পৃষ্ঠা:Khojar Xabda.pdf/১৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তাৰ পৃষ্ঠভূমিৰ পোতন অতি দ হ’ব লাগিব। সাৰ্থক গল্প এটি নিৰ্মাণ কৰিবলৈ তেওঁ সময় পায় আৰু কষ্ট কৰে। এয়াই হৈছে তেওঁৰ গল্পৰ উদ্দেশ্য আৰু প্ৰাথমিকতাও। গভীৰৰপৰা তুলি আনে তেওঁ। অগভীৰৰপৰা জীৱনক তুলি তাত নিৰ্মাণৰ কাৰুকাৰ্যৰ চিকমিকনি নোতোলে। দ্বন্দ্ব আৰু সংঘাতবোৰেৰে গল্প আগবাঢ়ি যায়। বোধহয় এইবাবেই বিপুল খাটনিয়াৰৰ গল্পত জীৱনে নিজেই শিল্পৰ ৰূপ লৈ বাৰে বাৰে নতুন ৰূপত উদ্ভাসিত হয় আৰু আমাক চমকিত কৰে (ৰত্না ভৰালী তালুকদাৰ, বিপুল খাটনিয়াৰৰ গল্পৰ কালিকা... ‘নতুন পৃথিৱী’, অক্টোবৰ, ২০২১)।

 গল্প সৃষ্টিৰ দৰে নতুন সাহিত্য পৰিষদৰ ন লেখক, কৰ্মী বা সংগঠক সৃষ্টিৰ ক্ষেত্ৰতো তেওঁ একে প্ৰক্ৰিয়াৰে অগ্ৰসৰ হৈছে। সমাজৰ বৰমূৰীয়া শ্ৰেণীৰ যিসকল ব্যক্তি সদায় ধন ঐশ্বৰ্য, স্বাৰ্থ-সুবিধাৰ পিছে পিছে দৌৰে, কোনো দিন তল-মজলীয়াৰ সুখ-দুখ, অভাৱ-অভিযোগৰ প্ৰতি চকু-কাণ দিয়া নাই, তেওঁলোকৰ লগত খাটনিয়াৰে বিশেষ কোনো সম্পৰ্ক ৰখা নাই সাহিত্য-সংগঠন গঢ়ি তোলাৰ ক্ষেত্ৰত। কিন্তু তৃণমূল স্তৰ বা তল-মজলীয়া শ্ৰেণীৰ যিসকল ব্যক্তিয়ে শিক্ষা-দীক্ষা লৈ শিল্প-সাহিত্য চৰ্চাৰ কামত অগ্ৰসৰ হৈছে, সমাজৰ শোষিত-নিষ্পেষিতজনৰ প্ৰতি সহানুভূতিশীল হৈ এখন শ্ৰেণীহীন সমাজৰ পোষকতাও কৰে, সেইসকল ব্যক্তিৰ চাল-চলন পৰ্যবেক্ষণ কৰি নিবিড় সম্পৰ্ক গঢ়ি তুলিছে। কমাৰে কমাৰশালত হাতুৰীৰে লো পিটি পিটি যিদৰে দা, কাচি, কোৰ, খন্তি আদি সঁজুলিৰ গঢ় দিয়ে, তেনেকৈ এজন ব্যক্তিৰ লগত চিনাকি হৈ প্ৰথমে যোগাযোগ, তাৰ পিছত সুসম্পৰ্ক গঢ়ি তুলি পৰ্যায়ক্ৰমে তেওঁৰ মনৰ মাজত আদৰ্শগত চিন্তা, মাৰ্ক্সীয় দৰ্শনৰ তত্ত্বকথা লাহেকৈ সুমুৱাই দিছে। এইখিনি কাম সম্পূৰ্ণ কৰি তুলিবলৈ যাওঁতে তেওঁ যথেষ্ট ত্যাগ স্বীকাৰ কৰিবলগীয়া হৈছে। সেই বিশেষ পৰিয়াল, সমাজখনৰ লগতো চিনাকি হৈছে। এই ফেৰা কাম কৰি অতাওঁতে তেওঁ লেখাৰ সমল, গল্পৰ প্লটো বিচাৰি পাইছে। এইদৰে মানুহৰ হৃদয়ৰ লগত হৃদয়ৰ সম্পৰ্ক স্থাপন কৰি বহু গাঁও-ভূঁইত তেওঁ পৰিষদৰ শাখা গঠন, নতুন কৰ্মী সৃষ্টিত এক দিক নিৰ্ণায়ক ভূমিকা পালন কৰিছে। এইবাবে বিপুল খাটনিয়াৰৰ নতুন সাহিত্য পৰিষদৰ এজন নিষ্ঠাবান সফল কৰ্মী বা সংগঠক হ’ব পাৰিছে।

 গল্পত শাণ দি মানুহৰ প্ৰতিবাদী চিন্তা-চেতনাক জাগ্ৰত কৰা খাটনিয়াৰে অকল গল্পই লিখা নাছিল, অসমৰ ইমূৰৰপৰা সিমূৰলৈ নতুন সাহিত্য পৰিষদৰ প্ৰতিটো শাখা, আঞ্চলিক, জিলাৰ সাংগঠনিক কামৰ প্ৰতিচ্ছবিখনিও তেওঁ নখ দৰ্পনত ৰাখিছিল। শাখা-আঞ্চলিকৰ সতীৰ্থসকলৰ ইজনৰ লগত সিজনৰ সুসম্পৰ্ক বজাই

ৰাখি আত্মীয়তাৰ বান্ধনত বান্ধ খাই কিদৰে পৰিষদৰ সাংগঠনিক কামকাজ আগ

১৬০॥ খোজৰ শব্দ