৰণৰ আতংক, বিস্ময় আৰু বিষাদ ভাব কঢ়িয়াই আনে পেইন্টিংখনে। এই ছবিখন কিতাপখনৰ বাকলি পিঠিত দি আপুনি ‘ভিন্ন জীৱন ভিন্ন কথকতা’ৰ গল্পবোৰত [ ২৯২ ] থকা আতংক, বিস্ময় আৰু বিষণ্নতাৰে ইংগিত দিব বিচাৰিছে নেকি?

□ তেনেকুৱা এটা ইচ্ছা নথকা নহয়। ছবিখনৰ শিল্পী ভৱকান্তৰ ঘৰ গোলাঘাটৰ অন্ধকূপত। গল্পকাৰ জেহিৰুল হুছেইনৰ লগত গৈ টিপ-চাকিৰ পোহৰতহে তেওঁৰ ছবিবোৰ প্ৰথমবাৰ দেখিছিলোঁ। ভৱকান্তৰ আটাইবোৰ ছবিৰে ভাষা সৰল, অর্থ সহজে ঢুকি পোৱা ৷ গুৱাহাটীৰ আৰ্থ ছঙত প্ৰদৰ্শিত এই ছবিখন সম্পর্কে শিল্প সমালোচক শ্রদ্ধেয় নীলমণি ফুকনে বহুদিনৰ পূৰ্বে আগবঢ়োৱা এটি আলোচনা ‘দৈনিক অসম’ কাকতত প্ৰকাশ পাইছিল। ‘ভিন্ন জীৱন ভিন্ন কথকতা’ত ছবিখন আৰু উজ্জ্বল কৰাৰ হেঁপাহত কিতাপখনৰ নামটোকে ম্লান কৰি দিয়া হৈছে। পোহৰ নথকা ঠাইৰ ভৱকান্তক জনা মানুহ কম । ভৱকান্তৰ ছবিখন লৈয়ো এটা গল্প আছে। এগৰাকী গুণী শিল্পীয়ে সমালোচনাৰ ভাষাৰে কৈছিল— ভৱকান্তৰ এই ছবিখন শিল্পবৰ্জিত, ফিগাৰবোৰ হেনো সংগতিহীন আৰু গ্ৰাম্য; ৰঙৰ ব্যৱহাৰো অশৈল্পিক। হ’ব পাৰে। কিন্তু ছবিৰ কাৰিকৰী জ্ঞানতকৈও সৰল ভাব-ভাষাইহে সাধাৰণ মানুহক মোহিত কৰে। মূল ছবিখন কিতাপখনৰ পাছৰ বাকলিত flash কৰা হৈছে। পাঠকে চালে দেখিব, ছবিখনত একান্ত বাস্তৱ জীৱন প্ৰকাশ পাইছে। কিতাপখন মেলাৰ আগতে অন্ততঃ অলপ সময়ৰ বাবেও পাঠকে ছবিখন ভালদৰে চালে কিতাপখনৰ ভিতৰত থকা জগতখনৰ অলপ হ'লেও ইংগিত পাব আৰু তেতিয়া মোৰ লগতে শিল্পীগৰাকীৰো শ্ৰম সাৰ্থক হ'ব।

আপুনি লেখক-সত্তাটোক অলপ সময়ৰ বাবে পাহৰি যদি এগৰাকী সচেতন পঢ়ুৱৈ বা সমালোচক হিচাপে সংকলনটো চাবলগীয়া হয়, তেতিয়া সাম্প্রতিক অসমীয়া গল্প-সাহিত্যৰ জগতখনত কিতাপখনৰ স্থান কেনেকৈ নিৰূপণ কৰিবলৈ ভাল পাব ?

□ অনুশীলনৰত এজন সাধাৰণ স্তৰৰ লেখক হিচাপে এনে প্ৰশ্নৰ উত্তৰ দিয়া কঠিন।

আচলতে মই আত্ম-সমালোচনাৰ প্ৰসংগ এটাহে তুলিব খুজিছোঁ— এইখন কিতাপ ওলোৱাৰ পাছত আপোনাৰ নিজৰ সাহিত্য সম্পর্কে মূল্যায়নটো ঠিক কেনেকুৱা ধৰণৰ হ'ব?

□ সেইটোও টান কাম। তথাপি মই ভাবোঁ, নিজৰ মধ্যবিত্তীয় খোলা ভাঙি ওলাই আহিব নোৱাৰিলে, নিৰপেক্ষ আৰু পৰিৱৰ্তনৰ প্ৰতি একান্ত আস্থাশীল হ’ব নোৱাৰিলে লিখা কামটো অৰ্থহীন। নিৰপেক্ষ মানে মই পৰ্যবেক্ষণৰ ক্ষেত্ৰত অবলম্বন [ ২৯৩ ] কৰা নিৰপেক্ষতাৰ কথাহে কৈছোঁ।

সাম্প্রতিক অসমীয়া সমালোচনা-সাহিত্যক্ষেত্ৰখনৰ যিধৰণৰ ছবি এখন দেখা যায়— বৰ উৎসাহজনকো নহয়, আৰু ইমান দলিয়াই পেলাবলগীয়াও নহয়— তেনে ক্ষেত্ৰত আপোনাৰ নতুন কিতাপখনে সঠিক সঁহাৰি পাব বুলি ভাবে নে?

□ মই ভাবোঁ প্ৰকাশ হোৱাৰ পাছত লেখা এটা ব্যক্তিগত সম্পত্তি হৈ নাথাকে, ই সমূহীয়া সম্পত্তি হৈ পৰে। গতিকে তাৰ ওপৰত লেখক, সম্পাদক, পাঠক, সমালোচক সকলোৰে একধৰণৰ অধিকাৰ আহি পৰে। কিন্তু প্ৰতিগৰাকী লেখকেই পাঠক-সমালোচকৰ সঁহাৰি আশা কৰে ৷ ময়ো ভাবোঁ, সাহিত্য-কর্ম কেতিয়াও কেৱল ব্যক্তিগত কুছকাৱাজ হ’ব নোৱাৰে; আচলতে ‘সৃষ্টি’ কিছুদূৰ ব্যক্তিগত হ’লেও ইয়াৰ উৎকৰ্ষ সাধন আৰু গতিপথ নির্ণয় লেখক-পাঠক-সমালোচকৰ এক যৌথ প্রক্রিয়াহে।

এইখনৰ পাছত আৰু কিবা নতুন পৰিকল্পনা আছে নে?

□ দুই-এদিনতে আৰু এখন সংকলন প্ৰকাশ কৰাৰ পৰিকল্পনা চলি আছে। মোৰ আগৰ সংকলন ‘বেংগ্ৰা’ ছপাওঁতে হেৰোৱা দুটামান গল্প পলমকৈ বিচাৰি পাইছিলোঁ। তাৰে দুটামানৰ লগত নতুন কেইটামান সংযোগ কৰি এখন সংকলন যুগুতাই থোৱা আছিল । সেইখনকে ‘আঁক-বাক’ নামৰ প্ৰকাশন গোষ্ঠীটোৱে উলিয়াম বুলি নি থৈছে। সেইখনৰ নাম ‘সেঁতুৰ তলৰ আন্ধাৰ’। একো অঘটন নঘটিলে প্ৰকাশৰ মুখ দেখিব বুলি আশা কৰিছোঁ। এইখন সংকলনৰ প্ৰায়খিনি গল্পৰ বিষয়বস্তু নগৰীয়া মধ্যবিত্ত জীৱন।

(পূর্ব প্রকাশ: কথা গুৱাহাটী, গ্ৰন্থ সংখ্যা ২০০৯) [ ২৯৪ ]

জীৱনপঞ্জী

পিতৃ: সিংহেশ্বৰ খাটনিয়াৰ
মাতৃ: হেমলতা খাটনিয়াৰ
জন্ম: ১৯৫৩ চনৰ ১৯ মাৰ্চ, দেওশাল চাহ বাগিচা, তিনিচুকীয়া
পিতৃগৃহ: শলগুৰি গাও, শিৱসাগৰ

শিক্ষা:
 * দেওশাল, তিনিচুকীয়াত প্ৰাথমিক শিক্ষা গ্ৰহণ
 * ১৯৬৯ চনত বেজবৰুৱা উ: মা: বিদ্যালয়, শিৱসাগৰৰ পৰা প্রৱেশিকা উত্তীৰ্ণ৷
 * ১৯৭৩ চনত শিৱসাগৰ কলেজৰ পৰ৷ ডিষ্টিংচনসহ স্নাতক ডিগ্ৰী লাভ।
 *  ১৯৭৫ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা ভূতত্ব বিজ্ঞান বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ।

কৰ্মজীৱন:
 *  ১৯৭৭ চনত সহকাৰী ভূতত্বববিদ হিচাপে ভূতত্ব আৰু খনি সঞ্চালকালয়, অসমত যোগদান।
 *  ২০১৩ চনৰ ৩১ আগষ্টত অৱসৰ গ্ৰহণ

ভূতাত্বিক অনুসন্ধান আৰু জৰীপ
 চুণশিল: বোকাজান, ডিলাই আৰু উমৰাংচুত
 কয়লা: ডিলাই, শিলভেটা, উমৰাংচুৰ তিনিকিলো গৰমপানী, নামৰূপৰ দিল্লী, জয়পুৰত
 মিনাৰেল: নামবৰৰ গৰমপানীত
 সৌন্দৰ্যবৰ্ধক গ্রেণাইট: মৰিগাঁও, উত্তৰ গুৱাহাটীৰ আজ্ঞাঠুৰী, মান্দাকাটা পাহাৰ আৰু বাইহাটাৰ দেওদুৱাৰত

মৃত্যুঃ  ৪ জুলাই, ২০২১ [ ২৯৫ ]

সাহিত্য পৰিষদৰ বিষয়বাৰ
১৯৮১ চন: প্ৰথম ৰাজ্যিক সন্মিলন, গুৱাহাটী— যুটীয়া সম্পাদক
১৯৮৪ চন: দ্বিতীয় ৰাজ্যিক সন্মিলন, নলবাৰী— যুটীয়া সম্পাদক
১৯৮৬ চন: তৃতীয় ৰাজ্যিক সন্মিলন, গুৱাহাটী— যুটীয়া সম্পাদক
১৯৮৮ চন: চতুৰ্থ ৰাজ্যিক সন্মিলন, ঘিলামৰাত— সহকাৰী সম্পাদক
১৯৯০ চন: পঞ্চম ৰাজ্যিক সন্মিলন, নামৰূপ— কাৰ্যালয় সম্পাদক
১৯৯২ চন: ষষ্ঠ ৰাজ্যিক সন্মিলন, অনুস্থিত বিশ্বনাথ চাৰিআলি— সম্পাদক
১৯৯৪ চন: সপ্তম ৰাজ্যিক সন্মিলন, লংকা— সম্পাদক
১৯৯৬ চন: অষ্টম ৰাজ্যিক সন্মিলন, গুৱাহাটী— সহঃ সম্পাদক
১৯৯৮ চন: নৱম ৰাজ্যিক সন্মিলন, সৰভোগ— কোষাধ্যক্ষ
২০০১ চন: দশম ৰাজ্যিক সন্মিলন, ডিগবৈ— কাৰ্যালয় সম্পাদক
২০০৪ চন: একাদশ ৰাজ্যিক সন্মিলন, (ৰূজ: বৰ্ষ) গুৱাহাটী— কাৰ্যালয় সম্পাদক
২০০৯ চন: ত্ৰয়োদশ ৰাজ্যিক সন্মিলন, শিৱসাগৰ— কোষাধ্যক্ষ
২০১১ চন: চতুৰ্দশ ৰাজ্যিক সন্মিলন, গোলাঘাট— কোষাধ্যক্ষ

প্ৰকাশিত গল্পসংকলন:
খোজৰ শব্দ (১৯৮০), চিনাকি মুখৰ ছবি (১৯৯৫), দখাৰ (১৯৯৯), তাই কাপোৰ নিপিন্ধে (২০০২), ভিন্ন জীৱন ভিন্ন কথকতা (২০০৯), চিনাকি মুখ অচিনাকি ছবি (২০১০), ঘঁৰিয়ালডাঙাৰ কথা (২০১৬) হাৱা ভাল চলা নাই (২০২০)

সম্পাদিত গ্ৰন্থ: মোৰ সপোনৰ সূৰ্যৰ মানুহ, হেমাংগ বিশ্বাস (পৰমানন্দ মজুমদাৰৰ সৈতে যুটীয়াভাৱে), সূৰ্য ঢকা মেঘ (২০০১), নিলিখা গল্প (২০০৯), সাহিত্য নিৰ্মাণ প্ৰসংগ (২০০৯), হেমাংগ বিশ্বাস (২০১২, পৰমানন্দ মজুমদাৰৰ সৈতে) ফুলকুমাৰী কলিতাৰ ‘লোক সাহিত্যৰ ৰহঘৰা ফকৰা- যোজনা’ (দ্বিতীয় সংস্কৰণ, ২০১২) শমীক গিৰীশ চন্দ্ৰ (মদন মোহন চৌধুৰীৰ সৈতে, ২০১৪), স্মৃতিলেখা (অনিল ৰায়চৌধুৰী স্মাৰক গ্ৰন্থ, ২০২১), অনিল ৰায়চৌধুৰী ৰচনাৱলী (২০২২)

[ ছবি ]

অংকন: নিতুপৰ্ণ ৰাজবংশী

[ ছবি ]

বিপুল খাটনিয়াৰৰ পিতৃ-মাতৃ
সিংহেশ্বৰ খাটনিয়াৰ আৰু হেমলতা খাটনিয়াৰ

'খোজৰ শব্দ’ৰ সময়ৰ বিপুল খাটনিয়াৰ

[ ছবি ]

পৰিষদৰ সন্মিলনত বিপুল খাটনিয়াৰ
সমুখত তাৰক চন্দ্ৰ গোস্বামী, অমলেন্দু গুহ, তপোধীৰ ভট্টাচাৰ্য (২০০৪)

ৰাজ্যিক বৈঠকত সতীৰ্থৰ সৈতে (২০০৮)

[ ছবি ]

পৰিষদৰ গুৱাহাটী আঞ্চলিক সন্মিলনৰ মঞ্চত


পৰিষদৰ এখন সন্মিলনত

[ ছবি ]

অনিল ৰায়চৌধুৰী, কোষেশ্বৰ খনিকৰ আৰু শোভা খনিকৰৰ সৈতে

[ ছবি ]

চূণশিলৰ সন্ধানত উমৰাংচুত (২০০৬)

গৃহসজ্জাৰ সৌন্দৰ্যবদ্ধক গ্ৰেণাইটৰ সন্ধানত গোৱালপাৰাত (২০১০)

১৯৯৯ চনত ভূতত্ববিদ সহকৰ্মীসকলৰ সৈতে

[ ছবি ]

বিয়াৰ দিনা (১৯৮৪)

১৯৮৬ চনত এটি ঘৰুৱা মুহূৰ্ত

[ ছবি ]

সপৰিয়ালে পুৰী (১৯৯৬) আৰু দিল্লীত (১৯৯৮)

১৯৯৯ চনত পুত্ৰ সেউজ বিকাশ আৰু
২০০১ চনত কন্যা ইমন কল্যাণৰ সৈতে উমৰাংচুৰ কেম্পত

[ ছবি ]

শহুৰ-শাহু উৎপলা ৰায়চৌধুৰীৰ সৈতে চানমাৰিৰ ঘৰত (২০০৯)

পুত্ৰ সেউজ বিকাশৰ অভ্যৰ্থনা অনুষ্ঠানত সপৰিয়ালে (২০২১)

[ ছবি ]

স্বীকৃতিৰ বাবে কোনে লিখে! এই যে কিবা এটা লিখিবলৈ, কিবা এটা কৈ দিবলৈ, সকলোকে জনাই দিবলৈ মনৰ ভিতৰত এক তাগিদা আহি থাকে তাৰ বাবেই বহুতে লিখে। ভিতৰত সাঁচি ৰখা কথাবোৰ কৈ দিবলৈয়ে তুমি নিলিখা জানো! নে স্বীকৃতিৰ বাবে লিখা!”

“... মই ভাবোঁ, নিজৰ মধ্যবিত্তীয় খোলা ভাঙি ওলাই আহিব নোৱাৰিলে, নিৰপেক্ষ আৰু পৰিৱৰ্তনৰ প্ৰতি একান্ত আস্থাশীল হ’ব নোৱাৰিলে লিখা কামটো অৰ্থহীন।”

 —বিপুল খাটনিয়াৰ


এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।

ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে উপলব্ধ।

 

এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।